Wednesday 11 November 2015

শক্তিৰ বিকল্প উৎস - সৌৰ শক্তি

ভাৰত চৰকাৰে সংহত বিদ্যুৎ শক্তি নীতি বিষয়ক নথিত বিদ্যুৎ সুৰক্ষা সম্পৰ্কত তিনিটা সিদ্ধান্ত অন্তৰ্ভুক্ত কৰিছে- ( ক ) ২০৩১ / ৩২ চনত অৰ্থনৈতিক  বিকাশৰ হাৰ বাৰ্ষিক ৮ ৰ পৰা  ৯ শতাংশলৈ বৃদ্ধিৰ কাৰণে বৃহৎ বিদ্যুৎ চাহিদা পূৰণ কৰা ( খ )সামাজিক বিকাশ, স্বাস্থ্য সেৱা আৰু দৰিদ্ৰৰ কাৰণে বিদ্যুৎ সুৰক্ষাৰে সকলো নাগৰিকলৈ প্ৰয়োজনীয় বিদ্যুৎ যোগান ধৰা আৰু বিদ্যুৎ যোগান তথা ব্যৱহাৰ অব্যহত ৰখাৰ নিশ্চয়তা প্ৰদান ( পৰিকল্পনা আয়োগ , ২০০৬ )৷ গতিকে অদূৰ ভৱিষ্যতে অৰ্থনৈতিক ক্ষীপ্ৰ উন্নয়ণৰ হেতু সকলো খণ্ডতে নিশ্চিতভাৱে শক্তিৰ চাহিদা বৃদ্ধি পাব৷ উন্নয়ণৰ পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰিবলৈ যাওঁতে ভাৰতত শক্তি যোগান নিম্ন স্তৰত থাকিব৷


পৰিবহণ, ঔদ্যোগিক বিকাশ, যোগাযোগ ব্যৱস্থা, শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বিদ্যুতৰ গুৰুত্বপূৰ্ণ ভুমিকাৰ প্ৰতি লক্ষ্য ৰাখি  ভাৰতে নিৰ্ভৰযোগ্য আৰু পৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ যোগান নিশ্চিত কৰিব লাগিব ৷ভাৰতে বৰ্তমানে বায়ু আৰু সৌৰ শক্তি প্ৰযুক্তিৰ বিকাশ কৌশলৰ ওপৰত গুৰিত্ব আৰোপ কৰিছে৷ সৌৰ প্ৰযুক্তিয়ে এতিয়ালৈকে কম বৰঙণি যোগালেও এইটো আশা কৰা হৈছে যে  ২০২২  চনৰ ভিতৰত ভাৰতৰ পুনৰব্যৱহাৰযোগ্য শক্তি সম্ভাৰৰ ক্ষেত্ৰত ই দ্বিতীয় বৃহৎ অৰিহণা  যোগাওঁতা  উৎস হব৷

   শক্তি আহৰণৰ  পদ্ধতিসমূহ 

শক্তি আহৰণৰ বিভিন্ন পদ্ধতি আছে৷ জলশক্তি(Hydro energy), বায়ু শক্তি( Wind energy), পাৰমাণৱিক শক্তি(Nuclear energy), জৈৱ শক্তি( Biomass energy),জোৱাৰ ভাটা আৰু সাগৰীয় শক্তি(Tidal and ocean energy),তাপ শক্তি(Thermal power) আদি শক্তিৰ উৎসসমূহৰ যোগেদি শক্তি আহৰণ কৰি থকা হৈছে ; কিন্তু এইবোৰ পদ্ধতিৰ কিছুমান আহোৰাহ থকা বাবে সৌৰ শক্তি উৎসৰ বিকল্প হিচাপে ব্যৱহাৰ কৰাত অসুবিধা হয়৷

