Saturday 19 April 2014

চাহ মিঠাইৰ জুতি


চাকৰিত যোগদান কৰাৰ  প্ৰথম দিনৰে কথা৷ এজন মানুহ আহি কাষৰ হোটেলখনৰ পৰা ভালৰো ভাল মিঠাই আৰু স্পেচিয়েল চাহ আনি অফিচৰ প্ৰত্যেকৰ সমুখৰ টেবুলে টেবুলে দি ল৷ মানুহজনেও আমাৰ লগতে চাহ মিঠাই খাই কিছু সময় বহি  ওচৰতে বহা  সাপ্তাহিক বজাৰলৈ গুচি ল৷ আমাৰ অফিচৰ কোনজনৰ লগত মানুহজনৰ বিশেষ চিনাকি সেই কথা নজনাকৈয়ে থাকি ল৷

মানুহজন প্ৰায়ে অফিচলৈ এনেদৰে আহে আৰু চাহ মিঠাই খুৱাই আৰু নিজেও খাই যায় ; কিন্তু কোনো দিনে তেওঁৰ কিনো অভিপ্ৰায় আছে ব্যক্ত নকৰিলে৷ কথাটো চিন্তা কৰি মইতো আচৰিতেই হ’লো৷ পিছে মাহটোৰ শেষৰ ফালে  মানুহটোক আৰু দেখা নোপোৱা হ’লো৷

পিছে জোলোঙাৰ মেকুৰী ওলাবলৈ দেৰি নালাগিল৷ অফিচৰ এজন ষ্টাফৰ  মাহেকীয়া চাহৰ বিল পৰিশোধ কৰিবলৈ গৈ হোটেলৰ খাটাৰ হিচাপ দেখি চকু কপালত উঠিল৷  হায় ফিৰি চাহ মিঠাই !! মানুহটোৱে হোটেলৰ খাটাত অফিচৰ নামত লিখাই আমাক তিপ্তি দিয়াৰ লগতে নিজেও মজা ল’লে৷

Wednesday 16 April 2014

যাদু বিদ্যা

যাদু বিদ্যা এক অতি প্ৰাচীন বিদ্যা৷ হিন্দু ধৰ্ম্মাৱলম্বী দেশসমূহত এই বিদ্যা শঙ্কৰ-পাৰ্বতীৰ সৈতে জড়িত৷ কামৰূপৰ কামাখ্যা মাৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত৷ প্ৰকৃত যাদু বিদ্যা আহৰণ কাৰ্য্য সহজ সাধ্য নহয় বুলি এই বিদ্যাৰ লগত জড়িত সকলে কয়৷ যাদু বিদ্যাক অন্ধবিশ্বাসৰ ফলশ্ৰুতি বুলি নকৈ পূৰ্ণমাত্ৰা বিশ্বাসৰ ফলত প্ৰাপ্ত সাধনাৰ ফল বুলি তেওঁলোকে ক’ব খোজে৷ বিজ্ঞানৰ বলত আধুনিক জগতত যেনে ধৰণৰ কাম কাজবোৰ সমাধা কৰা সম্ভৱ হৈছে অতি প্ৰাচীন কালত যাদুৰ বলত এনেবোৰ কাম সমাধা কৰিবলৈ চেষ্টা কৰা হৈছিল৷ প্ৰাচীন পুথি-পাঁজি অধ্যয়ন কৰি যাদুকৰসকলে কয় যে যাদু-মন্ত্ৰৰ প্ৰভাৱেৰে কিছুমান অসম্ভৱকো সম্ভৱ কৰা হৈছিল৷

বৰ্তমান সমাজত যাদু শিক্ষাক তন্ত্ৰ-মন্ত্ৰৰ পৰা পৃথক কৰি , যাদুক কলা হিচাপে লৈ মনোৰঞ্জনৰ বাবে নানা কৌশল প্ৰয়োগ কৰি যাদুকৰসকলে  জীৱিকাৰ পথ  কৰি লৈ সফল হৈছ৷ কেৱল ইমাণেই নহয়, যাদু শিক্ষাৰ কোনো ধৰণৰ জ্ঞান নথকা ভণ্ড বেজে নানা বেমাৰ-আজাৰ তথা সমস্যাত ভূগি মনোবল হেৰুৱাই পেলোৱা লোকক ঠগ-প্ৰৱঞ্চনা কৰাটোকেই নিজৰ জীৱিকাৰ পথ হিচাপে লৈছে৷ এনেদৰে এচাম লোক অন্ধ বিশ্বাসৰ বলি হৈছে৷

“ব্যোমবক্ত্ৰং মহাকায়ং প্ৰলয়াগ্নিসমপ্ৰভম৷                                                           অভেদ্যভেদকং স্তৌমি ক্ৰোধভৈৰবনামকম৷৷”

অৰ্থাৎ ‘আকাশৰ দৰে বদনবিশিষ্ট, প্ৰকাণ্ড দেহধাৰী আৰু প্ৰলয়কালৰ অগ্নিৰ দৰে আভাবিশিষ্ট  তথা অভেদ্যভেদক উন্মত্ত ক্ৰোধ ভৈৰৱদেৱক প্ৰথমেই আৰাধনা কৰোঁ৷’-------যাদুশিক্ষাৰ পাতনিতে এইদৰে ভৈৰৱদেক আৰাধনা কৰা হয়৷

 ;ষট্ কৰ্ম্ম বিদ্যা

(১)শান্তিকৰ্ম্ম
(২)বশীকৰণ
(৩) স্তম্ভন
(৪)বিদ্বেষণ
(৫)উ্চ্চাটন
(৬)মাৰণ

এই ছয়বিধ কৰ্ম্মকে পণ্ডিতসকলে ষট্ কৰ্ম্ম নামেৰে অভিহিত  কৰিছে৷ ইয়াৰ দ্বাৰা ক্ষীণবল মানৱে নানা ধৰণৰ অসাধ্য , অসম্ভৱ আৰু অদ্ভ্যুৎ  কাণ্ড-কাৰাখানা অনায়াসে সাধন কৰিব পাৰে বুলি এই বিদ্যাত বিশ্বাসীসকলে মত পোষণ কৰে৷ দেৱতা আৰু মন্ত্ৰত যাৰ বিশ্বাস আছে , হৃদয়ত ভক্তি আছে , প্ৰাণত একাগ্ৰতা আছে , তেওঁলোকে উক্ত কৰ্ম্মত সিদ্ধি লাভ কৰিব পাৰে বুলি তেওঁলোকে দৃঢ়তাৰে কয়৷

যি কাৰ্য্যৰ দ্বাৰা বিষনাশ হয়, বিৰূদ্ধজনিত দোষ আৰু কুকৃত্য অৰ্থাৎ শত্ৰুৱে কৰা মাৰণাদি কাৰ্য্য নিবাৰিত হয় তাকে শান্তি আৰু বশীকৰণ কৰ্ম্ম বোলে৷ যিবোৰ কৰ্ম্মৰ দ্বাৰা আনৰ প্ৰবৃতিৰোধ অৰ্থাৎ কাৰ্য্যকাৰিতা শক্তি নষ্ট কৰা যায় তাকে স্তম্ভনকাৰ্য্য বোলে৷ পৰস্পৰ স্নেহসূত্ৰে আৱদ্ধ প্ৰণয়িবৰ্গৰ স্নেহৰ বিচ্ছেদ ঘটাই দিয়াকে বিদ্বেষণ কাৰ্য্য বোলে৷ যি কাৰ্য্যৰ দ্বাৰা কোনো লোকক স্বদেশৰ পৰা বিতাৰণ কৰা হয় , তাকে উচ্চাটন বোলে৷ অন্যহাতে যি কাৰ্য্যৰ দ্বাৰা জীৱগণক বিনষ্ট কৰা যায় ,তাকে মাৰণ বোলে৷

এইবিলাক কাৰ্য্য সাধন কৰিবলৈ হ’লে , ষট্ কৰ্ম্মৰ  প্ৰত্যেক দেৱতা , দিশ,আসন ইত্যাদি বিষয়ে জানি লৈহে কামত অগ্ৰসৰ হ’য়, অন্যথাই ফলাফল লাভ কৰাৰ সম্ভাৱনা নাই৷ সকলোবিধ কাৰ্য্য সাধনৰ একোটা পৃথক অনুষ্ঠান আছে৷ ইয়াক এৰাই চলি কোনো কাম কৰিলে সেয়া সুসিদ্ধ নহয় বুলি যাদু বিদ্যাৰ গুৰুসকলে কয়৷

তন্ত্ৰশাস্ত্ৰত পৃথক পৃথক কাৰ্য্যৰ বাবে পৃথক নিয়ম নিৰ্দ্দিষ্ট কৰি থোৱা আছে৷ যি কোনো কামত কৃতকাৰ্য্য হ’বলৈ হ’লে যিধৰণে যিনিয়মে আৰু যিসময়ত তাত প্ৰবৃত্ত হ’ব লাগে সেই সেই বিষয়ে আগেয়ে জনা দৰকাৰ৷ এইবোৰ যথাযথ ভাৱে জানি যদি কাৰ্য্যক্ষেত্ৰত অগ্ৰসৰ হয় , তেনেহলে কেতিয়াও নিৰাশ হ’ব লগা নহয়৷ কেৱল মাত্ৰ মন্ত্ৰ পাঠ বা জপ কৰিলেই কাৰ্য্যসিদ্ধি নহয়৷ যিকোনো ধৰণৰ কাৰ্য্য সাধন কৰিবলৈ হ’লে চিত্তৰ একাগ্ৰতা আৰু সদ্ গুৰুৰ উপদেশ আৱশ্যক৷  সকলোবোৰ তন্তৰ-মন্ত্ৰই গুৰূপদিষ্ট নহ’লে তাৰ দ্বাৰা কোনো ফল পোৱা নাযাব৷ মূলতঃ সাধনা কৰিবলৈ ইচ্ছুক ব্যক্তিয়ে প্ৰথমে যথাসাধ্য ইন্দ্ৰীয়-সংযমসহকাৰে নিজ-গুৰুৰ ওচৰত দী্ক্ষা গ্ৰহণ কৰিব লাগিব , পিছত তেৰাৰ উপদেশ অনুযায়ী কাৰ্য্য কৰি যাব লাগিব৷

;ষট্ কৰ্ম্মৰ দেৱতা

ভিন্ন ভিন্ন কামৰ বাবে ভিন্ন দেৱতা,দিক্ ,কাল, আসন প্ৰভৃতি নিৰ্দ্দিষ্ট কৰি থোৱা আছে ; গতিকে প্ৰথমে এইবোৰ বিষয়ে জনা দৰকাৰ৷ কোন সময়ত কোন কাৰ্য্য কিধৰণে অনুষ্ঠিত কৰিব লাগে, কোনটো দিশত বহি কোন আসনত কেনেদৰে বহি কোন কাৰ্য্য কৰা হয় আৰু কোন কাৰ্য্য সাধনৰ আগত কোন দেৱতাৰ পূজা কৰা কৰ্ত্তব্য তাক নজনাকৈ  কাৰ্য্য কৰিলে সিদ্ধি লাভৰ সম্ভাৱনা নাই বুলি এই বিদ্যাৰ গুৰুসকলে মত পোষণ কৰে৷
এতিয়া ষট্ কৰ্ম্মৰ দেৱতাসকলৰ নাম কোৱা হৈছে৷                                                         (১) শান্তিকাৰ্য্যৰ দেৱতা  ৰতি                                                                       (২) বশীকৰণৰ দেৱী বাণী                                                                       (৩)স্তম্ভন কাৰ্য্যৰ দেৱী
          ৰমা                                                                                    (৪)বিদ্বেষণ কাৰ্য্যৰ জ্যেষ্ঠা                                                                           (৫)উচ্চাটনৰ দেৱী দূৰ্গা                                                                         (৬)মাৰণ কাৰ্য্যৰ দেৱী ভদ্ৰকালী

গতিকে কাৰ্য্যত প্ৰবৃত্ত হোৱাৰ আগত কৰ্ম্ম বিভাজন অনুযায়ী দেৱতা গৰাকীৰ যথাবিহিত পূজা কৰি কাৰ্য্যানুষ্ঠান কৰা হয়৷

