Tuesday 11 July 2023

মোৰ চিৰ নমস্য আলোকৰে যাত্ৰীসকলৰ এগৰাকীৰ স্মৃতি ৰোমন্থন

“এইটো, এইটো অনিল হয়।গাডী ৰখা।“ মাততে ধৰিব পাৰিলো আগন্তু়ক়জন কোন।তেঁও মোমাইদেউ ডাঃ প্ৰদীপ কুমাৰ বৰুৱা। ড্ৰাইভাৰে মোৰ নিচেই কাষতে গাডীখন ৰখাই দিলে। “অনিল, গাডীত উঠ, ৰ’বলৈ সময় নাই।গাডীতে কথা পাতিম।“ মই গাডীত উঠি বহি ললোঁ।গাডী চলিব ধৰিলে। গন্তব্য স্থান ঢকুৱাখলা বালি গাঁৱৰ উজনী পথাৰ, য’ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৫ তম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি চলি আছে।খা-খবৰ সুধ পুচৰ পিছতে আমি অধিৱেশন কেনেকৈ সফল কৰিব পৰা যাব সেই লৈ আলোচনা কৰিলোঁ।তেওঁ নানা পৰামৰ্শ আগবঢালে। এয়া আছিল ১৯৮৬ চনৰ কথা। বহাগ বিহুৰ কেইদিন মানৰ আগতেই চুটি লৈ কৰ্মস্থলি এৰি ঢকুৱাখনাৰ ঘৰত আছিলোঁহি।সেয়েহে ভাগ্যে মোমাইদেউ ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱাদেৱক লগ পাই গলোঁ। কাৰণ,৭,৮,৯,১০ এপ্ৰিলত অধিৱেশন অনুস্থিত হৈছিল।ইয়াৰ পূ্ৰ্বে ১৯৮৫ চনৰ ১১ আৰু ১২ মে’ ত ঢকুৱাখনাত অনুস্থিত ধেমাজি জিলা চুতীয়া সন্মিলনৰ ৭ম বা্ৰ্ষিক অধিৱেশনৰ স্থলিতো তেওঁক সৌভাগ্যক্ৰমে কিছু সময়ৰ বাবে লগ পাইছিলোঁ। তেতিয়াও সেই একেই ব্যস্ততা। তাৰ মাজতেই ফৰকাল বতৰৰ নমুনা বহন কৰা হাস্যবদন মুখায়বৰ মানুহজনে নিজ বাসগৃহতহে যেন কোনো মাংগলিক অনুস্থান পাতিছে ঠিক তেনেদৰে নিজৰ দায়িত্বভাৰ পালন কৰি গৈছে। এনে কৰ্মযোগী ব্যক্তিয়ে সহযোগীসকলক কৰ্মক্ষেত্ৰত পূৰ্ণ উদ্যমে লাগি যাবলৈ প্ৰেৰণা যোগায়।সেয়েহে চাগৈ অনুস্থানবোৰ অতি নিয়াৰিকৈ অনুস্থিত গৈছিল। ১৯৮৬ চনত ঢকুৱাখনাত অনুস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সময়ত লগ পোৱাৰ পিছত আৰু ডাঃ প্ৰদীপ কুমাৰ বৰুৱাদেৱক পুণৰ লগ পোৱাৰ সৌভাগ্য নঘটিল। ১৯৯১ চনৰ ১০ জানুৱাৰী তাৰিখে তেওঁ বৈকুন্ঠগামী হয়।গাঁৱলীয়া বেংকৰ চাকৰিৰ খাটিৰত অসমৰ তেনেই ভিতৰুৱা ঠাইত থাকি ব্যস্ততাৰে সময়বোৰ পাৰ কৰি নিচেই আপোনজনৰ সান্নিধ্যৰ পৰাও বঞ্চিত হ’লোঁ।এই ক্ষেত্ৰত মোৰ দৰে পথভ্ৰষ্ট ল’ৰা এটাক বেংক বিষয়া হিচাপে প্ৰতিস্থিত হোৱাত অনুপ্ৰেৰণা যোগাই যোৱা ডাঃ প্ৰদীপ কুমাৰ বৰুৱাৰ দৰে মহানুভৱ ব্যক্তিসকলেই জগৰীয়া নহয় নে? ঢকুৱাখনা বালি গাঁৱৰ তিনি আলিৰ যিটো পথেৰে অসমৰ স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ ধৰলৈ যায়, যিটো পথেৰে ঘাঁহি গাঁৱৰ গুণী জ্ঞানী শিক্ষক,সমাজ সেৱক তথা মহানুভৱ ব্যক্তি শ্ৰীযুত দেৱৰাম সুতৰ ঘৰলৈ যায় তাৰ উত্তৰ পাৰে ডাঃ প্ৰদীপ মোমাইদেউহঁতৰ ঘৰ আৰু দক্ষিণ পাৰে আমাৰ ঘৰ।সেয়েহে সৰুৰে পৰা তেওঁক দেখি আহিছোঁ, তেওঁৰ গুণবোৰ যিমান পাৰোঁ অনুকৰণ কৰি আহিছোঁ।তেওঁলোকৰ ঘৰৰ এমূৰত থকা প্ৰতীক কোঠাৰ বেৰত আঁৰি থোৱা তেওঁলোকৰ স্বৰ্গগত পিতৃদেৱ দীনবন্ধু বৰুৱাৰ বন্ধাই থোৱা ফটোখনলৈ সৰু কালত ৰ’লাগি চাই আছিলোঁ।একেদৰেই ভেবালাগি চাইছিলোঁ তেওঁলোকৰ ঘৰত থকা সেই ৰজা দিনীয়া অতি দীঘল হেংদাংখন।মোমাইদেউহঁতে আমাক কৈছিল যে সেইখন চুতীয়া ৰজাৰ সেনাপতিৰ হেংদাং।তেতিয়াই আমি জানিছিলোঁ –তেওঁলোকৰ উপৰি পুৰুষৰ এজনা আছিল চুতীয়া ৰজাৰ সেনাপতি। আমি সৰু হৈ থাকোঁতে সেই ঘৰখনৰ মূল কেন্দ্ৰবিন্দু তথা আকৰ্ষণৰ অধিকাৰী আছিল তেওঁলোকৰ পূজনীয়া মাতৃ।আমাৰ ভাৱ হৈছিল যেন ঘৰৰ বাৰাণ্ডাৰ বৰপীৰাত বহি দেৱীসদৃশ বগী ধকধকী আইটাগৰাকীয়েই সমস্ত ঘৰখনৰ সকলো দিশ সুচাৰুৰূপে পৰিচালনা কৰি গৈছিল।নিচেই সৰুৰে পৰা মোমাইদেউঙঁতৰ পিতৃ-নাতৃৰ প্ৰতি থকা অগাধ ভক্তি দেখি আহিছোঁ।তাৰে প্ৰভাৱ আমাৰ ওপৰতো কিঞ্চিত পপিমান হ’লেও নিশ্চয় পৰিছিল।মোমাইদেউহঁতে প্ৰতি বছৰে ককাৰ বছেৰেকীয়া শ্ৰাদ্ধ পাতিবলৈ ঘৰলৈ আহিছিল। ঘৰখন উলহ মালহেৰে উপচি পৰিছিল। আমি কণ কণ মখাই বেছ আমোদ উপলব্ধি কৰিছিলোঁ। নিচেই সৰু কালতেই মোমাইদেউসকলৰ দৰে বৰ মানুহ হোৱাৰ এক উচ্চ অভিলাসে মানস পটত জন্ম লভিছিল। সেয়েহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ভৱিষ্যতে এজন ডাক্টৰ হোৱাৰ পৰিকল্পনাৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তি কৰিলোঁ। পিছে আমাৰ ঘৰৰ আ্ৰথিক অৱস্থা অতিকৈ দুৰ্বল হোৱা বাবে মোৰ হাবিয়াস পূৰণ হোৱাৰ আশা ক্ষীণ হৈ আহিল।দেউতা আছিল বানপানীৰ সৈতে তাল মিলাই ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰা এজন সংগ্ৰামী কৃষক আৰু লগতে কানেকান মাৰি ঘৰখন চলাই নিবলৈ চেষ্টা চলাই যোৱা বজাৰত বেপাৰ কৰা সামান্য লোক যাৰ সৈতে বজাৰত এই অভাজনেও চুন বিক্ৰী কৰিছিলোঁ।চুনৰ টিন সমুখত লৈ বেপাৰ কৰাজন আঁতৰি গৈ কলেজত বিজ্ঞান পঢাটো আৰ্থিক কাৰণত অসম্ভৱ হৈ পৰিল।হিন্দী বিষয়ত বিশাৰদ পৰীক্ষা পাছ কৰি আছিলোঁ বাবে চাকৰি কৰাৰ কথা ভাৱিলোঁ। উত্তৰ লখিমপুৰ কলেজ এৰি ধেমাজি উচ্চ বুনিয়াদী বিদ্যালয়ত অবৈতনিকভাৱে হিন্দী শিক্ষকৰ চাকৰিত যোগ দিলোঁগৈ।অজানিতে আৰ্থিক সংকটৰ এক কৰাল গ্ৰাসৰ মাজত সোমাই পৰিলোঁ। তাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছিলোঁ ধেমাজিৰ কেইজনমান দয়াশীল বিশিষ্ট ব্যক্তিৰ বদান্যতাৰ প্ৰভাৱত।তেওঁলোকৰ মাজৰে এজন হ’ল ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱা।