Saturday 19 July 2014

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ


  • খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডটো ভাৰতবৰ্ষৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ৷ কৃষি আৰু নিৰ্মাণ খণ্ডত ই মুঠ ঘৰুৱা উৎপাদনৰ(Gross Domestic Product) প্ৰায় ৯---১০ শতাংশ দখল কৰিছে৷ বৰ্তমান প্ৰতি বছৰে ১০ শতাংশতকৈ অধিক বৃদ্ধি পাব ধৰিছে৷ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (Indian Council of Agricultural Research)ৰ ডিপুটি ডিৰেক্টৰ জেনেৰেল মিঃ স্বপন দত্তৰ মতে ২০১২ চনত  ই  আছিল ১২১০০ কোটি টকা  আৰু আশা কৰা হৈছে ২০১৫ চনত ১৯৪০০কোটি টকা  হবগৈ৷ ভাৰতীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মুখ্যতঃ ৰপ্তানিগত৷ ২০১২-২০১৩ চনত ভাৰতৰ ৰপ্তানিকৃত প্ৰক্ৰিয়াকৰণ খাদ্য আছিল ৩৮১৫০.৮৬ কোটি টকা৷ ভাৰতৰ ভৌগলিক অৱস্থানে ইয়াক ইউৰোপ, মধ্য পূব জাপান, ছিংগাপুৰ,থাইলেণ্ড,মালয়েছিয়া আৰু কোৰিয়াৰ লগত যোগাযোগৰ বাবে  একক সুবিধা প্ৰদান কৰিছে৷


ভাৰত চৰকাৰে ১৯৮৮ চনত খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয় ( Ministry of Food Processing Industries) স্থাপন কৰে৷ মন্ত্ৰালয়ে দেশৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ লগত জড়িত নীতি নিৰ্দ্দেশনাসমূহ চোৱাচিতা কৰে৷ ই শস্য চপোৱাৰ পৰবৰ্ত্তী কালৰ লোকচান হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে৷  তাৰোপৰি যথাযোগ্য সংৰক্ষণ আৰু পৰিবহণ, প্ৰক্ৰিয়াকৰণ, খাদ্য সামগ্ৰী সাঁচৰণ কালৰ ম্যাদ বৃদ্ধি কৰে,উচিত মূল্যত সতেজ আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী উপভোক্তাক সহজতে পাব পৰা কৰে আৰু কৃষক সকলক ভাল উপাৰ্জনত সহায় কৰে৷ মন্ত্ৰালয়ে শীত শৃংখলৰ ( Cold chain) আধুনিক বুনিয়াদ স্থাপন ,খাদ্য উদ্যান আৰু ৰাজহুৱা কচাইখানা স্থাপনৰ সুবিধা প্ৰদান কৰিছে৷ ভাৰতবৰ্ষক কৃষি আৰু খাদ্য প্ৰক্ৰিয়াকৰণত  বলিষ্ঠ দেশ হিচাপে গঢ়ি তুলিবলৈ মন্ত্ৰালয়ে কৃষক, উদ্যোগী, উপভোক্তা আৰু অন্য দায়িত্বশীল সকলৰ পৰা পৰামৰ্শ বিচাৰে৷


খাদ্য প্ৰক্ৰিয়াকৰণে কৃষি আৰু উদ্যানগত উৎপাদনত যিকোনো ধৰণৰ মূল্য সংযোজনতে জড়িত হয় আৰু ক্ৰম অনুযায়ী সজোৱা, শ্ৰেণী বিভাজন কৰা ,পেকেটিং আদিক সাঙুৰি লয় –যিয়ে উৎপাদিত খাদ্যৰ সমষ্টিগত ম্যাদ বৃদ্ধি কৰে৷ খাদ্য প্ৰক্ৰিয়াকৰণ  উদ্যোগে কৃষি আৰু উদ্যোগৰ অধিক সংযোগ স্থাপন কৰে আৰু সহযোগিতা বৃদ্ধি কৰে৷  এই উদ্যোগৰ যোগে  কৃষিজাত উৎপাদনৰ ব্যৱসায়ীকৰণ হয়,কৃষিজাত দ্ৰব্যৰ ওপৰত মূল্য সংযোজিত কৰাত উৎসাহিত হয়, নিয়োগ বৃদ্ধি হয়  আৰু ৰপ্তানি বাঢ়ে৷ ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণে বিস্তৃতভাৱে উৎপাদিত ফলমূল আৰু শাকপাচলি,মাংস আৰু কুকুৰা, গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত দ্ৰব্য, মদ্যজাত চৰ্বত, মীন , মিঠাই,চকলেট আৰু নাৰিকলৰ পৰা প্ৰস্তুত দ্ৰব্য, মাহজাতীয় উৎপাদিত দ্ৰব্য , খনিজ জল আৰু প্ৰটিনযুক্ত খাদ্যৰ দৰে  আন কিছুমান দ্ৰব্য সাঙুৰি লৈছে৷

ভাৰতীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ সামগ্ৰিকভাৱে সূৰ্য্য উদয় উদ্যোগ(Sunrise Industry)হিচাপে চিনাক্ত হৈছে৷ ইয়াৰ কৃষি অৰ্থনৈতিক উত্থান ঘটাব পৰা সম্ভাৱনীয়তা আছে৷ সেয়ে ভাৰত চৰকাৰে ৰপ্তানি উন্নয়নৰ বাবে দুটা নডেল এজেঞ্চি গঠন কৰে৷ Agricultural & Processed  Food Products Export Development Authority(APEDA) ৰ ওপৰত  সকলোধৰণৰ প্ৰক্ৰিয়াকৰণ  খাদ্য ৰপ্তানিৰ বিষয়বোৰ চোৱাচিতাৰ দায়িত্ব ন্যস্ত কৰা হৈছে৷ অন্যহাতে Marine Product Export Development Authority(MPEDA)  সকলো ধৰণৰ মীন আৰু মীন উৎপাদনৰ  চোৱাচিতাৰ ক্ষেত্ৰত দায়বদ্ধ৷

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ

অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰক্ৰিয়াকৃত খাদ্যৰ চাহিদালৈ লক্ষ্য ৰাখিলে দেখা যায় যে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ সম্ভাৱনীয়তা যথেষ্ট আছে৷ খাদ্য প্ৰক্ৰিয়াকৰণ এক প্ৰমুখ উদ্যোগ হিচাপে আহি পৰিছে আৰু ইয়াৰ দ্বাৰা ৰাজ্যৰ যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ সম্ভাৱনা অধিক৷ অসমৰ মাটি সাৰুৱা , ফলমূল আৰু শাকপাচলি উৎপাদনৰ বাবে উপযুক্ত ৷ অসমত উৎপাদিত ফলমূল আৰু শাকপাচলি ৰেলেৰে বা পথ পৰিবহন যোগে অসমৰ বাহিৰলৈ পঠিওৱা হৈছিল৷ এতিয়া এইবোৰ অসমতে প্ৰক্ৰিয়াকৰণৰ কাম আৰম্ভ হৈছে৷ এনে এক উদ্যোগ হৈছে দৰং জিলাৰ দলগাঁৱৰ  Sanghavi Foods Private Ltd আৰু  এই খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যগটোৱে কৃষক সকলক সকাহ দিব৷ অঞ্চলটো শাকপাচলি উৎপাদনত চহকী; কিন্তু কৃষক সকলে তেওঁলোকৰ প্ৰাপ্য  লাভ কৰিব নোৱাৰিছিল৷ যেতিয়া অধিক উৎপাদন হয় তেতিয়া তেওঁলোকে কম দামত তেওঁলোকৰ উৎপাদিত দ্ৰব্য বিক্ৰী কৰিব লাগিছিল বা পেলাই দিছিল৷ এতিয়া উদ্যোগটোৱে ওপৰঞ্চি উৎপাদন কামত লগাইছে আৰু উৎপাদক সকলে উচিত মূল্য পাইছে৷

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰণালয়ে একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়চোৱাত দেশত সেঁউজ পথাৰ বৃহৎ খাদ্য উদ্যান (Green Field Mega Food Park ) স্থাপনৰ উদ্দেশ্যে এক আঁচনি আৰম্ভ কৰে৷  ইয়াৰ উদ্দেশ্য হল ফাৰ্মৰ পৰা বজাৰলৈ মূল্য সংযোজিত কৰাৰ লগতে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে বুনিয়াদ গঠন কৰা৷ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰণালয়ে চুড়ান্ত অনুমোদন প্ৰদান কৰি North East Mega Food Park Ltd ক পাঁচ কোটি টকা প্ৰকল্পত ব্যয়ৰ বাবে প্ৰদান কৰে৷  টিহুৰ নাথকুচিত এই প্ৰকল্পৰ এটা কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ গোট থাকিব৷ ই পঞ্চাশ একৰ ভূমি আগুৰি লব আৰু ছটা প্ৰাথমিক খাদ্য প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ থাকিব৷ ইয়াক সমগ্ৰ অঞ্চলতে ব্যাপ্ত হৈ থকা উনৈশটা সংগ্ৰহ কেন্দ্ৰৰ প্ৰসাৰণে পোষকতা কৰিব৷ ইয়াৰোপৰি ভাৰত চৰকাৰে কামৰূপ জিলাৰ গুৱাহাটীৰ ওচৰৰ ছয়গাঁৱত খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ উদ্যান নিৰ্মাণৰ বাবে মঞ্জুৰী দিছে৷


ভাৰত চৰকাৰে প্ৰৱৰ্ত্তন কৰা ১৯৯৭ চনৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে উদ্যোগিক নীতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ খাদ্য শস্য আৰু উদ্যান শস্যৰ প্ৰচুৰতা আৰু সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি স্পষ্টভাৱে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ উন্নয়নৰ কথা উল্লেখ কৰিছে৷ The North Eastern  Development Finance Corporation ( NEDFi) Ltd য়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে ফলমূল আৰু শাকপাচলি প্ৰক্ৰিয়াকৰণ উদ্যোগক সম্ভাৱনাপূৰ্ণ প্ৰকল্প ৰূপে চিনাক্ত কৰিছে ৷ অলপতে NEDFi য়ে North East Equity Fund নামেৰে এক নতুন বিনিয়োগ আচঁনি হাতত লৈ প্ৰথম পৰ্য্যায়ৰ উদ্যোগীক সহায় কৰিছে আৰু তেওঁলোকে এই আঁচনিত খাদ্য প্ৰক্ৰিয়াকৰণ অন্তৰ্ভূক্ত কৰিছে৷ ইতিমধ্যে NEDFi য়ে গুৱাহাটীৰ ওচৰৰ ৰবিত North East Pure  Drinks নামৰ প্ৰতিষ্ঠানক নৰম পানীয়ৰ বটলিঙৰ বাবে ১৫০ লাখ টকাৰ বিত্ত যোগান ধৰিছে৷

অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাত National Horticulture Board ৰ পৃষঠপোষকতাত সীমিতসংখ্যক খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ গঢ়ি উঠিছে৷ কেন্দ্ৰীয় চৰকাৰে সাম্প্ৰতিক পদক্ষেপ স্বৰূপে উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগ শস্যৰ কাম কাজৰ উন্নয়নৰ বাবে National Horticulture Mission  হাতত লৈছে৷ ইয়াৰ দ্বাৰা কৃষকসকলৰ প্ৰতি বছৰে ফলমূল আৰু শাকপাচলি নষ্ট হৈ লোকচান হোৱা কাৰ্য্যক বাধা দিবৰ বাবে বুনিয়াদ তৈয়াৰ কৰি পেকেট কৰা, উদ্যান শস্যৰ উৎপাদিত দ্ৰব্য  সংৰক্ষণ আৰু পৰিবহণৰ বাবে পদক্ষেপ লৈছে৷ প্ৰক্ৰিয়াকৰণ ফলমূল আৰু খাদ্যৰ উৎপাদনে নিয়োগৰ বৃহৎ সুযোগ দিছে আৰু কৃষি উৎপাদন বৃদ্ধি কৰি কৃষি ক্ষেত্ৰত ৰপ্তানিৰ সুযোগ দিছে৷ চৰকাৰেও  এই উদ্যোগলৈ বিদেশী বিনিয়োগক আকৰ্ষণ কৰিবলৈ  ব্যৱস্থা গ্ৰহণ কৰিছে আৰু দেশৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগলৈ বিদেশী প্ৰযুক্তি স্থানান্তৰকৰণৰ ক্ষেত্ৰত খৰটকীয়া অনুমোদন দিছে৷


উদ্যান শস্যৰ বজাৰ আৰু প্ৰক্ৰিয়াকৰণৰ সুবিধা বৃদ্ধিৰ বাবে উত্তৰ পূব পৰিষদ ( North East Council) ৰ আশ্ৰয়ত North Eastern Regional Agricultural Marketing Corporation ( NERAMAC) গঠন কৰা হয়৷ NERAMAC য়ে ত্ৰিপুৰাৰ কুমাৰঘাটত  ৩৪৮ কোটি টকা ব্যয়ত ফলমূলৰ প্ৰক্ৰিয়াকৰণৰ এক প্ৰকল্প হাতত লয়৷ প্ৰকল্পটোৱে প্ৰায় ৮০০ মেট্ৰিক টন আনাৰস / কমলা প্ৰক্ৰিয়াকৰণ  কৰিব পাৰে৷  ইতিমধ্যে তাৰ কাম আৰম্ভ কৰিছে৷ NERAMAC য়ে তেনে ধৰণৰ প্ৰকল্প স্থাপনৰ বাবে অন্য ব্যৱসায়যোগ্য দ্ৰব্যৰ ভিত্তিতো তেনে ধৰণৰ প্ৰকল্প স্থাপনৰ বাবে প্ৰচেষ্টা চলাই আছে৷

