Wednesday 16 May 2018

কেৱল মৃত্যু দণ্ডই অপৰাধ প্ৰৱণতা ৰোধ কৰিবনে ?

কেৱল আমাৰ অসমতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতে নাৰী নিৰ্যাতনৰ ঘটনা ইমানেই বৃদ্ধি পাব ধৰিলে যে ধৰ্ষণ ৰোধ কৰিবলৈ চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰি অপৰাধীৰ শাস্তি স্বৰূপে মৃত্যু দণ্ডৰ ব্যৱস্থা কৰিব লগা হ’ল৷ সমাজত কৰ্কট ব্যাধিৰ ৰূপ ধাৰণ কৰা বলাৎকাৰ নিৰ্মূলৰ বাবে কৰ্কট ৰোগ অস্ত্ৰোপচাৰ কৰি দূৰ কৰিবলৈ চেষ্টা কৰাৰ দৰে মৃত্যু দণ্ডৰ যোগে অপৰাধী নিঃশেষ কৰিব পৰা যাবনে ? নে অপৰাধৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস হ’ব? দেশৰ প্ৰচলিত আইনৰ প্ৰতি ভয় ভাবেই কেবল অপৰাধ নিয়ন্ত্ৰণ কৰিবনে ? আইনৰ প্ৰতি শ্ৰদ্ধাৰ ভাব জাগ্ৰিত হ’ব নালাগিবনে? ইয়াৰ বাবে ৰাজনৈতিক নেতাকে ধৰি সাধাৰণ জনতালৈকে সমাজৰ সৰ্বস্তৰৰ লোকৰ দায়বদ্ধতা নাইনে ? সমাজৰ সকলো ধৰণৰ দুৰ্নীতি, অপৰাধ প্ৰৱণতা আৰু চৰকাৰী ভ্ৰষ্টাচাৰৰ দ্বাৰা ধৰ্ষণকাৰীহঁত মানসিক ভাৱে প্ৰভাবিত আৰু উৎসাহিত হোৱা নাইনে? দেশখনক, বিশেষকৈ আমাৰ অসমখনক আৰ্থিকভাৱে কোঙা কৰি সংঘটিত কৰা বৃহৎ বৃহৎ অৰ্থনৈতিক কেলেংকাৰিবোৰে সমাজখনৰ চাৰিত্ৰিক বৈশিষ্টত কোনো ধৰণৰ কু-প্ৰভাব পেলোৱা নাই নেকি? সেইবোৰে ধৰ্ষণত জড়িতহঁতক দেশৰ প্ৰচলিত আইনক উপলুঙা কৰিবলৈ উদগনি দিয়া নাইনে? তেনে অপৰাধীবোৰ আৰু তেনে অপৰাধীক প্ৰশয় দি ধন আহৰণ কৰা ৰাজনৈতিক নেতাসকল  কেনেকৈ ক্ষমাৰ যোগ্য হ’ব পাৰে ? তেনেবোৰ অপৰাধীৰ বাবে আইন কঠোৰ হ’ব  নালাগে নেকি? উচ্চ শিক্ষিতসকলে দুৰ্নীতি কৰি হাঁহিমুখে কাৰাগাৰত প্ৰৱেশ কৰিলে বাকীবোৰলৈ থকিল কি ?
দৰাচলতে অতি সাম্প্ৰতিক কালত আমাৰ দেশে  বিশ্ব-অৰ্থনীতিৰ অঘোষিত  প্ৰতিযোগিতাত ভাগ লৈ দৌৰ মাৰোঁতে সকলোকে লগত লৈ আগ নাবাঢ়ি কেইজনমান বাছক-বনীয়া ব্যৱসায়ীৰ বাউসীত ওলমিছে৷ ইয়াৰ পৰিণাম স্বৰূপে বণিক গোষ্ঠীক নানা সা-সুবিধা আগ বঢ়াবলৈ গৈ দেশৰ কৌটি কোটি জনতাৰ স্বাৰ্থক আওকান কৰি যাব ধৰিছে৷ সেয়ে দেশত স্বৰ্গ আৰু নৰকৰ দৃশ্য জলজল পটপটকৈ দৃশ্যমান হৈ পৰিছে৷ লাহে লাহে দেশ দুখন হৈ পৰিছে৷ এখন ধনীৰ আনখন দুখীয়াৰ দেশ৷ ধনীসকলে দূখীয়াসকলক শোষণ কৰাৰ সকলো পথ বিচাৰি পোৱাৰ বিপৰীতে দুখীয়াসকলে জীয়াই থকাৰ পথ বিচাৰি নাপাই ইতৰ প্ৰাণীৰ শাৰীত থিয় দিছে৷ সমাজ ব্যৱস্থাৰ এই আসোঁৱাহ আৰম্ভণিতে নিৰ্মূল নকৰি স্বাধীনোত্তৰ কালৰ সত্তৰটা বছৰত সৰ্বহাৰা লোকৰ উত্তৰণৰ নামত নানা আঁচনি প্ৰস্তুত কৰি  ৰাজনৈতিক নেতা, বণিক গোষ্ঠী, আমোলা-বিষয়া সকলোৱে মিলি ধন আত্মসাৎ কৰি যাবলৈ চৰকাৰে সুবিধা দিলে৷ কোনো ধৰণৰ আইনে এনে দুৰ্নীতি ভ্ৰষ্টাচাৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে৷ এৰা, কথাতেই কয় নহয়, ‘ৰজাই ভাল দেখে যাক…৷’ দেশৰ প্ৰচলিত আইন উলঙ্ঘাকাৰীসকল অত্যুৎসাহী হৈ পৰিল৷ তেওঁলোকেই ধনতন্ত্ৰৰ কোলাত লালিত-পালিত হ’ব ধৰা গণতন্ত্ৰৰ সুবিধা লৈ শাসনৰ বাঘজৰী হাতত ল’বলৈ সুযোগ পালে৷ দেশখন ক্ৰমান্বয়ে যে ৰসাতলে যাব ধৰিলে তাক উন্নয়নৰ শ্লোগান গাই কৌশলেৰে ঢাকি গ’ল তথাকথিত দেশৰ জনপ্ৰিয় চৰকাৰে৷ এইদৰেই দেশৰ ৩৬ কোটিৰ অধিক  জনতা দৰিদ্ৰ সীমা ৰেখাৰ তলতেই থাকি গ’ল চিৰ দিনৰ বাবে৷ বৰ্তমানৰ চৰকাৰী নীতিয়ে ভুল পথেৰে গতি কৰি দেশৰ বৃহৎ অৰ্থনৈতিক ক্ষতি কৰি তাক পূৰণৰ বাবে এচাম লোকৰ জীৱিকাৰ সম্বল কাঢ়ি নিছে, যাৰ ফলত তেওঁলোকো দৰিদ্ৰ সীমা ৰেখাৰ তললৈ নামি গৈছে৷ চৰকাৰৰ এই বঞ্চনাৰ পৰিক্ৰমাৰ পৰা অৱসৰপ্ৰাপ্ত বয়োজ্যেষ্ঠসকলেও ৰেহাই পোৱা নাই৷ তেওঁলোককো প্ৰাপ্য পেন্সনৰ পৰা বঞ্চিত কৰি কাপ কাপ কৰি মৰিবলৈ এৰি দিয়া হৈছে৷ দেশৰ ন্যায় পালিকাও নিমাত৷ হাঁয় ভাৰত মাতা ! ৰাষ্ট্ৰপতি, ন্যায়ধীশ, মন্ত্ৰী, সাংসদ, বিধায়ক, আমোলা-বিষয়া, ঠিকাদাৰ আৰু বণিকসকলৰবোৰহে জীৱন৷ বাকী কৃষক মজদুৰৰ এই দেশত মৰ্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ যেন হেৰাই যাব ধৰিছে৷