এইখিনিতেই সুযোগ পাইছো যেতিয়া অন্য কেইজনমান মহানুভৱ ব্যক্তিৰ নাম উল্লেখ কৰিলোঁ। সেইসকল হৈছে ক্ৰমে পৰম শ্ৰদ্ধাভাজন স্বৰ্গীয় ডাঃ ভবেন বৰুৱাদেৱ, শ্ৰীযুত ললিত চন্দ্ৰ চুতীয়াদেৱ, শ্ৰীযুত সৰ্বেশ্বৰ চুতীয়াদেৱ, শ্ৰীযুত দিব্য চুতীয়াদেৱ, ডক্টৰ বুদ্ধিন্দ্ৰ বৰুৱাদেৱ, স্বৰ্গীয় বোম্বেশ্বৰ বুঢাগোহাঁইদেৱ, কৃষি বিভাগৰ বিষয়া স্বৰ্গীয় কেশব চন্দ্ৰ দত্ত(ঘৰ ঢকুৱাখনাৰ ভগামুখত,মোৰ সহপাঠী শ্ৰীপৰম শংকৰ দত্তৰ পিতৃদেৱ) আৰু ধেমাজি কলেজৰ প্ৰাক্তন অধ্যক্ষ স্বৰ্গীয় ভূপেন পেগু ছাৰ যিয়ে মোক অসম আন্দোলনৰ সময়ত কাণত ধৰি টানি নি বলপূৰ্বক পৰীক্ষা গৃহৰ আসনত বহাই পৰীক্ষা দিবলৈ বাধ্য কৰিছিল।। আটাইকে সশ্ৰদ্ধ প্ৰণাম জনালোঁ।পাঠকসকলে আত্মকেন্দ্ৰীকতাৰ আভাস পাই বিৰক্তি বোধ কৰিলে কথাখিনি অনুপ্ৰেৰণা দায়ক বুলি ধৰি ক্ষমা কৰি দিয়ে যেন। সেয়া আছিল ১৯৭৪ চনৰ কথা।ডাঃ প্ৰদীপ কুমাৰ বৰুৱাদেৱে ধেমাজিৰ টঙনাপৰাত স্থায়ী ভাৱে ঘৰ বাৰী কৰি বসবাস কৰি আছিল।মই গৈ তেওঁলোকৰ ঘৰত ওলোৱাৰ লগে লগে ঘৰৰ আটাইয়ে উষ্ম আদৰণি জনালে।অজিত,দীপালি,ৰূপালি,জোনালী আৰু মনাকহঁতৰ ঘৰুৱা শিক্ষকৰ দায়িত্বভাৰ লোৱাৰ লগে লগে মই আৰ্থিক দিশত যথেষ্ট সকাহ পালোঁ।ভাল মানুহ লগ পালে ভাল দিনবোৰ ঘূৰি আহে।মোৰ ক্ষেত্ৰত তেনেকুৱাই হ’ল।এজন উচ্চ পদস্থ পশু চিকিতচকৰ দায়িত্বভাৰ নিয়াৰিকৈ পালন কৰাৰ উপৰিও ডাঃ বৰুৱাদেৱে এজন উদ্যোগী কৃষকৰ ভূমিকা পালন কৰি নিজ বাসগৃহৰ ওচৰতে বহু বিঘা মাটিত কাজি নেমুৰ খেতি কৰিছিল। সেই নেমু বাৰীৰ নেমু মই ঢকুৱাখনাৰ বজাৰত বিক্ৰী কৰি যথেষ্ট লাভৱান হৈছিলোঁ। হাতলৈ ধন অহাত পূনৰবাৰ ডাঙৰ মানুহ হোৱাৰ সপোন দেখিলোঁ। ধেমাজি কলেজত ক’লা শাখাত নাম ভৰ্তি কৰি লৈ মাজে মধ্যে শ্ৰেণীত উপস্থিত থাকিলোঁ।এইখিনিতে পুনৰবাৰ ডাঙৰজন ডাক্টৰ মোমাইদেউৰ কথা উল্লেখ কৰিব লাগিব।জিলা পশু চিকিতসা বিষয়া পদপী লাভ কৰা ডাক্টৰ ভবেন বৰুৱাৰ ঘৰতেই থাকিবলৈ মই ঠাই পাইছিলোঁ।এনে বহু কেইজন মহানুভৱ ব্যক্তিৰ সান্নিধ্য লাভ কৰি মনবোৰ বহল হৈ পৰিছিল। কোঁৱাৰ পৰা ওলাই সাগৰত জপিয়াই দিয়াৰ সপোন দেখিছিলোঁ। ১৯৭৭ চনত বাটঘৰীয়া হাইস্কুলত শিক্ষকতা কৰা সময়ৰলৈকে মই ধেমাজিতে বসবাস কৰিছিলোঁ।পিছত স্কুলৰ পৰা লমাহৰ চুটি লৈ ঢকুৱাখনা কলেজত অৰ্থনীতি বিভাগৰ স্নাতক শ্ৰেণীৰ অনাৰ্চৰ ক্লাচ কৰিবলৈ গুচি আহিলোঁ।তাৰ পিচত বি এ পৰীক্ষা দি কিছুদিন বাটঘৰীয়া হাইস্কুলত চাকৰি কৰোঁতে ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱা দেৱক দুই এদিন লগ পাইছিলোঁ।ডিব্ৰুগড বিশ্ব বিদ্যালয়ত দুবছৰ এম এ পঢাৰ পিছত ডিব্ৰুগডতে কৰ্মজীৱনৰ পাতনি মেলি জীৱন যুঁজত নামি পৰি আপোনসকলৰ সান্নিধ্যৰ পৰা বৰ দুখ লগাকৈ বঞ্চিত হ’লোঁ। ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱাৰ দৰে মহানুবৱসকলে বজাৰত চুন, নেমু আদি বিক্ৰী কৰি আৰ্থিকভাৱে সকাহ পাবলৈ চেষ্টা চলাই থকা ল’ৰাটোক এদিন এ চি এচ ৰ চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ(চৰকাৰে চাকৰি নিদিলে)সক্ষম হ’বলৈ অনুপ্ৰেৰণা যোগালে। সেই ল’ৰাটোৱে জানো জীৱনত তেওঁলোকৰ অৱদানসমূহ পাহৰি যাব ? সেযা অসম্ভৱ। দূৰণিত থাকিও কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ মাজতে ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱাদেৱৰ সামাজিক জীৱনৰ কাম কাজসমূহৰ খবৰ ৰাখি আছিলোঁ।তাকে লৈ গৌৰৱবোধ কৰিছিলোঁ।কাৰোবাৰ ব্যক্তিগত জীৱনলৈ আলোক সঞ্চাৰ কৰাই নহয়, সমাজৰ প্ৰতি, স্বজাতিৰ প্ৰতি ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱা দেৱৰ যথেষ্ট অৱদান আছে। সেযেহে ধেমাজিৰ স্বনামধন্য বিশিষ্ট ব্যক্তি পৰম শ্ৰদ্ধাভাজন শ্ৰীযুত ললিত চুতীয়াদেৱে তেওঁৰ এটি প্ৰৱন্ধত ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱাক ভুয়সী প্ৰসংসা কৰি বহু কথা লিখিছে। ধেমাজি জিলা চুতীয়া জাতি সন্মিলনৰ বাৰ্ষিক অধিবেশনৰ বাবে ডাক্টৰ প্ৰদীপ কুমাৰ বৰুৱা দেৱে লিখা অধিভাষণ যিসকলে পঢিছে তেওঁলোকে নিশ্চয় বৰুৱাদেৱৰ অকাল মৃত্যুত চুতীয়া জাতিৰ লগতে অসমীয়া সমাজৰ কিমান ক্ষতি হ’ল সেয়া অনুমান কৰিব পাৰিছে। মুঠতে, সামাজিক জীৱনৰ সৈতে জডিত প্ৰায় আটাইবোৰ অনুস্থানৰ সৈতেই বৰুৱাদেৱ জডিত হৈ আছিল।এজন দায়িত্বশীল চৰকাৰী বিষয় ববীয়া হৈ নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰাৰ ওপৰি সমাজৰ উন্নয়নৰ হকে অত’’বোৰ কাম কৰাজন কিমান উদ্যমী ব্যক্তি হ’ব পাৰে ভাৱিলে আচৰিত যেন লাগে। এজন ইমান উচ্চ পদস্থ চৰকাৰী বিষয়াই তেনেই নিঃকিন ল’ৰা এটাৰ সৈতে নিজৰ লগৰীয়াৰ দৰে, বন্ধুৰ দৰে আচৰণ কৰিব পাৰে বুলি ডাক্টৰ বৰুৱাদেৱৰ সান্নিধ্যলৈ অহাৰ পূৰ্বে কল্পনাও কৰিব পৰা নাছিলোঁ।তেওঁলোকৰ ঘৰত তামোলেৰে পৰিপূৰ্ণ বটাটো মেজত থৈ ইখনৰ পিচত সিখন তামোল পাগুলি পাগুলি বহু পৰ জুৰি মোমাইদেউ ডাক্টৰ প্ৰদীপ বৰুৱাৰ লগত মুখামুখিকৈ বহি বিভিন্ন বিষয়ৰ ওপৰত নানা ধৰণৰ ৰসাল আলাপ আলোচনা কৰাৰ কথা আজিও মানস পটত ভাঁহি উঠে।অসাধাৰণ আৰু প্ৰভাৱশালী মানুহে যদি এজন সাধাৰণ মানুহৰ ব্যক্তিত্বৰ ওপৰত আস্থা ৰাখি তেওঁক কিছু অধিক গুৰুত্ব দিয়ে তেন্তে সাধাৰণ মানুহজন যিমানেই নিঃকিন নহওক লাগে তেওঁৰ ব্যক্তিত্বৰ বিকাশ সম্ভৱপৰ হৈ উঠে।ডাঃ বৰুৱাও তেনে এজন অসাধাৰণ ব্যক্তি। ফুল অতিকৈ ভাল পোৱা কোমল হৃদয়ৰ ডাঃ প্ৰদীপ কুমাৰ বৰুৱা মোমাইদেউৰ লগত এনে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ লৈ উঠাৰ বেলিকা সেইখন ঘৰৰ অন্য সদস্যসকলৰ অৱদানো নিশ্চয়কৈ অনস্বীকাৰ্য।মোৰ বাবে দেৱী স্বৰূপ মামীদেউ চিৰ পূজনীয়া শ্ৰীযুক্তা পূৰ্ণিমা ৰঞ্জিতা বৰুৱাৰ স্নেহৰ বান্ধোন আৰু ভাইটি ভন্টিহঁতৰ মৰম শ্ৰদ্ধাৰ মাজেদি অতিক্ৰম কৰা সেইবোৰ দিন আছিল মনৰ মণিকূটত স্থান লাভ কৰা সোণোৱালী দিন। ----------------সমাপ্ত-----------

