Friday, 5 July 2019

কৃত্ৰিম বুদ্ধিমত্তাৰ কৰ্মসংস্থান আৰু অৰ্থনৈতিক বৈষম্যৰ ওপৰত প্ৰভাৱ

বুদ্ধিমত্তা বুলিলে অতীজতে মানুহে ব্যক্তি বিশেষৰ মাজৰ পাৰ্থক্যৰ কথা মনলৈ আনিছিল। কিন্তু বৰ্তমান যুগত মানুহ নিজে জীৱ-জন্তু, গছ-গছনি আৰু কম্পিউটাৰতকৈ কিমান বুদ্ধিমান তাকো বিবেচনা কৰিব লগা হৈছে। বিৱৰ্তনে মানুহক কিছুমান কথাত ভাল কৰিছে আৰু কিছুমান কথাত সিমান ভাল কৰা নাই আৰু এই ক্ষেত্ৰত প্ৰত্যেকজন মানুহ পৃথকমানুহে নিজকে বিশেষ ধৰণৰ বুলি ভাৱে আৰু এবাৰ কিবা এটা বুজি উঠিলে তাৰ ৰহস্য ভেদ কৰি দিয়ে। দবা খেলক বুদ্ধিমত্তাৰ সু-উচ্চ চূড়াত স্থান দিয়া হৈছিল। পিচে, ১৯৯৭ চনত যেতিয়া বিশ্ব দবা চেম্পিয়ন ৰাছিয়াৰ গেৰি কাছপাৰোভক (Garry Kasparov)  আই বি এমৰ চুপাৰ কম্পিউটাৰ ডীপ ব্লুৱে (IBM’s supper –computer “Deep Blue”)দবা খেলত পৰাস্ত কৰিলে, তেতিয়া কৃত্ৰিম বুদ্ধিমত্তাই (Artificial Intelligence)বলেৰে ভাঙি ওলাই যোৱা প্ৰধান বাধাবোৰৰ ভিতৰত দবাখেল প্ৰথম হিচাপে চিনাক্ত হৈ ৰল। তেতিয়াৰ পৰাই মানুহে জানিব পাৰিলে যে কম্পিউটাৰেও দবা খেল খেলিব পাৰে আৰু সেইটো প্ৰকৃততে বুদ্ধিমত্তা নহয় স্বয়ং গেৰি কাছপাৰোভেও কৈছে যে ডীপ ব্লুৰ লগত তেওঁ পৰাজিত হোৱা 
কথাটোৱে ইয়াৰ সৃষ্টিকৰ্তা আৰু উচ্চ পৰ্যায়ৰ প্ৰযুক্তিৰ যোগে উপকৃত হোৱাসকলকে ধৰি সমগ্ৰ মানৱ জাতিৰে জয় যাত্ৰাৰ সূচনা কৰিছে মানুহে কম্পিউটাৰবোৰক কেনেকৈ বুদ্ধিমান কৰিব পাৰি তাক লৈ চিন্তা-চৰ্চা আৰম্ভ কৰিলে আৰু সেইদৰেই কম্পিউটাৰৰ উন্নয়ন সাধন হব ধৰিলে। কম্পিউটাৰক শিক্ষা দিয়া কাম আৰম্ভ হল। কিছুমান তথ্য আৰু প্ৰতিবিম্বৰ মাজৰ পাৰ্থক্য বিচাৰি উলিয়াবলৈ সক্ষম কৰা হল। প্ৰথম অৱস্থাত কম্পিউটাৰে ভুল কৰিছিল। শুধৰণী কৰা হল। কম্পিউটাৰে কুকুৰ মেকুৰীৰ মাজৰ পাৰ্থক্য চিনি পালে। এতিয়া ই ভাষা জ্ঞান আহৰণ কৰিব ধৰিছে, এটা ভাষাৰ পৰা অন্য এটা ভাষালৈ অনুবাদ কৰা কাম আয়ত্ব কৰিব ধৰিছে। গাড়ী চালনাকে ধৰি অনেক কামত কৃত্ৰিম বুদ্ধিমত্তাক প্ৰয়োগ কৰিব ধৰা হৈছে। আই বি এমে শেহতীয়াকৈ চাম্ইট্ (Summit) আৰু চিয়েৰ্ এ(Sierra) নামৰ দুটা বিশ্বৰ ভিতৰত অতি দ্ৰুতবেগী কম্পিউটাৰ নিৰ্মাণ কৰিছে। এনে কম্পিউটাৰে সকলো ধৰণৰ ব্যৱসায়তে প্ৰযুক্তি প্ৰয়োগৰ দ্বাৰা কাম সমাধা কৰিব পাৰিব। আনকি ই কেম্সাৰ, জেনেটিক আৰু পৰিৱেশৰ ক্ষেত্ৰতো উকৰ্ষ সাধনত সহায় কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত দেশবোৰে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ কৰি বহু ক্ষেত্ৰত উন্নয়ন সহজ সাধ্য কৰি তুলিছে আৰু বিশ্বৰ চহকী ৰাষ্ট্ৰবোৰক কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তি বিক্ৰী কৰি অধিক লাভৱান হৈছে। এই ক্ষেত্ৰত চীন দেশো যথেষ্ট আগ বাঢ়ি গৈছে আৰু উন্নয়নশীল দেশবোৰক কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তি যোগান ধৰি নিজ দেশৰ আয় বৃদ্ধি কৰিছে। উদাহৰণ স্বৰূপে চীনৰ ১৯৯৯ চনত স্থাপিত মাত-কথা চিনাক্ত(Voice recognition software) কৰিব পৰা তথ্য প্ৰযুক্তি কোম্পানী iFlytek আৰু লগতে Megvii আৰু চেন্স টাইম(SenseTime) ৰ দৰে চেহেৰা বা আকৃতি চিনাক্ত কৰিব পৰা কোম্পানীবোৰ মূলধনী বজাৰৰ পৰিমাপ অনুযায়ী উদ্যোগৰ পৰিচালক হৈ পৰিছে গুগল( Google), টেচলা(Tesla) আৰু উবাৰৰ(Uber)দৰে কোম্পানীবোৰৰ পৰিচালনাত স্বায়ত্ব যানবানৰ উন্নয়নত আমেৰিকা যুক্তৰাষ্ট্ৰই জয় ধ্বজা হাতত লৈ আগ বাঢ়ি গৈছে। এইদৰেই বিগত দুটা শতিকাত প্ৰযুক্তি প্ৰয়োগৰ জড়িয়তে বিশ্বৰ বহুতো দেশৰ মুঠ ঘৰুৱা উপাদন অভাৱনীয় হাৰত বৃদ্ধি পালে। আমেৰিকা-ইজৰাইলৰ অৰ্থনৈতিক ইতিহাসবিদ নৰ্থ বিষ্টন বিশ্ব বিদ্যালয়ৰ অৰ্থশাস্ত্ৰ আৰু ইতিহাসৰ অধ্যাপক জোৱেল মোকিৰে(Joel Mokyr)যুক্তি ডাঙি ধৰিছে যে গ্ৰেট ব্ৰিটেইনৰ শিক্ষা-সংস্কৃতিয়ে বৈজ্ঞানিক আবিষ্কাৰক কাৰ্যকৰি হাথিয়াৰলৈ পৰিবৰ্তিত কৰিবলৈ অভিযন্তা আৰু শিল্পীসকলক নতুন পথ আনি দিলে। ষ্ট্ৰীম ইঞ্জিন, বিদ্যু, স্বাস্থ্য বিধিৰ উকৰ্ষ সাধন আদি হৈছে প্ৰযুক্তিগত আৱিষ্কাৰৰ উদাহৰণ যিবোৰে সমগ্ৰ বিশ্বৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰি অৰ্থনৈতিক উন্নয়নৰ চালিকা শক্তিক সমুখলৈ ঠেলি নিছিল। এই ক্ষণত সকলোতকৈ ভাল কৃত্ৰিম বুদ্ধিমত্তাৰ হাথিয়াৰবোৰৰ(গুগল কম্পিউটাৰ প্ৰগ্ৰেমৰ দৰে)পৰা সাধাৰণ জ্ঞানৰ যুক্তিযুক্ততা বিচাৰ, বহুমুখী জ্ঞান বিস্তাৰৰ পৰা শিক্ষা লোৱা, অনুভৱ কৰা, আবেগ প্ৰকাশ আৰু বুজি পোৱা ইত্যাদি ইত্যাদিত কামত লগাব পৰা সাধাৰণ বুদ্ধিমত্তাৰ প্ৰযুক্তিৰলৈকে উপাদানবোৰৰ বাদে যেন অন্য কোনো পথ আমাৰ নাই।
