সাম্প্ৰতিক বিশ্বায়াণৰ যুগত কৃত্ৰিম
বুদ্ধিমত্তাৰ উন্নত প্ৰযুক্তি বিদ্যা প্ৰয়োগৰ ফলত সমগ্ৰ বিশ্বই এক গোলকীয় গাঁৱলৈ
ৰূপান্তৰিত হৈছে।এনে সন্ধিক্ষণত সৰ্বাংগীণ বহনক্ষম উন্নয়নৰ অভাৱত বিশ্বৰ সমগ্ৰ
মানৱ জাতিয়ে উন্নয়নৰ সুযোগ সুবিধাবোৰৰ ভাগ সমপৰিমাণে পোৱা নাই যদিও গোলকীয়
সমস্যাৰাজিৰ সমাধানৰ বাবে তৎপৰ হ’ব লগা হৈছে।বহু ক্ষেত্ৰত সমন্বিত প্ৰচেষ্টাৰ
প্ৰয়োজন হৈ পৰিছে।বিশেষকৈ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত জীৱ জগতৰ সম্ভাব্য বিপদৰ
প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ প্ৰায় সকলো দেশৰে গুণী-জ্ঞানী লোকসকল চিন্তিত হৈ পৰিছে
আৰু ‘সেউজ বহনক্ষম উদ্ভাৱনী বিজ্ঞান’ৰ
সহায়ত পৰিস্থিতিৰ মোকাবিলা কৰাৰ পোষকতা কৰিছে। গৱেষকসকলে কথাবোৰ বিশ্লেষণ কৰিছে
আৰু অৰ্থনীতিবিদ তথা জলবায়ু বিজ্ঞানীসকলে গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে গোলকীয়
অৰ্থনৈতিক বৈষম্যৰ সম্পৰ্কবোৰো বিশ্লেষণ কৰি দেখুৱাইছে।
বিজ্ঞানীসকলে বহুদিনৰ পূৰ্বেই
ভৱিষ্যত বাণী কৰিছিল যে জলবায়ু পৰিবৰ্তনৰ কাৰণে হোৱা গোলকীয় উষ্ণতা বৃদ্ধিয়ে
বিশ্বৰ অতি দৰিদ্ৰ, সহজে পীড়িত কৰিব পৰা লোকসকলৰ ওপৰত প্ৰচণ্ড
প্ৰভাৱ পেলাব। নতুন গৱেষণাই সূচনা কৰিছে যে বহু কেইটা দশক জুৰি এয়া সংঘটিত হৈ
আহিছে।আমেৰিকা যক্তৰাষ্ট্ৰৰ বে-চৰকাৰী সংগঠন ‘ৰাষ্ট্ৰীয়
বিজ্ঞান একাডেমি’ৰ(National Academy of Science) কাৰ্য বিৱৰণত প্ৰকাশ পোৱা এক অধ্যয়নত কৈছে যে সৰহভাগ দৰিদ্ৰ দেশত উচ্চ
উত্তাপ ৯০ শতাংশতকৈ বেছি আৰু এই দেশবোৰৰ অৰ্থনৈতিক উৎপাদন গোলকীয় উত্তাপ নোহোৱা
দেশতকৈ কম হৈছে।তাৰোপৰি চহকী দেশবোৰত উষ্ণতাৰ প্ৰভাৱ কিছু কমকৈ পৰিছে।আনকি উচ্চ
তাপ মাত্ৰাই কিছুমান দেশৰ সম্ভাৱনাহে বঢ়াব ধৰিছে।গোলকীয় উষ্ণতা নোহোৱা হ’লে বিশ্বৰ সকলোতকৈ ধনী দেশবোৰ আৰু সকলোতকৈ দৰিদ্ৰ দেশবোৰৰ মাজত যিমান অৰ্থনৈতিক
পাৰ্থক্য হ’লহেঁতেন তাতকৈ এতিয়া ২৫ শতাংশ অধিক পাৰ্থক্য