স্বাধীন ভাৰতত অংকুৰিত হোৱা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বট-বৃক্ষৰ পুলিটো শাসনৰ বাঘজৰী হাতত লোৱা ৰাজনৈতিক নেতাসকলে উৎখাত কৰিবলৈ তেওঁলোকৰ নৈতিকতাৰ অভাৱ ঘটিল৷ কাৰণ, তেওঁলোক দূৰ্নীতি ভ্ৰষ্টাচাৰৰ পংকিলতাত নিজেই নিমগ্ন হৈ পৰিল৷ পুলিটো এতিয়া এক প্ৰকাণ্ড বট-বৃক্ষলৈ ৰূপান্তৰিত হ’ল - যাৰ ছায়াতে সৰ্ব স্তৰত অপৰাধ প্ৰৱণতাই গা কৰি উঠিছে৷ এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বট-বৃক্ষক সমুলঞ্চে উভালি পেলোৱাৰ প্ৰচেষ্টাৰ অভাৱ বতৰ্মানো পৰিলক্ষিত হয়৷ ধনতন্ত্ৰৰ প্ৰত্যক্ষ প্ৰভাব পৰা গণতন্ত্ৰত এয়া যেন কোনো কাহানিও সম্ভৱ নহ’ব৷ এনেবোৰ দুৰ্নীতি ভ্ৰষ্টাচাৰেই আমাৰ দেশৰ সমাজ ব্যৱস্থাক বাৰুকৈয়ে কলুষিত কৰিছে যাৰ ফলত আইনৰ প্ৰতি জনতাৰ শ্ৰদ্ধা কমিছে আৰু নাৰীৰ শ্লীলতা হানি কৰা এচাম লোকৰ সৃষ্টি হৈছে৷  
দূৰলৈ নগৈ আমাৰ অসমৰ পটভূমিতে কথাবোৰ আলোচনা কৰিব পাৰি৷ অসমত যিবোৰ দুৰ্নীতি ব্যভিচাৰৰ কাহিনী পোহৰলৈ আহিব ধৰিছে সেইবোৰ ধৰ্ষণৰ ঘটনাতকৈ কোনো গুণে কম গুৰুত্বপূৰ্ণ হ’ব নোৱাৰে৷ অসমৰ সমূহ জনগণ ৰাজপথলৈ ওলাই আহি এনেবোৰ দুৰ্নীতি ব্যভিচাৰৰ আঁৰত থকা ৰাজনৈতিক নেতাক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী কৰা উচিত৷ এনে তথাকথিত শিক্ষিত নেতাবোৰে চলাই যোৱা শোষণৰ ফলতেই সমাজৰ এচাম লোক অন্ন-বস্ত্ৰ, শিক্ষা, স্বাস্থ্য আদি সুবিধাৰ পৰা বঞ্চিত হৈছে ৷ তেওঁলোকৰ এচামলোক  চৰকাৰী অৱহেলাৰ ফলত সকলো দিশতে পিছ পৰি থাকি কু-সংস্কাৰৰ বলি হৈ অপৰাধত লিপ্ত হোৱা পৰিলক্ষিত হৈছে৷ অসমৰ অন্যান্য দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু  লোক সেৱা আয়োগৰ দুৰ্নীতিৰ ফলত সৃষ্ট দুৰ্নীতিপৰায়ণ এচাম আমোলা বিষয়াই ৰাজ্যখনৰ চৰকাৰী কাৰ্যালয়সমূহত কিমান যে দুৰ্নীতি সংঘটিত কৰিলে তাৰ কোনো তথ্য বিচাৰ কৰা হোৱা নাই৷ এই বোৰ দুৰ্নীতিৰ পাৰ্শ্ব ক্ৰিয়া সমাজৰ বাবে কেনে হ’ব পাৰে ভাবি চাওকচোন৷ আইনৰ প্ৰতি শ্ৰদ্ধা জগাই তুলিব পৰা শ্ৰদ্ধাস্পদ আইন ৰক্ষীসকলেই যদি আইন উলঙ্ঘা কৰি ধন ঘটিব ধৰে তেন্তে ঘটীৰাম বাটিৰামৰ সামান্য মগজুত অপৰাধ প্ৰৱণতা জাগি উঠাটো তেনেই স্বাভাৱিক৷ গতিকে শিক্ষিত অপৰাধী আৰু ৰাজনৈতিক অপৰাধীৰ শাস্তিৰ বিধান কঠোৰ হোৱা দৰকাৰ৷ যিহেতুকে তেওঁলোকে সমাজখন নিকা কৰিব পৰা ক্ষমতা লাভ কৰি তাৰ বিপৰীতে নিজে সমাজ কলুষিত কৰিবলৈ গৈছে, গতিকে দুগুণ শাস্তি পোৱা উচিত৷