উদ্যোগিক বিপ্লৱৰ আৰম্ভণিতে ব্ৰিটিছ বস্ত্ৰ শিল্প খণ্ডত শ্ৰমিক বৰ্খাস্তকৰণৰ ভয়ত লুডাইট আন্দোলন(the Luddite movement)গা কৰি উঠিছিল। ইংলেণ্ডৰ নটিংহামতেই এই আন্দোলন ১৮১১ চনত আৰম্ভ হয়। শ্ৰমিকসকলে গোপনীয়তা ৰক্ষা কৰি শপত গ্ৰহণ কৰি আন্দোলনত নামিছিল। তেওঁলোকে উগ্ৰপন্থা অৱলম্বন কৰিছিল। সমাজৰ এজন সক্ৰিয় সদস্য হিচাপে নিজৰ ভূমিকা অটুট ৰাখিবলৈ তেওঁলোকে কামত ব্যৱহাৰ কৰা বিশেষ মেচিনবোৰ লুডাইত প্ৰতিবাদীসকলে ধ্বংস কৰি কৰি পেলাইছিল। তেওঁলোকৰ যুক্তি আছিল যে যদিহে সয়ংক্ৰিয় যন্ত্ৰই কৰ্মীসকলতকৈ বহুগুণ বেছি কাম কৰিব পাৰে তেন্তে অৰ্থনীতিত বৰ্তমানৰ কৰ্মবাহিনীৰ অৰ্ধেকৰো অৰ্ধেকৰহে প্ৰয়োজন হব। সৰ্বশেষত ১৮১৬ চনত সেনাবাহিনীয়ে লুডাইট অভিযানক প্ৰতিহত কৰিছিল। কিন্তু বুৰঞ্জীয়ে প্ৰমাণ কৰিছে যে আংশিকভাৱে হলেও তেওঁলোকৰ যুক্তি সত্য। আজিৰ মানুহে ১৯ শতিকাতকৈ কম সময় কাম কৰে। নতুন প্ৰযুক্তি বিপ্লৱৰ বিস্তৃতিলৈ চাই অনুমান কৰিব পাৰি যে বৰ্তমানে মানুহে কৰা সৰহভাগ কাম কৃত্ৰিম বুদ্ধিমত্তাই সয়ংক্ৰিয়ভাৱে কৰি পেলাব। যেনেদৰে গাড়ী মটৰে ঘোঁৰাবোৰ আঁতৰাই পেলালে, ঠিক একেদৰে স্বয়ংক্ৰিয়ভাৱে চালিত যানবাহনে গাড়ী চালকসকলকো কাম নোহোৱা কৰিব। কাৰাখানাবোৰে ব্যক্তিগত কম্পিউটাৰৰ উপাদানবোৰৰ উপাদন কৰি গৈ আছে আৰু টেবলেটবোৰো অধিক স্বয়ংক্ৰিয় হৈছে। এনে ধৰণৰ কৃত্ৰিম বুদ্ধিমত্তা হাজাৰ হাজাৰ জ্ঞানৰ বিস্তৃতিত বিয়পি পৰিছে আৰু এইদৰে গৈ ই বহু চাকৰি নোহোৱা কৰি পেলাব। এনে চফ্টৱেৰৰ দ্বাৰা বেংক টেলাৰ, গ্ৰাহক সেৱা প্ৰতিনিধি, টেলিমাৰ্কেটাৰ, ষ্টক আৰু বণ্ডৰ ব্যৱসায়ী আনকি পেৰালিগেল আৰু ৰেডিঅলজিষ্টসকলকো ক্ৰমান্বয়ে আঁতৰ কৰিব। ২০১৬ চনৰ ২৫ মে তাৰিখে বিবিচিয়ে (BBC) কৈছে যে টাইৱানৰ ব্লেকবেৰী, আইফোন, আইপেড আদি বিদ্যুতৰ সা-সামগ্ৰী উৎপাদন কৰা ফোক্সকোন(FoxConn) কোম্পানীয়ে তেওঁলোকৰ ৬০,০০০ কৰ্মীক আঁতৰাই তাৰ ঠাইত ৰবটক কামত লগাইছে। ২০১৬ চনৰ জানুৱাৰী মাহত অক্সফৰ্ড বিশ্ব বিদ্যালয়ে কৰা এক অধ্যয়ণে দাবী কৰে যে দৈহিক শ্ৰমৰ সলনি স্বয়ংক্ৰিয় যন্ত্ৰ ব্যৱহাৰৰ ফলত ভাৰতবৰ্ষৰ ৬৯% কে ধৰি আমেৰিকাৰ ৪৭%, চীনৰ ৭৭% আৰু সমগ্ৰ বিশ্ব জুৰি ৫৭%  লোকে কৰ্ম সংস্থাপন হেৰুৱাব  
মেচিনৰ শিক্ষাই ৰবটবোৰক উচ্চ পৰ্যায়ৰ দক্ষ মানুহে সিদ্ধান্ত লোৱা বিস্তৃত তথ্যৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লবলৈ সক্ষম কৰি তুলিছে। এনে কথাবোৰলৈ লক্ষ্য ৰাখিলে মনলৈ ভাৱ আহে যেন  আগন্তুক কৃত্ৰিম বুদ্ধিমত্তা বিপ্লৱে মানৱ জাতিক বৰ্তমানৰ জীৱনৰ গঠন প্ৰণালীক সম্পূৰ্ণ পুনৰবিবেচনা কৰিবলৈ বাধ্য কৰিব। সকলো সময়ৰে এজন অতি গুৰুত্বপূৰ্ণ অৰ্থনৈতিক চিন্তাবিদ জে এম কেইন্সে তেওঁৰ ১৯৩০ চনৰ ৰচনা আমাৰ নাতি-পুতিসকলৰ অৰ্থনৈতিক সম্ভাৱনা (The Economic Possibilities for our Grandchildren) লিখিছিল যে একবিংশ শতিকাত আমি সপ্তাহত পোন্ধৰ ঘন্টা কাম কৰি আমাৰ প্ৰয়োজনীয়তা আৰু আৱশ্যকীয়তাবোৰ পূৰা কৰি জীৱনৰ বাকীখিনি ধন টকা পইচাৰ লগত সম্বন্ধ নথকা কথাত কামত লগাব পাৰিম। পিচে, ২০১৪ চনত পদাৰ্থ বিজ্ঞানী ষ্টিফেন হকিঙে বি বি চি ক (B B C)কৈছিল যে কৃত্ৰিম বুদ্ধিমত্তাই মানৱ জাতিৰ সমাপ্তি ঘটাব, যদিহে ইয়াক নিয়ন্ত্ৰণত ৰখা নহয়। ঠিক একেদৰে প্ৰযুক্তি প্ৰয়োগৰ পক্ষপাতী হৈয়ো অৰ্থনীতিবিদ ইলুন মাস্ক ( Elon Musk) আৰু বহুতো গৱেষকে কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বনৰ পোষকতা কৰিছে।