Monday 10 July 2023

ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা দিনবোৰৰ স্মৃতি ৰোমন্থন

তেতিয়া মোৰ বয়স ছয় বছৰ হোৱাই নাছিল, স্কুললৈ যাবলৈ ব্যাকুল হৈ পৰিলোঁ।খেল ধেমালীৰ লগৰীয়া, কাণসমনীয়া বাল্য বন্ধু শৰতেও চাগৈ মোৰ দৰেই স্কুললৈ য়োৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। তেওঁৰ দেউতাক, ঢকুৱাখনা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক তথা আমাৰ ককা চন্দ্ৰ দাসদেৱে এদিন আমাক নি ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ক মান শ্ৰেণীত নাম ভৰ্তি কৰাই দিলে।মই লেখা-পঢ়া বিষয়ৰ সামান্যতমো কথা ঘৰত শিকা নাছিলোঁ বা ঘৰত কোনেও কাহানিও মোক একো শিকোৱা নাছিল। ক, খ ,গ, ঘ এইবোৰনো কি মই জনা নাছিলোঁ।স্কুলত শিক্ষকে মাটি পেন্সিলেৰে মাটিৰ স্লেটত সেইবোৰ লিখিবলৈ কওঁতে মই বাকীবোৰ বুজি নাপাই ঘ মানে ঘৰ লিখিব বা অঁকিব দিছে বুলি ভাৱি লৈ ঘৰৰ ছবি এটা আঁকি শিক্ষকক দেখুৱাইছিলোঁ।ঘৰৰ ছবি আঁকি শিক্ষা জীৱনৰ পাতনি মেলা মুহূৰ্তত ছাৰে মোৰ মুখলৈ ৰলাগি চোৱা দৃশ্য আজিও মানস পটত ভাঁহি উঠে।ছাৰে কি ভাৱিছিল নাজানো, ভাল অথবা বেয়া একো মন্তব্য দিয়া নাছিল বাবে মই নিজৰ পাৰদৰ্শিতাত সন্তুষ্টি লাভ কৰিছিলোঁ।ক্ষন্তেক পিছতে ছাৰে মোৰ স্লেট পেন্সিল লৈ তাত অলপ ডাঙৰকৈ ক আখৰটো লিখি দি ক’লে, “এইটো ক আখৰ হয়, তুমি আঁকিব পাৰিবানে?”।মই পাৰিম বুলি কৈ ক্ষন্তেকতে ক আখৰটো চাই চাই আঁকি পেলালোঁ, মানে লিখি পেলালো।এইদৰেই ক, খ বোৰ অঁকাৰ লগতে আম,অমিতা,মানুহ, জীৱ-জন্তু আৰু অন্যান্য ছবিবোৰ আঁকি দিনবোৰ পাৰ কৰিব ধৰিলোঁ।মোৰ যিমানদূৰ মনত পৰে, মই ক মান শ্ৰেণীত মাথো এটা বছৰেই আছিলোঁ এনে নহয়, বেছি দিন আছিলোঁ।সেয়েহে ষোল্ল বছৰ বয়সত এম ভি পৰীক্ষা পাছ কৰি গৈ ঢকুৱাখনা হাইস্কুলত নাম ভৰ্তি কৰিছিলোঁ আৰু ১৯৭৩ চনত মেট্ৰিক পাছ কৰোঁতে বয়স উন্নৈশ বছৰ হৈছিল। অৱশেষত ক মান শ্ৰেণীৰ পৰা খ মান শ্ৰেণীলৈ উতীৰ্ণ হলোঁ।শ্ৰেণীৰ ভিতৰতে মই প্ৰথম হলোঁ।এতিয়াও ভালদৰে মনত আছে মোৰ সহপাঠী মাণিকপুৰ গাঁৱৰ জালালউদ্দীনে দ্বিতীয় স্থান লাভ কৰিছিল।বিদ্যালয়ৰ বছেৰেকীয়া অধিবেশনৰ লগতে প্ৰতি বছৰেই বটা বিতৰণী সভাও অনুস্থিত হয়।প্ৰথম হৈ প্ৰমোছন পোৱা বাবে মোক তদানীন্তন উদীয়মান লেখক ফনী বৰগোঁহাঞিদেৱে ৰচনা কৰা সাধু কিতাপ ৰঘূবংশৰ কথা পুৰষ্কাৰ স্বৰূপে দিছিল।তাৰ পিছৰ বছৰ দ্বিতীয় স্থান পাওঁতে ফনী বৰগোঁহাঞি দেৱইে লিখা মহামায়াৰ সাধু নামৰ কিতাপখন পুৰষ্কাৰ স্বৰূপে দিছিল।(অৱশ্যে, পিছত বিদ্যালয়লৈ ঘাঁহি গাঁৱৰ কুশল হাজৰিকা আৰু যোগেশ বৰুৱা,বান্টৌ গাঁৱৰ পূৰ্ণানন্দ গগৈ আদি ছাত্ৰসকল অহাত তেওঁলোকক চেৰ পেলাই প্ৰথম দ্বিতীয় স্থান লাভ কৰিব নোৱাৰা হলোঁ।) পাঠ্যপুথিৰ উপৰি জীৱনত প্ৰথম পঢ়া বাহিৰা কিতাপ আছিল এই দুখনেই। অতি হেঁপাহেৰে কিতাপ দুখন পঢ়িছিলোঁ।এবাৰ নহয়, বহুবাৰ পঢ়িলোঁ আৰু কিতাপ দুখনো বহুবছৰ ধৰি সংৰক্ষণ কৰি থৈ অৱশেষত ঢকুৱাখনা বালি গাঁৱৰ নেহেৰু অধ্যয়ন চক্ৰ নামৰ পুথিভঁৰালত থ’বলৈ দান কৰি দিলোঁ।।তেতিয়াৰ পৰাই সাধু কিতাপ পালেই পঢ়িব ধৰিলোঁ। কিতাপ পঢ়াৰ হেঁপাহ পূৰণ কৰিবলৈ বিদ্যালয়ৰ পুথিভঁৰালত অসমীয়া আৰু ইংৰাজী ভাষাত বহুতো শিশু উপযোগী কিতাপ আছিল।সেইবোৰৰ নিয়মীয়া পঢ়ুৱৈ হৈ পৰিলো। আজি কালিৰ দৰে আমি বিদ্যালয়ত পঢ়ি থকা দিনত বিদ্যালয়ৰ পাঠ্য-পুথিসমূহ সঘনাই সলনি কৰি থকা নাছিল বাবে আমাৰ দৰে দৰিদ্ৰ কৃষকৰ সন্তানে নতুন কিতাপ নিকিনাকৈ আনৰ পৰা পুৰণি কিতাপ খুজি আনি পঢ়িবলৈ সুবিধা হৈছিল।অমৃত বৰগোহাঁঞি মোৰ ওপৰৰ শ্ৰেণীত আৰু তেওঁৰ ভাগিনিয়েক দেৱাশীষ বুঢ়াগোহাঁই মোৰ তলৰ শ্ৰেণীত পঢ়িছিল বাবে প্ৰতি বছৰেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা দিনা মোৰ কিতাপবোৰ নি দেবাশীষক দি অমৃতৰ কিতাপখিনি লৈ আহিছিলোগৈ।সেইবোৰ পুৰণি হ’লেও মই কিতাপবোৰত নতুন কিতাপৰেই গোন্ধ পাইছিলোঁ।মনটো উৎফুল্লিত হৈ পৰিছিল আৰু সেইবোৰ যিমান পাৰোঁ পঢ়াত ব্যস্ত হৈ পৰিছিলোঁ। আমাৰ বিদ্যালয়ৰ বছেৰেকীয়া অধিৱেশনত এবাৰ ভীম বকাসুৰৰ যুদ্ধ পৰিৱেশন কৰা হৈছিল।তাত মই বকাসুৰৰ ভাও দিছিলোঁ আৰু আমাৰ গাঁৱৰ হীৰা চুতীয়াই অতি নিখুঁতভাৱে ভীমৰ ভাওত অভিনয় কৰিছিল। সেয়ে তেতিয়াৰ পৰাই হীৰাক আটায়ে কলিৰ ভীম বুলি মাতিছিল।মোৰ ভাগ্য ভাল আছিল যে কোনো দিনে বিদ্যালয়লৈ নোযোৱা আমাৰ পিতৃদেৱতা গৈ আমাৰ ভীম বকাসুৰৰ যুদ্ধ উপভোগ কৰিছিল।কথাবোৰ মোৰ আজিও স্পষ্ট মনত আছে। অনুস্থান শেষ হোৱাৰ পিছত দেউতাই মোক কেইঅনামান পইচা দিছিল। তাৰ পৰাই অনুমান হৈছিল যে আমাৰ অভিনয় চাই দেউতা বহুত অধিক অভিষিক্ত হৈছিল। আমাৰ ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত ছাত্ৰসকলক কেৱল পাঠ্য-পুথিৰ জ্ঞানেই নিদি জীৱনত আৱশ্যক হোৱা বিভিন্ন ধৰণৰ জ্ঞান দিয়া হয়।বিছনি, খৰাহী আদি বাঁহ বেতৰ সঁজুলি নিৰ্মাণৰ শিক্ষা আমি বিদ্যালয়তে লাভ কৰিছিলোঁ। চাফ চিকুনতাৰ জ্ঞান আমি ক মান শ্ৰেণীৰ পৰাই পাই আহিছিলোঁ।বিদ্যালয়ৰ চৌপাশ আমি ছাত্ৰসকলেই চাফ চিকুন কৰি ৰাখিছিলোঁ।ছায়াদাৰ ফুলগছৰ তলৰ নিমজ দলিছাৰ দৰে বননিত বহি যোগ বিয়োগ, পূৰণ হৰণৰ নেওঁতা আওৰুৱা কথা মনত পৰিলে আজিও নষ্টালজিক হৈ পৰোঁ।ছাত্ৰসকলক যোগ শিক্ষা প্ৰদান কৰিবলৈ আদিত্য তালুকদাৰ নামৰ যোগগুৰু এজনক আমন্ত্ৰণ কৰি অনা হৈছিল। জীৱনত প্ৰথমবাৰৰ বাবে তেখেতৰ পৰাই যোগ শিক্ষা লাভ কৰিছিলোঁ।গুৰুজনাই আমাক তেওঁ লিখা যোগাসনৰ কিতাপ-পত্ৰও যোগান ধৰিছিল।সহজ যোগাসন নামৰ কিতাপখন আজিও সযতনে ৰাখি থৈছোঁ আৰু আৱশ্যক হ’লে সাদৰেৰে মেলি লওঁ।খেলা-ধুলা আৰু কুচ-কাৱাজ আদি বিদ্যালয়ৰ ছাত্ৰসকলৰ বাবে অপৰিহায্য আছিল।সৰস্বতী পূজা আছিল ছাত্ৰসকলৰ অতি প্ৰিয় উৎসৱ।সৰস্বতী পূজা পালন কৰোঁতেও ছাত্ৰসকলক নানা ধৰণৰ সামাজিক জ্ঞান প্ৰদান কৰা হয়।পূজাৰ কিছুদিনৰ পূৰ্বে বিদ্যালয়ত এখন সাধাৰণ সভা অনুস্থিত কৰা হয়।সভাত প্ৰথমে সৰস্বতী পূজা পতা হ’বনে নহয় সেইটো ঠিৰাং কৰা হয়।গৰিষ্ঠ সংখ্যক ছাত্ৰই পূজা পতাৰ সন্মতি প্ৰদান কৰিলেহে বিষয়টোৰ সন্দৰ্ভত আলোচনা আগুৱাই যায়।তাৰ পিছত মূৰ্তি পূজা হ’বনে নহ’ব সেই বিষয়ত সৰ্বসন্মতিক্ৰমে প্ৰস্তাব গ্ৰহণ কৰা হ’ব। ইয়াৰ পিছত আলোচনা হ’ব পূজাৰ প্ৰসাদ সন্দৰ্ভত।মাহ-প্ৰসাদ, লুচি-ভাজি নে পায়সেৰে অপ্যায়ণ কৰা হ’ব সেয়াও গৰিষ্ঠ সংখ্যক ছাত্ৰৰ সন্মতিৰ ওপৰতেই নিৰ্ভৰ কৰিব।এই দৰেই গণতান্ত্ৰিক বিচাৰ ধাৰাৰে শৃঙ্খলাবদ্ধভাৱে সমাজখন আগুৱাই নিয়াৰ শিক্ষা আমাক দিয়া হৈছিল।নীতি শিক্ষাৰ জ্ঞান প্ৰতি গৰাকী শিক্ষকেই শ্ৰেণীত ছাত্ৰসকলক নিতৌ প্ৰদান কৰিছিল।এইদৰেই গৰ্হিত কামৰ পৰা ছাত্ৰসকলক বিৰত ৰাখিছিল।আমাক স্বাৱলম্বী হবলৈ শিকোৱা হৈছিল।সৰস্বতী পূজাৰ কাম-কাজবোৰ আমি নিজৰ মাজত ভগাই লৈ কৰিছিলোঁ। পূজাৰ প্ৰসাদ বিতৰণৰ বাবে আৱশ্যক হোৱা কৌপাত সংগ্ৰহ কৰিবলৈ আমি ছাত্ৰসকল জাকে জোমে কোৱঁৰ গাঁও আৰু বৰুৱাটিকা গাঁৱৰ ডাঙৰ ডাঙৰ বাৰীত প্ৰৱেশ কৰি পিটপিটাই ফুৰিছিলোঁ আৰু কৌপাতবোৰ আনি বিদ্যালয়ত জমা কৰি পূজাৰ প্ৰসাদ বিতৰণৰ কামত ব্যৱহাৰ কৰিছিলোঁ। আমাৰ বিদ্যালয়ৰ সমুখ ভাগত বিদ্যালয়ৰ প্ৰৱেশ পথৰ দুয়োপাৰে দুখন ফুলনি বাগিছা আছিল। মালীয়ে তাৰ তদাৰক হিচাপে কাম কৰে যদিও ছাত্ৰসকলকো বৃক্ষৰোপণ আৰু তাৰ পৰিচৰ্যাৰ জ্ঞান দিবৰ বাবে মাজে মাজে বাগিছাৰ কাম কৰিবলৈ দিয়া হৈছিল।