Sunday 28 April 2013

আঁউসীত জোনাক বিচাৰি



(গল্প)
আনন্দৰ ভিনীহিয়েকে এনে এটা গৰ্হিত কাম যে কৰিব সেই কথা কোনেও কল্পনাই কৰা নাছিল ৷ডেকাকালতেই মানুহজন ইমান সাত্ত্বিক ভাৱাপন্ন আছিল যে গান্ধীজীয়ে পেলাই থৈ যোৱা খোজবোৰত খোজ পেলাই পেলাইহে যেন তেওঁ জীৱন পথত আগুৱাই গৈ আছে আৰু গৈ থাকিব ৷ গুজৰাটত নে ক’ত –খাদী গ্ৰামোদ্যোগ বিভাগৰ কিবা প্ৰশিক্ষণ এটা লৈ অহাৰ পিচৰে পৰা তেঁও দিনটোৰ ভিতৰত যে কিমানবাৰ ভগৱানৱ স্তুতি-প্ৰাৰ্থনা কৰে তাৰ হিচাপ নাই ৷ স্তুতি-প্ৰাৰ্থনাসমূহ হিন্দী , সংস্কৃত আদি নানা ভাষাত কৰে ৷ অসমৰ বাহিৰত এঘাৰটা মাহৰ বাবে প্ৰশিক্ষণ ল’বলৈ যাওঁতেই তেওঁৰ হিন্দী ভাষাৰ জ্ঞান অলপ হোৱাত প্ৰফুল্ল শইকীয়াই ( আনন্দৰ ভিনীহিয়েকৰ নাম ) ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি, অসমে অনুস্থিত কৰা হিন্দী পৰীক্ষাত বহিবলৈ মনস্থ কৰিলে ৷ হিন্দী পৰীক্ষাত বহিবলৈকে প্ৰফুল্ল শইকীয়া আনন্দহঁতৰ তালৈ গৈছিল ৷ কেনেবাকৈ চা-চিনাকি হৈ আনন্দৰ দেউতাকে প্ৰফুল্লক তেওঁলোকৰ ঘৰতে থাকি হিন্দী পৰীক্ষা দিয়াৰ সুবিধা কৰি দিলে ৷ আনন্দ তেতিয়া অষ্টম মান শ্ৰেণীত পঢ়ি আছিল ৷ কধাবোৰ এতিয়াও তাৰ মনত আছে ৷ 


এতিয়া আনন্দৰ ভাগিন-ভাগিনী কেইবাটিও ৷ অৰ্থাৎ প্ৰফুল্ল শইকীয়াৰ দুটা ল’ৰা আৰু তিনিজনী ছোৱালী ৷ডাঙৰটো ল’ৰাই বি. এ. পঢ়ি আছে আৰু ডাঙৰজনী ছোৱালীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিব ৷ ইমান বছৰৰ মূৰত আনন্দৰ তাহানিৰ সেইজন প্ৰফুল্ল শইকীয়ালৈ মনত পৰিছে , যিজনৰ সাত্ত্বিক স্বভাৱত মুগ্ধ হৈ পিতৃ-মাতৃয়ে নিজৰ একমাত্ৰ মৰমৰ জীয়াৰীক বিয়া দি স্বস্তিৰ নিশ্বাস পেলাইছিল ৷



বিয়াৰ পিচত আনন্দৰ বাইদেউৱেকৰ দিনবোৰ ভাল ধৰণেই অতিবাহিত হৈছিল ৷ পাচোঁটাকৈ সন্তানৰ পিতৃ-মাতৃ হৈ স্বামী-স্ত্ৰী দুয়ো বেছ সুখ –সন্তোষেৰে দিন কটোৱা দেখা গৈছিল ৷ প্ৰফুল্ল শইকীয়াৰ সন্ত-স্বভাৱৰ লগত খাপ খোৱাকৈ তেওঁ হিন্দী শিক্ষকৰ চাকৰিও পালে ৷ অন্যহাতে তেওঁ সপত্নীক স্ব-ধৰ্মত শৰণ –ভজন লৈ ধৰ্ম-কৰ্মত লিপ্ত হৈ ফুৰা-চকা কৰিবলৈ লোৱাত সোণত সুৱগাহে চৰিল ৷ এতিয়া প্ৰফুল্ল শইকীয়াৰ চৌদিশে অগণন ভক্তগণ ৷



