(এখনি
কল্পবিজ্ঞান ভিত্তিক
উপন্যাসিকা)
[এক]
আনন্দই
আগবঢ়োৱা
প্ৰস্তাৱতে
অৱশেষত
সকলোৱে
সন্মতি
প্ৰদান
কৰিলে৷
সকলো মানে
জীৱন,
মধুশ্ৰী
আৰু
কৰবী৷ ৰাজীৱ গান্ধী
বিশ্ব
বিদ্যায়লত
নাম
ভৰ্তি
কৰা
দিনৰে
পৰা
সিহঁতৰ
মাজত
বন্ধুত্ব
গঢ়
লৈ
উঠি
সেয়া
এতিয়া দৃঢ়তাপ্ৰাপ্ত
হৈছে৷
এনে বন্ধুত্বৰ
মাজত
অভিন্নতা
বাহাল
ৰাখিবলৈকে
সিহঁত
কেইটাই সদ্য সচেতন হৈ
থাকে৷ তাৰ পৰিণামতেই
আনন্দৰ
কথা
ৰাখি
‘কই
মিল
গয়া’নামৰ হিন্দী কথাছবি খনৰ
দৰেই
প্ৰাণী
কেইটাক
গোপন
স্থানত
ৰাখি
প্ৰতিপাল
কৰি
ডাঙৰ
দীঘল
কৰাৰ
সিদ্ধান্ত
ল’লে সিহঁতে৷
সচৰাচৰ
অৰুণাচল
প্ৰদেশৰ
নৈসৰ্গিক
সৌন্দৰ্য
উপভোগ
কৰিবলৈ
পাহাৰ
বগাই
ফুৰাৰ
দৰেই
সিদিনাও
সিহঁত
কেইটাই পাহাৰ
বগাই
গৈ
গৈ
এক
নিৰ্জন
স্থান
পালেগৈ৷
ঠাইখন ইমানেই
মনোমোহা
যে
বহুদূৰ
ব্যাপ্ত
দীৰ্ঘ
আয়ত
আকাৰৰ সমতল
ভূমিৰ
যেনিয়ে
চোৱা
যায়
তেনিয়েই
নয়ন
জুৰাই
যোৱা
ভিন্ন
ৰঙী
ফুল৷
প্ৰকৃতিৰ
বিনন্দীয়া
ৰূপ দেখি
সিহঁত
আপোন
পাহৰা
হৈ
পৰা
ক্ষণতে
দূৰণিৰ
পাহাৰ
ভূমিৰ
পৰা
এক
গোলাকৃতি
আকাশী
যানে
ক্ষীপ্ৰ গতিত
আকাশলৈ
উঠি
নিমিষতে
অদৃশ্য
হৈ
গ’ল৷
মধুশ্ৰী
আৰু
আনন্দ
দুয়ো
উত্তৰ
দিশৰ
আকাশলৈ
আঙুলি
টোঁৱাই
একেলগে
চিঞৰি
উঠিল,
“চাচোন, সেইটো
‘ইউ
এফ অ(U.F.O.)
নহয়নে
?---৷” লগে লগে
সেই
ফালে
চকু
দি
জীৱন
আৰু
কৰবীয়ে
কৈছিল,
“ব’ল যাওঁ
সেই
ঠাইলৈ৷”
সিহঁত
গৈ
আকাশী
যানখন
যি
স্থানৰ
পৰা
উৰা
মাৰিছিল
সেই
স্থান
পাইছিল
আৰু
ঠাইখন
ভালদৰে
নিৰীক্ষণ
কৰিছিল৷
তাত অন্য
একো
নাপালেও
পক্ষীসদৃশ
এক
প্ৰাণীৰ
তিনিটা
পোৱালী
পালে৷
মৰম
লগা
নিৰীহ
পোৱালী
কেইটাই
সিহঁতক
দেখি
ভয়
খোৱাৰ
পৰিবৰ্তে
কাষ
চাপি
আহি
যেন
মৰমহে
বিচাৰিলে৷
সিহঁত জীৱ বিজ্ঞানৰ
গৱেষক
ছাত্ৰ-ছাত্ৰী হ’লেও কোনো
এজনেও
কিন্তু
পোৱালী
কেইটা
চিনাক্ত
কৰিব
নোৱাৰিলে৷
সিহঁতৰ
ঘূৰি
যোৱাৰ
সময়
হ’ল; কিন্তু
কৰবী
আৰু
মধুশ্ৰীয়ে
তেতিয়াও
পোৱালী
কেইটাক
লৈয়ে
ব্যস্ত
হৈ
আছে৷ পোৱালী কেইটাইও
যেন
সিহঁতক
এৰিব
নোখোজে,
কুঁচি-মুচি কোলাত
সোমাই পৰিছে৷
পোৱালী কেইটাক
লৈ সিহঁত
বৰ
বিপাঙতে
পৰিল৷
পোৱালী কেইটা
এৰি
থৈ
যাব
নে
লগত
লৈ
যাব? লগত লৈ
গৈ কি কৰিব?
সিহঁত যদি এ’লিয়েন (Alien) অৰ্থাৎ
ভিন্ন
গ্ৰহৰ
প্ৰাণী?
তেতিয়া কি হ’ব?
“যি
হয়
হ’ব৷ ইহঁত শিশু৷ আমি ইয়াত ইহঁতক
এৰি
যোৱা
উচিত
নহ’ব”, আনন্দই গভীৰ ভাৱে
চিন্তা
কৰি
ক’লে, “ইহঁতক আমি প্ৰতিপাল
কৰি
ডাঙৰ-দীঘল কৰিব
লাগিব৷
তহঁতে কি
চিন্তা
কৰিছ?”
আনন্দৰ
কথাত
সকলোৱে
সন্মতি
জনোৱাৰ
পিছতে
সি
ক’লে, “মই ইহঁতৰ নাম
দিছো
‘আমকজী’৷”
“তাৰ
অৰ্থ?”
জীৱনে
সুধিলে৷
“আমাৰ
মৰমৰ
কণমানি
জীৱ৷”
আনন্দই উত্তৰ
দিলে৷
“পিছে
আনন্দ, নামটো
কেনেকৈ
সাজিলিনো
তই?”
কৰবীয়ে প্ৰশ্ন
কৰিলে৷
আনন্দই
হাঁহি
হাঁহি
ক’লে,“আনন্দ, মধুশ্ৰী, কৰবী,
জীৱন
এই
নামকেইটাৰ
প্ৰথম
আখৰ
কেইটা
লগ
লগাই
দিলো
আক’৷
“এৰা৷
‘আ ম ক জী’
৷ বৰ সুন্দৰ
নাম৷”
মধুশ্ৰীয়ে হাঁহি
মাৰি
ক’লে৷
সকলোৱে
মিলি
অৱশেষত
আমকজী
পোৱালী
কেইটা
লৈ
আহিল৷
[দুই]
“তাকাম,
তাকাম,
আমি
আহিলোঁ৷”
আনন্দই
মাত
লগোৱাৰ
লগে
লগে
তাকামে
দুৱাৰখন
খুলি
দিলে,
আনন্দ
আৰু
জীৱন
ঘৰৰ
ভিতৰত
সোমোৱাৰ পিছতে
তাক
দঢ়াই
দঢ়াই
পালন
কৰিবলৈ
কোৱা
গোপনীয়তা
ৰক্ষাৰ
খাতিৰতে
সি
দুৱাৰখন
বন্ধ
কৰি দিলে৷
আনন্দহঁতে
সিহঁতৰ
অৰুণাচলী
বন্ধু
তাকামৰ
ইমু
ফাৰ্মতে
আমকজী
তিনিটা
ৰখাৰ
কথা
ঠিৰাং
কৰি
পেলাইছিল আৰু
এই
বিষয়ে
তাকামক
ফোনযোগে
জনাই
তাৰ
সন্মতি
আদায়
কৰিছিল৷
সেই
মতেই
কৰবী
আৰু মধুশ্ৰীক
বিশ্ববিদ্যালয়ৰ
ছাত্ৰী
নিবাসলৈ
পঠাই
দি
সিহঁত
দুটাই
নিশা
ন
বজাত
আমকজী
কেইটা
লৈ
গোমটৌত থকা
তাকামৰ
ইমু
ফাৰ্ম
পাইছেহি৷
আমকজী
কেইটা চাবলৈ ব্যাকুল হৈ পৰা তাকামে
সিহঁতক কথা ক’বলৈকে
অৱকাশ নিদি সেইকেইটা মোনাৰ পৰা উলিয়াবলৈ
ক’লে৷ তাকামৰ ঘৰৰ সৰু
কোঠা
এটালৈ
গৈ
জীৱনে
মজিয়াতে
মোনাত
থকা
আমকজী
কেইটা
উলিয়াই দিলে৷
আমকজী
কেইটা
দেখিয়েই
আনন্দ
আৰু
জীৱনে
বিস্ময়ত
হতবাক
হৈ
মজিয়াতে
বহি
পৰিল৷
কোনো কাহিনিও
নেদেখা প্ৰাণী
কেইটা
দেখি
ৰ
লাগি
চাই
থকা
তাকামে
যেতিয়া
আনন্দহঁতক
তেনে
অৱস্থাত
দেখিলে
তেতিয়া
সিও ঠটমট
খাই
গ’ল৷
“তহঁত
হালৰ
আকৌ কি হ’ল
অ’?”
তাকামে
প্ৰশ্ন কৰিলে৷
ইতিমধ্যে
গৈ
আনন্দৰ
কোলাত
অৱস্থান
গ্ৰহণ
কৰা
মৰম
আকলুৱা
আমকজী
কেইটা
কোলাৰ
পৰা
নমাই
দি
সি
ক’লে, “এইয়া চা, ইয়াত
চাৰিটা
আমকজী
আছে৷
আমি তিনিটা
আমকজীহে
আনিছিলো৷”
“অঁ,
আমি
তিনিটাহে
আমকজী
তাত
পাইছিলো
আৰু
সেই
কেইটাকে
মোনাত
ভৰাই
আনিছিলোঁ,”
বিস্ময়ত জলকা লগা
জীৱনে
ক’লে, “মই মোনাখন মেলি
ধৰিছিলো
আৰু
মধুশ্ৰীয়ে
কৰবীৰ
হাতৰ
পৰা
লৈ
এটা
এটাকৈ তিনিটা আমকজী
মোনাত
ভৰাই
দিছিল৷”
জীৱনে
কথা
কৈ
থাকোঁতেই
আনন্দই
তাৰ
ম’বাইল ফোনত
মধুশ্ৰীৰ
ম’বাইল নম্বৰ
ডাইল
কৰিলে৷
কথাটো
নিশ্চিত কৰি
সকলোকে
শুনাবলৈয়ে
সি
লাউডস্পিকাৰ
দি
কথাখিনি
পাতিলে৷
মধুশ্ৰী আৰু
কৰবী
দুয়োজনীয়ে
খাটাংকৈ জনাই
দিলে
যে
তিনিটা
মাত্ৰ
আমকজী
অনাটো
হয়
আৰু
যদি
চাৰিটা
আমকজী
আহিছে
তেন্তে
সি
এক অদ্ভুত
কথা
আৰু
ইয়াৰ
আঁৰত
নিশ্চয়
কিবা
ৰহস্য
লুকাই
আছে৷
[তিনি]
পুৱাৰ
ভাগতে
তাকামে
ফোনত
কোৱা
কথাখিনি
শুনি
আনন্দ
এক
প্ৰকাৰ
বিব্ৰত
হৈ
পৰিল৷
সি ততালিকে
জীৱন, কৰবী
আৰু
মধুশ্ৰীক
বিশ্ব
বিদ্যালয়ৰ
বায়’লজিকেল লেব’ৰেটৰীৰ ওচৰত
থকা
অৰ্কিড
উদ্যানৰ
কাষৰ
পাৰ্কিং
প্লেচলৈ
আহিবলৈ
ক’লে৷ আটাইকেইটা
আহি
তাত
সমবেত
হোৱাৰ
পিছত
সেই
স্থানত
অন্য
লোকৰ আগমণ
ঘটাৰ
পূৰ্বেই
সিহঁতে
অতি
ব্যগ্ৰতাৰে
আলোচনাত
মগ্ন
হ’ল৷
আলোচনাৰ
সূত্ৰপাত
কৰি
আনন্দই
ক’লে, “অতি আচৰিত কথা,
তাকামে মোক
ফোন
কৰি
জনাইছে
যে
পুৱা বিছনাৰ
পৰা
উঠিয়েই
হেনো
সি
আমকজী
কেইটা
চাবলৈ
গৈ
দেখে
যে
তাত
ছয়টা
আমকজী
আছে৷
দেখিয়েই হতভম্ব
হৈ
সি
মোলৈ
ফোন
লগালে
আৰু
এতিয়াই
আমাক
তাৰ
তালৈ
মাতি
পঠাইছে৷”
এইবাৰ
জীৱন,
কৰবী
আৰু
মধুশ্ৰীৰ
হতভম্ব
হোৱাৰ
পাল
পৰিল৷
জীৱনে
সেপ
ঢুকি
তাৰ
শুকাই
যোৱা
ডিঙিটো
তিয়াই
তেনেই
নিস্তেজ
স্বৰত
ক’লে, “ছয়টা ? আকৌ দুটানো
ক’ৰপৰা আহিল?”