;দেৱতাৰ অৱস্থিতি  ভাব                                             

কোন কৰ্ম্মত দেৱতাক কি ধৰণে অৱস্থিত কৰি চিন্তা কৰা হয় তাক উল্লেখ কৰা যাওক৷ মাৰণ কাৰ্য্য কৰিবলৈ হ’লে দেৱতাক উত্থিত, উচ্চাটনত নিদ্ৰিত আৰু অন্যান্য কাৰ্য্যত সমাসীন চিন্তা কৰা হয়৷

;দেৱতাৰ বৰ্ণ

এতিয়া ষট্ কৰ্ম্মত কোন দেৱতাক কেনে ধৰণৰ বৰ্ণবিশিষ্ট ধ্যান কৰা যায় তাক কোৱা হওক৷ বশীকৰণ,আকৰ্ষণ,উন্মাদকৰণ আৰু ক্ষোভন কাৰ্য্যত দেৱতাক শোণিতবৰ্ণ ; শান্তি, পুষ্টি আৰু নিৰ্ব্বিষীকৰণত শুক্লবৰ্ণ ; স্তম্ভন কাৰ্যভত পীতবৰ্ণ ; উচ্চাটনত ধূম্ৰবৰ্ণ ; বিদ্বেষণত  মিশ্ৰবৰ্ণ আৰু মাৰণকাৰ্য্যত  কৃষ্ণবৰ্ণ চিন্তা কৰা হয়৷

;সাত্ত্বিকাদি ভেদে বৰ্ণ চিন্তন

সাত্ত্বিক কাৰ্য্যত দেৱতাক সমাসীন আৰু শুক্লবৰ্ণ চিন্তা কৰা হয়৷ ৰাজসিক কৰ্ম্মত পীত, ৰক্ত বা শ্যামবৰ্ণ চিন্তা কৰা যায়৷ ৰাজসিক কৰ্ম্মৰ অনুস্থান অনুস্থিত কৰে৷তামসিক কৰ্ম্মত দেৱতাক কৃষ্ণবৰ্ণ আৰু যানমাৰ্গ পৰিস্থিতিত জ্ঞান কৰে৷ যিসকলে মোক্ষলাভ কামনা কৰে তেওঁলোকে  তামস কৰ্ম্মৰ অনুস্থান কৰি শত্ৰুবিনাশ,ৰোগশান্তি আৰু উপদ্ৰব শান্তি কৰিব লাগে বুলি বিধান আছে৷

;ষট্ কৰ্ম্মৰ দিক নিৰ্ধাৰণ             

ঈশান কোণ শান্তিকৰ্ম্মত, উত্তৰ দিক বশীকৰণত, পূৰ্ব্বদিক স্তম্ভনকৰ্ম্মত, নৈঋত কোণ বিদ্বেষণ কৰ্য্যত, বয়ুকোণ উচ্চাটন কাৰ্য্যত আৰু অগ্নি কোণ মাৰণ কাৰ্য্যত প্ৰশস্ত৷ এই ধৰণেই উপবেশন কৰি কাৰ্য্য সমাপন কৰে৷ অন্য কাৰ্য্য সিদ্ধি নহ’য় বুলি গুৰুসকলে কৈছে৷ চামুণ্ডাতন্ত্ৰত এইবোৰ বিতংভাৱে উল্লেখ আছে৷

;ষট্ কৰ্ম্মৰ ঋতু কাল নিয়ম

দিনৰাতিৰ মাজত কৰ্ম্ম পৰম্পৰাত ছয় ঋতুৰ উদয় হয়৷ সূৰ্য্যোদয়ৰ পৰা দহ দহ দণ্ডত  এটা এটা ঋতু সংঘটন হয়৷ প্ৰথম দহ দণ্ড বসন্ত ঋতু, দ্বিতীয় দহ দণ্ড গ্ৰীস্ম, তৃতীয় দহ দণ্ড বৰ্ষা ,চতুৰ্থ দহ দণ্ড শৰৎ, পঞ্চম দহ দণ্ড হেমম্ত আৰু ষষ্ঠ দহ দণ্ড শীত ঋতু বুলি ধৰা হয়৷ মুঠতে, অৰ্দ্ধ ৰাতি শৰৎ , প্ৰভাতত হেমন্ত , পূৰ্বাহ্নত  বসন্ত, মধ্যাহ্নত গ্ৰীস্ম, অৰাহ্নত বৰ্ষা আৰু সন্ধ্যা শীত কাল৷ শান্তি কৰ্ম্মত হেমন্ত, বশীকৰণত বসন্ত, স্তম্ভনত শীত, বিদ্বেষণত গ্ৰীস্ম, উচ্চাটনত বৰ্ষা আৰু মাৰণ কাৰ্য্যত শৰৎ ঋতু বিহিত৷ এই ধৰণে দিনৰ কোন কোন সময়ত কোন ঋতু উদয় হয় , নিৰ্ণয় কৰি যট্ কৰ্ম্ম সমাপন কৰে৷

;ষট্ কৰ্ম্মৰ তিধি বাৰ

শান্তিকৰ্ম্মত দ্বিতীয়া,পঞ্চমী আৰু সপ্তমী তিথি তথা বুধ, বৃহস্পতি আৰু সোমবাৰ প্ৰশস্ত৷ বৃহস্পতি আৰু সোমবাৰে ষষ্ঠী,চতুৰ্থী ,ত্ৰয়োদশী,নৱমী, অষ্টমী আৰু দশমী তিথি হ’লে সেইদিনা পুষ্টিকৰ্ম্ম সফল হয়৷ যি কৰ্ম্মৰ দ্বাৰা ধন-জনাদি ক্ৰমান্বয়ে বৃদ্ধিপ্ৰাপ্ত হয়, মুনিসকলে তাকেই পুষ্টিকৰ্ম্ম বুলি কৈছে৷
আকৰ্ষণত  ৰবি আৰু সোমবাৰ তথা দশমী, একাদশী,অমাৱস্যা,নৱমী আৰু প্ৰতিপদ এইকেইটি বাৰ আৰু তিথি ফলদায়ক৷


নাটকৰ মাজৰ নাটক (শিশু উপযোগী খুহুটীয়া একাঙ্ক নাট)



[ বীৰেন আৰু নন্দনৰ মঞ্চত প্ৰৱেশ ]

বীৰেন—( হাতত এখন বহী) বাঃ , কি সুন্দৰ ঠাই ! এই গছ জোপাৰ তলতে ৰিহাৰ্চেল কৰিবলৈ ভাল হ’ব অ’ নন্দন৷  (কথাৰ লাচতে বহীখন এঠাইত থ’লে৷)

নন্দন—(ঠাইখনত ভালদৰে চকু ফুৰাই) ওঁ , ভাল হ’ব৷ ( গাৰ পৰা চোলাটো খুলি এফালি দলি মাৰি থ’লে)

বীৰেন—(জেং কেইডালমান গোটাই লৈ ঝাড়ু এটা বনাই ঠাইখন চাফা কৰি কৰি) সিহঁতক ইয়ালৈকে মাতি দে৷

নন্দন—(যি ফালৰ পৰা প্ৰৱেশ কৰিছিল সেইফালে চাই)- ঐ মহেন্দ্ৰ,  ঐ গোপাল, তহঁত ইয়ালে আহ৷ আমাৰ নাটকৰ ৰিহাৰ্চেল ইয়াত হ’ব৷

বীৰেন-( নন্দনক উদ্দেশ্যি) ঐ মূৰ্খ ক’ৰবাৰ , নাটকখন গচকি আছ কিয় ?  মানুহে চাই বুজি খোজ দিব লাগে ৷ বুজিছ ?

নন্দন-( ভৰিৰ তলৰ পৰা নাটকখন উঠাই চাফা কৰি কৰি) কৃষ্ণ, কৃষ্ণ, তইনো নাটখন --------ঐ—ঐ্—ঐ---(বীৰেনে তাৰ মলিয়ন চাৰ্টটো ঝাড়ু ডালেৰে সাৰি নিয়া দেখি) বীৰেন তই কি কৰিছ , কি কৰিছ, মোৰ চাৰ্টটো তই ঝাড়ুডালেৰে----------( দৌৰি গৈ চাৰ্টটো লৈ)—জধামূৰ্খ ক’ৰবাৰ ৷ মানুহে কাম কৰিলেই নহয়, ভাৱি চিন্তি কামবোৰ কৰিব লাগে৷

বীৰেন---লেতেৰা দেখি তই এইটো পেলাই দিছ বুলিহে ভাবিছিলো৷

[ মহেন্দ্ৰ,অজিত আৰু গোপালৰ মঞ্চত প্ৰৱেশ]

মহেন্দ্ৰ—কি হ’ল , কি হ’ল বীৰেন , তহঁত দুটাই কি লাগি আছ ? চাঁও , নাটকখন মোক দে ৷(নন্দনৰ হাতৰ পৰা নাটকখন লৈ)

গোপাল—প্ৰথমে মোৰ পাৰ্টটোৰ ৰিহাৰ্চেল আৰম্ভ কৰি দে৷ মই আজি অলপ সোনকালে যাব লাগিব ৷ পথাৰৰ পৰা গৰু আনিব আছে৷

বীৰেন—এহ বৰ একেবাৰে অমিতাভ বচ্চনটি ওলাইছে এঁও৷ আহি পোৱাৰ লগে লগে চুটিং আৰম্ভ কৰি দিব লাগে৷

নন্দন—বিনীতা আহি নোপোৱালৈকে তোৰ ৰিহাৰ্চেল নহ’ব৷ তাইৰ লগতহে তোৰ সংলাপ আছে৷


মহেন্দ্ৰ---তোৰ ডাইলগখিনি মুখস্থ হ’লনে গোপাল ?  তোলৈহে ভয় লাগি আছে৷

গোপাল—হৈছে হৈছে পূৰা মুখস্থ হৈছে৷

বীৰেন—গাই শুনা তেন্তে৷

গোপাল—( পকেটৰ পৰা কগজ এখন উলিয়াই হাতত লৈ) মোৰ লগত কোনোবা এটাই বিনীতাৰ ঠাইত বাসন্তী পাৰ্টটো পক্সী মাৰি দেহি আক’৷

মহেন্দ্ৰ—যাচোন যা নন্দন তয়ে পাৰ্টটো গাই দে৷

নন্দন—ওঁ হ’ব বাৰু ময়ে  পক্সী দিম৷

বীৰেন – এতিয়া আৰম্ভ কৰ৷

মহেন্দ্ৰ-( হাতত থকা নাটখন মেলি লৈ)গোপাল আৰম্ভ কৰ৷  --মই কোৱাৰ দৰে কৈ যাবি—পৰম--

জগত (গোপাল)-পৰম অভাজন ৰাইজ—


মহেন্দ্ৰ—অই বুৰ্বক ,পৰম অভাজন নহয় অ’ পৰম শ্ৰদ্ধাভাজন৷


বীৰেন—তাৰ মানে তই একোৱে মুখস্থ কৰা নাই , নহয় জানো গোপাল ?