 সৌৰশক্তি

সৌৰ শক্তিকে অতি প্ৰাকৃতিক শক্তি বা বিকল্প শক্তি উৎস বুলি কোৱা হয়৷ বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা সৌৰ শক্তি অতি সহজে প্ৰাপ্য বিনামূলীয়া শক্তি হিচাপে গণ্য হৈ আহিছে৷ ধন ৰাহি কৰাৰ পৰা পৃথিৱীক ৰক্ষা কৰালৈকে সৌৰ শক্তিৰ অনেক উপকাৰিতা আছে৷ আমি যেতিয়া সূৰ্য্যৰ পৰা শক্তি আহৰণ কৰিব খোঁজো আৰু সৌৰ কিৰণৰ পৰা শক্তি সৃষ্টি কৰোঁ, তেতিয়াই আমি কেৱল আমাৰ বাবেই নহয় ,আমাৰ পৰিয়াল,বন্ধুবৰ্গ,জাতি আৰু পৃথিবীখনলৈ এক অৰ্পন কৰোঁ ৷আমাৰ আৰু গ্ৰহটোৰ কোনো খৰছ নোহোৱাকৈ  বিনামূল্যে দিয়া প্ৰাকৃতিক  শক্তিৰ উৎস  ব্যৱহাৰ কৰোঁ৷ সৌৰ শক্তি ব্যৱহাৰ কৰি আমাৰ গ্ৰহটোৰ জীৱন দীঘলীয়া কৰিব পাৰোঁ আৰু নিশ্চিত থাকিব  পাৰোঁ যে ই আমাৰ ভৱিষ্যত প্ৰজন্মৰ উপভোগৰ বাবে ইয়াতেই থাকিব৷
সূৰ্যৰ পোহৰ ধাৰণ কৰি পৰিবৰ্তন আৰু বিতৰণ কৰাৰ পথৰ ওপৰত  নিৰ্ভৰ  কৰি সৌৰ প্ৰযুক্তিবোৰক বহলভাৱে  সক্ৰিয় ( Active) অধবা নিস্ক্ৰিয় (Passive) চৰিত্ৰাঙ্কন কৰা হৈছে৷

সৌৰ শক্তিৰ পৰা পোৱা  লাভ আৰু উপকাৰসমূহ

সৌৰ শক্তিৰ পৰিবেশ সম্বন্ধীয় উপকাৰসমূহ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি৷ সৌৰ শক্তিৰ প্ৰথম আৰু প্ৰধান গুণটো হৈছে  ই অজৈৱ , পৰিস্কাৰ আৰু পুনৰব্যৱহাৰযোগ্য৷ পৰিবেশত ই কোনো বিৰূপ প্ৰভাৱ নেপেলায়৷ এই শক্তি ব্যৱহাৰৰ ফলত অন্য শক্তিবোৰ ৰেহাই হয় আৰু পৰম্পৰাগত শক্তি আহৰণত  সৃষ্টি হোৱা প্ৰদূষণ ৰোধ হয়৷ এইদৰে ই গোলকীয় উষ্ণতা বৃদ্ধিতো বাধা দিয়ে৷ সৌৰ সক্তিক অনেক কামত  প্ৰয়োগ কৰা হয়৷

সৌৰ শক্তিৰ দ্বাৰা পানী গৰম কৰা

 সৌৰ গৰম পানী ব্যৱস্থাই পানী গৰম কৰিবলৈ সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰে৷ নিম্ন ভৌগলিক অক্ষাংশত (৪০ ডিগ্ৰিৰ তলত) ৬০% ৰ পৰা ৭০% ঘৰুৱা পানী ৬০ ডিগ্ৰি  চেলচাচলৈ সৌৰ শক্তি ব্যৱহাৰ কৰি গৰম কৰি লব পাৰি৷ অতি সহজ লভ্য বিধৰ সৌৰ জল উত্তাপকৰণ যন্ত্ৰবোৰ হল খালী কৰা নলী সংগ্ৰাহক আৰু কাঁচ লগোৱা চেপেটা প্লেট সংগ্ৰাহক সাধাৰণতে ঘৰুৱা পানী গৰম কৰা কাৰ্যত ব্যৱহাৰ কৰা হয় আৰু কাঁচ নলগোৱা প্লাষ্টিক সংগ্ৰাহক প্ৰধানতঃ চুইমিং পুলৰ পানী গৰম কৰাত ব্যৱহাৰ কৰা হয়৷ Israiel আৰু Cyprus য়ে ৯০% ঘৰত সৌৰ গৰম পানী  ব্যৱহাৰ কৰি বাটকটীয়াৰ ভূমিকা লৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰ , কানাডা আৰু অষ্ট্ৰেলিয়া চুইমিং পুলৰ পানী গৰম কৰা কামত সৌৰ শক্তি ব্যৱহাৰ কৰি জাকত জিলিকা  হৈ আছে৷

