Thursday 5 February 2015

ফাগুণৰ পচোৱা

(এটি গীত)
গছে বনে নাচি বাগি কয় 
 
ফাগুণৰ পচোৱা, 

ধৰালৈ আহিছ তই 

ধূলি বালি গাতেলৈ 

ঘূৰি পকি নাচি নাচি 

আহিছ নাচনীজনী হৈ৷


তোৰ পৰশতে মোৰ 

ঘৰৰ খিড়িকীৰ দুৱাৰৰ পৰ্দাই 

উলাহতে নাচিবাগি

বেৰৰ কেলেণ্ডাৰ ছবিকো নাচিবলৈ কয়৷

গছে বনে…….


কোনেনো নেনাচে তোৰ পৰশত

ডোলৰ কাপোৰে নোতুলেনে লহৰ

নাচনীৰ চুলিতাৰি আৰু গাৰ ৰিহাখনি 

তোৰ সৈতে গুচি যাব খোজে৷


গছে বনে……


মৰমেৰে উপচাই

দেহমন শীতলাই 

যাৱ তই চুইচাই

তেও চোন তোৰ সৈতে

দেখা দেখি নাই৷


গছে বনে…….


তোৰ খংউঠিলে

লগত আহেনো কোন

মৰম নোবুজেচোন

যেন কোনো নহয় আপোন৷


গছে বনে…

Monday 2 February 2015

চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিচৰ দিনবোৰ কেনেদৰে অতিবাহিত কৰিব ?

আমাৰ মাজৰে বহুতৰ বাবে অৱসৰ শব্দটোৱে আজৰি আৰু শান্তিৰ এটা জীৱন
বুজায়৷পৰিয়ালৰ বাবে দায়িত্ব বহন কৰি আৰু আমাৰ ওপৰত নিৰ্ভৰশীলসকলৰ ভৱিষ্যত নিশ্চিত কৰি দীৰ্ঘ দিনৰ কঠোৰ পৰিশ্ৰমৰ পিচত , অৱসৰ বিনোদনৰ কামত মগ্ন হৈ,অপূৰ্ণ স্বপ্নবোৰ পূৰ্ণ কৰাত ব্যস্ত থাকি আমাৰ স্নেহভাজনসকলৰ সৈতে সময় অতিবাহিত কৰি জীৱন কটাবলৈ এইখিনি প্ৰকৃততে আমাৰ নিজৰ সময়৷ এয়া হল জীৱনৰ সেই মনোমোহা কাল, যেতিয়া সময় আপোনাৰ পক্ষত থাকে আৰু আপুনি দৈনন্দিন জুলুমবোৰৰ পৰা বহু নিলগত থাকে৷ যেইকি নহওক,আপুনি যদি আপোনাৰ স্বাস্থ্যৰ প্ৰতি মনোযোগী নহয় তেন্তে অৱসৰ এক সৰ্বনাশৰ কাৰণো হব পাৰে৷ বৃদ্ধ বয়সে অনিবাৰ্যভাৱে স্বাস্থ্যজনিত সমস্যা আনি দিয়ে আৰু গোটেই জীৱনটো পৰিপূৰ্ণভাৱে উপভোগ কৰিবলৈ হলে আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি ভালদৰে যত্ন লব লাগিব৷
  