হৈছে।ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাই এই কথা প্ৰমাণ
কৰিছে।
ষ্টেনফ’ৰ্ড
বিশ্ববিদ্যালয়ৰ এক নতুন অধ্যয়নে দেখুৱাইছে যে, ১৯৬০ চনৰ পৰা
গোলকীয় উষ্ণতা বৃদ্ধিয়ে অৰ্থনৈতিক বৈষম্য বৃদ্ধি কৰি আহিছে।পৃথিবীৰ বায়ুমণ্ডলত
সেউজ গৃহ গেছ সঞ্চয় হোৱা কাৰ্যৰ বৃদ্ধিয়ে সৃষ্টি কৰা উষ্ণতাৰ পৰিবৰ্তনে নৰৱে,
ছুইডেনৰ দৰে দেশবোৰক চহকী কৰিছে, অন্যহাতে
ভাৰত আৰু নাইজেৰিয়াৰ দৰে উত্তপ্ত দেশবোৰৰ উন্নয়নক পিচলৈ টানিছে।
পৰীক্ষাই প্ৰমাণ কৰিছে যে গোলকীয়
উষ্ণতা নথকা হ’লে সৰহভাগ অতি দৰিদ্ৰ দেশ যিমান দৰিদ্ৰ হ’লহেঁতেন তাতকৈ যথেষ্ট অধিক দৰিদ্ৰ হৈছে।এই কথা ষ্টেনফ’ৰ্ড বিশ্ব বিদ্যালয়ৰ জলবায়ু বিজ্ঞানী নোৱা ডিফেনবাগে(Noah Diffenbaugh)কৈছে।একে দৰে, সৰহভাগ ধনী দেশ যিমান ধনী হ’ব লাগিছিল তাতকৈ অধিক ধনী হৈছে।ষ্টেনফ’ৰ্ড বিশ্ব
বিদ্যালয়ৰে সহকাৰী অধ্যাপক মাৰ্শ্বাল বুৰ্কে(Marshall Burke)কৈছে
যে, ১৯৬১ চনৰ পৰা ২০১০ চনলৈ গোলকীয় উষ্ণতাই বিশ্বৰ অতি দুখীয়া দেশৰ প্ৰতিগৰাকী
ব্যক্তিৰ ১৭ ৰ পৰা ৩০ শতাংশ সম্পদ হ্ৰাস কৰিছে। গোলকীয় উষ্ণতা নথকা হ’লে দেশবোৰৰ মাজৰ ধনী দুখীয়াৰ ব্যৱধান কমি গ’লহেঁতেন।
বিষুব
অঞ্চলৰ পৰা মধ্যম দূৰত্বত থকা আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু জাপানকে ধৰি দেশবোৰৰ উন্নয়নত উষ্ণতাই কেনে
প্ৰভাৱ পেলাইছে সেয়া পৰিষ্কাৰ নহয়। বিশ্লেষণটোৱে জাহিৰ কৰিছে যে এইকেইখন দেশ আৰু আন উষ্ণ দেশবোৰৰ ওপৰত ১০ শতাংশতকৈ কম প্ৰভাৱ
পৰিছে।অলপ সংখ্যক দেশ অৰ্থনৈতিক উন্নয়নৰ বাবে উপযুক্ত উষ্ণতাৰ অঞ্চলত অৱস্থিত।
গোলকীয় উষ্ণতাই তেওঁলোকক উন্নতিৰ শিখৰৰ পৰা নমাব পৰা নাই, আৰু বহু ক্ষেত্ৰত তেওঁলোকক ওপৰলৈহে উঠাইছে। কিন্তু
ভৱিষ্যতৰ বৃহৎ পৰিমাণৰ উষ্ণতাই তেওঁলোকক সুবিধাজনক উষ্ণতাৰ পৰা বহু দূৰলৈ ঠেলি
পঠাব।
বছৰ বছৰ ধৰি
বতৰ পৰিবৰ্তনৰ প্ৰভাৱ সামান্য মাত্ৰ দেখা গ’লেও সিয়ে সময়ত নাটকীয় ভাৱে লাভ-লোকচান ঘটাব পাৰে।
উদাহৰণ স্বৰূপে ভাৰতবৰ্ষৰ অৰ্থনীতিৰ কথাকে উল্লেখ কৰিব পাৰি। দশক দশক কাল জুৰি