দীৰ্ঘ দিন ধৰি অৰ্থনীতিবিদসকলে কৰ্ম সংস্থানৰ ওপৰত প্ৰযুক্তি আৰু মানৱ শ্ৰমৰ সলনি ব্যৱহাৰ কৰা স্বয়ংক্ৰিয় যন্ত্ৰৰ প্ৰভাৱক লৈ বিতৰ্ক কৰি আহিছে। প্ৰথম প্ৰশ্ন হৈছিল শ্ৰমিকৰ বহিষ্কৰণ আৰু কামৰ ভৱিষ্যত আছেনে নাই তাক লৈ। দ্বিতীয় প্ৰশ্ন আছিল দৈহিক শ্ৰমৰ সলনি ব্যৱহৃত যন্ত্ৰৰ আয় আৰু সম্পদৰ ওপৰত কেনে প্ৰভাৱ পৰিব তাক লৈ। এহাতে, এক শতাংশই মাথো ৰবটৰ মালিকী স্বত্ব লাভ কৰিছিল আৰু ৯৯ শতাংশই চাকৰি হেৰুৱাইছিল। ইয়াৰ ফলত অৰ্থনৈতিক বৈষম্য আহি পৰিছিল আৰু ইতিমধ্যে বৃদ্ধি পাই যাব ধৰে। অন্যহাতে, প্ৰযুক্তিগত পৰিবৰ্তনে শ্ৰমৰ বজাৰত ৯৯ শতাংশৰ মাজত মেৰু বিভাজনৰ সৃষ্টি কৰিছে। আমেৰিকাৰ অৰ্থনীতিবিদ ডেভিড অটৰৰ (David Autor) মতে, ১৯৮৯ আৰু ২০০৭ চনৰ মাজত নিম্ন হাৰৰ আৰু উচ্চ হাৰৰ দৰ্মহাৰ চাকৰি সৃষ্টি হৈছিল, মধ্যম শ্ৰেণীৰ চাকৰি বিলুপ্তি ঘটিছিল। এইটো সত্য যে মানৱ শ্ৰমৰ সলনি যন্ত্ৰৰ ব্যৱহাৰে কিছুমান খণ্ডত শ্ৰমিক আঁতৰ কৰিছে, কিন্তু অন্য খণ্ডত পুনৰ বন্টন কৰিছে। প্ৰযুক্তিগত পৰিবৰ্তনৰ আন লাভজনক দিশো আছে। দৈনন্দিন ব্যৱহৃত বাচন-বৰ্তন ধোৱা, ঘৰ পৰিষ্কাৰ কৰা যন্ত্ৰ, কাপোৰ ধোৱা আৰু শুকুওৱা যন্ত্ৰৰ দৰে সামগ্ৰীয়ে ঘৰ ধৰাৰ বোজা পাতলাই দিছে আৰু মহিলাসকলক মুক্ত কৰি দি কৰ্ম সংস্থান বিচৰাৰ সুযোগ আনি দিছে।
সেইবুলি এইটো নহয় যে প্ৰযুক্তিগত পৰিবৰ্তনৰ ফলত সমাজৰ হানি নহয়। কৃষি খণ্ডৰ পৰা উপাদন খণ্ডলৈ স্থানান্তৰ হওঁতে সময় লাগে আৰু হ্ৰস্ব কালিন অৱস্থাত পূৰ্বৰ কৃষি কৰ্মী সকলৰ মাজত মানসিক উদ্বেগ, কৰ্মহীনতা আৰু দৰিদ্ৰতা বঢ়াই তোলে। সেই একেটাই প্ৰযোজ্য হয় সেৱা অৰ্থনীতিলৈ স্থানান্তৰৰ ক্ষেত্ৰত। ইউনিয়নৰ সভ্য ভৰ্তিৰ যোগে উপাদন খণ্ডলৈ স্থানান্তৰত উচ্চ মজুৰি আৰু নিয়োগৰ প্ৰতিৰক্ষা থাকে। সেৱা খণ্ডলৈ স্থানান্তৰৰণত সিমানখিনি সুবিধা নাথাকে। নিম্ন দক্ষতাৰ কৰ্মীসকলক উপাদন খণ্ডত একে ধৰণৰ দক্ষতাৰ কৰ্মীতকৈ কম মজুৰি দিয়া প্ৰৱণতা থাকে। সেৱা খণ্ডৰ শ্ৰমিকসকল স্বাভাৱিকতে ঐক্যবদ্ধ নহয়, যাৰ ফলত তেওঁলোকে মজুৰিৰ ক্ষেত্ৰত সমূহীয়াভাৱে দৰদাম কৰাৰ সুবিধা লব নোৱাৰে। অতীতৰ উন্নত প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা সম্পূৰ্ণ ভাৱে পৃথক। সেয়ে এই কথা নিশ্চিত যে দৈহিক শ্ৰমৰ সলনি যন্ত্ৰ ব্যৱহাৰ কৰা মানেই কৰ্ম সংস্থানৰ বিলুপ্তি ঘটা দক্ষতা থকা কৰ্মীৰ নতুন প্ৰযুক্তিৰ বাবে অপৰিহৰ্য আৰু যান্ত্ৰিকীকৰণৰ ফলত বৃদ্ধি পোৱা উপাদনৰ বাবে তেওঁলোকৰ মজুৰি বাঢ়ি গৈ থাকে। এই দৰেই সফল প্ৰযুক্তি কোম্পানীৰ নিৰ্দিষ্ট সংখ্যক মুখ্য কাৰ্যবাহী বিষয়াৰ আয় আকাশলঙ্ঘী হোৱা দেখা যায়। ইয়াৰ ফলতে আয়ৰ বৈষম্য এক সৰ্বজন বিদিত সমস্যা ৰূপে চিনাক্ত হৈছে। বিগত কেইটামান দশকৰ ভিতৰত ধনী দুখীয়াৰ মাজৰ পাৰ্থক্য যথেষ্ট বৃদ্ধি পালে, কিন্তু ২০০৮ চনৰ বিত্তীয় জটিলতাৰ পাচত অতিমাত্ৰা বৃদ্ধি পালে। অৰ্থনীতিবিদসকল এই কথাত একমত যে গোলকীয় বৈষম্যৰ সমস্যাটো প্ৰযুক্তিৰ উন্নয়নে বঢ়াই তুলিলে। আমেৰিকাৰ অৰ্থনীতিবিদ এৰিক ব্ৰিজোল্ফচনে(Erik Brynjolfsson) কয় যে বৰ্তমানৰ বৈষম্য বৃদ্ধিৰ প্ৰধান সঞ্চালক হিচাপে প্ৰযুক্তিকে চিহ্নিত কৰিব পাৰি, ইয়েই সকলোতকৈ ডাঙৰ উপাদান।
কৃত্ৰিম বুদ্ধিমত্তাৰ বৰ্তমান থকা উৎপাদনবোৰৰ ইমান খৰকৈ উন্নতি ঘটিছে যে সেয়া যেন ভাললৈ হোৱা নাই। যদিওবা সেইবোৰ কেৱল সৰঞ্জামহে, বুদ্ধমত্তাৰ সৈতে ফেৰ মাৰিব পৰা গঠন নহয়, কিন্তু সেইবোৰে অদ্ভুত অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি কৰিছে, আনকি গোলকীয় ক্ষমতাৰ ভাৰসাম্য সলনি কৰি কামৰ সংজ্ঞা আৰু সম্পদ আহৰণৰ পুনৰ ৰূপ দিব ধৰিছে। সেয়েহে, নাগৰিক আৰু নীতি নিৰ্ধাৰকসকলে চিন্তা কৰে যে যান্ত্ৰিকীকৰণৰ ফলত হোৱা বৈষম্যৰ ওপৰত নজৰ ৰখা দৰকাৰ। ১৯৮০চনৰ সময়ছোৱাত অৰ্থনীতিবিদসকলে যোগান দিশটো আকোঁৱালি লৈ উন্নয়নৰ বাবে বৈষম্য সহায়কাৰী বুলি গণ্য কৰিছিল, কিন্তু বৰ্তমানৰ শৈক্ষিক গৱেষণাই ইয়াৰ বিপৰিতটোহে দেখুৱাইছে। আপেক্ষিকভাৱে অতি কম সংখ্যকলোকৰ হাতত বৃহ পৰিমাণৰ সম্পদ জমা হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ য়োগেদি আহৰণ কৰা বৃহ পৰিমাণৰ ধন যিসকলৰ চাকৰি গৈছে তেওঁলোকলৈ স্থানান্তৰিত হোৱা দৰকাৰ। এইটো  অৰ্থনীতিবিদ কেইন্সৰ পদ্ধতিৰ যোগেদিহে সম্ভৱ হব। সেই অনুযায়ী ধনী কোম্পানীৰ পৰা কৰৰ যোগেদি সংগ্ৰহ কৰা ধনৰ সহায়ত চৰকাৰী ব্যয় বৃদ্ধি কৰিব লাগিব। সামাজিক কল্যাণৰ যোগেদি চৰকাৰে চৰ্তসাপেক্ষে সাৰ্বজনীন বুনিয়াদী আয় প্ৰদান কৰিব লাগিব। যাৰ বিত্তীয় প্ৰয়োজনীয়তা আছে, যিয়ে প্ৰশিক্ষণ লৈ নিজৰ পছন্দ মতে কিছু ঘন্টা স্বেচ্ছাই কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয় তেনে লোকৰ কল্যাণ সাধন কৰা উচিত।