প্ৰকৃততে সমাজখন নিকা কৰি ৰাখিবলৈ সৰ্ব স্তৰৰ লোকৰ মনত দেশ প্ৰেমৰ ভাৱনা জগাই তুলিব পাৰিব লাগিব৷ এয়া কেৱল গণতন্ত্ৰতহে সম্ভৱ৷ শাসকবৰ্গই দেশৰ জনতাক গণতন্ত্ৰৰ সোৱাদ পাবলৈ দিব লাগিব৷ জনগণে সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ উপভোগ কৰিবলৈ পাব লাগিব৷ জনগণে উপলব্ধি কৰিব পাৰিব লাগিব যে চৰকাৰ তেওঁলোকে পাতি দিছে আৰু তেওঁলোকেই দেশৰ মালিক আৰু শাসকসকল তেওঁলোকৰ সেৱক৷ এনে ভাৱৰ উন্মেষ ঘটাবৰ বাবে  গণতন্ত্ৰ সুপ্ৰতিষ্ঠিত হোৱাৰ বিপৰীতে দেশত অন্ধ বিশ্বাসৰ ওপৰত ভিত্তি কৰা ধৰ্ম তথা জাতপাতৰ সংকীৰ্ণ গণ্ডীৰ ৰাজনীতিয়েহে গা কৰি উঠিছে৷ দেশত সচেতন নাগৰিকৰ সৃষ্টি নহৈ শিক্ষা লাভৰ দৰে মৌলিক অধিকাৰৰ পৰা বঞ্চিত এচাম অৰ্থৰ বিনিময়ত বিক্ৰী হোৱা দৰিদ্ৰ ভোটাৰৰ সৃষ্টি কৰি থকা হৈছে- যিসকল বাংলা দেশৰ পৰা আগমণ ঘটা ভিন্ন ধৰ্মী বিদেশীও হ’ব পাৰে৷ এতিয়া এইচাম লোককে ধৰি দেশৰ ভিন্ন জনগোষ্ঠীৰ দৰিদ্ৰ জনসাধাৰণক উচ্চ প্ৰযুক্তিৰ সোৱাদ দি তেওঁলোকৰ ধন টকা-পইচা ধনী ব্যৱসায়ীসকলক লুটিবলৈ নানা সুযোগ দিয়া হৈছে৷ ইন্টাৰনেটৰ অপৰিসীম সুবিধাৰে সৈতে হাতত স্মাৰ্টফোন লৈ এচাম অশিক্ষিত আৰু অৰ্ধশিক্ষিত যুৱকে অশ্লীল ভিডিঅ’ চাই যৌন উন্মাদনাত ভূগি নাৰী নিৰ্যাতন আৰু বলাৎকাৰৰ দৰে ঘটনাৰ পৰিসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে৷ এইবোৰৰ প্ৰতি চৰকাৰৰ বিশেষ মনোযোগ নাই৷

নিজৰ অপ্ৰাপ্তবয়স্ক সন্তান অথবা তেনে অন্য কাৰোবাৰ পৰা স্মাৰ্টফোনৰ ব্যৱহাৰ, ইন্টানেট প্ৰয়োগৰ শিক্ষা, ফেচবুক, টুইটাৰ আৰু ইনষ্টগ্ৰাম আদি সামাজিক মিডিয়াত নিজকে অন্তৰ্ভুক্তি কৰিবলৈ অ-আ ক-খ শিকা অনভিজ্ঞ অভিভাৱকসকলেনো কিদৰে কণমানিহঁতক ইন্টাৰনেটৰ অপব্যৱহাৰৰ ফলত ঘটিব পৰা কু-ফলৰ পৰা ৰক্ষা কৰিব? উপায় নাই! ভিক্ষা কৰি হ’লেও পিতৃ-মাতৃয়ে সন্তানক স্মাৰ্টফোন কিনি দিব লাগিব৷ তাৰ ফলাফল তেহেলৈ যিয়েই নহওক লাগে৷ দেশ প্ৰগতিৰ পথত৷ ইন্টাৰনেট আৰু স্মাৰ্টফোন বিক্ৰী হ’ব লাগে৷ ধনী অধিক ধনী হ’ব লাগে আৰু চৰকাৰী বঞ্চনাৰ বলি দৰিদ্ৰই ইতৰ প্ৰাণীৰ শাৰীলৈ গৈ জীৱন কটাওক৷ পিচে ইতৰ প্ৰাণী হৈ তেওঁলোকে ইতৰ প্ৰাণীৰ দৰে আচৰণ নকৰি কৰিব কি? তেওঁলোকে আইনে কি শাস্তি বিহিব তাক অনুভৱ কৰিবনে? ফাঁচীকাঠত কিমানজনক তুলিব ? শেষ হ’বনে অপৰাধী ? সমাজৰ ধনী ব্যক্তিসকলে সমাজৰ নিম্ন স্তৰৰ লোকসকলক মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ নিদি,  মানৱ-ধৰ্ম পাহৰি গৈ ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰি নিজে সামাজত অসুৰ তথা দৈত্য–দানৱৰ সৃষ্টি কৰি গৈছে৷ এইদৰে নিজৰ ভৰিত নিজে কুঠাৰ মাৰি লৈ সভ্যতাৰ জখলাত বগাব পাৰিবনে সমাজখনে?
+++++++++সমাপ্ত++++++++
বিঃ দ্ৰঃ প্ৰবন্ধটো ভাৰতৰ অন্যতম সৰ্বাধিক প্ৰচলিত আৰু শক্তিশালী কাকত 'তিনিদিনীয়া অগ্ৰদূত'ত ১৬ মে' ২০১৮ সংখ্যাত বিশেষ নিবন্ধ শিতানত প্ৰকাশ পাইছে৷