গোপাল—মুখস্থ কৰিছিলো, অকনমান ভুলহে হৈছে৷


মহেন্দ্ৰ—হ’ব দে ৷ আকৌ আৰম্ভ কৰ৷—পৰম শ্ৰদ্ধাভাজন ৰাইজ,---


জগত(গোপাল)—পৰম শ্ৰদ্ধাভাজন ৰাইজ, ( হাতত থকা কাগজখন চাই)আজি এই বিহু মেলাৰ-------আজি এই বিহু মেলাৰ আয়োজক মণ্ডলীৰ অনুৰোধ ক্ৰমে মই আপোনালোকক দুটিমান গীত গাই আমোদ দিব খুজিছোঁ৷ মোকতো ৰাইজে চিনি পাইছেই চাগৈ৷ যোৱা বছৰো মই এই বিহুমঞ্চত গীত পৰিবেশন কৰিছিলো৷ মোৰ নাম জগত ৷ জগত শইকীয়া ৷  মোৰ লগত সহযোগ কৰিব আপোনালোকৰ সকলোৰে চিনাকি আৰু মৰমৰ গায়িকা বাসন্তী বৰুৱাই৷

[লগে লগে সকলোৱে হাত তালি দিয়ে]

বাসন্তী(নন্দন)-নমস্কাৰ ৰাইজ, বিহুৰ বতৰ, গতিকে ৰাইজে বিহু গীতেই নিশ্চয় পছন্দ কৰিব৷

 জগত-বাসন্তী(গোপাল নন্দন)-আমি তেন্তে বিহু গীতেৰেই আৰম্ভ কৰো৷

[ পুনৰ হাত তালি]

জগত-বাসন্তী(গোপাল নন্দন)- (দুয়ো একেলগে)কলিৰ কৃষ্ণ বুলি হাঁহিলি------গোগিনী----
[ নাটকত উল্লখ কৰা গীতসমূহ নিজে বাছনি কৰি ল’লে ভাল হ’ব]

বীৰেন- এইটো নহয়, এইটো নহয়৷ আমাৰ দেউতাই কৈছে এইটো আচল বিহু গীত নহয়৷ এইটো আধুনীক বিহু সুৰীয়া গীতহে৷ আচল বিহু গীত এটা গা৷

গোগাল- কাক বুলিলো কোনে নিজে গাত পাতি ল’লে চা----টোকে  গাওঁ নেকি ?

মহেন্দ্ৰ- এই পুৰণি চিনেমাৰ গানবোৰ উলিয়াই নাথাকিবি ৷ বেলেগ বিহু গীত গা৷

নন্দন—চামথিং চামথিং---টোকে গাওঁ তেনেহ’লে---৷

বীৰেন—সেইটো বিহু গীত হ’লনেকি ? বেলেগ গা৷ এতিয়া তহঁতে গাবলৈ বিহু গীত এটাকে বিচাৰি নেপালি৷ বিহুমেলাবোৰত শিল্পীসকলে বিহুগীত গাই গাই দৰ্শকক বলীয়া কৰি নচুৱাই দিয়ে৷

গোপাল—বিহু ফাংচনত শিল্পীসকলে যিহকে গাই তাতেই ৰাইজে ফুৰ্টি কৰি নাচে৷ হিন্দী চিনেমাৰ গান হ’লে যে আৰু বেছিহে জমে৷

নন্দন-যোৱা বাৰ বিহু মেলাত দেখিলো আমাৰ খগেন কাইহঁতে মদ পানী খাই আহি এনেয়ে বিহু মেলাত নাচি- বাগি ফুৰ্টি কৰিছিলে৷ খগেনকায়ে এনেকে এনেকে ( নাচি দেখুৱাই) ভৰি কেইটা পকাই পকাই নাচি নাচি এবাৰ মোৰ গাতে পৰিব ধৰিছিল৷ মই ফটকে আঁতৰি দিলো বুলিহে৷
[ নন্দনৰ নাচ দেখি আটাইকেইটাই হাঁহিলে]


গোপাল—আমাৰ নাটকত আমিও তেনেহলে যিকোনো গান এটা গাই দিওঁ আক’৷


বীৰেন – নাই নাই সেইটো নহ’ব৷ আমাৰ নাটকত আমি এটা আচল বিহু গীত দিব লাগিব৷ কাৰণ আমাৰ নাটকখনৰ নামটোৱেই হৈছে –“ বিহু বিহু লাগিছে গাত”৷ ইয়াত অসমীয়াৰ জাতীয় উৎসৱ বিহুটিক কেনেকৈ বিকৃত নোহোৱাকৈ জীয়াই ৰাখিব লাগে তাকহে ৰাইজক বুজাব খোজা হৈছে৷


মহেন্দ্ৰ—ঠিকেইতো৷ নাটকৰ আচল উদ্দেশ্যটোকে ইহঁতে বুজি পোৱা নাই৷


বীৰেন-এটা কাম কৰোঁ৷ কোনটো বিহু গীত গোৱা হ’ব ঠিক কৰি ভালদৰে অভ্যাস কৰিব লাগিব৷ এতিয়া আমি আৰম্ভণীৰ পৰা নাটকৰ ৰিহাৰ্চেল আৰম্ভ কৰি দিওঁ৷ বেছি দিন নাইয়ে নহয়৷

মহেন্দ্ৰ—(হাতত থকা নাটকখনত চকু ফুৰাই)-প্ৰথম দৃশ্য –কুলিৰ কুউ—কুউ  মাত   --দূৰ-দূৰণীৰ পৰা বিহু গীতৰ সুৰ ভাঁহি আহিব৷ মঞ্চত গগণে তাৰ বাঁহীত এটা বিহু গীতৰ সুৰ বজাই থাকিব৷ বীৰেন যা , তইহে গগণৰ ভাও লৈছ৷

বীৰেন—মোৰ বচন পূৰা মুখস্থ আছে৷ মই বাঁহী বজাই থাকোঁতে নবীন আৰু পদুম  আহিব লাগিব৷ অজিত আৰু নন্দন তহঁত দুটা সাজু হৈ থাক৷


মহেন্দ্ৰ—ওঁ বীৰেন তই বাঁহী বজাই থাক৷

গগণ(বীৰেন)—( তাৰ বাঁহীটো উলিয়াই বিহুৰ গীতৰ সুৰ দিয়ে)

[ এনেতে নবীন আৰু পদুমৰ ভাও লোৱা অজিত আৰু নন্দন মঞ্চত প্ৰৱেশ কৰিব৷]


পদুম(নন্দন)—ঐ গগন, তই যে বাঁহী বজাই মছগুল হৈ আছ, বিহু মেলাত ৰাইজ কিমান গৌট খালে দেখিছনে নাই ?( দৰ্শকৰ ফালে দেখুৱাই কয়)

গগণ(বীৰেন)—( লাজ লাজ কৰি ৰাইজৰ ফালে চায়) এৰা পদুম, তহঁত কেইটা আহি পোৱা নাই বাবে মই এনেয়ে বাঁহীটোকে বজাই আছিলোঁ৷ ৰাতিৰ বিহু ফাংচনৰ বাবে শিল্পী পালিনে নে নাই ?

নবীন(অজিত)—শিল্পীৰ কথা নক’বি আৰু গগণ ৷ সিহঁতৰ ভেমটৌ কি চাবা ৷ নিজৰ ঠাইখনত নিজৰ বিহুটিৰ গীত দুফাঁকি গাবলৈকে সিহঁতক আনিব নোৱাৰি৷ সিহঁতৰ বোলে এবছৰৰ আগতেই বুকিং হৈ আছে৷ লাখ টকাৰ বন্দবস্তি ৷ আমি সৰু সৰু ল’ৰামখাৰ অনুৰোধত বিহু গাবলৈ নাহে৷

গগণ(বীৰেন)—তেনেহলে ৰাতিৰ বিহু ফাংচন বাদ দিছো৷

[ এনতে  বিনীতা আৰু ৰীতাক অহা দেখি আটাই কেইটাই সেই ফালে উল্লাখমনে চায়]


নন্দন—সৌৱা বিনীতাহঁতো আহি পালেহি৷

বিনীতা –তহঁতে নাটকৰ ৰিহাৰ্চেল ইয়াতে আৰম্ভ কৰি দিলি নেকি ? আমি সংঘৰ ৰঙ্গমঞ্চত হ’ব বুলিহে ভাৱিছিলো৷

মহেন্দ্ৰ- তাত আমাক নাটক ৰিহাৰ্চেল কৰিবলৈ নিদিয়ে৷ তাত বিহুনাচৰ প্ৰশিক্ষণ চলিছে৷


ৰীতা—এৰা অ’ ডাঙৰমখাই আমাক একো শিকাই নিদিয়ে আৰু নিজে কিবা এটা কৰিব ল’লেও আমাক কৰিবলৈ সুবিধা দিব নিবিচাৰে নহয় নে বাৰু ?

বীৰেন—আমাৰ দেউতা কিন্তু ভাল দেই ৷ আমি একাঙ্ক নাট কৰিম বুলি ক’লত এই নাটকখন লিখি দিছে৷

গোপাল—বৰদেউতা ভাল ; কিন্তু যিখনহে নাটক লিখি দিলে , কৰিবলৈ বৰ টান লাগিছে৷  এইখন সৰু ল’ৰাই কৰা নাটক যেন লগা নাই৷ বৰ ডাঙৰ ডাঙৰ কথা৷

মহেন্দ্ৰ—হ’লেও আমি এইখন নাটকেই কৰিম৷ বৰদেউতাই কৈছে আমাৰ বাপতিসাহোন বিহুটি পথাৰৰ পৰা চোতাল আৰু চোতালৰ পৰা মঞ্চ পাই নিতৌ ৰূপ হলাব ধৰিছে,গতিকে ইয়াক কোনোবাই বিকৃত কৰাৰ আগতে আমিয়ে শুদ্ধ ৰূপত ৰাখিবলৈ যত্ন কৰিব লাগিব হেনো৷

নন্দন—ওঁ, আমি এইখন নাটকেই কৰিম৷ দেবেন, প্ৰবীণহঁতৰ দৰে কলা ,বোবা আৰু কণাক লৈ ভেঙুচালি কৰা নাটক কৰি দৰ্শকক হঁহুবলৈ নাযাওঁ৷ মোৰ ভাইটি চন্দন খোনা , যোৱা বছৰ সি মোৰ লগত নাটক চাবলে যাওঁতে এখন নাটকত খোনা এটাই খোনাই খোনাই কথা কৈ ৰাইজক খুউব হঁহুৱালে৷ পিছে তেতিয়া কিবা বেজাৰ লাগি চন্দনে খুউব কান্দিলে৷ মইয়ো কান্দোন ৰখাই থ’ব নোৱাৰিলো৷

বীৰেন—গতিকে তেনে নাটক কৰি মানুহক হঁহুৱাবলৈ যোৱাতকৈ এইখনেই ভাল হ’ব দে৷

মহেন্দ্ৰ- তেনেহলে আকৌ ৰিহাৰ্চেল আৰম্ভ কৰি দিওঁ আহ৷( নাটকখন মেলি লয়)বিনীতা, তই আহি পোৱাৰ আগত তোৰ আৰু গোপালৰ খিনি অলপ ৰিহাৰ্চেল কৰিছিলো ; কিন্তু বিহু গীতটো ঠিক হোৱা নাই বাবে প্ৰথমে গীতটো ঠিক কৰিব লাগিব৷

বিনীতা- হ’ব বাৰু , মই বাইদেউৰ পৰা ভাল গীত এটা আনি ঠিক কৰি ল’ম৷ এতিয়া ৰিহাৰ্চেল আৰম্ভ কৰ৷

মহেন্দ্ৰ—ওঁ ওঁ অথনি য’ত এৰিছিলো তাৰ পৰা আৰম্ভ কৰ৷

গগণ(বীৰেন)—তেনেহ’লে ৰাতিৰ বিহু ফাংচন বাদ দিছো৷ আজিৰ এই মিটিঙতে মাজে মাজে বিহুৰ কাৰ্য্য সূচী থাকিব৷ জগত শইকীয়া আৰু বাসন্তী বৰুৱাই ভাল গান গাব পাৰে ৷ তেওঁলোকে ৰাইজক দ্বৈত কন্ঠৰ বিহু গীত গাই শুনাব৷

বাসন্তী (বিনীতা)- এতিয়া পলম কৰাৰ প্ৰয়োজন নাই ৷ ৰাইজ গোট খালে যেতিয়া আমাৰ কাৰ্য্য সূচী আগুৱাই নিব লাগে৷ গগণ, আৰম্ভ কৰ৷

গগন( বীৰেন)- পৰম পূজ্য সমবেত ৰাইজ আৰু মোৰ মৰমৰ ভাই-ভনী আৰু বন্ধু-বান্ধবীসকল, আজি আমি ৰংপুৰ অঞ্চলৰ যুৱক- যুৱতীসকলে এক গোট হৈ এক বিহু মেলাৰ আয়োজন কৰি আপোনালোকক আমন্ত্ৰণ কৰি আনিছো৷ এই বিহু মেলাৰ বাবে আমি কোনো ধৰণৰ চান্দা –বৰঙণি তোলা নাই আৰু এই বিহু মেলাত কোনো ধৰণৰ প্ৰতিযোগিতাৰো আয়োজন কৰা নাই৷ ইয়াত আমি বিহুৰ স্বকীয় ৰূপটো প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিম৷ এতিয়া আমাৰ বিহু পতকা উত্তোলন কৰিব আমাৰ বয়োজ্যেষ্ঠ কৃষক মাননীয় শ্ৰীযুত বিদ্যাধৰ বৰা দেৱে৷

[ লগে লগে সকলোৱে হাত চাপৰি বজাব]

ৰীতা- ঐ , তহঁতে আমাৰ ককাৰ নামটো যে গাই দিছ, ককাৰ ভাও কোনে দিব ?