অসমৰ নতুন উদ্যোগিক নীতি ,২০১৪ 
   
অসম উদ্যোগ নীতি ,২০১৪ ইতিমধ্যে ঘোষনা কৰা হৈছে৷ ২০১৪ চনৰ ১মাৰ্চৰ পৰা কাৰ্য্যকৰি হোৱা এই উদ্যোগিক নীতিৰ বৈধ্যতা ২০১৯ চনৰ ২৮ ফেব্ৰুৱাৰীলৈ থাকিব৷ এই নতুন উদ্যোগ আৰু বিনিয়োগ নীতিৰ  দ্বাৰা ক্ষুদ্ৰ ,অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ওপৰত গুৰুত্ব দিয়া হব৷ সৰু সৰু উদ্যোগৰ বাবে আগ্ৰহী যুৱক যুৱতীক সকাহ দিবৰ বাবে চৰকাৰে পুঁজিৰো ব্যৱস্থা কৰিছে৷ এন্ জেল ফাণ্ড নামেৰে এক নতুন আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছে৷ এই আঁচনিৰ জড়িয়তে ৫ লাখ টকা পৰ্যন্ত ঋণ দিয়া হব৷ সেই ঋণ ৰাজ্যৰ বৃহৎ আঞ্চলিক গ্ৰামীণ বেংক, অসম গ্ৰামীণ বিকাশ বংকে প্ৰদান কৰিব৷ ঋণৰ বাবদ দহ মাহৰ লৈকে বেংকক কোনো সুত বা কিস্তি পৰিশোধ কৰিব নালাগে৷ ঋণ লোৱাৰ সাত বছৰৰ ভিতৰত ধন ঘূৰাই দিলে বেংকে এক শতাংশ নগদ ধন ৰেহাই দিব৷ এই উদ্যোগিক নীতিত কৰ ৰেহাই দিয়াৰো ব্যৱস্থা কৰা হৈছে৷ বহুজাতিক কৰপোৰেট খণ্ডৰ পুঁজিপতিৰ হাতলৈ এইবোৰ উদ্যোগ যোৱাৰ পূৰ্বেই অসমৰ যুৱক যুৱতীসকলে ৰাজ্যৰ উদ্যোগ নীতিৰ সুযোগ গ্ৰহণ কৰি উদ্যোগ স্থাপনৰ কামত উঠি পৰি লাগি যোৱা উচিত৷ এনে কৰিলে নতুন কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা সদিচ্ছাৰ প্ৰমাণো পোৱা যাব৷

কেনেকৈ এটা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ স্থাপন কৰিব পাৰি ?

৭৫% উদ্যোগ অসংগঠিত খণ্ডৰ আৰু ক্ষুদ্ৰ মাত্ৰাৰ হোৱা বাবে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ বহুতো উদ্যোগীৰ বাবে পৰিপূৰ্ণ উপকৰণ হব পাৰিছে৷ এই ব্যৱসায়ত কৃতকাৰ্য্য  হবলৈ কঠিন নহয়৷ শস্য চপোৱাৰ সময়ত কম মূল্যত সেইবোৰ নিজৰ দক্ষতাৰে গোটাই লৈ প্ৰক্ৰিয়াকৰণ , জমাকৰণ আৰু চাহিদাৰ পুৰ্ণ পৰ্য্যায়ত যোগান ধৰিব পাৰিলে এই ব্যৱসায়ত বৰ্ত্তি থাকিব পাৰি৷ মূল্য সংযোজন , পেকেটকৰণ আৰু ব্ৰেণ্ড আদি গঢ়ি তোলাৰ নিশ্চয়তাই অধিক লাভৰ দক্ষতা বৃদ্ধি কৰে৷ খাদ্য প্ৰক্ৰিয়াকৰণ ব্যৱসায় আৰম্ভ কৰিবলৈ  লব লগা দহটা পদক্ষেপৰ কথা উল্লেখ কৰা হৈছে৷

(১) উৎপাদিত দ্ৰব্যৰ বিষয়ে ধাৰণা, 


(২)বজাৰ অধ্যয়ণ আৰু ব্যৱসায় পৰিকল্পনা,


(৩) ব্যৱসায় সংগঠন,


(৪) ব্যৱসায়ৰ বীমাকৰণ আৰু নীতি নিদ্ধাৰণ,


(৫) খাদ্য সুৰক্ষা, 


(৬) উৎপাদনৰ পদ্ধতি,


 (৭) উৎপাদিত দ্ৰব্য উন্নিতকৰণ,


(৮) পেকেটকৰণ আৰু লেবেল লগোৱা কাৰ্য্য,


(৯)  মাৰ্কেটিং আৰু


(১০) বিতৰণ ৷ 


বিশদভাবে জানিবলৈ হলে ইন্টাৰনেটৰ ৱেবচাইটবোৰত চালেই হল৷ তলত কিছুমান দিশৰ ওপৰত আলোকপাত কৰা হল৷

বিনিয়োগৰ আৱশ্যকতা

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ ঘৰুৱা ব্যৱসায়ৰ পৰা আৰম্ভ হৈ বৃহৎ পৰ্য্যায়লৈকে যাব পাৰে৷ ব্যৱসায় বিনিয়োগ কেইহেজাৰমান টকাৰ পৰা আৰম্ভ কৰিব পাৰি আৰু কোটি টকালৈকে যাব পাৰে৷ এক আদৰ্শ স্বৰূপ প্ৰতিষ্ঠান ১০০০০ ৰ পৰা ৩০০০০ একক উৎপাদনৰ সৈতে , আবচাব আৰু মেচিনৰ বাবে ১০ লাখ আৰু ৪০ লাখ টকাৰ প্ৰয়োজন হব৷ দুগ্ধ বা সেই সম্পৰ্কীয় উৎপাদনৰ ক্ষেত্ৰত প্ৰায় ২০ লাখ আৰু ৩০ লাখৰ মাজতে বিনিয়োগ হব৷ খাদ্য আৰু শাকপাচলি প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে ১০ লাখ, মাংস আৰু মূৰ্গীৰ বাবে ১০ লাখ টকা প্ৰয়োজন হব৷ বজাৰৰ মূল্যৰ তাৰাতম্য আনুযায়ী এই হিচাপৰো কিছু তাৰাতম্য ঘটিব পাৰে৷

বুনিয়াদ নিৰ্মাণ

এটা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ  ১০০০ বৰ্গফুটৰ  ভূমিৰ ভিতৰতে আৰম্ভ কৰিব পাৰি ৷ ভাল যাতায়তৰ সুবিধা আৰু সঞ্চয় কৰিব পৰা ক্ষমতা অতি প্ৰয়োজনীয়৷ যন্ত্ৰপাতি আৰু মেচিন ব্যৱহাৰ কৰা সত্বেও ১০-২০ জন কৰ্মচাৰী নিয়োগ কৰিব লাগিব৷

বিত্ত যোগান

NABARD আৰু অন্যান্য চৰকাৰী বে-চৰকাৰী বিত্তীয় প্ৰতিষ্ঠানে এনে উদ্যোগ স্থাপনৰ বাবে ঋণ প্ৰদান কৰে৷ প্ৰয়োজন সাপেক্ষে নিজা ববীয়াকৈও কিছু প্ৰান্তিক ধন ব্যৱসায়ত বিনিয়োগ কৰিব লগা হব পাৰে৷

ব্যৱসায় বীমাকৰণ

যন্ত্ৰপাতি, মেচিন,আবচাব ইত্যাদি প্ৰায় সকলোবোৰ প্ৰাকৃতিক দুৰ্য্যোগ আৰু চোৰ ডকাইতিৰ বাবে বীমা কৰিব পাৰি৷

অনুজ্ঞাপত্ৰ

সৰহভাগ খাদ্য প্ৰক্ৰিয়াকৰণ দ্ৰব্য, উদ্যোগ( উন্নয়ন আৰু নীতি) আইন ১৯৫১ ৰ মতে অনুজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে৷ ক্ষুদ্ৰ উদ্যোগৰ বাবে ৰখা দ্ৰব্য আৰু মদ্য জাতীয় চৰ্বতৰ ক্ষেত্ৰত কথাটো সুকীয়া৷

মৌলিক প্ৰয়োজন সমূহ

১) বিক্ৰী কৰ তালিকাভুক্তকৰণ—ভেট নং

২)ব্যৱসায়ৰ বাবে আয় কৰৰ স্থায়ী একাউন্ট নং (PAN Card No)

৩)বাণিজ্যিক  অনুজ্ঞাপত্ৰ

৪) স্বাস্থ্য বিভাগৰ পৰা খাদ্য অনুজ্ঞা পত্ৰ

৫) প্ৰশিক্ষণ প্ৰাপ্ত হলে তাৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি

প্ৰতিযোগিতা

খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডটো তেনেই খণ্ড বিখণ্ড উদ্যোগৰ সমষ্টি৷৷ এই উদ্যোগৰ বহুতো উদ্যোগী কাৰ্য্য ক্ষেত্ৰত আৰু উৎপাদনত ক্ষুদ্ৰ আৰু বহুল ভাৱে অসংগঠিত খণ্ডত লিপ্ত হৈ আছে৷ এই খণ্ডটোৱে উৎপাদনৰ ক্ষেত্ৰত ৭০% আৰু মূল্যৰ ক্ষেত্ৰত ৫০%  দখল কৰিছে৷ যদিওবা সংগঠিত খণ্ডটো দেখাত তুলনামূলক ভাৱে সৰু , ই অতি খৰ গতিত আগুৱাই গৈছে৷ নতুন উদ্যোগীৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত জটিলতা আহিবও পাৰে৷ তথাপি মন কৰিব লাগিব যে মুখৰ কথা আৰু প্ৰথম কিছু সুখী তথা সন্তুষ্ট গ্ৰাহক/ খুচুৰা ব্যৱসায়ীয়েই হব ডাঙৰ বিজ্ঞাপনদাতা৷ তেওঁলোকৰ সম্পূৰ্ণ কথা মনোযোগ দি শুনাৰ ওপৰতেই কৃতকাৰ্য্যতাৰ হাৰ নিৰ্ভৰ কৰিব৷ যেতিয়া নেকি   বাতৰি কাকত, ৰেডিঅ আৰু টেলিভিশ্যনত উৎপাদিত দ্ৰব্যৰ গুণাগুণৰ সম্বন্ধে সজাগতা সৃষ্টি কৰা হব তেতিয়া লগতে  ইণ্টাৰনেটত এটা ৱেইবচাইট  আৰু চচিয়েল নেটৱৰ্কিং চাইটত এটা পেজ খুলি লোৱাটো একান্তই প্ৰয়োজনীয় কথা হব৷ 

০০০০০০০০০)(০০০০০০০০০০

বিঃ দ্ৰঃ প্ৰৱন্ধটো জনপ্ৰিয় আলোচনী "প্ৰান্তিক"ৰ ১৬--৩১জুলাই ,২০১৪ সংখ্যাত প্ৰকাশিত৷



Monday 23 June 2014

পৃথিবীৰ বৈৰী

(ৰহস্য গল্প)

অসম তথা উত্তৰ পূৰ্বাঞ্চলত ঘটি থকা ঘটনাৱলীক লৈ কেৱল অসম, উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষৰঅন্যান্যৰাজ্যবোৰতেই নহয়, সমগ্ৰ বিশ্বতেই এক প্ৰতিবাদৰ জোৱাৰ উঠিছে৷ নুঠিবনো কিয়? ইয়াত আইন শৃংখলাইমানেই শিথিল যে কাৰোবাৰ দৰকাৰ হৈছে অভয়াৰণ্যত প্ৰৱেশ কৰি দিন দুপৰতে গঁড় মাৰি তাৰ খৰ্গটো কাটিনিছে,আন কাৰোবাৰ মন গৈছে কাৰোবাক অপহৰণ কৰি লৈ গৈছে৷ কিমান যে পুৰুষ-মহিলা, যুৱক-যুৱতী ক’ৰবালৈকোনোকামত ওলাই গৈ ঘৰলৈ ঘূৰি নাহি ক’ত যে হেৰাই গৈছে তাৰ এতিয়া হিচাপেই নোহোৱা হৈছে৷ লাহে লাহে যেতিয়া হেৰাই যোৱা লোকৰ তালিকাখন দীঘলীয়া হ’ব ধৰিলে তেতিয়া তাত কেৱল ভাৰতীয়ই নহয় বিদেশী পৰ্য্যটকৰো নাম সন্নিবিষ্ট হ’ল৷ এতিয়া য’তেই দুজন বা ততোধিক মানুহ গোট খায় তাতেই কেৱল এইবোৰ কথাৰ চৰ্চা হয়৷

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আইন-শৃংখলা আৰু পৰিস্থিতি ইমানেই ভয়ংকৰ তথাপিও ইয়ালৈ দেশী বিদেশী অনেক লোকৰ প্ৰৱেশ কিছু দিনৰ পৰা বৃদ্ধিহে পাইছে৷ ইয়াৰ আঁৰত নিশ্চয় কিবা ৰহস্য লুকাই আছে৷ কোনোবা এজনে দিয়া মন্তব্যৰ উত্তৰ দি আন কোনোবাজনে কয়, ও আছে৷ ৰহস্য কি তাক জানি ব্যৱস্থা গ্ৰহণ কৰিব পৰা ক্ষমতা থকা সকলে তাক গাপ দি ৰাখি তাৰ পৰা মুনাফা লুটাৰ সুযোগ লৈছে আক’৷ সোণ! সোণ! সোণৰ দাম ইয়াত বহুত কম৷ পিছে তাহানিখনৰ সোণোৱাল কছাৰীসকলে সোৱনশিৰি নদীত সোণ কমাই সোণেৰে উপচাই দিয়া নাই৷ এই সোণ ক’ৰ পৰা কেনেকৈ আহিছে কোনেও আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰা নাই৷ মাথোঁ সোণ যিমান পাৰে গোটাইছে৷ ইয়াৰ বহুতো মানুহে এতিয়া সোণৰ বেপাৰত ধৰিছে৷ সোণ কিনোতাৰো সীমা সংখ্যা নোহোৱা হৈছে৷ সোণ পুলিচে কিনিছে, আয় কৰ বিভাগৰ আমোলাই কিনিছে, অন্য চাকৰিয়ালে কিনিছে, ব্যৱসায়ীয়ে কিনিছে, কৃষকে কিনিছে, সোণ কোনে কিনা নাই? মন্ত্ৰী, বিধায়ক আৰু হাকিম-উকিল সকলোৱে কিনিছে৷ এৰা, ঠিকেই কৰিছে৷ সময়ৰ শৰ মাৰিব নোৱাৰিলে বোলে শৰ পহুৰ মঙহ খাব নোৱাৰি৷