Tuesday 8 May 2018

কৌতুক


ফেচেকা কাইটিয়ে কিবা কথা এটা মনত পৰা বাবে
অকলে অকলে হাঁহি আছে৷
মই গৈ তাৰ ওচৰ পাওঁতে
সি হাঁহিটো ৰখাবই নোৱাৰা হ’ল;
“ হি--- হি----হি-----------৷”
মই বোলো , “ কি হ’ল অ, ফেচেকা কাইটি ?
অকলে অকলে হাঁহিছ যে, পগলা হোৱা নাইতু ??”
এইবাৰ যেনেতেনে হাঁহিটো ৰখাই ক’লে,
“নহয় অ’ মাজু, মানে পুৰণি কথা এটা মনত পৰিল৷”
মই ক’লো, “ কি কথা ? ”
সি ক’লে, “ বহুত বছৰৰ আগৰ কথা ,তেতিয়া আমাৰ
ইয়াত মেট্ৰিক পৰীক্ষাৰ চেন্টাৰ নাছিল, শিৱসাগৰতহে
পৰীক্ষা দিব লাগে, আমাৰ লগত কচুগাঁৱৰ ভাবিৰামো
পৰীক্ষা দিবলৈ গৈছিল৷ আমি আটাইবোৰে পুৰীয়া লৈহে পৰীক্ষা দিওঁ৷
পঢ়া-শুনা নাই, কি কৰিম ? চিনেমাকে চাই সময় পাৰ কৰোঁ৷ পিছে
ভাবিৰামে একেখন চিনেমাকে বিশদিনমান চোৱা বাবে আমি
আচৰিত হৈ তাক এদিন  কথাটো সুধিলো৷
তেতয়াহে কথাটো গম পালোঁ,মানে চিনেমাখনত এটা দৃশ্য আছে,
দৃশ্যটো হ’ল---------
হেলেন সুন্দৰীয়ে নিজৰ দেহাৱৰণসমূহ এপদ এপদকৈ
খুলি গৈ আছে---গৈ আছে------------
এনেতে আগেদি এখন ট্ৰেইন পাৰ হৈ যায়৷----”
মই ক’লো, “ তাতে কি হ’ল ? সেইবুলি চিনেমাখন
বিশবাৰ চাব লাগেনেকি ?”
তেতিয়া ফেচেকা কাইটিয়ে ডবল হাঁহি এটা মাৰি ক’লে,
“তাকেইতু আমি তাক  সুধিলত সি কি ক’লে জান ?
ক’লে বোলে এদিন নহয় এদিন ট্ৰেইখন লেট হ’বই হ’ব,
সেয়ে সি চিনেমাখন সদায় চাই আছে-------হে  হে   হে৷”
বুলি  হাঁহি হাঁহি  ফেচেকা কাইটিয়ে মোক ভাকুটকুটাই দিলে৷
কোনটো কাৰণত জানো মোৰো হাঁহি উঠি গ’ল৷
হা—হা---হা-------------------------------৷
+=====+======+=====+


কৌতুক


চাকৰিত যোগদান কৰাৰ  প্ৰথম দিনৰে কথা৷ এজন মানুহ আহি কাষৰ হোটেলখনৰ পৰা ভালৰো ভাল মিঠাই আৰু স্পেচিয়েল চাহ আনি অফিচৰ প্ৰত্যেকৰ সমুখৰ টেবুলে টেবুলে দি ল৷ মানুহজনেও আমাৰ লগতে চাহ মিঠাই খাই কিছু সময় বহি  ওচৰৰ  সাপ্তাহিক বজাৰলৈ গুচি ল৷ আমাৰ অফিচৰ কোনজনৰ লগত মানুহজনৰ বিশেষ চিনাকি সেই কথা নজনাকৈয়ে থাকি ল৷
মানুহজন প্ৰায়ে অফিচলৈ এনেদৰে আহে আৰু চাহ মিঠাই খুৱাই আৰু নিজেও খাই যায় ; কিন্তু কোনো দিনে তেওঁৰ কিনো অভিপ্ৰায় আছে ব্যক্ত নকৰিলে৷ কথাটো চিন্তা কৰি মইতো আচৰিতেই হ’লো৷ পিছে মাহটোৰ শেষৰ ফালে  মানুহটোক আৰু দেখা নোপোৱা হ’লো৷
পিছে জোলোঙাৰ মেকুৰী ওলাবলৈ দেৰি নালাগিল৷ অফিচৰ এজন  ষ্টাফৰ  মাহেকীয়া চাহৰ বিল পৰিশোধ কৰিবলৈ গৈ হোটেলৰ খাটাৰ হিচাপ দেখি চকু কপালত উঠিল৷  হায় ! ফিৰি চাহ মিঠাই !! মানুহটোৱে হোটেলৰ খাটাত অফিচৰ নামত লিখাই আমাক তৃপ্তি দিয়াৰ লগতে নিজেও মজা ল’লে৷
+++====++====++





