Tuesday 12 March 2019

সকলো ধৰ্মশাস্ত্ৰই সুৰাপানৰ বিৰোধিতা কৰে


স্মৃতিয়ে ঢুকি নোপোৱা কালৰে পৰা মানৱ সমাজৰ ৰজগুণীসকলৰ মাজত সুৰাপান প্ৰচলন হৈ আহিছে। সেই প্ৰাচীন কালৰে পৰা হৈ অহা স্মৃতিয়ে আপব্যৱহাৰৰ বাবে মদ এক আভিশাপ হৈ অহিছে।ই অসংখ্যজনৰ প্ৰাণ লৈছে।বিশ্বৰ হেজাৰ হেজাৰজন মানুহৰ ভীষণ দুখ কষ্টৰ কাৰণ হৈ পৰিছে। সমাজে সন্মুখীন হোৱা বহু সমস্যাৰ মূল কাৰণ হৈছে মদ্যপান।মদৰ বিধ্বংসী শক্তিয়ে বিশ্বৰ হেজাৰ হেজাৰ ঘৰ-সংসাৰ ভাঙি নিঃশেষ কৰিছে আৰু মানসিক ৰোগীৰ পৰিসংখ্যা বৃদ্ধি কৰি অপৰাধৰ মাত্ৰা বঢ়াইছে।
অলপতে অসমত বিষাক্ত চুলাই মদ পান কৰি শতাধিক লোকৰ মৃত্যু হোৱা ঘটনাই মদ্যপানৰ কুফল সন্দৰ্ভত ৰজাঘৰৰ পৰা প্ৰজাঘৰলৈকে সৰ্বস্তৰৰ লোককে সজাগ কৰি তোলা পৰিলক্ষিত হৈছে। বিলাতী সুৰাৰ বিপণিৰ যোগেদি ৰাজ্যৰ ৰাজকোষ টনকীয়াল কৰা আবকাৰী বিভাগৰ দায়িত্বহীনতাৰ বাবেই ৰাজ্যখনত এনে অঘটন ঘটিবলৈ পালে বুলি সাধাৰণ জনতাই প্ৰকাশ্যে বিভাগটোক দোষাৰোপ কৰিছে।
সুৰাপনৰ অপকাৰিতাৰ সন্দৰ্ভত অতি প্ৰাচীন কালতেই বিশ্বৰ প্ৰধান ধৰ্মশাস্ত্ৰসমূহত উল্লেখ কৰিছে। সাম্প্ৰতিক কালৰ চিকিত্সা বিজ্ঞানেও মদ্যপানৰ কুফলবোৰৰ কথা বৰ্ণনা কৰিছে। কেৱল স্বাস্থ্যৰ ক্ষেত্ৰতে নহয়, আৰ্থসামাজিক দিশত মদ্যপানৰ অনেক কুফল মানুহে ভোগ কৰিছে। তথাপিও মানৱ সমাজত মদ্যপান প্ৰথা চলিয়ে আছে।
মদ্যপান সন্দৰ্ভত ধৰ্মশাস্ত্ৰসমূহে কেনে মতামত আগ বঢ়াইছে আমি তাকে আলোচনা কৰিব খুজিছোঁ। মহাভাৰত মহাকাব্যতো সুৰাপান নকৰিবলৈ পৰামৰ্শ দিছে। দেৱযানী আৰু কচৰ কাহিনীত সুৰাপানৰ কুফল বৰ্ণনা কৰা হৈছে। কাহিনী মতে, দেৱতাসকলে অসুৰৰ লগত যুদ্ধ কৰি ভাগৰি পৰিছিল।কাৰণ, অসুৰসকলৰ গুৰু শুক্ৰাচাৰ্যই সঞ্জীৱনী মন্ত্ৰৰ দ্বাৰাই যুদ্ধত মৃত্যু হোৱা অসুৰবোৰক পুনৰ জীযাই তুলিছিল। গতিকে শুক্ৰাচাৰ্য় গুৰুৰ শিষ্য হৈ সঞ্জীৱনী মন্ত্ৰ শিকি আহিবৰ বাবে দেৱগুৰু বৃহস্পতিৰ পুত্ৰ কচক পঠালে। শুক্ৰাচাৰ্যই কচক শিষ্য কৰি ললে। কচ গুৰু কণ্যা দেৱযানীৰো আপোন হৈ পৰিল। পিছে অসুৰবোৰে কচৰ পৰিচয় জানিব পাৰি তেওঁক কাটি টুকুৰা টুকুৰ কৰি কুকুৰক খুৱালে। কথাটো জানি শুক্ৰাচাৰ্য়ই সঞ্জীৱনী মন্ত্ৰৰ যোগেদি কচক জীয়াই তুলিলে। আকৌ এবাৰ অসুৰবোৰে কচক মাৰি তেওঁৰ শৰীৰটো পিহি গুৰি কৰি সাগৰৰ পানীত পেলালে। সেইবাৰো কচক শুক্ৰাচাৰ্যই জীয়াই তুলিলে। তথাপি