উল্লেখযোগ্য  যে আমাৰ ভাৰতবৰ্ষই কৃত্ৰিম বুদ্ধিমত্তাই আগবঢ়োৱা অসংখ্য সুযোগ-সুবিধাবোৰ লবলৈ এতিয়াও সম্পূৰ্ণভাৱে প্ৰস্তুত হব পৰা নাই। আনকি এক প্ৰযুক্তিজ্ঞান সম্পন্ন নিপুণ দল, প্ৰসিদ্ধ বিশ্ব বিদ্যালয়সমূহ, সুস্থ-সবল ধৰণৰ উদ্যোগ প্ৰতিষ্ঠানসমূহ আৰু শক্তিমান নিগমসমহ থকা সত্বেও ভাৰতবৰ্ষই কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰধান সূচকবোৰৰ উন্নয়নৰ ক্ষেত্ৰত পিচ পৰি আছেভাৰতবৰ্ষই এই ক্ষেত্ৰত কৰিব লগা বহু কাম বাকী আছে। গৱেষকসকলৰ মতে ২০৩৫ চনতহে ভাৰতবৰ্ষই কৃত্ৰিম বুদ্ধিমত্তাক সম্পূৰ্ণ নিজৰ দখললৈ আনিব পাৰিব। তথাপিও বিদেশৰ পৰা লব্ধ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তি কিছুমান লাভজনক দিশত প্ৰয়োগ কৰি দেশৰ চহকী ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ যথেষ্ট সম্পদশালী হৈ পৰিছে। ইয়াৰ ফলত ভাৰতবৰ্ষত অৰ্থনৈতিক বৈষম্য বৃদ্ধি পাই গৈ আছে। অক্সফাৰ্মৰ তথ্য অনুযায়ী ভাৰতবৰ্ষৰ শীৰ্ষস্থানীয় ১ শতাংশ ধনাৰ্ধ্যই দেশৰ ৭৩ শতাংশ সম্পদ হস্তগত কৰিছে সেই অনুপাতে কিন্তু দেশৰ সামগ্ৰিক উন্নয়ন সাধন হোৱা নাই। তাৰ বিপৰতে দেশৰ মুঠ ঘৰুৱা উপাদন ৫.৮ শতাংশলৈ নিম্নগামী হৈছে আৰু দেশত নিবনুৱাৰ হাৰ উৰ্ধগামী হৈ ৬.১ শতাংশ হৈছে, যিটো ৪৫ বছৰৰ ভিতৰত সৰ্বাধিক। এই তথ্য দেশৰ পৰিসংখ্যা বিভাগে আগ বঢ়াইছে। সেয়ে চৰকাৰে আয়ৰ বৈষম্য দূৰ কৰিবলৈ অধিক উপাৰ্জনকাৰীসকলৰ আয়ৰ ওপৰত অধিক হাৰত কৰ আৰোপৰ ব্যৱস্থা কৰিব লাগে আৰু মধ্য আৰু নিম্ন আয়ৰ গোটসমূহক আয়ৰ ক্ষেত্ৰত সুৰক্ষা দি তেনেলোকৰ ক্ৰয় ক্ষমতা অক্ষুন্ন ৰথা উচিত।ভাৰতবৰ্ষৰ দৰে ৰপ্তানি বাণিজ্য বিহীন দেশ এখনৰ উপাদিত সামগ্ৰীৰ প্ৰধান উপভোক্তা এই শ্ৰেণীৰ লোকসকলেই; ধনী শ্ৰেণীৰ লোকসকলে উপভোগতকৈ সঞ্চয়হে অধিক কৰে। অতিকৈ নিঃস্বজনক সাহাৰ্য আৰু কৰ্ম সংস্থান দিব নোৱাৰিলে নিবনুৱাসকলক চৰকাৰে ভাট্টা দিয়া উচিত। এনে ধৰণৰ সামাজিক কল্যাণমূলক ৰাজহুৱা ব্যয়ে চৰকাৰৰ সৰ্বসাধাৰণ জনতাৰ প্ৰতি থকা সদ্দিচ্ছা আৰু দায়িত্ববোধৰ পৰিচয় দিয়াৰ লগতে দেশলৈ শান্তি সমৃদ্ধি নমাই আনিব।এই ক্ষেত্ৰত মনত ৰাখিব লগীয়া কথাটো হৈছে যে ৰবাত যদি দৰিদ্ৰতা থাকে তেন্তে সকলো ঠাইৰে সমৃদ্ধিৰ প্ৰতি ভাবুকি আহিব পাৰে।কাৰণ, বৰ্তমান সময়ত সমগ্ৰ বিশ্বই সমুখীন হোৱা জলন্ত সমস্যা উশৃঙ্খলতা আৰু সন্ত্ৰাসবাদৰো এক প্ৰধান কাৰণ হৈছে অৰ্থনৈতিক বৈষম্য।
সম্পদ আৰু আয়ৰ বৈষম্যৰ গৱেষক ফ্ৰান্সৰ অৰ্থনীতিবিদ থমাচ পিকেটী(Thomas Piketty),কেলিফোৰ্নিয়া বিশ্ব বিদ্যালয়ৰ প্ৰফেচাৰ অৰ্থনীতিবিদ ইমেনুৱেল চাজ (Emmanuel Saez), আৰু অৰ্থনীতিৰ প্ৰখ্যাত  গ্ৰন্থ দ্য হিডেন ৱেল্ থ অব নেশ্যন : দ্য স্কাৰ্জ অব টেক্স হেভেনচ ৰ(The Hidden Wealth of Nation :The Scourge of Tax Havens.)লিখক ফৰাচী অৰ্থনীতিবিদ গেব্ৰিয়েল জুকমেনে( Gabriel Zucman) বিশ্বৰ ধনী দেশবোৰৰ ধনীসকল কিদৰে সম্পদশালী হৈছে তাক বৰ্ণনা কৰিছে। অৰ্থনীতিবিদ থমাচ পিকেটিৰ তত্বাৱধানত কৰা গৱেষণাৰ অন্তত গেব্ৰিয়েল জুকমেনে তেওঁৰ গৱেষণা পত্ৰত কিদৰে বিশ্বৰ ধনীসকলে শত পৰাৰ্দ্ধ সংখ্যক ডলাৰ(Trillions of dollars) কৰ ফাঁকি দি সেই ধন চুইজাৰলেণ্ডৰ বেংকত জমা কৰিছে সেই কথা উদংকৈ দেখুৱাইছে  এইসকল গৱেষকে পৰামৰ্শ দিয়ে যে উচ্চ আয়ৰ ওপৰত উচ্চ প্ৰান্তিক কৰৰ হাৰ হোৱা উচিত। অৰ্থা এক নিৰ্দিষ্ট পৰিমাণৰ আয়ৰ পিচত প্ৰতি ডলাৰ উপাৰ্জনৰ ওপৰত উচ্চ হাৰৰ কৰ লগোৱা কাৰ্যই ব্যক্তিৰ কৰ্ম প্ৰেৰণাক আঘাত নকৰাকৈ দীৰ্ঘ দিন বৈষম্য হ্ৰাস কৰি গৈ থাকিব। নিবনুৱা ভাট্টা দিবলৈ বা যন্ত্ৰ ব্যৱহাৰৰ ফলত শিক্ষা আৰু চাকৰি হেৰুওৱা শ্ৰমিকক অন্যত মকৰল কৰিবলৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা কামত কৰৰ যোগে লাভ কৰা তেনে ধন ব্যৱহাৰ কৰিব পাৰি। দৰাচলতে, কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্ট সমৃদ্ধিৰ সমগ্ৰ মানৱ জাতিক উপকৃত কৰাকৈ বিস্তৃতভাৱে বিতৰণ হব লাগে আমি নিশ্চিত হব লাগিব যে কৃত্ৰিম বুদ্ধিমত্তাই যাতে বৈষম্য বৃদ্ধি কৰিব নোৱাৰে। যিকোনো প্ৰকাৰেই নহওক আমি দেশৰ ভিতৰত বা দেশৰ মাজত কৃত্ৰিম বুদ্ধিমত্তাই ইন্ধন যোগান ধৰি বঢ়াই তোলা পোৱা নোপোৱাৰ মাজৰ ব্যৱধানবোৰ হ্ৰাস কৰিব লাগিব।
 ---------------)(------------

  • বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ জনপ্ৰিয় সাপ্তাহিক বাতৰি কাকত সাদিন ৰ ৫ জুলাই ,2019 তাৰিখৰ সংখ্যাত  প্ৰকাশ পাইছে।

Monday, 1 July 2019

অসমীয়া হৈ থাকিব পাৰিলেহে জাতিৰ মংগল

অসমীয়া হৈ থাকিব পাৰিলেহে জাতিৰ মংগল শিৰোনামৰ দৈনিক অসমৰ  ১ লা জুলাই, ২০১৯ সংখ্যাৰ সম্পাদকীয়  পৃষ্ঠাত প্ৰকাশিত প্ৰবন্ধটি পঢ়ি বহুদিনৰ পূৰ্বৰে পৰা মনলৈ অহা দুটামান কথা ব্যক্ত কৰিব খুজিছোঁ।অসম আৰু অৰুণাচলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষাত কথা কব পৰা স্বনামধন্য লেখক ৰাম চন্দ্ৰ চুতীয়া দেৱৰ প্ৰবন্ধটিয়ে দৈনিক অসম ৰ পাঠকসকলক নিশ্চয় চিন্তাৰ খোৰাক যোগাইছে। প্ৰবন্ধটিৰ সকলো খিনি ভাষ্যই গুৰুত্বপূৰ্ণ। এই বিষয়টোৰ ওপৰত অধিক আলোচনা হোৱা দৰকাৰ।আমি লগতে সংযোগ কৰি কব বিচাৰোঁ যে বড়ো, মিচিং, ৰাভা, কছাৰী, দেউৰী আদি অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকৰ মাত কথাবোৰো প্ৰতিজন অসমীয়াই শিকিবলৈ চেষ্টা কৰা উচিতইজন অসমীয়াই সিজনৰ ভাষা-দোৱান আদি শিকি ভাৱৰ আদান-প্ৰদানৰ যোগেদি সংস্কৃতিৰ সংমিশ্ৰণ ঘটালে আমি সকলো একাকাৰ হবলৈ বেছিপৰ নালাগে। লগে লগে ন-অসমীয়াইও যদি সহযোগিতা আগ বঢ়াই তেনেহলে অসমৰ কোনো ঠাইতে অসমীয়া ভাষাৰ বাদে অন্য ভাষাৰ নামফলক দেখা নাযাব চাগৈ। গতিকে আমি পৰিচিত মিচিং ভাই, বন্ধুক কবলৈ শিকিব লাগিব-চালি আবাৰক বমনাং (তামোল এখন আনি দিয়া), অথবা বড়ো ভাইটিটোক কবলৈ শিকিব লাগিব-গুৱে লাব( তামোল আনা) ইত্যাদি ইত্যাদি। ভুল হলে নিশ্চয় তেওঁলোকে শুধৰাই দিব। অতি পুৰণি দিনবোৰৰ দৰে তেওঁলোকে সংৰক্ষণশীল হৈ নিজৰ ভাষা নিজৰ মাজতে ৰখাৰ মনোবৃত্তি অৰু লৈ থকা নাই। যিকোনো এটা ভাষা জীয়াই থাকিবলৈ হলে সেই ভাষাত কথা কোৱা লোকৰ সংখ্যা বাঢ়ি যাব লাগিবপ্ৰতিটো ভাষাকে জীয়াই ৰাখিবলৈ চেষ্টা কৰা উচিত। কাৰণ, একোটা ভাষাই ধৰি ৰখা কিছুমান বিশেষ ধৰণৰ জ্ঞানৰ ভাণ্ডাৰ অন্য এটা ভাষাত নাথাকে। ভাষা বিলুপ্তিৰ লগে লগে জ্ঞানৰো বিলুপ্তি ঘটে। সাম্প্ৰতিক কালত ইংৰাজী ভাষাৰ আগ্ৰাসনৰ ফলত একোটা ভাষা ভাষী জনগোষ্ঠীৰ লোকৰ জনসংখ্যা বৃদ্ধি পোৱা সত্বেও সেই ভাষাত কথা কব আৰু লিখিব জনা লোকৰ সংখ্যা দিনক দিনে হ্ৰাস পাব ধৰিছে। এনেদৰেই বিশ্বৰ অনেক ভাষাৰ বিলুপ্তি ঘটিছে। সেয়ে আমি সকলো একেখন বৰ চোতালত বৰ পীৰা পাৰি বহি কথাবোৰ আলোচনা কৰা উচিত।কিছু লব লাগে কিছু দিব লাগে। ইংৰাজীৰ পৰা আনি অসমীয়াত টেবুল শব্দ ব্যৱহাৰ কৰাৰ দৰে মতা কুকুৰাৰ ঠাইত মিচিং ভাষাৰ শব্দ ৰক্ প(rokpo)   আৰু মাইকী কুকুৰাৰ    ঠাইত ৰগ্ নৌ‘    (rogne) ব্যৱহাৰ কৰিব নোৱাৰিম কিয় ? মাথো সকলোকে বুজাব লাগিব আৰু সকলোৱে বুজিব লা গিব, ইমানেই।

Saturday, 11 May 2019

অৰ্থনৈতিক বৈষম্য দূৰ হ’বনে?

দ্বিতীয় মহাযুদ্ধৰ পৰিসমাপ্তি ঘটাৰ পিচত ৰাজনৈতিক পুণৰুত্থানৰ ঢৌ উঠিল। এচিয়া আৰু আফ্ৰিকাৰ দেশবোৰে কান্ধৰ পৰা ঔপনিবেশবাদৰ যুঁৱলিখন দলিয়াই পেলালেসেই সময়ছোৱাতেই অৰ্থনীতিবিদ সকলৰ পূৰ্বৰে পৰা থকা উন্নয়নৰ অৰ্থনীতিৰ প্ৰতি ধাউতি পুনৰ জাগ্ৰত হৈ ক্ৰমান্বয়ে বৃদ্ধি পাই যাব ধৰিলে। এই দেশবোৰৰ নতুন ৰাজনৈতিক নেতোসকলৰ খৰতকীয়া অৰ্থনৈতিক উন্নয়ন সাধনৰ প্ৰতি থকা সদ্দিচ্ছা আৰু উন্নত দেশবোৰেও কোনো ঠাইত দৰিদ্ৰতা থাকিলে সকলো ঠাইৰ সমৃদ্ধিৰ প্ৰতি ভাবুকি আহিব (poverty anywhere is a threat to prosperity everywhere,) বোলা কথাষাৰ উপলব্ধি কৰি তেওঁলোকৰ নিজৰ ফালৰ পৰা সহযোগিতা আগ বঢ়োৱাত অৰ্থনৈতিক উন্নয়নৰ বিষয়টোত অধিক মনোযোগ বাঢ়িল। কিন্তু অনুন্নত দেশবোৰৰ বহুব্যাপ্ত দৰিদ্ৰতা দূৰীকৰণৰ প্ৰতি সম্পদশালী দেশবোৰৰ মানৱহিতৈষী মনোভাৱ জাগ্ৰত নহল। তাৰ পৰিণতিতেই আজিৰ বিশ্বায়ণৰ যুগত গোলকীয় অৰ্থনৈতিক বৈষম্যই চৰম সীমা অতিক্ৰম কৰিছে। আজিকালি জোৰ দিয়া দুটা অৰ্থনৈতিক বিচাৰ্য বিষয় হল উপাদন আৰু উন্নয়ন বৃদ্ধি। ইয়াকে কৰি যাওঁতে অৰ্থনৈতিক বৈষম্যৰ ফলত হোৱা বিত্তীয় অস্থিৰতাৰ দৰে গোলকীয় অৰ্থনৈতিক সংকটে চূড়ান্ত অৱস্থা পোৱা বিষয়কো আওকাণ কৰি যোৱা হৈছে।

সম্পদ আহৰণ আৰু উপাৰ্জনৰ অসমতাকে অৰ্থনৈতিক বৈষম্য বোলা হয়। আয়ৰ সৈতেই ই অধিক জড়িত।  আয়ৰ বৈষম্যই এখন দেশৰ অৰ্থনৈতিক দক্ষতাৰ অনিষ্ট সাধন কৰাৰ কিছুমান কাৰণ আছে। এক ব্যষ্টিগত অৰ্থনীতিৰ স্তৰত ৰুগ্ন স্বাস্থ্য আৰু স্বাস্থ্য ৰক্ষাৰ ব্যয় বঢ়ায় আৰু দৰিদ্ৰসকলৰ শৈক্ষিক দক্ষতা অৱনমিত কৰে। এই দুটা উপাদানে কৰ্মী বাহিনীৰ উৎপাদনশীলতা হ্ৰাস কৰাত অৰিহণা যোগায়। এক সমষ্টিগত অৰ্থনৈতিক স্তৰত বৈষম্যই উন্নয়নৰ গতি ৰোধক হব পাৰে আৰু অৰ্থনীতিক অস্থিৰ কৰি তুলিব পাৰে। যদি মানুহবোৰ স্বাস্থ্যৱান নহয় তেন্তে তেওঁলোকে সম্পূৰ্ণ উৎপাদন ক্ষমতাৰে কাম কৰিব নোৱাৰে। বৈষম্যই ৰুগ্ন স্বাস্থ্যৰ প্ৰত্যক্ষ কাৰণ হয়নে নহয় সেইটো নিৰ্ণয় কৰা জটিল। সমতাপূৰ্ণ অৱস্থাত, গৱেষণাই এই কথা  সূচনা কৰা দেখা যায় যে বৈষম্যই স্বাস্থ্য হানি কৰে। বৈষম্যই মানসিক চাপ বৃদ্ধি কৰে আৰু তাৰ যোগেদি বহুধৰণৰ বেমাৰ আহি যায়। বিশ্ব স্বাস্থ্য সংগঠনৰ গৱেষণাই বিশেষ ভাৱে দেখুৱাইছে যে ইউৰোপৰ বহুতো বৈষম্যপূৰ্ণ দেশত মানসিক স্বাস্থ্যৰ দৈন্যতা বাঢ়িছে। বহুতো চহকী দেশত এজন ব্যক্তিৰ স্বাস্থ্যৰ ব্যয়ত ক্ৰমহ্ৰাসমান প্ৰান্তীয় প্ৰত্যাবৰ্তন ঘটে অৰ্থাত ব্যয় কমি গৈ নোহোৱা হয়। গতিকে চহকীসকলৰ শুশ্ৰুষাৰ ধন দৰিদ্ৰসকলক শুশ্ৰুষা কৰিবলৈ স্থানান্তৰিত কৰিলে বৈষম্য কমিব আৰু সকলোৰে স্বাস্থ্যৰ উন্নতি সাধন কৰিব।