“এৰা,
এইবোৰ
কি
ঘটিছে
বাৰু?”
কৰবীয়ে
আচৰিত
হৈ
ক’লে৷
“কিবা
অলৌকিক
ঘটনা
যেনেই
লাগিছে৷”
মধুশ্ৰীয়ে বিব্ৰত
স্বৰত
ক’লে৷
ইতিমধ্যে
ভাবুক
হৈ
পৰা
আনন্দই
তাৰ
স্বভাৱজাত
গুৰু
গম্ভীৰ
মাতটো
উলিয়াই
নিজকে
নিজে
কোৱাৰ
দৰেই
ক’লে, “নাই, এইদৰে কথাবোৰ
ভাৱি
ল’লে নহ’ব; আমি
বিজ্ঞানৰ
ছাত্ৰ
ছাত্ৰী
হৈ
এনেবোৰ
মন্তব্য
দি
কথা
কৈ
থাকিলে কৰ্তব্য
বিমুখ
হৈ
পলায়ন
কৰাহে
হ’ব৷ ব’ল এতিয়া
আমি
তাকামৰ
ইমু
ফাৰ্মলৈ
যাওঁ৷”
[চাৰি]
আনন্দহঁত
গৈ
পাওঁতে
তাকামে
আমকজীৰ
সৰু
পোৱালীকেইটাৰ
লগতেই
ব্যস্ত
হৈ
আছিল৷
সি আমকজী
কেইটাক
ভাত
খাবলৈ
দিছিল
আৰু
সিহঁতে
বৰ
আগ্ৰহেৰে
ভাত
খাই
আছিল৷
আনন্দহঁতে গৈ
আমকজী
কেইটাক বেৰি
ধৰিলে
আৰু
তাকামে
আন
কেইটাতকৈ
আকৃতিত
সৰু
পোৱালী
কেইটাক
দেখুৱাই
ক’লে যে
সেইকেইটা
পোৱালী
নতুনকৈ
জগিছে৷
তাকামৰ
কথা
শুনি
আনন্দহঁতে
ইমান
মানসিক
চাপৰ
মাজত
থকা
সত্বেও
নাহাঁহি
থাকিব
নোৱাৰিলে৷
“চৰাইয়ে
পোৱালী
জগাই
নে
কণী
পাৰে
অ’
তাকাম?” হাঁহি
হাঁহি
জীৱনে ক’লে৷
তাকামেও
তপৰাই
উত্তৰ
দিলে,
“এই আমকজী
কেইটাকনো
চৰাইৰ
শাৰীত
কেনেকৈ
পেলাবি?
ইহঁতৰ
মূৰ
আৰু
ভৰিতহে
কেৱল
চৰাইৰ
দৰে
পাখি
আছে;
গাৰ ছালখন
ডাঠ
আৰু
সৰু
সৰু
ডেউকা
দুখন
আছে
মাথো; তাতো
নাই
পাখি,
কেৱল
কোমল
কোমল
নোমৰে
ঢকা৷
ইহঁতে
কণী
নেপাৰি
পোৱালী
দিয়াটোনো
কি
আচৰিত হ’ব লগা
কথা?”
তাকামৰ
কথাবোৰ
নীৰবে
শুনি
থকাৰ
বাদে
আনন্দহঁতৰ
অন্য
কোনো
উপায়
নাছিল;
কাৰণ,
জীৱ
বিজ্ঞানৰ গৱেষক
ছাত্ৰ-ছাত্ৰী হৈও
সিহঁতে
নামাকৰণ
কৰা
আমকজী
দৰাচলতে
পক্ষী
নে
জন্তু
সেয়া
ঠিৰাং
কৰিব পৰা
নাই
আৰু
কেনেকৈনো
সিহঁতৰ
সংখ্যা
বৃদ্ধি
ঘটিছে
তাৰো
একো
উৱাদিহ
পোৱা
নাই৷
কথাৰ
পাতনি
নেমেলি
সামৰণি
মাৰি
থোৱাৰ
উদ্দেশ্যৰেই
আনন্দই
ক’লে, “ঠিক আছে, এইবোৰৰ
ওপৰত
আমি
গৱেষণা
চলাই
সকলো
কথা
পৰিষ্কাৰকৈ
জানি
ল’ম৷ তাকাম,
তই
এতিয়া
কচোন
ইহঁতক
কি
কি
খাদ্য
খুৱাই চালি?”
“ইহঁতৰ
খাদ্যৰ
বাবে
একো
চিন্তা
নাই৷
মানুহে খোৱা
খাদ্য,
মোৰ
ইমুবোৰে
খোৱা
দানা,
গৰু-গাহৰিৰ দানাৰ উপৰিও
ইহঁতে
গছ-লতাৰ পাত
ইত্যাদি
সকলোৱেই
খায়৷”আমকজী কেইটাৰ
পেটকেইটাৰ
প্ৰতি
সকলোৰে
দৃষ্টি
আকৰ্ষন
কৰি
তাকামে
ক’লে, “ ইহঁতৰ পেট কেইটা
চাচোন
কিমান
ডাঙৰ
হৈ
আছে৷”
সকলোৱে
আমকজী
কেইটালৈ
ভালদৰে
চালে
আৰু
তাকামৰ
কথাত
পতিয়ন
গ’ল৷
“ইহঁতে
যিকোনো
বস্তু
খায়
যেতিয়া
আমাৰ
এটা
ডাঙৰ
সমস্যাই
সমাধা
হ’ল৷” জীৱনে ক’লে৷
“আচল
ডাঙৰ
কথাটো
হ’ল আমকজীৰ
সংখ্যা
বৃদ্ধি
কেনেকৈ
ঘটিছে
তাক
জনাটোহে৷”কৰবীয়ে ক’লে৷
“এৰা,
কৰবীয়ে
ঠিকেই
কৈছে,
সেই
কথা
আমি
জনা
দৰকাৰ৷”মধুশ্ৰীয়ে ক’লে৷
“তেনেহলে
আজি
ৰাতি
আহি
মই
আৰু
জীৱনে
এটা
আমকজী
লৈ
যামহি৷
পিছ নিশা
লেবত
পৰীক্ষা-নিৰীক্ষা চলাম৷ এতিয়া আমি ইয়াৰ
পৰা
যোৱা
ভাল
হ’ব৷ কৰবীক তাইৰ গাইডে
ফোন
কৰিব
হ’লেই৷ ব’ল, আমি
যাওঁ৷” কৰবীলৈ কেৰাহিকৈ
চাই
আনন্দই
কোৱা
কথাষাৰত
লাজ
পাই
তাই
তল
মূৰ
কৰিলে৷
[পাঁচ]
নিশা
বাৰটা
বজাৰ
পূৰ্বেই
আনন্দ
আৰু
জীৱনে
সিহঁতৰ
নিজৰ
নিজৰ
গাইডে
দিয়া
এচাইনমেন্টৰ
কামবোৰ
শেষ কৰি
গাইডলৈ
ই-মেইল যোগে
পঠাই
দিলে৷
আজৰি হৈ
দুয়ো
কেন্টিনলৈ
গৈ
চাহ
খাই
অলপ
ফ্ৰেচ
হৈ
লেবত
কাম
কৰা
মানুহবোৰ
যোৱালৈ
কিছু
সময়
অপেক্ষা
কৰিলে৷
লেব’ৰেটৰীত এক
নিমাও
মাও
পৰিবেশ৷
নিজৰে উশাহ-নিশাহৰ শব্দও
নিজে
শুনিব
পৰা গৈছে৷ আনন্দ
আৰু
জীৱন দুয়ো
অতি
সংগোপনে
লৈ
যোৱা
আমকজীটো
উলিয়ালে৷
তাৰ পিছত
তাৰ
শৰীৰৰ
পৰা
অকনমান
মাংস
কাটি
শ্লাইডত
ল’লে৷ শ্লাইডখন একাষৰীয়াকৈ থৈ
সিঁহতে
ষ্টেইন
প্ৰস্তুত
কৰাৰ
কামত
লাগিল৷
“জীৱন,”
কামত
একান্ত
মনে
লাগি
থকা
জীৱনে
আনন্দৰ
মাতষাৰতে
উচপ
খাই
উঠিল৷
“কি
হ’ল, কিবা
কবি?”
জীৱনে
ক’লে৷
“প্ৰথমে
এলক’হলত ডিহাইড্ৰেচন কৰি ল’লেহে ভাল
হ’ব নেকি
বাৰু?”
আনন্দই ক’লে৷
“মোৰ
মতে
তাৰ
কোনো
প্ৰয়োজন
নাই৷
আমি চাফ্ৰানিন
ষ্টেইন(Safranin
stain) দি মাক্ৰস্ক্ৰুপত
চেলবোৰ
এবাৰ
চাই
লোৱা
ভাল
হ’ব৷”
“এৰা,
এমিবাৰ(Amiba)
দৰে কোষ
বিভাজনৰ
জড়িয়তে
সিহঁতৰ
অযৌন
প্ৰজনন
হ’বও পাৰে৷”
আনন্দ
আৰু
জীৱনে
বহুপৰ
ধৰি
আমকজীৰ
সংখ্যা
বৃদ্ধিৰ
সম্ভাব্য
কাৰক
সমূহৰ
ওপৰত
আলোচনা
চলালে৷
যেতিয়া দূৰণিৰ
ডফলা
গাঁওখনৰ
পৰা
প্ৰথম
কুকুৰাৰ
ডাক
ভাঁহি
আহি
সিহঁতৰ
কাণত
পৰিল
তেতিয়া
আনন্দই তাৰ
ম’বাইল ফোনৰ
ঘড়ীত
সময়
চায়
দেখে-
তিনি
বাজি
বিশ
মিনিট
পাৰ
হ’ল৷
“পলম
কৰিলে নহ’ব জীৱন, শ্লাইডখন
আন৷”
আনন্দৰ
কথামতে
তাৰ
পিছ
ফালে
থোৱা
শ্লাইডখন
আনিবলৈ
ঘূৰি
জীৱনে
দেখে,
সি
থোৱা
শ্লাইডখন
উকা
আৰু সমুখৰ
চুকটোত
তিনিটা
সদ্যজাত
আমকজীৰ
পোৱালী!