সোণ কিনা-বেচা, মানুহ অপহৰণ আৰু যেতিয়াই তেতিয়াই গঁড় নিধন- এইবোৰ কথা ৰাজ্য চৰকাৰবোৰৰ বাবে ডাঙৰ কথা কিবা কাৰণত নহ’বও পাৰে; কিন্তু বহুতো কাৰণত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দ্দেশ দি আছিল৷ ৰাজ্য চৰকাৰ বিফল হোৱাত চি বি আইক তদন্ত কৰিবলৈ দায়িত্বভাৰ দিয়া হল৷ তদন্তৰ বাবে দুজন উচ্চ পদস্থ বিষয়া আহিল৷ দুদিনৰ পিছতে দুয়োজন নিখোঁজ হ’ল৷ ভালেমান দিনলৈ বিষয়া দুজনৰ অনুসন্ধান চলি থাকিল; কিন্তু কোনেও তেওঁলোকৰ সন্ধান উলিয়াব নোৱাৰিলে৷


০০০০০০০০০০০০০০০০০০০০০০০


মুখ্যমন্ত্ৰী আনন্দ বৰাৰ বাসভৱন৷ ৰাজ্যৰ উদ্বেগজনক পৰিস্থিতিৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰুদ্ধদ্বাৰ বৈঠক অনুস্থিত কৰা হৈছে৷ মুখ্যমন্ত্ৰীৰ লগত আছে তেওঁৰ ৰাজনৈতিক উপদেষ্টা আৰু দুজন বিশ্বস্ত মন্ত্ৰী তথা অসমৰ আৰক্ষী-আয়ুক্ত সীমান্ত বৰুৱা৷ এই বৈঠকলৈ আমন্ত্ৰিত কৰি অনা হৈছে বিখ্যাত প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱাক৷

“বৰুৱা, আপুনিতো অভিযান চলাই গঁড় হত্যাকাৰীক হাতে-লোতৰে ধৰাই দিলেই আৰু ইয়াৰ অন্তৰালত থকা ব্যক্তি সকলৰ বিষয়েও আমাক জনালে৷” মুখ্যমন্ত্ৰীয়ে ৰতন বৰুৱাক উদ্দেশ্যি কলে, “চৰকাৰেও সিহঁতক কৰায়ত্ত কৰাৰ বাবে চেষ্টা চলাই আছে; কিন্তু প্ৰমাণৰ অভাৱত সেয়া হৈ উঠা নাই৷ এতিয়া আগতকৈ বেছিকৈহে গঁড় হত্যা কৰিব ধৰিছে৷ অন্যহাতে আচৰিত কথা হ’ল এয়ে যে ক’ৰ পৰা কেনেকৈ ইয়ালৈ সোণ আহিছে নাজানো; কিন্তু মানুহবোৰ সোণৰ লগত এক প্ৰকাৰ বলিয়াই হৈ পৰিছে৷ খেতিয়কে খেতিৰ কাম এৰিছে, ৰিক্সাৱালা, ঠেলাৱালাই ৰিক্সা-ঠেলা চলোৱা বাদ দিছে, মিস্ত্ৰী যোগালী আৰু বনুৱাই নিজৰ কাম এৰিছে, পুলিচ-মিলিটেৰী, কেৰাণী-মহৰী, শিক্ষক-প্ৰৱক্তাই নিজৰ চাকৰিলৈ পিঠি দিছে আৰু সকলোৱে দুদিনতে চহকী হ’বৰ বাবে সোণৰ কাৰবাৰত নামি পৰিছে৷ উন্নয়নমূলক কামবোৰ স্তব্ধ হৈ পৰিছে৷ ৰাজ্যখনৰ বহুতো মানুহ অলপ দিনৰ ভিতৰতে চহকী হৈ পৰিছে৷ ৰাজ্য দেশী বিদেশী বহিৰাগত লোকেৰে ঠাহ খাই পৰিছে-সকলোৱে চহকী হোৱাৰ স্বপ্ন লৈ আহিছে৷ ৰাজ্যখনত নিতৌ অপহৰণৰ ঘটনা ঘটিয়ে আছে; কিন্তু তালৈকো কোনেও কেৰেপ কৰা নাই, যেন অপহৰণ, মৃত্যু এইবোৰ কোনো ডাঙৰ কথা নহয়, ধনী-মানী হ’ব পৰাটোহে আচল কথা আৰু তাতেই এই জীৱনৰ সাৰ্থকতা লুকাই আছে৷ কেন্দ্ৰীয় চৰকাৰে আমাক হেঁচা দিছে, আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব লাগে, অপহৃত চি বি আই বিষয়া দুজন আৰু অন্যসকলৰ সন্ধান উলিয়াই তেওঁলোকক উদ্ধাৰ কৰিব লাগে৷ আমি কি কৰিম কওক বৰুৱা? আমিতো যাদুকৰ নহয় যে পানী জাৰি দিম আৰু মানুহ কেইটা ওলাই আহিব৷ স্বয়ং চি বি আইৰ বিষয়াই হেৰাই গৈছে৷ হুঁহ, আমি কিডাল কৰিম হে৷ পিছে আপোনাৰ কথা সুকীয়া দেই বৰুৱা, এই বিষয়ত আপোনাক সম্পূৰ্ণ দায়িত্ব মই গৃহ বিভাগৰো মন্ত্ৰী হিচাপে অৰ্পণ কৰিলোঁ৷”

“ধন্যবাদ ছাৰ৷” ৰতন বৰুৱাই কৃতজ্ঞতা প্ৰকাশ কৰি কলে, “এনে গুৰুত্বপূৰ্ণ কামৰ ভাৰ দি মোৰ ওপৰত আপোনালোকে ভৰষা ৰাখিছে যেতিয়া ময়ো কৰ্ত্তব্যত অলপো হেলা নকৰি ৰহস্য উৎঘাটন কৰিম৷ অপহৃত ব্যক্তিসকলৰ তালিকা আৰু কাক কেনে পৰিবেশত অপহৰণ কৰা হ’ল, এইবোৰ বিষেয়ে যিমান দূৰ সম্ভৱ কথাবোৰ জনাব লাগিব৷ সোণবোৰ ইয়ালৈ ক’ৰপৰা কেনেকৈ আহিছে সেই বিষয়ে কিবা সম্ভেদ পাইছে যদি মোক তাকো জনালে ভাল হ’ব৷ গঁড় নিধনৰ বিষয়ে মোক একো নজনালেও হ’ব৷ মই এই বিষয়ে সকলো কথা জানো৷”

মুখ্যমন্ত্ৰীৰ নিৰ্দ্দেশত পুলিচ আয়ুক্ত সীমান্ত বৰুৱাই সকলো আৱশ্যকীয় তথ্য পাতি ৰতন বৰুৱাক দি অভিযানৰ বাবে শুভেচ্ছা জনাই ক’লে, “বৰুৱা ডাঙৰীয়া, আপোনাৰ অভিযানলৈ মোৰ কেৱল শুভেচ্ছায়েই নহয় আপুনি যেতিয়াই বিচাৰে তেতিয়াই সহায়ৰ হাত আগ বঢ়াবলৈ অসম পুলিচ প্ৰতি মুহূৰ্ততে সাজু থাকিব বুলি প্ৰতিশ্ৰুতিও থাকিল৷”

ৰতন বৰুৱাই ধন্যবাদ জনালে আৰু দুয়ো কৰমৰ্দন কৰিলে৷ মুখ্যমন্ত্ৰীকে ধৰি সমবেত সকলোৱেই ৰতন বৰুৱাক তেওঁৰ অভিযানৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলে৷ ৰতন বৰুৱাই বিনম্ৰভাৱে সকলোকে ধন্যবাদ জনালে৷


০০০০০০০০০০০০০০০০০০০০০০০



ৰতন বৰুৱাই মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পৰা ওলায়েই বাল্যবন্ধু শৰতলৈ ফোন কৰিলে৷ শৰৎ অৰ্থাৎ ড° শৰৎ গোস্বামী ঘৰতে আছিল৷ ৰতন বৰুৱাক তেওঁ ঘৰলৈ নিমন্ত্ৰণ জনালে৷ ৰতন বৰুৱাই ভবা কথাটো অতি সহজতে হৈ যোৱাত ভালেই পালে৷ লগে লগে তেওঁ ড° শৰৎ গোস্বামীৰ ঘৰ পালেগৈ৷

“কিহে ডিটেকটিভ, কপালৰ ৰেখাবোৰ বেছিকৈ জিলিকি আছে যে, কিবা গধূৰ বোজা বব লগা হৈছে নেকি?” ৰতন বৰুৱাক দেখা পায়ে শৰতে তেনেদৰে কোৱাত ৰতন বৰুৱাই এক প্ৰকাৰ থতমত খাই গল৷

“এৰা দেই, তুমি মোৰ প্ৰকৃত বন্ধু৷ প্ৰকৃত বন্ধুৱেহে চেহেৰা দেখিয়ে বন্ধুৰ মনৰ ভাৱ বুজিব পাৰে৷” ৰতন গোস্বামীয়ে ক’লে৷

“অ’, তেনেহলে তুমি মোক আগতে প্ৰকৃত বন্ধু বুলি গণ্যই কৰা নাছিলা, নহয় জানো?” শৰতে ইতিকিং সুৰত কোৱা কথাষাৰত ৰতন বৰুৱাই লাজ পালে যদিও সেয়া লুকাই ৰাখিলে৷


“মোৰ ওপৰত পৰা গধূৰ ভাৰখনৰ কথা গম পাইছা যেতিয়া তাক পাতল কৰি দিলেহে প্ৰকৃত বন্ধু বুলি খাটাংকৈ ধৰি ল’ব পাৰিম৷”

ৰতন বৰুৱাই হাঁহি হাঁহি কোৱা কথাৰ শৰতেও হাঁহি হাঁহি উত্তৰ দিলে, “তেনেহলে কোৱা বন্ধু, তোমাৰ সমস্যাৰ কথা কোৱা৷”

ৰতন বৰুৱাই লোৱা নতুন কামৰ বিষয়ে শৰতক কোৱাত তেওঁ শুনিয়েই হতভম্ব হ’ল৷ তথাপিও যথাসাধ্য সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে৷


“তুমি অৰ্থনীতিৰ প্ৰৱক্তা, এই সোণৰ কাৰবাৰটোৰ বিষয়ে নিশ্চয়ে কিবা ধাৰণা কৰিছা তাকে মোক বুজাই দিয়াচোন৷” ৰতন বৰুৱাই ক’লে৷

“এৰা, সোণৰ প্ৰাচুৰ্য্যই যি সমস্যাৰ সৃষ্টি কৰিছে তাক লৈ বৌদ্ধিক সমাজখন উদ্বিগ্ন হৈ পৰিছে”, ড° শৰৎ গোস্বামীয়ে কলে, “সমাজৰ এচাম অৰ্থলোভীয়ে ধন সোণ সংগ্ৰহত নামি পৰিছে আৰু আন এচামে বয়-বস্তুৰ জুই ছাই দামৰ বাবে জলাকলা দেখিছে৷ ১৮৫৪ চনত কেলিফৰ্ণিয়াৰ কালাভেৰাচ প্ৰদেশৰ কাৰচন পৰ্বতত ১৬০ পাউণ্ড সোণ পাইছিল৷ তেতিয়া হঠাৎ ধনী হোৱাৰ লোভে কেলিফৰ্ণিয়াত দ্ৰুত গতিত অনিয়ন্ত্ৰিত হাৰত জনসংখ্যা বৃদ্ধি কৰিছিল৷ বয়-বস্তুৰ দাম আকাশলঙ্ঘী হৈছিল৷ সোণৰ হুৰামুৰাৰ ধামখুমীয়াত পৰি তাৰ স্থায়ী বাসিন্দাসকল বিভ্ৰান্ত হৈ পৰিছিল৷ তাৎক্ষণিকভাৱে চহকী হোৱাৰ তাৰণাত পৰি নাৱিক, সৈনিক আৰু ভূমিহীন কৃষক ইত্যাদি সকলোৱে নিজৰ কাম ত্যাগ কৰিছিল৷ আনকি আমেৰিকা আৰু অন্যান্য দেশৰ লোকেও হঠাতে ধনী হ’বলৈ কেলিফৰ্ণিয়ালৈ আহিছিল আৰু সেই সম্পদ ভোগ কৰিবলৈ স্বদেশলৈ ঘূৰি গৈছিল৷ এটা সময়ত তাত সোণৰ আহৰণ বৃদ্ধি পাই সৰ্বোচ্চ সীমা পালে আৰু ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিলে৷ অৰ্থনীতিবিদোসকলে হিচাপ কৰি দেখিছে যে ১৮৪০-১৯৪০ চনৰ ভিতৰত দেশখনে আহৰণ কৰা সোণৰ মূল্য দেশখনৰ ১৯৬০ চনৰ বছৰটোৰ কৃষি উৎপানৰ মূল্যতকৈও কম৷”

“তুমি যে সোণ আহৰণৰ কথা ক’লা, ধাৰণা কৰিব পাৰি নেকি যে আমাৰ ইয়াতো ক’ৰবাত সোণৰ খনিত গোপনে সোণ আহৰণ কৰি থকা হৈছে?” ৰতন বৰুৱাই ক’লে৷

“বজাৰত যেতিয়া ইমান সোণ বিক্ৰী হৈছে তেন্তে তাৰ উৎসটোক সোণৰ খনি বুলি নকৈ কি বুলি ক’বাহে?”

“এৰা হে, কথাটো মিছা নহয়৷ ৰতন বৰুৱাই ক’লে৷ তেন্তে প্ৰথম কাম হ’ব সোণৰ উৎসৰ সন্ধান উলিওৱা, নহয় জানো বন্ধু?”

