Sunday 25 February 2018

ভাৰতবৰ্ষৰ অৰ্থনৈতিক বৈষম্য(প্ৰবন্ধ)

আয় আৰু সম্পত্তিৰ পৰিমাপ কৰিবলৈ যাওঁতে বিশ্বৰ বৈষম্যমূলক দেশবোৰৰ ভিতৰত এখন হিচাপে ভাৰতে স্বীকৃতি পাইছে৷ New World Wealth নামৰ জুহান্সবাৰ্গ স্থিত এটা কোম্পানীৰ তথ্য অনুযায়ী,গোলকীয়ভাৱে ভাৰত দ্বিতীয় অধিক বৈষম্যৰ দেশ, য’ত কোটিপতিসকলে  দেশৰ মুঠ সম্পদৰ ৫৪% নিয়ন্ত্ৰণ কৰে৷ ৫,৬০০ বিলিয়ন ডলাৰ মুঠ ব্যক্তিগত সম্পত্তিৰে সৈতে ভাৰত বিশ্বৰ দহখন অতি চহকী দেশৰ অন্তৰ্ভুক্ত হৈছে-আৰু তথাপি গড় হিচাপে ভাৰতীয়সকল তুলনামূলক ভাৱে দৰিদ্ৰ ৷ বিশ্বৰ সকলোতকৈ সমতাৰ দেশ জাপানৰ লগত ইয়াক তুলনা কৰি চালে দেখা যায়, তথ্য অনুযায়ী জাপানৰ মুঠ সম্পদৰ মাথো ২২% হে কোটিপতিসকলে নিয়ন্ত্ৰণ কৰে৷

আগশাৰীৰ আন্তৰ্জাতিক বিত্তীয় সেৱাৰ কোম্পানী The Credit Suisse ৰ শেহতীয়া তথ্য মতে, ভাৰতত ১% অতি ধনৱানে দেশৰ ৫৩% সম্পদৰ অধিকাৰী হৈছে৷ অতি ধনৱান ৫% ই ৬৮.৬%, যেতিয়া নেকি ১০% শীৰ্ষ চহকীৰ হাতত ৭৬.৩% সম্পদ আছে৷ ইয়াৰ বিপৰীতে তুলনামূলক ভাৱে দৰিদ্ৰ চামে জাতীয় সম্পদৰ ৪.১% বাবে ঠেলা-ঠেলি কৰি থাকে৷
অতি চহকীসকলৰ বাবে বাতাৱৰণ অধিক অনুকূল হৈ গৈ আছে৷ The Credit Suisse ৰ তথ্য অনুযায়ী দেখা যায় যে ২০০০চনত ভাৰতৰ সকলোতকৈ ধনী ১% লোকে মাত্ৰ দেশৰ মুঠ সম্পদৰ ৩৬.৮% নিজৰ কৰি লৈছিল ; তেতিয়া শীৰ্ষত থকা ১০% ৰ অংশ আছিল ৬৫.৯%৷ সেই সময়ৰ পৰা তেওঁলোকৰ অংশ দ্ৰুতহাৰত বাঢ়ি গৈ শীৰ্ষৰ ১% ৰ এতিয়া সম্পদ ৫০% তকৈ বেছি হ’ল৷ এইটো আমেৰিকাতকৈ বহুত বেছি৷ তাত মুঠ সম্পত্তিৰ ৩৭.৩% হে ১% ধনীৰ ভাগত পৰিছে৷ পিছে ৰাছিয়াৰ এই হাৰ আৰু অধিক৷ তাত দেশৰ সম্পত্তিৰ ৭০.৩% ই শীৰ্ষ ১% লোকে দখল কৰিছে৷
আন্তৰ্ৰাষ্ট্ৰীয় দাতব্য সংগঠন অ’ক্সফাম(Oxfar) য়ে বিশ্বাস কৰে যে ভাৰত আৰু বিশ্বৰ আন বহুতো দেশৰ প্ৰচণ্ডভাৱে বৰ্ধিত বৈষম্যই অনিষ্ট সাধন কৰিছে আৰু সেই দেশবোৰে তাক ৰোধ কৰাৰ চেষ্টা চলাব লাগে৷ বৈষম্য বাঢ়ি যোৱাটোৱে দৰিদ্ৰতা হ্ৰাস কৰা কাম নিম্নমুখী কৰিব,বহনক্ষম অৰ্থনৈতিক বৃদ্ধি বিনাশ কৰিব, পুৰুষ আৰু মহিলাৰ বৈষম্য বঢ়াব, স্বাস্থ্য, শিক্ষা আৰু জীৱনৰ সুযোগবোৰ বৈষম্যলৈ পৰিচালিত কৰিবL
