Sunday 28 July 2019

প্ৰাচীন কালৰ অসমীয়া সাঁথৰ

দণ্ডী ৰাম দত্তদেৱে লিখা " সাঁথৰ, ফকৰা আৰু যোজনাৰ কথা" নামৰ পুৰণি পুথিৰ সাঁথৰ কেইটিমানৰ অৰ্থ উলিয়াবলৈ দিছোঁ আপোনাক, মই নাজানো৷ জনাব৷
1)অৰ্জ্জুনে বোলন্ত সখী
আধাৰ নাখায় কোন পখী

2)অৰু অৰু অৰু
সকলোৰে একেটা চৰু৷

3)অমুকীৰ অমুকী নাম,
খুচি খচি মঙহ খাম৷

4)অলনিৰ কুকুৰা দলনিত চৰে,
নেজত ধৰিলেই কোচ খাই পৰে৷

5)অ'ত গুম্  গুম্ ত'ত গুম্ গুম্ কৰে
ব্ৰক্ষ্মাণ্ডত জুই লাগিছে কোনে নুমাব পাৰে৷

6)অ'ত গুম্ গুম্ ত'ত গুম্ গুম্ কৰে
হাতী যুজে ম'হে যুজে মোৰ পাপ্তৰ কোনে বুজে৷

7)অলি অলি অলি,
ছয় ভাকোৰ(ভায়েকৰ) এখন তলি৷

8)অসংখ্য পতিমাৰ, সাৰ অংশ খায় তাৰ,
কিন্তু খালে তাক, কাৰোযায় জাত৷

9)অপত্যলৈ নেযাবা অসত্য নকবা,
কচুপাতত নেবান্ধিবা লোণ,
উপজিয়েই দৌড় মাৰে কোন৷

10)অসত্যলৈ নেযাবা অসত্য নকবা
তিতাপাতত নেবান্ধিবা লোণ,
উপজিয়েই ৰঙা হয় কোন৷

আগলৈ---


Friday 19 July 2019

গোলকীয় অৰ্থনৈতিক বৈষম্য আৰু জলবায়ু পৰিবৰ্তন


সাম্প্ৰতিক বিশ্বায়াণৰ যুগত কৃত্ৰিম বুদ্ধিমত্তাৰ উন্নত প্ৰযুক্তি বিদ্যা প্ৰয়োগৰ ফলত সমগ্ৰ বিশ্বই এক গোলকীয় গাঁৱলৈ ৰূপান্তৰিত হৈছে।এনে সন্ধিক্ষণত সৰ্বাংগীণ বহনক্ষম উন্নয়নৰ অভাৱত বিশ্বৰ সমগ্ৰ মানৱ জাতিয়ে উন্নয়নৰ সুযোগ সুবিধাবোৰৰ ভাগ সমপৰিমাণে পোৱা নাই যদিও গোলকীয় সমস্যাৰাজিৰ সমাধানৰ বাবে তৎপৰ হব লগা হৈছে।বহু ক্ষেত্ৰত সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজন হৈ পৰিছে।বিশেষকৈ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত জীৱ জগতৰ সম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ প্ৰায় সকলো দেশৰে গুণী-জ্ঞানী লোকসকল চিন্তিত হৈ পৰিছে আৰু সেউজ বহনক্ষম উদ্ভাৱনী বিজ্ঞানৰ সহায়ত পৰিস্থিতিৰ মোকাবিলা কৰাৰ পোষকতা কৰিছে। গৱেষকসকলে কথাবোৰ বিশ্লেষণ কৰিছে আৰু অৰ্থনীতিবিদ তথা জলবায়ু বিজ্ঞানীসকলে গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে গোলকীয় অৰ্থনৈতিক বৈষম্যৰ সম্পৰ্কবোৰো বিশ্লেষণ কৰি দেখুৱাইছে।

বিজ্ঞানীসকলে বহুদিনৰ পূৰ্বেই ভৱিষ্যত বাণী কৰিছিল যে জলবায়ু পৰিবৰ্তনৰ কাৰণে হোৱা গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিশ্বৰ অতি দৰিদ্ৰ, সহজে পীড়িত কৰিব পৰা লোকসকলৰ ওপৰত প্ৰচণ্ড প্ৰভাৱ পেলাব। নতুন গৱেষণাই সূচনা কৰিছে যে বহু কেইটা দশক জুৰি এয়া সংঘটিত হৈ আহিছে।আমেৰিকা যক্তৰাষ্ট্ৰৰ বে-চৰকাৰী সংগঠন ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমিৰ(National Academy of Science) কাৰ্য বিৱৰণত প্ৰকাশ পোৱা এক অধ্যয়নত কৈছে যে সৰহভাগ দৰিদ্ৰ দেশত উচ্চ উত্তাপ ৯০ শতাংশতকৈ বেছি আৰু এই দেশবোৰৰ অৰ্থনৈতিক উৎপাদন গোলকীয় উত্তাপ নোহোৱা দেশতকৈ কম হৈছে।তাৰোপৰি চহকী দেশবোৰত উষ্ণতাৰ প্ৰভাৱ কিছু কমকৈ পৰিছে।আনকি উচ্চ তাপ মাত্ৰাই কিছুমান দেশৰ সম্ভাৱনাহে বঢ়াব ধৰিছে।গোলকীয় উষ্ণতা নোহোৱা হলে বিশ্বৰ সকলোতকৈ ধনী দেশবোৰ আৰু সকলোতকৈ দৰিদ্ৰ দেশবোৰৰ মাজত যিমান অৰ্থনৈতিক পাৰ্থক্য হলহেঁতেন তাতকৈ এতিয়া ২৫ শতাংশ অধিক পাৰ্থক্য হৈছে।ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাই এই কথা প্ৰমাণ কৰিছে।

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এক নতুন অধ্যয়নে দেখুৱাইছে যে, ১৯৬০ চনৰ পৰা গোলকীয় উষ্ণতা বৃদ্ধিয়ে অৰ্থনৈতিক বৈষম্য বৃদ্ধি কৰি আহিছে।পৃথিবীৰ বায়ুমণ্ডলত সেউজ গৃহ গেছ সঞ্চয় হোৱা কাৰ্যৰ বৃদ্ধিয়ে সৃষ্টি কৰা উষ্ণতাৰ পৰিবৰ্তনে নৰৱে, ছুইডেনৰ দৰে দেশবোৰক চহকী কৰিছে, অন্যহাতে ভাৰত আৰু নাইজেৰিয়াৰ দৰে উত্তপ্ত দেশবোৰৰ উন্নয়নক পিচলৈ টানিছে।

পৰীক্ষাই প্ৰমাণ কৰিছে যে গোলকীয় উষ্ণতা নথকা হলে সৰহভাগ অতি দৰিদ্ৰ দেশ যিমান দৰিদ্ৰ হলহেঁতেন তাতকৈ যথেষ্ট অধিক দৰিদ্ৰ হৈছে।এই কথা ষ্টেনফৰ্ড বিশ্ব বিদ্যালয়ৰ জলবায়ু বিজ্ঞানী নোৱা ডিফেনবাগে(Noah Diffenbaugh)কৈছে।একে দৰে, সৰহভাগ ধনী দেশ যিমান ধনী হব লাগিছিল তাতকৈ অধিক ধনী হৈছে।ষ্টেনফৰ্ড বিশ্ব বিদ্যালয়ৰে সহকাৰী অধ্যাপক মাৰ্শ্বাল বুৰ্কে(Marshall Burke)কৈছে যে, ১৯৬১ চনৰ পৰা ২০১০ চনলৈ গোলকীয় উষ্ণতাই বিশ্বৰ অতি দুখীয়া দেশৰ প্ৰতিগৰাকী ব্যক্তিৰ ১৭ ৰ পৰা ৩০ শতাংশ সম্পদ হ্ৰাস কৰিছে। গোলকীয় উষ্ণতা নথকা হলে দেশবোৰৰ মাজৰ ধনী দুখীয়াৰ ব্যৱধান কমি গলহেঁতেন।

মাৰ্শ্বাল বুৰ্কে ঐতিহাসিক তথ্যবোৰৰ বিশদ অধ্যয়নৰ পিচত মন্তব্য কৰিছে যে, অতি গৰম আৰু অতি ঠাণ্ডা নোহোৱা জলবায়ু অধিক শস্য উৎপাদনৰ বাবে উপযোগী। এনে জলবায়ুত বসবাস কৰা লোকসকলৰ স্বাস্থ্য সুস্থ-সবল হৈ থাকে বাবে তেওঁলোক অধিক কৰ্মক্ষম হয়।এই কথাই ইয়াকে বুজাইছে যে ঠাণ্ডা দেশবোৰত সামান্য উত্তাপ বৃদ্ধিয়ে উপকাৰ সাধন কৰিব। ইয়াৰ বিপৰীতে, ইতিমধ্যে উত্তপ্ত দেশবোৰক উত্তাপ বৃদ্ধিয়ে হানি কৰিব।এই গৱেষণাত মানৱ সৃষ্ট জলবায়ু পৰিবৰ্তনৰ বাবে প্ৰতিখন দেশ কিমান অধিক উত্তপ্ত হৈছে তাক নিৰ্ণয় কৰা হৈছে।ইয়াৰ দ্বাৰাই প্ৰতিখন দেশৰ জলবায়ু উত্তপ্ত নোহোৱা হলে তেওঁলোকৰ উৎপাদন কিমান হলহেঁতেন তাক নিৰ্ণয় কৰা হৈছে।সৰহ সংখ্যক দেশক গোলকীয় উত্তাপে আঘাত হানিছে নে সহায় কৰিছে সুন্দৰকৈ ওলাই পৰিছে।বিশেষকৈ বিষুবীয় দেশৰ উষ্ণতা অৰ্থনৈতিক উন্নয়নৰ আদৰ্শ উষ্ণতাৰ পৰা বহু আঁতৰি গৈছে।গতিকে নিশ্চিত ভাৱেই তেওঁলোক ক্ষতিগ্ৰস্ত হৈছে।

বিষুব অঞ্চলৰ পৰা মধ্যম দূৰত্বত থকা আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু জাপানকে ধৰি দেশবোৰৰ উন্নয়নত উষ্ণতাই কেনে প্ৰভাৱ পেলাইছে সেয়া পৰিষ্কাৰ নহয়বিশ্লেষণটোৱে জাহিৰ কৰিছে যে এইকেইখন দেশ আৰু আন উষ্ণ দেশবোৰৰ ওপৰত ১০ শতাংশতকৈ কম প্ৰভাৱ পৰিছে।অলপ সংখ্যক দেশ অৰ্থনৈতিক উন্নয়নৰ বাবে উপযুক্ত উষ্ণতাৰ অঞ্চলত অৱস্থিত। গোলকীয় উষ্ণতাই তেওঁলোকক উন্নতিৰ শিখৰৰ পৰা নমাব পৰা নাই, আৰু বহু ক্ষেত্ৰত তেওঁলোকক ওপৰলৈহে উঠাইছে। কিন্তু ভৱিষ্যতৰ বৃহৎ পৰিমাণৰ উষ্ণতাই তেওঁলোকক সুবিধাজনক উষ্ণতাৰ পৰা বহু দূৰলৈ ঠেলি পঠাব।