“কামটো জটিল; কিন্তু তুমি সমাধা কৰিব পাৰিবা বুলি বিশ্বাস আছে বন্ধু, শুভেচ্ছা থাকিল৷” শৰৎ গোস্বামীয়ে ক’লে৷

“ধন্যবাদ বন্ধু৷ আজিলৈ বিদায়৷”


০০০০০০০০০০০০০০০০০০০০০০০


ৰতন বৰুৱাই এক জৰুৰী বৈঠকৰ আহ্বান কৰি দলৰ সকলো সদস্যকে মাতি পঠালে৷ নতুন কামৰ বিষয়ে সকলোকে জনাই তাৰ বিভিন্ন দিশবোৰ আলোচনা কৰিলে৷ আলোচনাত সোণ আৰু গঁড় নিধন কাৰ্যৰ মাজত কিবা যোগসূত্ৰ থাকিব পাৰে নেকি তাকো চৰ্চা কৰা হ’ল৷ অপহৰণ কাণ্ডৰ ওপৰতেই অধিক সময় ধৰি আলোচনা চলিল৷ অপহৰণ কৰা পিছত বৰ্তমানলৈকে কোনো শুং-সূত্ৰ নোলোৱা সকলৰ এখন তালিকা বেলেগে তৈয়াৰ কৰা হ’ল৷ এখন দীঘলীয়া তালিকা ৷

“এতিয়া আমাৰ প্ৰধান কাম হ’ল গুৱাহাটীত বেছি পৰিমাণৰ সোণ কাৰ লগত জমা আছে তাক অনুসন্ধান কৰি উলিওৱা৷ দুই এদিনৰ ভিতৰতে এই কাম সমাধা কৰিব লাগিব৷ এই কামৰ ভাৰ কোনোবা এজন বা দুজনে ল’ব নালাগে, আমি সকলোৱেই এতিয়াৰ পৰাই কামত লাগি যাওঁ৷” ৰতন বৰুৱাই ক’লে৷

কথামতেই কাম৷ সকলোৱেই উৎসাহেৰে কৰ্মক্ষেত্ৰত নামি পৰিল৷ সমগ্ৰ গুৱাহাটী মহানগৰীৰ বিভিন্ন শ্ৰেণীৰ লোকৰ লগত কথা-বতৰা পাতি ৰতন বৰুৱা আৰু তেওঁৰ দলৰ সদস্যসকলে সোণৰ ব্যৱসায় সন্দৰ্ভত কিছুমান খা-খবৰ সংগ্ৰহ কৰিলে৷ তেওঁলোক পুনৰ লগ হৈ আলোচনাত বহিল৷ তেওঁলোকে সিদ্ধান্তত উপনীত হ’ল যে লাখটকীয়াৰ ব্যৱসায়ী সুন্দৰমল চাহুৰ লগতেই সৰ্বাধিক সোণ জমা আছে৷ তেওঁ প্ৰকৃততে আলু-পিয়াজৰ পাইকাৰী ব্যৱসায়ী; কিন্তু কিছু দিনৰ আগৰে পৰা তেওঁ জুৱেলাৰী ব্যৱসায়ত নামিছে আৰু মহানগৰীৰ বিভিন্ন স্থানত কেইবাখনো ডাঙৰ জুৱেলাৰী দোকান খুলিছে৷

“আমাৰ এতিয়া প্ৰধান কাম হ’ল সুন্দৰমল চাহুক অনুসৰণ কৰা আৰু তেওঁ সোণ ক’ত পায় তাক বিচাৰি উলিওৱা৷” ৰতন বৰুৱাই দলৰ সকলোকে উদ্দেশ্যি ক’লে আৰু তাৰ পিছতে তেওঁৰ সহযোগীসকলে কোনে কি কাম কৰিব লাগিব বুজাই দিলে৷



০০০০০০০০০০০০০০০০০০০০০০০০০০০০



সীমাই বিউটিপাৰ্লাৰৰ পৰা সুন্দৰীজনী হৈ ওলাই বাহিৰে বাহিৰে লাখটকীয়াত থকা সুন্দৰমল চাহুৰ ‘জানকী জুৱেলাৰী’লৈ গ’ল৷

“আহক, আহক, বহকচোন” জানকী জুৱেলাৰীৰ ডেকা মেনেজাৰে সীমাক বেছ সম্ভ্ৰমেৰে মাতি তেওঁৰ টেবুলৰ সমুখৰ আসনতে বহিবলৈ দিলে – যেন বহুদিনৰ পূৰ্বৰে পৰা দুয়োৰে ভাল চিনাকি৷ সীমা বহাৰ পিছত কেনে ধৰণৰ জুৱেলাৰী লাগে বুলি মিচিকীয়া হাঁহি মাৰি এনে ভাৱত মেনেজাৰে সুধিলে, যেন প্ৰেয়সীকহে উপহাৰ দিবৰ বাবে প্ৰেমিকে সুধিছে৷

“মই গহনা কিনিবৰ বাবে অহা নাই, অন্য এক জৰুৰী কামৰ বাবেহে আপোনাৰ ওচৰলৈ আহিছোঁ৷”

“কওকচোন কেনে ধৰণৰ জৰুৰী কামত আহিলে৷”

“আপোনাৰ দোকানৰ বাবে এগৰাকী পৰিচাৰিকা লাগে বুলি জানিব পাৰি সেই কামত মোক নিয়োগ কৰিব নেকি সুধিবলৈ আহিছোঁ৷”

“অ’ হয় নেকি? তেনে হ’লে বৰ ভাল কথা ৷”ডেকা মেনেজাৰে কথা কেইটা ইমানেই উৎফুল্লিত হৈ ক’লে যে তেওঁৰ গালে মুখে ৰোমাঞ্চৰ ৰংবোৰ বিয়পি পৰা সীমাই স্পষ্টকৈ দেখা পালে৷

তেওঁ আকৌ ক’লে, “পিছে এই দোকানখন মোৰ নহয়, মই ইয়াৰ মেনেজাৰহে৷ মোৰ নাম মানস হালৈ৷ আপোনাৰ নামটো জানিব পাৰোঁনে?”


“মোৰ নাম সীমা ডেকা৷”


“আমাৰ দোকানৰ মালিকক আপুনি চিনিয়েই পাব চাগৈ৷ সুন্দৰমল চাহু৷ বৰ মৰমীয়াল মানুহ৷ কৰ্মচাৰীক ভাল দৰ্মহা দিয়ে৷ ৰ’ব মই ফোন এটা কৰি কথাটো সুধিয়েই চাওঁ বাৰু৷ পিছে আপোনাৰ ঘৰ ক’ত বুলি ক’ম?”

“আচল ঘৰ নলবাৰীত; কিন্তু থাকো চানমাৰিত৷”

“ইয়ে আচৰিত কথা, মোৰো আচল ঘৰ নলবাৰীতহে৷ হাঁদলীত৷ গাঁৱৰে আপী৷” কথাষাৰ উৎসাহেৰে কৈ মানসে মহাজনলৈ ফোন কৰিলে৷ ফোনত মহাজনক সীমাৰ বিষয়ে ক’লে যে তাই মানসৰ পেহীয়েকৰ ছোৱালী আৰু নলবৰীতেই ঘৰ৷ এনে বিশ্বাসী আৰু ভাল ছোৱালী পোৱা টান৷ গতিকে মহাজনে যেন কথাটো বিবেচনা কৰে৷

মহাজনৰ লগত ফোনত কথা পতাৰ পিছত সীমালৈ চাই বিশ্ব জয় কৰাৰ দৰে গৌৰৱেৰে হাঁহি এটা মাৰি আপুনি সম্বোধন বিসৰ্জন দি ক’লে, “তোমাৰ কাম হৈ যাব৷ মহাজনে তোমাক তেখেতৰ দোকানলৈ মাতিছে৷ অলপ দূৰ যদিও খোজ কাঢ়িয়েই যাব পাৰি৷ কথাবোৰ মোৰ কথাৰ লগত মিলাই মহাজনক ক’বা দেই৷”

মানসে মহাজনৰ দোকানৰ ফালে গৈ থকা সীমালৈ বহুপৰ একেৰাহে চাই থাকিল৷

মানসে সীমাৰহৈ দিয়া চৰিত্ৰৰ প্ৰমাণ পত্ৰই কাম কৰিলে৷ সুন্দৰমলে সীমাৰ কথা বতৰাত খুউব ভাল পালে আৰু পাণবজাৰত নতুনকৈ খোলা ‘সীতা জুৱেলাৰী’ৰ মেনেজাৰ হিচাপে নিয়োগ কৰিলে আৰু পিছদিনাৰ পৰাই কামত যোগদান কৰিবলৈ ক’লে৷

সীমাই মানসৰ দোকানত সোমাই খবৰটো দিয়াত মানসে দেহ মনত এক বুজাব নোৱাৰা পুলক তথা অনুভূতি অনুভৱ কৰিলে৷


০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০


“আয়িয়ে, আয়িয়ে ভাইচাহেব, বোলিয়েজী৷ বোলিয়ে ক্যা চাহিয়ে আপকো?” আগন্তুকক আথে–বেথে বহিবলৈ দি সীমাই ক’লে, “ঠাণ্ডা য়া গৰম কুচ —-৷”

আগন্তুকে আসন গ্ৰহণ কৰিলে আৰু দোকানৰ ইফালে সিফালে চাই মানুহ–দুনুহ নেদেখি হাঁহি হাঁহি ক’বলৈ ধৰিলে, “বাঃ সীমা বাঃ৷ তোমাক কিন্তু মানিলোঁ দেই, মেনেজাৰ এনেকুৱাহে হ’ব লাগে৷ সেয়েহে ৰতন বৰুৱা ছাৰ তোমাৰ প্ৰসংশাত পঞ্চমুখ৷

সেইটো যে নিজৰে সহযোগী বাহাদুৰ, মাতত হে সীমাই চিনিব পাৰিলে৷

“তুমিও কম মানুহ নহয় দিয়া, সাইলাখ শেঠজী৷ কোনেও সন্দেহ নকৰে যে তুমি ডিটেকটিভ ৰতন বৰুৱাৰ সহযোগী৷”

তাৰ পিছত দুয়ো কিছু গোপন কথা আলোচনা কৰিলে৷

সীমাই শেঠজীৰ আগমনৰ কথা মহাজনক জনাই ক’লে যে তেওঁ প্ৰায় দহ কোটি টকাৰ সোণ কিনিব৷ খবৰটো পোৱাৰ লগে লগে নিজে গাড়ী লৈ আহি শেঠজীক নিজৰ ঘৰলৈ লৈ গ’লহি৷ শেঠজীৰ লগত সোণৰ দাম-দৰ চিঙি দুদিনৰ পিছতে লেন-দেন কৰাৰ সিদ্ধান্ত ল’লে৷



০০০০০০০০০০০০০০০০০০০০০০০০০০০



সুন্দৰমল চাহুৱে সঘনাই তেওঁৰ ট্ৰাকচালকবোৰ সলনি কৰি থাকে৷ কথাটো জানিব পাৰি সীমাই ৰতন বৰুৱাক ফোনযোগে ক’লে৷ ৰতন বৰুৱাই ইন্দ্ৰজিতক ট্ৰাক চালকৰ চাকৰি ল’বলৈ সুন্দৰমলৰ ওচৰলৈ পঠাই দিলে৷ সঁচাকৈয়ে ইন্দ্ৰজিতে সহজতে ট্ৰাক চালকৰ চাকৰি পালে৷


ইন্দ্ৰজিতক মহাজনে তিনিচুকীয়াত থকা তেওঁৰ দোকানলৈ পঠাই দিলে৷ ট্ৰাক ভৰ্তি আলু-পিয়াজ লৈ সি হেণ্ডিমেন ল’ৰাটোৰ সৈতে তিনিচুকীয়াৰ পৰা অৰুণাচললৈ যাত্ৰা আৰম্ভ কৰিলে৷ বিহাৰী ল’ৰাটোৰ (হেণ্ডিমেন) লগতে ইন্দ্ৰজিতে হিন্দীতে কথা পাতি পাতি দূৰণিবটীয়া যাত্ৰাৰ আমনিদায়ক নিৰৱতাবোৰ খেদিব খুজিলে৷ হেণ্ডিমেন হৰিশংকৰ মহাজন সুন্দৰমল চাহুৰ প্ৰশংসাত পঞ্চমুখ৷ বিহাৰত মহাজন আৰু তাৰ ঘৰ ওচৰা-ওচৰি৷ সেয়ে সুন্দৰমলে হেনো তাক নিজৰ ল’ৰাৰ দৰে মৰম কৰে আৰু বিশ্বাস কৰে৷ ড্ৰাইভাৰে মাথোঁ গাড়ীখন চলাই নিবহে লাগে, বাকী বাটে-পথে, চেকগেটত বা অন্য ঠাইত উদ্ভৱ হোৱা সমস্যাবোৰ হৰিশংকৰেই সমাধান কৰে৷ সেইবোৰ কামৰ বাবে প্ৰয়োজন হোৱা ধন-বিট যি প্ৰয়োজন হয় সেয়া মহাজনে তাৰ হাততে দি থয়৷ দুয়ো কথা–বতৰা পাতি গৈ থাকোতে এটা পুলিচ চেক প’ষ্ট পালেগৈ৷ ট্ৰাকখন ইন্দ্ৰজিতে ৰখাই দিয়াৰ লগে লগে হৰিশংকৰ গাড়ীৰ পৰা টপকৰে নামি গৈ ডিউটিত থকা পুলিচ কেইজনক লগ কৰি মাননি জমা দি ঘূৰি আহি গৌৰৱোজ্বল চেহেৰা এটা লৈ গাড়ীত বহি পৰিল৷ ৰাতি এঘাৰ বজাতে সিহঁত গৈ তেজু পালেগৈ৷ তাৰে এখন ডাঙৰ লাইন হোটেলৰ চৌহদত গাড়ীখন পাৰ্ক কৰিলে৷ দুয়োটাই মাছে-মঙহেৰে পেট পূৰাই ভাত-ৰুটি খাই দুখন খাট দখল কৰি মুকলি আকাশৰ তলতে শুই পৰিল৷ পিছে ইন্দ্ৰজিতৰ চকুত টোপনি নাই৷ সি হৰিশংকৰলৈ চালে, বেচেৰাটো টোপনিত লালকাল দিলে৷ হৰিশংকৰে ইতিমধ্যে ইন্দ্ৰজিতে চলাই অহা ট্ৰাকখনৰ চাবিকোছা হোটেলতে সিহঁতৰ বাবে বাট চাই থকা এজন ড্ৰাইভাৰক চমজাই দিলে৷ যিহেতু তেজুৰ পৰা মিচিমি পাহাৰৰ যি ঠাইত আলু–পিয়াজ নমাব লাগিব তালৈকে সেইজন ড্ৰাইভাৰে ট্ৰাকখন লৈ যাব৷ কাৰণ, ৰাস্তা ভাল নহয় আৰু সেই অঞ্চলৰ পুলিচৰ লগত সেইজন ড্ৰাইভাৰ আৰু তেওঁৰ হেণ্ডিমেনটোৰহে ভাল সম্পৰ্ক আছে৷