অসুৰ বিলাকে আকৌ কচক মাৰি তেওঁৰ শৰীৰটো পুৰি ভষ্ম কৰি সেই ভষ্ম মদৰ লগত মিহলাই গম নোপোৱাকৈ শুক্ৰাচাৰ্যক খুৱালে। দেৱযানীয়ে কচক জীয়াবলৈ পিতাকক অনুৰোধ কৰিলে। কিন্তু এইবাৰ কচ জী উঠিলে শুক্ৰাচাৰ্যৰ পেটৰ পৰা ওলাব লাগিব। তেতিয়া শুক্ৰাচাৰ্যৰ মৃত্যু হব। বহু চিন্তা কৰি গুৰুৱে কচক পেটৰ ভিতৰত থাকোঁতেই সঞ্জীৱনী মন্ত্ৰ শিকালে। তাৰ পিচত কচক জীয়ালে। কচে সঞ্জীৱনী মন্ত্ৰ পাঠ কৰি গুৰু শুক্ৰাচাৰ্যক জীৱন দিলে।
এই ঘটনাৰ পিচত মহানুভৱ, তপস্বী আৰু পূৰ্ণজ্ঞানী শুক্ৰাচাৰ্যই নিজৰেই অনুচৰ সেই অসুৰবিলাকে দিয়া সুৰা পান কৰি এনে শোচনীয় অৱস্থাত পৰিছে বুলি জানিব পাৰি খঙত আৰু বিৰক্তিত জলন্ত মূৰ্তি ধাৰণ কৰি পিচলৈ মানৱ জাতিৰ কল্যাণৰ কাৰণে কলে, যি মানুহে আজিৰ পৰা অজ্ঞানীৰ দৰে সুৰা পান কৰিব তেওঁক তেতিয়া ধৰ্মে এৰা দিব আৰু সেইজন সকলোৰে গৰিহণাৰ পাত্ৰ হব, এয়ে মোৰ কঠোৰ সিদ্ধান্ত। আজিৰ পৰা মোৰ এই সিদ্ধান্ত শাস্ত্ৰৰ বচন বুলি জগতত সকলোৱে পালন কৰিব লাগিব।
মহাভাৰততে আছে যে, যদুবংশৰ ৰাজকোঁৱৰসকলেই শুক্ৰাচাৰ্যৰ বচন পালন নকৰিলে। শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধৰ পিচত দ্বাৰকা ৰাজ্য শাসন কৰি থাকোতে যাদৱ ৰাজকোৱঁৰসকলে কুলমৰ্যদা উলঙ্ঘা কৰি ভোগ বিলাসত দিন অতিবাহিত কৰিব ধৰিলে। এদিন যাদৱসকলে ফটিকা খাই দল বান্ধি সাগৰৰ পাৰলৈ গৈ নানা ৰকমৰ নাচ-বাগ কৰি মতলীয়া হল। তাৰ পিছত মদৰ জালত তেওঁলোকৰ মাজত তৰ্কা তৰ্কি লাগিল। শেষত হতাহতি আৰম্ভ হল। সাত্যকিয়ে কৃতবৰ্মাক আক্ৰমণ কৰি চকুৰ পচাৰতে তৰোৱালেৰে কোব মাৰি তেওঁৰ মুণ্ড ছেদন কৰিলে। কৃতবৰ্মাৰ ফলিয়া যাদৱসকলে সাত্যকিক আক্ৰমণ কৰাত কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নই বাধা দিলে। যুঁজত সাত্যকি আৰু প্ৰদ্যুম্ন বধ হল। তেতিয়া কৃষ্ণ আহি কুশবন আঁজুৰি লৈ সকলোকে আক্ৰমণ কৰিব ধৰিলে। অন্য যাদৱকোঁৱৰেও তাকেই কৰিলে। মদৰ ৰাগীত মতলীয়া যদুবংশৰ কোঁৱৰসকলৰ মৃত্যু দেখি বলৰামেও যোগবলত মৃত্যুক আঁকোৱালি ললে। এইদৰেই সুৰাপানৰ ফলত যদুবংশৰ ধ্বংস হল।