বছৰ বছৰ ধৰি বতৰ পৰিবৰ্তনৰ প্ৰভাৱ সামান্য মাত্ৰ দেখা গলেও সিয়ে সময়ত নাটকীয় ভাৱে লাভ-লোকচান ঘটাব পাৰে। উদাহৰণ স্বৰূপে ভাৰতবৰ্ষৰ অৰ্থনীতিৰ কথাকে উল্লেখ কৰিব পাৰি। দশক দশক কাল জুৰি পুঞ্জিভূত হোৱা উষ্ণতাৰ প্ৰভাৱৰ ফলত ভাৰতৰ অৰ্থনীতি বৰ্তমান উষ্ণতা নোহোৱা হলে যিমান হলহেঁতেন তাতকৈ ৩১ শতাংশ কম হৈছে। এনেবোৰ দেশৰ বাবে তুলনামুলক ভাৱে ই এক বৃহৎ ক্ষতি। জলবায়ু নীতিৰ আলোচনাৰ ক্ষেত্ৰত উষ্ণতা হ্ৰাসকৰণৰ উদ্দেশ্যে দেশবোৰৰ মাজত সমান ভাৱে দায়িত্ব আৰোপৰ ক্ষেত্ৰত নোৱা ডিফেনবাগ আৰু মাৰ্শ্বাল বুৰ্কে নতুন মূল্যৰ নিৰিখৰ বিশ্লেষণ আগ বঢ়াইছে।।এই উদ্দেশ্যে প্ৰতিখন দেশে ইয়াৰ পূৰ্বৰ সেউজ গৃহ গেছৰ অৱদানৰ তুলনাত গোলকীয় উষ্ণতাত কিমান প্ৰভাৱিত হৈছে তাক নিৰ্ণয় কৰিব লাগিব।যেতিয়া নেকি সকলোতকৈ অধিক সেউজ গৃহ গেছ নিৰ্গত কৰোঁতা দেশে তেওঁলোক উষ্ণতাবিহীন অৱস্থাত থকা হলে যিমান অৰ্জন কৰিলেহেঁতেন তাতকৈ এতিয়া গড় হিচাপে প্ৰায় ১০ শতাংশ অধিক মুঠ ঘৰুৱা উৎপাদন লাভ কৰিছে। অতি কম গেছ নিৰ্গত কৰোঁতা দেশবোৰক প্ৰায় ২৫ শতাংশ তললৈ নমাই দিছে। ই এক বৃহৎ ক্ষতি। ২০১০ চনৰ আগৰ দুটা বছৰত গোলকীয় উষ্ণতা বৃদ্ধি নোহোৱা হলে বাংলাদেশৰ মুঠ ঘৰুৱা উৎপাদন যিমান হলহেঁতেন তাতকৈ ১২ শতাংশ কম হৈছে। আফ্ৰিকাৰ উপ চাহাৰা দেশবোৰতো জলবায়ু পৰিবৰ্তন নোহোৱা হলে যিমান মুঠ জনমুৰি ঘৰুৱা উৎপাদন হলহেঁতেন তাতকৈ ২০ শতাংশ কম হৈছে।গোলকীয় উষ্ণতা বৃদ্ধিয়ে বহুধৰণে অৰ্থনৈতিক উৎপাদনত প্ৰভাৱ পেলায়।অতিমাত্ৰা গৰমত শ্ৰমিকৰ উৎপাদন ক্ষমতা হ্ৰাস পায়, শস্য কমকৈ উৎপাদন হয়বহু ধৰণে অতি মাত্ৰা উষ্ণতাই অৰ্থনৈতিক উন্নয়নত বাধা জন্মায়।ডিফেনবাগে কয়, পৰিষ্কাৰ কথাটো হৈছে যে দৰিদ্ৰ দেশবোৰৰ বাবে খবৰটো বৰ বেয়া।

পুৰণি গৱেষণাৰ ওপৰত ভিত্তি কৰি নতুন অধ্যয়নে গঢ়লৈ উঠিছে।নেচাৰ(Nature)আলোচনীৰ ২০১৫ চনৰ এক অধ্যয়নে দেখুৱাইছিল যে পৃথিবীৰ উষ্ণতা বৃদ্ধি নোহোৱা হলে যেনে হলহেতেঁন তেনে নহৈ ২১০০ চনত দুখীয়া দেশবোৰৰ গড় আয় ৭৫ শতাংশ হ্ৰাস পাব।তেতিয়া কিন্তু ধনী দেশবোৰে আয়ৰ ক্ষেত্ৰত অধিক লাভৱান হব।জলবায়ু পৰিবৰ্তনৰ আন্তঃৰাষ্ট্ৰীয় জুৰিয়ে(International Panel on Climate Change চমুকৈ IPCC)সন্মিলিত ৰাষ্ট্ৰ সংঘৰ জলবায়ু পৰিবৰ্তন বিজ্ঞান মণ্ডলে জনোৱা তথ্যৰ ভিত্তিত কৈছে যে যদি গোলকীয় তাপ মাত্ৰা ১.৫ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পায় তেন্তে দৰিদ্ৰ দেশবোৰে জটিল সমস্যাৰ সন্মুখীন হব। এনে দেশবোৰৰ জাতিবোৰ ধ্বংস আৰু কোট কোটি লোকৰ প্ৰাণ হানি হোৱাৰ সম্ভাৱনা আছেএনে ধৰণৰ তথ্য প্ৰকাশৰ পূৰ্বে দৰিদ্ৰ দেশবোৰে সন্মুখীন হোৱা গোলকীয় উষ্ণতা বৃদ্ধিৰ কু-প্ৰভাৱবোৰৰ ক্ষেত্ৰত জলবায়ু পৰিবৰ্তনৰ নীতি নিৰ্ধাৰকসকল কম দায়িত্বশীল আছিল।

গৱেষকসকলে দৰিদ্ৰ দেশবোৰৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বহনক্ষম শক্তি আহৰণ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে। এনেবোৰ দেশ যিমানে উত্তপ্ত হব সিমানে উন্নয়ন নিম্নগামী হব।ঐতিহাসিক ভাৱে জৈৱিক ইন্ধনে দ্ৰুত উন্নয়নক শক্তিমান কৰিছেগৱেষণাই নিৰ্ণয় কৰিছে যে গোলকীয় উষ্ণতা বৃদ্ধিয়ে অৰ্থনৈতিক বৈষম্যৰ প্ৰকোপ বৃদ্ধি কৰিছে আৰু ইয়াৰ শক্তিৰ উৎসবোৰৰ অৰ্থনৈতিক লাভালাভেও আধিক উষ্ণতা বৃদ্ধিত সহযোগ কৰিছে। গোলকীয় উত্তাপে বৈষম্যৰ সৃষ্টি কৰিছে বুলি নকলেও কব পাৰি যে ই অগ্ৰগতিক পিচলৈ টানিছে।আমাৰ গ্ৰহটোৰ সৰহভাগ মানুহ অতি দৰিদ্ৰ আৰু গোলকীয় ধনী লোকসকলৰ পৰ্যাপ্ত ধন আছে।আমি সাঁতোৰিমনে ডুবিব লাগিব সেই সিদ্ধান্ত লোৱাৰ ক্ষমতা তেওঁলোকৰে আছে

জলবায়ু মীমংসা সোধপোছ অভিযোজনা (The Climate Equity Reference Project) সহ-সঞ্চালক টম এথানাছিওই (Tom Athanasiou) জলবায়ু পৰিবৰ্তন আৰু গোলকীয় অৰ্থনৈতিক বৈষম্যৰ সন্দৰ্ভত তেওঁৰ প্ৰবন্ধৰ যোগেদি কৰা ব্যাখ্যাৰ কিছু কথাৰ পৰা আমি বিষয়টোৰ গম্ভীৰতাৰ যথেষ্ট আভাস পাব পাৰোঁ।  গোলকীয় দৃষ্টিভংগীৰে সমগ্ৰ মানৱ জাতিৰ আয়ৰ বিতৰণলৈ লক্ষ্য কৰিলে দেখা যায় যে গোলকীয় জনসংখ্যাৰ অতি চহকী দহ শতাংশলোকে গোলকীয় আয়ৰ ৫২ শতাংশ হস্তগত কৰিছে আৰু সকলোতকৈ ধনী এক শতাংশ আৰু ০.১ শতাংশই সৰ্বমুঠ আয়ৰ বৃহ অংশ লাভ কৰিছে।ইয়াৰ বিপৰীতে, বিশ্বৰ অতি দৰিদ্ৰ অৰ্ধেক সংখ্যক লোকে মুঠ গোলকীয় আয়ৰ দহ ভাগৰ এভাগতকৈ কম আয় লাভ কৰে।এয়া নিশ্চয় কোনো পধ্যে যুক্তসংগত কথা হোৱা নাই।আয়ৰ গোলকীয় বিতৰণৰ এনে বৈষম্যই জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰত লব লগা ব্যৱস্থাত কু-প্ৰভাৱ পেলাইছে।প্ৰথমেই গ্ৰীনহাউচ গেছ নিৰ্গতকৰণৰ কথাকে উল্লেখ কৰিব পাৰি।ব্যক্তি,দেশ বা আয়ৰ গোটসমূহৰ সেউজ গৃহ গেছ নিৰ্গতকৰণৰ হিচাপ-নিকাচ কৰিবলৈ গলেই আয়ৰ সৈতে সম্পৰ্কৰ কথা আহি পৰে।দ্বিতীয়তে, আজিৰ দিনত চৰম মাত্ৰাৰ আয়ৰ স্তৰীকৰণে আৰু অধিক মৌলিকভাৱে সম্পদৰ স্তৰীকৰণে গোলকীয় ভাৱে থিতাপি লোৱা বিপদ হৈ পৰিছে।আমি আমাৰ নিজক আৰু আমাৰ সভ্যতা ৰক্ষাৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ কৰি তুলি চৰম অৰ্থনৈতিক বৈষম্য এক সামাজিক বিষবাষ্প হৈ পৰিছে।

মন কৰিবলগীয়া কথা যে, সকলোতকৈ ধনীসকলে সকলোতকৈ দৰিদ্ৰসকলতকৈ সম্পূৰ্ণভাৱে পৃথক জীৱন যাপন কৰিছে।দৰিদ্ৰসকলে প্ৰতিদিনে ১৪০ টকাতকৈ কমত জীৱন নিৰ্বাহ কৰিব লগা হৈছে আৰু অতি সামান্য পৰিমাণৰ সেউজ গৃহ গেছ নিৰ্গতকৰণ কৰিছে।চৰম ধনী আৰু চৰম দৰিদ্ৰৰ মাজৰ গোটবোৰক মধ্যবিত্ত বুলি বহুতে আখ্যা দিয়ে।কিন্তু গোলকীয় আয়ৰ বিতৰণৰ ক্ষেত্ৰত মধ্যমীয়া আয় বুলি কলে ই খাপ নোখোৱা হৈ পৰে।ধনীসকলৰ সুখ-স্বাচ্ছন্দ্য আৰু নিৰাপত্তাৰ তাপৰ্যলৈ চালে কথাটো পৰিষ্কাৰ হৈ পৰে যে প্ৰকৃততে গোলকীয় মধ্যবিত্ত শ্ৰেণীৰ বহুতো লোক চৰম দৰিদ্ৰ শ্ৰেণীৰে অন্তৰ্ভূক্ত

আমেৰিকাৰ এজন ১৪০০ টকা আয় কৰা লোকৰ কথাকে বিবেচনা কৰা যাওক। দৰিদ্ৰতাৰ দুৱাৰদলিৰ ১৪০ টকাকৈ প্ৰতিদিনে আয় কৰা লোকতকৈ দহগুণ অধিক। কিন্তু এই ১৪০০ টকা আয়ৰ ঘৰ এখনেও দৈনন্দিন জীৱনৰ প্ৰাথমিক প্ৰয়োজনীয়তা পূৰণৰ বাবে সংগ্ৰাম কৰিব লগীয়া হয় মধ্য বিত্ত শ্ৰেণীৰ ৪০ শতাংশৰ আধাকে ধৰি প্ৰায় তিনি ভাগৰ দুভাগ লোকে প্ৰতিদিনে ১৪০০ টকাৰ কম আয়ত জীৱিকা নিৰ্বাহ কৰি আছে।সেউজ গৃহ গেছ নিৰ্গতকৰণৰ বৈষম্যই নিবিড়ভাৱে আয়ৰ বৈষম্যৰ সৈতে সমান্তৰালভাৱে আছে।সম্পদশালী দেশবোৰত বাস কৰা চহকীলোকসকলে অধিক পৰিমাণে সেউজ গৃহ গেছ নিৰ্গত কৰে।সেয়ে কোনো আন্তৰ্জাতিক সহযোগিতাৰ প্ৰচেষ্টাত তেনে সম্পদশালীসকলক দৰিদ্ৰ জনসংখ্যাৰ পৰা পৃথক কৰি বিবেচনা কৰা দৰকাৰ।

মন কৰিব লগীয়া কথা যে শীৰ্ষ স্থানৰ ১০ শতাংশ লোকে পুৰণি চহকী দেশৰ নাগৰিক হিচাপে বসবাস কৰে। আধাতকৈ বেছি ভাগে আমেৰিকা, কেনাডা আৰু ইউৰোপ মহাদেশত আৰু আন বহুতে বাস কৰে জাপান, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াত। সেয়ে গোলকীয় সেউজ গৃহ গেছ নিৰ্গতকৰণ কমাবলৈ হলে গোলকীয় ১০ শতাংশ ধনীয়ে তেওঁলোকে ব্যৱহাৰ কৰি থকা শক্তি কৰ্তন কৰিব লাগিব। আমাৰ গোলকটোৰ ১০ শতাংশ ধনীয়ে অৰ্থা ৫,০০০ লাখ প্ৰাপ্তবয়স্কই গোলকীয় সেউজ গৃহ গেছ নিৰ্গতকৰণৰ ৫০ শতাংশ দায়িত্ব বহন কৰি আছে।