আপুনি ওৰে জীৱন কঠোৰ পৰিশ্ৰম কৰি এইটো আশা কৰিছিল যে এনে এটা দিন আহিব যেতিয়া নেকি আপুনি ৰৌদ্ৰোজ্জল বুলনি ঘৰত বহি কিতাপ পঢ়ি সময় অতিবাহিত কৰাৰ বাদে একো কৰিব নালাগে৷ কিন্তু সেই দিনটোৰ আগমণ ঘটাৰ লগে লগে আপুনি পথভ্ৰষ্ট হৈ উদ্দেশ্য বিহীন আৰু বিচ্যুত অনুভৱ কৰিব৷ হঠাৎ আপুনি ধীৰ হৈ পৰিব নিবিচাৰে৷ আপুনি পুনৰ ঘূৰি গৈ হুৰামূৰা আৰম্ভ কৰি দিবলৈ ইচ্ছা কৰিব৷ যেইকি নহওক,আপুনি ভাৱে - আপুনি অৱসৰৰ বাবে প্ৰস্তুত , বাস্তৱটো বহুত পৃথক আৰু শূন্যতাবোধে বেয়াকৈ ছানি ধৰে৷ আপোনাৰ জীৱনৰ সেই কালছোৱাৰ কৰ্মময় বছৰবোৰত আপুনি উপাৰ্জন কৰিছিল,তেনে হোৱাৰ আৰু আশা নাই৷ আপুনি অনুভৱ কৰিবলৈ আৰম্ভ কৰিব যে এয়াই বৃদ্ধ বয়সৰ আৰম্ভণি আৰু ইয়াৰ পৰাই ই আওগৰীয়া৷ হতাশ নহব৷ এই ধৰণে চিন্তা কৰা ব্যক্তি কেৱল আপুনিয়েই নহয়৷ সৰহ ভাগ লোকেই অৱসৰৰ দিন চমু চাপি অহাৰ লগে লগে এনেদৰেই ভাৱিবলৈ আৰম্ভ কৰে৷


অৱসৰ গ্ৰহণ কৰা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আৰু স্বাস্থ্য ভালে থকা সত্বেও সৰহভাগ লোকে পুনৰ নিয়োগ লাভ কৰিব নোৱাৰে৷ এই সমস্যাটো বিশ্লেষন কৰিবৰ বাবে গভীৰতালৈ প্ৰবেশ কৰাৰ এইটো উপযুক্ত সময়৷ মুঠৰ ওপৰত এইটো আমাৰ জীৱন আৰু আমি নিজকে ব্যস্ত ৰাখিবলৈ আৰু মৃত্যু পৰ্যন্ত জীৱনটো উপভোগ কৰিবলৈ আহিলাসমূহ বিচাৰিব লাগে৷ 


দীৰ্ঘকাল ধৰি কৰ্মময় জীৱনত ব্যস্ত থাকি অৱসৰপ্ৰাপ্তসকলে অৱশেষত তেওঁলোকৰ সময়বোৰ কেনেদৰে ব্যয় কৰিব তাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰে৷ পণ্ডিতসকলে অৱসৰপ্ৰাপ্তসকলৰ বাবে কিছুমান মনোগ্ৰাহী পৰামৰ্শ আগ বঢ়াইছে যাতে তেখেতসকলৰ শক্তি আৰু সামৰ্থ অনুযায়ী আগুৱাই যাব পাৰে৷ ফিল টেলৰে( Phil Tailor ) আগ বঢ়োৱা পঁচিশটা পৰামৰ্শ মন কৰকচোন৷


১)নিজৰ ধন সম্পত্তিৰ মাজতে জীৱন নিৰ্বাহ কৰক৷ আপুনি আপোনাৰ অৱসৰ আৰ্জন কৰিছে, এতিয়া ইয়াক টিকি থাকিবলৈ দিয়ক৷ যদি আপোনাৰ পেন্সনৰ পৰা মাহেকীয়া হিচাপে স্থায়ী উপাৰ্জন আছে, তেনেহলে আপোনাৰ সীমাৰ ভিতৰত আৱদ্ধ থকাকৈ আপুনি এখন বাজেট প্ৰস্তুত কৰাটো নিশ্চিত কৰিব লাগিব৷ যদি আপুনি সৰহকৈ সাঁচিবৰ বাবে থোৱা ধন ব্যয় কৰি আছে তেন্তে উপযুক্ত ধন উঠোৱা নিৰিখ আৰু প্ৰয়োগ হব পৰা কৰৰ নীতিৰ সন্ধান নিশ্চিত কৰক৷