সন্তানসকল বিদ্যালয়ত কম কৃতকাৰ্য হলে অতি দক্ষ কৰ্মী হোৱাৰ সম্ভাৱনা কমি যায়। তেওঁলোকৰ উৎপাদন ক্ষমতা কমি যায়, লগে লগে অৰ্থনীতিত উৎপাদন ক্ষমতা হ্ৰাস পায়। আৰ্থিক সহযোগ আৰু বিকাশ সংগঠন(OECD) ৰ গৱেষণাত মন্তব্য কৰিছে যে উচ্চ মাধ্যমিক শ্ৰেণীৰ শিক্ষা সাং কৰাৰ হাৰ বৃদ্ধিৰ নীতিয়ে ঘৰুৱা মুঠ উৎপাদন বৃদ্ধি কৰে। বৈষম্যই ইয়াৰ খণ্ডিতকৰণ প্ৰতিক্ৰিয়াৰ বাবে দক্ষতা হ্ৰাস কৰে। ইয়াৰ এটা সুন্দৰ প্ৰমাণ আছে যে তেওঁলোকৰ  সমনীয়াসকলৰ আগ্ৰহ আৰু অনুপ্ৰেৰণাৰ ওপৰত অন্ততঃ আংশিক ভাৱে হলেও সন্তানসকলৰ বিদ্যালয়ৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে। যদিহে বিদ্যালয়সমূহ পৃথকীকৰণ কৰা হয় তেন্তে আৰ্থসামাজিকভাৱে বাধাগ্ৰস্ত সন্তানসকলে অন্য বাধাগ্ৰস্ত সন্তানসকলৰ লগত মিলামিছা কৰিব, আৰু সেইদৰে সেইবোৰ সন্তানে ভাল ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰে। বিদ্যালয়ৰ শিক্ষকৰ মানদণ্ডকে ধৰি বিদ্যালয়ৰ যিকোনো প্ৰভাৱতকৈ সমনীয়াৰ প্ৰভাৱ বেছি হয়। বৈষম্যপূৰ্ণ সমাজত পৃথকীকৰণ প্ৰবল হয়। অধিক প্ৰতিভাসম্পন্ন সন্তানৰ সৈতে মিলামিছা কৰি চহকী ঘৰৰ সন্তানৰ ওপৰত পৰা ইতিবাচক প্ৰভাৱতকৈ কম প্ৰতিভাসম্পন্ন সন্তানৰ সৈতে মিলামিছা কৰা দৰিদ্ৰ সন্তানৰ ওপৰত বেছি নেতিবাচক প্ৰভাৱ পৰে। গতিকে বৈষম্যই শিক্ষা প্ৰাপ্তিত আচল কৰ্তন আনি দিয়ে। দৰি্দ্ৰ বিদ্যালয়লৈ সামান্য কিছু সম্পদ যোগানে স্বাস্থ্য খণ্ডৰ দৰে বৈষম্য হ্ৰাস কৰাত প্ৰভাৱ নেপেলায়। ওপৰত উল্লেখ কৰা গৱেষণাই বৰ্ণনা কৰিছে যে যেতিয়ালৈকে আবাসিক পৃথকীকৰণ বা পিতৃ-মাতৃয়ে বিদ্যালয় নিৰ্বাচন কৰাটো চলি থাকিব তেতিয়ালৈকে বৈষম্যমূলক ফলাফল অটুট থাকিব। সেইদৰেই বৈষম্যৰ সাধাৰণ দৃষ্টিতেই ধৰা পৰা অৰ্থনৈতিক বৈষম্যৰ ওপৰত পৰা প্ৰভাৱ আছে।  

বহুতো অৰ্তনীতিবিদে যুক্তি প্ৰদৰ্শন কৰে যে বৈষম্যই অৰ্থনৈতিক ভাৰসাম্যহীনতা আনি দিয়ে। এনে হোৱাৰ প্ৰক্ৰিয়াটো ঘটে এইদৰে- ধনীসকলে দুখীয়াতকৈ তেওঁলোকৰ আয়ৰ এক অতি কম অংশ ব্যয় কৰে। যিখিনি ধন নিম্ন আয়ৰ লোকসকলে ব্যয় কৰিলেহেঁতেন সেইখিনি ধনীসকলে সঞ্চয় কৰে। ই সৰ্বমুঠ চাহিদাৰ পৰিমাণ হ্ৰাস কৰে, যাৰ ফলত কৰ্মহীনতাৰ উদ্ভৱ হয়। ইয়াৰ বাবে চৰকাৰে চাহিদাৰ সম্প্ৰসাৰণ ঘটাবলৈ সুতৰ হাৰ কম কৰাৰ দৰে ব্যৱস্থা হাতত লয়। এই কাৰ্যই সম্পদশালী ঠগসকলক সুযোগ আনি দিয়ে-উদাহৰণ স্বৰূপে, অবহনক্ষম ধৰণে ঘৰ-সম্পত্তিৰ মূল্য বৃদ্ধি ঘটিব ধৰে। বৈষম্য বাঢ়ি যোৱাৰ লগে লগে আপেক্ষিকভাৱে নিম্ন আৰু কমি গৈ থকা আয়ৰ সন্মুখীন হোৱা ব্যক্তিসকলে ধাৰ-বাকী কৰি(ধনীসকলৰ জমাৰ পৰা যোগান ধৰা বিত্ত) তেওঁলোকৰ উপভোগ চলাই নিয়ে। তেনেই কম পৰিমাণে কৰ্মহীনতা দূৰ হয় আৰু সুতৰ হাৰ বাঢ়ে, যাৰ বাবে বন্ধকী ঋণ বা উপভোক্তা ঋণ অনাদায় হৈ ৰয়। ইয়াৰ ফলত অৰ্থনীতিলৈ সৰ্বনশীয়া পৰিণাম আহি পৰে।

উন্নত দেশবোৰৰ অৰ্থনৈতিক বৈষম্যই গোলকীয় অৰ্থনৈতিক সংকট নমাই অনাত সহায়ক হৈছে বুলি কিছুমান স্তৰত একমত হৈছে। পৃথিবীৰ বৰ্তমান অৰ্থনৈতিক ব্যৱস্থাৰ আমূল পৰিবৰ্তন ঘটোৱাৰ আহ্বান জনাইছে নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ ড. মুহম্মদ ইউনূসে। তেওঁ কৈছে, “কিছু লোকৰ হাততেই সকলো সম্পদ পুঞ্জীভূত হৈ যোৱাটোৱেই আজিৰ অৰ্থনীতিৰ মূল সংকট। সমগ্ৰ বিশ্বতেই একে পৰিস্থিতি। ধনীসকল ধনী হৈ গৈ আছে আৰু দৰিদ্ৰ হৈছে অধিক দৰিদ্ৰ। কিছুমান দেশৰ মানুহৰ ওচৰত সম্পদ আছে আৰু কাৰোবাৰ ওচৰত নাই। জাতিগতভাৱে সম্পদৰ এই বৈষম্য বিশ্বৰ শান্তিৰ ক্ষেত্ৰতো ভাবুকি স্বৰূপ হৈ পৰিছে। দেশে দেশে সম্পদৰ এই বৈষম্য যিমানে বাঢ়িব, সংঘৰ্ষও সিমানে বাঢ়িব। সম্পদৰ এই বৈষম্যৰ ওৰ পেলাবই লাগিব। এইটো সম্ভৱ। মানুহেই এই কাম কৰিব লাগিব।“   তেওঁ কয় যে সামাজিক ব্যৱস্থাইও সম্পদৰ বৈষম্য কমাই অনাত সহায় কৰিব পাৰিব। অৰ্থনৈতিক ব্যৱস্থা আৰু শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তন সাধন কৰি সম্পদৰ বৈষম্য দূৰ কৰিব পৰা যায়। অৰ্থনৈতিক ব্যৱস্থা এনে হোৱা উচিত যিয়ে দৰিদ্ৰৰ বাবে কাম কৰে।

জেমছ কে গেলব্ৰেইথে (James K Galbraith) তেওঁৰ পুথি বৈষম্য আৰু অস্থিৰতা (Inequality and Instability )ত মন্তব্য কৰিছে যে অধিক সমদৰ্শী সমাজে নিম্ন পৰ্যায়ৰ স্থিৰ হৈ থকা কৰ্মহীন অৱস্থা কামনা কৰে। তেওঁলোকে প্ৰযুক্তিগত উন্নয়ন আৰু অৰ্থনৈতিক বৃদ্ধিও বিচাৰে।  এক সমমজুৰি বিতৰণে উচ্চ প্ৰমূল্যযুক্ত উদ্যোগসমূহৰ বিশেষীকৰণত উৎসাহ যোগায়। নিম্ন মজুৰি,  নিম্ন প্ৰমূল্যসংযুক্ত উদ্যোগবোৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হব নোৱাৰে। ইতিমধ্যে, আন্তৰ্জাতিক মুদ্ৰা নিধিৰ(International Monetary Fund)   অৰ্থনীতিবিদসকলৰ কাৰ্যই দেখুৱাইছে যে আয় বিতৰণৰ অধিক সমতাৰ সৈতে দীৰ্ঘ ম্যাদী উন্নয়ন বলিষ্ঠভাৱে জড়িত হৈ আছে।