আনহে নালাগে নাৰিকল গছ কিদৰে ৰোপণ কৰা হয় তাৰো জ্ঞান আমি লাভ কৰিছিলো।আমি ৰোপণ কৰা কেইজোপামান নাৰিকল গছ বৰ্তমানো বিদ্যালয়ৰ চৌহদত দেখিবলৈ পাওঁ। বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ প্ৰতি ভক্তিভাৱত আমাৰ শিৰ সদায়ে নত হৈ থাকে। সেইবোৰ দিনত চেকনিৰ আগতহে বিদ্যা বুলি এক দৃঢ মত পোষণ কৰা হৈছিল।বেতৰ কোবৰ পৰা হাত হাৰি থাকিবৰ বাবে পঢ়া-শুনাৰ কামবোৰ নিয়াৰিকৈ কৰিব লগা হৈছিল।আমি জানিছিলোঁ যে শিক্ষা গুৰুসকলে আমাৰ ভালৰ বাবে, আমাৰ উন্নতিৰ হকে সদায় চিন্তা কৰে আৰু মাথো সেই উদ্দেশ্য আগত ৰাখিয়েই বেতডাল হাতত লৈ ফুৰে।সেয়ে আমাৰ শ্ৰদ্ধা-ভক্তি সদায়ে অটুত আছিল।মৌখিকৰ উত্তৰ দিব নোৱাৰিলে শ্ৰদ্ধেয় মুখেশ্বৰ গগৈ ছাৰৰ সৌকাৰ কোব হাতৰ তলুৱাত পৰিবই, সেয়ে তাৰ পৰা ৰক্ষা পাবলৈ মৌখিক পাৰিবই লাগিব।।সৰু নেওঁতাৰ পৰা বৰ নেওঁতালৈকে সকলো সম্পূৰ্ণ মুখস্থ থাকিব লাগিবই, এইটো ধৰা-বন্ধা কথা। পূৰ্ণানন্দ সন্দিকৈ ছাৰে ইয়াৰ ব্যতিক্ৰম হ’বলৈ নিদিছিল।এনে জটিল পৰিস্থিতিৰ মাজতো ৰসাল সাধু কথা শুনাই আনন্দ দিছিল খগেশ্বৰ হাজৰিকা ছাৰে। ছাৰ আমাৰ শ্ৰেণী কোঠালৈ অহালৈ অতি ব্যগ্ৰতাৰে বাট চাই ৰৈছিলোঁ আমি। প্ৰতি বছৰে গৰমৰ বন্ধ ঘোষণা কৰা দিনটোত পুৱাতেই বিদ্যালয় আৰম্ভ হয় আৰু আমি ধূপ-ধুনা দি পূজা কৰি, ফুলৰ মালা বিন্ধাই, চাহ মিঠায়েৰে অপ্যায়ণ কৰি শিক্ষাগুৰুসকলৰ শ্ৰীচৰনত প্ৰণাম জনাই আন্তৰিক শ্ৰদ্ধা-ভক্তি প্ৰকট কৰোঁ। সত্য কথা ক’বলৈ গ’লে, এইখন বিদ্যালয়ত নপঢ়া হেতেন মই সৰুতে যি হ’ম বুলি মন বান্ধিছিলো সেইয়াই হ’লো হেতেন।ভাৱিলে মোৰ নিজৰে হাঁহি উঠে,ডাঙৰ হ’লে মই কোলাবুঢ়ী নাচ নাচি বিখ্যাত মানুহ হ’ম বুলি সপোন ৰচিছিলোঁ।কাৰণ,আমাৰ গাঁৱৰ চুটি চাপৰ মানুহ তথা আমাৰ ডাঙৰ ভিনিহীদেউ গেঠন চুতীয়াই গাঁৱৰ বিয়াবোৰত কোলাবুঢ়ী নাচ নাচি ৰাইজৰ মাজত যথেষ্ট খ্যাতি অৰ্জন কৰিছিল।ৰাইজে তেওঁক তামোল-পাণৰ বটাত ধন দি, ফুলাম গামোচা পিন্ধাই তেওঁৰ গুণ বখানিছিল।এইবোৰ দেখি শুনি মই অভিভূত হৈ পৰিছিলোঁ।খগেশ্বৰ হাজৰিকা ছাৰে এদিন আমাৰ শ্ৰেণীৰ প্ৰতিজন ছাত্ৰকে থিয় কৰাই জীৱনৰ লক্ষ্য কি সুধিছিল।ছাৰে মোকো সুধিলে,”যুগল, তই ডাঙৰ হ’লে কি কৰিবি?” মই তপৰাই উত্তৰ দিলো,”কোলাবুঢ়ী নাচ নাচিম, ছাৰ” ।মোৰ উত্তৰ শুনি নিজে কৌতুক কৈ নহঁহাকৈ থকা ছাৰেও হাঁহি ৰখাব নোৱাৰিলে আৰু লগতে শ্ৰেণী কোঠাৰ আটাইবোৰ ছাত্ৰই গিৰ্জনিমাৰি হাঁহিলে।ময়ো স্বভাৱজাত মেলেঙা হাঁহিটো মাৰি দাঁত চেলাই ৰৈ গ’লোঁ।পিছত ছাৰে কথাবোৰ বুজাই দি জীৱনৰ লক্ষ্য সলনি কৰিবলৈ ক’লে মোক। ব্ৰিটিছৰ শাসন কালতে ১৮৭২ চনত প্ৰতিষ্ঠা কৰা ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত পঢ়িবলৈ পোৱা বাবে নিজকে অতি ভাগ্যৱান বুলি গণ্য কৰোঁ।পৰম শ্ৰদ্ধাভাজন শিক্ষাগুৰুসকলৰ পৰা অতি মূল্যৱান শিক্ষা লাভৰ উপৰিও বিদ্যালয়খনৰ আহল-বহল চৌহদ, পকী শ্ৰেণী কোঠা, শিশু উপযোগী সুন্দৰ আৰু সৰু সৰু কাঠৰ বেঞ্চ-ডেক্স, ফুটবল খেলৰ পথাৰৰ সুবিধা আৰু বিদ্যালয়ৰ দক্ষতা সম্পন্ন চৌকিদাৰৰ ঘন্টি বা বেল বজাওঁতে সৃষ্ট সুমধূৰ সুৰ আদিৰ বাবে আমাক আন আন বিদ্যালয়ৰ ফুটবল খেলৰ পথাৰ আদিৰ সুবিধাই আমাক আন আন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীতকৈ অধিক উচ্চ স্থানত থকা বুলি অনুভৱ কৰাৰ সুযোগ দিছিল।এইবোৰ কাৰণতেই দূৰ দূৰণিৰ পৰা ছাত্ৰ আহি স্কুলৰ চৌহদত থকা বৰ্ডিং ঘৰত থাকি পঢ়িছিলহি। আমাৰ বিদ্যালয়ৰ শিক্ষকসকলে ছাত্ৰসকলৰ হাতৰ আখৰ সুন্দৰ কৰা আৰু ছবি অঁকাত পাকৈত হোৱাত অধিক গুৰুত্ব দিছিল।তেতিয়া আমাক পাখি কলম অথবা বাঁহৰ কলম লৈ চিয়াঁহীৰ দোৱাতত তিয়াই তিয়াই হাতৰ আখৰ লিখিবলৈ দিয়া হৈছিল।আমাক নিজৰি কলম অৰ্থাত্ ফাউন্টেইন পেন ব্যৱহাৰ কৰিবলৈ দিয়া নাছিল আৰু বৰ্তমান সময়ৰ দৰে ডট পেনো বজাৰত উপলব্ধ হোৱা নাছিল।সকলো ছাত্ৰই হাতৰ আখৰ ভাল কৰিবলৈ চেষ্টা চলাইছিল। কাৰণ, হাতৰ আখৰ সুন্দৰ হ’লে পৰীক্ষাত অধিক নম্বৰ লাভ কৰিব পাৰি আৰু ছবি আঁকি থাকিলে শিশু ধৈৰ্যশীল তথা অধ্যৱসায়ী হয়।ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে মই ছবি আঁকিব পৰা হৈ গ’লো; কিন্তু মোৰ হাতৰ আখৰ তুলনামূলকভাৱে অন্য ছাত্ৰসকলতকৈ বেয়া। ভাল কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ, পিছে সফল হ’ব নোৱাৰিলোঁ।ইয়াৰ বিপৰীতে ছবি অঁকাৰ কোনো ধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈয়ে বিভিন্ন ধৰণৰ ছবিবোৰ আঁকিব পৰা হ’লোঁ।শ্ৰেণীৰ বিভিন্ন বিষয়ৰ টোকা বহীবোৰৰ উকা কাগজত মন গ’লেই একোখন ছবি আঁকি পেলাইছিলো।মোকে অনুসৰণ কৰি এনে কাম শৰতেও কৰিছিল।তেওঁ বেছিকৈ মানুহৰ ছবি আঁকিছিল আৰু মূৰত একোটা দীঘল ৰঙা টুপী পিন্ধাই দিছিল। তেওঁ অঁকা ছবিবোৰ চাই আমি বেছ আমোদ লাভ কৰিছিলোঁ আৰু তেওঁক ৰঙা টুপী বুলি নাম দি জোকাইছিলোঁ। কেতিয়াবা কেতিয়াবা শিক্ষকে আমাৰ এনে কাণ্ডবোৰ ধৰা পেলাই আৰু আমোদ পাই খং কৰিবলৈ পাহৰি গৈছিল।ছবি অঁকা কামত শৰত আত্মবিশ্বাসী হৈ পৰিছিল।সেয়েহে চাগৈ এটা সময়ত তেওঁ এনে কামৰ যোগেদি অৰ্থ উপাৰ্জন কৰি নিজৰ আৰ্থিক অৱস্থা টনকীয়াল কৰিবলৈ সমৰ্থৱান হৈছিল।মই নিজেও বহু সময়ত আৰ্থিক সংকটত পৰি চিত্ৰাংকনৰ জৰিয়তে ধন উপাৰ্জন কৰিছোঁ, যি কাম আজি পৰ্যন্ত বন্ধ হোৱা নাই। ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত সাতোটা বছৰতকৈ অধিক কাল পঢ়া দিনবোৰৰ কিছুমান স্মৃতিয়ে আজিও মনৰ মাজত ঢৌ খেলি থাকে। শিক্ষাগুৰুসকলে আমাৰ মানসিক দিশৰ উত্তৰণৰ হেতু গম্ভীৰ ভাৱে চিন্তা কৰি কৰা কামবোৰৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ।তেনেধৰণৰ কামৰ এক উদাহৰণ দিব পাৰি।ঢকুৱাখনাৰ সুসন্তান, জালভাৰী গাঁৱৰ শ্ৰদ্ধেয় ভোগেশ্বৰ দত্তদেৱে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ তৰফৰ পৰা গৈ ছোভিয়েট দেশ ভ্ৰমণ কৰি ঘূৰি অহাৰ পিছত তেওঁক আমাৰ বিদ্যালয়লৈ আমন্ত্ৰণ কৰি আনি তেওঁৰ অভিজ্ঞতাবোৰ আমাক শুনাবলৈ দিছিল।কেৱল এয়াই নহয়, সুযোগ সুবিধা অনুযায়ী যিকোনো ধৰণৰ প্ৰয়োজনীয় সমল ব্যক্তিকে আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনি আমাৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধিৰ প্ৰচেষ্টা চলাইছিল। দেৰশ বছৰত এই বিদ্যালয়খনে হেজাৰ হেজাৰ সুনাগৰিকৰ সৃষ্টি কৰিছে আৰু ভৱিষ্যেতেও এই বিদ্যালয়ৰ গৰিমা অক্ষুন্ন হৈ থাকক।সাম্প্ৰতিক কালৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰাদুৰ্ভাৱে যাতে সৰ্বসাধাৰণ লোকৰ সন্তানে সহজে শিক্ষা লাভ কৰিব পৰা এনে বিদ্যালয়ৰ কোনো ধৰণৰ ক্ষতি সাধন কৰিব নোৱাৰে তাৰ প্ৰতি সকলো পক্ষই দৃষ্টিপাত কৰি থকা উচিত। -----------------সমাপ্ত-----------------