কৌতুক


গাৱঁৰ মেধাবী ছাত্ৰ কোমল বৰা এদিন এজন নামজ্বলা ডাক্তৰ হ’ল৷ তেৱঁৰ গৱেষণামূলক কাম কাজসমূহত গুৰুত্ব দি আমেৰিকা যুক্তৰাষ্ট্ৰই আমন্ত্ৰণ কৰি নি গৱেষণাৰ কামত নিয়োজিত কৰিলে৷

জিনৰ ওপৰত গৱেষণা কৰি তেওঁ বেমাৰ প্ৰতিৰোধ কৰিব পৰা অনেক ঔষধ উদ্ভাৱন কৰিলে৷ সমগ্ৰ বিশ্বতে তেওঁৰ নাম উজলি উঠিল৷ পিছে নিজ দেশৰ ঘৰত এৰি অহা পিতৃ-মাতৃলৈ তেওঁৰ সদায়ে মনত পৰি থাকে৷ কিবা উপায়েৰে তেওঁলোকক বহু বছৰ জীয়াই ৰাখিব পাৰি নেকি তাৰ চিন্তাত কোমল বৰা বিভোল হৈ পৰিল৷

অৱশেষত তেওঁ বহু চেষ্টাৰ মূৰত নিজৰ গাঁঠিৰ ধন খৰচ কৰি তিনিটা মহামূল্যৱান টেবলেট  অতি  গোপনে প্ৰস্তুত কৰি উলিয়ালে৷ কোমল বৰাই টেবলেট তিনিটা মাক –দেউতাকলৈ পঠাই দিলে৷ লগত পঠিওৱা পত্ৰযোগে জনালে যে তিনিটা টেবলেটৰ এটা দেউতাকে খাব, আনটো মাকে খাব আৰু থাকি যোৱাটো ভালদৰে থৈ দিব৷ ঘৰলৈ গৈ সেই টেবলেটটো কোমল বৰাই নিজে খাব৷

কথামতেই কাম৷ এটা টেবলেট দেউতাকে খালে আৰু আনটো খালে মাকে৷  কি আচৰিত ! টেবলেট খোৱাৰ কিছু সময়ৰ পিছতে দুয়োৰে গালৈ ডেকা ডেকেৰীৰ শক্তি ঘূৰি আহিল৷ দেউতাকে স্ফুৰ্তিত ক’ব নোৱাৰা হ’ল৷ তেওঁ বিহু গাই গাই নাচ এটাকে মাৰি দিলে৷

দেউতাকে ভাৱিলে, “সিতো তাত এনেকুৱা বহুত টেবলেট বনাব, তালৈ টেবলেটটো কিয় থ’ব লাগিছে ?  তালৈ থোৱাটোও খাই পেলাওঁ  বাপ্পেকে ; গাটো আৰু অলপ ভাল লাগক৷”

দেউতাকে মাকৰ পৰা খুজি পুতেকলৈ থোৱা টেবলেটটোও খাই পেলালে৷ কিছু সময়ৰ ভিতৰতে ঘৈনীয়েকৰ চকুৰ সমুখতে মানুহটোৰ শৰীৰৰ এক অকল্পনীয় আৰু অবাস্তৱ পৰিবৰ্তন ঘটি গ’ল৷ আপুনি বা মই বিশ্বাস কৰিলে বা নকৰিলেও মানুহটো এটা কেঁচুৱালৈ ৰূপান্তৰিত হ’ল৷ মাকৰ  হাঁহিমেই  নে কান্দিমেই অৱস্থা হ’ল৷ কাকনো ক’ব ? কোনেনো শুনিব?

কিছু দিনৰ পিছত পুতেক ঘৰলৈ আহি চোতালতে মাকক দেখা পাই কথমপিহে চিনিব পাৰিলে৷

“ মা, মা , মই আহিলো৷ তুমি একেবাৰে গাভৰু ছোৱালী হৈ পৰিলা৷ দেউতা, দেউতা ক’ত আছে মা ?”

পুতেকে আৱেগতে একে উশাহতে কৰা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ মাকৰ মুখত কথাই নোলালে তেতিয়া৷ মাকে মোথো পুতেকৰ হাতত ধৰি  ঘৰৰ ভবিতৰলৈ টানি নি বিছনাৰ ওচৰ পোৱালেগৈ ৷

বিছনাত শুৱাই থোৱা কেঁচুৱাটোলৈ আঙুলিয়াই মাকে ক’লে, “এইটোৱেই তোৰ দেউতা, তোলৈ থোৱা টেবলেটটোও খাই দিয়াৰ পিছত এই অৱস্থা হ’ল৷ মোৰ এতিয়া উপায় নোহোৱা হৈছে৷ দেউতাৰলৈ গাখীৰ অকণমানৰ ব্যৱস্থা কৰ বোপাই৷”
---=====+++++====---


Friday 4 May 2018

অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ মানৱ-নিৰাপত্তা আৰু ৰাজনৈতিক ক্ষমতাৰ আলোচনা তথা দেশৰ অৰ্থনীতিৰ চৰ্চা