২) পৃথিৱী ভ্ৰমণ কৰক৷ এতিয়া আপুনি বন্ধৰ বা ছুটিৰ সীমাবদ্ধতাৰ বাবে চিন্তাগ্ৰস্ত হবৰ দৰকাৰ নাই, বৰ্ধিত বন্ধ উপভোগ কৰক৷ কিছুদিনৰ বাবে বিদেশ ভ্ৰমণৰ বাবে ওলাওক বা এক দীঘলীয়া সমুদ্ৰ যাত্ৰা আৰম্ভ কৰক৷


৩) ঘৰলৈ এখন গাড়ী কিনি আনক৷ নতুন হওক বা পুৰণিয়েই হওক ঘৰলৈ এখন গাড়ী কিনি আনি ভ্ৰমণৰ বাবে আপোনাৰ বিছনা পাটী আৰু ৰান্ধনি-শালৰ বয় বস্তু লগত লওক৷ প্ৰতিখন জাতীয় উদ্যান বা আপোনাৰ ভাল লগা ঠাইৰ দৰ্শন কৰাৰ লক্ষ্য স্থিৰ কৰি লওক৷


৪) আপোনাৰ ঘৰটো নতুনকৈ সাজক৷ ঘৰটোৰ উন্নয়নৰ বাবে আপোনাৰ সময় ব্যৱহাৰ কৰক৷ আপোনাৰ ঘৰৰ সদস্যসকলক সংগঠিত কৰিলে এই কাম তেনেই সহজ হৈ পৰিব বা এক ওপৰঞ্চি ঠাইৰ সংযোজন ঘটাই এটা ডাঙৰ প্ৰকল্প হব৷ আপুনি এতিয়া সময় পাইছে৷ গতিকে নিজে পৰিবৰ্তন সাধন কৰিবলৈ শিকিব লাগে৷


৫)গাঁৱলৈ যাওক৷ আপুনি যান জঁট,হৈ-চৈৰ বাবে অতিষঠ হৈছে নেকি ? গাঁৱলৈ ওলাওক, যিহেতু আপোনাক আৰু এটা চাকৰি নালাগে, আপুনি যলৈ যাব খোজে তালৈকে যাব পাৰে৷ আপোনাৰ মুকলি ঠাইডোখৰত অৰ্কিডৰ বাগিছা খুলিব বা পশু পালন কৰিবও পাৰে৷


৬)নগৰলৈ গতি কৰক৷ আপুনি জীৱন ধাৰণৰ আৱশ্যকীয় বস্তুবোৰ নগৰৰ কেইটামান ব্লকতে পাব বিচাৰে নেকি ? নগৰলৈ যাওক৷ বসতি স্থাপন কৰি পৌৰসভাৰ সক্ৰিয় সদস্য হওক৷ তাত আপুনি কলা-সংস্কৃতিৰ চমৎকাৰ অভিজ্ঞতা লাভ কৰিব৷


৭) এটা ব্যৱসায় আৰম্ভ কৰক৷ এতিয়া আপোনাৰ কৰ্মজীৱনৰ সমাপ্তি ঘটিছে, এটা ব্যৱসায় আৰম্ভ কৰক- যিটো আপুনি সদায়ে বিচাৰি আহিছে৷ আপোনাৰ কৰ্মজীৱনৰ অভিজ্ঞতাবোৰ প্ৰয়োগ কৰি এক পৰামৰ্শদাতা প্ৰতিষ্ঠান আৰম্ভ কৰাৰ কথাও বিবেচনা কৰিব পাৰে বা আপোনাৰ বৰ্তমানৰ অংশকালিন ব্যৱসায়টো পূৰ্ণ পৰ্যায়ৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ পৰিবৰ্তন কৰিব পাৰে৷


৮)এটা অংশকালিন চাকৰি লওক৷ আপুনি এতিয়াও এখন ঠাইলৈ সদায়ে গৈ থাকিব বিচাৰেনে ? আপুনি ভাল পোৱা কোম্পানী এটাত ভাল লগা অংশকালিন চাকৰি এটা বিচাৰি লওক৷ এই চাকৰি লৈ অলপ ওপৰঞ্চি উপাৰ্জন কৰাই নহয়,ই আপোনাক নিত্য সামাজিকৰণৰ এক স্থান প্ৰদান কৰিব৷