বিশ্বৰ অৰ্ধেক সংখ্যক দৰিদ্ৰলোকে গোলকীয় আয়ৰ দহ ভাগৰ এভাগতকৈ কম আয় লাভ কৰে। অন্য এটা মন কৰিব লগীয়া কথা আছে যে কিছুমান অতি দৰিদ্ৰলোকে আমেৰিকা, ইউৰোপ আৰু আন আন উন্নত দেশৰ কিছুমান অঞ্চলত বাস কৰে।আমাৰ দ্বিগুণ বিভাজিত বিশ্বত ধনী দুখীয়াক দ্বিধাগ্ৰস্ত, খঙাল আৰু ভয়াৰ্ত হৈ পৃথকে পৃথকে থাকিবলৈ দিয়া হৈছে।এইটো সৰু কথা নহয়।দৰাচলতে, জৰুৰী ভাৱে জলবায়ু পৰিবৰ্তনৰ মোকাবিলা কৰিবৰ বাবে আমি সকলো একগোট হৈ থিয় দিব লাগিব। আমাৰ মাজৰ বৈষম্যই এই কাম জটিল কৰি তুলিছে।বিশেষ ভাৱে নৱ-উদাৰবাদী পুঁজিবাদৰ অধীনত গোলকীকৰণৰ গতিশীলতাক ধনীসকলে যিদৰে ভাঁজ দিব বিচাৰিছে, সেই কথাই গোলকীয় মধ্যবিত্ত শ্ৰেণীত প্ৰৱেশ কৰিবলৈ বিচাৰি থকা দৰিদ্ৰ পৃথিবীৰ দৰিদ্ৰসকলৰ বিৰুদ্ধে ধনী পৃথিবীৰ দুখীয়াসকলক গৰ্তলৈ নিক্ষেপ কৰিছে।এই উত্তেজনাৰ বিষাক্ত পৰিণতি স্বৰূপে নিশ্চতভাৱেই সকলোতে লোকলুভাৱনবাদৰ(Populism) চিন্তা সোমাই পৰিছে।গতিকে আমাৰ প্ৰকৃত ধনীসকলকলৈয়ে সমস্যা হয়-যিসকলে কথাবোৰত আভুৱা ভাৰি থাকে।এই ধনীসকলৰ সকলোৱেই সম্পদশালী দেশত বাস নকৰে। আমাৰ ভাৰতবৰ্ষৰ দৰে দেশতো কমকৈ এচাম সম্পদশালীলোক আছে।তেওঁলোকৰ বিপুল পৰিমাণৰ ধন-সম্পদ আছে। প্ৰশ্ন হয়, তেওঁলোকে নিজৰ দেশৰ দৰিদ্ৰসকলৰ কাষত থিয় দিবনে গোলকীয় চহকীসকলৰ কাষত থিয় দিব ? এতিয়া বাণিজ্যৰ পৰিধি কেৱল আয়তে সীমাবদ্ধ হৈ থকা নাই, মানৱ জাতিৰ শক্তি আৰু গুৰুত্বপূৰ্ণ জটিল বিষয়ত বিশেষ মাত্ৰাত ধাৱমান হৈছে।আন কিছু মাত্ৰাত গাঁথনিগত দৌৰাত্ম্য চলাইছে অতি চহকীসকলে আন্তঃগাঁথনি নিৰ্মাণ কৰে, পৰিকল্পনা তৈয়াৰ কৰে আৰু তেওঁলোকৰ নিজৰ পছন্দ অনুযায়ী ঠুনুকা গণতন্ত্ৰ দমন কৰে।তেওঁলোকে বাণিজ্যিক সম্পৰ্কত কাৰিকৰীকৰণ কৰি সমগ্ৰ বিশ্বতে সংহতি বিনাশ কৰে।ভুৱা বাৰ্তা বিয়পাই দিয়ে, দৰকাৰ মতে সংগঠনবোৰক প্ৰয়োজনীয় মাত্ৰাত দমন কৰে।বৰ্তমানৰ বছৰকেইটাত ভাৰতবৰ্ষত দৰিদ্ৰৰ হকে (Pro-poor) হাতত লোৱা নীতিবোৰ বেচিকৈ সফলকাম হৈছে।লোকলুভাৱনবাদী”(Populist) বুলি আখ্যা দিয়া ৰাজনৈতিক দলে দৰিদ্ৰ শ্ৰেণীটোক বুনিয়াদী সুচলতাবোৰ প্ৰদান কৰাত কেৱল কেন্দ্ৰতে নহয় ৰাজ্য চৰকাৰতো সফল হৈছে।যেইকি নহওক, যেতিয়া নেকি ই অৰ্থনীতিৰ মূল সুঁতিলৈ অধিক লোকক আনিছে, বিশেষকৈ সুবিধাৰ পৰা বঞ্চিতসকলক, ই এক সমাধান নহৈ বৈষম্যৰ লক্ষ্যণবোৰৰ প্ৰতি ৰাজনৈতিক সঁহাৰি হৈছে।অৰ্থনৈতিক বৈষম্য দূৰ কৰাৰ পৰিবৰ্তে চিৰকাল স্থায়ী কৰা ভাৰতীয় অৰ্থনৈতিক পদ্ধতিৰ মূল চৰিত্ৰৰ ওপৰত দেশৰ জনতা বা ৰাজনৈতিক দলবোৰ কোনেও প্ৰশ্ন কৰা নাই

সম্ভ্ৰান্তলোকসকলে একত্ৰিত হৈ নিজক অগ্ৰাধিকাৰ দি সম্পদৰাজিৰ নিৰ্ধাৰণ কৰে, নিজকে বাস্তৱৰ পৰা নিলগাই ৰাখে, যেতিয়া জনতাই সামূহিক ভাৱে যাতনা ভোগ কৰে তেতিয়া তেওঁলোক নিজৰ সংকীৰ্ণ স্বাৰ্থৰ যুক্তি লৈ আগুৱাই আহে।পৰিবেশৰ হেঁচাত ধ্বংসৰ ফালে গতি কৰাটো অনুভৱ নকৰেধনী দেশবোৰে দৰিদ্ৰ দেশবোৰক যদি জলবায়ু পৰিবৰ্তনৰ ফলত দুৰ্ভিক্ষত পৰিবলৈ এৰি দিয়ে তেন্তে সেই একে পথেৰেই সাগৰ পৃষ্ঠ ওফন্দি উঠি অৱশেষত ধনীসকলৰো একে দশা কৰিব।তাৰ আগ জাননী দি চলিত বছৰতে বৰ্ধিত তাপ মাত্ৰাই অনেক দেশৰ স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত কৰিছে।বাতৰিত প্ৰকাশ যে এই বছৰ ইউৰোপৰ বিভিন্ন অঞ্চল তাপ প্ৰবাহৰ কবলত পৰিছে। উষ্ণতাৰ অস্বাভাৱিক বৃদ্ধি অভিলেখ সৃষ্টিৰ দিশে অগ্ৰসৰ হৈছে।ইউৰোপৰ বিভিন্ন দেশত উষ্ণতা বৃদ্ধিৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে পেৰিছৰ পৰা বাৰশ্বৰলৈকে হিট এলাৰ্ট জাৰি কৰিব লগা হৈছে বতৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে আফ্ৰিকাৰ উত্তৰ প্ৰান্তৰ পৰা প্ৰবাহিত গৰম বতাহৰ বাবেই উপমহাদেশখনত জুন মাহৰ উষ্ণতা অতি উচ্চ স্তৰলৈ গতি কৰিছে আৰু ই গড়ে ৪০ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।বতৰ বিজ্ঞানৰ তথ্য অনুযায়ী বাৰ্লিন, পোলেণ্ড আৰু পেৰিছ আদি ঠাইৰো তাপ মাত্ৰাৰ হাৰ বৃদ্ধি পাইছে। প্ৰচণ্ড গৰমে ফ্ৰান্স, স্পেইন আদি দেশৰ লোকসকলৰো জনজীৱন দুৰ্বিহ কৰি তুলিছে।

জলবায়ু পৰিবৰ্তনে ইতিপূৰ্বেই অৰ্থনৈতিক ভগনীয়াৰৰ সৃষ্টি কৰিছে।এনে পৰিবেশৰ বাবেই বাংলাদেশৰ পৰা অসমলৈ অবৈধ অনুপ্ৰৱেশ ঘটিছে আৰু জটিল সমস্যাৰ সৃষ্টি হৈছে। সেইদৰেই আমেৰিকাৰ কেন্দ্ৰস্থলৰ পৰা প্ৰস্থান কৰি এচাম লোক দক্ষিণ আমেৰিকাৰ সীমান্তলৈ গতি কৰিছে আৰু যাত্ৰা পথতে এই পৰ্যন্ত দুই শতাধিকতকৈ অধিক ভগনীয়াই প্ৰাণ হেৰুৱাইছে। আগন্তুক দশকবোৰত অধিক প্ৰবৰ্জনৰ সম্ভাৱনা আছে।শেহতীয়া গৱেষণাই পৰামৰ্শ দিয়ে যে গোলকীয় উষ্ণতা হ্ৰাস কৰি প্ৰবৰ্জন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰি।কাৰণ, ইয়াৰ দ্বাৰাই তেনে লোকসকলৰ দেশৰ ঘৰুৱা অৰ্থনীতি অধিক বেয়ালৈ যোৱাত বাধা দিব আৰু অধিক সমৃদ্ধিশালী দেশলৈ যোৱাত নিৰুসাহিত কৰিব। মন্তব্য ৰাখিব পাৰি যে সেউজ প্ৰযুক্তি বিপ্লব (The Green Technology Revolution) সূচনা কৰি আজিয়েই বায়ু চকৰি (Wind Turbine) নিৰ্মাণ কৰিলে অহা কালিলৈ প্ৰাচীৰ নিৰ্মাণ কৰাৰ প্ৰয়োজন নহয়।গোলকীয় জলবায়ু পৰিবৰ্তনৰ ফলত অতি জটিল সমস্যাৰ সমুখীন হোৱাৰ পূৰ্বেই বিশ্বৰ প্ৰত্যেকখন দেশেই সৰ্বাংগীণ বহনক্ষম উন্নয়নত মনোনিবেশ কৰা উচিত।
--------)(--------

মধ্য আয় ফান্দৰ পৰা ৰক্ষা পাবলৈ হ’লে দেশৰ অৰ্থনৈতিক বৈষম্য দূৰ কৰিব লাগিব

মধ্য আয় ফান্দ(Middle Income Trap) বুলিলে তাত্বিক অৰ্থনৈতিক উন্নয়নৰ এনে এটা অৱস্থাক বুজায় যত এখন দেশে উন্নতি সাধন কৰি(কিছু সুবিধা লাভ কৰি)আয়ৰ এটা পৰ্যায় পোৱাৰ পিচত তাতেই থমকি ৰব লগা হয়। তেনে দেশ সম্পূ্ৰ্ণ উন্নত দেশৰ শাৰীলৈ যাব নোৱাৰে। মধ্য আয় ফান্দৰ সম্ভাব্য কাৰণ অনেক থাকিব পাৰে। তাৰে কিছুমান কাৰণ উল্লেখ কৰিব পাৰি। শ্ৰমিকক কম মজুৰি দি কামত নিয়োগ কৰি আয় বৃদ্ধি কৰা দেশৰ বাবে মজুৰি/শ্ৰমৰ এককৰ ব্যয় বৃদ্ধিয়ে উপাদন বৃদ্ধিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰেঅতিৰিক্ত শ্ৰমিক যোগান ক্ৰমান্বয়ে হ্ৰাস পাই গলে আৰু গ্ৰাম্যাঞ্চলৰ পৰা নগৰলৈ গতিকে ধৰি শ্ৰমিকৰ প্ৰবৰ্জন কমি গলে বা জনসংখ্যা পৰিবৰ্তন, আৰ্হি-স্বাভাৱিক জনসংখ্যা বৃদ্ধিৰ অৱনতি ঘটিলে চাহিদা অনুপাতে শ্ৰমিকৰ যোগান কমি যায় আৰু মজুৰি উৰ্ধগামী হয়, উৎপাদন বৃদ্ধিৰ লাভ কম হৈ যায়সম্ভাব্য মানৱ মূলধন বিনিয়োগত বিফলতা আহি পৰে তেতিয়া ধনী নহওতেই দেশবোৰে বৃদ্ধ হবলৈ আৰম্ভ কৰিব পাৰে। আগতীয়া উন্নতিয়ে উৎপাদনমুখী হোৱাতকৈ ৰপ্তানিমুখী হোৱা দৰকাৰ যদিও কাৰ্যতঃ তেনে নহয়প্ৰযুক্তি অধিক মাৰ্জিত, উচ্চখাপৰ আৰু সুসংগত নোহোৱাৰ ফলত উন্নত দেশৰ সৈতে প্ৰতিযোগিতাত অবতীৰ্ণ হব নোৱাৰে। ব্যক্তিগত খণ্ডই যথাযথ ভাৱে উদ্ভাৱন বা আৱিষ্কাৰত বিফল হোৱা বাবেও আয় উৰ্ধগামী নহয়। আৱিষ্কাৰ, উদ্ভাৱনে বিশ্ব বজাৰত অধিক মূল্য নোপোৱা সত্বেও বস্তু উৎপাদন কৰি গৈ থাকেইতিমধ্যে চহকী হোৱা দেশক সহজে নকল কৰি উপাদন বৃদ্ধি কৰা দেশৰ বাবে নতুন উদ্ভাৱন জটিল হৈ পৰে আনুষ্ঠানিক বিফলতা আৰু সামাজিক মূলধনৰ দুৰ্বলতাও ভাৰতবৰ্ষৰ দৰে উন্নয়শীল দেশৰ বাবে অৰ্থনীতিক সবল কৰাৰ ক্ষেত্ৰত সমস্যা হৈ পৰিছে। প্ৰতিষ্ঠানসমূহে উপযোগী আৰু সৃষ্টিশীল অৰ্থনীতি আৰু সমাজক সমৰ্থন কৰা নাই আৰু বহনক্ষম উন্নয়নত বিশেষকৈ বিদ্যাৰ খণ্ডত সামাজিক মূলধনে সমৰ্থন আগ বঢ়োৱা নাইসমষ্টিগত অৰ্থনীতিৰ ভাৰসাম্যতা ৰক্ষাত সমস্যাৰ উদ্ভৱ হৈছে এনেবোৰ কাৰণতে এখন দেশৰ আয় বৃদ্ধি স্তমিত হৈ মধ্য আয় ফান্দত পৰে।