ভাৰতত ১৯৮০ চনৰ পৰা কৰি  অহা অনিয়ম আৰু মুক্তঅৰ্থনীতিৰ সংস্কাৰসমূহৰ ফলত ইমান বেছি বৈষম্য  বাঢ়িছে  যে শীৰ্ষ .% উপাৰ্জনকাৰীয়ে তলৰ  যৌথভাৱে ৫০% লোকতকৈ  অধিক  বৃদ্ধি  দখল কৰি লৈছে৷ এই কথা উল্লেখ কৰিছে বিশ্ব  বৈষম্য তথ্য ২০১৮ (World Inequality Report 2018) বিশ্ব বৈষম্য পৰীক্ষাগাৰে( The World Inequalty Lab) ব্যক্তিগতকৰণ  আৰু বৰ্ধিত উপাজৰ্ন বৈষম্য লগ লাগি  দেশীয় ভাৱে আৰু গোলকীয়  স্তৰত  সম্পত্তিৰ  বৈষম্যত  ইন্ধন  যোগালে , ব্যক্তিগত  মূলধন  কেজইজনমান  ব্যক্তিৰ মাজত  বৰ্ধিত  হাৰত  ৰৈ  গৈছে ৷
বিশ্ব অৰ্থনৈতিক ফ’ৰামৰ মতে, আগন্তুক দশকত অতিমাত্ৰা আয়ৰ বৈষম্যই এক শীৰ্ষ গোলকীয় বিপদৰ আশঙ্কা স্বৰূপে দেখা দিব৷ অৰ্থনৈতিক বৈষম্যৰ বাবে  মানসিক বিকাৰ, উশৃঙ্খলতা, আৰু অপৰাধৰ দৰে সামাজিক সমস্যাই গা কৰি উঠা পৰিলক্ষিত হৈছে৷ ধনী দুখীয়া উভয় দেশতে এয়া সত্য প্ৰমাণিত হৈছে৷ বৈষম্যই সকলোকে আঘাত হানিব৷
আমাৰ দেশৰ আয়ৰ বৈষম্যৰ কাৰণ স্বৰূপে তলত উল্লেখিত কথাবোৰকে আঙুলিয়াব পাৰি৷
সেইবোৰ হ’ল চৰকাৰী নীতি, উদাৰীকৰণ নীতি, বৰ্ধিত নিবনুৱা, উচ্চহাৰৰ দৰ্মহাভোগীৰ দৰ্মহা বৃদ্ধি, অনুদান  দিয়া ইত্যাদি৷
আয়কৰৰ উচ্চ নিৰীখ ৫০ৰ পৰা ৩০ শতাংশলৈ নমাই দিয়া হ’ল৷ কৰ নীতি ক্ৰমবৰ্ধমানৰ(ধনীক তুলনামূলক ভাৱে অধিক কৰ আৰোপ কৰা)পৰা প্ৰত্যাগমনশীল(কম সচ্ছলজনক তুলনামূলকভাৱে বেছি কৰ আৰোপ কৰা)স্তৰলৈ নিয়া হ’ল৷ মুক্ত বজাৰে বৈষম্য বৃদ্ধি কৰে৷ ১৯৯১ চনত নৰসিংহম চৰকাৰে উদাৰীকৰণ নীতি লোৱাৰে পৰা আৰু তাৰ পিছৰ অকংগ্ৰেছী চৱকাৰে তাক বাহাল ৰখাত প্ৰত্যক্ষ ভাৱে  বৈষম্য বাঢ়ি গৈ আছে৷ বিগত ২-৩ টা দশকত দেশত সামান্য উদ্যোগিক উন্নয়ন হৈছে৷ সেৱা খণ্ডত প্ৰবল কৰ্মহীনতা সংঘটিত হৈছে৷ ই নিবনুৱা সমস্যা, অসুৰক্ষা আৰু বৈষম্য বৃদ্ধি কৰিছে৷ কম হাৰত দৰ্মহা পোৱা কৰ্মচাৰীতকৈ চম ভাৱে উচ্চহাৰত দৰ্মহা পোৱাসকলৰ দৰ্মহা বৃদ্ধিয়েও অসমতা বঢ়ায়৷
চৰকাৰে কিয় ইমান বেছি টকা অনুদানত ব্যয় কৰিব লাগে? সাৰ, খাদ্য শস্য আৰু ঘৰুৱা গেচৰ ওপৰত অনুদান কৰ্তন কৰি ভাৰতীয় জনতা দলৰ চৰকাৰে ১৯৯৯ চনৰ ফ্ৰেব্ৰুৱাৰীত ২,০০০ কোটি টকাতকৈ অধিক ৰাহি কৰিছিল৷ এই কামত  কিছু ৰাজনৈতিক হেঁচা নোপোৱা হ’লে ৪,০০০ কোটি টকাই ৰাহি কৰিব পাৰিলেহেঁতেন৷ 