ন্যুন্যতম মজুৰি বৃদ্ধি কৰি কৰ্মীসকলৰ দক্ষতা বঢ়াব পাৰি। নথিভুক্ত নোহোৱা কৰ্মীসকলক কেৱল মজুৰিৰ ক্ষেত্ৰতে নিয়মীয়াকৰণ নহয়, একে কৰ্মক্ষেত্ৰৰ কৰ্মীৰ সৈতে সমান মজুৰি প্ৰদান কৰা উচিত। কৰ্মচাৰিসকলক আৰ্জিত ৰোগজনিত ছুটি আৰু পাৰিবাৰিক কৰ্মবিৰতিৰ সুযোগ দিব লাগে। এনে ব্যৱস্থাই কৰ্মচাৰীসকলৰ দৰ্মহা বঢ়োৱাই নহয় তেওঁলোকক আৰ্থিক নিৰাপত্তা প্ৰদান কৰে মহিলা তথা সংখ্যালঘূ কৰ্মচাৰীৰ মজুৰি, পদোন্নতিত আৰু দৰ্মহাৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে কঠোৰ বৈষম্য ৰোধক আইন বলব কৰি জাতি আৰু লিংগৰ বৈষম্যত অৰিহণা যোগোৱা বৈষম্যমূলক প্ৰণালীৰ অন্ত পেলাব লাগেমুদ্ৰা নীতি প্ৰস্তুতৰ বেলিকা অতি নিম্ন হাৰৰ কৰ্মহীনতাৰ ওপৰত অগ্ৰাধিকাৰ দিব লাগে। নিম্নতম মজুৰি বৃদ্ধি ওপৰলৈ গতি নকৰা পৰ্যন্ত অৰ্থনীতিৰ গতি ধিমা হবলৈ দিব নালাগে।

নিৰ্ধাৰিত লক্ষ্যৰ নিয়োগ যোজনাৰ যোগেদি কৰ্ম সংস্থাপনৰ সৃষ্টি আৰু বুনিয়াদ গঠনত ৰাজহুৱা বিনিয়োজন ঘটাব লাগে। শীৰ্ষ স্থানত থকা উপাৰ্জনকাৰীৰ আয়ৰ ওপৰত উচ্চ হাৰৰ কৰ আৰোপকৰণ হোৱা উচিত। কাৰণ, ইয়াকে নকৰিলে  বৈষম্যই সৰ্বশেষত ধনৱানসকলকো আঘাত কৰিব। অৰ্জিত আয়ৰ ওপৰত কৰ সম্প্ৰসাৰণ কৰিব লাগে।  শিক্ষাৰ ক্ষেত্ৰত অধিক বিনিয়োগ কৰিব লাগে। কৰ আৰোপ পদ্ধতি অধিক প্ৰগতিশীল কৰিব লাগে। আবাসিক পৃথকীকৰণৰ ওৰ পেলাব লাগে।

বহুতো উন্নত দেশত বজাৰ আয় মুখ্যতঃ মজুৰি আৰু দৰ্মহাৰ পৰা আহে। কিন্তু শ্বেয়াৰ আৰু খাজানাৰ দৰে মূলধনৰ লাভৰ পৰাও নহা নহয়। জনসাধাৰৰণ বজাৰ আয় কৰ আৰোপৰ বাবে হ্ৰাস পায় বা  চৰকাৰৰ দ্বাৰা পেন্সন, স্বাস্থ্য ৰক্ষা, শিক্ষামূলক শিতানৰ ব্যয় আদিৰ টকা-পইচাৰ স্থানান্তৰকৰণৰ যোগেদি বৃদ্ধি পায়। বৈষম্য আৰু সম্পদ আৰু দৰিদ্ৰতাৰ মাজৰ পাৰ্থক্য বিশ্লেষণ কৰি চোৱা দৰকাৰ। তুলনামূলক ভাৱে এখন চহকী দেশত বৈষম্য অধিক, আৰু এখন দুখীয়া দেশ তুলনামূলক ভাৱে সমতাপূৰ্ণ। দৰিদ্ৰতাৰ বহুতো কুপৰিণামৰ কথা সৰ্বজন বিদিত। উদাহৰণ স্বৰূপে, আজিৰ সমাজত দৰিদ্ৰ পৰিয়ালবোৰৰ সন্তানে শিক্ষাৰ ক্ষেত্ৰত চহকী পৰিয়ালৰ সন্তানৰ দৰে উন্নত মানদণ্ডৰ ফলাফল দেখুৱাব নোৱাৰে। দৰিদ্ৰলোকৰ স্বাস্থ্য চহকী লোকতকৈ অতি বেছি বেয়া হয়।

কৃষি পামৰ সম্ভাৱনা বৃদ্ধি কৰি আৰু সাৰ্বজনীন প্ৰাথমিক আয় প্ৰদানৰ যোগেদি মহিলাসকলৰ বৃহত্তৰ অংশ গ্ৰহণেৰে অৰ্থনৈতিক বৈষম্য দূৰ কৰা ক্ষেত্ৰত কিছু আগ বাঢ়ি যাব পৰা যায়। ডেভোছত অনুষ্ঠিত হৈ যোৱা বিশ্ব অৰ্থনৈতিক সংস্থাৰ বাৰ্ষিক সভাত বৈষম্যৰ সৈতে কিদৰে যুঁজ দিয়া হব এই বিষয়টো অতি গুৰুত্বপূৰ্ণ আছিল। এইটো সময়োপযোগী বিষয় বস্তু আছিল।  যিহেতুকে অক্সফামে বৰ্ণনা কৰিছে যে ৭৬২ বিলিয়ন ডলাৰৰ সম্পত্তি হস্তগত কৰি বিশ্বৰ এক শতাংশ ধনাৰ্ধ্য ব্যক্তিয়ে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে  পঞ্চাশ শতোংশ লোকৰ সম্পদ বৃদ্ধি নোহোৱাটোৱে সমাজত শ্ৰেণী বিভাজন  বঢ়াইছে। এনে ধৰণৰ অৰ্থনৈতিক বৈষম্যৰ ফলত অস ৰাজনৈতিক অনুষ্ঠান,  মুষ্টিমেয় ধনৱানৰ দ্বাৰা আনসকলক নিয়ন্ত্ৰণ আৰু অসাধু শ্ৰমিক আইন আহি পৰিব পাৰে।

তিনিটা দিশত বৈষম্য হ্ৰাসকৰণৰ উপায় নিহিত হৈ আছে।

১) মহিলাসকলৰ বাবে বিনিয়োগ, ২) কৃষি খণ্ডত বিনিয়োগ আৰু ৩)শ্ৰমিক আইনৰ সংশোধন।

মহিলাসকলৰ বাবে বিনিয়োগ

গুৰুত্বপূৰ্ণ কৰ্মী হিচাপে মহিলাৰ ক্ষেত্ৰত বিনিয়োগ কৰাটো আজি কালি বৈষম্য হ্ৰাস কৰিবলৈ আৰু দেশৰ ঘৰুৱা মুঠ পাদন বৃদ্ধি কৰিবলৈ দৰকাৰী আৰু জৰুৰী হৈ পৰিছে। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ প্ৰমুখ ব্যক্তি ক্ৰাইষ্টাইন লেগাৰডে(Christine Lagarde) অলপতে কৈছে, যদিহে বিশ্বৰ কৰ্মীবাহিনীত মহিলাৰ অংশগ্ৰহণ পুৰুষৰ সমান লহেতেন তেন্তে জাপানে বছৰি ৯ শতাংশ উন্নয়ন আৰুভাৰতে প্ৰতি বছৰে ২৭ শতাংশ  উন্নয়ন কৰিলেহেতেন। ভাৰতৰ ওপৰত অধিক আলোকপাত কৰি মেককিনচিয়ে (Mckinsey) ২০১৬ চনৰ আগষ্ট মাহত বৰ্ণনা কৰিছে যে ভাৰতত মহিলাই মুঠ ঘৰুৱা উপাদনলৈ ১৭ শতাংশ অৱদান আগ বঢ়ায আৰু ধাৰণা কৰা যায় যে এই ব্যৱধান শেষ কৰি ভাৰতে ২০২৫ চনত মুঠ ঘৰুৱা উপাদনত ৭০০ বিলিয়ন ডলাৰ যোগ দিব পাৰে। যিহেতু এই উন্নয়নত উপনীত হোৱাৰ চাবি কাঠি হৈছে মহিলাক কৰ্মক্ষেত্ৰত সক্ৰিয় কৰি ৰাখি এটা পৰিয়ালক উচ্চ স্তৰলৈ নিয়া। পিতৃত্ব-মাতৃত্বৰ বাবে ছুটি মঞ্জুৰ আৰু কণমানিহঁতক কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ দিয়াৰ দৰে পৰিৱেশ গঢ়ি তুলি অধিক পৰিয়াল বন্ধুত্বপূৰ্ণ কৰ্ম পন্থা লব লাগিব। এই কথাই ইয়াকে বুজাইছে যে অধিক পুৰুষে কেঁচুৱা ডাঙৰ-দীঘল কৰাত আৰু ঘৰুৱা কাম-বনত সমান দায়িত্ব লব লাগিব। এইটো সকলো কৰ্মক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰিব লাগে আৰু পুৰুষ পৰিচালিত নিয়মাৱলীত এক সংস্কৃতি গঢ়ি উঠিব লাগে, যাৰ দ্বাৰা কৰ্মীদলটোৰ সদস্যসকলৰ মাজত লিংগৰ প্ৰভেদ নোহোৱাকৈ পিতৃ-মাতৃৰ প্ৰতি অধিক সুসংগত সহানুভূতি জাগি উঠে।