৯) আনক শিক্ষা দিয়ক৷ আপোনাৰ কষ্টোপাৰ্জিত দক্ষতা আৰু অভিজ্ঞতাবোৰ আনক শিক্ষা দিয়াত প্ৰয়োগ কৰক৷ স্থানীয় পুথিভঁৰাল বা কমিউনিটি ঘৰত এক বিনামূলীয়া পাঠদান সূচী আৰম্ভ কৰক৷ আপুনি স্থানীয় কলেজ বা বিশ্ববিদ্যালয়তো শিক্ষা দিয়াটো সম্ভৱ হব পাৰে৷


১০) স্বেচ্ছাসেৱক হওক৷ আপোনাৰ সময়বোৰ আনক সহায় কৰাত ব্যৱহাৰ কৰক৷ গীৰ্জাঘৰ,মঠ মন্দিৰ বা স্থানীয় জনহিতকৰ অনুষ্ঠানৰ সৈতে যোগাযোগ কৰি আপোনাৰ দক্ষতাৰ লগত খাপ খোৱা স্বেচ্ছাসেৱকৰ পদ পোৱাৰ সুযোগ বিচাৰি লওক৷ বিদেশৰ তেনে সুযোগ বিবেচনা কৰাৰ কথাও নাপাহৰিব৷


১১) ৰাইজৰ সেৱাত ব্ৰতী হওক৷ ৰাজনৈতিক পদ্ধতিত অংশ লৈ জাতিৰ তথা দেশৰ সেৱা কৰক৷ স্থানীয় জনপ্ৰতিনিধি বা বিদ্যালয় পৰিচালনা সমিটিৰ সভ্য হওক৷


১২)বন্ধুসকলৰ লগত সময় অতিবাহিত কৰক৷ আপোনাৰ অঞ্চলৰ অন্য অৱসৰপ্ৰাপ্ত ব্যক্তি সকলৰ বিষয়ে জানিবলৈ চেষ্টা কৰক৷


১৩)পৰিয়ালৰ লোকসকলক দেখা কৰক৷ ওচৰত থকা আৰু দূৰণিত থকা পৰিয়ালৰ লোকসকলক লগ পোৱাৰ বাবে অধিক সময় ব্যয় কৰক৷ শিপাৰ সন্ধান কৰক আৰু আপুনি কাহানিও নজনা আত্মীয়ক বিচাৰি উলিয়াওক৷


১৪)শিশু ওমলোৱা কাম কৰক৷ আপোনাৰ পৰিয়ালৰ বা স্থানীয় কোনো পৰিয়ালৰ শিশু ৰাখি দিয়াৰ আৱশ্যক হলে তেওঁলোকক সহায় কৰাৰ বাবে আপোনাৰ আজৰি সময় কামত লগাওক৷ তাৰ দ্বাৰা প্ৰয়োজন হলে ওপৰঞ্চি ধনো হাতলৈ আহিব৷


১৫)এজন বিজ্ঞ আৰু বিশ্বস্ত পৰামৰ্শদাতা হওক৷ পৰামৰ্শ দিবলৈ এজন যুৱক বিচাৰি লওক৷ এজন অভিজ্ঞ আৰু কৃতকাৰ্য ব্যক্তিৰ পৰা শিকাৰ সুযোগ পাই বহুতো যুৱক যুৱতীয়ে ভালেই পাব৷ কোনোবাজনৰ জীৱন সলনি কৰি দিবলৈ সপ্তাহত এটা সময় উলিয়াই লওক৷


