Saturday 2 June 2018

অসমৰ জনসংখ্যা বিস্ফোৰণৰ ভয়াবহ ছবিখন

অসমৰ জাতীয়তাবাদী দল, সংগঠন তথা সৰ্বস্তৰৰলোকক শংকিত কৰি, অসমৰ অৰ্থনৈতিক আৰু সামাজিক দিশলৈ চকু নিদি দেশৰ চৰকাৰ আৰু ভাৰতীয় জনতা দলে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে  হিন্দু বাংলাদেশীক  নাগৰিকত্ব প্ৰদানৰ প্ৰচেষ্টা চলাইছে৷  দেখা গৈছে যে অসম চৰকাৰে নানা কাৰণত অসমৰ বৰ্ধিত জনসংখ্যাক ৰাজ্যখনৰ উন্নয়নৰ হকে পৰিচালিত কৰিব পৰা নাই৷ সেয়েহে জনসংখ্যা বৃদ্ধিৰ ফলত অসমৰ  অৰ্থনীতিত কেনে প্ৰভাৱ পৰিব তাকে চমুকৈ অৰ্থনীতিবিদসকলৰ দৃষ্টিভঙ্গীৰে  আলোচনা কৰিবলৈ প্ৰয়াস কৰা  হৈছে৷
অৰ্থনীতিবিদসকলৰ মতে জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক উন্নয়নৰ সম্পৰ্কটো অতি জটিল৷ ইয়াৰ সংখ্যাগত উদাহৰণ বুৰঞ্জীত বিচাৰি চালে, বিশেষ ভাৱে ইয়াৰ কাৰণ কি আৰু ফলাফল কি তাৰ প্ৰতি লক্ষ্য ৰাখি চালে ই দ্ব্যৰ্থক ৰূপে ধৰা দিয়ে৷ উন্নয়ন প্ৰক্ৰিয়াত জনসংখ্যা বৃদ্ধিয়ে এক সংঘাতপূৰ্ণ ভূমিকা পালন কৰে৷ ই বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত উদ্দীপক আৰু প্ৰতিবন্ধক উভয় ধৰণেই ক্ৰিয়া কৰে৷ কিমান জনসংখ্যা হ’লে অৰ্থনৈতিক সুবিধাবোৰ বাধাপ্ৰাপ্ত হয় তাৰ কিন্তু কোনো সঠিক উত্তৰ পোৱা নাযায় বা ইয়াৰ ভাৰসাম্য কিমানত নিৰ্ণয় হ’ব তাৰো সঠিক উত্তৰ নাই৷ অৰ্থনীতিবিদসকলে আগবঢ়োৱা এনে বক্তব্যৰ ওপৰত ভিত্তি কৰি অসমৰ ক্ষেত্ৰত জনসংখ্যা বৃদ্ধিৰ কাৰণ বিদেশী নাগৰিকৰ প্ৰব্ৰজন বুলি নিশ্চিত কৰাৰ পিচত বৰ্তমানৰ অসমৰ দৰিদ্ৰতা আৰু অনগ্ৰসৰতাৰ মূল কাৰণ যে প্ৰবল জনবিস্ফোৰণ সেয়া প্ৰকট হৈ পৰে৷
উচ্চ হাৰৰ জনসংখ্যা বৃদ্ধিয়ে সামগ্ৰিকভাৱে বিশ্বত, বিশেষকৈ উন্নয়নশীল দেশত সমস্যাৰ সৃষ্টি কৰিছে৷ জনসংখ্যা বৃদ্ধিয়ে মানৱ কল্যাণ হ্ৰাস কৰে বুলি যুক্তি দাঙি ধৰা হয়৷ যিহেতু জনসংখ্যা বৃদ্ধিৰ ফলত দুষ্প্ৰাপ্যসম্পদৰ(নৱীকৰণ অযোগ্য) ব্যৱহাৰ কৰা হয় আৰু ই বাতাৱৰণ অৱনমিত কৰে৷ জনসংখ্যা বৃদ্ধিয়ে খাদ্য যোগানত চাপ বৃদ্ধি কৰে৷ নগৰত জনসংখ্যা ঠাহখোৱা অৱস্থা কৰে৷ জনসংখ্যা বৃদ্ধিৰ ফলতেই নিয়োগ সমস্যাৰ উদ্ভৱ হয়৷ ই সঞ্চয়ৰ হাৰ হ্ৰাস কৰে  আৰু নিয়োজিত প্ৰতিজন ব্যক্তিৰ মূলধনৰ পৰিমাণ নোহোৱা কৰে৷  অসমত জনসংখ্যা বৃদ্ধিয়ে তদনুৰূপ সমস্যাৰে সৃষ্টি কৰিছে৷