সাম্প্ৰতিক কালৰ এক মহান চিন্তাবিদ নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ ‘The Idea of Justice’ শিৰোনামৰ গ্ৰন্থখন অৰ্থনীতিৰ ন্যায় তত্ত্বৰ বিশ্লেষণৰ ক্ষেত্ৰত এক অনবদ্য অৱদান৷  ইয়াৰ পূৰ্বে John Rawls য়ে A Theory of Justice ত ন্যায় তত্ত্বৰ বিশ্লেষণ কৰিছে৷ অৰ্থনীতিবিদ অমৰ্ত্য সেনে তেখেতৰ গ্ৰন্থখনত মানৱ-নিৰাপত্তা আৰু ৰাজনৈতিক ক্ষমতা সন্দৰ্ভত নিজৰ মন্তব্য ৰাখিছে৷

অমৰ্ত্য সেন ডাঙৰীয়াই ক’ব খোজে যে ‘আমি উন্নয়নৰ অধিকতম চাহিদাবোৰ আৰু সামাজিক কল্যাণৰ অনুধাৱন কৰিবলৈ হ’লে অৰ্থনৈতিক বৃদ্ধি অতিক্ৰম কৰি যাব লাগিব৷’ এই কথা কোৱাৰ কাৰণ এয়ে যে অৰ্থনৈতিক বৃদ্ধি বুলি ক’লে দেশখনৰ জাতীয় আয়, গড় জনমূৰি আয় বৃদ্ধি পাব পাৰে; কিন্তু এখন দেশৰ সামাজিক উন্নয়ন অথবা জনকল্যাণ সমানে বৃদ্ধি নহ’বও পাৰে৷ এই প্ৰসংগতে আমি আমাৰ দেশৰ অৰ্থনীতিৰ কথা উনুকিয়াব পাৰোঁ৷ বৰ্তমান আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থালৈ মন দিলে দেখা যায় যে এচাম পুঁজিপতি বণিক আৰু আন্তৰ্জাতিক কোম্পানীয়ে ব্যৱসায় বাণিজ্যৰ সৰ্বদিশতে প্ৰভুত্ব বিস্তাৰ কৰি ধন আহৰণত উঠি পৰি লাগি গৈছে৷ সেয়ে বিশ্ববেংকৰ তথ্যত প্ৰকাশ পাইছে যে ব্যৱসায়ৰ বাণিজ্যৰ সৰলীকৰণৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ১৯০ খন দেশৰ ভিতৰত পূৰ্বৰ ১৩৪ ৰ পৰিবৰ্তে ১০০তম স্থানত উপনীত হৈছে৷ দেশত আধুনিক প্ৰযুক্তি বিজ্ঞানৰ প্ৰয়োগৰ যোগে সামগ্ৰীকভাৱে দেশ উন্নয়নৰ পথত আগ বঢ়া যেন দেখা গ’লেও জনসাধাৰণক ধনৰ বিনিময়ত প্ৰযুক্তিগত উন্নয়নৰ সোৱাদ দিয়া বণিকগোষ্ঠীহে আচলতে লাভৱান হৈ গৈ আছে৷ বণিকগোষ্ঠীটো প্ৰবল প্ৰতাপী হৈছে আৰু ৰাজনৈতিক ছত্ৰছায়াতে থাকি ৰাজনৈতিক নেতাৰ ভাগ্য নিয়ন্ত্ৰা হৈ পৰিছে৷ অন্যহাতে কেতবোৰ ভুল অৰ্থনৈতিক পদক্ষেপৰ ফলত কৰ্মসংস্থানহীন হৈ পৰি দেশৰ গৰিষ্ঠসংখ্যক লোকৰ অৰ্থনৈতিক অৱস্থা তেনেই কাহিল হৈ পৰিছে৷ এনে পৰিস্থিতিত এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ৰাইজ চৰকাৰৰ ভূমিকাক লৈ সন্দিহান হৈ পৰিছে৷ চৰকাৰৰ অৰ্থব্যৱস্থাক লৈ জনসাধাৰণে প্ৰতিবাদ কৰা দেখা গৈছে৷ সামুহিক জনকল্যানমূলক আঁচনিযোগে জনসাধাৰণৰ মংগল সাধিব নোৱাৰা চৰকাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোটি কোটি লোকৰ মন জিনিবলৈ ব্যক্তিগত তোষণৰ প্ৰচেষ্টাৰে কোটি কোটি জনলৈ ব্যক্তিগত পেন্সন, ব্যক্তিগত ভাট্টা আদি আঁচনিৰ কথা ঘোষণা কৰিছে৷ এনে আঁচনিবোৰ কৰ্ম সংস্থান সৃষ্টিত বিফল হোৱা পূৰ্বৰ চৰকাৰবোৰেও একমাত্ৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বৰ বাবে হাতত লৈ কিছু দিনৰ বাবে চলাই দেখুৱাই সইবোৰ পিছত পৰিহাৰ কৰিছিল৷