পুঞ্জিভূত হোৱা উষ্ণতাৰ প্ৰভাৱৰ ফলত ভাৰতৰ অৰ্থনীতি বৰ্তমান উষ্ণতা নোহোৱা হ’লে যিমান হলহেঁতেন তাতকৈ ৩১ শতাংশ
কম হৈছে। এনেবোৰ দেশৰ বাবে তুলনামুলক ভাৱে ই এক বৃহৎ ক্ষতি। জলবায়ু নীতিৰ আলোচনাৰ
ক্ষেত্ৰত উষ্ণতা হ্ৰাসকৰণৰ উদ্দেশ্যে দেশবোৰৰ মাজত সমান ভাৱে দায়িত্ব আৰোপৰ
ক্ষেত্ৰত নোৱা ডিফেনবাগ আৰু মাৰ্শ্বাল বুৰ্কে নতুন মূল্যৰ নিৰিখৰ বিশ্লেষণ আগ
বঢ়াইছে।।এই উদ্দেশ্যে প্ৰতিখন দেশে ইয়াৰ পূৰ্বৰ সেউজ গৃহ গেছৰ অৱদানৰ তুলনাত
গোলকীয় উষ্ণতাত কিমান প্ৰভাৱিত হৈছে তাক নিৰ্ণয় কৰিব লাগিব।যেতিয়া নেকি সকলোতকৈ অধিক
সেউজ গৃহ গেছ নিৰ্গত কৰোঁতা দেশে তেওঁলোক উষ্ণতাবিহীন অৱস্থাত থকা হ’লে যিমান অৰ্জন কৰিলেহেঁতেন তাতকৈ
এতিয়া গড় হিচাপে প্ৰায় ১০ শতাংশ অধিক মুঠ ঘৰুৱা উৎপাদন লাভ কৰিছে। অতি কম গেছ
নিৰ্গত কৰোঁতা দেশবোৰক প্ৰায় ২৫ শতাংশ তললৈ নমাই দিছে। ই এক বৃহৎ ক্ষতি। ২০১০ চনৰ
আগৰ দুটা বছৰত গোলকীয় উষ্ণতা বৃদ্ধি নোহোৱা হ’লে বাংলাদেশৰ মুঠ ঘৰুৱা উৎপাদন যিমান হলহেঁতেন তাতকৈ
১২ শতাংশ কম হৈছে। আফ্ৰিকাৰ উপ চাহাৰা দেশবোৰতো জলবায়ু পৰিবৰ্তন নোহোৱা হ’লে যিমান মুঠ জনমুৰি ঘৰুৱা উৎপাদন
হ’লহেঁতেন তাতকৈ ২০ শতাংশ কম হৈছে।গোলকীয়
উষ্ণতা বৃদ্ধিয়ে বহুধৰণে অৰ্থনৈতিক উৎপাদনত প্ৰভাৱ পেলায়।অতিমাত্ৰা গৰমত শ্ৰমিকৰ উৎপাদন
ক্ষমতা হ্ৰাস পায়, শস্য কমকৈ উৎপাদন হয়। বহু ধৰণে অতি মাত্ৰা উষ্ণতাই অৰ্থনৈতিক উন্নয়নত বাধা জন্মায়।ডিফেনবাগে কয়, “পৰিষ্কাৰ কথাটো হৈছে
যে দৰিদ্ৰ দেশবোৰৰ বাবে খবৰটো বৰ বেয়া।”
পুৰণি গৱেষণাৰ
ওপৰত ভিত্তি কৰি নতুন অধ্যয়নে গঢ়লৈ উঠিছে।‘নেচাৰ’ (Nature)আলোচনীৰ ২০১৫ চনৰ এক অধ্যয়নে দেখুৱাইছিল যে পৃথিবীৰ উষ্ণতা বৃদ্ধি নোহোৱা
হ’লে যেনে হ’লহেতেঁন তেনে নহৈ ২১০০ চনত
দুখীয়া দেশবোৰৰ গড় আয় ৭৫ শতাংশ হ্ৰাস পাব।তেতিয়া কিন্তু ধনী দেশবোৰে আয়ৰ ক্ষেত্ৰত
অধিক লাভৱান হ’ব।জলবায়ু পৰিবৰ্তনৰ আন্তঃৰাষ্ট্ৰীয় জুৰিয়ে(International