এনে এজন ধাৰ্মিক পুৰুষে যে এনে কল্পনাতীত কাণ্ড এটা ঘটাব সেই কথা ভাৱি আনন্দ আচৰিত হৈছে ৷ ঘটনাটো সঁচাই আনন্দৰ বায়েকে কোৱাৱ দৰে কিবা যাদুৰ বলতে ঘটিল নেকি বাৰু ? যেনেকৈয়ে নঘটক লাগে , আইনৰ সহায় নিশ্চয়ে ল’ব লাগিব –আনন্দই ভাৱিলে ৷ স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীননাথ বৰুৱা আনন্দৰ স্কুলীয়া কালৰ সহপাঠী ৷ গতিকে এই ক্ষেত্ৰত কি কৰিলে ভাল হ’ব দীননাথৰ লগতে আলোচনা কৰি ল’ব লাগিব ৷ কথাখিনি ভাৱি আনন্দ আৰক্ষী থানালৈ গ’ল ৷



থানাত আনন্দক দেখা পাই দীননাথে ধাৰণা কৰি ল’লেই যে আনন্দই কিবা জেঙত পৰিহে থানালৈ আহিছে ৷ সেয়ে দীননাথে লগে লগে সুধি পেলালে , “ কি অ’ আনন্দ, কিবা হ’ল নেকি ? ”



আনন্দই ক’লে, “ ব’ল , তোৰ স’তে গোপন কথা আছে ৷ মোৰ এটা সমস্যা হৈছে ৷ তয়ে কিবা এটা কৰিব লাগিব ৷ নহ’লে উপায় নাই ৷”



দীননাথে আনন্দক তাৰ অফিচলৈ মাতি নিলে ৷ আনন্দই তাৰ সমস্যাটোৰ কথা ক’বলৈ ধৰিলে ৷



আনন্দৰ একমাত্ৰ বয়েকজনীৰ স্বামী প্ৰফুল্ল শইকীয়াই কলেজ-হাইস্কুলত পঢ়ি থকা সন্তানৰ কথা পাহৰি গৈ অন্য এজনী তিৰোতাক ঘৰত সুমুৱাইছে ৷ বৰপুত্ৰ প্ৰদীপে খঙতে দুয়োটাকে কাটি টুকুৰা –টুকুৰ কৰিব খুজিছিল ; তথাপিও সেইহালৰ এৰাএৰি নহ’ল ৷



আনন্দৰ কথাৰ মাজতে দীননাথে পুলিচী ঢঙত সুধিলে , “ ঘটনাটো ঘটিল কেনেকে ? ”



আনন্দই কৈ গ’ল --- 
গুৱাহাটীত এক ধৰ্মালোচনী সভা অনুস্থিত হৈছিল ৷ তালৈ ভক্তবৃন্দৰ সোঁত ব’ব ধৰিলে ৷ প্ৰফুল্ল শইকীয়াও তালৈ যাবলৈ ওলাল ৷ নাতি-দূৰৰ এখন গাঁৱৰ এগৰাকী শিষ্যাৰ হৰিত অগাধ মতি ৷ তেওঁ সভালৈ নগৈ থাকিব নোৱাৰা অৱস্থা ৷ ইফালে তেৰাৰ স্বামী- গুৰুৰ আৰ্থিক অৱস্থা শোচনীয় ৷ টানে-আপদে প্ৰফুল্ল শইকীয়াই সহায়ৰ হাত আগবঢ়াই থাকে বুলিহে চাৰিটা সন্তানৰ স’তে পৰিয়ালটি বৰ্তি আছে ৷ সেই গৰাকী ভক্তপ্ৰাণ মহিলাই সভালৈ যাব নোপোৱা বেজাৰতে গৈ মাকৰ ঘৰত আছিলগৈ ৷ প্ৰফুল্ল শইকীয়াই গুৱাহাটীলৈ ওলাই গৈ বাছত উঠাৰ প্ৰাক-মুহূৰ্ত্তত তেৰাক মাকৰ ঘৰতে গৈ দেখা কৰিছিল ৷ তেৰাই প্ৰফুল্ল শইকীয়াৰ লগতে মাকৰ ঘৰৰ পৰাই বাহিৰে বাহিৰে গুৱাহাটী অভিমুখী বাছত উঠি দিলে ৷