জল পৰিশোধন ( Water Treatment)

চেলাইন বা লঘু লোনীয়া পানী প্ৰস্তুত কৰিবৰ বাবে সৌৰপাগন বা নিজনিকৰণ ব্যৱহাৰ কৰিব পাৰি৷ আৰব দেশৰ ৰসায়নবিদসকলে ইয়াৰ প্ৰধম উদাহৰণ লিপিবদ্ধ কৰে৷ ১৮৭২ চনত Las Salinas ত প্ৰথমে বৃহৎ পৰিসৰত সৌৰ নিজনিকৰণ পাগন প্ৰকল্প স্থাপন কৰা হয়৷

 সৌৰ জল ব্যাধি নিবাৰকে পানী ভৰ্তি প্লাষ্ট্ৰিক বটলবোৰ কেইবা ঘন্টাৰ বাবে সূৰ্যৰ পোহৰত মুকলিকৈ থোৱা কামক সাঙুৰি লয়৷ মুকলিকৈ ৰখা সময়টো বতৰ আৰু জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি অতি কমেও ছয় ঘন্টাৰ পৰা দুদিনলৈ হব পাৰে৷ এই পদ্ধতিটো ঘৰুৱা পানী পৰিস্কাৰকৰণ আৰু নিৰাপদ সঞ্চয়ৰ বাবে উপযুক্ত প্দ্ধতি স্বৰূপে বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্দ্দেশ কৰিছে৷

 সৌৰ চৌকা

সৌৰ চৌকাই ৰান্ধিবলৈ ,শুকান কৰিবলৈ আৰু পিঠাপনা তৈয়াৰ কৰিবলৈ সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰে৷ চৌকাবোৰক তিনিটা ভাগত ভগাব পাৰি৷ যেনে—বাকচ চৌকা, পেনেল চৌকা ( Penel Cookers) আৰু প্ৰতিফলক চৌকা (Reflector Cooker)  ৷

বাকচ সৌৰ চৌকাই হৈছে একেবাৰে সহজ ধৰণৰ সৌৰ চৌকা৷ এটা প্ৰাথমিক বাকচ চৌকা এখন স্বচ্ছ ঢাকনিৰে সৈতে এক বিজুলি সঞ্চাৰ নোহোৱা পাত্ৰৰ দ্বাৰা গঠিত৷

সৌৰ পানী পাম্প ( Solar water pumps)

এই ব্যৱস্থাত সৌৰ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰি পানীৰ পাম্পৰ মটৰ চলোৱা হয়৷

অধ্যয়ণৰ পৰা এইটো প্ৰমাণিত হৈছে যে সৌৰ শক্তি চালিত পি ভি পাম্পৰ চক্ৰকালৰ (( লাইফ চাইকল )খৰচ তৰল পদাৰ্থৰ ইন্ধন ভিত্তিক ( লিকুইড ফুৱেল বেছদ ) জলসিঞ্চন পাম্পতকৈ অনেক কম ৷ সৌৰ শক্তিৰ পৰা উপলব্ধ বিদ্যুতৰ খৰচ ডিজেল ব্যৱহাৰ কৰি সঞ্চাৰ কৰা বিদ্যুতৰ খৰচতকৈ আধা ভাগহে হয়৷ এনেকি ডিজেল সাহাৰ্যকৃত  ৰূপত যোগান ধৰিলেও সৌৰ শক্তিৰ সমান হব নোৱাৰে৷ ইয়াৰ কাৰণ হল ছ লাৰ পি ভি পাম্প চলাবৰ কাৰণে কোনো খৰচ কৰিব নালাগে,সামান্য ধৰণেহে চোৱা চিতা কৰিব লাগে আৰু তদাৰকৰো প্ৰয়োজন নাই৷