মহেন্দ্ৰ- তহঁতৰ ককাকে আমি মঞ্চত উঠাই পতকা উত্তোলন কৰিবলৈ দিম৷ ককাক কথাটো কৈ থৈছো আৰু তেখেতেও হাঁহি হাঁহি আমাৰ কথাত সন্মত হৈছে৷ হ’লতো ৷ পতকা উত্তোলনৰ লগে লগে আৰম্ভ হ’ব আমাৰ অসমৰ জাতীয় সংগীত৷ তহঁত আটায়ে “ অ মোৰ আপোনাৰ দেশ ---ভালদৰে গাব লাগিব৷ গীত গাই শেষ হোৱাৰ পিছতে ককাক এখন মান-পত্ৰ আৰু শৰাই তথা গামোচা দি সম্ভাষণ জনোৱা হ’ব৷ এইখিনি সঁচাসচি হ’ব৷ এইদৰে আমাৰ নাটক আগ বাঢ়ি যাব৷ ককাক গামোচাখন বিনীতায়ে পিন্ধাবি৷ তাৰ পিছত সম্পাদকে ৰাইজক সম্বোধন কৰি পুণৰ কাৰ্য্যসূচী আগুৱাই নিব৷

গগন(বীৰেন)-পৰম শ্ৰদ্ধাভাজন ৰাইজ, এতিয়া ৰংপুৰ মইনা পাৰিজাতৰ মইনাসকলে বিহু প্ৰদৰ্শন কৰিব৷

মহেন্দ্ৰ- ৰংপুৰ মইনা পাৰিজাতৰ বিহুৱা দলকো আমি আমাৰ নাটকত বিহু প্ৰদৰ্শন কৰিবলৈ বন্দবস্তি কৰি থৈছোঁ৷

[ এনেতে নন্দনৰ ভায়েক চন্দন মঞ্চত প্ৰৱেশ কৰে]

চন্দন—(নন্দনক উদ্দেশ্যি) ত—ত—তহঁতে ই—ইয়াত কি—কি—কি ক ক  কৰিছ ?

নন্দন—আমি নাটকৰ ৰিহাৰ্চেল কৰিছোঁ অ’৷  চন্দন ভাইটী তই ক’লৈ যাবলৈ এইফালে আহিলি ?

চন্দন—ম—মম ই তো  তো তোকে বি বি বিচাৰি ই  ই  আ আ হিছো ৷ দা দা দা দা , মো মো  মো  মো কো না  না  না টকৰ পা পা ৰ্ট এটা  দে না ৷

নন্দন-তই আক’ নাটক কেনেকৈ কৰিবি ? সিদিনাচোন আমি দুটাই নাটক চাওঁতে নাটকত এজনে খোনাই খোনাই কথা  কোৱা বাবে তই খুউব কান্দিলি আৰু মোকো কন্দুৱালি৷ কিয় কান্দি্ছিলি সেইদিনা ?

চন্দন—ম ম মই খো খো না বুলি ত ত তহঁতে নাটক ক ক কৰিব যে নি নি দিয় সে সে সেই খোনা টোৱে নো কে কে নে কে কৰিছে ? সে সে সেই কাৰনে ম ম মই কা কা ন্দিছিলো আক’৷

[ সকলোৱে  হাঁহে]

চন্দন—( নন্দনৰ গাত ধৰি জোকাৰি দি) দে দে না পা পা পাৰ্ট এটা ৷

বীৰেন—ঠিক আছে ৷ চন্দন, তই আমাৰ নাটকত গায়কৰ ভাও এটা পাবি ; কিন্তু তই ভালদৰে গান গাব পাৰিব লাগিব৷ পাৰিবি ?

চন্দন—পা পা পাৰিম দা দা দা ৷

মহেন্দ্ৰ- তেনেহলে গান এটা গাই শুনাচোন বাৰু ৷

ৰীতা—বিহু গীতহে গাব লাগিব কিন্তু দেই৷


চন্দন—(এটা গল খেকাৰি মাৰি এটি সুন্দৰ বিহু গীত অলপো নোখোনুৱাকৈ ভাল দৰে গাই শেষ কৰে৷)

[ ইমানপৰে চন্দনৰ গান মন্ত্ৰমুগ্ধ হৈ শুনি থকা সকলোটিয়ে সমস্বৰে বাঃ বাঃ দি হাত চাপৰি বজাবলৈ ধৰে]


বীৰেন-চাব্বাচ চন্দন, বঢ়িয়া ৷ এক বিৰল প্ৰতিভা৷

মহেন্দ্ৰ—কি আচৰিত ! গানটো গাওঁতে চন্দনে অলপো খোনুৱা নাই৷

ৰীতা- আমাৰ দেউতাই এদিন কৈছিল, লখিমপুৰত এজন নামজ্বলা গায়ক আছে৷ তেওঁ খোনা ; কিন্তু গান গাওঁতে অলপো লাগি নধৰে৷

বিনীতা—নন্দন, তই চন্দনৰ এনে এক প্ৰতিভা কিয় লুকাই থাকিবলৈ দিছ ?


গোপাল—চন্দনে আমাৰ নাটকত আৰু বহুত গীত গাব লাগিব৷

[ চন্দন জিন্দাবাদ, আমাৰ নাটক জিন্দাবাদ, আমাৰ বিহু জিন্দাবাদ—বুলি সকলোৱে জয়-ধ্বনি দিব ধৰে]

[ বি . দ্ৰ . নাটকখনত গীতসমূহ খাপ খোৱাকৈ নিজে সংযোজন কৰি ল’ব লাগিব৷ ইচ্ছা কৰিলে  বাদ্য-যন্ত্ৰও ব্যৱহাৰ কৰিব পাৰিব৷]

০০০০০০০০০০০ আঁৰ কাপোৰ পৰে০০০০০০০০০০০০









হোমিওপেথিক চিকিৎসা শাস্প্ত্ৰ মতে প্ৰতিজন অপৰাধীয়েই মানসিক ৰোগী

                             
     লক্ষণ সমষ্টি বা ইন্দ্ৰীয়গ্ৰাহ্য শাৰীৰিক আৰু মানসিক বিকৃতি বিলাকৰ সমষ্টিয়েই বেমাৰ৷ এই শাৰীৰিক আৰু মানসিক বিকৃতি বিলাক আতঁৰাই  দিয়াই  চিকিৎসকৰ প্ৰয়োজনীয় কৰ্তব্য আৰু তাৰ দ্বাৰাই বেমাৰ আৰোগ্য কৰা যায়৷ ইয়াৰ বাবে ৰোগৰ উত্তেজক কাৰণ আৰু প্ৰধান কাৰণ নিৰ্ধাৰণ কৰাটো হ’ল প্ৰথম কাম৷ হোমিওপেথিক চিকিৎসা শাস্ত্ৰ মতে এদিনীয়া বা চিৰকলীয়া বেমাৰৰ  উত্তেজক কাৰণ আৰু ঘাই কাৰণ নিৰ্দ্ধাৰণ কৰি ৰোগীৰ পাৰিপাৰ্শ্বিক বা আনুষঙ্গিক অৱস্থাৰ ফালে লক্ষ্য  ৰাখি আৰোগ্য বিধানৰ ব্যৱস্থা কৰিব লাগে৷ চিকিৎসাৰ দ্বাৰা শাৰীৰিক আৰু মানসিক লক্ষণবোৰ দূৰ কৰি দিব পাৰিলে বেমাৰটোও বহিঃ আৰু আভ্যন্তৰীণভাৱে আতঁৰি যায়৷ ইয়াৰ বাবে চিকিৎসকে বেমাৰীৰ লক্ষণসমূহৰ সাদৃশ বা সম লক্ষণৰ দৰৱ নিৰ্বাচন কৰি ৰোগীক দিব৷ ঔষধ বিলাকৰ আৰোগ্যকাৰী শক্তি , সিহঁতৰ লক্ষণবিলাকৰ সৈতে ৰোগৰ লক্ষণ বিলাকৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰশীল৷

     হোমিওপেথিক চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিলে দেখা যায় যে  কম বেছি পৰমাণে প্ৰায় সকলোবোৰ হোমিওপেথিক ঔষধৰে কিছুমান মানসিক লক্ষণ আছে৷ সেয়েহে মানসিক ৰোগীৰ বাবে ৰোগীৰ শাৰীৰিক তথা  মানসিক লক্ষণৰ সাদৃশ লক্ষণযুক্ত ঔষধ সু-নিৰ্বাচিত কৰি ৰোগীক দিলে ৰোগ আৰোগ্য হয়৷ কিছুমান ৰোগীয়ে মানসিক  অৱস্থাৰ বলি হৈ এনে কাম কৰি দিয়ে-যিটো সমাজৰ বাবে গ্ৰহণীয় নহয় আৰু আইনে তাক অপৰাধ গন্য কৰে৷ আমি  তেনে ধৰণৰ প্ৰচণ্ড মানসিক লক্ষণযুক্ত ঔষধৰ বিষয়ে আলোচনা কৰিব পাৰোঁ৷

      প্ৰথমেই বেলেডোনা Belladona) নামৰ ঔষধটোৰ মানসিক লক্ষণসমূহৰ বিষয়ে আলোচনা কৰা যাওক৷ এই ঔষধৰ মানসিক লক্ষণ অতি বিচিত্ৰ৷ ইয়াৰ ৰোগী সময়ে সময়ে অতি প্ৰচণ্ড হৈ  উঠে ৷ খঙাল হৈ পৰি মানুহৰ মুখত থুৱাই দিয়ে, মানুহক কামুৰিবলৈ যায়, মাৰিবলৈ বিচাৰে, বিছনাৰ পৰা জাপ মাৰি উঠি যায়,কাপোৰ কানি আৰু বিছনা ফালিবলৈ ধৰে৷ ৰোগীয়ে খোৱা বস্তু দলিয়াই পেলাই দিয়ে ,সমুখত যি পায় সেইবোৰ খঙতে ভাঙি পেলায়৷ এনে আচৰণবোৰ হঠাৎ কমে আৰু হঠাৎ বাঢ়ে৷ ৰোগৰ আক্ৰমণৰ
                                                               (2)প্ৰচণ্ডতা সহিব নোৱাৰি বেলেডোনাৰ ৰোগীয়ে কৰা কামৰ বাবে অপৰাধী হিচাপে অভিযুক্ত হ’বও পাৰে৷ এনে ঘটাৰ পূৰ্বে বেলেডোনা খাবলৈ দি চিকিৎসা আৰম্ভ কৰিলে ৰোগী আৰোগ্যৰ পথলৈ আহিলেহেতেন৷ সন্দেহ আৰু ঈৰ্ষাপৰায়ণতা ৰোগীৰ চৰিত্ৰত  ফুটি উঠে৷ এগাৰি,সাইমেক্স,কুপ্ৰাম মেট , ষ্টামো ,টাৰেন্ট হিস আৰু ভিৰেট এল্ব আদি ঔষধৰ ৰোগীয়েও বয় বস্তু ভাঙি পেলাব খোজে৷

     হায়োসাবেমাস(Hyoscyamus) নামৰ ঔষধৰ ৰোগীয়ে মনত ধাৰণা কৰি লয় যে কোনো আসুৰিক শক্তিয়ে  তেওঁৰ মস্তিষ্কক অভিভূত কৰি ৰাখিছে আৰু তাৰ কাম ব্যাহত কৰি দিছে৷ ৰোগী নিৰ্লজ আৰু অতিপাত কামোন্মাদ হৈ পৰে, অশ্লীল গান গায় , অশ্লীল কথা কয় আৰু কেতিয়াবা জনেন্দ্ৰীয় উন্মুক্ত কৰে৷ কামোন্মত্ততা লক্ষণ আৰু বহুতো ঔষধতে আছে৷ যেনে-এম্ব্ৰা,এপিস,ব্যাৰা মিউ ইত্যাদি ইত্যাদি৷