Panel on Climate Change চমুকৈ IPCC)সন্মিলিত
ৰাষ্ট্ৰ সংঘৰ জলবায়ু পৰিবৰ্তন বিজ্ঞান মণ্ডলে জনোৱা তথ্যৰ ভিত্তিত কৈছে যে যদি
গোলকীয় তাপ মাত্ৰা ১.৫ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পায় তেন্তে দৰিদ্ৰ দেশবোৰে জটিল
সমস্যাৰ সন্মুখীন হ’ব। এনে দেশবোৰৰ জাতিবোৰ ধ্বংস আৰু কোট
কোটি লোকৰ প্ৰাণ হানি হোৱাৰ সম্ভাৱনা আছে।এনে ধৰণৰ তথ্য প্ৰকাশৰ পূৰ্বে দৰিদ্ৰ দেশবোৰে সন্মুখীন হোৱা
গোলকীয় উষ্ণতা বৃদ্ধিৰ কু-প্ৰভাৱবোৰৰ ক্ষেত্ৰত জলবায়ু পৰিবৰ্তনৰ নীতি নিৰ্ধাৰকসকল কম
দায়িত্বশীল আছিল।
গৱেষকসকলে
দৰিদ্ৰ দেশবোৰৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বহনক্ষম শক্তি আহৰণ বৃদ্ধি কৰাৰ পৰামৰ্শ
দিছে। এনেবোৰ দেশ যিমানে উত্তপ্ত হ’ব সিমানে উন্নয়ন নিম্নগামী হ’ব।ঐতিহাসিক ভাৱে জৈৱিক ইন্ধনে দ্ৰুত উন্নয়নক শক্তিমান
কৰিছে। গৱেষণাই নিৰ্ণয় কৰিছে যে গোলকীয় উষ্ণতা
বৃদ্ধিয়ে অৰ্থনৈতিক বৈষম্যৰ প্ৰকোপ বৃদ্ধি কৰিছে আৰু ইয়াৰ শক্তিৰ উৎসবোৰৰ
অৰ্থনৈতিক লাভালাভেও আধিক উষ্ণতা বৃদ্ধিত সহযোগ কৰিছে। গোলকীয় উত্তাপে বৈষম্যৰ
সৃষ্টি কৰিছে বুলি নক’লেও ক’ব পাৰি যে ই অগ্ৰগতিক পিচলৈ টানিছে।আমাৰ গ্ৰহটোৰ সৰহভাগ মানুহ অতি দৰিদ্ৰ আৰু
গোলকীয় ধনী লোকসকলৰ পৰ্যাপ্ত ধন আছে।আমি সাঁতোৰিমনে ডুবিব লাগিব সেই সিদ্ধান্ত
লোৱাৰ ক্ষমতা তেওঁলোকৰে আছে।
‘জলবায়ু মীমংসা সোধপোছ অভিযোজনা’ ৰ (The Climate Equity Reference Project) সহ-সঞ্চালক টম এথানাছিওই (Tom Athanasiou) জলবায়ু পৰিবৰ্তন আৰু গোলকীয়
অৰ্থনৈতিক বৈষম্যৰ সন্দৰ্ভত তেওঁৰ প্ৰবন্ধৰ যোগেদি কৰা ব্যাখ্যাৰ কিছু কথাৰ পৰা
আমি বিষয়টোৰ গম্ভীৰতাৰ যথেষ্ট আভাস পাব পাৰোঁ। গোলকীয় দৃষ্টিভংগীৰে সমগ্ৰ মানৱ জাতিৰ আয়ৰ বিতৰণলৈ লক্ষ্য
কৰিলে দেখা যায় যে গোলকীয় জনসংখ্যাৰ অতি চহকী দহ শতাংশলোকে গোলকীয় আয়ৰ ৫২ শতাংশ
হস্তগত কৰিছে আৰু সকলোতকৈ ধনী এক শতাংশ আৰু ০.১ শতাংশই সৰ্বমুঠ আয়ৰ বৃহৎ অংশ লাভ কৰিছে।ইয়াৰ বিপৰীতে, বিশ্বৰ অতি দৰিদ্ৰ অৰ্ধেক