Sunday 5 February 2023

ল’ৰালি কালৰ ধেমালি

জীৱন পৰিক্ৰমাৰ সমগ্ৰ কাল ছোৱাৰ ভিতৰত শৈশবৰ দিনবোৰকে মধূৰতম বুলি গণ্য কৰা হয়।এয়া কেৱল মানৱ জাতিৰ ক্ষেত্ৰতেই প্ৰযোজ্য এনে নহয়, ধৰাতলত জন্ম লাভ কৰা সকলোবোৰ প্ৰাণীয়েই শৈশবৰ দিনবোৰ খুউব আনন্দ উলাহৰ মাজেদি অতিবাহিত কৰা দেখা যায়।এই সময় খিনিত স্নেহ-বন্ধনৰ মাজত লালিত-পালিত হৈ প্ৰফুল্ল মনে দিন অতিবাহিত কৰাৰ সুযোগ থাকে।মন মগজুক সংসাৰৰ জটিলতা, কুটিলতা আৰু ভয়-শংকা আদি সমস্যাবোৰে তীক্ষ্ণ নখেৰে আঁচুৰি নাযায় বাবে শিশুৱে নিৰ্ভিক, নিষ্পাপ আৰু ভেদাভেদ হীন ভাৱে জন্মগতভাৱে লব্ধ সমাজ প্ৰিয়, সংগ প্ৰিয় স্বভাৱৰ প্ৰকিফলন ঘটাই লগ-সমনীয়াৰ সৈতে হাঁহি ধেমালিৰ মাজেদি জীৱনৰ সময়বোৰ পাৰ কৰিব ধৰে।এই পৃথিবীত যেন কোনেও সময়ক বাট এৰি দি কাষৰতে ৰৈ থাকিব নোখোজে।শিশুসকলেও কিবা এটা কৰি সময়ক ধৰি ৰাখিব খোজে।তাৰেই পৰিণাম হ’ল ল’ৰালি কালৰ ধেমালি। মানৱ শিশুৱে জন্মৰ কিছুদিনৰ পিছৰ পৰাই মাতৃৰ কোলাতেই মিচিক-মাচাক হাঁহিৰে ধেমালিৰ পাতনি মেলে।মাতৃ আৰু আত্মীয়-স্বজনৰ সঁহাৰি পাই শিশুৰ ধেমালি আগুৱাই যায়।লাহে লাহে খিটখিটাই হাঁহিবলৈ আৰম্ভ কৰে, পুতলা খেলিব শিকে আৰু কণ কণ শিশু দেখা পালে উত্তেজনা প্ৰকাশ কৰে আৰু তেওঁলোকৰ সৈতে খেলিবলৈ আগ্ৰহ দেখায়। শিশু সামান্য জনা বুজা যেন হ’লেই খেলা-ধূলাত মগ্ন হৈ পৰে।শিশুসকলৰ ৰং-ধেমালিবোৰ দেখি বয়োজ্যেষ্ঠজনে নিজৰ ল’ৰালি কালৰ ধেমালিবোৰৰ কখা স্মৰণ কৰে আৰু সেই দিনবোৰক সোণোৱালী-ৰূপোৱালী আখ্যা দি হা-হুমূনিয়া কাঢ়ে। বসবাস কৰা স্থান আৰু তাৰ পৰিৱেশ-পৰিস্থিতি অনুযায়ী ল’ৰালি কালৰ ধেমালিবোৰ ভিন ভিন ধৰণৰ হয়।উদাহৰণ স্বৰূপে, নৈ পৰীয়া কণ কণ সকলৰ ধেমালিবোৰৰ অধিকাংশ নৈৰ পানীতেই আৰম্ভ আৰু অন্ত হয়।পানীত সাঁতুৰি-নাদুৰি তেঁওলোকে অনেক খেল-ধেমালি কৰে।পৰ্বত-পাহাৰ আৰু হাবি-জঙ্গলেৰে আগুৰা ঠাইৰ শিশুসকলে তাতেই নানা ধৰণৰ খেল-ধেমালি খেলি ল’ৰালি কালছোৱাৰ আনন্দ উপভোগ কৰে। মুঠতে, যিকোনো পৰিৱেশতে ল’ৰালি কালৰ ধেমালিয়ে জীৱনৰ সোণোৱালী দিনবোৰৰ ইতিহাস ৰচি থৈ যায়।এনেকুৱাও দেখা যায় যে লগ-সংগ বিহীন শিশুৱেও নিজৰ পুতলা কেইটাৰ লগত দিনৰ দিনটো খেলি খেলি ভাগৰত লাল-কাল হৈ ঠাইতে টোপনি যায়। --------------সমাপ্ত--------