ইছলাম ধৰ্মৰ পৱিত্ৰ পুথি গৌৰবময় কোৰাণত কৈছে যে ৰাগীয়াল দ্ৰব্য সেৱন, জুৱা খেলা আদি ঘৃণনীয় কাম। এইবোৰ চয়তানৰ কাম। আল্লা বা ভগৱানে তেওঁৰ অসীম জ্ঞানেৰে আমাক এই চয়তানৰ ফান্দত নপৰিবলৈ সতৰ্ক কৰি দিছে। ইছলামক দিন-উল-ফিটৰা অৰ্থাত্ মানুহৰ প্ৰাকৃতিক ধৰ্ম বুলি কোৱা হয়। ইয়াৰ সকলো আজ্ঞাৰে বা হুকুমৰে লক্ষ্য হল মানুহৰ প্ৰাকৃতিক অৱস্থা বাহাল ৰখা। মদ ল ব্যক্তি বিশেষৰ লগতে সমাজৰ কাৰণেও এই প্ৰাকৃতিক অৱস্থাৰ পৰিপন্থী। মদে জীৱ শ্ৰেষ্ঠ বুলি দাবী কৰা মানৱক পশুৰ শাৰীলৈ অৱনমিত কৰে। সেয়ে ইছলাম ধৰ্মত মদ্যপান নিষেধ। হজৰত মহম্মদৰ মতে য়িবোৰ দ্ৰব্যৰ অধিক পৰিমাণৰ সেৱনৰ ফলত মানুহৰ নিচা হয় তেনে দ্ৰব্য সামান্যতমো সেৱন কৰা নিষেধ কৰা হৈছে। সিদ্ধপুৰুষ মহম্মদে কৈছে, ভগৱানে দহ প্ৰকাৰৰ লোকক অভিশাপ দিয়ে-যি মদৰ কাৰবাৰ কৰে, যি মদ প্ৰস্তুত কৰে, যাৰ বাবে মদ প্ৰস্তুত কৰা হয়, যি মদ পান কৰে, যি মদ অনা নিয়া কৰে, যি মদ কঢ়িয়াই, যি মদ পৰিবেশন কৰে, যি মদ বিক্ৰী কৰে, যি ইয়াৰ পৰা পোৱা ধন ব্যৱহাৰ কৰে, যি ইয়াক কিনে আৰু যি ইয়াক আনৰ বাবে কিনে।
খ্ৰীষ্টানসকলৰ পৱিত্ৰ ধৰ্ম গ্ৰন্থ বাইবেলে মদ্যপানৰ বিৰোধিতা কৰিছে। বাইবেলৰ ওল্ড-টেচ্-টে-মেন্টত মদ নিষিদ্ধকৰণৰ বিষয়ে বৰ্ণনা কৰিছে। বাইবেলৰ যোজনা পুথিত মদ্যপানৰ পৰা বিৰত থাকিবলৈ দিয়া সতৰ্ক বাণীৰে ভৰি আছে। তাতে লিখিছে, যি মদ্যপান কৰে তেওঁক মদে ভেঙুচালি কৰে আৰু শোক, বেজাৰ, কাজিয়া আৰু অকাৰণত আঘাত উপহাৰ দিয়ে। সৰ্ব শেষত মদে সাপৰ দৰে খুঁটে আৰু ফেঁটী সাপৰ দৰে বিষ ঢালে।

গতিকে বৰবিহ স্বৰূপ মদ সমাজৰ সৰ্বস্তৰৰ লোকে বৰ্জন কৰা উচিত। সমাজ জীৱনত ধৰ্মৰ প্ৰবাহমান প্ৰভাবৰ প্ৰতি দৃষ্টি ৰাখি ইয়াতে আমি এটা কথা উল্লেখ কৰিব পাৰোঁ যে একৈশ শতিকাৰ এই বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ স্বৰ্ণ যুগতো বিশ্বৰ বিভিন্ন ধৰ্মৰ লোকসকলে স্বধৰ্মৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আহিছে। তাৰে মাজৰ বহুলোক অত্যন্ত গোড়া তথা ৰক্ষণশীল স্বভাৱৰ। তথাপি মদ্যপানৰ পৰা বিৰত থাকিবলৈ ধৰ্মগুৰুসকলে দিয়া পৰামৰ্শ হলে বহুলোকে মানি নলৈ মদ্যপান কৰি বিলাসী জীৱন যাপন কৰে। গতিকে দেখা যায় যে মদ্যপায়ীসকলে স্বধৰ্ম পালন নকৰি ব্যক্তিগত জীৱন তথা সামাজিক জীৱন কলুষিত কৰে। বহুলোকে আকৌ অন্য ধৰ্মৰ প্ৰতি উদাৰ নহৈ সংঘাতত লিপ্ত হৈ সমগ্ৰ বিশ্বকে অশান্তিময় কৰাৰ প্ৰচেষ্টা চলায়।