দেখা যায় যে উন্নয়নশীল দেশবোৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ উন্নত দেশবোৰতকৈ অতি দ্ৰুত৷ বিশ্বৰ ইতিহাসলৈ মন দিলেই এই কথা ভালদৰেই স্পষ্ট হৈ পৰে৷ জনসংখ্যা বৃদ্ধিয়ে কিছুমান সুবিধা আনে যদিও কিছুমান জটিল সমস্যাৰ সৃষ্টি কৰে৷ গড় হিচাপে সামগ্ৰীক ভাৱে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশৰ জনসংখ্যা বৃদ্ধি বাৰ্ষিক ১.৩ শতাংশ৷ জন্মৰ হাৰ প্ৰতি ১০০০ জনত ২৪ জন( বা ২.৪ শতাংশ) আৰু মৃত্যুৰ হাৰ প্ৰতি ১০০০ জনত ১১ জন ( বা ১.১ শতাংশ)৷ জন্মৰ হাৰৰ তাৰাতম্য নঘটাকৈ মৃত্যু হাৰৰ এক অভিনৱ নিম্নগামীতাৰ ফলত ইয়াৰ ঐতিহাসিক তুলনা অনুযায়ী অতি দ্ৰুত জনসংখ্যা বৃদ্ধি পাইছে৷ উন্নত দেশৰ জনসংখ্যা গড় হিচাপে ০.৭ শতাংশতকৈ অধিক বৃদ্ধি পোৱা নাই৷ নিম্ন-আয়ৰ দেশৰ জনসংখ্যা বৃদ্ধি উচ্চ-আয়ৰ দেশৰ জনসংখ্যা বৃদ্ধিতকৈ তিনিগুণ বেছি৷  ২০০০---২০০৭ চনৰ ভিতৰত নিম্ন-আয়ৰ দেশৰ জনসংখ্যাৰ শতকৰা বৃদ্ধি ২.২%, মধ্য-আয়ৰ দেশৰ ১.০ আৰু উচ্চ-আয়ৰ দেশৰ জনসংখ্যাৰ বৃদ্ধিৰ শতকৰা হাৰ ০.৭% মাত্ৰ৷
নিম্ন মূলধন সমাহাৰৰ দৰেই দ্ৰুত জনসংখ্যা বৃদ্ধিক দৰিদ্ৰতাৰ কাৰণ আৰু ফলাফল উভয়ে বুলি গণ্য কৰা হয়৷ যিহেতুকে দুখীয়া সমাজত শিশুৰ মৃত্যুৰ হাৰ অধিক আৰু পিতৃ মাতৃয়ে  বৃদ্ধ বয়সত নিৰাপত্তা পাবৰ বাবে এটা ডাঙৰ পৰিয়াল আশা কৰে আৰু সেয়ে দৰিদ্ৰতাই জন্মৰ হাৰ বৃদ্ধিৰ কাৰক হৈ পৰে৷ শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰতা, ধৰ্মীয় কাৰণ, মহিলাৰ বাবে নিয়োগৰ সুযোগহীনতা আৰু জন্ম নিয়ন্ত্ৰণৰ কৌশলৰ অজ্ঞতা আদিৰ লগে লগে জন্মৰ উচ্চ হাৰ আগবাঢ়ি গৈ থাকে৷ যদিহে জনসংখ্যা বৃদ্ধিয়ে সঞ্চয় হ্ৰাস কৰে, প্ৰতিজনলোকৰ গড় মুলধন বিলোপ ঘটায়, কৃষিত শ্ৰমৰ প্ৰান্তীয় উৎপাদন হ্ৰাস কৰে তেনেহ’লে জনসংখ্যা বৃদ্ধিয়ে দৰিদ্ৰতা চিৰস্থায়ী কৰাত সহায় কৰে৷ হ্ৰস্ব কালীন ম্যাদত জনসংখ্যা বৃদ্ধিয়ে উন্নয়ন প্ৰক্ৰিয়াত বাধা জন্মায়৷ কাৰণ, জনসংখ্যাৰ চাপে