মধ্য আয়ৰ ফান্দ এৰাই চলিবলৈ হলে প্ৰত্যকখন দেশে তেওঁলোকৰ জনমুৰি আয় অধিক উদ্ধগামী হৈ যাব পৰাকৈ চাহিদা আৰু যোগানৰ যথোপযুক্ত সংমিশ্ৰণ ঘটাব পৰা নীতি বিচাৰি উলিয়াব লাগিবপ্ৰত্যেক দেশৰে এক পৃথক অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, জনসাংখ্যিক আৰু ৰাজনৈতিক বাতাৱৰণ থাকে, গতিকে মধ্য আয় ফান্দৰ পৰা ৰক্ষা পাবলৈ কোনো নিৰ্দিষ্ট নীতি নাথাকে। যি উন্নয়নে দেশক চৰম দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰে সেই ধৰণৰ উন্নয়নেও এখন দেশক ধনী কৰি তুলিব নোৱাৰে আৰু তেওঁলোকৰ জনমুৰি আয় মধ্য আয়ৰ স্তৰৰ পৰা ওপৰলৈ উঠাব নোৱাৰে। এখন দেশৰ উদ্যোগ নিম্ন মূল্য সংযুক্তৰ পৰা উচ্চ মূল্য সংযুক্তলৈ গতি কৰা পদ্ধতিটো বাহাল ৰাখিব নোৱাৰাৰ ফলতেই মধ্য আয়ৰ ফান্দত পৰে। মধ্য আয় আৰু উচ্চ আয়ৰ স্তৰ পোৱাৰ লগে লগে নিম্ন মূল্যৰ শ্ৰম আৰু বিদেশী প্ৰযুক্তিৰ অনুকৰণৰ সুবিধা নাইকীয়া হৈ পৰে। উৎপাদন পদ্ধতিত ভূমি, শ্ৰমিক, মূলধন আদি বিনিয়োগ কৰাৰ দৰে সংকীৰ্ণতাত গুৰুত্ব দিয়াতকৈ প্ৰতিযোগিতা বঢ়োৱাৰ প্ৰতি অধিক গুৰুত্ব দিব লগা হয়। মধ্য আয়ৰ দেশবোৰৰ উন্নয়ন নিম্নগামী হব ধৰে। উন্নয়নশীল এচিয়ান অৰ্থনীতি বৃহৎ কিন্তু চহকী নহয়। উন্নয়নশীল এচিয়াৰ যিকোনো এখন দেশৰে গড় জনমুৰি আয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্ষিক ৭০০০ ডলাৰতকৈ কম।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অৰ্থনৈতিক উপদেষ্টা সমিতিৰ সদস্য আৰু ৰাজহুৱা বিত্ত যোগান আৰু নীতিৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সঞ্চালক ৰথীন ৰয়ে এন ডি টি ভি ক দিয়া এক সাক্ষাকাৰত কয় যে ভাৰতীয় অৰ্থনীতি মধ্য আয়ৰ ফান্দত আবদ্ধ হব পাৰেকাৰণ, দেশৰ অৰ্থনীতি গাঁথনিগত মন্থৰতাৰ দিশে আগবাঢ়িছে আৰু ই মুঠেই শুভ নহয়। অৰ্থনীতিৰ গাঁথনিত সংকটৰ বাবেই ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা  মধ্য আয় ফান্দত আবদ্ধ হ পৰেতেওঁ কয যে ১৯৯১ চনৰ পৰা অৰ্থনীতিৰ বিকাশ ঘটিছে যদিও ৰপ্তানিৰ ভিত্তিত নহয়, সেয়া হৈছে ১০ কোটি ভাৰতীয় নাগৰিকে কি ভোগ কৰিব বিচাৰে তাৰ ভিত্তিতহে। কিন্তু ভাৰতীয় অৰ্থনীতিৰ বিকাশত শক্তি দিয়া এই ১০ কোটি ভাৰতীয়ৰ সক্ৰিয়তাত এতিয়া স্থবিৰতা আহিছে আৰু দেশৰ আয়ো বৃদ্ধি নোহোৱা হৈছে।উল্লেখ্য যে বিত্তমন্ত্ৰণালয়ে প্ৰকাশ কৰা মাৰ্চৰ মাহিলী অৰ্থনৈতিক প্ৰতিবেদনতো ভাৰতীয় অৰ্থনীতি ২০১৮-১৯ ত কিছু মন্থৰ হোৱা বুলি প্ৰকাশ কৰা হৈছিল আৰু ইয়াৰ অন্তৰালত ব্যক্তিগত ভোগৰ আবনমন, স্থিৰ বিনিয়োগৰ মন্থৰ বৃদ্ধি আৰু হ্ৰাসমান ৰপ্তানি থকা বুলি মন্তব্য কৰা হৈছিল। ভাৰত বিশ্বৰ সবাতোতকৈ দ্ৰুত বিকশিত আৰ্থনীতি হলেও এই পৰ্যায় ভাৰতৰ ইতিহাসৰ সবাতোকৈ দ্ৰুত বিকশিত নহয়। চীন সবাতোতকৈ দ্ৰুত বিকশিত নহয় বাবেহে ভাৰতে এনে স্থান লৈছে। এতিয়া ভাৰতৰ বিকাশৰ হাৰ ৬.১-৬.৬ শতাংশ যদিও ভোগৰ মন্থৰতাই ইয়াক অধিক মন্থৰ কৰিব। অহা ৫-৬ বছৰত ভাৰতৰ বিকাশৰ হাৰ বছৰি ৫-৬ শতাংশকৈহে হব। কিন্তু এনে সময় আহিব যেতিয়া সেয়া বন্ধ হব। ভাৰত দক্ষিণ কোৰিয়া বা চীন নহয়। ভাৰত ব্ৰাজিল হব। ভাৰত দক্ষিণ আফ্ৰিকা হব। আমাৰ দেশ হব মধ্যমীয়া আয়ৰ দেশ যত দৰিদ্ৰ বহুলোকৰ মাজত অপৰাধ বাঢ়িব। ইতিহাসত বহু দেশেই মধ্য আয় ফান্দৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছে। কিন্তু এবাৰ কোনো দেশ যদি ইয়াত বন্দী হৈছেওলাই আহিব পৰা নাই। 

সহজ কথাত কবলৈ গলে, দেশৰ মধ্য আয়ৰ লোকসকলে দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰিবলৈ আগতে কিমান পৰিমাণৰ ব্যয় কৰিছিল, এতিয়া কিমান ব্যয় কৰে আৰু ভবিষ্যতে এই একে গতি বাহাল থাকিবনে-এইখিনি কথাই মধ্য আয় ফান্দৰ সৈতে জড়িত হৈ আছে। বহল ভাৱে চালে, এইটো এটা দৃশ্যপট যত গাড়ী, অটমবাইল আৰু শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ আদি কিনি মধ্য আয়ৰ গোটবোৰে অৰ্থনীতিৰ ঘৰুৱা উপভোগৰ দায়িত্ব এই পৰ্যন্ত কান্ধ পাতি লৈ আহিছে, বিশ্বাস হেৰাই য়োৱা বাবে আৰু আয়ৰ হানি বিঘিনিৰ ভয়ত তেওঁলোকে ক্ৰমান্বয়ে সেই কাম কৰাটো বন্ধ কৰি দিছে।

দ্ৰুত গতিশীল উপভোগ্য দ্ৰব্যৰ (FMCG বা Fast-moving consumer goods) কোম্পানীবোৰে চাহিদা কমি যোৱা বুলি মন্তব্য কৰিছে আৰু তেওঁলোক হ্ৰস্বম্যাদী সম্ভাৱনাৰ প্ৰতিও বহুপৰিমাণে নিৰাশাবাদী। কটাক ইন্ ষ্টিটিউশ্বনেলৰ( Kotak  Institutional Equities) এক তথ্যই হ্ৰস্বকালিন চাহিদা ৰাশিৰ এক দ্ৰুত, আকস্মিক অৱনতি ঘটা বুলি কৈছে। আশা কৰাতকৈ অধিক উপভোগ্য সামগ্ৰীৰ চাহিদা কমি যোৱালৈ চাই অৰ্থনীতিৰ গাঁথনিগত ব্যৱস্থাত দৃহভাৱে আলোকপাতৰ প্ৰয়োজন আছে। নেলচেনৰ(Nielsen)বৰ্ণনা অনুযায়ী দ্ৰুত গতিশীল উপভোগ্য দ্ৰব্যৰ(FMCG) উদ্যোগ ২০১৮ চনতকৈ ২০১৯ চনত ১১-১২ শতাংশ ধীৰ খোজেৰে গতি কৰিছে। উপাদন বৃদ্ধিত বাধা পৰিছে আৰু অৰ্থনীতিৰ সামগ্ৰিক দুৰ্বলতা স্পষ্ট হৈ পৰিছে উপভোক্তা খণ্ডৰ বৃদ্ধিৰ গতিধাৰালৈ মন দিলেই নক্সাটো ভালদৰে দৃশ্যমান হয়। উপভোগ্যদ্ৰব্য আৰু অনা উপভোগ্য দ্ৰব্যৰ উচ্চহাৰৰ বৃদ্ধি অতীতৰ দিনতকৈ দ্ৰুতভাৱে কমি গৈছে। শেহতীয়াকৈ বেংকৰ খুচুৰা বেংক ব্যৱসায়ে কেনেদৰে গতি কৰিছে তাক লক্ষ্য কৰিলেও এই কথা সূচনা কৰা দেখা যায়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুযায়ী ২০১৮ চনৰ মাৰ্চত ব্যক্তিগত ঋণৰ বৃদ্ধিৰ হাৰ আছিল ১৭.৮ শতাংশ আৰু ২০১৯ চনৰ মাৰ্চত সি হলগৈ ১৬.৪ শতাংশ। এইটোৱে সূচনা কৰিছে যে উপভোগৰ বাবে ব্যক্তিগত ঋণ কমি গৈছে। দুৰ্ভাগ্যবশত, ভাৰতবৰ্ষৰ উন্নয়নৰ অত বছৰৰ কাহিনীৰ সৈতে ৰপ্তানি মূল উপাদান কাহানিও নোহোৱাটোৱেই ইয়াৰ অৰ্থনীতিৰ সমস্যা। বিশেষভাৱে ১৯৯০ চনৰ পৰাই চৰকাৰী ব্যয় আৰু ঘৰুৱা উপভোগে যৌথভাৱে উন্নয়ন অব্যাহত ৰখাত সদায়ে ভূমিকা পালন কৰি আহিছে। এতিয়া অন্তত বিত্তীয় বাধাৰ বাবে আৰু ৰাজনৈতিক দলে জনপ্ৰিয়তাৰ বাবে ভোটদাতাক দিয়া প্ৰতিশ্ৰুতি মতে কৰা ব্যয়ৰ হেচাত আগন্তুক বছৰটোত চৰকাৰী ব্যয় আগৰ দৰে গতি নকৰিব। যদিহে উপভোগ অতি নিম্নগামী হয় তেন্তে ৰথীন ৰয়ে সাৱধান কৰি দিয়া মতেই, ভাৰতীয় অৰ্থনীতি অতি বিপৰ্জয়ৰ ফালে গতি কৰিব। কিছুমান দেশে চৰম দৰিদ্ৰতা হ্ৰাস কৰি গাঁথনিগত পৰিবৰ্তন আৰু উন্নয়ন সাধন কৰাৰ পিচত মধ্য আয়ৰ পৰা বগাই গৈ উচ্চ আয়ৰ সম্পূৰ্ণ উন্নত অৱস্থাত উপনীত হোৱাত অসুবিধাৰ সন্মুখীন হৈ মধ্য আয়ৰ ফান্দতে সোমাই থাকে। মুঠ ঘৰুৱা উপাদনৰ হাৰ প্ৰায় নিম্নগামী হয় আৰু আন্তৰ্জাতিক প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ এখন দেশে সংগ্ৰাম কৰি থাকিব লগীয়া হয়। বিশ্ব বেংকৰ সমীক্ষাত পোৱা গৈছে যে ১৯৬০ চনত মধ্য আয়ত থকা বুলি গণ্য কৰা ১০১ খন দেশৰ ভিতৰত মাত্ৰ ১৩ খন দেশে ২০১১ চনত উচ্চ আয়ৰ স্তৰলৈ আহিব পাৰিছে।

