Saturday 17 August 2019

কৌতুক

হোটেলৰ কোঠাত এক দম্পতিৰ কাজিয়া আৰম্ভ হ'ল৷পতিয়ে হোটেলৰ মেনেজাৰলৈ ফোন কৰি জনালে যে পত্নীৰ সৈতে তেঁৱৰ কাজিয়া হৈছে আৰু পত্নীয়ে খিৰিকীৰে জাপ দি আত্ম হত্যা কৰিব বুলি কৈছে৷ গতিকে সহায়ৰ বাবে হোটেলৰ মানুহ কোঠালৈ আহিব লাগে৷

হোটেলৰ মেনেজাৰে লগে লগে উত্তৰ দি ক'লে যে এইটো তেঁওলোকৰ "Personal issue", গতিকে হোটেল কৰ্তৃপক্ষই তাত হস্তক্ষেপ নকৰে৷

তেতিয়া পতি গৰাকীয়ে মেনেজাৰক ক'লে, " খিৰিকীখন বন্ধ হৈ আছে, খুলিব পৰা নাই , গতিকে এইটো ' Maintenance issue', গতিকে সোণকালে মানুহ পঠিয়াই দিয়ক৷"

অশ্ৰু অঞ্জলিৰে শ্ৰদ্ধেয় টাবু ককাইদেউক বিদায় দিলোঁ

মই ককাইদেউ বুলি মতা এক বিৰল ব্যক্তিত্বৰ গৰাকী এজন অসম সন্তানে এই পৃথিবীৰ মায়া এৰি চিৰ দিনৰ বাবে গুচি গ'ল৷ তেঁৱেই হৈছে ভাষাবিদ, সাহিত্যিক তথা মিচিং ভাষাৰ কাণ্ডাৰী টাবু টাইদ৷

মই জীৱন-বাটত লগ পোৱা সহজ সৰল ,পৰম হিতৈষী আৰু দয়াৱান লোকসকলৰ ভিতৰত অন্যতম টাবু টাইদ ককাইদেউ৷ আমি একে ঠাইৰ মানুহ৷ তেখেত বয়সত মোতকৈ বাৰ বছৰৰ ডাঙৰ৷ গতিকে ককাইদেউ বুলি মাতো৷ ছাৰ বুলি মতা অভ্যাস আমাৰ মাজত গঢ় লৈ উঠা নাছিল৷

বহু বছৰৰ আগৰ কথা৷ তেতিয়া মই ডিব্ৰুগড়ৰ বিশ্ব বিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত এম এ ডিগ্ৰী লৈ  বকুল হাইস্কুলত শিক্ষকতা কৰি আছিলো  আৰু টাবু ককাউদেউ তেতিয়া  অসম চৰকাৰৰ শিক্ষা সঞ্চালকালয়ৰ উপ সচিব৷ মোৰ নিজৰ ককাইদেৱে হিন্দীৰ বিশাৰদ পৰীক্ষা পাছ কৰি আছিল৷ তাক হিন্দী শিক্ষকৰ পদত মকৰলৰ ব্যৱস্থা কৰিবলৈ টাবু ককাইদেউক অনুৰোধ কৰিলো৷ হিন্দী বিভাগৰ সঞ্চালকৰ দায়িত্বত থকা বাইদেউ গৰাকীৰ সৈতে টাবু ককাইদেৱে কথা পাতি জানিব পাৰিলে যে জুলাই মাহতে হিন্দী শিক্ষকৰ পদৰ বাবে সাক্ষাৎকাৰ গুৱাহাটীত হৈ গ'ল৷ টাবু ককাইদেৱে লগে লগে আপত্তি কৰিলে যে বাৰিষা বতৰত পৰীক্ষা অনুষ্ঠিত কৰি লখিমপুৰ, ধেমাজী আদি বানপীড়িত অঞ্চলৰ চাকৰি প্ৰাৰ্থীক বঞ্চিত কৰাতো যুক্তি সংগত কথা হোৱা নাই, সেয়ে খা-খৰালি আকৌ পৰীক্ষা পাতিব লাগে৷ অৱশেষত সেয়াই হ'ল আৰু সেইবাৰৰ  পৰীক্ষাৰ এক মাত্ৰ পৰীক্ষাৰ্থী হিচাপে মোৰ ককাইদেৱে হিন্দী শিক্ষকৰ চাকৰি লাভ কৰে ,যিজনে কালক্ৰমত অগুণকাৰী হৈ  এই অভাজন ভাতৃৃৃৰ পৈতৃৃৃক সম্পত্তি ঘৰৰ ভেঁটিটোও কাঢ়ি ল'বলৈ কুন্ঠাবোধ নকৰিলে৷

কিন্তু মই মোৰ হৃদয়ত মৰম চেনেহ ভাল পোৱাৰ এক ছবি আঁকি থৈ যোৱা টাবু ককাইদেউৰ সৈতে একেলগে ৰিক্সাত বহি মহানগৰীৰ গলিয়েদি আগুৱাই গৈ থকা ক্ষণৰ  অনুভূতি চিৰজীৱন অনুভৱ কৰি থাকি গৰ্বিত হৈ ৰ'ম এই বুলি যে পৃথিবীত এচাম নিঃস্বাৰ্থ দয়াশীল ব্যক্তিয়ে মৰিও আনৰ হৃদয়ত প্ৰৱেশ কৰি অমৰ হৈ থাকে৷