বহুলোকে ধৰ্মৰ আধ্যাত্মিক দিশটোলৈ পিঠি দি মাথো বাহ্যিক কাৰ্যকলাপেৰে অন্যলোকৰ দৃষ্টি আকৰ্ষণৰ বাবে, প্ৰতিযোগিতাত অগ্ৰসৰ হবলৈ ধৰ্মৰ বাঙ্ময় দিশটোত গুৰুত্ব দিয়া দেখা যায় –যাৰ ফলত ধৰত্ৰীয়ে ভাৰ ববলৈ কষ্ট পোৱা শব্দ প্ৰদূষণৰ সৃষ্টি হয়। তাৰোপৰি এনে কৰাৰ ফলত উত্তৰ পুৰুষে ধৰ্মৰ আধ্যাত্মিক দিশটোৰ পৰা জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব নোৱাৰে। এক অবাঞ্চিত হুলস্থূলীয়া পৰিবেশৰ মাজেদি সময়বোৰ পাৰ হৈ যায়। চমু জীৱনটোৰ বাবে ইও হব পাৰে এক বিড়ম্বনা। অৱশ্যে অদূৰ ভৱিষ্যতে এনে পৰিৱেশৰ ওৰ পেলাবলৈ মানৱ জাতি নিজেই বাধ্য হব। পিচে আগতীয়াকৈ সেই কাম কৰিলে অধিক লাভৱান হব পৰা গলহেঁতেন।
ভাৰতবৰ্ষত হিন্দুত্ববাদক প্ৰাধান্য দি ৰাজনৈতিক কাৰ্যক্ৰমণিকা চলাই যোৱা ভাৰতীয় জনতা দলে দেশখনত পাঁচোটাকৈ বছৰ শাসন চলাই যোৱাৰ ক্ষণত আৰু অসমৰ ৰাজ্য চৰকাখনো ভাৰতীয় জনতা দলৰ হোৱা সত্বেও ৰাজ্যখনত বিষাক্ত সুৰাপান কৰি শতাধিক লোকৰ মৃত্যু হোৱা ঘটনাই দেশ বিদেশৰ সচেতন লোকসকলক এই কথাই ভাৱিবলৈ বাধ্য কৰিছে য়ে ভাৰতীয় জনতা দলে কেৱল ধৰ্মৰ ৰাজনৈতিক মেৰুকৰণৰ যোগেদি গাদী দখলতহে ব্যস্ত হৈ আছে, জনহিতকৰ কাম কাজত অধিক গুৰুত্ব নিদিয়ে।
২০১৮ চনৰ বছৰটোৰ আৰম্ভণিতে অসম চৰকাৰে ৰাজহুৱা স্থানত মদ্যপান নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল। পিছে ধৰ্ম শাস্ত্ৰৰ গুহতত্ব অনুধাৱন কৰি মদ্যপান নিষিদ্ধ কৰিব নোৱাৰিলে। নতুনকৈ অনুজ্ঞা পত্ৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰখনে কঠোৰতা প্ৰদৰ্শন কৰিলেও চৰকাৰী অনুজ্ঞা প্ৰাপ্ত বিলাতী সুৰাৰ বিপণিবোৰৰ অনুজ্ঞা পত্ৰ বাতিল নকৰিলে। তাৰোপৰি এতিয়া ঘটা সুৰা কাণ্ডই এই কথা প্ৰমাণ কৰি দিলে যে ৰাজ্যখনৰ আবকাৰী বিভাগে ৰাজ্যখনত কমিছনৰাজৰ যোগেদি দেশীয় মদ, চুলাই আদি অবাধে প্ৰচলন হৈ থাকিবলৈ দিলে নমামী ব্ৰক্ষ্মপুত্ৰ, নমামী বৰাকৰ দৰে  এশজন বৰ্হিৰাজ্যৰ পূজাৰীৰ দ্বাৰা পূজা দি ধৰ্মমূলক উত্সৱ অনুষ্ঠিত কৰা আমাৰ ধৰ্মপ্ৰাণ অসম চৰকাৰেও এতিয়া নিজৰ ৰাজধৰ্ম পালন কৰি, জনহিতৰ উদেশ্য আগত ৰাখি মদৰ দোকানৰ পৰা ৰাজহ সংগ্ৰহৰ লোভ সম্বৰণ কৰি সম্পূৰ্ণভাৱে মদ নিষিদ্ধকৰণৰ ব্যৱস্থা হাতত লব লাগে। অন্যথাই জাতি মাটি ভেটিৰ ৰক্ষা কৰাৰ কথা মিথ্যাচাৰ বুলি পৰিগনিত হব।
-------)(----------
বি. দ্ৰ. প্ৰবন্ধটো অলপমান সম্পাদিত ৰূপত অসমৰ বহু প্ৰচলিত বলিষ্ঠ দৈনিক বাতৰি কাকত  দৈনিক অসমত  ২ মাৰ্চ ২০১৯ সংখ্যাৰ ৰামধেনু শিতানত প্ৰকাশ পাইছে।