বিস্ময়ত
বিস্ফাৰিত
নেত্ৰে
জীৱনে
আনন্দলৈ
চাই
চেপা
মাতেৰে
আটাহ
পাৰি
ক’লে, “কটা যোৱা মাংসৰ পৰাই
আমকজীৰ পোৱালী
হ.ল আনন্দ৷”
পোৱালী
কেইটা দেখি
আনন্দও ঠাইতে
ঠৰ
লাগি
[ছয়]
মাথো
এটা মাহৰ
ভিতৰতেই
কিমান
যে
কিবোৰ
ঘটি
গ’ল! জ্যামিতিক
হাৰত
সংখ্যা
বাঢ়ি
গৈ
সমগ্ৰ
দেশ
আমকজীৰে ভৰি পৰিল৷ আমকজীৰ মাংস উৎকৃষ্ট
বুলি
প্ৰমাণিত
হোৱাৰ
লগে
লগে
বিদেশলৈও
আমকজী
নামেৰেই প্ৰাণীবিধৰ
ৰপ্তানী
হ’ব ধৰিছে৷
মাংসৰ বাবে
এটা
আমকজী
বধ
কৰাৰ
লগে
লগে
তাৰ
পৰাই
আৰু
অনেকটা আমকজীৰ
জন্ম
হ’ব ধৰি্ছে৷
এনেদৰে কিছু
দিনৰ
ভিতৰতে
নিশ্চয়
সমগ্ৰ
পৃথিবীখনেই
আমকজীয়ে
ছানি ধৰিব!
কথাবোৰ
ভাৱি
ভাৱি
গৈ
থাকোঁতে
আনন্দৰ
চকুৰ
টোপনি
আনদিনাৰ
দৰেই
আজিও
পলাই
পত্ৰং দিছে৷
কথাবোৰ নিতৌ
অধিক
ৰোমাঞ্চকৰ
হৈ
যোৱাৰ
ফলত
কেৱল
আনন্দৰে
নহয়,
জীৱন
, কৰবী আৰু মধুশ্ৰীৰো
একেই
দশা
হৈছে৷
টোপনি নোহোৱা
বেমাৰ
দূৰ
কৰিবলৈ
সিহঁতে
চিকিৎসকৰ
কাষ
চাপিছিল৷
চিকিৎসকে দিয়া
পৰামৰ্শ
মতে
চলাটো
জটিল
হৈ
পৰিছে--
আনন্দই ভাৱিলে৷
টোপনি ধৰা
নাই
বুলি
টোপনি যাবলৈ
যত্ন
কৰি
থাকিলে
টোপনি
ধৰাৰ
সলনি
মনত
এক
বিৰক্তি
ভাৱৰ
জন্ম
হয়
বুলি
ডাক্তৰে
কৈছে৷ তাৰ পৰিবৰ্তে
ভাল
কিতাপ
এখন
পঢ়ি
থাকিলে
হেনো
টোপনি
আহি
যাব৷
কথাটো মনত
পৰি
আনন্দই
এখন মেগাজিন
হাতত
তুলি
ল’লে৷ মেগাজিনখন
মেলি
লওঁতেই
এটা
শিৰোণামত
চকু
পৰিল৷
“নগালেণ্ডত এক
অদ্ভুত
শস্যৰ
আৱিষ্কাৰ”৷ আনন্দই প্ৰৱন্ধটো
পঢ়িবলৈ
আৰম্ভ
কৰি
দিলে৷
প্ৰৱন্ধটো পঢ়াৰ
পিছত
টোপনিৰ ভাৱ
অহাটো
দূৰৰে
কথা
প্ৰৱন্ধটোৰ
বিষয়
বস্তু
আৰু
তাৰ
বিৱৰণে
আনন্দৰ
মনটো
অধিক
ভাৰাক্ৰান্তহে
কৰি তুলিলে৷
কি আচৰিত
! নগালেণ্ডৰ
পুংৰুৰ
ওচৰৰ
ফাকিম
নামৰ
গাঁৱৰ
লোকসকলে
পাহাৰৰ
হাবিত
এক
অদ্ভুত শস্য
আৱিষ্কাৰ
কৰে
আৰু
সেই
শস্যই
নগাভূমি
আৱৰি
ধৰিছে৷
এতিয়া কেৱল
নগালেণ্ডেই
নহয়,
উত্তৰ
পূৰ্বাঞ্চলৰ লগতে
সমগ্ৰ
দেশেই
এই
শস্যৰে
ভৰি
পৰাৰ
সম্ভাৱনা
আছে৷
ঠিক আমকজীৰ
দৰেই
শস্যবোৰে
বংশ বৃদ্ধি
কৰি
গৈছে৷
আশ্চৰ্যজনক কথাটো
এয়ে
যে
শস্যবোৰত
চাউল
সদৃশ
গোলাকৃতি
সৰু
সৰু
ফল
থোপাথোপে লাগিব
ধৰিছে৷
সেইবোৰকে চাউলৰ
বিকল্প
হিচাপে
মানুহে
ব্যৱহাৰ
কৰি
পৰম
তৃপ্তিৰে
ভক্ষন
কৰিছে৷ প্ৰৱন্ধটোত
এই
কথাও
উল্লেখ
কৰিছে
যে
অৰুণাচল
প্ৰদেশৰ
তাকাম
নামৰ
এজন
ইমু
পালকে
পাহাৰৰ
হাবিৰ
পৰা
আনি
আমকজী
নামৰ
পক্ষী
পালন
কৰিছিল
আৰু
অতি
দ্ৰুত
গতিত
ই
বংশ
বৃদ্ধি
কৰি
নগাভূমিতো সহজ
লভ্য
হৈ
চৌদিশে
ভৰি
পৰিছে৷
আমকজীৰ
মাংস
নগাসকলৰ
বাবে
অতি
প্ৰিয়
হৈ
পৰিছে৷
এতিয়া খাদ্যৰ
প্ৰাচুৰ্যইহে
কিছুমান
নতুন
নতুন
সমস্যাৰ
সৃষ্টি
কৰিছে৷
প্ৰৱন্ধটো পঢ়ি
আনন্দ ভাৱনাৰ
চাকনৈয়াত
উটি ভাঁহি
থাকোঁতে
ৰাতি
পুৱাল৷
ইতিমধ্যে পুৱাৰ
কোমল
ৰ’দ এজাক
তাৰ
হোষ্টেলৰ
কোঠাটোৰ
ভেন্টিলেটৰেদি সোমাই
আহি
তাৰ
অনাবৃত
মুখমণ্ডলত
পৰি
উমাল
মৰম
যাচিলে৷
[সাত]
ভাৰতৰ
প্ৰধান
মন্ত্ৰী
নৰেন্দ্ৰ
মোডীয়ে
স্বচ্ছ
ভাৰত
নিৰ্মাণৰ
আঁচনিখন
প্ৰৱৰ্তন
কৰাৰ
পূৰ্বৰে
পৰাই
পৰিষ্কাৰ
পৰিচ্ছন্নতাৰ বাবে
আন
আন
ৰবিবাৰ
আৰু
বন্ধবাৰ
বোৰত
কৰা
দৰে
আজিও
কৰবীয়ে
সমাজ
সেৱামূলক
কামটো কৰি
গা-পা ধুই
ৰুমত
সোমাই
কাপোৰ
সলালে৷
“কৰবী
বা,
কৰবী
বা, ” ৰিনিচাই বহুত
জৰুৰী
কাম
থকাৰ
দৰে
চিঞৰি
চিঞৰি
কৰবীৰ
ৰুমত
প্ৰৱেশ
কৰিলে৷
“কিবা
দৰকাৰ
আছিল
নেকি
ৰিনিচা?”
কৰবীয়ে
ক’লে, “বাৰু, তুমি বহাচোন৷”
ৰিনিচাই
প্লাষ্টিকৰ
চকী
এখন
টান
মাৰি
লৈ
বহিলে
আৰু
কথা
আৰম্ভ
কৰি
দিলে৷
“কৰবী
বা,
আমাৰ
ফ্ল’ৰৰ আটাইবোৰ
লেট্ৰিন
বাথৰুম
তুমি
অকলে
পৰিষ্কাৰ
কৰি
আহিলা৷
মোকো মাতি
নিদিলা কিয়?
ময়ো
তোমাক
সহায়
কৰিম
বুলি
ভাৱি
আছিলো
কৰবী
বা৷”
“ধন্যবাদ
ৰিনিচা৷
তুমি এই হোষ্টেললৈ
অহা
বেছি
দিন
হোৱাই
নাই,
তথাপি
এইখিনি
দিনৰ
ভিতৰতে
দেখিলা
নহয়
দেওবাৰ
আৰু
বন্ধবাৰবোৰত
চাফাই
কৰ্মী
নহা
বাবে
এই
হোষ্টেলৰ
লেট্ৰিন
বাথৰুমবোৰে
কি
কদৰ্য ৰূপ
ধাৰণ
কৰে৷
তাৰ দুৰ্গন্ধ
আবাসীহঁতৰ
ৰুমলৈকো
আহে৷
নতুনকৈ হোষ্টেললৈ
আহি
মই
সহ্য
কৰিব
নোৱাৰি ইজনী
সিজনীকৈ
বহুজনীকে
লগ
লৈছিলো
চাফাই
কামৰ
বাবে৷
সকলোৱে নাক
কোঁচালে
মাথো৷
তুমি মোৰ লগত
এনে
কামত
সহযোগ
কৰিবা
বুলি
ভৱা
বাবে
মই
বৰ
ভাল
পাইছো৷”
“অ,
হয়নেকি
কৰবী
বা, আমাৰ ইউনিভাৰচিটিৰ
বহুতো
ছাত্ৰ-ছাত্ৰীৰ সৈতে
এইটো
হোষ্টেলৰো
একাংশ
ছাত্ৰীয়েও
নগৰৰ
নলা
নৰ্দমা
চাফ
কৰি
থকা
টি
ভি প্ৰগ্ৰেমত
দেখা
পাইছো৷
তেনেহ’লে টি
ভিত ওলাই
নাম
ৰোচন
কৰাহে
সিহঁতৰ
প্ৰধান
উদ্দেশ্য৷
কথা-বাৰ্তা পাতোঁতে
ছোৱালীবোৰে
তুমি
কৰা
এই
কামবোৰৰ
বাবে
তোমাৰ
গুণ
বসানে;
নিজে
এনে
কাম
কৰিবলৈহে
নাহে৷”
“মোৰ
প্ৰসংশা
কৰে!”
আশ্বৰ্য
প্ৰকাশ
কৰি কৰবীয়ে
সুধিলে৷
“ওঁ
কৰবী
বা, আগতে
সদায়
সিহঁতে
তোমাৰ
গুণ
বসানিছিল৷
কিন্তু
আজি
কালি------৷”
“ কিন্তু
আজি
কালি
কি
হ’ল ৰিনিচা?”
“কৰবী
বা
তুমি
যদি
বেয়া
নোপোৱা
তেন্তে
কথা
এষাৰ
কওঁ৷”
“কোৱা
, কোৱা
ৰিনিচা,
মই
বেয়া
পাবলৈ
কিটো
থাকিব
পাৰে৷”
কৰবীৰ
অনুমতি
সাপেক্ষে
ৰিনিচাই
কৰবীৰ
বিবেক
দংশন
কৰি
যোৱা
তিতা
লগা
কথাবোৰ
কৈ
যাব ধৰিলে৷
[আঠ]
কেৱল
হোষ্টেলতে
নহয়,
বিশ্ব
বিদ্যালয়খনৰ
যিকোনো
ছাত্ৰ-ছাত্ৰী, শিক্ষক
কৰ্মচাৰী
তথা
গৱেষকৰ
বাবে
আনন্দ, জীৱন,
মধুশ্ৰী
আৰু
কৰবী
চৰ্চাৰ
বিষয়
বস্তু
হৈ
পৰিছে৷
ৰিনিচাই
কোৱা
কথাবোৰ
কৰবীয়ে
ভাৱি
চালে৷ প্ৰেম,
ভালপোৱা,
মৰম
এইবোৰেই
জীৱনৰ
সৰ্বোত্তম
জিৰণি
বা
বিশ্ৰাম
দিয়ে৷
ইয়াত
বাধা
দিবলৈ
মানুহৰ
অপবাদেই
যথেষ্ট
হ’ব পাৰে
জানো?