ৰাজস্থানৰ গ্ৰাম্য এলেকাবোৰত নতুন বিজুলি সংযোগৰ চাহিদা হ্ৰাস  কৰিবৰ বাবে সাহাৰ্যকৃত হাৰত বিদ্যুৎ যোগান  ধৰিবৰ বাবে  ৰাজ্য চৰকাৰে ২০১১ চনত ৫১৫ কোটি টকাৰ এখন আঁচনি প্ৰচলন কৰে৷ উদ্দেশ্য হক তিনি বছৰ  কালৰ ভিতৰত ৰাজ্যখনৰ ১০০০০ কৃষকলৈ সাহাৰ্যকৃত সৌৰ  জলসিঞ্চন পাম্প যোগান ধৰা৷ ইতিমধ্যে সেই ৰাজ্যত ৬০০০ পাম্প স্থাপন কৰা হৈছে৷ সৌৰ পাম্পৰ ক্ষেত্ৰত ৮৬ শতাংশ ৰাজহাসাজ্য  লাভ কৰাৰ আৱশ্যকীয় ব্যৱস্থাৰ ভিতৰত  আছে কৃষকে পাম্পৰ বাবে ১৪ শতাংশ বৰঙণি  দিব লাগিব আৰু বাকীখিনি পাম্প স্থাপনৰ অৰ্থে  প্ৰযুক্তি যোগান ধৰোঁতাক দিয়া হয়৷ কৃষকলৈ যোগান ধৰা এনে ধৰণৰ সৌৰ পাম্পৰ  ঘাইকৈ তিনিটা সুবিধা আছে৷ সেয়া হল যথেষ্ট পৰৰিমাণে ডিজেলৰ ৰাহি  হয়, গ্ৰীড সংযুক্ত বিজুলীৰ কোনো প্ৰয়োজন নাথাকে আৰু জলৰাশিৰো ব্যৱহাৰ উপযুক্তভাৱে হয়৷ ৰাজসাহাৰ্য্য প্ৰাপ্ত কৰিবৰ কাৰণে বাধ্যতামূলক ব্যৱস্থা ৰূপে কৃষকে জলসিঞ্চনৰ সুবিধা কৰিব লাগে আৰু তাৰ কাৰণে তেওঁ এটা জলাধাৰ নিৰ্মাণ কৰিব লগা হয়া৷ এই ব্যৱস্থাৰ সন্দৰ্ভত যিবৰ পৰিসংখ্যা সংগ্ৰহ কৰা হৈছে তাৰ পৰা এইটো দেখা যায় যে কৃষকসকলে পাম্প চলোৱাৰ ক্ষেত্ৰত কোনো কঠিনতাৰ সন্মখীন হোৱা নাই৷

 জলসিঞ্চনৰ কাম বছৰটোৰ সীমিত কালৰ বাবে প্ৰয়োজন হয় আৰু  সেয়ে সৌৰ পাম্প বছৰটোৰ বাকী সময়খিনি ব্যৱহাৰ নকৰাকৈ থাকে৷ সেয়ে যদি সৌৰ জলসিঞ্চন পাম্প কাৰ্যসূচী বেচ মন লাগি প্ৰচলন কৰা হয় তেনেহলে এই পি ভি পদ্ধতিটক দাঁতিকাষৰীয়া ঘৰবোৰৰ  আলোকিতকৰণ আদি কামৰ বাবে বিদ্যুৎ উৎপাদনকৰিবলৈ ব্যৱহাৰ কৰিব পৰা যায়৷

 সৌৰ আৰু বায়ুশক্তি ভিত্তিক বিদ্যুৎ কাৰাখানাবোৰতো যথেষ্ট বিদ্যুৎ ক্ষমতা অহা  ২৫ বছৰতসংযোগ সাধন হব৷  দূৰণিবটীয়া এলেকাত অথবা লোড শ্বেডিং কৰা ঠাইবোৰত সৌৰ পাম্প  আৰু ক্ষুদ্ৰ গ্ৰীড ভিত্তিক শক্তি পদ্ততি  সমূহে কৃষি আৰু গ্ৰাম্য  ঘৰৰ প্ৰয়োজনীয় বিজুলী যোগান ধৰাত গুৰুত্বপূণ ভূমিকা বহন  কৰিব পাৰে৷

সৌৰ গাড়ী মটৰ ( Solar vehicle)

কিছুমান যানবাহনত শীত তপ নিয়ন্ত্ৰণৰ দৰে সহায়কাৰী শক্তিৰ বাবে সৌৰ পেনেল ব্যৱহাৰ কৰি ইন্ধনৰ ব্যয় হ্ৰাস কৰে৷ ১৯৭৫ চনত ইংলেণ্ডত প্ৰথম কাৰ্যকৰি সৌৰ নাও সাজি উলিয়ায়৷ ১৯৯৫ চনত যাত্ৰীবাহী নাৱত  পি ভি পেনেল লগায় আৰু এতিয়া বহুল ভাৱে ব্যৱহৃত হৈছে৷