Saturday 4 February 2023

ড০ ক্ৰাটকীৰ হাইড্ৰপনিক কৃষি পদ্ধতি আৰু ইয়াৰ প্ৰায়োগিক দিশত যত্কিঞ্চিত্ আলোকপাত

হাইড্ৰপনিক কৃষি কাৰ্যৰ বিষয়ে লিখিব লওঁতেই বহুবছৰৰ আগৰ আমাৰ বাল্যকালৰ কথা এটা মনলৈ আহিছে। এটা ৰজাদিনীয়া পুখুৰী মীন পালনৰ বাবে উপযোগী কৰিবলৈ গাঁৱৰ ৰাইজে চাফ চিকুন কৰিছিল।তেতিয়া দেখা গৈছিল যে পুখুৰীৰ মাজ ভাগত থকা গছবোৰ প্ৰকৃততে পানীৰ ওপৰতে থিয় দি আছিল। একোটা প্ৰকাণ্ড হাতী ডুব যোৱাকৈ ৰজাই খন্দুওৱা পুখুৰীটোৰ পানীৰ ওপৰত বছৰ বছৰ ধৰি আবৰ্জনা গোট খাই থাকি কালক্ৰমত এক অতি ডাঠ স্তৰৰ সৃষ্টি হয় আৰু তাত গজি উঠা গছৰ শিপাই তললৈ গতি কৰি পানী পাই তাৰ পৰা প্ৰয়োজনীয় পুষ্টিদ্ৰব্য আহৰণ কৰি লহপহকৈ ডাঙৰ দীঘল হয়।ইয়াকে প্ৰাকৃতিক হাইড্ৰপনিক পদ্ধতিৰ দ্বাৰা সৃষ্ট উদ্ভিদ বুলিব পাৰি। পুখুৰীৰ ওপৰৰ গছবোৰ কাটি ডাঠ তৰপটো আঁতৰ কৰি পুখুৰীটো মীন পালনৰ উপযোগী কৰি তুলিবলৈ ৰাইজৰ যথেষ্ট কষ্ট হৈছিল। ডক্টৰ ক্ৰাটকীয়ে(Dr Kratky) ওপৰত উল্লেখ কৰা পুখুৰীত উদ্ভিদ ডাঙৰ হোৱা পদ্ধতিৰ দৰেই পানীত পুষ্টিদ্ৰব্য মিহলাই জলাশয়ত কৃষি কাৰ্য কৰা এক সফল পদ্ধতিৰ উদ্ভাৱন কৰে।এই পদ্ধতি অনুযায়ী পানীত যথোপযুক্ত পুষ্টিদ্ৰব্য মিহলি কৰি পানীৰ ওপৰত ওপঙি থাকিব পৰা আৱৰণ (থাৰ্মকল আদি)দি তাত সুবিধাজনক দূৰত্বত নিৰ্দিষ্ট জোখত বিন্ধা কৰা হয়। তাত উদ্ভিদৰ শিপাই পানী স্পৰ্শ কৰিব পৰাকৈ ঘন ঘন ছিদ্ৰযুক্ত পানী খোৱা কাপৰ দৰে পাত্ৰ জোখমতে ভৰাই দিয়া হয়।তাক নেটপট বুলি কোৱা হয়। নেটপটত থকা নিম্নভাগৰ বিন্ধাইদি উদ্ভিদৰ পুলিৰ শিপা বাহিৰ কৰি দি পুলিটোক আৱৰি ৰাখিবলৈ নাৰিকলৰ বাকলিৰ গুৰি(ককপিট) অথবা ক্লেবল(হাইড্ৰপনিকছত ব্যৱহৃত সৰু সৰু গুটি) নেটপটৰ ভিতৰত দিয়া হয়।এইদৰে ৰোপণ কৰা পুলিবোৰৰ শিপাই পুষ্টিদ্ৰব্য গ্ৰহণ কৰিব ধৰে আৰু পুলিবোৰৰ শ্ৰীবৃদ্ধি হয়। সাম্প্ৰতিক কালত হাইড্ৰপনিক কৃষি কাৰ্য সহজে কৰিব পৰাকৈ বহুতো ব্যৱসায়িক প্ৰতিষ্ঠানে ইয়াৰ বাবে প্ৰয়োজন হোৱা আহিলাপাতিবোৰ তৈয়াৰ কৰি বজাৰলৈ পঠাই আছে। এনে ধৰণৰ সকলোবোৰ আহিলা পাতি ক্ৰয় কৰি কৃষি কাৰ্য কৰাটো ব্যয় বহুল হোৱা হেতু এই কাম সকলোৰে বাবে সহজসাধ্য নহয়।গতিকে অনেক কৃষকে নিজা কৌশল প্ৰয়োগ কৰি অতি কম খৰছতে সহজ লভ্য দ্ৰব্যকে বিকল্প হিচাপে ব্যৱহাৰ কৰি মাটিবিহীন কৃষি কাৰ্যত নামি পৰিছে। আমি তেনে এক অতি সহজ আৰু কম খৰছী কৌশল অনুকৰণ কৰি কৰা কৃষি কাৰ্যৰ বিষয়ে জনাব খুজিছোঁ। এটা টাবত পানী সম্পূৰ্ণকৈ ভৰাই লৈ তাৰ পানীত ওপঙি থকাকৈ ঘূৰণীয়াকৈ এখন থাৰ্মকল কাটি লৈ তাৰ মধ্য ভাগত এটা পানী খোৱা প্লাষ্টিকৰ ডিচপজিবল গিলাচ ৰাখিব পৰাকৈ বিন্ধা কৰি ল’ব লাগে। উদ্ভিদৰ শিপাই গিলাচ ভেদ কৰি পানীলৈ গতি কৰিব পৰাকৈ তাৰ তলত আৰু চাৰিও কাষে বিন্ধা কৰি দিব লাগে। গিলাচৰ ভাগত থকা ফুটাইদি পুলিৰ শিপা পাৰ কৰি দি পুলিৰ চাৰিওকাষে গিলাচৰ ভিতৰত নাৰিকলৰ বাকলিৰ গুৰি দি থৰ ৰাখিব পৰা কৰি দিব লাগে। মন কৰিব লাগে যাতে পুলিৰ শিপাই পানী স্পৰ্শ কৰি থাকে। টাবৰ পানীত প্ৰয়োজন অনুপাতে পুষ্টিদ্ৰব্য মিহলি কৰিব লাগে। এই কথা লক্ষ্য কৰিব লাগে যাতে টাবৰ পানী কমি গ’লে ওপঙি থকা থাৰ্মকলখনৰো নিম্নগামিতা বাহাল থাকে। তেতিয়া উদ্ভিদৰ পুলি পানী লাভৰ পৰা বঞ্চিত নহয়।যথেষ্ট পৰিমাণে পানী কমি গ’লে উপযুক্ত মাত্ৰাত পুষ্টিদ্ৰব্য মিলাই পানী যোগান ধৰিব লাগে। উল্লেখযোগ্য যে প্ৰয়োজনীয় পুষ্টিদ্ৰব্য ঘৰতে নিজে সামান্য খৰছত প্ৰস্তুত কৰি ল’ব পাৰি। তাৰ বাবে দহ লিটাৰ পানীত এক কিলোগ্ৰাম ছয়মাহৰ পুৰণি শুকান গৰু গোবৰ, আধা কিলোগ্ৰাম কেঁচু সাৰ, দুইশ গ্ৰাম মান খলিহৈ , দুই চাহ চামোচ গুৰ আৰু তাৰ সমপৰিমাণৰ দৈ মিহলি কৰি একৈশ দিন ঢাকোন মাৰি থৈ দিব লাগে । পিছত পাত্ৰটোৰ তলত পৰি থকা দ্ৰব্যখিনি এৰি কেৱল ৰঙচুৱা পানীখিনি অন্য এক পাত্ৰত ঢালি ল’ব লাগে।তাত পুনৰ সমপৰিমাণৰ পানী মিহলি কৰি সেই পানীত ওপৰত উল্লেখ কৰা পদ্ধতিত খেতি কৰিলে অন্য পুষ্টিদ্ৰব্য মিহলাবৰ প্ৰয়োজন নহয়। এই জুলীয়া পুষ্টিদ্ৰব্য মাটিত কৰা খেতিৰ বাবেও উপযোগী হয়। এইদৰেই অতি কম খৰছত ঘৰৰ ভিতৰতে ক্ৰাটকীৰ পদ্ধতিত পানীত খেতি কৰিব পাৰি। ------------------সমাপ্ত------