“ তাৰ পিচত ? ” দীননাথে আনন্দক খন্তেক নীৰৱে থকা দেখি মাত লগালে ৷



আনন্দই ক’লে ,” সেইজনী যেতিয়া গুৱাহাটীৰ পৰা ঘুৰি আহি ঘৰ পালেহি , তেতিয়া গিৰীয়েকে ঘৰত সোমাবলৈ নিদিলে ৷ কপিদাখন লৈ হেনো পহু খেদা দিলে ৷ ফলত সিজনী আহি আমাৰ ভক্তপ্ৰাণৰ (প্ৰফুল্ল শইকীয়া) আশ্ৰয় ল’লে ৷ কথা ইমানেই ৷ “



“ তাৰ পিচত ? “ দীননাথে পুনৰ প্ৰশ্ন কৰিলে ৷



“ তাৰ পিচত আৰু কি হ’ব ? গাঁৱত মেল বহিল আৰু ভিনীদেৱে সেইজনীৰ দায়িত্ব ল’ব লগা হ’ল ৷ “ আনন্দই উত্তৰ দিলে ৷

“ বাইদেৱে পিছে কি কৰিলে ? “ দীননাথে সুধিলে ৷



“ বাইদেৱে কি কৰিব আৰু , স্থানীয় আৰক্ষী চকীত গোচৰ এটা তৰিছিল ; কিন্তু ভাৰপ্ৰাপ্ত বিষয়াজনে টকা খাই কিবা ওলট-পালটখন কৰি দিলে ৷ তেওঁ বাইদেউক সিজনীৰ লগত মিলিজুলি খাবলৈহে ক’লে ৷ নহ’লে হেনো মোকৰ্দ্দমা চলিলে শেষত ভিনীহিৰ চাকৰিটোৱেই যাব ৷ গতিকে বাইদেৱে শেনজনীৰ দৰে আহি ফেঁচাজনীৰ দৰে ঘৰলৈ ঘূৰি গ’ল ৷ লগতে মোৰো ভাৰপ্ৰাপ্ত বিষয়াজনক দিয়া তিনিশ টকা অথলে গ’ল ৷ “



আনন্দৰ কথাখিনি শুনি যেন দীননাথে বিৰক্তিবোধ কৰিছে এনে এটা ভাৱ প্ৰকাশ কৰি ক’লে , “ পিচে তই এতিয়া কি কৰিব খুজিছ ? “



আনন্দই ক’লে , “ বুজিছ দীননাথ , বাইদেউহঁতে কৈছে যে সেইজনীয়ে মানুহটোক যাদু কৰিলে ৷ গতিকে মই বেজ বিচাৰিব লাগে ৷ মুছলমান বেজেহে ঠিক কৰিব পাৰিব হেনো ৷ মই কিন্তু সেইবোৰক বিশ্বাস নকৰোঁ ; মোৰ আইনৰ ওপৰতে বিশ্বাস আছে ৷ গতিকে তোৰ ওচৰলৈ সহায় বিচাৰি আহিছো ৷ তই জানই যে হিন্দু বিবাহ-আইন অনুসৰি এজন বিবাহিত পুৰুষে অথবা এজনী বিবাহিতা মহিলাই পূৰ্বৰ স্বামী অথবা পত্নীক আইনসংগতভাৱে বিবাহ-বিচ্ছেদ নকৰা পৰ্যন্ত দ্বিতীয় বিবাহে আইনৰ স্বীকৃতি নাপায় ৷ আনকি ধৰ্মান্তৰ ঘটাইও তেনে কৰিব নোৱাৰে ৷ সেয়ে তই সহায় কৰিলে বাইদেউ আৰু ভাগিনহঁতৰ জীৱনলৈ শান্তি ঘূৰাই আনিব পাৰিম ৷ তই কি উপদেশ দিয় এতিয়া মোক ?” 