সৌৰ ৰসায়ণ (Solar chemical) 

ৰসায়ণ প্ৰক্ৰিয়া সংঘটিত কৰিবলৈ সৌৰ ৰসায়ণ পদ্ধতিত সৌৰ শক্তি ব্যৱহাৰ কৰা হয়৷ ইয়াৰ দ্বাৰাই শক্তি সঞ্চয়ত সহায়ক হয়৷          
                 
সৌৰ আলোক ব্যৱস্থা( Solar Lighting System )

 এই ব্যৱস্থা অনুযায়ী  ঘৰৰ বাহিৰৰ ষ্ট্ৰীট লাইট জলাব পৰা হয় আৰু গাঁৱত বিজুলী যোগান ধৰিব পৰা হয়৷ ইয়াৰ দ্বাৰা পৰম্পৰাগত পদ্ধতিতকৈ কম খৰচত বিদ্যুৎ যোগান ধৰা হয়৷

ভাৰত বৰ্ষত সৌৰশক্তি উৎপান

দেশৰ সৰ্ববৃহৎ বিদ্যুৎ উৎপাদনকাৰী সংস্থা এন টি পি চি য়ে  বহুতো কাৰণত অধিক ব্যয় সাপেক্ষ আমদানিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে৷ সেয়ে সংস্থাটোৱে তিনিটা নতুন সৌৰ শক্তি পপ্ৰকল্পৰ (প্ৰতিটো ৪৫ মেগাৰটৰ )উৎপাদন আৰম্ভ কৰিবলৈ  লৈছে আৰু পুনৰ ব্যৱহাৰ যোগ্য অপৰম্পৰাগত শক্তি উৎপাদনত মনোনিৱেশ কৰিছে৷

ভাৰতৰ দীৰ্ঘম্যাদী হ্ৰস্বম্যাদী সকলো আঁচনীৰ মূল বিষব বস্তু হল উৎপাদন বৃদ্ধি৷ এই উদ্দেশ্যে বিদ্যুৎ খণ্ডৰ সকলো সুবিধা প্ৰয়োগ কৰিব লাগিব৷ ভৱিষ্যতে দীৰ্ঘম্যাদী বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত পুনৰ ব্যৱহাৰ যোগ্য শক্তি উৎসক প্ৰাধান্য দিয়া হৈছে৷ এনেবোৰ উৎসে কেৱল বিদ্যুৎ উৎপান বৃদ্ধি কৰাই নহয় ই জলবায়ু পৰিবৰ্তন ৰোধ কৰাত সহায় কৰে, কৰ্মসংস্থান সৃষ্টি কৰে,ঔদ্যুগিক বিকাশ ত্বৰান্বিত কৰে আৰু বিদ্যুৎ যোগান ব্যৱস্থা বিকেন্দ্ৰীকৰণ কৰি উপলব্ধতা সহজ কৰে৷ আটাইতকৈ উত্তম নৱতম বিকল্প হৈছে মজুতকৰণ প্ৰযুক্তিৰ সৈতে সৌৰ শক্তিৰ প্ৰয়োগ, উপকূলীয় উইণ্ড মিল জৈৱ ইন্ধন আৰু কয়লা খনিৰ মিথেন৷ বায়ু আৰু সৌৰ শক্তিৰ দ্বাৰা উৎপাদিত বিদ্যুৎ ভাৰতৰ ভৱিষ্যত বুলি কব পাৰি৷ এনে উৎসৰ উৎপাদিত বিদ্যুৎ একাদশ পৰিকল্পনাৰ তুলনাত দ্বাদশ পৰিকল্পনাত দুগুণলৈ বৃদ্ধি পাইছে আৰু চৰকাৰ সমৰ্থিত নীতিৰ কাৰণে ই নিৰ্ধাৰিত লক্ষ্য চেৰাইযাব পাৰিছে৷ সৌৰ পিভি  প্ৰযুক্তি বিদ্যা অধিক জনপ্ৰিয় হৈ পৰিছে  আৰু যোৱা দশকটোত ইয়াৰ মূল্যও যথেষ্ট হ্ৰাস পাইছে৷ সাম্প্ৰতিক সমীক্ষাত প্ৰকাশ যে সৌৰ শক্তিৰ প্ৰতি কিলোৱাত /প্ৰতি ঘন্টাৰ খৰচ হব ৭- ৯ টকা ৷ এনে উৎস সমূহৰ বিদ্যুৎ উৎপাদন বৃদ্ধি আৰু  মজুতকৰণৰ প্ৰযুক্তিৰ উৎকৰ্ষতাৰ লগে লগে ই পৰম্পৰাগত  ইন্ধনৰ সৈতে ফেৰ মাৰিব পাৰিব আৰু চাহিদাও বৃদ্ধি পাব৷  ঘৰৰ ওপৰত সৌৰ পেনেল স্থাপন কৰাৰ বিষয়টো বিবেচনা কৰিব পাৰি৷  সমীক্ষাত প্ৰকাশ যে , দিল্লীৰ গৃহসমূহৰ প্ৰায় ৪.৪২% মুধচত সৌৰ পিভি স্থাপন কৰিব পাৰি ( প্ৰায় ২.৫ গিগাৱাট বিদ্যুৎ শক্তি কেৱল দিল্লীতেই)৷