ৰাজনীতিকৰ হাতুৰাই ডিঙি চেপা দিয়া দেশৰ অৰ্থনীতি আৰু নিঃকিন জনতাৰ মৌন নিনাদ

ভাৰতবৰ্ষৰ চুবুৰীয়া দেশ শ্ৰীলংকা, পাকিস্তান আৰু বাংলাদেশ আদি অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হোৱা দেখা পাই এতিযা ভাৰতবৰ্ষৰ সৰ্বসাধাৰণ ৰাইজেও আমাৰ দেশৰ অতি সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতিলৈ লক্ষ্য ৰাখি সেইবোৰ দেশৰ তালিকাভুক্ত হৈ জ্বলা-কলা খোৱাৰ শংকাত ভূগিব ধৰিছে। ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্যেৰে দেশৰ আশী কোটি লোকক হিতাধিকাৰী সজাই অৰ্থনৈতিক স্বাধীনতাৰ পৰা বঞ্চিত কৰাৰ পিছত এইবাৰ মধ্যবিত্তসকলৰ সপোনবোৰ ভাঙিবলৈ আৰম্ভ কৰিছে ৰাজনৈতিকভাৱে পালিত-পোষিত পুঁজিপতি গৌতম আদানিয়ে; কিন্তু এইবোৰ কথা মিছা বুলি প্ৰতিপন্ন কৰি, দেশ প্ৰগতিৰ পথত আগুৱাই বিশ্ব গুৰুৰ আসনতহে বহাৰ খবৰহে চৰকাৰৰ কোলাত বহি বাতৰি পৰিবেশন কৰা একাংশ সংবাদসেৱীয়ে টেঁটু ফালি চিঞৰি চিঞৰি ক’ব ধৰিছে, মাহেকীয়া এক নিৰিশত ধন লাভ কৰি থকা সৰ্বভাৰতীয় স্তৰৰ কিছুমান বাতৰি কাকত আলোচনী আদিয়ে চৰকাৰী পক্ষ লৈ আদানিক বচাবলৈ আৰু ৰাইজৰ চকুত ধূলি দিবলৈকে আদানিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।দেশৰ গণতন্ত্ৰক ধ্বংস কৰিবলৈ উঠিপৰি লাগি গৈছে।এইসকলে যে দেশখনক কেনে এক বিপৰ্যয়ৰ দিশে ঠেলি দিছে সেই লৈ ভ্ৰূক্ষেপ কৰা নাই, কেৱল নিজৰ লাভৰ বাবেই সত্যক হনন কৰিছে। সত্য সূৰ্যৰ দৰেই, ঢাকি ৰখাটো কাহানিও সম্ভৱ নহয়।তুঁহজুইৰ দৰে উমি উমি জ্বলি থকা গৌতম আদানিৰ কু-কীৰ্তিৰ জুইকোৰাও হিণ্ডেনবাৰ্গ ৰিছাৰ্চে প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে হঠাত্ দপ দপকৈ জ্বলি উঠিল।দেশৰ টি ভি চেনেল আৰু কিছুমান বাতৰি কাকতত সত্য কথাবোৰ প্ৰকাশ নকৰিলেও সামাজিক মাধ্যম আৰু আন্তঃৰাষ্ট্ৰীয় টি ভি চেনেল আৰু বাতৰি কাকত আদিয়ে সমগ্ৰ বিশ্বতে গৌতম আদানিৰ অৰ্থনৈতিক কেলেংকাৰীবোৰৰ বাতৰি সবিস্তাৰে প্ৰচাৰ কৰি যাব ধৰিছে।এতিয়া আমাৰ দেশৰ সৰ্বসাধাৰণ ৰাইজেও গৌতম আদানিৰ ধন টকা-পইচাৰ ভেটিটো বালিঘৰ খহাদি খহা দেখা পাইছে।গৌতম আদানিয়ে কাৰ ছত্ৰছায়াত থাকি দেশৰ ৰাষ্ট্ৰীয়কৃত বেংক আৰু সংস্থাৰ পৰা হেজাৰ হেজাৰ কোটি টকাৰ ঋণ নিচেই কম সুতত লাভ কৰিব পাৰিছিল সেয়াও আটাইয়ে জানিব পাৰিছে।সেয়েহে চৰকাৰে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰপেক্ষভাৱে তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজে আশা কৰে আৰু গম্ভীৰ অৰ্থনৈতিক সংকটত পৰি হাবু–দাবু খাব নিবিচাৰে।আদানি, আম্বানী আদি কোটিপটিয়ে মাত্ৰ এটকাত ভূমি লাভ কৰি আৰু নামমাত্ৰ সুতত ঋণ লাভ কৰিও লোকচান ভৰিলে বুলিয়েই বিশ্ব দৰবাৰত আমাৰ দেশৰ অৰ্থনৈতিক স্থান যাতে নিম্নগামী নহয় তাৰ ব্যৱস্থা কৰক চৰকাৰে।ৰাজহুৱা খণ্ডৰ প্ৰতিস্থান সমূহক সুৰক্ষিত কৰি জনগণৰ স্বাৰ্থৰ প্ৰতি নজৰ দিয়ক। --------------সমাপ্ত-------------

অপৰিসীম ধৈৰ্যৰ প্ৰতীক স্বৰূপ মান্যবৰ ঠগেন গগৈ দেৱৰ পৱিত্ৰ স্মৃতিত পুষ্পাঞ্জলী তৰ্পণ