সমন্বিত উন্নয়নৰ অভাৱতেই স্থবিৰতাৰ সম্ভাৱনাৰ কথা শীৰ্ষস্থানীয় অৰ্থনৈতিক বিশ্লেষকসকলে ব্যক্ত কৰি আহিছে। আমি বৈষম্য হ্ৰাস কৰিবই লাগিব আৰু প্ৰত্যেককে উদ্ধগামী গতিত সহায় কৰিব লাগিব। উন্নয়নশীল দেশবোৰৰ সম্পদৰ বৈষম্য আৰু শ্ৰেণী বিভাজন কৰি কৰা আয়ৰ বিতৰণে বহু আগৰে পৰা উন্নতিৰ হেঙাৰ হৈ আহিছে। স্তৰসমূহৰ মাজৰ ব্যৱধান যিমানে অধিক নিম্ন স্তৰৰ পৰিয়ালবোৰৰ উদ্ধগামী গতি সিমানেই ধীৰ হৈ পৰে। এনে অৰ্থনীতিয়ে শীৰ্ষত থকাসকলৰ হঠা অৰ্থনৈতিক সমৃদ্ধি নিশ্চিত কৰে আৰু নিম্নত থকাসকলৰ ওচৰ নচপাকৈ এফালে ঢাল খোৱা সম্প্ৰসাৰণৰ অভিজ্ঞতা লাভ কৰে। বহনশীল উন্নয়ন হবলৈ হলে বিত্তৰ বুজন পৰিমাণৰ গতিশীলতাৰ লগতে মানৱ সম্পদৰ দৰকাৰ আৰু যদিহে বৈষম্য প্ৰবল হয় তেন্তে মানৱ সম্পদ হ্ৰাস পাব। পৰিঘটনাটো ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা , কিছুমান অন্য দেশৰ মাজত উদাহৰণ দি দেখাব পাৰি। এই দেশবোৰে এক বহল পৰিসৰত বহুবছৰ ধৰি দ্ৰুত গতিত তেওঁলোকৰ অৰ্থনৈতিক উপাদন বৃদ্ধি কৰিলে, কিন্তু তেওঁলোকৰ জনসংখ্যাৰ বৃহ অংশই জীৱনটো ভাললৈ অহা দেখা নাপালে। তেওঁলোক পিচপৰি থাকি গল। ভাৰততো ঠিক তেনে এক অৱস্থাই হবলৈ যোৱা দেখা গৈছে। ১৯৯০ চনৰ প্ৰথম ভাগতে গোলকীয় পুঁজি মুক্তকৰণে অৰ্থনীতিত এক ডাঙৰ বৃদ্ধি আনি দিলেসিয়ে আকাৰ সলনি কৰি স্বীকৃতি ব্যতিতভাৱে উচ্চ কঠিন আৱৰণে ঢকা আৰু মধ্য শ্ৰেণীৰ জীৱনশৈলীৰ আবিৰ্ভাৱ ঘটালে। তেওঁলোকৰ সমৃদ্ধিয়ে দ্ৰব্য আৰু সেৱাৰ যথেষ্ট চাহিদা বঢ়ালে। ভাৰতবৰ্ষৰ কিছু উন্নয়ন সাধন হল। এইটো পৰিষ্কাৰ যে দৰিদ্ৰতা থাকিয়ে গল। তথাপি উন্নতি অব্যাহত থাকিল আৰু অৰ্থনীতি ধৰাশায়ী নহৈ স্থিৰ হৈ ৰল। ভাৰতবৰ্ষৰ  সংমিশ্ৰণ নীতিকে দোষাৰোপ কৰিব পাৰি। সংশোধনৰ যোগেদি অৰ্থনীতিৰ সম্ভাৱনীয়তা ঘূৰাই আনিব পৰা যায়। যেইকি নহওক, মধ্য আয় ফান্দৰ বিস্তৃত দায়িত্বক নুই কৰা উচিত নহয়। ২০১৭-১৮ চনৰ অৰ্থনৈতিক সমীক্ষাই নিম্ন উপাদনৰ পৰা উচ্চ উপাদনলৈ সম্পদৰাজিৰ স্থানান্তৰকৰণ আৰু উন্নতিৰ সহায়ক হিচাপে বলিষ্ঠ ৰপ্তানিকে প্ৰতিপন্ন কৰিছে। যিহেতু উপাদনৰ প্ৰতিযোগিতাই ৰপ্তানিৰো গতিবেগ বৃদ্ধি কৰাত সহায় কৰে, সেয়ে দুয়োটাৰ মাজত সম্পৰ্ক আছে।

সম্পদ আহৰণ আৰু উপাৰ্জনৰ অসমতাকে অৰ্থনৈতিক বৈষম্য বোলা হয়। আয়ৰ সৈতেই ই অধিক জড়িত। আয়ৰ বৈষম্যই এখন দেশৰ অৰ্থনৈতিক দক্ষতাৰ অনিষ্ট সাধন কৰাৰ কিছুমান কাৰণ আছে। এক ব্যষ্টিগত অৰ্থনীতিৰ স্তৰত ৰুগ্ন স্বাস্থ্য আৰু স্বাস্থ্য ৰক্ষাৰ ব্যয় বঢ়ায় আৰু দৰিদ্ৰসকলৰ শৈক্ষিক দক্ষতা অৱনমিত কৰে। এই দুটা উপাদানে কৰ্মী বাহিনীৰ উৎপাদনশীলতা হ্ৰাস কৰাত অৰিহণা যোগায়। এক সমষ্টিগত অৰ্থনৈতিক স্তৰত বৈষম্যই উন্নয়নৰ গতি ৰোধক হব পাৰে আৰু অৰ্থনীতিক অস্থিৰ কৰি তুলিব পাৰে। যদি মানুহবোৰ স্বাস্থ্যৱান নহয় তেন্তে তেওঁলোকে সম্পূৰ্ণ উৎপাদন ক্ষমতাৰে কাম কৰিব নোৱাৰে। বৈষম্যই ৰুগ্ন স্বাস্থ্যৰ প্ৰত্যক্ষ কাৰণ হয়নে নহয় সেইটো নিৰ্ণয় কৰা জটিল। সমতাপূৰ্ণ অৱস্থাত, গৱেষণাই এই কথা  সূচনা কৰা দেখা যায় যে বৈষম্যই স্বাস্থ্য হানি কৰেবৈষম্যই মানসিক চাপ বৃদ্ধি কৰে আৰু তাৰ যোগেদি বহুধৰণৰ বেমাৰ আহি যায়। বিশ্ব স্বাস্থ্য সংগঠনৰ গৱেষণাই বিশেষ ভাৱে দেখুৱাইছে যে ইউৰোপৰ বহুতো বৈষম্যপূৰ্ণ দেশত মানসিক স্বাস্থ্যৰ দৈন্যতা বাঢ়িছে। বহুতো চহকী দেশত এজন ব্যক্তিৰ স্বাস্থ্যৰ ব্যয়ত ক্ৰমহ্ৰাসমান প্ৰান্তীয় প্ৰত্যাবৰ্তন ঘটে অৰ্থাৎ ব্যয় কমি গৈ নোহোৱা হয়। গতিকে চহকীসকলৰ শুশ্ৰূষাৰ ধন দৰিদ্ৰসকলক শুশ্ৰূষা কৰিবলৈ স্থানান্তৰিত কৰিলে বৈষম্য কমিব আৰু সকলোৰে স্বাস্থ্যৰ উন্নতি সাধন কৰিব।

তুলনামূলক ভাৱে এখন চহকী দেশত বৈষম্য অধিক, আৰু এখন দুখীয়া দেশ সমতাপূৰ্ণ। দৰিদ্ৰতাৰ বহুতো কুপৰিণামৰ কথা সৰ্বজন বিদিত। উদাহৰণ স্বৰূপে, আজিৰ সমাজত দৰিদ্ৰ পৰিয়ালবোৰৰ সন্তানে শিক্ষাৰ ক্ষেত্ৰত চহকী পৰিয়ালৰ সন্তানৰ দৰে উন্নত মানদণ্ডৰ ফলাফল দেখুৱাব নোৱাৰে। দৰিদ্ৰলোকৰ স্বাস্থ্য চহকী লোকতকৈ অতি বেছি বেয়া হয়। সন্তানসকল বিদ্যালয়ত কম কৃতকাৰ্য হলে অতি দক্ষ কৰ্মী হোৱাৰ সম্ভাৱনা কমি যায়। তেওঁলোকৰ উৎপাদন ক্ষমতা কমি যায়, লগে লগে অৰ্থনীতিত উৎপাদন ক্ষমতা হ্ৰাস পায়। আৰ্থিক সহযোগ আৰু বিকাশ সংগঠন(OECD) ৰ গৱেষণাত মন্তব্য কৰিছে যে উচ্চ মাধ্যমিক শ্ৰেণীৰ শিক্ষা সাং কৰাৰ হাৰ বৃদ্ধিৰ নীতিয়ে ঘৰুৱা মুঠ উৎপাদন বৃদ্ধি কৰে। বৈষম্যই ইয়াৰ খণ্ডিতকৰণ প্ৰতিক্ৰিয়াৰ বাবে দক্ষতা হ্ৰাস কৰে। ইয়াৰ এটা সুন্দৰ প্ৰমাণ আছে যে তেওঁলোকৰ সমনীয়াসকলৰ আগ্ৰহ আৰু অনুপ্ৰেৰণাৰ ওপৰত অন্ততঃ আংশিক ভাৱে হলেও সন্তানসকলৰ বিদ্যালয়ৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে। যদিহে বিদ্যালয়সমূহ পৃথকীকৰণ কৰা হয় তেন্তে আৰ্থসামাজিকভাৱে বাধাগ্ৰস্ত সন্তানসকলে অন্য বাধাগ্ৰস্ত সন্তানসকলৰ লগত মিলামিছা কৰিব, আৰু সেইদৰে সেইবোৰ সন্তানে ভাল ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰে। বিদ্যালয়ৰ শিক্ষকৰ মানদণ্ডকে ধৰি বিদ্যালয়ৰ যিকোনো প্ৰভাৱতকৈ সমনীয়াৰ প্ৰভাৱ বেছি হয়। বৈষম্যপূৰ্ণ সমাজত পৃথকীকৰণ প্ৰবল হয়অধিক প্ৰতিভাসম্পন্ন সন্তানৰ সৈতে মিলামিছা কৰি চহকী ঘৰৰ সন্তানৰ ওপৰত পৰা ইতিবাচক প্ৰভাৱতকৈ কম প্ৰতিভাসম্পন্ন সন্তানৰ সৈতে মিলামিছা কৰা দৰিদ্ৰ সন্তানৰ ওপৰত বেছি নেতিবাচক প্ৰভাৱ পৰে। গতিকে বৈষম্যই শিক্ষা প্ৰাপ্তিত আচল কৰ্তন আনি দিয়ে। দৰি্দ্ৰ বিদ্যালয়লৈ সামান্য কিছু সম্পদ যোগানে স্বাস্থ্য খণ্ডৰ দৰে বৈষম্য হ্ৰাস কৰাত প্ৰভাৱ নেপেলায়। ওপৰত উল্লেখ কৰা গৱেষণাই বৰ্ণনা কৰিছে যে যেতিয়ালৈকে আবাসিক পৃথকীকৰণ বা পিতৃ-মাতৃয়ে বিদ্যালয় নিৰ্বাচন কৰাটো চলি থাকিব তেতিয়ালৈকে বৈষম্যমূলক ফলাফল অটুট থাকিব। সেইদৰেই বৈষম্যৰ সাধাৰণ দৃষ্টিতেই ধৰা পৰা অৰ্থনৈতিক বৈষম্যৰ ওপৰত প্ৰতযক্ষ প্ৰভাৱ আছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত অধিক বিনিয়োগ কৰিব লাগে। কৰ আৰোপ পদ্ধতি অধিক প্ৰগতিশীল কৰিব লাগে। আবাসিক পৃথকীকৰণৰ ওৰ পেলাব লাগে।