সংখ্যক লোকে মুঠ গোলকীয় আয়ৰ দহ ভাগৰ এভাগতকৈ কম আয় লাভ কৰে।এয়া নিশ্চয় কোনো পধ্যে
যুক্তসংগত কথা হোৱা নাই।আয়ৰ গোলকীয় বিতৰণৰ এনে বৈষম্যই জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰত
ল’ব লগা ব্যৱস্থাত কু-প্ৰভাৱ পেলাইছে।প্ৰথমেই গ্ৰীনহাউচ গেছ
নিৰ্গতকৰণৰ কথাকে উল্লেখ কৰিব পাৰি।ব্যক্তি,দেশ বা আয়ৰ গোটসমূহৰ সেউজ গৃহ গেছ
নিৰ্গতকৰণৰ হিচাপ-নিকাচ কৰিবলৈ গ’লেই আয়ৰ সৈতে সম্পৰ্কৰ কথা আহি পৰে।দ্বিতীয়তে, আজিৰ দিনত
চৰম মাত্ৰাৰ আয়ৰ স্তৰীকৰণে আৰু অধিক মৌলিকভাৱে সম্পদৰ স্তৰীকৰণে গোলকীয় ভাৱে
থিতাপি লোৱা বিপদ হৈ পৰিছে।আমি আমাৰ নিজক আৰু আমাৰ সভ্যতা ৰক্ষাৰ ক্ষেত্ৰত প্ৰায়
অসম্ভৱ কৰি তুলি চৰম অৰ্থনৈতিক বৈষম্য এক সামাজিক বিষবাষ্প হৈ পৰিছে।
মন কৰিবলগীয়া কথা
যে, সকলোতকৈ ধনীসকলে সকলোতকৈ দৰিদ্ৰসকলতকৈ সম্পূৰ্ণভাৱে পৃথক জীৱন যাপন কৰিছে।দৰিদ্ৰসকলে
প্ৰতিদিনে ১৪০ টকাতকৈ কমত জীৱন নিৰ্বাহ কৰিব লগা হৈছে আৰু অতি সামান্য পৰিমাণৰ
সেউজ গৃহ গেছ নিৰ্গতকৰণ কৰিছে।চৰম ধনী আৰু চৰম দৰিদ্ৰৰ মাজৰ গোটবোৰক মধ্যবিত্ত
বুলি বহুতে আখ্যা দিয়ে।কিন্তু গোলকীয় আয়ৰ বিতৰণৰ ক্ষেত্ৰত মধ্যমীয়া আয় বুলি ক’লে ই খাপ নোখোৱা হৈ
পৰে।ধনীসকলৰ সুখ-স্বাচ্ছন্দ্য আৰু নিৰাপত্তাৰ তাৎপৰ্যলৈ চালে কথাটো পৰিষ্কাৰ হৈ পৰে যে প্ৰকৃততে গোলকীয়
মধ্যবিত্ত শ্ৰেণীৰ বহুতো লোক চৰম দৰিদ্ৰ
শ্ৰেণীৰে অন্তৰ্ভূক্ত।
আমেৰিকাৰ এজন ১৪০০
টকা আয় কৰা লোকৰ কথাকে বিবেচনা কৰা যাওক। দৰিদ্ৰতাৰ দুৱাৰদলিৰ ১৪০ টকাকৈ প্ৰতিদিনে
আয় কৰা লোকতকৈ দহগুণ অধিক। কিন্তু এই ১৪০০ টকা আয়ৰ ঘৰ এখনেও দৈনন্দিন জীৱনৰ
প্ৰাথমিক প্ৰয়োজনীয়তা পূৰণৰ বাবে সংগ্ৰাম কৰিব লগীয়া হয়। মধ্য বিত্ত শ্ৰেণীৰ ৪০
শতাংশৰ আধাকে ধৰি প্ৰায় তিনি ভাগৰ দুভাগ লোকে প্ৰতিদিনে ১৪০০ টকাৰ কম আয়ত জীৱিকা
নিৰ্বাহ কৰি আছে।সেউজ গৃহ গেছ নিৰ্গতকৰণৰ বৈষম্যই নিবিড়ভাৱে আয়ৰ বৈষম্যৰ সৈতে
সমান্তৰালভাৱে আছে।সম্পদশালী দেশবোৰত বাস কৰা চহকীলোকসকলে অধিক পৰিমাণে সেউজ গৃহ