অৰ্থনীতিবিদ অমৰ্ত্য সেন দেৱে কৈছে যে ‘গণতন্ত্ৰ, ৰাজনৈতিক আৰু অসামৰিক স্বত্ব বা অধিকাৰে বাক স্বাধীনতা প্ৰদানযোগে, অন্ততঃ বহু পৰিস্থিতিত, বঞ্চিত আৰু পীড়িতসকলক অন্য ধৰণৰ(যেনে মানৱ–নিৰাপত্তা)স্বাধীনতা আগবঢ়াই দিয়ে৷’ এই কথাত আমি মনোযোগ দিব লাগে৷ ‘ই এক বিচাৰ্য বিষয় আৰু ৰাজহুৱা বিচাৰ বিবেচনা আৰু ‘আলোচনা ধৰ্মী চৰকাৰ’ক পৃষ্ঠপোষকতা কৰা গণতন্ত্ৰৰ ভুমিকাৰ সৈতে ওতঃপুতঃ ভাৱে জড়িত৷ দুৰ্ভিক্ষ নিয়ন্ত্ৰণত গণতন্ত্ৰৰ কৃতকাৰ্যতা মানৱ-নিৰাপত্তা আগবঢ়োৱাৰ গণতান্ত্ৰিক বিভিন্ন দিশৰ অৱদানত অন্তৰ্নিহিত হৈ থাকে; কিন্তু ইয়াত অন্য বহুতো ক্ষেত্ৰৰ প্ৰয়োগো থাকে৷’ সেয়ে আমি ভাৱোঁ যে বঞ্চিত আৰু পীড়িত জনগণে গণতন্ত্ৰৰ যোগে লাভ কৰা বাক স্বাধীনতা সুবিধাৰ সুপ্ৰয়োগ কৰি নিজকে বঞ্চনা আৰু শোষণৰ পৰা মুক্ত কৰিব পাৰে৷

‘দুৰ্ভিক্ষ প্ৰতিৰোধতকৈ নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত গণতন্ত্ৰৰ প্ৰতিৰক্ষা শক্তি আচলতে অধিক ব্যাপক৷ দোপত দোপে উধাই যোৱা দক্ষিণ কোৰিয়া বা ইণ্ডোনেছিয়াৰ দৰিদ্ৰসকলে ১৯৮০ চন বা ১৯৯০ ৰ পূৰ্বে যেতিয়া সকলোৰে অৰ্থনৈতিক সুভাগ্য একেলগে বৃদ্ধি পাই যোৱা দেখা পাইছিল, গণতন্ত্ৰৰ বিষয়ে বিশেষ চিন্তা কৰা নাছিল; কিন্তু যেতিয়া ১৯৯০ চনৰ পিছত অৰ্থনৈতিক সংকটে দেখা দিলে( তেওঁলোক বিভাজিত হৈ পৰিল) তেতিয়া যিসকলৰ অৰ্থনৈতিক অৱলম্বন আৰু জীৱিকাক অগতানুগতিক ভাৱে ক্ষতিগ্ৰস্ত কৰিলে সেইসকলে হতাশাজনক ভাৱে গণতন্ত্ৰ আৰু ৰাজনৈতিক তথা অসামৰিক স্বত্ব বা অধিকাৰৰ কথা সোঁৱৰিলে৷ সেইবোৰ দেশত গণতন্ত্ৰ আলোচনাৰ এক কেন্দ্ৰীয় বিষয় বস্তু হৈ পৰিল৷ এই গতি ধাৰাত দক্ষিণ কোৰিয়াই মুখ্য ভূমিকা পালন কৰি আগুৱাই গ’ল৷’ অমৰ্ত্য সেন দেৱৰ এই কথাখিনিলৈ মন দি ভাৱি চালে আমি ক’ব পাৰোঁ যে আমাৰ দেশৰ অৰ্থনীতি যি গতিত আগুৱাই গৈ আছে সেই একে গতিতে ধাৱমান হৈ থাকিলে আমাৰ দেশৰ জনতাৰো দক্ষিণ কোৰিয়া, ইণ্ডোনেছিয়াৰ দৰিদ্ৰ জনতাৰ দৰেই অৱস্থা হ’বগৈ আৰু শেষত গণতন্ত্ৰৰ আশ্ৰয় লৈ চৰকাৰৰ নীতি সলনি কৰিবলৈ মাৰ বান্ধি ওলাই আহি আন্দোলন কৰিবলৈ বাধ্য হ’ব৷