বিচিত্ৰ মানৱ জীৱনত সফলতা প্ৰাপ্তিৰ বাবে কেৱল নিপুণতা, কৰ্মদক্ষতা,যোগ্যতা আৰু পাৰদৰ্শীতা থাকিলেই নহ’ব, লগতে অপৰিসীম ধৈৰ্যৰো প্ৰয়োজন।সেয়েহে নিপুণ, কৰ্মদক্ষ আৰু পাৰদৰ্শী লোকেও ধৈৰ্যৰ অভাৱতে সফলতা লাভ কৰিব নোৱাৰে।তেনে লোকে ধৈৰ্যৰ বান্ধ ছিগি যোৱাৰ ফলত সফলতা প্ৰাপ্তিৰ বাবে ব্যগ্ৰ হৈ পৰি উগ্ৰতা প্ৰদৰ্শন কৰে, বহুলোকে তেনে ক্ষেত্ৰত দুৰ্নীতি, মিথ্যাচাৰ আৰু ব্যভিচাৰৰ আশ্ৰয় লয়।এনেবোৰ কাৰণতে মানৱ সমাজখন উশৃঙ্খল হৈ পৰে আৰু শান্তি ভঙ্গ হয়।যোগ্যজনক বঞ্চিত কৰি তুলনামূলকভাৱে অযোগ্যজনে ক্ষণিকৰ বাবে হ’লেও নিজকে সফলকাম কৰি তোলে; কিন্তু যোগ্যজনে আনে স্বীকৃতি নিদিলেও সকলো ক্ষেত্ৰতে নিজৰ যোগ্যতা অতুত ৰাখি, সমাজৰ আইন-শৃঙ্খলা মানি চলি শান্তিপূৰ্ণভাৱে জীৱনটো আগুৱাই নিয়ে।এইসকল লোকে জীৱনৰ সফল পৰিসমাপ্তি ঘটাই নিজৰ যোগ্যতাৰ পৰিচয় অন্তিম বাৰৰ বাবে দি যায়।পৰম শ্ৰদ্ধাভাজন ঠগেন গগৈদেৱৰো সৌসিদিনা জীৱনৰ সফল পৰিসমাপ্তি ঘটিল।নিজৰ যোগ্যতাৰে গঢ় দিয়া সংসাৰখনৰ আত্মীয়-স্বজনৰ বিপুল আদৰ-সন্মান আৰু আলপৈচনৰ মাজেদি জীৱনৰ শেষৰ দিনকেইটো অভিজ্ঞ ডাক্তৰৰ নিৰীক্ষণত অতিবাহিত কৰি আমাৰ দদাইদেউ ঠগেন গগৈদেৱে আটাইকে শোক সাগৰত ডুবাই অনন্ত অনাদি ধামত ধ্যানত মগ্নজনৰ আহ্বানত তালৈ বিদেহ আত্মা হৈ অদৃশ্য ৰথত উঠি গমণ কৰিলে। ঠগেন গগৈদেৱৰ জীৱন-সংগ্ৰামৰ জটিল সময়ছোৱাৰ মাজতেই আমি তেওঁক লগ পাইছিলোঁ।বিদ্যালয়ৰ সহকৰ্মী হিচাপে আমাৰ পৰিচয় ঘটিছিল।শান্ত-শিষ্ট তথা অমায়িক স্বভাৱৰ জ্যেষ্ঠ শিক্ষকজনৰ কথা-বতৰা আৰু ভাৱ-ভঙ্গীত আন্তৰিকতা উপচি পৰিছিল।তাহানিতেই আমাৰ মনত ৰেখাপাত কৰি যোৱা সেই আন্তৰিকতাৰ ওৰ নপৰিল।অলপ দিনৰ পিছতেই তেওঁ প্ৰধান শিক্ষকৰ দায়িত্ব লাভ কৰিলে।তেতিয়া তেওঁৰ আন্তৰিকতাৰ প্ৰভাৱে বিদ্যালয়ৰ প্ৰতি আমাৰো দায়িত্ব বৃদ্ধি কৰিলে।হাইস্কুল শিক্ষান্ত পৰিক্ষাৰ পিছত কলেজীয়া জীৱনৰ পাতনি মেলাৰ লগে লগে আমি সমান্তৰাল ভাৱে শিক্ষকতাৰে কৰ্ম জীৱনৰো পাতনি মেলিব লগা হৈছিল। সেই গতিধাৰাৰ যতি পৰিছিল ডিব্ৰুগড় বিশ্ব বিদ্যালয়ত ছাত্ৰ জীৱনৰ পাতনি মেলোঁতে।দুটা বছৰত বিশ্ব বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি পুনৰ আমাৰ কৰ্ম জীৱনৰ আৰম্ভণী হয় শিক্ষকতাৰেই। ঠগেন গগৈদেৱে জ্যেষ্ঠ শিক্ষক হিচাপে আমাক যিবোৰ কথা শিকাইছিল পূৰ্বতে কোনেও শিকোৱা নাছিল।তেওঁৰ উপদেশবোৰে আমাৰ কৰ্ম জীৱনৰ জটিলতা কিছুমান দূৰ কৰাত সহায়ক হৈছিল।বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্ন সাজ-পোছাক পৰিধান কৰিহে কাৰ্যালয়লৈ যোৱা ক্ষেত্ৰত তেওঁ বেছি গুৰুত্ব আৰোপ কৰিছিল। ঠগেন গগৈদেৱৰ জ্ঞান পিপাসু স্বভাৱটোৱে সততে আমাক আকৰ্ষণ কৰিছিল।সমাজৰ সকলো দিশতে, সকলো বিষয়তে তেওঁ নজৰ ৰাখিছিল।সেয়েহে সকলো ধৰণৰ আলোচনাতে ভাগ লৈ নিজৰ জ্ঞান গৰীমা প্ৰকাশ কৰিব পাৰিছিল।আমি জনাত তেওঁ আজৰি পালেই বিভিন্ন বিষয়ৰ পুথি অধ্যয়ন কৰিছিল।চাকৰি কৰি থকা সময়ছোৱাত শিক্ষা বিষয়ক কিতাপ-পত্ৰ অনেক অধ্যয়ন কৰিছিল আৰু তাৰ যোগেদি প্ৰলব্ধ জ্ঞানৰাশি কৰ্ম জীৱনৰ প্ৰায়োগিক দিশত প্ৰয়োগ কৰিছিল।বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষাৰ ফলাফল অধিক ভাল কৰিবিলৈ অনবৰতে তেওঁক চিন্তান্বিত হৈ থকা দেখা গৈছিল।আমি জনাত এই বিষয়ত কি ব্যৱস্থা ল’লে ভাল হ’ব সেই সন্দৰ্ভত আন আন ওচৰ-পাজৰৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক সকলৰ লগত আলোচনা কৰি পৰামৰ্শ গ্ৰহণ কৰিছিল আৰু তাক ব্যৱহাৰিক দিশত প্ৰয়োগ কৰিছিল।।মুঠতে ক’বলৈ গ’লে তেওঁ বিদ্যালয়খনৰ উন্নতিৰ বাবে নিজৰ ব্যক্তিগত জীৱনৰো অধিকাংশ সময় ব্যয় কৰিছিল। এজন প্ৰধান শিক্ষক হিচাপে তেওঁ উৰ্ধতম কৰ্তৃপক্ষৰ সতে সততে যোগাযোগ ৰক্ষা কৰি চলিছিল।বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষৰ মনোযোগ আকৰ্ষণ কৰাৰ পৰা আৰম্ভ কৰি আৰ্থিক অনুদান লাভ কৰালৈকে অনেকবাৰ অফিচলৈ বাটকুৰি বাব লগীয়া হৈছিল আৰু তেওঁ অক্লান্ত ভাৱে সেয়া কৰি গৈছিল আৰু অৱশেষত তেওঁৰ মৰমৰ বিদ্যালয়খনৰ গৃহ সজ্জাৰ পূৰ্ণতা প্ৰাপ্তি ঘটিছিল।তাতেই তেওঁ যেন জীৱনৰ চৰম আনন্দ লাভ কৰিছিল। ঠগেন গগৈদেৱে সদায়ে তেওঁৰ সহকৰ্মীসকলৰ লগত এক সু-সম্পৰ্ক বজাই ৰাখিছিল। কাৰোৰে সৈতে কাহানিও হাই-কাজিয়াত লিপ্ত হোৱা নাছিল।সহকৰ্মীসকলৰ সুখত সুখী হৈছিল আৰু দুখত আন্তৰিকতাৰে দুখ প্ৰকাশ কৰিছিল।সেয়েহে তেওঁ এজন সৰবৰহী লোক হৈ পৰিছিল।যিকোনো পৰিবেশতে নিজৰ বিদ্যালয়ৰ শিক্ষকসকলে যাতে সময়মতে মাহেকীয়া দৰ্মহা লাভ কৰিব পাৰে তাৰ বাবে সততেই সজাগ হৈ থাকে আৰু নিজৰ কষ্টক আওকান কৰি সেয়া সম্ভৱপৰ কৰিহে এৰে।তেওঁৰ সহকাৰী শিক্ষকসকলৰ যেয়ে যেনেকৈ উৰ্ধতম কৰ্তৃপক্ষৰ পৰা কিবা সা-সুবিধা লাভ কৰাৰ যোগ্যতা ৰাখে তাক ফলৱতী কৰাত সততেই হাত উজান দিছিল।সেই বাবেই আমিও তেওঁৰ অনুগ্ৰহত সুদূৰ হিমাচল প্ৰদেশৰ শিমলাত এন চি ই আৰ টিৰ অধীনত পুতলা নিৰ্মাণৰ এমহীয়া প্ৰশিক্ষণত ভাগ ল’বলৈ সুযোগ পাইছিলোঁ। ইয়াৰ বাবে আমি তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’লোঁ। আমাৰ প্ৰৱন্ধ-পাতি অসমীয়া কাকত-আলোচনীত প্ৰকাশ পাই থকা দিনবোৰত যেতিয়া সন্মানীয় ঠগেন গগৈদেৱক লগ পাইছিলোঁ তেতিয়া আমাক যিদৰে লিখি যাবলৈ অনুপ্ৰেৰণা যোগাইছিল সেয়া চিৰস্মৰণীয় হৈ ৰ’ব।কেৱল আমাৰ ক্ষেত্ৰতেই নহয়, তেওঁক শেষ বাৰৰ বাবে লগ পোৱাৰ দিনা আমাৰ পূৰ্বৰ সহকৰ্মী তথা বৰ্তমান সময়ৰ সু-লেখক চাবুৱাৰ শ্ৰীযুত যতীন নেওঁগদেৱৰো তেওঁ ভূয়সী প্ৰসংশা কৰিছে।এইবাৰৰ আগত লগ পাওঁতে আমাৰ তাহানিৰ সহকৰ্মী তথা বৰ্তমান শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক শ্ৰীযুত গুণ শইকীয়াদেৱ আৰু আমাৰ সহকৰ্মী ৰাম চন্দ্ৰ গোহাঁইৰ প্ৰসংশাত তেওঁ পঞ্চমুখ হৈ পৰিছিল। আমি শ্ৰদ্ধাভাজন ঠগেন গগৈদেৱক তেওঁলোকৰ গৃহত অন্তিম বাৰৰ বাবে তেওঁৰ মৃত্যুৰ মাথো কেইদিনমানৰ আগত, বিগত বছৰৰ নবেম্বৰ মাহৰ আঠাইশ তাৰিখে লগ কৰিছিলোঁগৈ।পাৰ হৈ যোৱা অসুখৰ পিছত তেতিয়া তেওঁ ক্ৰমান্বয়ে আৰোগ্য লাভ কৰা বুলি আমাক জনাইছিল।অশীতিপৰ দদাইদেৱে নিজৰ স্বাস্থ্যৰ সন্দৰ্ভত গৌৰৱেৰে কৈছিল যে অত’দিনে মধূমেহ, ৰক্তচাপ আদি কোনো ধৰণৰ জটিল ৰোগত নোভোগাকৈ আৰু চুলি নপকাকৈ থাকিল তেওঁ।সেইদিনা তেওঁৰ পৰা বিদায় লৈ আহি বাটত আমি কৈছিলোঁ, “দদাইদেউ পুনৰ সম্পূৰ্ণ সুস্থ হৈ পৰিব চাবা”; কিন্তু বিধিৰ যি বিধান সেইমতেই সকলো হৈ গ’ল। লগে লগে সমাজৰ বাবে তথা আমাৰ সকলোৰে বাবে এএক অপূৰণীয় ক্ষতি হ’ল।শেষত শিশুৰ দৰে সৰলতাৰে নিজৰ খং আৰু অভিমান প্ৰকাশ কৰোঁতা মান্যবৰ আমাৰ দদাইদেউ ঠগেন গগৈদেৱৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ওম্ শান্তি, ওম্ শান্তি। ----সমাপ্ত------ বিঃদ্ৰঃ ১৯৮০চনত মই ডিব্ৰুগড বিশ্ব বিদ্যালয়ৰ পৰা এম এ পাছ কৰি লগে লগে ডিব্ৰুগডৰ বকুল হাইস্কুলত ইংৰাজী পঢাবৰ বাবে সহকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰিলোঁ।সেই স্কুলৰে প্ৰতিস্থাপক শিক্ষক স্বনাম ধন্য ঠগেন গগৈদেৱে অলপ দিনৰ পিছত প্ৰধান শিক্ষক হৈ সময়ত অৱসৰ গ্ৰহণ কৰিলে। বিদ্যালয়খনত পাঁচটা বছৰ শিক্ষকতা কৰি বেংকৰ চাকৰিত যোগদান কৰি পিছত তেখেতৰ ভতিজী ৰুমী গগৈৰ সৈতে বিবাহ পাশত আৱদ্ধ হওঁ। সেয়ে তেখেত মোৰ সম্বন্ধত দদাইদেউ হয়। ১৬ দানুৱাৰী , ২০২৩ তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে।লেখাটো তেখেতৰ স্মৃতিত প্ৰকাশিত শ্ৰদ্ধাৰ্ঘ্য নামেৰে নামাকৰণ কৰা স্মৰণিকাত প্ৰকাশ পাইছে।