কিছু সময়ৰ পিছত নতুন ড্ৰাইভাৰ-হেণ্ডিমেনে খোৱা-বোৱা কৰি ট্ৰাকত লফিয়াই উঠি বহি লৈ চাবিত পাক দি ইঞ্জিন ষ্টাৰ্ট দিলে৷ অন্ধকাৰৰ সুযোগ লৈ ইন্দ্ৰজিতে ট্ৰাকৰ পিছফালে উঠি লৈ আলু-পিয়াজৰ বস্তাৰ মাজত লুকাই পৰিল৷ অকোৱা-পকোৱা ওখ চাপৰ বাটেৰে মিচিমি পাহাৰক ধিয়াই গাড়ীয়ে গতি কৰিব ধৰিলে৷ তিনিচুকীয়াত ট্ৰাকখনত আলু-পিয়াজৰ বস্তাবোৰ উঠাই থাকোতে লগতে চাৰিটা কাৰ্টুন উঠাই দিয়া কাৰ্য ইন্দ্ৰজিতৰ নজৰত পৰিছিল৷ সি সেই কাৰ্টুনকেইটা বিচাৰিবলৈ ধৰিলে৷ বহু কষ্টৰ মূৰত কাৰ্টুন কেইটা বিচাৰি উলিয়াবলৈ সি সক্ষম হ’ল৷ তাৰে এটা সাৱধানে খুলি চাই দেখে-তাত কেইটামান গঁড়ৰ খৰ্গ আলফুলীয়াকৈ পেকেট কৰি ভৰাই থোৱা আছে৷ কাৰ্টুনটো পুনৰ আগৰ দৰেই বন্ধ কৰি পূৰ্বে য’ত যেনেকৈ আছিল ঠিক তেনেদৰে থৈ ৰতন বৰুৱালৈ ফোন কৰিবলৈ তেওঁৰ ম’বাইলত ফোনত নম্বৰ ডায়েল কৰিব ধৰিলে৷


০০০০০০০০০০০০০০০০০০০০০০০



ট্ৰাকখন গৈ চাৰিওফালে সুউচ্চ পকী বেৰা দিয়া এক জেইল সদৃশ বৃহৎ এলেকাৰ ভিতৰত সোমাই পৰিল৷ সেয়া এক গো-শালা নে গৱেষণাগাৰ নে অন্য কিবা অফিচ বা অনুষ্ঠান ইন্দ্ৰজিতে একো অনুমান কৰিব পৰা নাই৷ ট্ৰাকখন বহুদূৰ সোমাই গৈ এটা দুমহলীয়া ঘৰৰ সমুখত ৰ’লগৈ৷ লগে লগে ইন্দ্ৰজিতেও গাড়ীৰ পৰা নামি সুবিধাজনক স্থানত আত্ম-গোপন কৰি গতি বিধি লক্ষ্য কৰি থাকিল৷ ট্ৰাকখন ৰখোৱাৰ লগে লগে ঘৰৰ ভিতৰৰ পৰা এটা যন্ত্ৰ-মানৱ (ৰবট) ওলাই আহিল৷ গাড়ীৰ হেণ্ডিমেনে গাড়ীৰপৰা গঁড়ৰ খৰ্গ থকা কাৰ্টুন এটা আনি ৰবটটোক দিলে আৰু সেইটো নি সি ঘৰৰ ভিতৰত থৈ পুনৰ ওলাই আহিল আৰু হেণ্ডিমেনে অন্য এটা কাৰ্টুন তাক দিলে৷ এইদৰে চাৰিটা কাৰ্টুন কঢ়িয়াই শেষ কৰাৰ পিছত ৰবটটোৱে ঘৰৰ ভিতৰৰ পৰা চাৰিটা বেলেগ কাৰ্টুন আনি এটা এটাকৈ হেণ্ডিমেনক দিলেহি৷ হেণ্ডিমেনে কাৰ্টুনবোৰ আলু-পিয়াজৰ বস্তাৰ তলত লুকুৱাই পেলালে৷ তাৰ পিছত সি গাড়ীত উঠি খিড়িকীৰ ওচৰৰ তাৰ নিৰ্দ্দিষ্ট আসনত বহাৰ লগে লগে গাড়ী চলিবলৈ আৰম্ভ কৰিলে৷ লগে লগে ইন্দ্ৰজিতেও ট্ৰাকৰ পিছফালে জঁপিয়াই উঠি লৈ আলু-পিয়াজৰ বস্তাৰ মাজত অদৃশ্য হৈ পৰিল৷ গাড়ীখনে আকৌ অহা বাটেৰেই ঘূৰি তেজুৰ ফালে গতি কৰিব ধৰিলে৷ ইন্দ্ৰজিতে ততালিকে ৰতন বৰুৱাক খবৰটো দিবৰ বাবে ম’বাইল ফোনত নম্বৰ ডায়েল কৰিলে৷ ভাগ্য ভাল যে নেটৱৰ্কে ঢুকি পোৱা ঠাইতে সিহঁতৰ গাড়ীখন আছিল৷



০০০০০০০০০০০০০০০০০০০


কিছুদূৰ অহাৰ পিছত পুলিচে টৰ্চৰ পোহৰ পেলাই গাড়ীখন ৰখাবলৈ ইংগিত দিলে৷ গাড়ী ৰখোৱাৰ লগে লগে হেণ্ডিমেনে গাড়ীৰ পৰা নামি পুলিচৰ ওচৰ পালেগৈ আৰু এশটকীয়া নোটৰ বাণ্ডিল এটা আগ বঢ়াই দিলে৷ নোটৰ বাণ্ডিল তাৰ হাততেই থাকিল, পুলিচে তাৰ হাতত হাতকেৰেয়া লগাই দিলে৷ কথা বিষম দেখি ড্ৰাইভাৰে গাড়ীৰ পৰা জাপ মাৰি নামি জংগলৰ ফালে দৌৰি পলাব খোজোতেই বন্দুকধাৰী পুলিচ আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে ঘেৰি ধৰি তাক কৰায়ত্ত কৰি হাতত হাতকেৰেয়া লগাই দিলে৷

ৰতন বৰুৱা, সঞ্জয়, মতিন আৰু বাহাদুৰহঁতে তেওঁলোকৰ সতীৰ্থ ইন্দ্ৰজিতৰ সন্ধান চলাই দেখে যে, তেওঁ আলু-পিয়াজৰ বস্তাবোৰ আঁতৰাই তাৰ তলৰ পৰা কেইটামান কাৰ্টুন উলিওৱাত ব্যস্ত৷ ইতিমধ্যে অৰ্ধসামৰিক বাহিনী আৰু পুলিচৰ উচ্চ পদস্থ বিষয়া সকলো আহি ৰতন বৰুৱাহঁতৰ লগ লাগিছিলহি৷

“কেইটা কাৰ্টুন আছেহে ইন্দ্ৰজিত?” ৰতন বৰুৱাই সুধিলে৷


“চাৰিটা ছাৰ, আটাইকেইটা সোণৰ বিস্কুটেৰে ভৰ্তি৷”


সোণৰ বিস্কুটেৰে পৰিপূৰ্ণ কাৰ্টুনকেইটা অৰ্ধসামৰিক বাহিনীৰ বিষয়াৰ জিম্মাত দি তেওঁলোকৰ ভানত তুলি দিয়া হ’ল৷ ইন্দ্ৰজিতে হেণ্ডিমেনৰ চিটত বাহাদুৰক বহাই লৈ ট্ৰাকখন চলাই নিলে৷ আগৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনক পুলিচৰ ভানত উঠাই ল’লে৷ সিহঁত দুটাক সুধি আলু-পিয়াজ য’ত নমাব লগা আছিল তাতেই নমোৱা হ’ল৷ সেই সময়ত ড্ৰাইভিং চিটত হাতত হাতকেৰেয়া লগাই থোৱা ড্ৰাইভাৰটোকে বহাই থোৱা হৈছিল৷ আলু-পিয়াজ নমাই শেষ কৰি বনুৱা কেইটাই ট্ৰাকখনৰ বস্তাবোৰ জাপি থোৱা স্থানৰ পৰা কেইখনমান তক্তা আঁতৰাই পেলালে আৰু দুফুটমান তলত থকা অন্য তৰপ তক্তাৰ ওপৰত আগৰ কাৰ্টুনবোৰৰ নিচিনা গধূৰ গধূৰ কিছুমান কাৰ্টুন উঠাই দি পুনৰ তক্তাকেইখন যথাস্থানত খাপ খুৱাই বহাই দিলে৷ বনুৱাবোৰে কাম শেষ কৰি গুচি যোৱাৰ লগে লগে ট্ৰাকখনৰ ড্ৰাইভাৰৰ আসন গ্ৰহণ কৰিলে ইন্দ্ৰজিতে আৰু গাড়ী ষ্টাৰ্ট কৰিলে৷ হাতত হাতকেৰেয়া লাগি থকা ড্ৰাইভাৰ আৰু হেণ্ডিমেনক পুলিচে পুনৰ নিজৰ ভানত উঠাই ল’লে৷ এইবাৰ কিন্তু এমখা অৰ্ধসামৰিক বাহিনীৰ জোৱান আৰু পুলিচ ট্ৰাকখনৰ পিছফালে উঠি ল’লে৷



০০০০০০০০০০০০০০০০০০০০০০০০০০০০



তেজুৰ লাইন হোটেলৰ যি ঠাইত পাৰ্ক কৰাৰ পৰা ট্ৰাকখন লৈ যোৱা হৈছিল তাতেই নি ইন্দ্ৰজিতে ট্ৰাকখন ৰখাই দুবাৰমান হৰ্ণ বজাই দিলে৷ হৰিশংকৰ বোলা হেণ্ডিমেনটোৱে থতমত খাই সাৰ পাই গ’ল আৰু চকু-মুখ মোহাৰি খৰধৰকৈ আহি ট্ৰাকত উঠি তাৰ আসনত বহি ল’লে৷ পিছফালে যে এমখা অৰ্ধসামৰিক বাহিনীৰ জোৱান আৰু পুলিচ উঠি আছে, সি গমেই নাপালে৷ ইন্দ্ৰজিতে গুৱাহাটী অভিমুখে তীব্ৰ বেগে গাড়ী দৌৰাব ধৰিলে৷



০০০০০০০০০০০০০০০০০০০০০০০০০০০০



গুৱাহাটীৰ লাখটকীয়াৰ সুন্দৰমল চাহুৰ ঘৰৰ চৌহদত ইন্দ্ৰজিত আৰু হেণ্ডিমেন হৰিশংকৰে ট্ৰাকখন পাৰ্কিং কৰা মুহূৰ্ততে ন্যায়ধীশক লগত লৈ আয়কৰ বিভাগৰ বিষয়া, পুলিচ বিষয়া আৰু সশস্ত্ৰ পুলিচ বাহিনী সুন্দৰমলৰ বাস ভৱনৰ চৌহদত প্ৰৱেশ কৰিলে৷ তালাচী চলাবৰ বাবে যাৱতীয় ৱাৰেন্ট লগত লৈয়ে গৈছিল৷ সুন্দৰমল চাহু এনে আকস্মিক পৰিবেশৰ বাবে অলপো প্ৰস্তুত হৈ থকা নাছিল৷ ঘৰৰ বাহিৰে ভিতৰে চৌদিশে পুলিচে পিনা-পিনাই ঘূৰি ফুৰা দেখি মানুহটো ঘামি–জামি আহৰি হ’ল৷ যেতিয়া দেখিলে পুলিচে তেওঁৰ ড্ৰাইভাৰ ইন্দ্ৰজিৎ আৰু হেণ্ডিমেন হৰিশংকৰৰ হাতত হাতকেৰেয়া লগাই দিলে, তেতিয়া সুন্দৰমলে কথা বিষম হ’ব ভাবি হৰিশংকৰক চকুৰ টিপতে কিবা বুজাবলৈ যত্ন কৰিলে৷ পুলিচৰ ধমকি খাই হৰিশংকৰেও তাৰ মহাজনৰ চকুলৈ চাবলৈকে আহৰি নাপালে৷ সুন্দৰমলে দেখিলে ইন্দ্ৰজিৎ আৰু হৰিশংকৰ দুয়োটাই মিলি ট্ৰাকৰ ডলা নমাই মাল বোজাই কৰা মজিয়াখনৰ পৰা কেইচটামান তক্তা আঁতৰাই দিছে আৰু তাৰ তলৰ পৰা গধূৰ গধূৰ কাৰ্টুনবোৰ নমাব ধৰিছে৷

এজন পুলিচ বিষয়া আহি সুন্দৰমল চাহুক সুধিলে, “কাৰ্টুনবোৰত কি আছে?”