গোলকীয় গতিধাৰাৰ সৈতে ৰজিতা খোৱাকৈ ভাৰতেও পুনৰব্যৱহাৰযোগ্য শক্তি প্ৰতিযোগিতাত সক্ৰিয় ভুমিকা গ্ৰহণ কৰিছে আৰু পুনৰব্যৱহাৰযোগ্য শক্তি ক্ষমতা ২০২২ চনৰ ভিতৰত ৭৪ গিগাৱাটলৈ  ( জি ডব্লিউ ) বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ ইয়াৰ ভিতৰত ২০ গিগাৱাট সৌৰ শক্তিও আছে আৰু ২০২০ চনৰ ভিতৰত পুনৰ ব্যৱহাৰযোগ্য শক্তিৰ উৎসৰ পৰা ১৫% ব্যৱহাৰযোগ্য বিদ্যুৎ সংগ্ৰহ পৰিমাণকো ইয়াত ধৰা হৈছে৷

কম বিদ্যুতৰ প্ৰয়োজন হোৱা বহু ভবন নিৰ্মাণ কৰা হৈছে ৷ নিৰ্দ্দিষ্টভাৱে কবলৈ গলে  কিছুমান ভবনৰ ক্ষেত্ৰত শক্তিৰ প্ৰয়োজনেই নহয় কিম্বা  সৌৰ ফটোভল্টেইক ব্যৱস্থাৰে প্ৰয়োজন হোৱা শক্তিখিনি যোগান ধৰা হয়৷   বায়ু আৰু সৌৰ শক্তি পদ্ধতিক বৰ্তমানৰ বিদ্যুৎ ক্ষমতাৰ লগত সমন্বিত কৰিলে আমাৰ পৰিবেশ পদ্ধতিত কোনো চাপ নেপেলোৱাকৈ বিদ্যুতৰ আৱশ্যকতা খিনি পূৰণ কৰা সম্ভৱ হৈ উঠিব৷ অৰ্থনৈতিক দিশৰ পৰা বাস্তৱ সন্মত দৃষ্টিভঙ্গীক ৰূপান্তৰ সাধন কৰি সম্ভাব্য নিৰন্তৰ বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত কিছু ফল পোৱা যাব আৰু তাৰ পৰা জলশক্তিৰ ক্ষমতা ১০ শতাংশ বৃদ্ধি পাব তথা  ইয়াত বাৰ্ষিক  ৫ শতাংশ যোগ হব৷ বায়ু শক্তিৰ ১০ শতাংশত  ৪ শতাংশ বাৰ্ষিক বৃদ্ধি আৰু সৌৰ শক্তিৰ  ৫ শতাংশত ১শতাংশ বাৰ্ষিক বৃদ্ধি্য়ে বিদ্যুতৰ ভৱিষ্যতৰ সৰ্বমুঠ প্ৰয়োজনীবতা খিনিপূৰণ কৰিব পাৰে৷