চৰকাৰী ব্যয়ত প্ৰবল হেঁচা দিয়ে৷ যদিহে পৰিপূৰক সম্পদসমূহ আৰু উৎপাদনৰ উদানবোৰ মজুত থাকে তেন্তে জনসংখ্যা বৃদ্ধিয়ে দীৰ্ঘ ম্যাদী কালত এনেবোৰ সমস্যাত নেপেলায়৷ তেতিয়া জনসংখ্যা বৃদ্ধিয়ে বিনিয়োগ আৰু কাৰিকৰী উন্নয়নত উৎসাহ যোগাব৷ অসমৰ জনবিস্ফোৰণে চৰকাৰী ব্যয়ত প্ৰবল চাপৰ সৃষ্টি কৰিছে৷ অসমৰ চৰ অঞ্চল আৰু বনাঞ্চলসমূহত সন্দেহযুক্ত বিদেশী নাগৰিকে ভৰি পৰিছে৷ বহু ক্ষেত্ৰত এনেবোৰ নাগৰিকৰ বাবে অসম চৰকাৰে চৰকাৰী ধন ব্যয়ৰ ক্ষেত্ৰত প্ৰবল চাপৰ সন্মুখীন হৈছে, যাৰ ফলত খিলঞ্জীয়ালোকসকল চৰকাৰী আঁচনিবোৰৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈছে৷ অসমত চৰকাৰে পৰিপূৰক সম্পদসমূহ আৰু উৎপাদনৰ উপাদানসমূহৰ সুপ্ৰয়োগৰ যোগেদি বৰ্ধিত জনসংখ্যাক নিয়োগৰ সুবিধা দিয়াত বহুবছৰৰ পূৰ্বৰে পৰা বিফল হৈ আহিছে আৰু বৰ্তমান বহুতো ৰাজহুৱা খণ্ডৰ উদ্যোগৰ দুৱাৰত তলা ওলমাই চৰম ব্যৰ্থতাৰ প্ৰমাণ দিছে৷ চৰকাৰৰ এনে কাৰ্যৰ ফলত অসমৰ খিলঞ্জীয়ালোকসকলৰ আৰ্থিক দুখ-দুৰ্দ্দশা সীমাহীন হৈ পৰিছে৷
 ২০০১ চনৰ লোকপিয়ল অনুযায়ী অসমৰ জনসংখ্যা আছিল ২৬.৬৬ মিলিয়ন৷ ২০০৬ চনত ই হ’লগৈ ২৮.৬৭ মিলিয়ন আৰু ২০১১ চনত হ’ল ৩০. ৫৭ মিলিয়ন৷ এই বৰ্ধিত গতিলৈ লক্ষ্য ৰাখি ২০১৭ চনৰ অসমৰ জনসংখ্যা ৩৪.৪৯২ মিলিয়ন হ’ব বুলি অনুমান কৰিব পাৰি৷(তথ্যঃ Indiapopulation2017.in) দেখা গৈছে যে বিগত  বছৰবোৰত  অসমৰ জনসংখ্যা অবিশ্বাস্য ভাৱে বৃদ্ধি পাইছে৷ বিদেশী অনুপ্ৰবেশক মূল কাৰণ হিচাপে গণ্য কৰি তাক নিৰ্মূলৰ বাবে অসমত বহুবছৰৰ পূৰ্বেই আন্দোলনৰ সূচনা হৈছে৷ বৰ্ধিত জনসংখ্যাৰ ফলত অসমত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে আৰু অন্যান্য  কিছুমান  আৰ্থ-সামাজিক  সমস্যাৰ  সৃষ্টি  কৰিছে৷ বিশেষকৈ ৰাজনৈতিক দলবোৰে ভৌট বেংকৰ  স্বাৰ্থত ৰক্ষণাবেক্ষণ দিয়া বিদেশী অনুপ্ৰৱেশকাৰীসকলে মানসিক বিকাশৰ সুযোগ সুবিধাৰ পৰা বঞ্চিত হৈ নানা  অপৰাধমূলক আৰু অসামাজিক কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে৷  এনে ক্ষেত্ৰত দলবাগৰা আৰু চলচাই কঠিয়া পেলোৱা বিধৰ চতুৰ ৰাজনৈতিক নেতাসকলে ভাৰতীয় জনতা দললৈ আহি