“সেইটো মই কি জানিম? ড্ৰাইভাৰ হেণ্ডিমেনেহে জানিব৷”

“অ’ হয় নেকি, আপুনি হেণ্ডকাফডাল পিন্ধি লওক আৰু আমাৰ লগত আপোনাৰ গুদাম ঘৰলৈ ব’লক৷”

কনিষ্টবল এজনে আহি সুন্দৰমল চাহুৰ হাতত হেণ্ডকাফ লগাব ধৰোঁতেই তেওঁ চিৎকাৰ কৰি উঠিল আৰু ক’লে, “এক মিনিট, কমচে কম মোক মিনিষ্টাৰ বৰবৰুৱা ছাৰৰ লগত ফোনত একবাৰ কথা পাতি ল’বলৈ দিয়ক৷” কথাষাৰ কৈয়ে পকেটৰ পৰা ম’বাইল ফোনটো উলিয়াব খুজিছিল; কিন্তু পুলিচ বিষয়া জনে তেওঁক সেই সুযোগৰ পৰা বঞ্চিত কৰি কনিষ্টবলজনক হেণ্ডকাফ লগাবলৈ আদেশ দিলে৷ অন্যহাতে ড্ৰাইভাৰ ইন্দ্ৰজিতৰ হাতৰ পৰা হেণ্ডকাফডাল খুলি দিবলৈ ক’লে৷ মুক্ত হৈ ইন্দ্ৰজিতে হৰিশংকৰৰ ওচৰ চাপি আহিল৷

“ড্ৰাইভাৰজী, মোৰ কি কচুৰ আছে? মোকো এৰি দিবলৈ কহক না৷” হৰিশংকৰে ইন্দ্ৰজিতক ক’লে৷

“সেই এইটো, উৎপাতখন কৰিছ কেলৈ”, ইন্দ্ৰজিতে ক’লে, “তোৰ পকেট চেকিং হ’ল জানো? ৰ’চোন অলপ৷” হৰিশংকৰে মেহেঙা-মেহেং কৰি ৰ’ল৷ লগে লগে এজন পুলিচ বিষয়াই কনিষ্টবলক হৰিশংকৰৰ সৰ্বশৰীৰ তালাচী কৰিবলৈ ক’লে৷ তাৰ আন্দাৰ-পেন্টৰ ডাঙৰ ডাঙৰ পকেট দুটাৰ পৰা প্ৰায় এক লাখ মান টকা ওলাল৷

“ইমানবোৰ টকা তই ক’ত পাইছ?” পুলিচ অফিচাৰে সুধিলে৷

“সুন্দৰমল বাবুৱে দিছে৷”

“কিয় দিছে?”

“ৰাস্তাত পুলিচে ধৰিলে দিবৰ বাবে৷”


০০০০০০০০০০০০০০০০০০০০০০০০০০



লাখটকীয়াৰ এক নম্বৰৰ ধনী ব্যৱসায়ী সুন্দৰমল চাহুৰ গুদামত আৰু তেওঁৰ ট্ৰাকত বহু হেজাৰ কোটি টকাৰ সোণৰ বিস্কুট পোৱা গ’ল, সেয়ে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ল- এইবোৰ কথা বাতৰি কাকত, টিভিৰ গৰম গৰম খবৰ হ’বলৈ নিদি তদন্তৰ খাতিৰত গোপনে ৰখা হ’ল৷


সুন্দৰমল চাহু, তেওঁৰ গাড়ী ড্ৰাইভাৰ আৰু হেণ্ডিমেন দুটাক আদালতত হাজিৰ কৰাই পুনৰ পুলিচে নিজৰ জিম্মাত লৈ সিহঁতক বেলেগে বেলেগে জেৰা আৰম্ভ কৰি দিলে৷ প্ৰয়োজন সাপেক্ষে থাৰ্ড ডিগ্ৰী প্ৰয়োগ কৰা হ’ল৷ মাৰথান জেৰাৰ অন্তত সিহঁতে সঁচা কথাবোৰ ক’বলৈ আৰম্ভ কৰিলে৷ সিহঁতৰ ভাষ্য অনুযায়ী গঁড়ৰৰ খৰ্গৰ পৰা হেনো মানুহক দীৰ্ঘায়ু কৰা ঔষধ প্ৰস্তুত কৰে৷ কেৱল গঁড়ৰ খৰ্গৰ বিনিময়তে নহয়, মানুহৰ বিনিময়তো সোণৰ সৰবৰাহ কৰা হৈ আছে৷ এইবাৰ অভিযান পুনৰ আৰম্ভ কৰিবলৈ ডিটেক্টিভ ৰতন বৰুৱাই ভালেমান নতুন সূত্ৰ পাই গ’ল৷



০০০০০০০০০০০০০০০০০০০০০০০



অন্ধকাৰ জগতৰ ৰজাজনে সাক্ষাৎকাৰ লোৱাৰ পিছতহে আব্দুল শ্বেখে ড্ৰাইভাৰৰ চাকৰিটো লাভ কৰিলে৷ বচৰ মাতষাৰহে শুনিলে আব্দুলে; পৰ্দাৰ সিপাৰে থকা বচক দেখা নাপালে৷

“আব্দুল ভাই, কামবোৰ কেনেকৈ কৰিব লাগিব বুজিলানে?” অন্ধকাৰ জগতৰ সেনাপতি ৰজতে সুধিলে৷

“ৰজত ভাই, বচে কৈছে তুমিহে সকলো শিকাই দিবা হেনো৷” আব্দুলে ক’লে৷

“ঠিক আছে তেন্তে, মোৰ কথামতে কাম কৰি যাবা, দুদিনৰ ভিতৰতে ক্ৰোৰপতি বনি যাবা৷ এতিয়া এই ইণ্ডিগ’ কাৰখন ড্ৰাইভ কৰা, কোনো নিৰ্দ্দিষ্ট ঠাইলৈ নহয়, মহানগৰীৰ উপকন্ঠ অঞ্চলৰ যি কোনো ঠাইত মানুহ দেখিলে চাই বুজি মই গাড়ী ৰখাবলৈ ক’ম আৰু তুমি ৰখাবা৷”


আব্দুলে ঠিকনাবিহীনভাৱে গাড়ীখন মহানগৰীৰ উপকন্ঠ অঞ্চলত ঘূৰাই ফুৰিব ধৰিলে৷ এঠাইত ৰজতৰ ইংগিতত আব্দুলে গাড়ীখন ৰখাই দিলে৷

পথৰ দাঁতিত গাড়ীৰ বাবে অপেক্ষা কৰি থকা পুৰুষ-মহিলা এহালক দেখি ৰজতে মাত লগালে৷

“ক’ত যাব?”

“কলিয়াবৰ৷” পুৰুষজনে উত্তৰ দিলে৷

“উঠক তেন্তে,” গাড়ীৰ দৰ্জা খুলি দি ৰজতে ক’লে, “আমি জখলাবন্ধালৈকে যাম৷”

মানুহহাল গাড়ীত উঠাৰ পিছত তীব্ৰ বেগে গাড়ীখনে গতি কৰিব ধৰিলে৷ নগাঁও পোৱাৰ আগে আগে এখন লাইন হোটেলৰ সমুখত গাড়ীখন ৰৈ গ’ল৷

“ইয়াত বৰ ভাল চাহ-মিঠাই বনায়৷ যাওক আপোনালোকে চাহ–তাহ খাই লওক৷ ৰজতে যাত্ৰী দুজনক ক’লে৷

মানুহ হাল হোটেললৈ সোমাই যোৱাৰ পিছত ৰজতে এটা সৰু বটল আৰু কিছু কপাহ আব্দুলৰ হাতত দি কেনেকৈ কি কৰিব লাগিব সকলো শিকাই বুজাই দিলে৷ মানুহহাল হোটেলৰ পৰা ঘূৰি আহি নিজৰ আসনত বহিল৷ কিছু দূৰ আহি নিৰ্জন ঠাই পোৱাৰ লগে লগে গাড়ীখন ৰৈ গ’ল-যেন ইঞ্জিনৰ কিবা বিজুতিহে ঘটিল৷ ড্ৰাইভাৰ আব্দুলে ৰজতে শিকোৱা মতে কাম কৰি গ’ল৷ পিছৰ আৰোহী দুজন বহা আসনৰ তলত গাড়ী ভাল কৰিবলৈ ৰেঞ্চ–পাতি কিবা বিচৰাৰ চলেৰে দৰ্জাখন খুলি দুয়োজন আৰোহীৰ নাকত কপাহেৰে স্পৰ্শ কৰিলে৷ লগে লগে দুয়োজন আৰোহী অচেতন হৈ চিটতে ঢলি পৰিল৷ আব্দুল আহি পুনৰ ড্ৰাইভিং চিটত বহিল আৰু ৰজতৰ নাকত ক্লৰ’ফৰ্মেৰে ভিজি থকা কপাহ লগাই হেঁচি ধৰিলে৷ ক্ষন্তেকতে ৰজত বেহুচ হৈ পৰিল৷


“চোৰকে মোৰে পালে, নহয়নে বোলো ড্ৰাইভাৰ আব্দুল শ্বেখ ওৰফে মতিন কাইটি?”

মতিনে পিছৰ চিটৰ ফালে হাঁহি মাৰি ঘূৰি চালে আৰু হাঁহিমুখে বহি থকা পতি-পত্নী সঞ্জয় আৰু নিৰ্মলাক ক’লে, “এৰা, অন্ধকাৰ জগতৰ সেনাপতি এই ৰজতৰ পৰাই জানিব পৰা যাব তোমালোক দুজনক ক’লৈ চালান দিব বিচাৰিছিল৷”



০০০০০০০০০০০০০০০০০০০০০০০০০০


পাণবজাৰ আৰক্ষী থানাৰ লক-আপৰ ভিতৰত থাকোঁতেহে ৰজতৰ চেতনা ঘূৰি আহিল৷ তাৰ পিছত তাক পুলিচে থাৰ্ড ডিগ্ৰী প্ৰয়োগ কৰি মাৰথান জেৰা কৰিব ধৰিলে৷ ৰজতৰ মুখৰ পৰা মাত উলিয়াবলৈও পুলিচৰো যথেষ্ট কষ্ট কৰিব লগা হ’ল৷ ৰজতে কয় সি মুখ খুলিলে সিহঁতে তাক মাৰি পেলাব৷ পুলেচে তাক অভয় প্ৰদান কৰি ক’লে যে সি যদি সকলো কথা মুকলিকৈ কয় তেন্তে সিহঁত এটাকো এৰি দিয়া নযাব গোটেইমখাকে জেলত ৰখা হ’ব; সেয়ে তাৰ ভয় কৰিব লগীয়া একো নাই৷

“ইমান ধনী প্ৰৱল প্ৰতাপী মন্ত্ৰীজনক জানো আপোনালোকে বলে পাৰিব ছাৰ?” ৰজতৰ মুখেদি লাহে লাহে মাত ওলাব ধৰিলে৷

“তই বাতৰি কাকত নপঢ় নেকি অ’ ৰজত?” এজন পুলিচ অফিচাৰে ক’লে, “আজিকালি প্ৰধান মন্ত্ৰী, অন্য মন্ত্ৰী বা ডাঙৰ বিষয়া যিয়েই নহওক লাগে অপৰাধ কৰিলে কোনো সাৰি যাব নোৱাৰে৷ নাম কৈ দে তই, একো চিন্তা কৰিব নালাগে৷”

অৱশেষত ৰজতে যিজন ভব্য-গব্য ব্যক্তিৰ নাম উচ্চাৰণ কৰিলে শুনি কাৰো কথাষাৰ বিশ্বাস কৰিবলৈ ভাল নালাগিল৷ তেওঁ অসমৰ নাম উজ্বলাই ৰাখি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰ আসন শুৱনি কৰি আছে৷ সকলোৰে সন্মানীয় সেই ব্যক্তিজন হ’ল তথ্য, প্ৰযুক্তি তথা মহাকাশ দপ্তৰৰ মন্ত্ৰী ৰৱীন্দ্ৰ মোহন বৰবৰুৱা৷ এনে এজন ব্যক্তি অপহৰণৰ দৰে ঘৃণনীয় কামৰ লগত জড়িত থকা বুলি ভাৱিবলৈকে টান লাগে ; কিন্তু ৰজতে এতিয়া বাৰে বাৰে ক’ব ধৰিছে যে হয়, হয়, সি সঁচা কথাকেই কৈছে৷ এটা মানুহৰ বিনিময়ত হেনো কোটি টকাৰ ওপৰত সোণ পাব পাৰি৷ সোণ যোগান ধৰা দলটোৰ মন্ত্ৰীৰ লগত চুক্তি হৈছে৷ ৰজতৰ শাস্তি ৰেহাই দিয়া হ’ব বুলি কোৱাত সি আৰু বহুতো গোপনীয় তথ্য যোগান ধৰিলে৷



০০০০০০০০০০০০০০০০০০০০



ৰতন বৰুৱাৰ অনুৰোধত অসমৰ মুখ্য মন্ত্ৰীয়ে এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত কৰিলে৷ সেই বৈঠকত পুলিচ আৰু অৰ্ধসামৰিক বাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়া কেইজনমান আৰু প্ৰাইভেট ডিটেকটিভ ৰতন বৰুৱা উপস্থিত আছিল৷ বৈঠকত ৰতন বৰুৱাই তেওঁৰ কামৰ অগ্ৰগতিৰ সম্পূৰ্ণ খটিয়ান ডাঙি ধৰি মুখ্যমন্ত্ৰীক উদ্দেশ্যি ক’লে, “ছাৰ, এতিয়া সকলো কথা পৰিষ্কাৰ হৈ পৰিল আৰু আমাৰ কামো শেষ হৈছে; এতিয়া আইন প্ৰয়োগ কৰিব লাগে আৰু পুলিচ তথা অৰ্ধসামৰিক বাহিনীয়েই বাকীবোৰ কাম কৰি যাব পাৰিব৷”

মুখ্যমন্ত্ৰীয়ে ক’লে, “এৰা, কথাটো হয় বৰুৱা, আপোনাক অশেষ ধন্যবাদ জনালো৷ পিছে মিচিমি পাহাৰৰ কিবা যন্ত্ৰমানৱৰ ৰহস্য এটা এতিয়াও ভেদ কৰিবলৈ বাকী আছে বুলি আপুনিয়েই কৈছিল দেখোন৷ সেই ৰহস্যটোও উলিয়াই কামটো একেবাৰে জইন মাৰি দিয়ক আৰু৷ সাপ মাৰি নেগুৰত বিষ থ’ব লাগেছেনো কিয়, নে কি কয় বৰুৱা?”