এইটো ধাৰণা কৰা হৈছে যে উচ্চ শিক্ষা, ক্ৰীড়া আৰু কলাৰ ওপৰত অযোগ্য অনুদান কৰ্তন কৰি,পানী যোগান আৰু অনাময় ব্যৱস্থাৰ অনুদান হ্ৰাস কৰি, জলসিঞ্চনৰ মাচুল বঢ়াই, বিদ্যুৎ পৰিষদৰ অনুদান বিলোপ কৰি চৰকাৰে  তৎকালিন ভাৱে প্ৰায়  ৯০০০ কোটি টকা আৰু চাৰি বছৰত ৩০০০০ কোটি টকা ৰাহি কৰিব পাৰে৷  
কিছুমান ৰাজনৈতিক দলে এই বুলি প্ৰতিবাদ কৰে যে দুখীয়া মানুহে কষ্ট পাব বুলি কোৱাটো অযুক্তিকৰ, যিহেতু দৰিদ্ৰ সীমা ৰেখাৰ তলৰ (যিহেতু ভাৰতৰ মুঠ জনসংখ্যাৰ ৩৬% লোক) লোকসকলে ৰন্ধন গেচ ব্যৱহাৰ নকৰে৷ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ যোগে কম মূল্যত দৰিদ্ৰলোকক বিতৰণ কৰা বুলি দেখুওৱা খাদ্য শস্যৰ  সামান্যতমহে তেওঁলোকৰ ওচৰ পাইগৈ৷ বিহাৰ, মধ্যপ্ৰদেশ, অসম, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ- এই অতিকৈ দৰিদ্ৰ ৰাজ্যৰ লোকসকলে ৰাজহুৱা বিতৰণৰ মাথো ১০% হে লাভ কৰে৷ 
ক্ষুদ্ৰ স্বাৰ্থজড়িত দলীয় একাধিপত্য নীতি প্ৰস্তুত পদ্ধতি বন্ধ কৰিব লাগিব আৰু বৃহত্তৰ সমাজৰ কাৰণে বহু কৰণীয় আছে৷  বৈষম্য আৰু দৰিদ্ৰতা দূৰ কৰিবলৈ হ’লে দৰিদ্ৰসকলে ৰাজনৈতিক ক্ষেত্ৰত যথেষ্ট শক্তিশালী মত পোষণ কৰিব পাৰিব লাগিব যাতে নীতি নিৰ্ধাৰণ কৰোঁতাসকলক বশীভূত কৰিব পাৰে৷
ভাৰত তথা সমগ্ৰ বিশ্বতে একেৰাহে বৈষম্য বাঢ়ি যোৱাটো কাম্য নহয়৷ এইটো নীতি নিৰ্ধাৰণৰ ফলাফল৷ বজাৰ সৰ্বস্ব নীতি পৰিহাৰ কৰি, শক্তিশালী উচ্চ শ্ৰেণীটোৰ বিশেষ স্বাৰ্থৰ বিৰোধিতা কৰি আৰু যিবোৰ নীতি আৰু ব্যৱস্থাৰ ফলত বৈষম্যৰ প্ৰকোপ বাঢ়িছে সেইবোৰ সলনি কৰি চৰকাৰে বৈষম্য হ্ৰাসকৰণ আৰম্ভ কৰিব পাৰে৷ চৰকাৰে এনে সংস্কাৰ সাধন কৰা উচিত যাৰ দ্বাৰা সমাজ ব্যৱস্থাত টকা আৰু ক্ষমতাৰ পুনৰ বিতৰণ সংঘটিত হয়৷
বিশেষভাৱে, কৰ ব্যৱস্থা আৰু সামাজিক ব্যয়ৰ ক্ষেত্ৰত পৰিবৰ্তন সাধিব পাৰিলেই অৰ্থনৈতিক সমতা সম্ভপৰ হ’ব৷