শাসনৰ বাঘজৰী হাতত লৈ ক্ষমতা  চিৰস্থায়ী কৰা বাবে  নিজৰ দ্বৈত মানদণ্ডৰ পৰিচয় নিৰ্লজভাৱে দি কংগ্ৰেছ দলত নিজে থাকোঁতে আমদানী কৰা বিদেশী নাগৰিকৰ দ্বাৰা সৃষ্ট ভাবুকিৰ কথা কৈ জনসাধাৰণক ভীতিগ্ৰস্ত কৰি তাৰ পৰিত্ৰাণৰ বাবে পুনৰ অসমত বাংলাদেশীক ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদানৰ পক্ষত থিয় দিবলৈ আহ্বান কৰিছে৷  এনে নেতাই নিজে মন্ত্ৰী হৈ থাকোতেই শিক্ষা, স্বাস্থ্য আৰু অনেক দিশত এচামলোকক বঞ্চিত কৰি ৰখাৰ ফলত তেনেলোকৰ এক বংশবৃক্ষ যে এক বংশ অৰণ্যত হৈ পৰিল সেয়া এতিয়া নাগৰিক পঞ্জী উন্নীত কৰোঁতে ওলাই পৰিছে৷ এনে বংশ বৃদ্ধি ৰোধৰ ব্যৱস্থা চৰকাৰে নিশ্চয়ে কৰিব পাৰিলেহেঁতেন আৰু তেতিয়া দৰিদ্ৰ আৰু অশিক্ষিত অসমীয়াৰ সংখ্যা কমিলহেঁতেন; কিন্তু ৰাজনৈতিক মুনাফা লাভৰ আশাত সেই কাম নকৰিলে৷ এনে বিড়ম্বনাৰ সমোচিত প্ৰতিক্ৰিয়া ৰাজ্যখনৰ জনগণে ব্যক্ত কৰিছে৷ অসমৰ সচেতনলোকসকলে শংকিত হৈ পৰিছে যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ লক্ষ্যেৰে প্ৰস্তুত কৰা নাগৰিকত্ব সংশোধনী আইন,২০১৬ ৰ সংসদত গৃহিত হ’লে অচিৰেই ভাষিক সংখ্যালঘূসকল সংখ্যাগুৰুত পৰিগণিত হ’ব আৰু অসমীয়া ভাষা সংকটত পৰিব আৰু একালত ত্ৰিপুৰী জাতিৰ দৰে অসমীয়া জাতিৰ অৱস্থা হ’ব৷ অৱশ্যে ধৰ্মৰ নামত ৰাজনীতি কৰা চতুৰ অসমীয়া ৰাজনৈতিক নেতাসকলে সম্প্ৰতি ক্ষমতাৰ ৰাগিত মতলীয়া হৈ থাকি অনুধাৱন কৰিব নোৱাৰিলেও, তেনে অসমমীয়া বিধ্বংসী আইন বলবৎ হ’লে সৰ্বভাৰতীয় ৰাজনৈতিক নেতাৰ চক্ৰান্তত পৰি শাসনৰ বাঘজৰীডাল অদূৰ ভৱিষ্যতে তেওঁলোকেও অনাঅসমীয়াৰ হাতত তুলি দিবলৈ বাধ্য হ’ব

 দেখা যায় যে স্বাধীনোত্তৰ কালৰ অসমৰ কোনো এখন চৰকাৰেও জনসংখ্যা বৃদ্ধিৰ কুফলবোৰ অনুধাৱন কৰা নাই আৰু ৰাজনৈতিক স্বাৰ্থক অগ্ৰাধিকাৰ দি বিদেশীৰ প্ৰতি দয়াশীল হৈছে৷ কংগ্ৰেছে যদি বিদেশী মুছলমানক আকোঁৱালি ল’ব বিচাৰিছে, তেন্তে ভাৰতীয় জনতা দলে বাংলাদেশী হিন্দুক নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে ৷ যেনেকৈয়ে নহওক,  ১% ধনী ব্যক্তিৰ হাতত দেশৰ ৫০% তকৈ অধিক সম্পদ তুলি দি ভাৰতবৰ্ষই বিশ্বৰ ছখন উন্নত অৰ্থনীতিৰ দেশৰ তালিকাভুক্ত হোৱাৰ ক্ষণত বিদেশীৰ বোজা বহন কৰা অসমখন নিচেই দৰিদ্ৰ ৰাজ্য হৈয়ে থাকিল৷ উল্লেখযোগ্য যে অসমত দৰিদ্ৰ সীমা ৰেখাৰ তলত ৩১.