গেছ নিৰ্গত কৰে।সেয়ে কোনো আন্তৰ্জাতিক সহযোগিতাৰ প্ৰচেষ্টাত তেনে সম্পদশালীসকলক
দৰিদ্ৰ জনসংখ্যাৰ পৰা পৃথক কৰি বিবেচনা কৰা দৰকাৰ।
মন কৰিব লগীয়া কথা
যে শীৰ্ষ স্থানৰ ১০ শতাংশ লোকে পুৰণি চহকী দেশৰ নাগৰিক হিচাপে বসবাস কৰে। আধাতকৈ
বেছি ভাগে আমেৰিকা, কেনাডা আৰু ইউৰোপ মহাদেশত আৰু আন বহুতে বাস কৰে জাপান,
নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াত। সেয়ে গোলকীয় সেউজ গৃহ গেছ নিৰ্গতকৰণ কমাবলৈ হ’লে গোলকীয় ১০ শতাংশ ধনীয়ে
তেওঁলোকে ব্যৱহাৰ কৰি থকা শক্তি কৰ্তন কৰিব লাগিব। আমাৰ গোলকটোৰ ১০ শতাংশ ধনীয়ে
অৰ্থাৎ ৫,০০০ লাখ প্ৰাপ্তবয়স্কই গোলকীয় সেউজ গৃহ গেছ
নিৰ্গতকৰণৰ ৫০ শতাংশ দায়িত্ব বহন কৰি আছে।
বিশ্বৰ অৰ্ধেক
সংখ্যক দৰিদ্ৰলোকে গোলকীয় আয়ৰ দহ ভাগৰ এভাগতকৈ কম আয় লাভ কৰে। অন্য এটা মন কৰিব
লগীয়া কথা আছে যে কিছুমান অতি দৰিদ্ৰলোকে আমেৰিকা, ইউৰোপ আৰু আন আন উন্নত দেশৰ কিছুমান অঞ্চলত বাস
কৰে।আমাৰ ‘দ্বিগুণ বিভাজিত বিশ্ব’ত ধনী দুখীয়াক দ্বিধাগ্ৰস্ত, খঙাল আৰু ভয়াৰ্ত হৈ
পৃথকে পৃথকে থাকিবলৈ দিয়া হৈছে।এইটো সৰু কথা নহয়।দৰাচলতে, জৰুৰী ভাৱে জলবায়ু
পৰিবৰ্তনৰ মোকাবিলা কৰিবৰ বাবে আমি সকলো একগোট হৈ থিয় দিব লাগিব। আমাৰ মাজৰ
বৈষম্যই এই কাম জটিল কৰি তুলিছে।বিশেষ ভাৱে নৱ-উদাৰবাদী পুঁজিবাদৰ অধীনত গোলকীকৰণৰ
গতিশীলতাক ধনীসকলে যিদৰে ভাঁজ দিব বিচাৰিছে, সেই কথাই গোলকীয় মধ্যবিত্ত শ্ৰেণীত
প্ৰৱেশ কৰিবলৈ বিচাৰি থকা দৰিদ্ৰ পৃথিবীৰ দৰিদ্ৰসকলৰ বিৰুদ্ধে ধনী পৃথিবীৰ
দুখীয়াসকলক গৰ্তলৈ নিক্ষেপ কৰিছে।এই উত্তেজনাৰ বিষাক্ত পৰিণতি স্বৰূপে নিশ্চতভাৱেই
সকলোতে ‘লোকলুভাৱনবাদ’ৰ(Populism) চিন্তা সোমাই পৰিছে।গতিকে আমাৰ প্ৰকৃত ধনীসকলকলৈয়ে সমস্যা
হয়-যিসকলে কথাবোৰত আভুৱা ভাৰি থাকে।এই ধনীসকলৰ সকলোৱেই সম্পদশালী দেশত বাস নকৰে। আমাৰ
ভাৰতবৰ্ষৰ দৰে দেশতো কমকৈ এচাম সম্পদশালীলোক আছে।তেওঁলোকৰ বিপুল পৰিমাণৰ ধন-সম্পদ