বহুতো অৰ্তনীতিবিদে যুক্তি প্ৰদৰ্শন কৰে যে বৈষম্যই অৰ্থনৈতিক ভাৰসাম্যহীনতা আনি দিয়ে। এনে হোৱাৰ প্ৰক্ৰিয়াটো ঘটে এইদৰে- ধনীসকলে দুখীয়াতকৈ তেওঁলোকৰ আয়ৰ এক অতি কম অংশ ব্যয় কৰেযিখিনি ধন নিম্ন আয়ৰ লোকসকলে ব্যয় কৰিলেহেঁতেন সেইখিনি ধনীসকলে সঞ্চয় কৰে। ই সৰ্বমুঠ চাহিদাৰ পৰিমাণ হ্ৰাস কৰে, যাৰ ফলত কৰ্মহীনতাৰ উদ্ভৱ হয়। ইয়াৰ বাবে চৰকাৰে চাহিদাৰ সম্প্ৰসাৰণ ঘটাবলৈ সুতৰ হাৰ কম কৰাৰ দৰে ব্যৱস্থা হাতত লয়। এই কাৰ্যই সম্পদশালী ঠগসকলক সুযোগ আনি দিয়ে-উদাহৰণ স্বৰূপে, অবহনক্ষম ধৰণে ঘৰ-সম্পত্তিৰ মূল্য বৃদ্ধি ঘটিব ধৰে। বৈষম্য বাঢ়ি যোৱাৰ লগে লগে আপেক্ষিকভাৱে নিম্ন আৰু কমি গৈ থকা আয়ৰ সন্মুখীন হোৱা ব্যক্তিসকলে ধাৰ-বাকী কৰি(ধনীসকলৰ জমাৰ পৰা যোগান ধৰা বিত্ত) তেওঁলোকৰ উপভোগ চলাই নিয়ে। তেনেই কম পৰিমাণে কৰ্মহীনতা দূৰ হয় আৰু সুতৰ হাৰ বাঢ়ে, যাৰ বাবে বন্ধকী ঋণ বা উপভোক্তা ঋণ অনাদায় হৈ ৰয়। ইয়াৰ ফলত অৰ্থনীতিলৈ সৰ্বনশীয়া পৰিণাম আহি পৰে।

জেমছ কে গেলব্ৰেইথে (James K Galbraith) তেওঁৰ পুথি বৈষম্য আৰু অস্থিৰতা (Inequality and Instability )ত মন্তব্য কৰিছে যে অধিক সমদৰ্শী সমাজে নিম্ন পৰ্যায়ৰ স্থিৰ হৈ থকা কৰ্মহীন অৱস্থা কামনা কৰে। তেওঁলোকে প্ৰযুক্তিগত উন্নয়ন আৰু অৰ্থনৈতিক বৃদ্ধিও বিচাৰে।  এক সমমজুৰি বিতৰণে উচ্চ প্ৰমূল্যযুক্ত উদ্যোগসমূহৰ বিশেষীকৰণত উৎসাহ যোগায়। নিম্ন মজুৰিনিম্ন প্ৰমূল্যসংযুক্ত উদ্যোগবোৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হব নোৱাৰে। ইতিমধ্যে, আন্তৰ্জাতিক মুদ্ৰা নিধিৰ(International Monetary Fund)   অৰ্থনীতিবিদসকলৰ কাৰ্যই দেখুৱাইছে যে আয় বিতৰণৰ অধিক সমতাৰ সৈতে দীৰ্ঘ ম্যাদী উন্নয়ন বলিষ্ঠভাৱে জড়িত হৈ আছে। নিৰ্ধাৰিত লক্ষ্যৰ নিয়োগ যোজনাৰ যোগেদি কৰ্ম সংস্থাপনৰ সৃষ্টি আৰু বুনিয়াদ গঠনত ৰাজহুৱা বিনিয়োজন ঘটাব লাগে। শীৰ্ষ স্থানত থকা উপাৰ্জনকাৰীৰ আয়ৰ ওপৰত উচ্চ হাৰৰ কৰ আৰোপকৰণ হোৱা উচিত। কাৰণ, ইয়াকে নকৰিলে  বৈষম্যই সৰ্বশেষত ধনৱানসকলকো আঘাত কৰিব। অৰ্জিত আয়ৰ ওপৰত কৰ সম্প্ৰসাৰণ কৰিব লাগে। 
বিশ্ব বেংকৰ মতে তিনিটা দিশত বৈষম্য হ্ৰাসকৰণৰ উপায় নিহিত হৈ আছে।       

১) মহিলাসকলৰ বাবে বিনিয়োগ, ২) কৃষি খণ্ডত বিনিয়োগ আৰু ৩)শ্ৰমিক আইনৰ সংশোধন।

মহিলাসকলৰ বাবে বিনিয়োগ
গুৰুত্বপূৰ্ণ কৰ্মী হিচাপে মহিলাৰ ক্ষেত্ৰত বিনিয়োগ কৰাটো আজি কালি বৈষম্য হ্ৰাস কৰিবলৈ আৰু দেশৰ ঘৰুৱা মুঠ উৎপাদন বৃদ্ধি কৰিবলৈ দৰকাৰী আৰু জৰুৰী হৈ পৰিছে। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ প্ৰমুখ ব্যক্তি ক্ৰাইষ্টাইন লেগাৰডে(Christine Lagarde) অলপতে কৈছে, যদিহে বিশ্বৰ কৰ্মীবাহিনীত মহিলাৰ অংশগ্ৰহণ পুৰুষৰ সমান হলহেতেন তেন্তে জাপানে বছৰি ৯ শতাংশ উন্নয়ন আৰু ভাৰতে প্ৰতি বছৰে ২৭ শতাংশ  উন্নয়ন কৰিলেহেতেন। ভাৰতৰ ওপৰত অধিক আলোকপাত কৰি মেককিনচিয়ে (Mckinsey) ২০১৬ চনৰ আগষ্ট মাহত বৰ্ণনা কৰিছে যে ভাৰতত মহিলাই মুঠ ঘৰুৱা উৎপাদনলৈ ১৭ শতাংশ অৱদান আগ বঢ়ায আৰু ধাৰণা কৰা যায় যে এই ব্যৱধান শেষ কৰি ভাৰতে ২০২৫ চনত মুঠ ঘৰুৱা উৎপাদনত ৭০০ বিলিয়ন ডলাৰ যোগ দিব পাৰে। যিহেতু এই উন্নয়নত উপনীত হোৱাৰ চাবি কাঠি হৈছে মহিলাক কৰ্মক্ষেত্ৰত সক্ৰিয় কৰি ৰাখি এটা পৰিয়ালক উচ্চ স্তৰলৈ নিয়াপিতৃত্ব-মাতৃত্বৰ বাবে ছুটি মঞ্জুৰ আৰু কণমানিহঁতক কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ দিয়াৰ দৰে পৰিৱেশ গঢ়ি তুলি অধিক পৰিয়াল বন্ধুত্বপূৰ্ণ কৰ্ম পন্থা লব লাগিব। এই কথাই ইয়াকে বুজাইছে যে অধিক পুৰুষে কেঁচুৱা ডাঙৰ-দীঘল কৰাত আৰু ঘৰুৱা কাম-বনত সমান দায়িত্ব লব লাগিব। এইটো সকলো কৰ্মক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰিব লাগে আৰু পুৰুষ পৰিচালিত লিয়মাৱলীত এক সংস্কৃতি গঢ়ি উঠিব লাগে, যাৰ দ্বাৰা কৰ্মীদলটোৰ সদস্যসকলৰ মাজত লিংগৰ প্ৰভেদ নোহোৱাকৈ পিতৃ-মাতৃৰ প্ৰতি অধিক সুসংগত সহানুভূতি জাগি উঠে।

কৃষি খণ্ডত বিনিয়োগ             

বিশ্ব বেংকৰ মতে, কৃষিয়ে গাঁৱত বাস কৰা আৰু প্ৰধানকৈ কৃষি পামত নিয়োজিত বিশ্বৰ ৮০ শতাংশ দৰিদ্ৰৰ দৰিদ্ৰতা হ্ৰাস কৰিব পাৰে। তাৰোপৰি ই বৰ্ণনা কৰিছে যে ৬৫ শতাংশ দৰিদ্ৰ প্ৰাপ্ত বয়স্কই কৃষিৰ যোগেদি জীৱিকা অৰ্জন কৰে। খেতিয়কসকলক বীজ যোগান ধৰা, সাৰ যোগান ধৰা আৰু উৎপাদন প্ৰক্ৰিয়াত সহায় কৰা আদি জটিল কাম। কিন্তু আজিকালি বতৰ ক্ষীপ্ৰতা আৰু বতৰ স্থিতিস্থাপকতাতও বিশেষ আলোপাত হোৱা দৰকাৰ। আমি বতৰ বীমা আৰু হৰণ-ভগণৰ দায়িত্ব স্বীকাৰৰ পৰা হাত সৰাৰ  পদ্ধতিবোৰ দৰে হৰণ-ভগণৰ উপশমৰ পদ্ধতিবোৰৰ ওপৰত আলোকপাত কৰা উচিত। কৃষি পামৰ সম্ভাৱনা বৃদ্ধি কৰি আৰু সাৰ্বজনীন প্ৰাথমিক আয় প্ৰদানৰ যোগেদি মহিলাসকলৰ বৃহত্তৰ অংশ গ্ৰহণেৰে অৰ্থনৈতিক বৈষম্য দূৰ কৰা ক্ষেত্ৰত কিছু আগ বাঢ়ি যাব পৰা যায়। ডাভোছত অনুষ্ঠিত হৈ যোৱা বিশ্ব অৰ্থনৈতিক সংস্থাৰ বাৰ্ষিক সভাত বৈষম্যৰ সৈতে কিদৰে যুঁজ দিয়া হব এই বিষয়টো অতি গুৰুত্বপূৰ্ণ আছিল। এইটো সময়োপযোগী বিষয় বস্তু আছিল।  যিহেতুকে অক্সফামে বৰ্ণনা কৰিছে যে ৭৬২ বিলিয়ন ডলাৰৰ সম্পত্তি হস্তগত কৰি বিশ্বৰ এক শতাংশ ধনাৰ্ধ্য ব্যক্তিয়ে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে  পঞ্চাশ শতোংশ লোকৰ সম্পদ বৃদ্ধি নোহোৱাটোৱে সমাজত শ্ৰেণী বিভাজন বঢ়াইছে। এনে ধৰণৰ অৰ্থনৈতিক বৈষম্যৰ ফলত অসৎ ৰাজনৈতিক অনুষ্ঠানমুষ্টিমেয় ধনৱানৰ দ্বাৰা আনসকলক নিয়ন্ত্ৰণ আৰু অসাধু শ্ৰমিক আইন আহি পৰিব পাৰে।