আনন্দই কথাবোৰ কৈ যাওঁতে দীননাথক হতাশ হৈ পৰা যেন দেখা গৈছিল ৷ দীননাথে আনন্দৰ প্ৰশ্নৰ উত্তৱ নিদিয়াত সি পুনৰ ক’লে , “ গোচৰটো তোৰ ইয়াত দিবলৈ বাইদেউক অহাকালি লৈ আহিম নেকি ? ”


অন্যমনস্ক হৈ পৰা দীননাথে সম্বিত ঘুৰাই পোৱাৰ দৰে ক’লে , “ কি ক’লি ,তই তোৰ বাইদেউক ইয়ালৈ আনিবি ? ”



“ আনিম নে নানিম তই ক’লেহে হ’ব ৷” আনন্দই ক’লে ৷
“ জা নো আননে নান তই ৷ ” দীননাথে কৈ গ’ল , “ বুজিছ আনন্দ , মইয়ো এনেকুৱা এটা ঝামেলাতে ফঁচি আছো ৷ তই চাগৈ গ’মেই নাপাৱ যে মইয়ো দ্বিতীয় বিবাহ কৰিলো ৷ এতিয়া আগৰজনীয়ে আমাৰ কলিজা খাই আছে ৷ আমি দুয়ো লগত থকাটো ডাঙৰজনীৰ মুঠেও সহ্য নহয় ৷ তাই এতিয়া ইয়ালৈ আহি মোৰ কোৱাৰ্টাৰটো দখল কৰি ল’লেহি ৷ আমি ওলাই দিলো ৷ এতিয়া আমোলাপত্তিত ভাড়াঘৰ লৈ আছো ৷ সৰুজনীক ইয়াত ৰাখিব নোৱাৰি গাঁৱৰ ঘৰত থৈছো ৷ তালৈ সপ্তাহত যেনে তেনে পাক এটা মাৰিবই লাগে ৷ কোনোমতেহে চাকৰিটো চলাই আছো আনন্দ ৷”

আনন্দৰ এইবাৰ হতাশ হোৱাৰ পাল পৰিল ৷ সি দীননাথৰ কথাখিনি শুনি চৰক পৰা মানুহৰ দৰে বহুপৰ মাতবোল নোহোৱাকৈ বহি থাকিল ৷ অৱশেষত কোনোমতে সেপ ঢুকি মাতষাৰ উলিয়াই দীননাথক সুধিলে , “ তই দ্বিতীয় বিবাহ কৰিলি কিয় ?”
“ কিয় তই নাজান নেকি যে মোৰ ডাঙৰজনী পত্নী আজি ন বছৰেও নিঃসন্তান হৈ আছে ৷” 
আনন্দৰ প্ৰশ্নৰ উত্তৰ কন্ঠস্থ হৈ থকাৰ দৰে দীননাথে টপৰাই উত্তৰ দি দিলে ৷ 

“ সৰুজনীৰ ফালৰ পৰা সন্তান হৈছে জানো ? ” আনন্দই সুধিলে ৷

দীননাথে ক’লে , “ দুবছৰলৈ তাইৰো সন্তান হোৱা নাছিল ৷”
“ এতিয়া হ’লনে ?” আনন্দই প্ৰশ্ন কৰিলে ৷
“ ওঁ ৷ অসমৰ বাহিৰৰ ক্লিনিকলৈ গৈ বহু টকা খৰচ কৰি টেষ্ট টিউব বেবি এটা আমি ভগৱানৰ কৃপাত লাভ কৰিলো ৷” 

আনন্দৰ কিবা খং উঠি গ’ল ৷ সি গৰম সুৰতেই দীননাথক ক’লে , “ তেনেহ’লে তই আগৰজনীক অসমৰ বাহিৰলৈ নিনিলি কিয় ?”
এইবাৰ দীননাথে তেনেই নৰম সুৰত আনন্দক ক’লে , “ তেতিয়া আক’ মইয়ে যে অক্ষম সেই কথা জনা নাছিলো নহয় ৷” 

দীননাথৰ কথাখিনি শুনি আনন্দই তাক একো ক’ব নোৱাৰিলে ৷ সি মাথো দীননাথক পুনৰবাৰ সুধি চালে , “ মই এতিয়া বাইদেউৰ কথাটো কি কৰো ? ”
দীননাথে ক’লে , “ জানো কি কৰ ৷ ”

০০০০০০০০)(০০০০০০০


No comments:

Post a Comment