ঘৰুৱা সৌৰ আৰু বায়ু শক্তিয়ে  কেন্দ্ৰীভূত  তথা  বিকেন্দ্ৰীভূত অৱস্থাত গ্ৰীণ হাউচ গেচ নিৰ্গমনৰ  সমস্যা দূৰ কৰিব পাৰে তথা দূৰ দূৰণিত অৱস্থিত ঠাইবোৰত বিদ্যুৎ প্ৰাপ্ততাৰ ক্ষেত্ৰত অৱস্থাৰ উন্নতি সাধন কৰিব পাৰে৷ গ্ৰীডৰ দ্বাৰা সংযোজিত যিবোৰ ঠাইত বিজুলি যোগান ভাল নহয় তাৰো উন্নতি সাধন কৰিব পাৰে৷ সৌৰ আৰু বায়ুশক্তি ভিত্তিক বিদ্যুৎ কাৰাখানাবোৰতো যথেষ্ট বিদ্যুৎ ক্ষমতা অহা  ২৫ বছৰত সংযোগ সাধন হব৷

দূৰণিবটীয়া এলেকাত অথবা লোড শ্বেডিং কৰা ঠাইবোৰত সৌৰ পাম্প  আৰু ক্ষুদ্ৰ গ্ৰীড ভিত্তিক শক্তি পদ্ধতি  সমূহে কৃষি আৰু গ্ৰাম্য  ঘৰুৱা প্ৰয়োজনীয় বিজুলী যোগান ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন  কৰিব পাৰে৷

 সৌৰ শক্তি হল অন্যতম প্ৰধান উৎস যদিহে আমি নিম্নোল্লেখিত বিষয়সমূহ সমাধান কৰিব পাৰোঁ৷

* অহা কেই বছৰমানৰ ভিতৰত সৌৰ শক্তিৰ বিজুলীৰ খৰচ কম কৰক৷ তাৰ মূল্য প্ৰতি কিলোৱাট ঘন্টাত  ৫ টকালৈ নমাই আনক৷ নতুন সামগ্ৰীৰ ব্যৱহাৰ আৰু প্ৰক্ৰিয়া  বিশষৰ ক্ষেত্ৰত কাৰ্যদক্ষতা বৃদ্ধি কৰা আৱশ্যক৷

*পৰ্যাপ্ত আৰু উপযুক্ত শক্তি সঞ্চিত কৰি ৰখা পদ্ধতিৰ বিকাশ

* দূৰ দূৰণিৰ এলেকাসমূহত গ্ৰীড বিদ্যুতৰ বিকাশ সাধন

*জল সিঞ্চনৰ উদ্দেশ্যে সৌৰ শক্তিৰ দ্বাৰা গ্ৰীড সংযোজিত কিম্বা ডিজেলৰ দ্বাৰা চালিত পাম্পৰ ঠাই অধিকাৰ কৰা৷

 সামৰণি

 শক্তি বৰ্তমান আপুৰুগীয়া সম্পদত পৰিণত হৈছে৷ তথাপিও আজি আমি শক্তি উৎপাদন কৰাতকৈ অধিক খৰকৈ ইয়াক ব্যৱহাৰ কৰিছোঁ অথবা অপচয় কৰিছোঁ আৰু আমি পিছ পৰি গৈছো৷ এখন সমাজৰ মূল আৰু দৰকাৰী আৱশ্যকতাসমূহক অনুপযুক্ত শক্তি যোগানে নিশ্চিত ভাৱেই অতি বেয়া ধৰণে প্ৰভাৱিত কৰিব৷ গতিকে দ্ৰুত গতিত শক্তি প্ৰাপ্যতাত বহনক্ষমতা বৃদ্ধি কৰাৰ জৰুৰী আৱশ্যকতা আছে, যাতে যিসকলে এনে প্ৰয়োজনীয় উৎপাদন আৰু সেৱাৰ পৰা সংসৰ্গ নোহোৱাকৈ আছে তেওঁলোকৰ উচ্চাকাঙ্খা পূৰ্ণ কৰা হওক আৰু তেওঁলোকক যথাযোগ্য বিকল্প শক্তিৰ মূল বাছি লবলৈ দিয়া হওক৷
০০০০০০০০০০০০০০
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ জনপ্ৰিয় পষেকীয়া আলোচনী প্ৰান্তিকৰ 16-30 জুন 2016 সংখ্যাত প্ৰকাশ পাইছে৷

No comments:

Post a Comment