প্ৰগতিশীল কৰ  ব্যৱস্থাত  নিগম  আৰু  ধনী ব্যক্তিসকলে   সমাজত  পুনৰ  বিতৰণৰ বাবে দেশক  অধিক  ধন  দিব  লাগে৷  চৰকাৰে  প্ৰগতিশীল  প্ৰত্যক্ষ কৰ  আৰোপ  কৰি  এই  উদ্দেশ্যত  সফল    পাৰে৷ শিক্ষা, স্বাস্থ্য আৰু সামাজিক সুৰক্ষা আদিত ৰাজহুৱা ব্যয়ও অতি গুৰুত্বপূৰ্ণ৷  ১৫০ খনতকৈ অধিক দেশৰ উদাহৰণ আৰু ৩০ বছৰতকৈ অধিক কালৰ নিৰীক্ষণৰ পৰা এইটো দেখা গৈছে যে ৰাজহুৱা সেৱাত আৰু সামাজিক সুৰক্ষা ক্ষেত্ৰত কৰা বিনিয়োগে বৈষম্যক প্ৰতিহত কৰিব পাৰে৷ সেয়ে বহু বছৰ ধৰি অ’ক্সফামে(Oxfam)য়ে বিনামূলীয়া সাৰ্বজনীন  সেৱাৰ বাবে প্ৰচাৰ অভিযান চলাই আহিছে৷
দুয়োটা দিশতে ভাৰতৰ দক্ষতা পুতৌ লগা ধৰণৰ৷ অ’ক্সফাম(Oxfam)ৰ ২০১৭ চনৰ তথ্য অনুযায়ী মুঠ ঘৰুৱা উৎপাদনৰ মাত্ৰ ১৬.৭% হে কৰৰ পৰা আহে৷ এইটো অতি নিম্ন মানৰ৷ যিহেতু কৰ ব্যৱস্থা প্ৰগতিশীল নহয়, সেয়ে মুঠ কৰৰ তিনিভাগৰ এভাগহে প্ৰত্যক্ষ কৰৰ পৰা আহে৷ সামাজিক ব্যয়ৰ ক্ষেত্ৰতো ভাৰত তুলনামূলক ভাৱে অদক্ষ প্ৰতিপন্ন হৈছে৷ মুঠ ঘৰুৱা উৎপাদনৰ মাথো ৩% হে শিক্ষা খণ্ডত আৰু ১.১% মাত্ৰ স্বাস্থ্য খণ্ডত ব্যয় কৰা হয়৷


অ’ক্সফামে(Oxfam) গণনা কৰিছে যে যদিহে ভাৰতে বৈষম্য অধিক বৃদ্ধি হ’বলৈ নিদিয়ে তেন্তে ২০১৯ চনৰ ভিতৰত ৯০ মিলিয়ন লোকৰ চৰম দৰিদ্ৰতাৰ পৰিসমাপ্তি ঘটাব পাৰিব৷ যদি এইটো অধিক আগুৱাই নিয়ে আৰু ৩৬% বৈষম্য হ্ৰাস কৰা হয় তেন্তে ভাৰতে প্ৰকাৰন্তৰে চৰম দৰিদ্ৰতা দূৰ কৰিব পাৰিব৷  বিশ্বৰ অন্যান্য দেশৰ লগতে ভাৰতেও ২০৩০ চনৰ ভিতৰত বহন ক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ লগতে সেই বছৰতে চৰম দৰিদ্ৰতাৰ পৰিসমাপ্তি ঘটোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে৷ কিন্তু বাঢ়ি গৈ থকা চৰম বৈষম্য দূৰ কৰাৰ চেষ্টা নকৰিলে দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা ৩০০ মিলিয়ন ভাৰতীয়ৰ চৰম দৰিদ্ৰতা দূৰীকৰণৰ সপোন সপোন হৈয়ে ৰ’ব৷ দৰিদ্ৰ ভাৰতীয়সকলে মুক্তিৰ অপেক্ষাত থকা জেলৰ কয়েদীৰ দৰে দৰিদ্ৰতাৰ কাল কুঠৰীৰ পৰা বাহিৰ হ’বলৈ আশা কৰি স্বাধীনোত্তৰ কালৰ সাতোটা দশক পাৰ কৰাৰ পিচতো আৰু কিমান বছৰ বাট চাব লাগিব?  
                     ++++++সমাপ্ত++++++ 
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ বহুল প্ৰচাৰিত জনপ্ৰিয় পষেকীয়া আলোচনী 'প্ৰান্তিক'ৰ ১৬-২৮ ফেব্ৰুৱাৰি ২০১৮ সংখ্যাত প্ৰকাশ পাইছে৷