১৬)শিক্ষিত হওক৷ বিদ্যালয়লৈ ঘূৰি যাওক৷ আপোনাৰ ডিপ্লোমা সমাপ্ত কৰক বা স্নাতক ডিগ্ৰী লওক৷ মনৰ আনন্দৰ বাবে আপোনাৰ ৰাপ থকা বিষয়ত পাঠদান গ্ৰহণ কৰিব পাৰে৷


১৭) পঢ়া শুনা কৰক৷ আপুনি আগতে পঢ়িবলৈ সময় নোপোৱা কিতাপবোৰ পঢ়ি দিন অতিবাহিত কৰক৷


১৮)এখন কিতাপ লিখক৷ কিতাপ লিখা কামে বহুত সময় লয়৷ আপোনাৰ হাতত এতিয়া বহুত সময় আছে৷ এখন উপন্যাস লিখক, ৰন্ধন প্ৰকৰণৰ ওপৰত এখন কিতাপ লিখক বা আপোনাৰ স্মৃতিবোৰ লিপিবদ্ধ কৰক৷


১৯) এটা ব্লগ আৰম্ভ কৰক৷ ব্লগৰ বিষয়ে শিকক আৰু আপোনাৰ অৱসৰৰ অভিজ্ঞতাবোৰ অনলাইনত কিছুমান ব্লগত ভাগ বটোৱাৰ কৰক৷ আপুনি আপোনাৰ ব্লগ আৰম্ভ কৰি আপোনাৰ অতীতৰ কাৰ্যকালৰ জ্ঞান বা আপোনাৰ যি চখ আছে তাক আনক জানিবলৈ দিয়ক৷ 


২০)এটা নতুন ভাষা শিকক৷ অৱসৰ গ্ৰহণৰ পিচত যদি বিদেশলৈ যোৱাৰ পৰিকল্পনা আছে তেন্তে সেই দেশৰ ভাষা শিকাত সময় কামত লগাওক৷ ই আপোনাৰ দীৰ্ঘ বন্ধক কামত লগাব আৰু মনক তীক্ষ্ন কৰি ৰাখিব৷


২১) বাদ্য যন্ত্ৰ বজাবলৈ শিকক৷ পিয়ানু, গীতাৰ, ঢোল,খোল, মৃদং বা আপুনি ভাল পোৱা বাদ্য যন্ত্ৰ বজাবলৈ প্ৰশিক্ষণ লওক আৰু তাক শিকক৷ আপোনাৰ নতুন সংগীতৰ পাৰদৰ্শিতাই অনাগত দিনত হব লগা সন্মিলনত পৰিয়ালৰ লোকসকলক প্ৰভাবান্বিত কৰিব৷


২২) এটা নতুন চখ বা হবি আৰম্ভ কৰক৷ এতিয়া আপোনাৰ ৰাপসমূহত সময় কটোৱাৰ দিন আহি পৰি্ছে৷ মাছ ধৰা,বাগান পতা, ছবি অঁকা,ফটোগ্ৰাফী কৰা আদিৰ দৰে এক নতুন চখ বা হবি নিৰ্বাচন কৰি লওক৷


২৩)নতুন এক ক্ৰীড়াত ধৰক৷ নতুন মল্লযুঁজ বিদ্যা অনুধাবনৰ প্ৰত্যাহ্বান কৰি সক্ৰিয় হৈ থাকক৷ বহুতো ব্যক্তিয়ে অৱসৰৰ পিচত মাৰাথান বা স্নোস্কি ভালদৰে সম্পন্ন কৰে৷


২৪) শৰীৰ চৰ্চা গোটত( Fitness Group) যোগদান কৰক৷ আপোনাৰ নতুন সক্ৰিয় জীৱন প্ৰণালীক ধৰি ৰাখিবলৈ অন্য লোকৰ দলত যোগদান কৰক-যিসকলে নিজৰ শাৰীৰিক যোগ্যতা বজাই ৰাখিবলৈ দায়বদ্ধ থাকে৷ আপোনাৰ জীৱনৰ আটাইতকৈ ভাল ৰূপটো পাবলৈ কাম কৰি যাওক৷