এইবোৰ
অপবাদে
কৰবীৰ
সামান্যতমো
ক্ষতি
কৰিব
নোৱাৰে,
এইটো খাটাং৷
কাৰণ, তাইৰ
ওপৰত
উদয়ৰ
দৃঢ়
বিশ্বাস
আছে৷
সেয়ে কোনো
ধৰণৰ
কথাই
তাক
বিচলিত
কৰিব নোৱাৰে৷
কলেজীয়া জীৱনৰ
পাতনিতেই
উদয়
আৰু
কৰবীয়ে
নিভাজ
আন্তৰিকতাৰ
ডোলেৰে
ইটিয়ে
সিটিক বান্ধি
পেলাইছে৷
নিচিনা নজনাকৈ
সিহঁতে
সেই
কাম
কৰা
নাই৷
দুয়ো
বিশ্ব
বিদ্যালয়ৰ
ডিগ্ৰী
ল’লে৷ উদয়ে চাকৰি সূত্ৰে
অসমৰ
বাহিৰলৈ
গ’ল৷ কৰবীয়ে
অৰুণাচলৰ
ৰাজীৱ
গান্ধী
বিশ্ব
বিদ্যালয়ত
পি
এইচ ডি কৰিবলৈ আহিল৷ তাৰ
পূৰ্বেই
বিয়া
খন
পাতি
ল’বলৈ বেচেৰা
উদয়ে
ভাৱি
শহুৰেকক
কথাষাৰ
কোৱাৰ
সাহস গোটাবকে
নোৱাৰিলে৷
পিছে যেতিয়া
দুটা
বছৰ
অসমৰ
বাহিৰত
থাকি
গুৱাহাটীলৈ
চাকৰি
বদলি
হ’ল তেতিয়া
মাতৃ
ভক্ত
পুত্ৰ
উদয়ে
মাকৰ
কথা
মতেই
বিবাহ
পাশত
আৱদ্ধ
হ’বলৈ খৰখেদা
লগালে৷
পিছে, কৰবীয়ে
তাইৰ
গৱেষণাৰ
কামনো
আধাতে
এৰে
কেনেকৈ?
উপায়
বিহীন
হৈ
দুয়ো
ঘৰৰ
সন্মতি
ক্ৰমে
উদয়ে কৰবীক
আঙুঠি
পিন্ধাই
বিয়াখন
পিছুৱাই
থ’লে৷ এতিয়া
আমকজী
কাণ্ডৰ
বাবে
আনন্দহঁতৰ
লগত
ঘূৰা ফিৰা
কৰি
থকা
বাবে
লোকচক্ষুত
ভিন্ন
প্ৰকাৰে
ধৰা
দিব
লগা
হ’ল বুলিয়েই
উদয়ে
তাইক
সন্দেহ
নকৰে৷ পিছে,
আনন্দ
আৰু
মধুশ্ৰীৰ
যি
মিলা-প্ৰীতি তাত
প্ৰেমাস্পদৰ
গোন্ধ
আনে
পোৱাটোক
মিছা
বুলিব
নোৱাৰি৷ সিহঁতৰ
সম্পৰ্কটোক
ইতিমধ্যে
দুয়োখন
ঘৰে
স্বীকৃতি
দিছে৷
সে্য়ে এই
কথা
নিশ্চিত
যে
কৰ্মজীৱনৰ
সুযোগ
সুবিধা
অনুযায়ী
সময়ত
দুয়োৰে
মাজত
বিবাহ
সম্পন্ন
হ’ব৷ অন্যহাতে, জীৱনৰ বিয়াখন
তাৰ পুৰণি
বান্ধবী
বাহনা
মহাবিদ্যালয়ৰ
অৰ্থনীতি
বিভাগৰ
প্ৰবক্তা
ৰীতা
কাকতিৰ
লগতে
হ’ব, এইটোও
খাটাং হৈ
থকা
কথা৷
তেনেহ’লে মানুহবোৰে
সিহঁতক
লৈ
মিছাতে
চিন্তা
কৰা
কি
দৰকাৰ?
মানুহবোৰৰ
নিজকলৈ
চিন্তা
কৰিবলৈ
নাই
চাগৈ৷
এনেবোৰ কথা
আনন্দহঁতক
কৈ
নিজক তললৈ নমোৱাহে হ’ব৷
ৰিনিচাজনীয়েও এনে
কথাবোৰ
ক’বৰ দৰকাৰ
নাছিল৷
কাৰোবাৰ হিত
চিন্তা
কৰিলে
ভাৱনাত
আঁউল
লগাই
দিয়া এনেবোৰ
অদৰকাৰী
কথা ভালৰি
লগাবলৈ
কৈ
সময়ৰ
অপচয়
ঘটাব
নালাগে—
কৰবীয়ে ভাৱিলে৷
আমকজীৰ কথাবোৰ
ভাৱি
ভাৱি
জুৰুলা
হৈ
পৰা
কৰবীয়ে
কথাবোৰ
আলোচনা
কৰিবলৈ
মধুশ্ৰীৰ
ৰুমলৈ
বুলি খোজ
ল’লে৷ পিছে মাজ বাটতে
দুয়োৰে
ভেটাভেটি হ’ল৷
“মই
তোক
লগ কৰিবলৈকে
আহিছিলো৷”
কৰবীয়ে ক’লে৷
“ময়ো
তোৰ
ওচৰলৈকে
আহিছিলো৷
আনন্দহঁতে অৰ্কিড
উদ্যানৰ
ওচৰলৈ
মাতি
পঠাইছে৷
তই যাব
পাৰিবিনে
এতিয়া?” মধুশ্ৰীয়ে
সুধিলে৷
“ কিয়
নোৱাৰিম?
আজি
চানদে’৷ মই কোনো কাম
হাতত
লোৱা
নাই৷
ব’ল তালৈকে
যাওঁ৷”
[ন]
আনন্দই
সি
পঢ়া
প্ৰৱন্ধটো
থকা
আলোচনীখন
লৈ
আহিছিল৷
প্ৰৱন্ধটো সিহঁতক পঢ়িবলৈ
দিলে৷
প্ৰৱন্ধটো
পঢ়ি
আটাই কেইটা
চিন্তাক্লিষ্ট
হৈ
পৰিল৷
“পৃথিবীখনত
এইবোৰ
কি
ঘটিব
ধৰিছে
বাৰু?”
মধুশ্ৰীয়ে
ক’লে, “আমি দেখা পোৱা
সেই
ইউ
এফ অ’ত পৃথিবীলৈ
অহা
ভিন্ন
গ্ৰহৰ
কোনো
উন্নত
জীৱৰে
কিবা
চক্ৰান্ত
নেকি
বাৰু
এইবোৰ?”
“তেনকুৱা
কিবা
এটা
নহ’ব বুলিও
ক’ব নোৱাৰি৷”
আনন্দই ক’লে, “আজি
কিছু
দিন
ধৰি
পৃধিবীৰ
বহু
ঠাইৰ মানুহে
সঘনাই
অচিনাক্ত
উৰন্ত
চাকি
আকাশত
প্ৰত্যক্ষ
কৰিছে৷
কানাডাৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী প’ল হেলিয়াৰেই(Paul
Hellyer) প্ৰথমে ভিন্ন গ্ৰহৰ প্ৰাণীৰ প্ৰসংগটো টানি আনি যুক্তি দাঙি ধৰিছে যে পৃথিবীৰ
বিভিন্ন স্থানত সাম্প্ৰতিক কালত
সঘনে
দেখা
দিয়া অচিনাক্ত উৰন্ত চাকিৰ(UFO)
পৰাই
বুজিব লাগিব যে ভিন্ন গ্ৰহৰ প্ৰযুক্তিগত ভাৱে উন্নত প্ৰাণীয়ে মানৱ সভ্যতা ধ্বংস কৰি পৃথিবী দখল কৰি
ল’বৰ বাবে উদ্যত হৈছে৷
১৯৬০
চনত শিতল
যুদ্ধৰ সময়ত প’ল হেলিয়াৰ কানাডাৰ জাতীয় সুৰক্ষা মন্ত্ৰী
আছিল৷ তেওঁ কানাডিয়ান
বায়ু
সেনা বাহিনী,
নৌবাহিনী
আৰু
স্থল
বাহিনীক
একত্ৰিত
কৰাৰ
দায়িত্বত
আছিল৷
তেওঁ প্ৰতিৰক্ষা
বিভাগৰ
উচ্চ
স্তৰৰ
ব্যক্তি আছিল৷
ঘৰলৈ গৈ
পাওঁতেই
তেওঁ
এক
উৰন্ত
বস্তু দেখা পাই ভালদৰে চালে৷ তেওঁ এই বিষয়ে বন্ধু মহলক জনালত তেওঁলকে
সেয়া উৰা জাহাজ নহয় বুলি নিশ্চিত কৰি ক’লে৷ তেঁও সেইটো
যে কিবা এটা হয়
বিশ্বাস কৰিলে কিন্তু সেই বিষয়ে একো ধাৰণা
কৰিব নোৱাৰিলে৷
ইউ
এফ অ’ৰ বিষয়ে মুক্তভাৱে কথা কোৱা
ব্যক্তিৰ ভিতৰত সন্মানীয় প’ল হেলিয়াৰেই
উচ্চ স্তৰীয়
ব্যক্তি৷ তেওঁ ইউ এফ
অৰ বিষয়ে বহু কথা কৈছে আৰু আৰ
টি নিউজত দেখা দি কৈছে যে হেজাৰ বছৰত
অতি কমেও চাৰি প্ৰজাতিৰ বৰ্হি
জগতৰ প্ৰাণী পৃথিবীলৈ আহিছে৷
অৱসৰ গ্ৰহণৰ পিছত হেলিয়াৰে ইউ
এফ অ আৰু বৰ্হি জগতৰ প্ৰাণীৰ বিষয়ে অধিক প্ৰচাৰ চলাই যাব ধৰিলে৷
তেওঁৰ প্ৰমাণক বিশ্বৰ হেজাৰজন উচ্চ শাৰীৰৰ মিলিটেৰী আৰু ৰাজনৈতিক ব্যক্তিয়ে সমৰ্থন
কৰিলে৷ কেৱল সেয়াই নহয়,
বিশ্ব জুৰি বহু দৰ্জন চৰকাৰৰ অফিচিয়েল নথি পত্ৰইও অফিচিয়েলি ইউ
এফ অ ৰ অৱস্থিতিৰ স্বীকৃতি দিলে৷
গতিকে নাছাকে ধৰি বিশ্বৰ বিভিন্ন মহাকাশ গৱেষণা কেন্দ্ৰই ভিন্ন গ্ৰহৰ প্ৰাণীৰ সন্দৰ্ভত সতৰ্কতাৰে গৱেষণা
কৰি যাব ধৰিলে৷
আজি কিছুদিনৰ পৰা সমগ্ৰ বিশ্বৰ বাতৰি কাকত,
টি.ভি আদিকে ধৰি বৈদ্যুতিন মাধ্যম, ফেচবুক আৰু টুইটাৰ
আদি ছছিয়েল মিডিয়া এই সকলোতে কেৱল অচিনাক্ত উৰন্ত চাকি আৰু ভিন্ন গ্ৰহৰ প্ৰাণীৰ বিষয়ে সৰব
আলোচনা
চলি আছে৷
সেয়ে মই
এই
বিষয়ে
কিছু
অধ্যয়ণ
কৰি
আছোঁ
তাৰ
ওপৰত
ভিত্তি
কৰিয়েই
কথাবোৰ
তহঁতক কৈছো৷”
“তেন্তে,
আমকজী
কেইটা
সেই
ইউ
এফ অ’ত অহা ভিন্ন
গ্ৰহৰ
উন্নত
জীৱই
কিবা
চক্ৰান্ত
কৰি
এৰি
গৈছে৷”জীৱনে সম্পূৰ্ণ
নিশ্চিত
হোৱাৰ
দৰে
ক’লে৷
“এই
কথা
শুদ্ধ
হ’লে নগালেণ্ডত
পোৱা
শস্যও
ভিন্ন
গ্ৰহৰ
উন্নত
জীৱৰেই
অৱদান
হ’ব লাগিব৷”মধুশ্ৰীয়ে ক’লে৷
“সেইটো
হ’বলৈ হ’লে তাতো
ইউ
এফ অ’গৈ অৱতৰণ কৰিব
লাগিব৷”
জীৱনে ক’লে৷
“সেই
কথাও
নিশ্চিত
কৰিব
পৰা
যাব৷”কৰবীয়ে ক’লে,
“কাৰণ, মোৰ ক্লাচ
ফ্ৰেণ্ড
তৰা
গগৈয়ে
নগালেণ্ডতে তাইৰ
পি
এইচ ডিৰ বাবে
ফিল্ডৰ
কাম
কৰি
আছে৷
তাইলৈ আজি
ৰাতি
ফোন
কৰি
মই
সকলো
কথা সুধি তহঁতক
জনাম৷”
“ঠিক
আছে৷
আজি আলোচনা
ইমানতে
সামৰোঁ৷
আমিয়ে অচিন
প্ৰাণী
কেইটা
প্ৰথমে
আনিছো
বুলি
কোনেও
নাজানে৷ আমাৰ অনুৰোধ
ৰক্ষা
কৰি
তাকামে
নিজে
জংগলত
পাই
অনা
বুলি
কৈ
সকলো
কথা
মূৰ
পাতি
লৈ আমাক
সেই
ক্ষেত্ৰত
সকাহ
দিলে৷
কেইবাটাও স্থানীয়
টি
ভি চেনেলত
তাৰ
সাক্ষাৎকাৰ
প্ৰচাৰ
হৈছে
আৰু
সিও দুপইচা
চুবলৈ
পাইছে৷
পিছে তহঁত
কেইটা
ইমান
বেছি
ক্ষীণ
হৈছ
কিয়?”