কৃষি খণ্ডত বিনিয়োগ  

বিশ্ব বেংকৰ মতে, কৃষিয়ে গাঁৱত বাস কৰা আৰু প্ৰধানকৈ কৃষি পামত নিয়োজিত বিশ্বৰ ৮০ শতাংশ দৰিদ্ৰৰ দৰিদ্ৰতা হ্ৰাস কৰিব পাৰে। তাৰোপৰি ই বৰ্ণনা কৰিছে যে ৬৫ শতাংশ দৰিদ্ৰ প্ৰাপ্ত বয়স্কই কৃষিৰ যোগেদি জীৱিকা অৰ্জন কৰে। খেতিয়কসকলক বীজ যোগান ধৰা, সাৰ যোগান ধৰা আৰু উপাদন প্ৰক্ৰিয়াত সহায় কৰা আদি জটিল কাম। কিন্তু আজিকালি বতৰ ক্ষীপ্ৰতা আৰু বতৰ স্থিতিস্থাপকতাতও বিশেষ আলোপাত হোৱা দৰকাৰ। আমি বতৰ বীমা আৰু হৰণ-ভগণৰ দায়িত্ব স্বীকাৰৰ পৰা হাত সৰাৰ  পদ্ধতিবোৰ দৰে হৰণ-ভগণৰ উপশমৰ পদ্ধতিবোৰৰ ওপৰত আলোকপাত কৰা উচিত।

শ্ৰমিক আইন সশোধন

কৰ্মচাৰীসকলৰ আইনবোৰ সংশোধণ ঘটাই বৈষম্য হ্ৰাস কৰিব পৰা যায়। ন্যুন্যতম মজুুুৰি আৰু সাৰ্বজনীন প্ৰাথমিক আয়- এই দুটা শ্ৰমিক আইনৰ সংশোধন কৰিব লগা পদ্ধতিবোৰৰ ভিতৰত জনপ্ৰিয় পদ্ধতি। দুয়োটাৰে উদ্দেশ্য একেই-আয়ৰ তফা হ্ৰাস কৰিবৰ বাবে কম ভাগ্যশালীসকলৰ আয় বৃদ্ধি কৰা। এই বোৰ আইনে বান্ধি দিয়ে আৰু নিয়োগকাৰীয়ে প্ৰদানহে কৰে। স্বাস্থ্যৰ ওপৰত আয়ৰ বৈষম্যৰ প্ৰভাৱৰ ওপৰত গৱেষণা কৰি থকা বেলজিয়ামৰ ছেম ব্ৰুক্কেনে(Sam Brokken ) বৰ্ণনা কৰিছে যে যেতিয়া গ্ৰেট ব্ৰিটেইনে জাতিটোক এই নীতি প্ৰভাৱিত হবলৈ দিলে তেতিয়া বৈষম্য হ্ৰাসৰ অগ্ৰগতিৰ ফলাফল চাৰিশ কাউন্সিলত দেখা গ ন্যুন্যতম মজুৰিৰ মুদ্ৰাস্ফিতি নিবাৰক আৰু বৈষম্য হ্ৰাসৰ দক্ষতা থাকিব লাগে। ইয়াৰ এক বাৰ্ষিক পুনৰ নিৰ্ধাৰণকৰণ আৰু সন্তোষজনক শুদ্ধিকৰণৰ আৱশ্যক। কিন্তু ন্যুন্যতম মজুৰি বৃদ্ধি কৰি বৈষম্যৰ মূল কাৰণ সলনি কৰিব পৰা নাযায়, দৰিদ্ৰতা আৰু ৰাজহ বিষয়ক বিশেষজ্ঞ ব্ৰুকিংছ প্ৰতিষ্ঠানৰ( Brookings Institution) ৰ শিশু আৰু পৰিয়াল কেন্দ্ৰৰ সহ-সঞ্চালক ইচাবেল চৱহিলে (Isabel Sawhill) কয় যে বিশ্বায়ণ আৰু প্ৰযুক্তিয়ে শীৰ্ষ স্থানীয় কৰ্মচাৰীৰ লাভাংশ সংযুক্ত বৃহত্তৰ মজুৰি আৰু একেবাৰে নিম্ন পৰ্যায়ৰ স্থবিৰ মজুৰিৰ সৃষ্টি কৰিছে। নগদ ধনৰ স্থানান্তৰকৰণৰ যোগেদি এইটো নিশ্চিত কৰিব পৰা যায় যে প্ৰযুক্তিকৰণৰ উপকাৰসমূহ প্ৰত্যেকে অনুভৱ কৰিব পাৰিছে। ফিনলেণ্ডত সমগ্ৰ দেশৰ ২০০০ নিৱনুৱালোকক প্ৰতি মাহে ৫৬০ পাউণ্ড কৈ দুবছৰৰ বাবে সাৰ্বজনীন প্ৰাথমিক আয় আগ বঢ়াইছে। আমাৰ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চয় এনে ভাৱধাৰণাৰ বশবৰ্তী হৈয়ে ২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত(প্ৰধান মন্ত্ৰী নহওঁতে)বিদেশত থকা ভাৰতৰ কলা ধন আনি দৰিদ্ৰ দেশবাসীৰ প্ৰত্যেকৰে চেভিংছ বেংক একাউন্টত পোন্ধৰ লাখকৈ টকা সোমোৱাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আমি বিশ্বাস কৰো যে দেশৰ এনে এক শীৰ্ষ স্থানীয় নেতাই দেশৰ অৰ্থনীতিৰ আলেখলেখ গমিপিতি চাইহে তেনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু দৰিদ্ৰসকলক পোন্ধৰ লাখ টকাকৈ নগদ ধন দিলেহে দেশৰ অৰ্থনৈতিক বৈষম্য যে দূৰ হব তাক ভালদৰেই অনুভৱ কৰিহে তেনে সিদ্ধান্ত মনলৈ আনিছিল যিটো কোনো অজ্ঞাত কাৰণত পাঁচ বছৰীয়া কাৰ্যকালত কাৰ্যকৰি কৰাত বিফল হল। ঠিক একে ধৰণৰ প্ৰতিশ্ৰতি কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও  বিগত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ৰাইজক দিছে। মুঠৰ ওপৰত স্বাধীনোত্তৰ কালৰ শাসন ব্যৱস্থাই সৃষ্টি কৰা অৰ্থনৈতিক বৈষম্য দূৰ কৰাৰ পথ এয়াই যদি হয় তেন্তে বিলম্ব নকৰাই মংগলজনক হব। ততালিকে নিৱনুৱাসকলক নিৱনুৱা ভাট্টা আৰু অন্যান্য
 বঞ্চিতসকল আৰু নিঃস্বসকলক ৰাষ্ট্ৰই নগদ ধন স্থানান্তৰকৰণৰ যোগেদি জীয়াই থকাৰ সম্বল প্ৰদান কৰা উচিত।

ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশত, দুখীয়াৰ পক্ষত শতাধিক আচঁনি থকা সত্বেও তাৰ সুবিধাবোৰ দৰিদ্ৰসকলৰ ওচৰ পায় নে নাপায় সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ ৰয়। যেতিয়া এনে তথ্যবোৰৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা কৰা হয় তেতিয়া কিন্তু ধনীদুখীয়াৰ পাৰ্থক্য নিৰ্ণয় কৰাত প্ৰকৃত প্ৰত্যাহ্বানৰ সন্মুথীন হব লগীয়া হয়। আমি বুৰঞ্জী পাহৰি যোৱা উচিত নহয়। ৰোম সাম্ৰাজ্য পৃথিবীৰ ভিতৰতে এক চহকী সাম্ৰাজ্য আছিল, কিন্তু ৰাজসভাৰ বাছকবণীয়া কেইজনমান ৰাজমন্ত্ৰীৰ হাততেই ধন-সম্পদ কেন্দ্ৰীভূত হৈ আছিল আৰু বাদ বাকী সকলো আছিল সমূলি দৰিদ্ৰ। বৈষম্যৰ সাৱধান বাণীক আওকাণ কৰা হল আৰু ফলস্বৰূপে ঘৰুৱা যুদ্ধ আৰম্ভ হয় আৰু সমগ্ৰ সাম্ৰাজ্যৰ পতন ঘটে। আমি জানো এনে হোৱাটো কামনা কৰো ? গতিকে আমি সকলোৱে মিলি এক সমতাপূৰ্ণ পৃথিবী গঢ়া উচিত।
০০০০০০০০০০০০)(০০০০০০০