‘প্ৰাকৃতিক দুৰ্যোগ বা মহামাৰীয়ে ভাবুকি দিলে প্ৰতিপালন কৰ্তা স্বৰূপে কাম কৰিবলৈ সুন্দৰ ৰাজনৈতিক উদগনি শাসকসকলক দিয়া গণতন্ত্ৰৰ প্ৰতিৰক্ষামূলক ভূমিকাৰ বাবে ভাৰত লাভৱান হৈছে৷ যেইকি নহওক, কামত কিছুমান দক্ষতা লাভ কৰা দেখা যায় যদিও ভাৰতবৰ্ষত বৰ্তি থকাৰ দৰে গণতন্ত্ৰত অনুশীলন আৰু প্ৰাপ্তি ত্ৰুতিপূৰ্ণ৷ গণতন্ত্ৰই বিৰোধীক কৰ্মপন্থা বা নীতি পৰিবৰ্তনৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ সুযোগ দিয়ে৷ সমস্যাটো পুৰণি হ’লেও আনকি দুৰ্ভিক্ষৰ দৰে তীক্ষ্ন আৰু আকস্মিক নহৈ তাৰ এক দীঘলীয়া বুৰঞ্জী থাকিলেও বিৰোধীসকলে গণতন্ত্ৰৰ যোগে হেঁচা প্ৰয়োগ কৰি সমস্যা সমাধান কৰিব পাৰিব লাগে’; কিন্তু দেখা গৈছে ভাৰতবৰ্ষৰ ত্ৰুতিপূৰ্ণ গণতন্ত্ৰৰ বাবে দেশখনৰ বহুতো সমস্যা সমাধান নোহোৱাকৈ বহুবছৰ ধৰি ৰৈ গৈছে৷ উদাহৰণ স্বৰূপে অসমৰ বাংলাদেশী প্ৰবৰ্জনৰ সমস্যা, আন্তঃৰাজ্যিক ভূমি বিবাদ, বৃহৎ নদীবান্ধ নিৰ্মাণ, ক্ৰমাগত অধ্যাধিক মূল্যবৃদ্ধি ইত্যাদি সমস্যাৰ কথা ক’ব পাৰি৷ বৃহৎ নদী বান্ধ নিৰ্মাণৰ পোষকতা কৰা ভাৰতবৰ্ষৰ চৰকাৰে গণতন্ত্ৰৰ মানৱ-নিৰাপত্তাক বিঘ্নিত কৰিব বিচাৰিছে আৰু তেনে কাৰ্য পন্থাক বিৰোধীয়ে হেঁচা প্ৰয়োগ কৰি সলনি কৰাত বিফল হৈছে৷ এনে দেখা যায় যেন নিজে ক্ষমাতাত থকা কাৰ্যকালত কৰা দুৰ্নিতিবোৰৰ তদন্ত গাপ দি ৰখাৰ স্বাৰ্থত শাসনকৰ্তা ৰাজনৈতিক দলৰ সৈতে গোপন বুজাবুজি কৰি বিৰোধী দলৰ নেতাসকলে চৰকাৰৰ বিৰোধিতা কৰা কামৰ পৰা বিৰত আছে আৰু এইদৰে দেশৰ জনগণক প্ৰতাৰণা কৰিছে৷ ৰাইজে সেয়ে  একমাত্ৰ সংবাদ মাধ্যমৰ ওপৰতে ভৰসা কৰিব লগা হৈছে৷ মাজে মাজে আকৌ সংবাদ মাধ্যমৰ স্বাধীনতাও সংকটাপন্ন হোৱা পৰিলক্ষিত হয়৷ সাংবাদিকসকল নিৰাপত্তাহীন হৈ পৰাৰ ফলত শাসনত অধিষ্ঠিত ৰাজনৈতিক দলৰ কু কৰ্মত বাধা দিওঁতাৰ অভাৱ হয়৷
বিদ্যালয়ৰ শিক্ষা, প্ৰাথমিক স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা, শিশুৰ পৰিপুষ্টিকৰণ, অতি প্ৰয়োজনীয় ভূমি সংস্কাৰ আৰু লিংগ সমতা আদি ক্ষেত্ৰত ভাৰতীয় সামাজিক নীতিৰ দুৰ্বলতাই কেৱল চৰকাৰৰ কাৰ্যকৰি ভাৱনাৰ অসম্পূৰ্ণতাকে নহয়, ৰাজনৈতিক ভাৱে নিয়োগ কৰা ৰাজহুৱা বিচাৰশক্তি আৰু সামাজিক চাপৰো (বিৰোধীৰ পৰা অহা চাপকো ধৰি)নাটনি প্ৰতিফলিত কৰে৷ প্ৰকৃততে ভাৰতবৰ্ষই গণতন্ত্ৰৰ সফলতাৰ গুৰুত্বপূৰ্ণ নিদৰ্শন আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা সুযোগসমূহৰ অযথাযোগ্য ব্যৱহাৰেৰে ইয়াৰ বিশেষ বিফলতা--এই উভয়কে দেখুৱাইছে৷’ অমৰ্ত্য সেন দেৱৰ উপৰি উক্ত কথাখিনিৰ গুৰুত্ব কিমান বেছি আমি তাক বাৰুকৈয়ে উপলব্ধি কৰিছোঁ৷ বিদ্যালয়ৰ শিক্ষা নিয়ন্ত্ৰণৰ ভাৰো বণিক গোষ্ঠীৰ হাতলৈ গুছি গৈছে, চৰকাৰী স্বাস্থ্য খণ্ডৰ পঁয়ালগা অৱস্থাটোৰ ফলত হাস্পতালত অভাৱনীয় ভাৱে ৰোগী আৰু শিশুৰ মৃত্যু ঘটিছে, উপযুক্ত ভূমি সংস্কাৰ নীতিৰ অভাৱত কৃষি ভূমি হ্ৰাস হৈ যাব ধৰিছে৷ লিংগ বৈষম্যতাৰ কৱলৰ পৰা নাৰীয়ে উদ্ধাৰ পাবলৈ এতিয়াও বহু বাকী৷

শেষত এই কথা উল্লেখ কৰিব পাৰি যে সময় থাকোঁতেই আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ সংস্কাৰ সাধন নকৰিলে দেশত জনতাৰ মাজত সৃষ্ট ব্যাপক অৰ্থনৈতিক ব্যৱধানৰ ফলতেই নানা অসূয়া অশান্তিৰ সৃষ্টি হ’ব৷ শাসক গোষ্ঠী, বিৰোধী দল, সংবাদ মাধ্যম, জনসাধাৰণ আদি সংশ্লিষ্ট সকলো পক্ষই বৰ্তমানৰ দেশৰ অৰ্থনৈতিক গতিধাৰাৰ ওপৰত তীক্ষ্ন নজৰ ৰখা উচিত আৰু অনতিপলমে অত্যাআধুনিক প্ৰযুক্তি প্ৰয়োগৰ সুফল দেশৰ মুষ্টিমেয় এচাম লোকেই যাতে ভোগ কৰিবলৈ নাপায় আৰু দেশৰ গৰিষ্ঠসংখ্যকলোক উপকৃত হয় তাৰ ব্যৱস্থা কৰা উচিত৷
+++++++++সমাপ্ত++++++++
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ জনপ্ৰিয় তথা বহুল প্ৰচাৰিত পষেকীয়া আলোচনী 'প্ৰান্তিক'ৰ ১৬-৩১ মাৰ্চ সংখ্যাত প্ৰকাশ পাইছে৷