“ছাৰ, সেই ৰহস্যটোৰ লগত মন্ত্ৰী মহোদয় অৰ্থাৎ ৰৱীন্দ্ৰ মোহন বৰবৰুৱা জড়িত হৈ আছে৷ এতিয়াও আমাৰ দুজন সহযোগী মিচিমি পাহাৰৰ গাঁওবোৰত থাকি সেই ৰহস্য ভেদ কৰা কামত লাগিয়ে আছে৷ তেওঁলোকে মোক জনোৱা মতে মিচিমি পাহাৰৰ কাষতে অৰুণাচল চৰকাৰৰ পৰা হেজাৰ বিঘা ভূমি লৈ কেইজনমান বৈজ্ঞানিকে কিবা গৱেষণাগাৰ পাতি কাম চলাই আছে৷ তাত তেওঁলোকে মানুহৰ সলনি ৰবটক কাম-কাজৰ বাবে নিয়োগ কৰিছে৷ আনকি যুদ্ধ-বিগ্ৰহৰ বাবে ৰবট সেনা-বাহিনীও সাজু কৰি ৰাখিছে৷ গৱেষণাগাৰটো থকা অঞ্চলটোলৈ কোনো মানুহ যাবলৈ সাহস নকৰে৷ ভূত-প্ৰেত কিবা দেখি, বেমাৰ-আজাৰ হৈ বহুজনৰ প্ৰাণ নাশ হৈছে হেনো৷ গৱেষণা কেন্দ্ৰটোৰ পৰা কিছু দূৰত পাহাৰৰ গহ্বৰত হেনো ভূত-প্ৰেত আৰু দেৱতাই বাহ লৈছে ৷ মানুহে সেইফালে চকু দিবলৈকে ভয় কৰে৷ আমাৰ সহযোগী দুজনে যিমান সম্ভৱ সিমান ওচৰলৈ গৈ দূৰৱীক্ষণ যন্ত্ৰেৰে যন্ত্ৰ মানৱৰ দৰে দুই এক ছাঁয়া মূৰ্ত্তি মাজে মধ্যে দেখিবলৈ পাইছে৷ তেওঁলোকে সেইবোৰৰ দুই এখন ফটো তুলিবলৈও সক্ষম হৈছে৷ সকলোতকৈ আচৰিত কথা কি জানে ছাৰ, আপোনালোকে হয়তো বিশ্বাসেই নকৰিব; পিছ নিশা তেওঁলোকে কেতিয়াবা কাঁহিখনৰ দৰে যান এখন হঠাৎ আকাশত দেখা পায় আৰু নিমিষতে দূৰ দূৰণিলৈ আঁতৰি গৈ অদৃশ্য হৈ পৰে৷ গতিকে, পুলিচ আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে অতি সাৱধানতাৰে গৱেষণাগাৰ আৰু পাহাৰ গহ্বৰত অপাৰেশ্যন চলাব লাগিব৷”

কথাখিনি মুখ্যমন্ত্ৰী প্ৰমুখ্যে সকলোৱে অতি মনোযোগেৰে শুনিলে৷

“মই প্ৰধান মন্ত্ৰীৰ লগত যোগাযোগ কৰিম আৰু অতি গোপনে কথাখিনি আলোচনা কৰি অভিযান চলাবৰ বাবে সহযোগ বিচাৰিম,” মুখ্যমন্ত্ৰীয়ে পুলিচ বিষয়া সকলক উদ্দেশ্য কৰি ক’লে, “আপোনালোক সাজু হওক, অতি শীঘ্ৰে অভিযান আৰম্ভ কৰা হ’ব৷ ৰতন বৰুৱাও আমাৰ লগতে থাকিব৷”


“ধন্যবাদ ছাৰ৷”ৰতন বৰুৱাই ক’লে৷



০০০০০০০০০০০০০০০০০০০০০০০০০০



অপাৰেশ্যন আৰম্ভ হ’ল৷ মন্ত্ৰী ৰৱীন্দ্ৰ মোহন বৰবৰুৱাৰ কাহিলীপাৰত থকা জেইল সদৃশ ওখ পকী বেৰাৰ ভিতৰৰ বৃহৎ এলেকা জুৰি থকা ঘৰৰ চৌহদত তালাচী চলাই কেইবাজনো অপহৃত ব্যক্তিক উদ্ধাৰ কৰা হ’ল৷ এই অভিযানৰ অতিকৈ মনোগ্ৰাহী কথাটো হ’ল যে নিখোঁজ হৈ থকা কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰ বিষয়া দুজনকো তাতেই আতিথ্য গ্ৰহণ কৰি থকা অৱস্থাত পোৱা গ’ল৷ সমগ্ৰ চৌহদতে তালাচী চলাই মেনেজাৰ আৰু চাৰিজন কৰ্মচাৰীক কৰায়ত্ত কৰা হ’ল৷ কেন্দ্ৰীয় মন্ত্ৰী তেতিয়া দিল্লীৰ ৰাজদৰবাৰত৷

থানাত জেৰা কৰোঁতে মেনেজাৰৰ বাদে বাকী কেইজনৰ পৰা বিশেষ একো কথা জানিব পৰা নগ’ল৷ মেনেজাৰে ক’লে যে তেঁৱেই বচ হিচাপে কাম চলাই আছে আৰু অপহৰণ কৰা মানুহবোৰ নি মিচিমি পাহাৰৰ ওচৰত থকা গৱেষণাগাৰত দিয়া হয়৷ তাত কেইজনমান বিজ্ঞানী আছে ৷ তাৰে দুজনমান মহাকাশ বিজ্ঞানীও৷ মন্ত্ৰী বৰবৰুৱা ছাৰৰ বৰপুত্ৰয়ো তাতেই কাম কৰে৷ সোণবোৰ ক’ৰ পৰা আহে সেই কথা সোধাত মেনেজাৰে ক’লে যে তেওঁলোকে ক’ৰপৰা কেনেকৈ সোণ পায় সেইবোৰ কথা জনাৰ উপায় নাই৷ গৱেষণাগাৰত কাকো সোধাৰ সুবিধাও নাই; তাত সকলো কাম যন্ত্ৰ মানৱে কৰে৷ মন্ত্ৰী বৰবৰুৱা আৰু বিজ্ঞানীকেইজনৰ লগত হোৱা বন্দবস্তি মতে লেন-দেনবোৰ মেনেজাৰে চলাই গৈছে৷



০০০০০০০০০০০০০০০০০০০০



গৱেষণাগাৰ আৰু সেই নিৰ্দ্দিষ্ট গুহাটোৰ চৌদিশে পুলিচ আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান সকলে ঘেৰি ধৰিলে প্ৰথম পদক্ষেপ হিচাপে অৰ্ধসামৰিক বাহিনীয়ে লগত নিয়া অত্যাধুনিক সশস্ত্ৰ ৰবট বাহিনীক গৱেষণাগাৰৰ চৌহদলৈ পঠাই দিলে লগে লগে দেখা গ’ল গৱেষণাগাৰৰ পৰাও কিছুমান অস্ত্ৰধাৰী ৰবট ওলাই আহিল৷ দুই ৰবট বাহিনীৰ মাজত তয়া-ময়া যুদ্ধ আৰম্ভ হ’ল৷ অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলে অন্য এটা ৰবটৰ দল ৰণ ক্ষেত্ৰলৈ প্ৰেৰণ কৰিলে৷ গৱেষণাগাৰৰ ভালেমান ৰবট ইতিমধ্যে ধৰাশায়ী হৈছিলেই, ৰবটৰ দ্বিতীয়টো দলে বাকী থকা ৰবট সেনা কেইটাকো বগৰাই গুৰি কৰি পেলালে৷ তেতিয়া লুটি-বাগৰ খাই পৰি থকা ৰবটবোৰৰ পৰা ধোঁৱা ওলাব ধৰিছিল৷ অৰ্ধসামৰিক বাহিনীৰ ৰবটবোৰে অস্ত্ৰ-শস্ত্ৰ সষ্টম কৰি লৈ সমগ্ৰ চৌহদটো বহু সময় ধৰি ঘূৰি ফুৰিব ধৰিলে৷ নাই৷ যুদ্ধৰ বাবে কোনো ওলাই নাহিল৷

এইবাৰ সশস্ত্ৰ পুলিচ আৰু অৰ্ধসামৰিক বাহিনীৰ লোক গৱেষণাগাৰৰ চৌহদত প্ৰৱেশ কৰি গৱেষণাগাৰৰ ভিতৰলৈ সোমাই গ’ল৷ গৱেষণাগাৰৰ পৰা যাতে কোনো বাহিৰলৈ ওলাই যাব নোৱাৰে তাৰ বাবে চৌদিশে পহৰাৰ ব্যৱস্থা কৰা হ’ল৷

গৱেষণাগাৰৰ উচ্চ পৰ্যায়ৰ প্ৰযুক্তিৰে নিৰ্মিত লেপটপৰ সমুখত বহি কামত মগ্ন হৈ থকা অৱস্থাত মহাকাশ বিজ্ঞানী ড° ৰামচৰণ দেশাইক প্ৰথমেই গ্ৰেপ্তাৰ কৰা হ’ল৷

“মোক আপোনালোকে কেইমিনিটমান সময় দিয়ক৷ মানে মোৰ কাৰণে নহয়, মই সঁচা কৈছোঁ, দেশৰ কাৰণে আৰু এই পৃথিৱীৰ কাৰণে মংগলজনক হ’ব৷ মোক কেন্দ্ৰীয় মন্ত্ৰী বৰবৰুৱাৰ লগত আলোচনা কৰি ল’বলৈ দিয়ক, প্ৰথমৰ পৰাই মই তেখেতৰ লগত এই বিষয়ে আলোচনা কৰি আহিছোঁ৷ তেখেতে কথাটো মানি নোলোৱা বাবেহে……….৷”

“তেখেতৰ লগত কি আলোচনা কৰিব সেইটো আমাক কওক৷” আৰক্ষী আয়ুক্ত সীমান্ত বৰুৱাই ক’লে৷

“কথাটো হ’ল, আমাৰ ইয়াতে অতিথি স্বৰূপে থকা গ’ল্ডেন ৱৰ্ল্ডৰ উন্নত মানৱ সকলে আমাৰ দেশৰ চৰকাৰৰ লগত এক বন্ধুভাৱাপন্ন চুক্তিত আৱদ্ধ হ’ব খোজে৷ তেওঁলোকৰ গ্ৰহটোত সোণৰ পাহাৰ আছে, তাৰ পৰা সোণ আনি আমাক দিব আৰু বিনিময়ত পৃথিৱীৰ মানুহ আৰু আমাৰ অসমৰ গঁড়ৰ খৰ্গ তেওঁলোকক দিব লাগে৷ এনে চুক্তিয়ে আমাৰ দেশক পৃথিৱীৰ ভিতৰতে চহকী কৰি দিব৷ এই কথা পাৰ্লিয়ামেন্টত উত্থাপন কৰিবলৈ মই বৰবৰুৱাক কোৱা ভালেমান দিন হ’ল; কিন্তু তেখেতে কাৰবাৰটো ভাল হ’বনে বেয়া হ’ব তাকে জানিবলৈ প্ৰথমে কৰি চাব খুজিলে৷”
“আপুনি গ’ল্ডেন ৱৰ্ল্ডৰ মানুহৰ লগত কিমানদিনৰ আগতে কেনেদৰে যোগাযোগ কৰিলে?”


“যোৱা বছৰ হঠাৎ মই তেওঁলোকৰ পৰা এক ৰেডিঅ’ সংকেত লাভ কৰি তাৰ আঁত ধৰি ইংৰাজীতে প্ৰত্যুত্তৰ স্বৰূপে সংকেত পঠাই থাকিলো৷ অৱশেষত তেওঁলোকে ইংৰাজী বুজিব পৰা হ’ল৷ আমাৰ পৃথিৱীলৈ আহিব খুজিলে৷ সমগ্ৰ ঘটনাৰাজি মই কেন্দ্ৰীয় মহাকাশ দপ্তৰৰ মন্ত্ৰী বৰবৰুৱাক জনালো বৰবৰুৱাই কথাবোৰ গোপনে ৰখাৰ নিৰ্দ্দেশ দি ইয়াত মোৰ গৱেষণাগাৰ নিৰ্মাণ কৰাই দিলে আৰু সৌ পাহাৰটোত তেওঁলোকৰ যানখন লুকাই থাকিব পৰাকৈ ঠাই উলিয়াই দিলে৷”

“তেওঁলোক অৰ্থাৎ ভিন্নগ্ৰহৰ মানৱ এতিয়া তাতেই আছে নেকি?”