৯৮% লোকে বসবাস কৰে৷ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইয়াৰ গড় হিচাপ ২১.৯২% হে৷ সকলোতকৈ উন্নত ৰাজ্য গোৱাত কেৱল ৫.০৯ শতাংশ লোক দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰে৷

অসমৰ এই জলন্ত নিবনুৱা সমস্যাক অকপতে স্বীকাৰ কৰি অসমৰ উদ্যোগ মন্ত্ৰীগৰাকীয়ে কিছুদিনৰ  পূৰ্বে অসমৰ নিবনুৱাসকলক বিদেশী ভাষাৰ শিক্ষা লৈ বিদেশত গৈ চাকৰি কৰিবলৈ পৰামৰ্শ দিছে৷ ইয়াৰ বিপৰীতে চৰকাৰে বিদেশীলোকক নাগৰিকত্ব প্ৰদান কৰি অসমত সংস্থাপিত কৰিব বিচাৰিছে৷ এয়া অসমৰ জনসাধাৰণৰ বাবে অতি পৰিতাপৰ বিষয় হৈ পৰিছে৷ জনসংখ্যা বৃদ্ধিৰ কুফলত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰা অৱস্থাত বিদেশীক স্বদেশী কৰি জনসংখ্যা বঢ়াই লোৱাটো যুক্তিসংগত হ’ব পাৰেনে? ৰাজ্যখনৰ ভূমি, মূলধন, সংগঠন আদি উৎপাদনৰ উপাদান সমূহক অসমীয়ালোকৰ স্বাৰ্থত উপযুক্তভাৱে কামত লগাবলৈ চেষ্টা চলালে উৎপাদনৰ অন্য আহিলাস্বৰূপ শ্ৰমৰ অভাৱ নহয়৷ অসমৰ যুৱশক্তিৰ সুপ্ৰয়োগে বহু সমস্যা সমাধানৰ পথ উন্মুক্ত কৰিব৷ যদিহে বিদেশী ৰাষ্ট্ৰই আমাৰ দেশৰ নিবনুৱাক চাকৰি দিব পাৰে, তেনেহ’লে আমাৰ চৰকাৰে কিয় সেই কাম কৰিব নোৱাৰে? নিজে বিবস্ত্ৰ হৈ আনক বস্ত্ৰ পিন্ধাবলৈ যোৱাতকৈ চৰকাৰে নিজৰ ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নতিৰ কথা চিন্তা কৰিলে বহু জটিল সমস্যা অনায়াসে সমাধান হ’ব আৰু অসম উন্নতিৰ পথত আগুৱাই যাব৷
আমি আশা কৰোঁ যে আমাৰ অসমৰ ৰাজনৈতিক নেতাসকলে জাতি-ধৰ্মৰ সংকীৰ্ণ বেষ্টনীৰ  মাজৰ পৰা ওলাই আহি বৃহত্তৰ অসমীয়া জাতিৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ হকে চিন্তা কৰি অসমত জনবিৰোধী  আইন জাপি দিয়াৰ পৰা কেন্দ্ৰ চৰকাৰক বাৰণ কৰিব৷
++++সমাপ্ত++++
বিঃদ্ৰঃ প্ৰবন্ধটো ভাৰতৰ সৰ্বাধিক প্ৰচলিত বলিষ্ঠ কাকত " তিনিদিনীয়া অগ্ৰদূত" ৰ ৩০ মে ২০১৮ সংখ্যাৰ বিশেষ নিবন্ধ শিতানত প্ৰকাশ পাইছে৷

No comments:

Post a Comment