আছে। প্ৰশ্ন হয়, তেওঁলোকে নিজৰ দেশৰ দৰিদ্ৰসকলৰ কাষত থিয় দিবনে গোলকীয় চহকীসকলৰ
কাষত থিয় দিব ? এতিয়া বাণিজ্যৰ পৰিধি কেৱল আয়তে সীমাবদ্ধ হৈ থকা নাই, মানৱ
জাতিৰ শক্তি আৰু গুৰুত্বপূৰ্ণ জটিল বিষয়ত বিশেষ মাত্ৰাত ধাৱমান হৈছে।আন কিছু
মাত্ৰাত গাঁথনিগত দৌৰাত্ম্য চলাইছে। অতি চহকীসকলে আন্তঃগাঁথনি নিৰ্মাণ কৰে, পৰিকল্পনা তৈয়াৰ কৰে
আৰু তেওঁলোকৰ নিজৰ পছন্দ অনুযায়ী ঠুনুকা গণতন্ত্ৰ দমন কৰে।তেওঁলোকে বাণিজ্যিক
সম্পৰ্কত কাৰিকৰীকৰণ কৰি সমগ্ৰ বিশ্বতে সংহতি বিনাশ কৰে।ভুৱা বাৰ্তা বিয়পাই দিয়ে,
দৰকাৰ মতে সংগঠনবোৰক প্ৰয়োজনীয় মাত্ৰাত দমন কৰে।বৰ্তমানৰ বছৰকেইটাত ভাৰতবৰ্ষত
দৰিদ্ৰৰ হকে (Pro-poor) হাতত লোৱা নীতিবোৰ বেচিকৈ সফলকাম হৈছে।“লোকলুভাৱনবাদী”(Populist) বুলি আখ্যা দিয়া
ৰাজনৈতিক দলে দৰিদ্ৰ শ্ৰেণীটোক বুনিয়াদী সুচলতাবোৰ প্ৰদান কৰাত কেৱল কেন্দ্ৰতে নহয়
ৰাজ্য চৰকাৰতো সফল হৈছে।যেইকি নহওক, যেতিয়া নেকি ই অৰ্থনীতিৰ মূল সুঁতিলৈ অধিক
লোকক আনিছে, বিশেষকৈ সুবিধাৰ পৰা বঞ্চিতসকলক, ই এক সমাধান নহৈ বৈষম্যৰ লক্ষ্যণবোৰৰ
প্ৰতি ৰাজনৈতিক সঁহাৰি হৈছে।অৰ্থনৈতিক বৈষম্য দূৰ কৰাৰ পৰিবৰ্তে চিৰকাল স্থায়ী কৰা
ভাৰতীয় অৰ্থনৈতিক পদ্ধতিৰ মূল চৰিত্ৰৰ ওপৰত দেশৰ জনতা বা ৰাজনৈতিক দলবোৰ কোনেও
প্ৰশ্ন কৰা নাই।
সম্ভ্ৰান্তলোকসকলে
একত্ৰিত হৈ নিজক অগ্ৰাধিকাৰ দি সম্পদৰাজিৰ নিৰ্ধাৰণ কৰে, নিজকে বাস্তৱৰ পৰা নিলগাই
ৰাখে, যেতিয়া জনতাই সামূহিক ভাৱে যাতনা ভোগ কৰে তেতিয়া তেওঁলোক নিজৰ সংকীৰ্ণ
স্বাৰ্থৰ যুক্তি লৈ আগুৱাই আহে।পৰিবেশৰ হেঁচাত ধ্বংসৰ ফালে গতি কৰাটো অনুভৱ নকৰে। ধনী দেশবোৰে দৰিদ্ৰ
দেশবোৰক যদি জলবায়ু পৰিবৰ্তনৰ ফলত দুৰ্ভিক্ষত পৰিবলৈ এৰি দিয়ে তেন্তে সেই একে
পথেৰেই সাগৰ পৃষ্ঠ ওফন্দি উঠি অৱশেষত ধনীসকলৰো একে দশা কৰিব।তাৰ আগ জাননী দি চলিত
বছৰতে বৰ্ধিত তাপ মাত্ৰাই অনেক দেশৰ স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত কৰিছে।বাতৰিত