আনন্দই
প্ৰশ্ন
কৰিলে৷
“আচল
কথা
কি
জাননে
আনন্দ,
আমি খোৱা-বোৱাত যথেষ্ট
কষ্ট
পাইছো৷
কাৰণ, হোষ্টেলত,
হোটেল
ৰেষ্ট্ৰুৰাত
বা ঘৰত
য’তেই নহওক
সকলোতে
কেৱল
এতিয়া
পোৱা
যায়
আমকজীৰ
মাংস৷
আনে খাই
যিমানেই
তৃপ্তি
নাপাওক
লাগে
আমি
বাৰু
কেনেকৈ
সেই
মাংস
ভক্ষণ
কৰোঁ৷
তই জানো
খাব
পাৰিছ?”
জীৱনে
বৰ
বেজাৰ মনেৰে
কথা খিনি ক’লে৷
[দহ]
গ্ৰেট
ব্ৰিটেইনৰ
লিভাৰপুল
বিশ্ব
বিদ্যালয়ৰ
অধীনত
নগালেণ্ডৰ
ঝুম
খেতিৰ
ওপৰত
গৱেষণা
কৰি
থকা
তৰা গগৈয়ে
ভালেমান
দিনৰ
বিৰতিৰ
পিছত
সহপাঠী
বান্ধৱী
কৰবীৰ
পৰা
ফোন
কল
পাই
বৰ
ভাল
পালে৷ তাই কৰবীক
নগালেণ্ডত
ঘটি
থকা
সকলোবোৰ
ঘটনাৰ
বিৱৰণ
দিলে
আৰু
অৰুণাচল
প্ৰদেশৰ
আমকজীৰ বিষয়েও
নানা
কথা
সুধিলে৷
ৰোমাঞ্চকৰ
কথা
এয়ে
যে
নগালেণ্ডৰ
ফাকিম
নামৰ
যিখন
গাৱঁত
আজব
শস্য
বিধ
পোৱা
গৈছিল
তাতে
থাকি তৰা
গগৈয়ে
গৱেষণাৰ
কাম
চলাই
গৈছে৷
তাতোতকৈ অধিক
ৰোমাঞ্চকৰ
কথা
হ’ল যে
এদিন
ৰাতি
তৰাই
হঠাৎ
আকাশৰ
পৰা
এক
থালী
খনৰ
দৰে
গোলাকৃতিৰ
আকাশী
যান
নামি
আহি
ফাকিম
গাৱঁৰ
ওখ পাহাৰটোত
থকা
গাঁৱৰ
মানুহবোৰে
মুকলি
মনেৰে
চৰি
ফুৰিবলৈ
এৰি
দিয়া
মেঠোনবোৰৰ
বাবে
চৰনীয়া পথাৰ
হৈ
পৰা
দীৰ্ঘ
দিন
ধৰি
অব্যৱহৃত
হেলিপেডখনত
পৰিল৷
তাই সেইফালে
চাই
থাকোতেই
পুনৰ যানখন
ওপৰলৈ
উঠি
তৎক্ষণাত
আকাশলৈ
উৰা
মাৰি
অদৃশ্য
হৈ
গ’ল৷ ৰৈ গ’ল মাথো তৰাৰ
ম’বাইল ফোনৰ
কেমেৰাৰ
স্ক্ৰিনত
এক
ছঁয়া
ময়া দাগ,
যিটো
দেখিলে
কোনেও
বিশ্বাস
নকৰে
যে
সেয়া
ইউ
এফ অ’ৰ ফটো৷ তাকে ধৰি ৰাখিলে
কেৱল
মাথো
তৰা
গগৈয়ে৷
বহুজনে বহুবাৰ
নগালেণ্ডৰ
আকাশত
অচিনাক্ত উৰন্ত
চাকি
দেখিছে;
কিন্তু কোনেও
ফটো
তুলিব
পৰা
নাই৷
তৰাই বহু
সময়
ধৰি
কৰবীৰ
সৈতে
ফোনত কথা
পাতিলে৷
“তৰা,
আজি তোৰ
বহু
সময়
মই
নষ্ট
কৰিলো৷”
কৰবীয়ে ক’লে৷
“নাই
নাই
মোৰ
সময়
নষ্ট
হোৱাৰ
পৰিবৰ্তে
তোৰ
সৈতে
অতি
দৰকাৰী
কথাহে
পাতিলো৷
ভালেমান দিন
ধৰি মোৰ
ফিল্ডৰ
কাম
একোৱেই
কৰা
হোৱা
নাই৷”তৰাই ক’লে৷
“ কিয়?
তোৰ
স্বাস্থ্য
ভাল
নাই
নেকি?”
কৰবীয়ে
সুধিলে৷
“ নাই
সেইবোৰ
একো
নহয়৷
আচলতে
মোৰ
সহায়কাৰী
নোহোৱাত
অকলে
কাম
আগ
বঢ়াব
পৰা
নাই৷
ইয়াত কি
হৈছে
জান?
শ্ৰমিক
বিচাৰি
পাবলৈ
নাই৷
মোৰ সহায়কাৰী
দুজনে
কাম
এৰি
যোৱাৰ
পিছত
আৰু
মানুহেই বিচাৰি
নোপোৱা
হ’লো৷”
“কিন্তু
কিয়
মানুহ
বিচাৰি
নোপোৱা
হ’লি?” কৰবীয়ে
সুধিলে৷
তৰাই
আক্ষেপ
ভৰা
কন্ঠস্বৰত
ক’লে, “অৰুণাচল প্ৰদেশৰ পৰা
কেনেকৈ
যে
আমকজী
নামৰ
উৰিব
নোৱাৰা
মাংসল চৰাইবোৰ
আহি
ইয়াত
ওলালহি
জানো,
সেইবোৰৰ
সংখ্যা
ইমানেই
বাঢ়ি
গ’ল যে
যেনিয়ে
চকু
দিয়া
যায় তেনিয়েই
দেখা
পোৱা
যায়
কেৱল
আমকজী
আৰু
আমকজী৷
নগৰত যান
বাহন
চলোৱাও
টান
হৈছে
আমকজীৰ বাবেই৷
তাৰ মাংস
নিকিনাকৈ
ইয়াৰ
ৰাইজে
খাবলৈ
পাইছে
আৰু
য’তে ত’তে
উপলব্ধ
হোৱা
এবিধ শস্যৰ
পৰা
পোৱা
চাউলৰ
দৰে
গোলাকৃতি
গুটিক
চাউলৰ
বিকল্প
হিচাপে
বিনা
খৰচত
ব্যৱহাৰ
কৰিবলৈ পায়
বহুতো
মানুহ
অকামিলা
হৈ
পৰিছে৷
কাম এৰি
উভৈনদী
হৈ
পৰা
আমকজী
আৰু
পোহা
(চাউলৰ দৰে
গুটিবোৰৰ
ৰাইজে
দিয়া
নাম) সংগ্ৰহ
কৰাত
কৃষক
শ্ৰমিক
সকলো
ব্যস্ত
হৈ
পৰিছে৷
কোনে
কাম
কৰিব
বা
কাম
কৰাৰ
প্ৰয়োজনেই
কি? এতিয়া
পোহাৰ
পৰা
এবিধ
স্থানীয়
মদ
প্ৰস্তুত
কৰি
আমকজীৰ মাংসৰ
লগত
খাব
ধৰিছে৷
ইয়াৰ ফলত
আইন
শৃংখলা
পৰিস্থিতিও
বেয়াৰ
ফালে
ঢাল
খাব
ধৰিছে৷ কিযে কৰিম?
কাম
আধাতে
এৰিব
লগা
নহ’লেই হয়৷
কিছুমান কোম্পানী
আৰু
কল
কাৰাখানা
শ্ৰমিকৰ অভাৱত
বন্ধই
কৰি
দিছে৷
ইয়াৰ ডি
এফ অ’জন বৰ ভাল
মানুহ৷
তেওঁ
দক্ষিণ
ভাৰতৰ
মানুহ
হৈয়ো ইয়াৰ
ৰাইজৰ
লগত
ইমানেই
মিলি
দিছে
যে
ৰাইজে
তেওঁক
বৰ
ভাল
পায়৷
মেল
মিটিং
পাতি
ৰাইজক সজাগ
কৰি
তুলি
বন্য
প্ৰাণী
নিধন
ৰোধ
কৰাৰ
দায়িত্বভাৰ
ৰাইজৰ
ওপৰত
অৰ্পণ
কৰিছে৷
ৰাইজেও সেই কাম
নিয়াৰিকৈ
কৰি
গৈছে৷
আজি কালি
ইয়াৰ
গাঁওবাসীয়ে
বন্য
পশু-পক্ষী নিধন
নকৰে,
ৰক্ষাহে
কৰে৷ এনে ডি
এফ অ’ আমাৰ অসমত থকা
হ’লে ইমানবোৰ
গঁড়
মাৰিব
নোৱাৰিলেহেঁতেন৷
এই ডিফ. অ’.জনেই
চৰকাৰী
শ্ৰমিক
দুজন
দিম
বুলি
কোৱাত
তালৈকে
অপক্ষা
কৰি
আছোঁ
আৰু৷
বাৰু , মোৰ নিজৰ
কথা,
নিজৰ
সমস্যাবোৰ
গাই
তোক
আমনি
দিয়া
নাইতু? কচোন
এতিয়া
তোৰ কথাবোৰ৷ উদয়ৰ খবৰ কি? তহঁত হালৰ বিয়াৰ তাৰিখ
ঠিক
হ’লে জনাবি আক’৷”
“আচলতে
তোৰ
সৈতে
আৰু
বহুত
কথা
পাতিব
লগা
আছিল
তৰা৷
আমি
মানে
আনন্দ,
জীৱন,
মধুশ্ৰী
আৰু মই
কম
দিনৰ
ভিতৰতে
চৌদিশ
আৱৰি
ধৰা
এই
আমকজী
আৰু
নতুন
শস্য
পোহাৰ
ওপৰত
এক
গৱেষণামূলক অধ্যয়ণ
চলাইছো৷
সেয়ে
ব্যক্তিগত
কথাবোৰ
তল
পৰি
গৈছে৷”কৰবীয়ে ক’লে৷
“তোৰ
নতুন
মাছ
বিধৰ
ওপৰত
গৱেষণাৰ
কাম
এৰি
এইবোৰত
লাগিলি
যে?”
