Sunday 5 May 2013

প্ৰতাৰক

(এক মিনিটৰ গল্প)
‘ ত্ৰিবেনী কমপ্লেক্স’ৰ ওচৰতে থকা ‘গৌড়ীয় মঠ’ৰ ঠিক সমুখতে হঠাৎ এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হ’ল ৷ বৃদ্ধলোকজনে কোনোৰকম ছোৱালীজনীক ধৰি ৰাখিছে ৷ কেনেবাকৈ হাতৰ পৰা মুক্ত হ’লেই কি অঘটন ঘটিব ঠিক নাই ৷ তাই ৰাউচি জুৰি কান্দি কান্দি ভাওনাত নায়িকাই বিলাপ কৰাদি কৈছিল, “ হে প্ৰভু , মোক কি কৰিবলৈ জীয়াই ৰাখিছা , মোক মাৰি নিয়া -------------------৷ ”


ৰাজপথৰ কাষত এনে এক নাটকীয় দৃশ্য উপভোগ কৰিবলৈ যেন মানুহ কিছুমান অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে ৷ জনতাই ঘটনাস্থলি ঘেৰি ধৰিলে ৷ ধৰিবই, ৰতনে মনতে ভাৱিলে – বেজি এটাত বটিয়া এডাল ভৰাই থাকোতে মানুহ জুমবান্ধি থকা দেখিলেও মানুহে নিজৰ মনৰ কৌতুহল দমাব নোৱাৰি কি হৈছে , কি ঘটিছে চাবলৈ, জানিবলৈ আহি ঘেৰি ধৰিব ৷ ৰতনে কোনো গুৰুত্ব নিদি মিছনচাৰিআলিলৈ যোৱা গাড়ীৰ অপেক্ষাত জণসমাবেশৰ পৰা নাতি দূৰত ৰৈ থাকিল ৷



“ ব’ল , ধূৰন্দৰ , প্ৰতাৰক, চাই ল’ম তই তাইক কেনেকৈ এৰি যাবি ৷ ব’ল বদমাইছ দগাবাজ ------৷ ”-বুলি কৈ এজন ভদ্ৰলোকে মানুহ এটাক হাতত ধৰি টানি নিয়াৰ দৰেই জুম বান্ধি থকা মানুহ খিনিৰ ফালে লৈ যোৱা দেখি ৰতনে অলপ ওচৰ চাপি গৈ দেখে সেইটো চোন কনল’ৰা ৷ কনল’ৰা শইকীয়া যাক মাত্ৰ কেইমাহমান আগতে ৰতনে ‘অনুকম্পা’ নামৰ অনাথ আশ্ৰমখনে আয়োজন কৰা এক সভাত লগ পাইছিল ৷ সভাখনত বিশিষ্ট বক্তাৰ আসনৰ পৰা ৰতন বৰুৱাই এক বক্তৃতা আগ বঢ়াইছিল ৷ তেওঁৰ ভাষনত ৰতন বৰুৱাই কনল’ৰাক ভূয়ষী প্ৰশংসা কৰি ৰাইজে আগবঢ়োৱা ধনৰ টোপোলাটো আগবঢ়াই দি আৰ্শীবাদ দিছিল –-- জন্মান্ধ কন্যা নিৰ্মালিৰ স’তে তাৰ যুগ্ম-জীৱন মংগলময় হোৱাৰ কামনাৰে ৷



এইবাৰহে ৰতন বৰুৱাৰ কৌতুহল জন্মিল—ঘটনাটো কি জানিবৰ বাবে ৷ লাহে লাহে তেওঁ মানুহবোৰ থেলি –হেঁচি গৈ দেখে সেই অন্ধ ছোৱালীজনী মানে নিৰ্মালিয়ে কনল’ৰাক গবামাৰি ধৰি আগতকৈ জোৰেৰে চিঞৰি চিঞৰি কান্দি কৈছে , “ আপুনি মোক এৰাৰ আগতে ইয়াতে মাৰি পেলাওক------------ মই এতিয়া ক’লৈ যাম ? অনাথ আশ্ৰমতো ঠাই নাপাওঁ --- তেখেতসকলে ৰাইজৰ পৰা লাখ টকা তুলি আমাক দিছে ৷ ------- ৷”



ৰতন বৰুৱাই কাকনো কি ক’ব ভাৱি নাপাই জুমটো ফালি পুনৰ ওলাই আহিল ৷ কাযতে থকা আপেল- কমলাৰ দোকানীজনকে এনেয়ে সুধি চালে , “ চাচা, ঘটনাটো কি গ’ম পায়নে ? ”



দোকানীজনে উত্তৰ দিলে , “ কি ক’ব আৰু এইবোৰ কথা ; দুনীয়াৰ মানুহবোৰ বৰ বেয়া হ’ল আজিকালি ৷ ল’ৰাটোৱে ঠগবাজি কৰি অন্ধ ছোৱালীজনী টকাৰ লোভত বিয়া পাতিলে ৷ এতিয়া আচলজনী ঘৈনীয়েকক সন্তান –প্ৰসৱৰ বাবে হস্পিটেললৈ আনি সি ধৰা পৰি গ’ল ৷ কি কৰিব কওক ৷ ”



ৰতন বৰুৱাই নিৰৱতা অৱলম্বন কৰিলে ৷ তেওঁৰ মনৰ ফৰকাল আকাশত এচপৰা কলীয়া ডাৱৰে ভুমুকি মাৰিলে ৷ নিৰ্মালিৰ কান্দোনৰ ৰোল পুনৰবাৰ কাণত পৰাত তেওঁৰ মনৰ আকাশখন সম্পূৰ্ণ কলীয়া ডাৱৰি আৱৰি ধৰিলে ৷

No comments:

Post a Comment