প্ৰকাশ যে এই বছৰ ইউৰোপৰ বিভিন্ন অঞ্চল তাপ প্ৰবাহৰ কবলত পৰিছে। উষ্ণতাৰ
অস্বাভাৱিক বৃদ্ধি অভিলেখ সৃষ্টিৰ দিশে অগ্ৰসৰ হৈছে।ইউৰোপৰ বিভিন্ন দেশত উষ্ণতা
বৃদ্ধিৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে পেৰিছৰ পৰা বাৰশ্বৰলৈকে ‘হিট এলাৰ্ট’ জাৰি কৰিব লগা হৈছে। বতৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে আফ্ৰিকাৰ উত্তৰ প্ৰান্তৰ পৰা প্ৰবাহিত গৰম বতাহৰ বাবেই
উপমহাদেশখনত জুন মাহৰ উষ্ণতা অতি উচ্চ স্তৰলৈ গতি কৰিছে আৰু ই গড়ে ৪০ ডিগ্ৰী
চেলছিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।বতৰ বিজ্ঞানৰ তথ্য অনুযায়ী বাৰ্লিন, পোলেণ্ড
আৰু পেৰিছ আদি ঠাইৰো তাপ মাত্ৰাৰ হাৰ বৃদ্ধি পাইছে। প্ৰচণ্ড গৰমে ফ্ৰান্স, স্পেইন
আদি দেশৰ লোকসকলৰো জনজীৱন দুৰ্বিহ কৰি তুলিছে।
জলবায়ু পৰিবৰ্তনে
ইতিপূৰ্বেই অৰ্থনৈতিক ভগনীয়াৰৰ সৃষ্টি কৰিছে।এনে পৰিবেশৰ বাবেই বাংলাদেশৰ পৰা
অসমলৈ অবৈধ অনুপ্ৰৱেশ ঘটিছে আৰু জটিল সমস্যাৰ সৃষ্টি হৈছে। সেইদৰেই আমেৰিকাৰ
কেন্দ্ৰস্থলৰ পৰা প্ৰস্থান কৰি এচাম লোক দক্ষিণ আমেৰিকাৰ সীমান্তলৈ গতি কৰিছে আৰু যাত্ৰা পথতে এই
পৰ্যন্ত দুই শতাধিকতকৈ অধিক ভগনীয়াই প্ৰাণ হেৰুৱাইছে। আগন্তুক দশকবোৰত অধিক
প্ৰবৰ্জনৰ সম্ভাৱনা আছে।শেহতীয়া গৱেষণাই পৰামৰ্শ দিয়ে যে গোলকীয় উষ্ণতা হ্ৰাস কৰি
প্ৰবৰ্জন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰি।কাৰণ, ইয়াৰ দ্বাৰাই তেনে লোকসকলৰ দেশৰ
ঘৰুৱা অৰ্থনীতি অধিক বেয়ালৈ যোৱাত বাধা দিব আৰু অধিক সমৃদ্ধিশালী দেশলৈ যোৱাত নিৰুৎসাহিত কৰিব। মন্তব্য ৰাখিব পাৰি যে সেউজ প্ৰযুক্তি বিপ্লব (The Green Technology Revolution) সূচনা কৰি আজিয়েই বায়ু চকৰি (Wind Turbine) নিৰ্মাণ কৰিলে অহা কালিলৈ প্ৰাচীৰ
নিৰ্মাণ কৰাৰ প্ৰয়োজন নহয়।গোলকীয় জলবায়ু পৰিবৰ্তনৰ ফলত অতি জটিল সমস্যাৰ সমুখীন
হোৱাৰ পূৰ্বেই বিশ্বৰ প্ৰত্যেকখন দেশেই ‘সৰ্বাংগীণ বহনক্ষম উন্নয়ন’ত মনোনিবেশ কৰা উচিত।
--------)(--------
No comments:
Post a Comment