   কেলকেৰিয়া কাৰ্বনিকা (Calcarea Ccrbonica) নামৰ ঔষধটিৰো মানিক লক্ষণত উগ্ৰতা দেখা যায়, এই ঔষধৰ ৰোগী, যিজন নেকি অতি সৰল আৰু ভদ্ৰ আছিল তেওঁ হঠাৎ সলনি গৈ মানুহক গালাগালি , মাৰপিট কৰিবলৈ ধৰে৷ দৌৰি দৌৰি এববাৰ চিৰিয়েদি ওৰলৈ উঠে , এবাৰ তললৈ নামে আৰু মনত ধাৰণা কৰে তেঔঁ এনে ধৰণে বিকট ভাৱে চিঞঁৰিব লাগিব৷ তেওঁ সদায় হত্যাকাণ্ড, অগ্নিকাণ্ড আৰু নিগনিৰ কথা কয়৷

         হোমিওপেথিক চিকিৎসকৰ বাবে অতি প্ৰয়োজনীয় ঔষধ নাক্স ভমিকা(Nux Vomica)ৰ মানসিক লক্ষণসমূহ আতি চমৎকাৰ৷ ইয়াৰ ৰোগী অতি খঙাল প্ৰকৃতিৰ, আকোঁৰগোজ আৰু স্পৰ্শকাতৰ৷ ৰোগী সকলো অৱস্থাতে শাৰীৰিক আৰু মানসিক অসহিষ্ণু হৈ থাকে৷ ৰোগীৰ  অলপতে খং উঠে,তেওঁ অতি খিংখিঙিয়া প্ৰকৃতিৰ, হিংসুক, দন্দুৰা আৰু সাৱধানী৷ ৰোগী দেখাত প্ৰায় শীৰ্ণকায়৷ ৰোগী এনে আকোঁৰগোজ প্ৰকৃতিৰ যে তেওঁক কোনোৱাই ভাল পৰামৰ্শ দিলেও নামানে অথচ তেওঁৰ কোনো কামত বাধা দিলেও হিতাহিত জ্ঞান হেৰুৱাই এনে ধৰণৰ কাম কিছুমান কৰিব যে , যিটো তেওঁৰ নিজৰ কাৰণেই ক্ষতিকাৰক৷ এনেকুৱাও ঘটে – ৰাতি একেখন বিছনাতে স্বামী স্ত্ৰী শুই আছে অকষ্মাৎ স্ত্ৰীয়ে তেওঁৰ গিৰিয়েকক হত্যা কৰিবৰ বাবে বুকুৰ ওপৰত বহি ডিঙিত চেপা মাৰি ধৰি ধৰিছে, আকৌ কোনো পিতাকে খঙৰ ভমকত ল’ৰাটোক মূৰৰ ওপৰত তুলি মাটিত দলিয়াই পেলাই দিছে৷ ভদ্ৰ ব্যৱহাৰ ৰোগীৰ মাজত আশা কৰা নাযায়৷ আৰ্সেনিক,চায়না,মাৰ্ক আৰু প্লাটি আদি ঔষধতো প্ৰিয়জনক হত্যা কৰিব খোজা লক্ষণ বিৰাজমান৷

         মফিন, ওপি, ভিৰেট এল্ব আদি লক্ষণযুক্ত ৰোগীয়ে মিছা কথা কয়৷ একোনাইট, ব্ৰয়োনিয়া, কান্থাৰিছ, ক্ৰোকাস আৰু নাইট্ৰিক এচিদ আদি ঔষধৰ লক্ষণতো ৰোগী উগ্ৰ আৰু অমানুহ হৈ পৰে৷ ইয়াৰ ওপৰিও হোমিওপেথিকত বহুতো ঔষধ আছে যিবোৰৰ ইচ্ছাশক্তি আৰু নৈতিক শক্তি লোপৰ লক্ষণ  আছে৷ সেইবোৰ হৈছে-কোকা,কোকেইন , কালি ব্ৰোম ইত্যাদি কিছুমান ঔষধৰ লক্ষণত ৰোগীৰ মনত  আত্মহত্যা কৰাৰ চিন্তা থকা দেখা যায়৷ উদাহৰণ স্বৰূপে, হিপাৰ সালফিউৰিস ক্যাল্কেৰিয়াম(Hepar Sulphuris Calcareum) নামৰ ঔষধৰ ৰোগীৰ মনলৈ  সন্ধ্যা আৰু ৰাতি দু:সহ মনস্তাপ আহে আৰু লগতে আহে আত্মহত্যাৰ চিন্তা৷ ৰোগী সামান্য কথাতে ক্ষিপ্ত হৈ উঠে আৰু হিংস্ৰ হৈ পৰে৷ এলো,এনাকাৰ্ডিয়াম, এন্টিম কুড, আৰ্সেনিক , অৰাম  আদি বহুতো ঔষধতে ৰোগী আত্মহত্যা ইচ্ছাযুক্ত হৈ পৰা লক্ষণ আছে৷

   দেখা যায় যে ৰোগীৰ কিছুমান ৰোগ মানসিক কাৰণতো সৃষ্টি হয়৷ সপোনৰ দ্বাৰা, কুসংস্কৰাৰ দ্বাৰা , কাৰোবাৰ কোনো মন্তব্যৰ দ্বাৰা,কোনো দিন বা কোনো সময়ত মৃত্যু হ’ব বুলি ৰোগীৰ ধাৰণা হ’লে  সঁচাকৈয়ে ঠিক সেই সময়তেই মৃত্যুৰ লক্ষণ বিলাকো প্ৰকাশ পায়৷ সেই ভাৱেই চতুৰালীৰ দ্বাৰা যদি তেওঁৰ কোনো কাৰণতেই মৃত্যু হ’ব নোৱাৰে বুলি ধাৰণাৰ সৃষ্টি কৰিব পৰা যায় তেনেহলে উপস্থিত মৃত্যুৰ বাহ্যিক  আৰু আভ্যন্তৰিক বিকৃতিবিলাকো আঁতৰি যায়৷ এনেদৰে মানসিক অৱস্থাৰ বাবে সৃষ্ট ৰোগৰ প্ৰচণ্ড তথা  অপৰামূলক কামত উদগনি দিয়া লক্ষণবোৰো যথোপযুক্ত নৈতিক শিক্ষাৰ দ্বাৰা বা অন্য যিকোনো উপায়ে নোহোৰা কৰিব পাৰিলেই সমাজত অপৰাধ প্ৰবণতা দূৰ হ’ব পাৰে৷ দৈহিক ৰোগৰ বাবে সৃষ্ট মানসিক লক্ষণ দূৰ কৰিবলৈ ঔষধৰ প্ৰয়োজন৷ এতিকে বিকৃত মানসিক অৱস্থা প্ৰত্যক্ষ কৰিলে ততালিকে চিকিৎসকৰ কাষ চপা উচিত৷

  অৱশেষত ক’ব পাৰি যে মানিসিক অৱস্থা বেয়া হ’লেহে , অন্য কথাত, মানসিক ৰোগ হ’লেহে এজন লোকে অপৰাধত লিপ্ত হয়৷ এতেকে সকলো অপৰাধীয়েই মানসিক ৰোগী, যাৰ চিকিৎসাৰ প্ৰয়োজন আছে৷
                                      ০০০০০০০০০০০০০০০০০সমাপ্ত)০০০০০০০০০০০০০




বিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণ

এখন দেশৰ অৰ্থনৈতিক উন্নয়ণ ক্ষীপ্ৰ গতিত আগুৱাই নিবলৈ হ’লে দেশখনৰ প্ৰাপ্ত বয়স্ক নিৰক্ষৰতাৰ হাৰ নিম্নগামী হৈ গৈ থকাটো অতি প্ৰয়োজনীয়৷ আমাৰ দেশত ১৯৯০ চনত প্ৰাপ্ত বয়স্ক নিৰক্ষৰতাৰ হাৰ আছিল ৫২শতাংশ ; কিন্তু তেতিয়া চীন আৰু ইণ্ডোনেছিয়াৰ সেই হাৰ আছিল ২৩ শতাংশ৷ অৱশ্যে ২০০১ চনত ভাৰতৰ নিৰক্ষৰতাৰ হাৰ নিম্নগামী হৈ ৩৪.৭ শতাংশ হয়গৈ৷ পিছে বিত্তীয় শিক্ষা বা বিত্তীয় স্বাক্ষৰতাৰ ক্ষেত্ৰত আমাৰ দেশে কেইটামান বছৰৰ আগৰ পৰাহে গুৰুত্ব আৰোপ কৰি কাৰ্য্যসূচী হাতত লৈছে৷

বিত্তীয়  স্বাক্ষৰতাবা বিত্তীয় শিক্ষাঃ 
                                            
বিত্তীয় স্বাক্ষৰতাই ব্যক্তিসকলক বিত্তীয় বিষয়ত সামগ্ৰীকভাৱে সুস্থিৰতা আনি দিয়ে আৰু বিত্তীয় বিষয়বোৰত হতাশা দূৰীকৰণত কাৰ্য্যকৰি ব্যৱস্থা লোৱাত সক্ষম কৰে৷ বিত্তীয় শিক্ষা বা বিত্তীয় স্বাক্ষৰতাৰ যোগেদি বিধিগত বিত্তীয় ব্যৱস্থাৰ বাহিৰত থকা দেশৰ সিংহভাগ লোকক বেংকিঙৰ জ্ঞান দি বেংকৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে দেশৰ বেংসমূহৰ সহযোগিতাত চৰকাৰে পূৰ্ণ প্ৰচেষ্টা চলাই নিছে৷ বিত্তীয় শিক্ষাৰ কাৰ্যসূচীয়ে প্ৰাথমিক সঞ্চয় ( Basic Savings),ঋণ, ঋণৰ বীমাকৰণ আৰু পেন্সনৰ দৰে  পৰিকল্পনাৰ গুৰুত্বপূৰ্ণ ভাৱধাৰাসমূহৰ ওপৰতো নিৰ্দ্দেশ কৰিছে৷ বিত্তীয় শিক্ষা প্ৰদানৰ পিছতে ইয়াৰ লাভালাভ উপভোগ কৰিবলৈ কেনেকৈ বিত্তীয় অন্তৰ্ভুক্তি হ’ব পাৰি তাক শিকাই সক্ষম কৰে আৰু বিত্তীয় অন্তৰ্ভুক্তি হোৱা সকলক বজাৰত উপলব্ধ বেংকৰ উপাদান তথা সেৱাসমূহৰ বিষয়ে জনাই সেইবোৰৰ নিৰ্বাচন সম্পৰ্কে জ্ঞান দি তাৰ যথোপযুক্ত সুযোগ গ্ৰহণৰ শিক্ষা দিয়া হয়৷ এতেকে বিত্তীয় স্বাক্ষৰতা হৈছে বিত্তীয় সম্পদসমূহৰ সদ্ব্যহাৰ কৰি নিজৰ অৰ্থনৈতিক সুস্থিৰতা আৰু নিশ্চয়তা বৃদ্ধিৰ বাবে দৃষ্টি-পট  গঠনৰ দক্ষতা৷

দেখা যায় যে গ্ৰাম্যাঞ্চলৰ লোকসকলে নিজকে আৰ্থিকভাৱে ক্ষুদ্ৰ জ্ঞান কৰি বেংক একাউন্ট খোলাৰ পৰা বিৰত থাকে৷ গতিকে সঞ্চয়ৰ প্ৰতি উৎসাহিত কৰি গ্ৰাম্য দৰিদ্ৰসকলক বেংকিং সেৱাৰ গাঁঠনিত সাঙুৰি ল’বলৈ বিস্তৃত সজাগতাৰ সৃষ্টিৰ বাবে বিত্তীয় শিক্ষা ব্যৱস্থা গ্ৰাহকৰ মাজলৈ অনা দৰকাৰ৷ এনে ক্ষেত্ৰত
                                                         দেশৰ বেংকমূহৰ লগতে চৰকাৰী ও বে-চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আৰু স্বেচ্ছাসেৱী সংগঠন আদিয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