শ্ৰমিক আইন সংশোধন

কৰ্মচাৰীসকলৰ আইনবোৰ সংশোধণ ঘটাই বৈষম্য হ্ৰাস কৰিব পৰা যায়। ন্যুন্যতম মজুৰি আৰু সাৰ্বজনীন প্ৰাথমিক আয়- এই দুটা শ্ৰমিক আইনৰ সংশোধন কৰিব লগা পদ্ধতিবোৰৰ ভিতৰত জনপ্ৰিয় পদ্ধতি। দুয়োটাৰে উদ্দেশ্য একেই-আয়ৰ তফাৎ হ্ৰাস কৰিবৰ বাবে কম ভাগ্যশালীসকলৰ আয় বৃদ্ধি কৰা। এই বোৰ আইনে বান্ধি দিয়ে আৰু নিয়োগকাৰীয়ে প্ৰদানহে কৰে। স্বাস্থ্যৰ ওপৰত আয়ৰ বৈষম্যৰ প্ৰভাৱৰ ওপৰত গৱেষণা কৰি থকা বেলজিয়ামৰ ছেম ব্ৰুক্কেনে(Sam Brokken ) বৰ্ণনা কৰিছে যে যেতিয়া গ্ৰেট ব্ৰিটেইনে জাতিটোক এই নীতিত প্ৰভাৱিত হবলৈ দিলে তেতিয়া বৈষম্য হ্ৰাসৰ অগ্ৰগতিৰ ফলাফল চাৰিশ কাউন্সিলত দেখা গল। ন্যুন্যতম মজুৰিৰ মুদ্ৰাস্ফিতি নিবাৰক আৰু বৈষম্য হ্ৰাসৰ দক্ষতা থাকিব লাগে। ইয়াৰ এক বাৰ্ষিক পুনৰ নিৰ্ধাৰণকৰণ আৰু সন্তোষজনক শুদ্ধিকৰণৰ আৱশ্যক। ন্যুন্যতম মজুৰি বৃদ্ধি কৰি কৰ্মীসকলৰ দক্ষতা বঢ়াব পাৰি। নথিভুক্ত নোহোৱা কৰ্মীসকলক কেৱল মজুৰিৰ ক্ষেত্ৰতে নিয়মীয়াকৰণ নহয়, একে কৰ্মক্ষেত্ৰৰ কৰ্মীৰ সৈতে সমান মজুৰি প্ৰদান কৰা উচিত। ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলক আৰ্জিত ৰোগজনিত ছুটি আৰু পাৰিবাৰিক কৰ্মবিৰতিৰ সুযোগ দিব লাগে। এনে ব্যৱস্থাই কৰ্মচাৰীসকলৰ দৰ্মহা বঢ়োৱাই নহয় তেওঁলোকক আৰ্থিক নিৰাপত্তা প্ৰদান কৰে। মুদ্ৰা নীতি প্ৰস্তুতৰ বেলিকা অতি নিম্ন হাৰৰ কৰ্মহীনতাৰ ওপৰত অগ্ৰাধিকাৰ দিব লাগে। নিম্নতম মজুৰি বৃদ্ধি ওপৰলৈ গতি নকৰা পৰ্যন্ত অৰ্থনীতিৰ গতি ধিমা হবলৈ দিব নালাগে।

কিন্তু কেৱল ন্যুন্যতম মজুৰি বৃদ্ধি কৰি বৈষম্যৰ মূল কাৰণ সলনি কৰিব পৰা নাযায়, দৰিদ্ৰতা আৰু ৰাজহ বিষয়ক বিশেষজ্ঞ ব্ৰুকিংছ প্ৰতিষ্ঠানৰ( Brookings Institution) ৰ শিশু আৰু পৰিয়াল কেন্দ্ৰৰ সহ-সঞ্চালক ইচাবেল চৱহিলে (Isabel Sawhill) কয় যে বিশ্বায়ণ আৰু প্ৰযুক্তিয়ে শীৰ্ষ স্থানীয় কৰ্মচাৰীৰ লাভাংশ সংযুক্ত বৃহত্তৰ মজুৰি আৰু একেবাৰে নিম্ন পৰ্যায়ৰ স্থবিৰ মজুৰিৰ সৃষ্টি কৰিছে। নগদ ধনৰ স্থানান্তৰকৰণৰ যোগেদি এইটো নিশ্চিত কৰিব পৰা যায় যে প্ৰযুক্তিকৰণৰ উপকাৰসমূহ প্ৰত্যেকে অনুভৱ কৰিব পাৰিছে। ফিনলেণ্ডত সমগ্ৰ দেশৰ ২০০০ নিৱনুৱালোকক প্ৰতি মাহে ৫৬০ পাউণ্ড কৈ দুবছৰৰ বাবে সাৰ্বজনীন প্ৰাথমিক আয় আগ বঢ়াইছে। কেৱল ফিনলেণ্ডতে নহয় ফ্ৰান্স, ইষ্টুনিয়া, জাৰ্মানী, আয়াৰ্লেণ্ড ইটালি, জাপান আদি বিশ্বৰ বহু দেশতে নিবনুৱা আৰু অক্ষমসকলৰ বাবে এনে কল্যাণমূলক আচঁনি চৰকাৰে গ্ৰহণ কৰিছে। আমাৰ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চয় এনে ভাৱধাৰণাৰ বশবৰ্তী হৈয়ে ২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত(প্ৰধান মন্ত্ৰী নহওঁতে)বিদেশত থকা ভাৰতৰ কলা ধন আনি দৰিদ্ৰ দেশবাসীৰ প্ৰত্যেকৰে চেভিংছ বেংক একাউন্টত পোন্ধৰ লাখকৈ টকা সোমোৱাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আমি বিশ্বাস কৰো যে দেশৰ এনে এক শীৰ্ষ স্থানীয় নেতাই দেশৰ অৰ্থনীতিৰ আলেখলেখ গমিপিতি চাইহে তেনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু দৰিদ্ৰসকলক পোন্ধৰ লাখ টকাকৈ নগদ ধন দিলেহে দেশৰ অৰ্থনৈতিক বৈষম্য যে দূৰ হব তাক ভালদৰেই অনুভৱ কৰিহে তেনে সিদ্ধান্ত মনলৈ আনিছিল যিটো কোনো অজ্ঞাত কাৰণত বিগত পাঁচ বছৰীয়া কাৰ্যকালত কাৰ্যকৰি কৰাত বিফল হল। মুঠৰ ওপৰত স্বাধীনোত্তৰ কালৰ শাসন ব্যৱস্থাই সৃষ্টি কৰা অৰ্থনৈতিক বৈষম্য দূৰ কৰাৰ পথ এয়াই যদি হয় তেন্তে বিলম্ব নকৰাই মংগলজনক হব। ততালিকে নিৱনুৱাসকলক নিৱনুৱা ভাট্টা আৰু অ্ন্যান্য বঞ্চিতসকল আৰু নিঃস্বসকলক দেশৰ চৰকাৰে নগদ ধন স্থানান্তৰকৰণৰ যোগেদি জীয়াই থকাৰ সম্বল প্ৰদান কৰি ভৱিষ্যতে দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াবলৈ সক্ষম কৰা উচিত যাতে হতাশাগ্ৰস্ত হৈ দৰিদ্ৰলোকসকলৰ মাজত অপৰাধ প্ৰবণতা গঢ় লৈ নুঠে আৰু দেশখনো মধ্য আয় ফান্দৰ পৰা সাৰি উন্নতিৰ জখলাত বগাব পাৰে। মনত ৰখা উচিত যে কৰবাত দৰিদ্ৰতা থাকিলে সকলো ঠাইৰ প্ৰাচুৰ্যৰ প্ৰতি ভাবুকি আহে।

এই দৰেই নিম্ন স্তৰৰ আৰ্থ-সামাজিক গতি পথৰ বাধাবোৰ দূৰ কৰিলেহে মধ্য আয়ৰ ফান্দৰ কবলৰ পৰা হাত সাৰিব পৰা যাব। তাকে কৰিবলৈ হলে বঞ্চিত জনগণৰ স্বাস্থ্যৰ প্ৰতি যত্ন লৈ, শিক্ষা আৰু দক্ষতা বৃদ্ধিৰ ওপৰত গভীৰ ভাৱে মনোযোগ দি উচ্চ স্তৰলৈ নিব লাগিব। এইবোৰ দীৰ্ঘ ম্যাদী আঁচনি, পূৰ্বৰে পৰা চলি আহিছে আৰু ফলাফল লাভ কৰিবলৈ দীৰ্ধ কাল লাগিব। কিন্তু অৰ্থনীতি আংশিকভাৱে নহয়, সম্পূৰ্ণভাৱে উন্নত হোৱা উচিত। মধ্যবৰ্তী কালত দৰিদ্ৰসকলৰ অবিলম্ব উন্নতিৰ ক্ষেত্ৰত মধ্য আয়ৰ ফান্দৰ কথা দোহাই দি নীতি নিৰ্ধাৰকসকলে গা এৰা দিলে নহব। এনে অৱস্থাত বিফল হলে ভাৰতবৰ্ষ নিম্ন মধ্য আয়ৰ মাজতে আবদ্ধ হৈ ৰব। চীন দেশে আমেৰিকাক চেৰ পেলাই উচ্চ  শিখৰ স্পৰ্শ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছেসেয়ে এচিয়াত নিজৰ জয়ধ্বজ্জা উৰুৱাবলৈ ভাৰতে উন্নয়নৰ উচ্চ শিখৰ দখল কৰিব লাগিব।
---------------------)(---------------

মানৱ ধৰ্ম কি?