তৰাই
সুধিলে৷
“সেই
কাম
চলিয়ে
আছে
আৰু
চলিয়ে
থাকিব৷
এইটো
মোৰ
উপৰুৱা
সময়ৰ
সমাজ
সেৱামূলক
কাম৷
বাৰু ,তোৰ
সময়
আছে
যেতিয়া
মই
যিকোনো
সময়তে
তোক
পুনৰ
কল
কৰিম
দেই৷
এতিয়া
এৰিছো৷
বাই৷” কৰবীয়ে অনিচ্ছা
সত্বেও
ফোন
থ’ব লগা
হ’ল৷ অন্যথাই
তৰাহে
যিজনী,
তাইৰ
পেটৰ
কথা
বাহিৰ
কৰি দিব৷
[এঘাৰ]
ৰঙা
চীন৷
বিশ্বৰ ভিতৰতে শক্তিশালী
হ’বলৈ ধাৱমান
হোৱা দেশখনে যে এদিন চুবুৰীয়া দুৰ্বল দেশবোৰৰ বাবে ইমান
ভয়-ভীত হৈ পৰিব লাগিব
সেই কথা
তাৰ জনতাই কোনো দিনে কল্পনাই কৰা নাছিল ; কিন্তু বাস্তৱিকতে
যে
সেয়াই
ঘটিছে,
যাৰ বাবে চীনা
ৰাষ্ট্ৰপতি
তথা
মন্ত্ৰী, সাংসদসকল
মহা বিভ্ৰান্তিত পৰিছে৷
যিহেতু,
ক্ষন্তেক সময়ৰ পূৰ্বে
দেশখনৰ
সামৰিক
ঘাটিত
যি ভীষন আক্ৰমণ
চলিল
তাৰ ফলত
সমগ্ৰ দেশতেই বৰ ভূমিকম্পৰ সৃষ্টি হৈছে আৰু জনতাৰ
মাজত হাহাকাৰ লাগিছে৷
এনে দুৰ্যোগৰ সময়ত
দেশখনৰ
চৰকাৰে আক্ৰমণকাৰীক
প্ৰত্যুত্তৰ দিয়াৰ পৰিবৰ্তে
দেশবাসীক উদ্ধাৰ কৰাটোহে প্ৰধান কাম হৈ
পৰিছে৷ চীনাসকলে পোনছাটেই ভাৰতে আক্ৰমণ কৰা বুলি ধাৰণা কৰি লৈ প্ৰতিশোধৰ
মনোভাৱ
পোযণ কৰে৷
সেই বিষয়টো
পিছলৈ
থৈ তেওঁলোকে আক্ৰমণৰ
ফলত
হোৱা পৰিস্থিতিৰ মুখামুখি হৈ উদ্ধাৰ কাৰ্যত নামি পৰে৷
“ছাৰ,
ভাৰত,
পাকিস্তান, আফগানিস্থান আৰু অন্যান্য
সকলো ওচৰ-চুবুৰীয়া দেশেই
আমালৈ
বাৰ্তা
প্ৰেৰণ
কৰি ঘটনাটোৰ বিষয়ে জানিব
বিচাৰিছে
আৰু
ক্ষয়-ক্ষতিৰ বুজ লৈ সমবেদনা
ব্যক্ত কৰিছে,”
ৰাষ্ট্ৰপতিক উদ্দেশ্য কৰি
প্ৰধান মন্ত্ৰীয়ে
ক’লে, “ ছাৰ, ওচৰ–চুবুৰীয়া প্ৰতিখন দেশেই আমাৰ দেশলৈ
দুৰ্গতসকলৰ সাহাৰ্যৰ
বাবে ইতিমধ্যে সামগ্ৰী প্ৰেৰণ কৰিছে৷”
“তেনেহ’লে আমাৰ
ওপৰত
আমেৰিকাই আক্ৰমণ চলালে নেকি?”
ৰাষ্ট্ৰপতিগৰাকীয়ে
চিন্তাক্লিষ্ট ভাৱে
প্ৰধান
মন্ত্ৰীক প্ৰশ্ন
কৰিলে,
“আমি যে
কিছু
দিন
পূৰ্বে
আমেৰিকাৰ
সৈতে
যুদ্ধৰ
বাবে
সাজু
আছো
বুলি
ঘোষণা
কৰিছিলো,
তাৰেই
প্ৰত্যুত্তৰ
দিছে
নেকি
বাৰু?
আমি
মাথো
ভাৰতে ভয় খাওক বুলিহে কথাষাৰ
কৈছিলো৷”
“কিছু
সময়ৰ পিছতে আমাৰ বৈদেশীক মন্ত্ৰী আৰু গৃহ
মন্ত্ৰীয়ে
এই
বিষয়ত
পৃথক
পৃথক
ভাৱে
প্ৰতিবেদন যুগুত কৰি
দাখিল
কৰিব আৰু তেতিয়াই আমি সকলো বুজিব পাৰিম আৰু পৰবৰ্তী
পদক্ষেপৰ
বাবে সিদ্ধান্ত ল’বলৈ সক্ষম হ’ম৷” প্ৰধান মন্ত্ৰীয়ে ক’লে৷
[বাৰ]
চীন দেশৰ সেনা-বাহিনীৰ ছাউনীত আক্ৰমণৰ বিষয়টো লৈ সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি হ’ল৷ সেনা
বাহিনীৰ লোকৰ লগতে
দেশখনৰ
হেজাৰ
হেজাৰ
অসামৰিক
লোকৰ
মৃত্যু
ঘটা
এই
আক্ৰমণটোত
বৰ
ভুঁইকম্পৰ
ফলত হোৱাৰ
দৰে
ক্ষয়-ক্ষতি হ’ল৷ বিশ্বৰ প্ৰতিখন দেশেই
চীনা
সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি পাৰ্যমানে সাহাৰ্য আগ বঢ়ালে৷
কেনে
ধৰণৰ মাৰণাস্ত্ৰৰে এই
আক্ৰমণ
সংঘটিত কৰা হ’ল? এতিয়া সেইটো সৰ্বস্তৰৰ লোকৰ মাজতে আলোচ্য
বিষয় হৈ
পৰিছে৷
যিহেতু আমেৰিকাকে
ধৰি বিশ্বৰ কোনো শক্তিয়েই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই,
তেন্তে
এয়া সন্ত্ৰাসবাদীৰেই কাম হ’ব নিশ্চয়ে৷
এয়া বাৰু
কোনো
জেহাদী
গোটৰে কাম নেকি? নে
বিশ্বত সন্ত্ৰাসৰ সৃষ্টি
কৰা
আই চিচৰে(ISIS) আক্ৰমণ এয়া? নাই, নহয় আই
চিচৰ কাম৷
কাৰণ, কেইদিনমানৰ পিছতেই উত্তৰ ইৰাকত থকা আই
চিচৰ সেনা বাহিনীৰ ঘাটিত একে ধৰণৰ এক বিধ্বংসী আক্ৰমণ চলিল আৰু সেই অঞ্চলত প্ৰবল ভূমিকম্পৰ সৃষ্টি
হ’ল৷ এই আক্ৰমণ কোনে চলালে আৰু ধন-জনৰ কিমান ক্ষয়-ক্ষতি হ’ল সেই বিষয়ত অদ্যপি একো জানিব পৰা হোৱা নাই৷
ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা সাহাৰ্য
সামগ্ৰী
লৈ যোৱা লোকসকল
সেই ঠাই গৈ পোৱাৰ পিছতহে সেই বিষয়ে জানিব পৰা যাব৷
ৰাষ্ট্ৰ সংঘৰ
প্ৰতিৰক্ষা
মন্ত্ৰালয়ৰ
বিষয়
ববীয়াসকলক
একত্ৰিত
কৰি
এক
জৰুৰী বৈঠক
আহ্বান
কৰা
হ’ল আৰু
সকলো
দিশ
চালি-জাৰি চালে৷
চীন
দেশৰ
আক্ৰমণ
স্থলিত কেনে
ধৰণে
বিস্ফোৰণ
সংঘটিত
কৰা
হৈছিল সেই সন্দৰ্ভত বিশ্বৰ
প্ৰমুখ
বোমা বিশেষজ্ঞ
আৰু
প্ৰযুক্তিবিদ
সকলে নানা পৰীক্ষা
নিৰীক্ষা চলালে;
কিন্তু কোনো ধৰণৰ
সঠিক
সিদ্ধান্তত বৈজ্ঞানিক
সকল
উপনীত
হ’ব পৰা নাই৷
সেয়া যেন
এক প্ৰাকৃতিক দুৰ্যোগ
ঘটিছিল৷
বিশ্বৰ সকলো বৈজ্ঞানিক তথা প্ৰযুক্তিবিদৰ দৃষ্টি আকৰ্ষণ কৰি দ্বিতীয়টো মহা
বিস্ফোৰণ
আই
চিচৰ(ISIS)
সেনা ছাউনীত ঘটি যোৱাৰ পিছতেই সমগ্ৰ বিশ্ববাসীয়েই
যেন
চিন্তিত
হৈ
পৰিল৷ সকলোৰে মাথো
এটাই
প্ৰশ্ন
– কোনে
সংঘটিত
কৰিছে
এনে
বিধ্বংসী
বিস্ফোৰণৰ?
[তেৰ]
সাধাৰণ
নাগৰিকৰ
মাজত
এক
উত্তেজনাময়
পৰিৱেশে
ভালমান
দিনৰ
আগৰ
পৰাই
বিৰাজ
কৰি
আহিছিল৷
অৱশেষত দেশৰ
বৰমূৰীয়া
সকলে
পৃথিবীত
প্ৰকৃততেনো
কি
ঘটি
আছে
তাক
স্পষ্টকৈ
ৰাইজক
জনাই
নিদিয়াত নানা
ধৰণৰ
কটু
বাক্য
বাণেৰে
ৰাইজে
বিজ্ঞানী,
প্ৰযুক্তিবিদ,
মহাকাশ
বিশেষজ্ঞ
আৰু
ৰজাঘৰীয়া
এই
সকলোকে
থকাসৰকা
কৰিব
ধৰিলে৷
কিছুমান লোকে
এখোজ
আগুৱাই
গৈ
এইদৰে
কৈছিল
যে
চন্দ্ৰলৈ
মানুহ গৈ
পদাৰ্পণ
কৰা
কথা
গোকাট
মিছা৷
এই
পৃথিবীৰে
কোনোবা
ঠাইত
অৱতৰণ
কৰি
ৰাইজক
চিনেমা
দেখুৱালে৷
নহ’লেনো মঙল
গ্ৰহত
মাটি
কিনা
মানুহে
চিনাকি
চন্দ্ৰটোলৈ
অত’বছৰে নোযোৱাকৈ
কিয় থাকিবহে!