 বিত্তীয়  অন্তৰ্ভুক্তিকৰণ:

বেংকৰ সেৱাৰ পৰা বঞ্চিত অঞ্চলৰ বেংকিং সেৱা আৰু সুবিধা নোপোৱাকৈ থকা লোক সকললৈ বিত্তীয় সেৱা আগ বঢ়োৱাকে বিত্তীয় অন্তৰ্ভুক্তকৰণ বুলিব পাৰি৷ অন্য কথাত ক’বলৈ গ’লে, নিম্ন আয়ৰ গ্ৰুপ আৰু বেংকিং সুবিধা ভোগ কৰিবলৈ নোপোৱা সমূদায় শ্ৰেণীৰ লোকক বহন কৰিব পৰা নিৰিখত বেংকিঙৰ সুবিধা দিয়াকে বিত্তীয় অন্তৰ্ভুক্তিকৰণ বুলি ক’ব পাৰি৷ কোনো বাধা নোহোৱাকৈ ৰাজহুৱা সম্পদ আৰু সেৱাসমূহ লাভ কৰিব পৰাটো মুক্ত আৰু যোগ্য দেশ এখনৰ বাবে অতি আৱশ্যকীয় কথা৷ যিহেতু বেংকৰ সেৱাসমূহ ৰাজহুৱা সম্পদৰ দৰে,গতিকে কোনো বিভিন্নতা নোহোৱাকৈ বেংকৰ লেন-দেন সেৱাসমূহ জনগণে পোৱাটো আৱশ্যক – এয়াই ৰাজহুৱানীতিৰ মূল উদ্দেশ্য৷

ভাৰতীয় ৰিৰ্জাভ বেংকৰ বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ নীতি:

বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ তিনিটা পৰ্য্যায় আছে৷

(১) সৰল বা প্ৰাথমিক চেভিংচ বেংক একাউণ্ট (No frills account) খোলা৷

(২) দ্বিতীয় পৰ্য্যায়ত প্ৰদ্ধতিগতভাৱে ঋণ প্ৰদান৷

(৩) তৃতীয় পৰ্য্যায়ত বীমাৰ সুবিধা প্ৰদান৷

ৰিজাৰ্ভ বেংকৰ নীতিসমূহৰ মধ্যৱৰ্ত্তী (২০০৫ – ২০০৬) পৰ্য্যালোচনাত ৰিজাৰ্ভ বেংকে বেংকসমূহক তেওঁলোকৰ বৃহত্তৰ  বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ কামলৈ লক্ষ্য ৰাখি উৎসাহ দিছিল যাতে জনসংখ্যাৰ সৰহসংখ্যকক সৰল বা প্ৰাথমিক চেভিংচ বেংক একাউণ্ট (No frills account) অতি সামান্য টকাত বা বিনা পইচাত আগবঢ়াব পাৰে আৰু বহন কৰিব পৰা নিৰিখত সেৱা মাচুলসমূহৰ নিৰ্ধাৰণ কৰা হয়৷ প্ৰকৃতি আৰু লেন –দেনৰ সংখ্যাৰ ক্ষেত্ৰত আগতীয়াকৈ আৰু মুকলিভাৱে গ্ৰাহকক জনাই কিছুমান সীমাবদ্ধতা আৰোপ কৰা থাকিব৷ বিস্তৃতভাৱে প্ৰচাৰ চলাই এনে সৰল একাউণ্টৰ কথা ৰাইজক জনাবলৈ বেংকবোৰক নিৰ্দ্দেশনা জাৰি কৰা হৈছে যাতে অধিক মাত্ৰাত বিত্তীয় অন্তৰ্ভুক্তিকৰণ সম্ভৱ হয়৷

গ্ৰাহকক জনাৰ গ্ৰহনীয় মানদণ্ড (Know your customer norms) ৰ সৰলীকৰণ:

সৰল সঞ্চয় জমা হিচাব (No frills accounts) খুলিবলৈ বেংকে এই কাৰণে সুবিধা দিব লাগে যে এইবোৰ জমা হিচাপৰ জমা শূণ্য বা তেনেই নগন্য আৰু লেন –দেনৰ ক্ষেত্ৰতো সীমাবদ্ধতা আছে৷ তাৰোপৰি গ্ৰাম্যাঞ্চল আৰু নগৰাঞ্চলৰ নিম্ন আয়ৰ লোকসকলে বেংক একাউণ্ট খোলাৰ ক্ষেত্ৰত বেংকৰ গ্ৰাহকক জনাৰ গ্ৰহনীয় মানদণ্ডৰ দৰে নিয়মবোৰৰ বাবে আহুকাল পাব নালাগে৷  নিয়ম  অনুযায়ী তেনেলোকে তেওঁলোকৰ সকলো একাউণ্ট মিলাই পঞ্চাশ হাজাৰ টকাৰ তলত জমা কৰে আৰু সকলো ঋণৰ একাউণ্টৰ হিচাপ একেলগ কৰি এটা বছৰত এহেজাৰ টকাৰ অধিক নহয়৷ তেনে লোকসকলক পৰিচয় পত্ৰ আৰু থকা ঠাইৰ প্ৰমাণ –পত্ৰ নোহোৱাকৈ বেংকে সৰল একাউণ্ট খুলিবলৈ দিব লাগে৷ এনে ক্ষেত্ৰত বেংকে সম্পূৰ্ণ গ্ৰাহকক জনাৰ গ্ৰহনীয় মানদণ্ড সহকাৰে একাউণ্ট খোলা জমাকাৰী,যিজনে বিগত ছয়মাহত সন্তোষজনকভাৱে বেংকটোৰ সৈতে লেন – দেন কৰিছে তেনে গ্ৰাহকৰ দ্বাৰা পৰিচয়কৃত কৰি সৰল একাউণ্ট খুলিব পাৰে৷ ফটো আৰু গ্ৰাহকজনৰ ঠিকনাও পৰিচয়কাৰী গ্ৰাহকজনে প্ৰমাণীকৃত কৰি দিব লাগে৷

বেংকে যাতে নিম্ন আয়ৰ লোকসকলৰ পৰা অধিক নিৰিখত সেৱা  মাচুল আদায় কৰিব নোৱাৰে তাৰো ব্যৱস্থা কৰি ৰিজাৰ্ভ বেংকে নীতি নিদ্দেৰ্শনা জাৰি কৰিছে৷ চৰকাৰে ২০১১ চনৰ অক্টোবৰ মাহৰ ২১ তাৰিখে বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ বিস্তৃত কাৰ্য্যক্ৰমনিকা আৰু নিৰ্দ্দেশাৱলী  বেংকবোৰলৈ  প্ৰেৰণ কৰে৷ সেইবোৰ হ’লঃ-

১) পাঁচ কিলোমিটাৰ দূৰত্বত এটাকৈ বেংকৰ শাখা  থকাকৈ অধিক ক্ষুদ্ৰ শাখা খোলা ৷

২)পাঁচহেজাৰ জনসংখ্যা বা তাতকৈ অধিক জনসংখ্যা থকা সকলো বেংকিং সেৱা নথকা জিলাতে আৰু দহহেজাৰৰ অধিক জনসংখ্যা থকা অন্য জিলাসমূহৰ সকলো অঞ্চলত ২০১২ চনৰ চেপ্তেম্বৰ মাহৰ ভিতৰত নতুন শাখা খোলা৷

৩) দুই কিলোমিটাৰ ব্যাসৰ দূৰত্বত একোজন ব্যৱসায় সংযোগী ( Business Correspondent ) দিয়া৷

৪) দহখন সৰু প্ৰদেশত এহেজাৰ বা অধিক জনসংখ্যা থকা গাঁওসমূহ সাঙুৰি লোৱা অৰু ২০১২ চনৰ চেপ্তেম্বৰ মাহৰ ভিতৰত ক্ষুদ্ৰ শাখা খোলা৷

৫) বেংকৰ শাখাসমূহক আৰু ব্যৱসায় সংযোগীক সেৱাৰ বাবে সীমা  নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত  গাঁও পঞ্চায়ত সমূহক একক হিচাপে লোৱা৷

তাৰোপৰি বেংসমূহক ইলেকট্ৰনিক বেনিফিট ট্ৰেন্সফাৰ ( Electronic Benefit Transfer )যোগে চলি থকা  বত্ৰিশটা আঁচনিৰ চৰকাৰী ৰাজসাহাৰ্য্যসমূহৰ ধনৰাশি স্থানান্তৰিত কৰিবলৈ পৰামৰ্শ দিয়া হয়, যাতে ধন প্ৰত্যক্ষভাৱে হিতাধিকাৰীৰ একাউন্টত জমা হয়৷

বেংকসমূহক নতুন শাখা খোলাৰ ক্ষেত্ৰত  বছেৰেকীয়া শাখা সম্প্ৰসাৰণ পৰিকল্পনাত(Annual Branch Exansion Plan)বেংকিং সেৱাই আৱৰি নোলোৱাকৈ থকা অঞ্চলত ২৫% নতুন শাখা খোলাৰ নিৰ্দ্দেশ দিয়া হৈছে৷

দেশৰ বাকী অংশৰ সৈতে ফেৰ মাৰিবৰ বাবে পিছৰা অঞ্চলসমূহত বেংকিঙৰ সম্প্ৰসাৰণৰ গতি দ্ৰুত কৰবলৈ এনে আজ্ঞাসূচক নিৰ্দ্দেশনাসমূহৰ আৱশ্যক  হৈছে৷

বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ অগ্ৰগতিৰ ৰেহ-ৰূপঃ

এখন দেশৰ এটা অঞ্চলৰ বিত্তিয় অন্তৰ্ভুক্তিকৰণৰ জোখ-মাখ সেই অঞ্চলৰ বেংক একাউন্টৰ সুযোগ পোৱা লোকসকলৰ শতকৰা হাৰ কিমান তাতহে ওলায়৷ বেংক একাউন্টে দৰিদ্ৰ পৰিয়ালক নিৰাপদ জমা,ঋণ,দেশৰ ভিতৰত ধন স্থানান্তৰকৰণ ( RTGs ,NEFT) আদি প্ৰয়োজনীয় কাম কাজত সমৰ্থবান কৰি দিয়ে৷ যদিওবা এটা বেংক একাউন্টে বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ এটা দিশ সামৰি লয়, তথাপি ই অন্য বহুতো সেৱাৰ পথ মুকলি কৰি দিয়ে৷ বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ যোগেদি দৰিদ্ৰ আৰু দ:সাহসীসকলক সুযোগ দিয়া হয়৷ তেওঁলোকক প্ৰত্যক্ষ বিত্তীয় সেৱাৰ সুযোগ দিয়া হয়, গতিকে উন্নয়ণৰ লক্ষ্যত উপনীত কৰিবলৈ ই দেশখনক সহায় কৰিব৷

বিষেশকৈ দুখীয়াসকলক বিভিন্ন কৃষি ঋণ তথা কিসান ক্ৰেডিট কাৰ্ড,জেনেৰেল ক্ৰেডিট কাৰ্ড আদিৰ যোগে বিত্ত যোগান ধৰি অধিক বিত্তীয় অন্তৰ্ভুক্তিকৰণ সম্ভৱ হৈছে৷ কেইটামান বছৰৰ ভিতৰতে দেশৰ চৰকাৰে বেংকিং খণ্ডত প্ৰয়োজনীয় বুনিয়াদ গঠন কৰি , উপযুক্ত বিত্তীয় সম্পদ আগ বঢ়াই দি বহুল আৰু অৱিশ্ৰান্ত প্ৰযুক্তিৰ ব্যৱহাৰ যোগে তথা সমৰ্থিত আৰু ভুক্তভূগীৰ অংশ গ্ৰহণেৰে সক্ৰীয়ভাৱে বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ কাৰ্য্যসূচীত মনোনিবেশ কৰি গৈছে৷ এই দৰে বেংকিং খণ্ডত প্ৰয়োগ কৰা বিত্তীয় অনৰ্ভুক্তিকৰণ প্ৰক্ৰিয়াটো পিছপৰা অঞ্চলৰ বেংকৰ সেৱাৰ পৰা বাদ পৰা দেশৰ ব্লকবোৰৰ ৰাইজক বেংকিং সেৱা প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ পৰিছে৷