২৫) একো নাই৷ আপুনি আপোনাৰ অৱসৰ লাভ কৰিলে৷ একো নোহোৱাকে ধৰি আপুনি যি কৰিব বিচাৰে তাকে কৰি যাওক৷


সামৰণিত কব পাৰি যে নিয়োগকাৰীৰ অৱসৰপ্ৰাপ্তসকলৰ প্ৰতি থকা আন্তৰিকতা, কৰ্তব্যবোধ, দায়িত্বশীলতা আৰু সদিচ্ছাৰ ওপৰতহে অৱসৰপ্ৰাপ্ত ব্যক্তিসকলৰ মনোকামনাবোৰ সঠিক সময়ত সঠিকভাৱে পূৰ্ণ হোৱাটো নিৰ্ভৰ কৰে৷ নিয়োগকাৰীয়ে অৱসৰপ্ৰাপ্তসকলক সময়মতে প্ৰাপ্য ধন নিদিলে, পেন্সনৰ ব্যৱস্থা নকৰিলে অৱসৰৰ পিচত জ্যেষ্ঠ নাগৰিকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হয়৷ সেয়েহে চাকৰিৰ শেষত দিয়া নিৰ্দ্দিষ্ট পৰিমাণৰ ধন বা পাৰিতোষিক(Gratuity) মুকলি কৰি দিয়াৰ ক্ষেত্ৰত আইন অনুযায়ী(Payment of gratuity act,1972) কিছুমান চৰ্ত দিয়া হৈছে, যাতে অৱসৰপ্ৰাপ্তসকলৰ স্বাৰ্থ ৰক্ষা হয়৷ চৰ্ত অনুযায়ী(Section7(3)ৰ মতে)দিব লগা দিনৰ ৩০ দিনৰ ভিতৰতে গ্ৰেচুইটিৰ ধন আদায় দিব লাগিব৷ অন্যথাই নিয়োগকাৰীয়ে ১০% সুত ভৰিব লাগিব৷ আইন অমা্ন্যকাৰীৰ বাবে জেল জৰিমণাৰো ব্যৱস্থা কৰা হৈছে৷ ভাৰতবৰ্ষত বিশেষকৈ আমাৰ অসমত অৱসৰপ্ৰাপ্তসকলৰ অৰ্থনৈতিক নিশ্চয়তা নথকাৰ বাবে তেওঁলোকে বৃদ্ধ বয়সত মনোকষ্ট ভোগ কৰে৷ অবৈতনিকভাৱে শিক্ষকতা কৰি অৱসৰ লোৱাসকলৰ অৱস্থা অতিকৈ হৃদয় বিদাৰক হয়৷ বেতনভোগীসকলেও সংসাৰৰ জঞ্জালবোৰ মাৰি শেষ নহঁওতেই অৱসৰ গ্ৰহণ কৰিব লগা হোৱা বাবে তেওঁলোকৰ অৱস্থা নদীৰ ঘাট নৌপাওঁতেই বেলি ডুবা নাৱৰীয়াৰ দৰে হয়৷ তাতে আকৌ যদি গ্ৰেচুইটি,পেন্সন আদি পোৱাত পলম হয় তেনেহলে তেওঁলোকৰ পৰিয়ালৰ অৱস্থা শোচনীয় হৈ পৰে৷ গতিকে দেশৰ জনপ্ৰিয় চৰকাৰে দিনে দিনে সংখ্যা বাঢ়ি গৈ থকা অৱসৰপআপ্ত লোকসকলৰ ক্ষোভৰ দাবানলৰ প্ৰকোপ বৃদ্ধি হবলৈ নিদি তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰা উচিত৷

০০০০০০০০০০০০০০০০০০০০০)(০০০০০০০০০০০০০০০০০০
বি: দ্ৰ:

প্ৰৱন্ধটো “ প্ৰান্তিক ” আলোচনীৰ ১/ ০২/ ২০১৫ তাৰিখৰ সংখ্যাত প্ৰকাশ পাইছে৷