আন
কোনো
কোনোৱে
আকৌ
মন্তব্য
কৰিলে
যে
যদি
সঁচাকৈ
মানুহ
চন্দ্ৰলৈ
গৈছিল
তেনেহ’লে তেওঁলোকে
তাত
পদাৰ্পন
কৰাৰ
পিছত
কোনোবা
গ্ৰহৰ
প্ৰাণীৰ
ভাবুকিৰ
সন্মুখীন
হৈছিল৷
সেয়ে
তালৈ দ্বিতীয়
বাৰ
যাবলৈ
সাহস
কৰা
নাই৷
কোনোবা
একোজনে
আক’
সমবেত সকলৰ
গা
গৰম
উঠি
যোৱাকৈ কৈ
দিয়ে,
“সাহসৰ
কথা
নাই
ইয়াত,
আমি
ভৱাৰ
দৰে
কথাবোৰ
নহয় হে৷
পৃথিবীৰ এচাম মানুহ পৃথিবীখন ধ্বংস হ’লেও নমৰে৷
কোনোবা গ্ৰহত
বাস
কৰিবলৈ
ভাৰ-ভেটি লৈ
গুচি
যাব৷
মৰিম
আমিবোৰহে৷
তেৰাসবৰ
মহিমা
বুজা
টান৷”
বিজ্ঞানী তথা মহাকাশ গৱেষকসকলে ভিন্ন গ্ৰহৰ সন্দৰ্ভত বিশ্ববাসীৰ পৰা বহুতো কথা গোপন কৰিছে৷
এই অভিযোগ অৱশেষত আন্দোলনলৈ
যেতিয়া
ৰূপান্তৰ ঘটিল তেতিয়া নাছাৰ(NASSA)
তৰফৰ পৰা বিশ্ববাসীক
উদ্দেশ্যি এক বিবৃতি
প্ৰদান কৰা হ’ল৷ বিবৃতিটোৰ যোগে ৰাইজক ভয়-ভীত নহ’বলৈ আহ্বান জনাই
কোৱা হ’ল যে
ভিন্ন
গ্ৰহৰ প্ৰাণীয়ে ইতিমধ্যে পৃথিবীত
প্ৰবেশ কৰাটো সত্য আৰু
তেওঁলোকে যাতে কোনো ক্ষতি সাধন কৰিব নোৱাৰে তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা
হৈ্ছে৷
বৰ্হিজগতৰ প্ৰাণীৰ সৈতে
যোগাযোগ স্থাপন কৰি তেওঁলোকৰ লগত
শান্তি চুক্তি
সম্পাদন কৰিবলৈও প্ৰচেষ্টা চলাই থকা হৈছে;
কিন্তু
তেওঁলোক অতি অহংকাৰী
অথবা
বিজ্ঞান
তথা
প্ৰযুক্তি বিদ্যাত পাৰদৰ্শী হোৱা হেতু বিশ্ব বাসীৰ প্ৰস্তাৱক আওকান
কৰি গৈছে৷
[চৌধ]
বিশ্বৰ
শংকিত মানৱক ৰক্ষাৰ
স্বাৰ্থত
আমেৰিকা,
ৰাছিয়া, চীন, জাপান,
জাৰ্মানী,
কোৰিয়া,
ভাৰত,
পাকিস্তান আদি সকলো
দেশৰ
মূৰব্বীসকলে
নিজৰ
নিজৰ
মাজত
থকা
শত্ৰুতাৰ
মনোভাৱ
পৰিহাৰ
কৰি
ভিন্ন
গ্ৰহৰ
কবলৰ পৰা
পৃথিবীখনক কিদৰে ৰক্ষা কৰিব পৰা যায় তাৰ চিন্তাত নিমগ্ন হ’ল৷ বিভিন্ন
দেশৰ
নেতাসকলৰ মাজত একেলগে বা পৃথকে
পৃথকে
আলোচনা
অনুষ্ঠিত হ’ল৷ পাকিস্তানৰ সেনাবাহিনীয়ে
ভাৰতৰ
সৈতে
কৰা
যুদ্ধ বিৰতি চুক্তিৰ উলঙ্ঘা কৰি সীমান্তত চলাই থকা ধাৰাষাৰ গুলি বৰ্ষনৰ কাৰ্য বন্ধ কৰি বৰ্হি জগতৰ প্ৰাণীৰ সৈতে যুঁজিবলৈ ককালত টঙালি বান্ধিলে৷
ভাৰতক নিজৰ পাৰমাণৱিক শক্তিৰ দোহাই
দি
দম্ভালি মৰা পাক
সেনাধক্ষই
এনে
ক্ষণত নিজে
নিজে
লজ্জাবোধ কৰিলে৷
জাপানৰ সংসদত মাৰপিটত
লিপ্ত
হোৱা সাংসদসকলে
লজ্জিত হৈ সংসদত ক্ষমা ভিক্ষা কৰিলে আৰু সকলোটিয়ে অতি
ভদ্ৰভাৱে বাধ্য
ছাত্ৰৰ দৰে সংসদৰ
কাৰ্য
ক্ৰমনিকাত অংশ
লৈ
বৰ্হি
জগতৰ
প্ৰাণীৰ সম্ভাব্য আক্ৰমণৰ পৰা
দেশক ৰক্ষা কৰাৰ
উপায় সন্দৰ্ভত আলোচনা কৰিলে৷
ভাৰতবৰ্ষতো
বিজেপি,
কংগ্ৰেছ,
আৰ
জে দি আৰু
অন্যান্য ৰাজনৈতিক
দলসমূহৰ মাজৰ বোকা ছটিওৱাৰ ৰাজনীতি বন্ধ হ’ল৷ জনসাধাৰণৰ
মাজৰ
পৰাও
হিংসা-দ্বেষ, অসূয়া-অশান্তি আৰু অপৰাধ
প্ৰৱনতা
নোহোৱা
হ’ল৷ মানৱ জাতিয়ে ভালদৰেই বুজি পালে যে
মুৰ্গী বেপাৰীৰ খাঙৰ ভিতৰত যুঁজি থকা কুকুৰাই যিদৰে অনুমান কৰিব নোৱাৰে যে যিকোনো সময়তে বেপাৰীৰ ধাৰাল অস্ত্ৰৰ ৰেপ সিঁহতৰ ডিঙিত পৰিব ,
ঠিক সেইদৰে মানুহেও মৃত্যুৰ কিৰিলি নুশুনা ভাও ধৰি থকাৰ দৰে হৈছে৷ এতিয়া সকলোৱে একত্ৰিত হৈ
বৰ্হিজগতৰ প্ৰাণীৰ বিৰূদ্ধে
যুঁজ
দিয়াৰ সংকল্প
ল’লে৷ এৰা,
বাহিৰা
শত্ৰু
থাকিলেহে
এখন
ঘৰৰ
মানুহবোৰৰ
মাজত
সম্প্ৰীতি
বিৰাজ
কৰে৷
ভৱিষ্যতে
কোনোবা
ক্ষণত
বৰ্হিজগতৰ
প্ৰাণীৰ
আক্ৰমণৰ
ফলত
পৃথিবীৰ
বিভিন্ন
দেশত
নিৰ্মিত
বৃহৎ
বৃহৎ
নদী
বান্ধসমূহ
যাতে জলবোমাত পৰিণত
নহয় তাৰ বাবে প্ৰাথমিক
পদক্ষেপ স্বৰূপে সেই বান্ধবোৰৰ পৰা ধীৰ গতিত জল
নিষ্কাষণ কৰাৰ লগে লগে জল ধাৰণৰ কাম বন্ধ কৰি দিয়া হ’ল৷ ব্ৰক্ষ্মপুত্ৰক
ভেটা
দি
তিব্বতত
চীনে
নিৰ্মাণ
কৰি
উলিওৱা
বিশ্বৰ
বৃহৎ
নদী
বান্ধটোৰ
কামো
বন্ধ
হৈ
যোৱাত
আগন্তুক
নিৰ্বাচনত ইতিবাচক
বিষয়
হিচাপে
ৰাইজৰ
দৃষ্টি
আকৰ্ষণ
কৰিবলৈ
পোৱাৰ
সুযোগ
অহা
বুলি
কেন্দ্ৰত
শাসনাধিষ্ঠিত ৰাজনৈতিক
দলৰ
নেতাসকলৰ
মুখত
এনে
সংকট
কালতো
মিছিকিয়া
হাঁহি
বিৰিঙিল৷
[পোন্ধৰ]
চিলিত
সংঘটিত
হোৱা ৰিখটাৰ
স্কেলত
৮.৩ প্ৰাবল্যৰ ভূমিকম্পৰ
লগে
লগে
হঠাৎ বিশ্ববাসী সন্মুখীন হ’ল এক প্ৰত্যাহ্বানৰ৷
পূৰ্বৰে
পৰা
সাজো
হৈ
থকা
ভূ-বিজ্ঞানী আৰু
ভূমিকম্প
বিশেষজ্ঞ
সকলে
নিশ্চিতভাৱে
জনাই
দিলে
যে
এয়া
কৃত্ৰিম
ভূমিকম্প৷
ভূ-গৰ্ভইদি প্ৰক্ষেপিত
উন্নত
প্ৰযুক্তিবিদ্যাৰে
নিৰ্মিত
বোমাৰ ভূগৰ্ভতে
বিস্ফোৰণ
ঘটাই
এই
উচ্চ
প্ৰাবল্যৰ
ভূমিকম্পৰ
সৃষ্টি
কৰা
হৈছে৷
বিশ্বৰ
সন্মিলিত
শক্তিয়ে বৰ্হিবিশ্বৰ প্ৰাণীৰ চক্ৰান্ত ধৰা
পেলালে৷
ভূ-গৰ্ভত বিস্ফোৰণ ঘটাই
বৰ্হি বিশ্বৰ
প্ৰাণীয়ে
পৃথিবীবাসীক
নিঃশেষ কৰি পৃথিবী দখল কৰাৰ যি প্ৰচেষ্টা চলাইছে তাক প্ৰতিহত কৰিবলৈ সমগ্ৰ বিশ্বৰ
মানৱ জাতি একত্ৰিত হ’ল৷ আৰম্ভ হ’ল অচিন অদৃষ্ট
শত্ৰুৰ বিৰূদ্ধে যুঁজ৷
সকলো
দেশে
মিলি
উন্নত
প্ৰযুক্তিৰে
বিশ্ব ৰবট
সেনা
বাহিনী
এটা
গঠন
কৰিলে৷ প্ৰতিখন
দেশতে মহাকাশ গৱেষণা কেন্দ্ৰ স্থাপন কৰি উচ্চ স্তৰৰ প্ৰযুক্তি বিদ্যা প্ৰয়োগৰ
দ্বাৰা
বৰ্হিবিশ্বৰ
প্ৰাণীৰ
চাল- চলনৰ ওপৰত
নজৰ
ৰখা হ’ল৷
এদিন
দোভাগ
ৰাতি
অৰুণাচল
প্ৰদেশৰ
হোল্লোঙী
(Hollongi) ত থকা গ্ৰীণফিল্ড
বিমান
বন্দৰৰ
(greenfield airport) ৰাডাৰত এক
অচিনাক্ত
উৰন্ত
চাকিয়ে
ধৰা
দিলে৷
লগে লগে
বৰ্হি
বিশ্বৰ
প্ৰাণী
প্ৰতিৰোধ
বাহিনীক
খবৰটো
দিয়া
হ’ল৷ সেই
অচিনাক্ত
উৰন্ত
যানক
লক্ষ্য
কৰি
চৌদিশৰ
পৰা
বোমাৰো
বিমানৰ
দ্বাৰা আক্ৰমণ
চলিল৷
আকাশত অকাই
পকাই
বাগি
মাৰি
পলাব
খোজা
গোলাকৃতি
বিমানখন
এটা
সময়ত
আকাশতে জুই
লাগি
ভস্ম
হৈ
গ’ল৷
অৰুণাচল
প্ৰদেশৰ
গভীৰ
অৰণ্যত
বিশেষজ্ঞৰ
দলে
তন্ন
তন্নকৈ
বিচাৰি
কিছুমান
ছাই
আৰু
তাৰ
মাজত
লুকাই থকা
আকাশী