আমাৰ বাসস্থান এই পৃথিবী নামৰ গ্ৰহত কালক্ৰমত জীৱজগত আৰু উদ্ভিদজগতৰ বিকাশ ঘটিল।ডাৰউইনৰ ক্ৰমবিৱৰ্তমান তত্ত্ব অনুযায়ী জীৱজগতৰ শ্ৰেষ্ঠ প্ৰাণী মানুহৰ ক্ৰমবিকাশ ঘটি বৰ্তমানৰ পৰ্যায়ত উপনীত হৈছে, যত জীৱজগতৰ বাকী সকলোবোৰ প্ৰাণী আৰু উদ্ভিদ জগতখনক নিজৰ নিয়ন্ত্ৰণাধীন কৰি মানুহে নিজৰ সুখ-সুবিধাবোৰ আদায় কৰি লবলৈ সক্ষম হৈছে।জ্ঞান-বিজ্ঞানৰ বলত মানুহে পৃথিবীখনকে সলনি কৰি পেলালে।বিশ্ব-ব্ৰক্ষ্মাণ্ডখন ভ্ৰমি ফুৰিব ধৰিলে সাম্প্ৰতিক বিশ্বায়ণৰ যুগত কৃত্ৰিম বুদ্ধিমত্তাৰ উন্নত প্ৰযুক্তি প্ৰয়োগৰ ফলত সমগ্ৰ বিশ্বই এক গোলকীয় গাঁওলৈ ৰূপান্তৰিত হৈছে।
এসময়ত মানুহে নাজানিছিল পৃথিবীখন ঘূৰণীয়া নে চেপেটা, নাজানিছিল নিজে থকা ঠাইখনৰ বাদে আন কৰবাত মানুহ বা অন্য কোনো প্ৰাণী থাকিব পাৰে বুলিযোগাযোগৰ কোনো ব্যৱস্থা নথকা সেই সময়ৰ পৃথিবীখনত জীৱন সংগ্ৰাম চলাই জুম বান্ধি বিচৰণ কৰি ফুৰা মানুহে শ্ৰেষ্ঠজনক অনুকৰণ কৰিছিল। তেনে শ্ৰেষ্ঠজন বা দলপতিয়ে প্ৰকৃতিৰ কোনো শক্তিক নিজতকৈ মহান বুলি ধৰি লৈ সমীহ কৰিলে তেওঁৰ অনুগতসকলেও তাকেই কৰিছিল।ভয়তে ভক্তি ভাৱৰ উদয় হৈছিল আৰু মানুহতকৈ উচ্চ স্থান দি শিৰ নত কৰিছিল-সেয়া লাগিলে তৃন-তৰু, শিলা, ড্ৰেগন-ডাইনছৰ অথবা অন্য জীৱ আদি যিয়েই নহওক।এইদৰেই পৃথিবীৰ বিভিন্ন ঠাইত বিভিন্ন ধৰ্মগুৰুৰ তত্বাৱধানত অনেক ধৰ্মমতৰ সৃষ্টি হব ধৰিলে।বহু যুগৰ পৰ্বতেই পৃথিবীৰ বহু ঠাইত বহু কেইজন ভগৱান, ভগৱানৰ দূত আৰু ভগৱানৰ অৱতাৰ মানুহে আৱিষ্কাৰ কৰিলে।ধৰ্মগুৰুসকলে ভগৱানৰ দোহাই দি সমাজখন শৃঙ্খলাবদ্ধ কৰি ৰাখিবলৈ কিছুমান নিয়ম নীতি মানি চলিবলৈ পৰামৰ্শ দিলে।এইদৰেই বিশ্বৰ হিন্দুধৰ্ম, ইছলাম ধৰ্ম, খ্ৰীষ্টান ধৰ্ম আদি ধৰ্মৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা ভক্তৰ সখ্যা বাঢ়ি যাব ধৰিলে। প্ৰত্যেক ধৰ্মৰে ধৰ্মগুৰুসকলে ভক্তসকলক স আৰু ন্যায়পৰায়ণ হবলৈ শিক্ষা দিয়ে, বিশ্ব-ব্ৰক্ষ্মাণ্ডৰ সৃষ্টিকৰ্তা এজন বুলিয়েই কয়
উশৃঙ্খল নোহোৱাকৈ মানৱ সমাজক ধাৰ্মিক চেতনাবোধেৰে আগুৱাই আনি যুগ-ধৰ্মৰ সহায়ত ধৰ্মগুৰু আৰু পয়গম্বৰসকলে আধুনিক যুগৰ আজিৰ গোলকীয় গাৱঁৰ সমাজ ব্যৱস্থাত উপনীত কৰালে।সেইসকল ধৰ্মগুৰুৱে আজিৰ গোলকীয় গাৱঁত ধৰ্ম প্ৰচাৰ কৰিবলৈ আগবাঢ়ি আহিব লগা হোৱা হলে নিশ্চয় সকলোৱে মিলিজুলি এটাই মাথো ধৰ্মৰ সৃষ্টি কৰিলেহেঁতেন আৰু সেইটোৱেই হৈছে মানৱ ধৰ্ম।এৰা, এতিয়া বিশ্বত সকলো ধৰ্মৰে ন্যায়সংগত ৰীতি-নীতিবোৰ একত্ৰিত কৰি মাথো মানৱ ধৰ্ম নামেৰে এটা ধৰ্ম প্ৰৱৰ্তন কৰা গুৰু লাগে আৰু সমগ্ৰ বিশ্ববাসীয়েই মানৱ ধৰ্মৰ শিষ্য হৈ ধৰ্মৰ নামত উগ্ৰবাদৰ পোষকতা কৰাসকলক প্ৰতিহত কৰিব লাগে।আমাৰ ভাৰতবৰ্ষত স্বাধীনোত্তৰ কালৰে পৰা ধৰ্মৰ নামত ৰাজনীতি চলি আহিছে। ক্ষমতা হস্তগত কৰিবলৈ কৰা এনে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিয়ে ধনী-দুখীয়াৰ মাজৰ পাৰ্থক্য নিতৌ বাঢ়ি যাবলৈ দি সৰ্বসাধাৰণলোকৰ দৃষ্টি তাৰ পৰা আঁতৰাই তেওঁলোকক জাতি-ধৰ্মৰ বিভেদৰ দ্বাৰা সৃষ্ট ৰণস্থলিত জপিয়াই পৰিবলৈ প্ৰৰোচিত কৰিছে।
এতিয়া জাতি ধৰ্মৰ বাছ-বিচাৰ কৰাৰ দিন নাই বুলি সকলোৱেই জানে আৰু মুখে মুখে কয় আৰু তেনে সংকীৰ্ণতাৰ পৰা মানুহে পৰিত্ৰাণ পাব বিচাৰিলেও স্বাৰ্থান্বেষীসকলে নানা কূট-কৌশল প্ৰয়োগ কৰি বহুযুগৰ আগৰ দিনবোৰলৈ তেওঁলোকক টানি নিয়ে ফু মাৰি পানী জাৰি দি বেমাৰ ভাল কৰাৰ চমকাৰী দিনবোৰৰ সোৱাদ দিব খোজে, জাগ-যজ্ঞ, ভূমি পূজন, নমামি ব্ৰক্ষ্মপুত্ৰ, নমামি বৰাকৰ দৰে বিলাস বহুল অনুষ্ঠানৰ আয়োজন কৰি দেশৰ দৰিদ্ৰ ৰাইজে দিয়া অধিকাৰৰ দুৰ্প্ৰয়োগ কৰে আৰু ৰাজহুৱা ধনৰ অপব্যয়ৰে বৰ্তমান যুগত কোনোৰকমেই খাপ নোখোৱা অতীতৰ দিনবোৰলৈ জনতাক ঘূৰাই লৈ যায়বিজ্ঞান-প্ৰযুক্তিৰ দিশে দিব লগা খোজ কেইটাত পাক লগাই অবাবত ধনৰ লগতে সময়ৰো অপচয় ঘটায় ভগৱানৰ পিচফালে ৰৈ থকা ভুত-প্ৰেত, ডাইনী-যখিনীক পাহৰি  যোৱা সকলৰো মনত আউল লগায় আৰু অন্ধ বিশ্বাসৰ বলি হৈ মহানগৰবাসীজনেও কাৰোবাক ডাইনী বুলিবলৈ কুন্ঠাবোধ নকৰা হয় ৰজাঘৰীয়া বৰেণ্য ব্যক্তিসকলৰ ধৰ্ম-কৰ্মৰ প্ৰতি থকা অগাধ বিশ্বাস দেখি একাংশ প্ৰজা লখীন্দ্ৰ-বেউলাৰ দিনলৈ ঘূৰি গৈছে, সৰ্প দংশনত মৃতলোকক কোনোবা বেজ-জ্ঞানীয়ে জীয়াই তুলাৰ আশাত বন্দী হৈ মৃতদেহ ভুঁৰত উঠাই নদীৰ ভটিয়নী সোঁতত এৰি দিছে, বহুদিনৰ পূৰ্বে মৃত্যু হোৱা সন্তান জীৱিত হোৱাৰ আশাত বেজৰ নিৰ্দ্দেশত কবৰৰ পৰা খান্দি উলিয়াইছে অম্বুবাচী মেলাত কোনো দুৰ্বিত্তই দুৰ্ভগীয়া নাৰীৰ শিৰচ্ছেদ কৰিছে।সদ্যহতে প্ৰকাশিত বাতৰি হৈছেগৈ এনে ধৰণৰ- কলাইগাঁৱত শিশু বলি দিব খোজা বিজ্ঞান শিক্ষক পৰিয়ালৰ তাণ্ডৱ।ভণ্ড বাবাৰ প্ৰৰোচনাত উলংগ হৈ পূজা।আৰক্ষীকো আক্ৰমণ, গুলীয়াইহে কাবু কৰিলে উন্মত্ত ভক্তক।ভাৱি চাওকচোন মানুহ কিমান দূৰ পিচলৈ ঘূৰি গলে এই অৱস্থা হব পাৰে। এয়াই নেকি ডিজিটেল ইণ্ডিয়াৰ বিজ্ঞান মানসিকতা?
আমাৰ মানুহবোৰে বাস্তৱৰ পৰা আঁতৰি অতীতত  বিচৰণ কৰি মৰিচীকা খেদি ফুৰোঁতে আতচবাজীৰ প্ৰচণ্ড শব্দত মেদিনী কঁপাইছে আৰু তাৰ ধোঁৱাৰে বায়ুমণ্ডল প্ৰদূষিত কৰিছে লাউডস্পিকাৰ ব্যৱহাৰ কৰি নিজৰ নিজৰ ভগৱানক তোষামোদ কৰিবলৈ প্ৰতিযোগীতাত নামি শব্দ প্ৰদূষণৰ সৃষ্টি কৰি থকা সময়তে মানৱ জাতিৰ প্ৰগতিশীল চিন্তা-ভাৱনাৰ এচাম লোকে গোলকীয় উষ্ণতাৰ ফলত হোৱা জলবায়ু পৰিবৰ্তনৰ বাবে বিজ্ঞানীসকলে ভৱিষ্যত বাণী কৰাতকৈ পূৰ্বেই আমাৰ এই পৃথিবী নামৰ গ্ৰহটোৰ জীৱজগতৰ বাবে ভয়ংকৰ বিপদ আহিব বুলি শংকিত হৈ সকলোকে একগোট হৈ তাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে যত্নপৰ হবলৈ আহ্বান জনাইছে।এনে সন্ধিক্ষণত সৰ্বাংগীণ বহনক্ষম উন্নয়নৰ অভাৱত বিশ্বৰ সমগ্ৰ মানৱ জাতিয়ে উন্নয়নৰ সুযোগ-সুবিধাবোৰৰ ভাগ সমপৰিমাণে পোৱা নাই যদিও গোলকীয় সমস্যা সমাধানৰ বাবে তপৰ হব লগা হৈছে।এতিয়া সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজন হৈছে আৰু বিজ্ঞানীসকলে সেউজ বহনক্ষম উদ্ভাৱনী বিজ্ঞানৰ সহায়ত পৰিস্থিতিৰ মোকাবিলা কৰাৰ পোষকতা কৰিছে।
পণ্ডিতসকলৰ মতে গোলকীয় জনসংখ্যাৰ অতি চহকী দহ শতাংশ লোকে গোলকীয় আয়ৰ ৫২ শতাংশ হস্তগত কৰিছে আৰু সকলোতকৈ ধনী এক শতাংশ আৰু ০.১ শতাংশই সৰ্বমুঠ আয়ৰ বৃহ অংশ লাভ কৰিছে।ইয়াৰ বিপৰীতে বিশ্বৰ অতি দৰিদ্ৰ অৰ্ধেক সংখ্যক লোকে মুঠ গোলকীয় আয়ৰ দহ ভাগৰ এভাগতকৈ কম আয় লাভ কৰে।এয়া নিশ্চয় কোনো পধ্যে যুক্তিসংগত কথা হোৱা নাই।আয়ৰ গোলকীয় বিতৰণৰ এনে বৈষম্যই জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰত লব লগা ব্যৱস্থাত কু-প্ৰভাৱ পেলাইছে।সম্পদশালী দেশবোৰত বাস কৰা চহকীসকলে অধিক পৰিমাণে সেউজ গৃহ গেছ নিৰ্গত কৰি গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছে আৰু দৰিদ্ৰ দেশৰ লোকসকলে তুলনামূলক ভাৱে কমকৈ সেউজ গৃহ গেছ নিৰ্গত কৰি গোলকীয় উষ্ণতা বৃদ্ধিত সামান্য প্ৰভাৱ পেলাইছে।কিন্তু উষ্ণতা প্ৰধান অঞ্চলত বাস কৰি দৰিদ্ৰ দেশৰ লোকসকলে যিমান পৰিমাণৰ ক্ষতিৰ সন্মুখীন হৈছে তেনে দৰে শীত প্ৰধান অঞ্চলত বাস কৰা ধনী দেশৰ চহকীসকলে ক্ষতিৰ পৰিবৰ্তে বৰ্তমান সময়ত লাভৱানহে হৈছে।গতিকে জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰত লব লগীয়া ব্যৱস্থাৰ বাবে ধনীসকলে অধিক ত্যাগ স্বীকাৰ কৰা উচিত। ধনী দেশৰ চহকীসকলে মানৱ ধৰ্ম ৰক্ষা কৰি আগুৱাই আহিলেহে গোলকীয় উষ্ণতা ৰোধ কৰি জলবাযু পৰিবৰ্তনৰ ফলত ঘটিব পৰা বিপদৰ পৰা সকলোৱে ৰক্ষা পাব
আমাৰ দেশৰ ৰাজনৈতিক দলবোৰে লোকলুভাৱনবাদৰ(Populism) চিন্তা পৰিহাৰ কৰা উচিত।লোকলুভাৱনবাদী(Populist) ৰাজনৈতিক দলে চৰকাৰ গঠন কৰি দৰিদ্ৰৰ হকে( Pro-poor) হাতত লোৱা নীতিৰ যোগেদি দৰিদ্ৰ শ্ৰেণীটোক বুনিয়াদী সুচলতাবোৰ প্ৰদান কৰি অৰ্থনীতিৰ মূল সুঁতিলৈ অধিক লোকক আনিব পাৰে, বিশেষকৈ সুবিধাৰ পৰা বঞ্চিত সকলক, ই সমাধান নহৈ বৈষম্যৰ লক্ষণবোৰৰ প্ৰতি ৰাজনৈতিক সঁহাৰি হয় অৰ্থনৈতিক বৈষম্য দূৰ কৰাৰ পৰিবৰ্তে চিৰকাল স্থায়ী কৰা ভাৰতীয় অৰ্থনৈতিক পদ্ধতিৰ মূল চৰিত্ৰৰ ওপৰত দেশ বা ৰাজনৈতিক দল কোনেও প্ৰশ্ন কৰা নাই। এহাতেদি প্ৰদান কৰি অন্য হাতেদি ঘূৰাই লোৱা ধৰণৰ কল্যাণকামী বহী-খাটাই দেশৰ অৰ্থনৈতিক বৈষম্য দূৰ কৰিব নোৱাৰে আৰু দেশৰ অৰ্থনৈতিক সমৃদ্ধিয়ে পুঁজিপতিসকলৰহে স্বাৰ্থ সিদ্ধি কৰিব, দৰিদ্ৰ আৰু সাধাৰণ জনতাৰ নহয়।দেশৰ চৰকাৰে সংবিধান প্ৰদত্ত অধিকাৰবোৰ সম্পূৰ্ণ ৰূপে ৰাইজে পাব পৰা ব্যৱস্থা কৰা উচিত। এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ ধৰ্ম হৈছে মানৱ ধৰ্ম।এই ধৰ্ম গোলকীয় ধৰ্মলৈ উন্নীত হব লাগে। মুঠতে, আমাৰ গোলকীয় গাওঁখনৰ জীৱজগতৰ মংগলাৰ্থে কাম কৰাটোহে সাম্প্ৰতিক কালৰ প্ৰকৃত আৰু শ্ৰেষ্ঠ মানৱ ধৰ্ম
----------)(---------
বি:দ্ৰ: প্ৰবন্ধটো অসমৰ বলিষ্ঠ আৰু বহুল প্ৰচাৰিত সাপ্তাহিক কাকত "সাদিন"ৰ 2 আগষ্ট 2019 তাৰিখৰ সংখ্যাত প্ৰকাশ পাইছে৷