বিগত কেইটামান দশকত ইয়াৰ আকাৰ আৰু ধৰণত বেংকিং উদ্যোগে উল্লেখগোগ্য উন্নতি সাধন কৰি দেখুৱাব পাৰিছে৷ পিছে বিত্তীয় দায়বদ্ধতা, লাভ অৰ্জ্জন আৰু প্ৰতিযোগিতামূলক দিশবোৰত উল্লেখযোগ্য উন্নয়ণ সাধন কৰিলেও বিস্তৃত অংশৰ জনসংখ্যাক , বিষেশকৈ সমাজৰ সুবিধা নোপোৱাকৈ থকা দুৰ্বল শ্ৰেণীৰ লোকসকলক বেংকবোৰে বেংকিং সেৱাৰ প্ৰাথমিক স্তৰলৈকে আনিব পৰা নাই৷

বেংকসমূহে ২০১২ চনৰ মাৰ্চ মাহৰ শেষলৈকে ব্যৱসায় সংযোগকাৰীৰ(Business Correspondents) যোগেদি বেংকিং সেৱা আগ বঢ়াবলৈ ২০০০ জনসংখ্যাৰ বসতিৰ প্ৰায় ৭৩,০০০ গাঁও চিনাক্ত কৰি কাম আৰম্ভ কৰিছে৷ বেংকৰ শাখা সমূহে ২০১১ চনৰ মাৰ্চ মাহৰ শেষত বাদ পৰি ৰৈ যোৱা ৮১ টা বেংকিং সেৱাৰ পৰা বঞ্চিত ব্লকৰ ভিতৰৰ পৰা প্ৰায় ৫৫,০০০ গাঁৱক ২০১১ চনৰ ডিচেম্বৰ মাহৰ শেষলৈকে বেংকিং সেৱাৰ সুযোগ প্ৰদান কৰিছে৷ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত ২০১১ চনৰ এপ্ৰিল মাহৰ  ২০১১ চনৰ নবেম্বৰ মাহলৈ ৩৯ টা উন্নয়ণ খণ্ডত বেংকিং সেৱা প্ৰদান কৰা হয়৷ তাৰোপৰি চৰকাৰে ২০১৩ চনৰ মাৰ্চৰ  ভিতৰত বেংকিং সেৱাৰ পৰা বাদ পৰি যোৱা সকলো উন্নয়ণ খণ্ডতে বেংকিং সেৱা প্ৰৱৰ্ত্তন কৰিবলৈ নিৰ্দ্দেশ জাৰি কৰে৷ ইয়াৰ ফলস্বৰূপে গাঁওসমূহত ৩১/৩/২০১৩ তাৰিখৰলৈকে বেংকসমূহে প্ৰায় ২,৬৮,০০০টা ব্যৱসায়িক সম্প্ৰসাৰণ কেন্দ্ৰ  স্থাপন কৰে ; ৩১/৩/২০১০ তাৰিখৰলৈক এই সংখ্যা  আছিল মাত্ৰ ৬৭,৬৯৪ টা হে৷ এই সময়ছোৱাত ৭৪০০টা গ্ৰাম্য শাখসা বেংকসমূহে খোলে৷ তাৰোপৰি প্ৰায় ১৮২ নিযুত প্ৰাথমিক সঞ্চয় জমা হিচাপ (Basic Savings Bank Deposit Account) খোলা হ’ল৷ ৩১/৩/২০১৩  তাৰিখৰলৈকে প্ৰায় ৩৩.৮ নিযুত পৰিয়ালক কৃষি খণ্ডৰ উদ্যোগৰ বাবে ঋণ প্ৰদান কৰা হয় আৰু এই সময়ছোৱাত প্ৰায় ৩.৬ নিযুত পৰিয়ালক  অনাকৃষি খণ্ডত ক্ষুদ্ৰ উদ্যোগৰ ঋণ দিয়া হয়৷

বিত্তীয় বৰ্হিভুতকৰণৰ কাৰণবোৰ অধ্যয়ণ কৰিবলৈ তথা দুখীয়া আৰু সা-সুবিধাৰ পৰা বঞ্চিতসকলক বিত্তীয়অন্তৰ্ভুক্তি কৰিবৰ বাবে আন্তৰ্জাতিক ভাৱেও প্ৰচেষ্টা চলাই গৈছে৷ এখন দেশৰ লগত আনখন দেশৰ কাৰণবোৰ বা  পৰিকল্পনাৰ মিল নাথাকিবও পাৰে ; কিন্তু সকলোৰে প্ৰচেষ্টাৰ প্ৰয়োজন আছে, কিয়নো, বিত্তীয় অন্তৰ্ভুক্তিকৰণে দুখীয়া আৰু সা-সুবিধাৰ পৰা বঞ্চিতসকলৰ প্ৰকৃততেই জীৱন-যাপনৰ মানদণ্ড উন্নত কৰিব  আৰ্থিক বৈসমতা দূৰ কৰি সমাজলৈ শান্তি অনাত সহায়ক হ’ব৷
           ০০০০০০০০০০০০০০০০০০০০০০০

নিৰ্দ্দেশক গ্ৰন্থ  আৰু তথ্য সূত্ৰঃ

১) Indian Economy—Its Growing Dimensions.---- By P. K. Dhar.

2) Article of Indian Institute of Banking & Finance.                                                        
বিঃ দ্ৰঃ প্ৰৱন্ধটো জনপ্ৰিয় আলোচনী "প্ৰান্তিক"ৰ ১--১৫ জুন, ২০১৪ সংখ্যাত প্ৰকাশিত৷                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                           


                                                                

                                                                                                                              

ৰুগ্ন ঋণ আৰু বেংকৰ সমস্যা

দুহেজাৰতকৈ অধিক শাখাৰে  সৰ্বমুঠ দুইলাখ কোটি টকাৰ ব্যৱসায় কৰি থকা ইউনাইটেট বেংক অব ইণ্ডিয়াই শেষতীয়াভাৱে প্ৰদৰ্শন কৰা বেংকটোৰ বিত্তীয় অৱস্থাই কেৱল বেংকটোৰ লগত জড়িতসকলকেই বিপাঙত পেলোৱা নাই, সচেতন মহলকো চিন্তান্বিত কৰি তুলিছে৷ ২০১৩ চনৰ চেপ্তেম্বৰ মাহত বেংকটোৰ ৰুগ্ন সম্পদ  ( NON PERFORMING ASSETS) আছিল ২৪১৫ কোটি টকা আৰু সেয়া ২০১৩ চনৰ ডিচেম্বৰ মাহত হয়গৈ ৮৫৪৬ কোটি৷ এই পৰিমাণ বেংকটোৰ সৰ্বমুঠ ঋণৰ ১০.% ব৷ ২০১৩ চনৰ চেপ্তেম্বৰ মাহত বেংকটোৰ লোকচানৰ পৰিমাণ আছিল ৪৮৯. কোটি আৰু একেটা বছৰৰ ডিচেম্বৰ মাহত সেই পৰিমাণ বৃদ্ধি পাই হয়গৈ ১২৩৮ কোটি টকা   বেংকটোৰ চেয়াৰমেন তথা পৰিচালন সঞ্চালক অৰ্চনা ভাৰ্গবে ইনফচিচ বেংকিং চফ্টৱেৰফিনাকলক’ অশুদ্ধভাৱে ৰুগ্ন সম্পদ বাছনি কৰা বুলি দোষাৰোপ কৰে ; কিন্তু ইনফচিচে  এই কথাৰ প্ৰতিবাদ কৰি নিজৰ যুক্তি দাঙি ধৰে৷ বেংকটোৰ মুৰব্বী গৰাকীয়ে সেই দায়িত্বৰ পৰা অব্যাহতি লোৱাই নহয়, স্বেচ্চামূলক অৱসৰৰ বাবেও আবেদন কৰে৷

মন কৰিব লগীয়া যে বেংকটোৰ ৫০% তকৈ অধিক ঋণ বৃহৎ আৰু মজলীয়া কৰপ’ৰেট খণ্ডলৈ আগ বঢ়াইছিল৷ সেয়ে বেংকটোৰ পুনৰগঠিত কৰা  মুঠ ৫৫২৪ কোটি  টকাৰ ঋণৰ ৪৮১৫ কোটি টকা বৃহৎ কৰপ’ৰেট খণ্ডৰ বাবেই সংঘটিত হৈছে৷ বেংকটোৱে খুচুৰা ব্যৱসায় খণ্ডত কথমপিহে সৰ্বমুঠ ঋণ প্ৰদানৰ ১৪% ঋণ আগ বঢ়াইছে৷ এনেদৰে আগুৱাই যোৱা বেংকটোৰ অৱস্থাও উদ্বগেজনক হৈ পৰে৷ সেয়া যি কি নহওক, বৰ্তমান বেংকটোৰ কৰ্ত্তৃপক্ষই ৰুগ্ন সম্পদৰ সমস্যা সমাধান কৰি বেংকটোক  পুনৰ সঠিকভাৱে চলাই নিবলৈ বলিষ্ঠ পদক্ষেপ লোৱা দেখা গৈছে৷


কেৱল  ইউনাইটেট বেংক অব ইণ্ডিয়াৰে যে ৰুগ্ন ঋণৰ সমস্যা আছে এনে নহয়৷ কম বেছি পৰিমাণে সকলো বেংকতে ই সমস্যাৰ সৃষ্টি কৰিছে৷ সেয়ে বিত্ত মন্ত্ৰী পি চিদাম্বৰমে কৈছে যে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বেয়া ঋণৰ বৃদ্ধিৰ হাৰ ৫% তকৈ অধিক হৈছে৷ এটা বছৰৰ পূৰ্বে ই আছিল ৪.১৮% মাত্ৰ৷ ২০১৩ চনৰ ডিচেম্বৰ মাহৰ শেষত উদ্বেগজনক সম্পদ(STRESSED ASSETS),ৰুগ্ন সম্পদ(NPA) আৰু পুনৰগঠিত ঋণৰ পৰিমাণ লগ লগাই  ইয়াৰ হাৰ হৈছিল সৰ্বমুঠ ঋণৰ ১২.৬% আৰু সেয়া ২০১৩ চনৰ ৩১ মাৰ্চত অছিল ১১.০২% ৷
                                                                                    
২০১৩ চনৰ ডিচেম্বৰ  মাহত ৰুগ্ন সম্পদৰ হাৰ ভাৰতীয় ষ্টেট বেংকৰ ৭.১%,ষ্টেট বেংক অব মহিশূৰৰ ৬.৫% আৰু চেন্টেল বেংক অব ইণ্ডিয়াৰ ৬.৪% আছিল৷ যদিওবা বিজয়া বেংক, কানাড়া বেংক আৰু দেনা বেংকৰ ৰুগ্ন সম্পদ (NPA) ৩% তকৈ কম আছিল, সেইবোৰ বেংকৰ উদ্বেগজনক সম্পদ(STRESSED ASSETS) বহুগুণে বৃদ্ধি পাইছে৷ আঞ্চলিক গ্ৰামীণ বেংকসমূহৰো এনে অৱস্থা বাহাল থকা সত্বেও কেন্দ্ৰীয় বেংকে চলিত বৰ্ষত এইবোৰ বেংকে বিগত বৰ্ষৰ দৰে ৰুগ্ন সম্পদৰ হাৰ ৬% তে স্থিৰ ৰাখিব পাৰিব বুলি আশা ব্যক্ত কৰিছে৷


উল্লেখযোগ্য যে চেন্ট্ৰেল বেংক অব ইণ্ডিয়াৰ উদ্বেগজনক সম্পদৰ পৰিমাণ ১৯.৭৫% আৰু ইয়াক অনুসৰণ কৰিছে- ইউনাইটেট কমাৰচিয়েল বেংক আৰু ইউনাইটেট বেংক অব ইণ্ডিয়াই৷ আনকি পঞ্জাব নেচনেল বেংক আৰু অন্ধ্ৰ  বেংকেও দেশৰ পাঁচটা শীৰ্ষ উদ্বেগজনক সম্পদ বহনকাৰী বেংকৰ তালিকাত নিজক অন্তৰ্ভুক্ত কৰিছে৷