যানখনৰ
যন্ত্ৰপাতিৰ
এক
অদাহ্য
অংশ
পায়৷
সেয়াই
আছিল
আকাশী
যান
খনৰ
ব্লেক
বক্স৷
ব্লেক বক্সটো
পোৱাৰ
পিছতো
সমগ্ৰ
পাহাৰটোতে
অন্য
কিবা
পোৱাৰ
আশাত
অনুসন্ধান
চলাই
থকা হ’ল৷ অৱশেষত
সেই
ঈপ্সিত বস্তুটো
ব্লেক
বক্সটো
পোৱা
ঠাইৰ
পৰা
কেইবা
কিলোমিটাৰ
দূৰত
বিচাৰি পোৱা
গ’ল৷ কঠিন ধাতুৰে তৈয়াৰী
অণ্ডাকৃতি
বস্তুটো
পৰীক্ষাগাৰত
ভাঙি
দিয়াত
তাৰ
ভিতৰত
পৃথিবীৰ কিছুমান
ঠাইৰ
মানচিত্ৰ
আৰু
অন্যান্য
বহুতো
তথ্য
পোৱা
গ’ল৷ আনকি
সেইবোৰৰ
মাজত
আমকজী
আৰু পোহাৰ
ছবিও
আছে৷
বিশেষজ্ঞসকলে
ইয়াৰ
অৰ্থ
বিশ্লেষণ
কৰি
কৈছে
যে
পৃথিবী
দখল
কৰাৰ
পৰবৰ্তী কালত
সেই
বৰ্হিজগতৰ
প্ৰাণীয়ে
ইয়াত
বসবাস
কৰোতে
যাতে
খাদ্যৰ
বাবে
সমস্যাত
পৰিব
লগা
নহয় তাৰ
বাবেই
নিজৰ
গ্ৰহত
এনে
উন্নত
মানৰ
প্ৰাণী
আৰু
উদ্ভিদৰ
উদ্ভাৱন
ঘটাই
আগতীয়াকৈ
পৃথিবীত
বিস্তাৰ লাভ
কৰিবলৈ
দিছে৷
অন্য হাতে
বিশ্বৰ
সকলো
দেশৰ
সকলোবোৰ
সৈন্য
বাহিনী
নিঃশেষ
কৰাৰ
পৰিকল্পনাৰে সিঁহত
আগ
বাঢ়ি
যাওঁতে
সন্ত্ৰাসবাদীৰ
ছাউনীবোৰো
আক্ৰমণৰ
তালিকাত
তালিকাভুক্ত
হৈছিল৷
তাৰ পৰিণামতে
আই
চিচৰ সেনা
বাহিনীৰ
ছাউনীত
আক্ৰমণ
চলিল৷
কথাবোৰ পৰিষ্কাৰ
হ’বলৈ ধৰাত
পৃথিবীৰ
বৈজ্ঞানিক
আৰু
প্ৰযুক্তি
বিদসকলৰ
হেৰাই
যাব
খোজা
মনোবল
আৰু
আত্ম
বিশ্বাস
পুনৰ
ঘূৰি
আহিল৷
এই
ঘটনাৰ
পিছত
সমগ্ৰ
বিশ্ববাসীয়ে
বিশ্ব
সম্প্ৰীতি
প্ৰতিষ্ঠাৰ
যোগে
হৃদয়ৰ
সংগীত
শুনিবলৈ
চেষ্টা
চলালে৷
মানুহে বুজিলে যে মানুহক
ভাল পাবলৈ মানুহৰ বাবে
কোনো কাৰণৰ প্ৰয়োজন নাই৷
সকলো এক গোট হৈ
মিলাপ্ৰীতিৰে বিনন্দীয়া
ধৰাখনিত
বসবাস
কৰি
ভিন্ন
গ্ৰহৰ
প্ৰাণীৰ
সৈতে
যুঁজ
দিবলৈ
মানৱ
জাতি
সাজো
হৈ
থাকিল৷
[ষোল্ল]
অৱশেষত
বাতৰি
কাকত,
ৰেডিঅ,
টেলিভিচন
আদিত
ভিন্ন
গ্ৰহৰ
প্ৰাণীৰ
পৃথিবী
আক্ৰমণৰ
কথাবোৰৰ
প্ৰচাৰ
কমি যাব
ধৰিলে৷
সকলো
যেন
পুনৰ
স্বাভাৱিক
হৈ
পৰিল৷
আনন্দ,
মধুশ্ৰী,
জীৱন
আৰু
কৰবীৰ
জীৱন
ৰেখাত বৃত্ত
আঁকি
যোৱা
আমকজী
নামেৰে
নামাংকৃত
প্ৰাণীবিধ
আৰু
ভিন্ন
গ্ৰহৰ
প্ৰাণীয়ে
নিজৰ
অভিষ্ট
সিদ্ধিৰ বাবে
মেলি
দিয়া
পোহা
নাম
লাভ
কৰা
শস্য
বিধৰ
ওপৰতো
ইতিমধ্যে
পৃথিবীৰ বিজ্ঞানী মহলে নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ
সক্ষম
হৈছে৷
নগৰৰ
পথবোৰত
যান
জঁটৰ
সমস্যা
সৃষ্টি
কৰা
আমকজীৰ
সংখ্যা
বৃদ্ধি ৰোধ কৰা
হ’ল আৰু
বাটে
পথে
য’তে ত’তে
গজি
উঠা
পোহা
নামৰ
উদ্ভিদবোৰৰ
সেই
ক্ষমতা
নোহোৱা
কৰি
দিব
পৰা
ব্যৱস্থাৰো
উদ্ভাৱন
কৰা
হ’ল৷
এজাক
প্ৰচণ্ড
ধুমুহাৰ
শেষত
শান্ত
বাতাৱৰণ
এটা
পাই
ইতিমধ্যে
কৰিবলৈ
থাকি
যোৱা
কাম
কৰি
পেলোৱাৰ
দৰেই উদয়
আৰু
কৰবীয়ে
সিহঁত
হালৰ
বিয়াখন
পাতি
পেলালে৷
বিয়াঘৰত
উদুলি-মুদুলি পৰিৱেশ৷
নিমন্ত্ৰিত
অতিথি প্ৰায়
সকলোটিয়েই
আহিছে
বুলিব
পাৰি৷
তাকামে
এই
কেইদিন
বিয়াঘৰতে
থাকি
নানা
কাম
কাজত ব্যস্ত
হৈ
পৰিছে৷
আমকজী
পালন
কৰি
অৱশেষত
বেচেৰাটো
দেউলিয়া
হৈ
গ’ল৷ কাৰণ, আমকজী উভৈনদী
হৈ
বিনাপইচাত
সহজ
লভ্য
হৈ
পৰাত
ৰাইজে
তাৰ
মাংস
খাবলৈ
ধৰিলে
আৰু
তাৰ
ইমু ফাৰ্মৰ
কাম
নাইকীয়া
হ’ল৷ ফাৰ্মখন
বন্ধ
কৰি
এতিয়া
সি
আনন্দহঁতৰ
সহায়
সহযোগত
দুইমুখত
গেলামালৰ দোকান
এখন
খোলাৰ
যো-জা চলাই
আছে৷
জীৱন,
আনন্দ
আৰু
মধুশ্ৰীহঁতৰ
লগত
বাহনা
কলেজৰ প্ৰবক্তা
ৰীতা
কাকতি
আৰু
লিভাৰপুল
বিশ্ব
বিদ্যালয়ৰ
গৱেষক
ছাত্ৰী
তৰা
গগৈয়ো
কৰবীৰ
বিয়াৰ
ৰভাৰ
তলত
লগ
হ’লত এক
হাস্য-মুখৰ পৰিৱেশে
বিৰাজ
কৰিছে৷
“তহঁতে
কথা
এটা
জাননে
বাৰু?” তৰাই হাঁহি
হাঁহি
প্ৰশ্ন
কৰিলে৷
“কি
কথা
তই
কৈ
নিদিলে
উত্তৰ
দিম
কেনেকৈ?”
জীৱনে
হাঁহি
হাঁহি
ক’লে আৰু
মধুশ্ৰীহঁতেও
হাঁহিত
ভাগ
ল’লে৷
“কৰবীৰ
কথাকে
ক’ব খোজিছো,”
তৰাই
হাঁহি
মাৰি
ক’লে, “তাইক
মই
যেতিয়া
আমকজীৰ
কথা
কৈছিলো
তেতিয়া
তাই
এবাৰলৈও
উল্লেখ
নকৰিলে
যে
প্ৰথম
আমকজী
পালন
কৰোঁতা
তহঁত কেইটা
আৰু
নামটোও
তহঁতৰ
দ্বাৰাই
প্ৰদত্ত৷
কথাটো
মনত
পৰিলে
অকলেই
হাঁহো৷”
মধুশ্ৰীয়ে
হাঁহি
হাঁহি
ক’লে, “সেই কেইটা দিনত
আমাৰ
অৱস্থা
ইমানেই
বেয়া
হৈছিল
যে
কথাবোৰ
গোপনে
ৰাখি আমি
একত্ৰিত
হৈ
নথকা
হ’লে জীয়াই
থকাই
কঠিন
হ’ল হেঁতেন৷”
“হ’ব দে,
এতিয়া
যে
সমগ্ৰ
পৃথিবী
বাসীয়েই
জীয়াই
থাকিবলৈ
পৃথিবীখন
পাইছে
সেয়াই
বহুত৷”তৰাই ক’লে৷
“বৰ্হিজগত
প্ৰাণীৰ সৈতে পৃথিবীবাসীৰ যুদ্ধৰ সমাপ্তি
ঘটিল বুলি ক’ব পৰা নাযায় দেই,”
জীৱনে
তাৰ
কন্ঠ
স্বৰত এক
অচিন
অজান
গম্ভীৰতা
আনি
ক’লে, “ কিন্তু কিছু
দিনৰ পৰা বৰ্হিজগতৰ প্ৰাণীয়ে কোনো প্ৰতিক্ৰিয়া
প্ৰকাশ
কৰা
নাই
এইটো
সত্য৷
পিছে এইকেইটা
দিনত
পৃথিবী
বাসীয়ে বৰ্হি
জগতৰ
প্ৰাণীৰ সন্ধানত চলোৱা অভিযানত
যি এক ভয়ানক কথা
পোহৰলৈ আহিল
তাক লৈ মানৱ জাতি অতি ভীষণ ভাৱে শংকিত
হৈ পৰিছে৷
যিহেতু,
হিমালয়কে
ধৰি
পৃথিবীৰ বহুতো
পৰ্বতৰ
গহ্বৰভাগ
খনন
কৰি
বৰ্হিজগতৰ
প্ৰাণীয়ে ইতিমধ্যে
নিজৰ বসতি স্থাপন কৰি
লৈছে৷
এয়া মোৰ
ভাষ্য
নহয়,
পৃথিবীৰ
মহান
বৈজ্ঞানিক সকলৰহে
ভাষ্য৷
বিজ্ঞান
আলোচনী
এখনৰ
এই
কেইদিনতে
প্ৰকাশিত
প্ৰৱন্ধ
এটাত
কথাবোৰ
লিখিছে৷”
আনন্দ,
তৰা,
মধুশ্ৰী
আৰু
ৰীতাৰ
লগতে
বিয়া
ঘৰত
থকা
আন
আন
যিসকল
লোকে
জীৱনৰ
কথাখিনি
শুনি আছিল
সেই
সকলোৱেই ভয়াৰ্ত নেত্ৰে জীৱনৰ
মুখলৈ
ভেবা
লাগি
চাই
ৰ’ল৷
---------সমাপ্ত-----------
বিঃদ্ৰঃ উপন্যাসিকাখনি অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী "ৰহস্য" ৰ ২০১৬ চনৰ জানুৱাৰী সংখ্যাত প্ৰকাশিত৷
বিঃদ্ৰঃ উপন্যাসিকাখনি অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী "ৰহস্য" ৰ ২০১৬ চনৰ জানুৱাৰী সংখ্যাত প্ৰকাশিত৷
No comments:
Post a Comment