এনে ৰুগ্ন সম্পদ বৃদ্ধিৰ কাৰণ বিচাৰ কৰিবলৈ গৈ কোনো কোনো বিষয় ববীয়াই কয় যে বিগত সময়ছোৱাত এলেহুৱা মনোভাৱেৰে কাৰ্য্য সম্পাদন কৰা আৰু গোলকীয় অৰ্থনীতিৰ উন্নয়ণৰ নিম্নগামিতা তথা গোলকীয় বজাৰৰ অনিশ্চয়তাৰ বাবেই উদ্বেগজনক সম্পদ  বৃদ্ধি পাই গৈছে৷

প্ৰসংগক্ৰমে জাপানৰ বেংকিং ব্যৱস্থাই সন্মুখীন হোৱা ১৯৯০ চনৰ ৰুগ্ন ঋণৰ সমস্যাৰ বিষয়ে আলোচনা কৰিব পাৰি৷ সেই সময়ছোৱাত বিস্তৃতভাৱে উৎপাদন হ্ৰাস হোৱাত বহুতো উদ্যোগ প্ৰতিষ্ঠান নিশকতীয়া অৱস্থাৰে চলি আছিল আৰু বেংকৰ ঋণ পৰিশোধ কৰিব পৰা নাছিল৷ তেনে ক্ষেত্ৰতো বেংকসমূহে তেওঁলোকৰ হিচাপ-নিকাচৰ বহীত তেনে ঋণকো ভাল বুলিয়েই দেখাই গৈছিল৷ লোকচানৰ সন্মুখীন হৈ বন্ধ হ’ব লগীয়া প্ৰতিষ্ঠানক চলাই নিবৰ বাবে বেংকসমূহে ঋণ প্ৰদান কৰিছিল৷ একে সময়তে বহুসংখ্যক বেংকে ঋণ লৈ বেয়া কৰা ফাৰ্মসমূহকো বিত্ত যোগান ধৰি গৈছিল৷ ভাল ফাৰ্মবোৰ, যিবোৰৰ ভাল সম্ভাৱনা আৰু বিনিয়োগৰ  সু-পৰিকল্পনা আছে সেইবোৰে বিত্ত লাভৰ সুযোগ নাপাই্ছিল আৰু বিনিয়োগ কৰিব পৰা নাছিল৷ চমুতে ক’বলৈ গ’লে বেয়া ঋণে সুস্থ বিনিয়োগত ব্যয় কৰা কাৰ্য্যক হতাশ কৰিছিল৷ বেংকবোৰে অসুস্থ ফাৰ্মবোৰক ঋণ দি গৈ আছিল আৰু ৰুগ্ন সম্পদৰ পৰিমাণো বাঢ়ি গৈ থাকিল৷ ২০০২ চনৰ পৰা জাপানৰ চৰকাৰে বেংকসমূহক ৰুগ্ন ঋণৰ পৰিমাণ হ্ৰাস কৰিবলৈ ক্ৰমাগতভাৱে হেঁচা প্ৰয়োগ কৰি আছিল, বেংকসমূহেও ৰুগ্ন ফাৰ্মবোৰ পুনৰগঠিত বা বন্ধ কৰিবলৈ হেঁচা দি থাকিল৷ লাহে লাহে বেয়া ঋণৰ বৃদ্ধিত বাধা পৰিল আৰু ভাল ফাৰ্মবোৰে বিত্ত বিনিয়োগৰ সুযোগ লাভ কৰিলে৷ ২০০৩ চনৰ পৰা পুনৰ জাপানত বিনিয়োগ ব্যয়ৰ প্ৰবল বৃদ্ধিৰ ই আছিল এক প্ৰধান কাৰক৷

১৯৯০ চনত জাপানৰ বেংকবোৰে তেওঁলোকৰ মূল্যবান ঋণীস্বৰূপ বৃহৎ জাপানী ফাৰ্মবোৰক হেৰুৱাবলৈ আৰম্ভ কৰিছিল৷ এইবোৰ ফাৰ্মে বেংক ঋণ নলৈ বণ্ডৰ সহায়ত তেওঁলোকৰ পুঁজি আহৰণ কৰিছিল৷ পৰিণাম স্বৰূপে বেংকবোৰে বিপদসংকুল ঋণীকো ঋণ দিব লগা হৈছিল—যিসকলে নেকি দেউলীয়া অৱস্থা নহওঁতেই ঋণ পৰিশোধৰ ক্ষেত্ৰত জটিল অৱস্থাত আছিল৷

অন্যহাতে, কথাবোৰ অধিক জটিল কৰিবৰ বাবে জাপানৰ বহুতো ফাৰ্মে ঋণৰ বাবদ জামিন আমানত স্বৰূপে মাটি বন্ধক ৰাখিব ধৰিছিল ; কিন্তু সমস্যাটো হ’ল, যেতিয়া  ১৯৯০ চনত ষ্টক মাৰ্কেটৰ সৈতে ভূমি-মূল্য নিম্নগামী হৈ পৰিল  অৰু তেতিয়া বন্ধকী ৰখা মাটিৰ মূল্য ঋণৰ মূল্যতকৈ কমি গ’ল৷

মহামন্দা অৱস্থাত  ৰুগ্ন সম্পদে বেংকৰ চলন্তিত বিফলতা আনি দিছিল৷ প্ৰকৃততে, মহামন্দা অৱস্থাৰ এটা শিক্ষা আছিল যে—বেংকবোৰৰ পৃষ্ঠভংগতা দূৰ কৰিবলৈ চৰকাৰে জমাৰ ওপৰত বীমা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে৷ সেইমতে আমেৰিকাক অনুকৰণ কৰি জাপানকে ধৰি বহুতো দেশৰ বেংকত জমাৰ ওপৰত বীমা ব্যৱস্থা প্ৰৱৰ্ত্তন কৰা হ’ল৷

সঞ্চয়-বীমাই এটা সমস্যা সমাধান কৰিলে যদিও অন্য এক সমস্যা উদ্ভৱ হ’ল৷ ১৯৯০ চনতেই জাপানে এনে সমস্যাৰ সন্মুখীন হৈছিল৷ বেংকৰ বেলেন্সচিতৰ এক  তেনেই চমু খতিয়ান দাঙি ধৰি সমস্যাটোৰ ওপৰত আলোকপাত কৰিব পাৰি : ধৰা হওক সম্পদ হিচাপে এটা বেংকৰ ১লাখ টকাৰ এটা ঋণ আছে, ধাৰ হিচাপে আছে গ্ৰাহকৰ জমা ধন ৫০ হেজাৰ টকা ৷ অন্যবোৰ দিশ এৰাই চলিলে বেংকটোৰ প্ৰকৃত সম্পদ আৰু ধাৰৰ মাজৰ পাৰ্থক্য হ’ব -৫০ হেজাৰ টকা৷ এতিয়া যদি ঋণটো বেয়া হৈ যায় আৰু ঋণ গ্ৰহণকাৰী ফাৰ্মে যদি অলপো ঋণ পৰিশোধ নকৰে তেন্তে কি ঘটিব ? নিশ্চিতভাৱে ঋণটোৰ মূল্য শূন্য হ’ব৷ বেংকে ঋণটো হিচাপৰ পৰা বাদ দিব লাগিব৷ বেংকে তেনে অৱস্থাত গ্ৰাহকৰ পৰা লৈ থোৱা ৫০ হেজাৰ টকা ঘুৰাই দিব নোৱাৰে৷ তেতিয়া সঞ্চয় বীমাই ৫০ হেজাৰ টকা পৰিশোধ কৰিব আৰু বেংকটো বন্ধ কৰিব লাগিব৷  যদৰাচলতে তেনে নঘটে; নিজৰ চাকৰিটো বজাই ৰাখিবলৈ বেংকৰ পৰিচালকে একো যেন ঘটা নাই তেনে ভাৱত থাকিব আৰু দেখাব যে ঋণ ভালেই চলি আছে ৷ প্ৰকৃততে বেংকৰ পৰিচালকে ৰুগ্ন ফাৰ্মখনক তেনে অৱস্থাতো অধিক ঋণ দিয়াৰ সিদ্ধান্ত ল’বও পাৰে , যাতে ফাৰ্মখনে পুৰনি ঋণটো পৰিশোধ কৰিব পাৰে৷ এইদৰেই ব্যৱসায় গতানুগতিকভাৱে চলি যোৱা দেখাব৷ এয়া পৰিস্কাৰভাৱেই ভাল টকা বেয়াৰ ফালে দলিয়াই দিয়া কাৰ্য্য আৰু তাকে কৰি বেংকৰ পৰিচালকে অন্তত: কিছুদিনৰ বাবে হাতলৈ সময় আনি নিজৰ চাকৰিটো বৰ্ত্তাই ৰাখে৷

জমাকাৰীয়ে বেংকে কি কৰিছে তাৰ ভু-নাৰাখে৷ যিহেতু তেওঁলোকৰ জমাধনৰ ওপৰত বীমা কৰা থাকে, সেয়ে বেংকে যি কৰি নাথাকক সেইবোৰ চাবৰ দৰকাৰ নাথাকে৷ আনকি বেংকৰ সঞ্চালকেও চকুমুদি থকাটোকে পছন্দ কৰে৷ ৰুগ্ন সম্পদসমূহ প্ৰত্যক্ষ কৰি বেংকটো বন্ধ কৰি দিব লাগিব বুলি ভাৱি তেওঁলোক বেয়াকৈ প্ৰভাৱিত হৈ পৰে আৰু অধিক সময় অপেক্ষা কৰাটোকে সিদ্ধান্ত লয়৷ ইয়াৰ ফলত বেংকে বৰ্ত্তি থকা উৎপাদনশীল তথা সুস্থ ফাৰ্মবোৰৰ ত্যাগৰ বিনিময়ত ৰুগ্ন ঋণবোৰ নবীকৰণ কৰিব বা দুৰ্বল ফাৰ্মবোৰক নতুন ঋণ প্ৰদান কৰিব৷ এইদৰে দিন বাঢ়ি গৈ থকাৰ লগে লগে ৰুগ্ন সম্পদৰ সমস্যাও বাঢ়ি গৈ থাকে৷

জাপানত প্ৰকৃততে ১৯৯০ চনত এনেবোৰ ঘটনাই ঘটিছিল৷ মন কৰিব লগীয়া যে ১৯৯৩ চন পৰ্য্যন্ত জাপানৰ বেংকবোৰে তেওঁলোকৰ বেয়া ঋণ বা ৰুগ্ন সম্পদৰ সন্দৰ্ভত কোনো কথা মুকলিকৈ জনোৱা নাছিল৷ ১৯৯৩ চনৰ আৰম্ভণীতহে তেওঁলোকৰ হিচাপৰ বহীত যে ৰুগ্ন সম্পদৰ প্ৰৱেশ ঘটিছে  তাক অনিচ্ছাকৃতভাৱে স্বীকাৰ কৰিবলৈ বাধ্য হয়৷ জাপানৰ ৰুগ্ন সম্পদৰ কাৰকবোৰ আমাৰ দেশৰ বেংক সমূহৰ লগত সকলো ক্ষেত্ৰতে একে নহ’লেও এই কথা সত্য যে দেশৰ  অৰ্থনৈতিক উন্নয়ণৰ বাবে চৰকাৰ তথা বেংকসমূহে ৰুগ্ন সম্পদ হ্ৰাস কৰিবৰ বাবে তাৰ পৰা সামান্যতম লেও শিক্ষা আহৰণ  কৰিব পৰা স্থল আছ৷ 
                          ০০০০০০০০০০০০০(০০০০০০০০০০ৃ

তথ্যসূত্ৰ আৰু সহায়কাৰী গ্ৰন্থ--- Internet , Macroeconomics- by Oliver Blanchard আৰু The World Economy-by Fredrick P. Stutz & Barn 


বিঃ দ্ৰঃ জনপ্ৰিয় আলোচনী "প্ৰান্তিক"ৰ ১--১৫ মে' ২০১৪ সংখ্যাত প্ৰকাশিত৷