“হয়, তেওঁলোকে যানখনতে থকা মেলাৰ সকলো ব্যৱস্থা ৰাখিছে আৰু এতিয়া তাত আমাৰ এই গৱেষণাগাৰৰ নজন বিজ্ঞানী আৰু গৱেষকৰ দল এটাৰ লগত এক বিশেষ আলোচনাত ব্যস্ত হৈ আছে৷”

“মই মন্ত্ৰী বৰবৰুৱাৰ লগত কথা………” এনেতে এক ফোনকল অহাত “মোক ক্ষমা কৰিব” বুলি কৈ ফোনত অলপ সময় কথা পাতিলে আৰু ক’লে, “মোৰ পুত্ৰ ড° চিৰঞ্জীৱৰ ফোন আছিল সেয়া, তেওঁ এজন বিজ্ঞানী হিচাপে ভিন্ন গ্ৰহৰ মানুহবিলাকৰ লগত তেওঁলোকৰ যানখনতে আলোচনাত ব্যস্ত আছিল; কিন্তু গ’ল্ডেন ৱৰ্ল্ডৰ মানুহে তেওঁলোকৰ গৱেষণাগাৰৰ স্ক্ৰীণত আমাৰ গৱেষণাগাৰৰ সমূহ ঘটনাৱলী দেখা পাই এতিয়া পৃথিৱীৰ বিজ্ঞানী কেইজনক পণবন্দী স্বৰূপে ৰখাই দিছে৷……………..৷” 

কথাখিনি কওতে মহাকাশ বিজ্ঞানী জনে হুক হুকাই কান্দি দিলে৷

পুত্ৰ ড° চিৰঞ্জীৱ দেশাইৰ পৰা দেউতাকলৈ আকৌ এটা ফোন আহিল৷ ফোনটো ধৰি কথা পাতি মানুহজন মৃতপ্ৰায় যেন হ’ল৷

“কিবা হ’ল নেকি?” পুলিচ বিষয়া এজনে সুধিলে৷

“হ’বলৈ একো বাকী নাথাকিল, মোৰ পুত্ৰই মোক বিদায় জনালে৷” তেওঁ কান্দি কান্দি ক’লে, “তেওঁলোকৰ যানখনক লক্ষ্য কৰি আপোনালোকে গুলী বৰ্ষণ নকৰে যেন৷ তাত মোৰ পুত্ৰৰ লগতে মন্ত্ৰী ৰৱীন্দ্ৰ বৰবৰুৱাৰ বৰপুত্ৰও আছে৷ পৃথিৱীবাসীৰ লগত আপোচ-মীমাংসা হ’লে তেওঁলোক পুনৰ আহিব আৰু পৃথিৱীৰ মানুহবোৰ ঘূৰাই দি যাব৷” কথাখিনি কৈ থাকোঁতে তেওঁৰ দুগালে দুধাৰী চকুলো বৈ গৈছিল৷

ইতিমধ্যে এখন অদ্ভুত আকৃতিৰ আকাশী-যান পাহাৰৰ গুহাৰ পৰা ওলাই পোহৰৰ বেগতকৈ অধিক বেগত উৰি গৈ নীল আকাশ পাই দৃষ্টিয়ে মনিব নোৱাৰা হৈ গ’ল৷

পুলিচ আৰু অৰ্ধসামৰিক বাহিনীৰ লোকসকলে ৰতন বৰুৱাৰ সৈতে গুহাটোলৈ গৈ দেখে যে তাত ভিন্ন গ্ৰহৰ প্ৰাণীৰ এখন আকাশী যান অৱতৰণ কৰি থাকি যোৱাৰ কোনো চিন চাবেই নাই৷

ৰতন বৰুৱাই আৰক্ষী আয়ুক্ত সীমান্ত বৰুৱাক ক’লে, “এতিয়া আমি ইয়াকে ক’ব পাৰোঁ যে, একো প্ৰমাণ নথকাটোৱেই একো নথকাৰ প্ৰমাণ হ’ব নোৱাৰে৷ নহয়নে বাৰু?”

“এৰা, বৰুৱা চাহেব, তথাপি কাৰোবাক এইবোৰ কথা ক’লে জানো মানি ল’ব?”

ইতিমধ্যে ডিঙিত কেমেৰা ওলমাই আৰু হাতত বাইন’কুলাৰ লৈ হাবিৰ মাজৰ পৰা দুজন মানুহ ওলাই মুখত মিচিকীয়া হাঁহি লৈ ৰতন বৰুৱাহঁতৰ কাষ চাপি আহিল৷

“এওঁলোক দুজন মোৰ সহকৰ্মী৷” ৰতন বৰুৱাই ক’লে, “এওঁৰ নাম বলিন আৰু তেওঁ হ’ল কামাখ্যা৷”

দুয়ো আৰক্ষী-আয়ুক্ত সীমান্ত বৰুৱাক নমস্কাৰ জনালে৷


“সীমান্ত বৰুৱাই তেওঁলোক দুজনক প্ৰশংসা কৰিলে আৰু ৰতন বৰুৱাক ক’লে, “আপোনাৰ সহকৰ্মীসকল কিন্তু অতি সাহসী দেই বৰুৱা৷”
“ছাৰ, আমি সিহঁতৰ ফটো তুলিলো৷” এই বুলি কৈ কামাখ্যা আৰু বলিনে ফটো কিছুমান দেখুৱালে৷ ফটোবোৰ দূৰৰ পৰা তোলা বাবে তেনেই অস্পষ্ট ৷”

বহুপৰ দুয়োজনে ফটোবোৰ চালে৷ তাৰ পিছত ৰতন বৰুৱাই সুধিলে, “তোমালোকে এইবোৰ ফটো ক’ৰবাত ভাওনা চাবলৈ গৈ তোলা নাইতো?”


“নাই, নাই ছাৰ, আমি কিয় মিছা কথা ক’ম৷ সিহঁত দেখিবলৈ দেৱতাৰ দৰে আৰু মহিলা কেইগৰাকী সেইয়া ফটোত দেখিছেই নহয়, সাইলাখ ৰম্ভা, মেনকা৷ কাপোৰ-কানি বোৰো সোণ-ৰূপ খটোৱা৷”

“এৰা, আমাৰ পৃথিৱীৰ মানুহৰ বাবে সিহঁতেই ভগৱান নেকি আক’৷” মুখত এচেৰেঙা হাঁহি লৈ সীমান্ত বৰুৱাই ক’লে৷

“পিছে পৃথিৱীৰ বৈৰী কোন?” ৰতন বৰুৱাই প্ৰশ্ন কৰিলে৷


০০০০০০০০০)(০০০০০০০০০



বিঃ দ্ৰঃ গল্পটো জনপ্ৰিয় মাহেকীয়া আলোচনী "ৰহস্য"ৰ চেপ্তেম্বৰ ,২০১৪ সংখ্যাত প্ৰকাশিত৷

Saturday 19 April 2014

চাহ মিঠাইৰ জুতি


চাকৰিত যোগদান কৰাৰ  প্ৰথম দিনৰে কথা৷ এজন মানুহ আহি কাষৰ হোটেলখনৰ পৰা ভালৰো ভাল মিঠাই আৰু স্পেচিয়েল চাহ আনি অফিচৰ প্ৰত্যেকৰ সমুখৰ টেবুলে টেবুলে দি ল৷ মানুহজনেও আমাৰ লগতে চাহ মিঠাই খাই কিছু সময় বহি  ওচৰতে বহা  সাপ্তাহিক বজাৰলৈ গুচি ল৷ আমাৰ অফিচৰ কোনজনৰ লগত মানুহজনৰ বিশেষ চিনাকি সেই কথা নজনাকৈয়ে থাকি ল৷

মানুহজন প্ৰায়ে অফিচলৈ এনেদৰে আহে আৰু চাহ মিঠাই খুৱাই আৰু নিজেও খাই যায় ; কিন্তু কোনো দিনে তেওঁৰ কিনো অভিপ্ৰায় আছে ব্যক্ত নকৰিলে৷ কথাটো চিন্তা কৰি মইতো আচৰিতেই হ’লো৷ পিছে মাহটোৰ শেষৰ ফালে  মানুহটোক আৰু দেখা নোপোৱা হ’লো৷

পিছে জোলোঙাৰ মেকুৰী ওলাবলৈ দেৰি নালাগিল৷ অফিচৰ এজন ষ্টাফৰ  মাহেকীয়া চাহৰ বিল পৰিশোধ কৰিবলৈ গৈ হোটেলৰ খাটাৰ হিচাপ দেখি চকু কপালত উঠিল৷  হায় ফিৰি চাহ মিঠাই !! মানুহটোৱে হোটেলৰ খাটাত অফিচৰ নামত লিখাই আমাক তিপ্তি দিয়াৰ লগতে নিজেও মজা ল’লে৷

Wednesday 16 April 2014

যাদু বিদ্যা

যাদু বিদ্যা এক অতি প্ৰাচীন বিদ্যা৷ হিন্দু ধৰ্ম্মাৱলম্বী দেশসমূহত এই বিদ্যা শঙ্কৰ-পাৰ্বতীৰ সৈতে জড়িত৷ কামৰূপৰ কামাখ্যা মাৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত৷ প্ৰকৃত যাদু বিদ্যা আহৰণ কাৰ্য্য সহজ সাধ্য নহয় বুলি এই বিদ্যাৰ লগত জড়িত সকলে কয়৷ যাদু বিদ্যাক অন্ধবিশ্বাসৰ ফলশ্ৰুতি বুলি নকৈ পূৰ্ণমাত্ৰা বিশ্বাসৰ ফলত প্ৰাপ্ত সাধনাৰ ফল বুলি তেওঁলোকে ক’ব খোজে৷ বিজ্ঞানৰ বলত আধুনিক জগতত যেনে ধৰণৰ কাম কাজবোৰ সমাধা কৰা সম্ভৱ হৈছে অতি প্ৰাচীন কালত যাদুৰ বলত এনেবোৰ কাম সমাধা কৰিবলৈ চেষ্টা কৰা হৈছিল৷ প্ৰাচীন পুথি-পাঁজি অধ্যয়ন কৰি যাদুকৰসকলে কয় যে যাদু-মন্ত্ৰৰ প্ৰভাৱেৰে কিছুমান অসম্ভৱকো সম্ভৱ কৰা হৈছিল৷

বৰ্তমান সমাজত যাদু শিক্ষাক তন্ত্ৰ-মন্ত্ৰৰ পৰা পৃথক কৰি , যাদুক কলা হিচাপে লৈ মনোৰঞ্জনৰ বাবে নানা কৌশল প্ৰয়োগ কৰি যাদুকৰসকলে  জীৱিকাৰ পথ  কৰি লৈ সফল হৈছ৷ কেৱল ইমাণেই নহয়, যাদু শিক্ষাৰ কোনো ধৰণৰ জ্ঞান নথকা ভণ্ড বেজে নানা বেমাৰ-আজাৰ তথা সমস্যাত ভূগি মনোবল হেৰুৱাই পেলোৱা লোকক ঠগ-প্ৰৱঞ্চনা কৰাটোকেই নিজৰ জীৱিকাৰ পথ হিচাপে লৈছে৷ এনেদৰে এচাম লোক অন্ধ বিশ্বাসৰ বলি হৈছে৷

“ব্যোমবক্ত্ৰং মহাকায়ং প্ৰলয়াগ্নিসমপ্ৰভম৷                                                           অভেদ্যভেদকং স্তৌমি ক্ৰোধভৈৰবনামকম৷৷”

অৰ্থাৎ ‘আকাশৰ দৰে বদনবিশিষ্ট, প্ৰকাণ্ড দেহধাৰী আৰু প্ৰলয়কালৰ অগ্নিৰ দৰে আভাবিশিষ্ট  তথা অভেদ্যভেদক উন্মত্ত ক্ৰোধ ভৈৰৱদেৱক প্ৰথমেই আৰাধনা কৰোঁ৷’-------যাদুশিক্ষাৰ পাতনিতে এইদৰে ভৈৰৱদেক আৰাধনা কৰা হয়৷

 ;ষট্ কৰ্ম্ম বিদ্যা

(১)শান্তিকৰ্ম্ম
(২)বশীকৰণ
(৩) স্তম্ভন
(৪)বিদ্বেষণ
(৫)উ্চ্চাটন
(৬)মাৰণ

এই ছয়বিধ কৰ্ম্মকে পণ্ডিতসকলে ষট্ কৰ্ম্ম নামেৰে অভিহিত  কৰিছে৷ ইয়াৰ দ্বাৰা ক্ষীণবল মানৱে নানা ধৰণৰ অসাধ্য , অসম্ভৱ আৰু অদ্ভ্যুৎ  কাণ্ড-কাৰাখানা অনায়াসে সাধন কৰিব পাৰে বুলি এই বিদ্যাত বিশ্বাসীসকলে মত পোষণ কৰে৷ দেৱতা আৰু মন্ত্ৰত যাৰ বিশ্বাস আছে , হৃদয়ত ভক্তি আছে , প্ৰাণত একাগ্ৰতা আছে , তেওঁলোকে উক্ত কৰ্ম্মত সিদ্ধি লাভ কৰিব পাৰে বুলি তেওঁলোকে দৃঢ়তাৰে কয়৷

যি কাৰ্য্যৰ দ্বাৰা বিষনাশ হয়, বিৰূদ্ধজনিত দোষ আৰু কুকৃত্য অৰ্থাৎ শত্ৰুৱে কৰা মাৰণাদি কাৰ্য্য নিবাৰিত হয় তাকে শান্তি আৰু বশীকৰণ কৰ্ম্ম বোলে৷ যিবোৰ কৰ্ম্মৰ দ্বাৰা আনৰ প্ৰবৃতিৰোধ অৰ্থাৎ কাৰ্য্যকাৰিতা শক্তি নষ্ট কৰা যায় তাকে স্তম্ভনকাৰ্য্য বোলে৷ পৰস্পৰ স্নেহসূত্ৰে আৱদ্ধ প্ৰণয়িবৰ্গৰ স্নেহৰ বিচ্ছেদ ঘটাই দিয়াকে বিদ্বেষণ কাৰ্য্য বোলে৷ যি কাৰ্য্যৰ দ্বাৰা কোনো লোকক স্বদেশৰ পৰা বিতাৰণ কৰা হয় , তাকে উচ্চাটন বোলে৷ অন্যহাতে যি কাৰ্য্যৰ দ্বাৰা জীৱগণক বিনষ্ট কৰা যায় ,তাকে মাৰণ বোলে৷

এইবিলাক কাৰ্য্য সাধন কৰিবলৈ হ’লে , ষট্ কৰ্ম্মৰ  প্ৰত্যেক দেৱতা , দিশ,আসন ইত্যাদি বিষয়ে জানি লৈহে কামত অগ্ৰসৰ হ’য়, অন্যথাই ফলাফল লাভ কৰাৰ সম্ভাৱনা নাই৷ সকলোবিধ কাৰ্য্য সাধনৰ একোটা পৃথক অনুষ্ঠান আছে৷ ইয়াক এৰাই চলি কোনো কাম কৰিলে সেয়া সুসিদ্ধ নহয় বুলি যাদু বিদ্যাৰ গুৰুসকলে কয়৷

তন্ত্ৰশাস্ত্ৰত পৃথক পৃথক কাৰ্য্যৰ বাবে পৃথক নিয়ম নিৰ্দ্দিষ্ট কৰি থোৱা আছে৷ যি কোনো কামত কৃতকাৰ্য্য হ’বলৈ হ’লে যিধৰণে যিনিয়মে আৰু যিসময়ত তাত প্ৰবৃত্ত হ’ব লাগে সেই সেই বিষয়ে আগেয়ে জনা দৰকাৰ৷ এইবোৰ যথাযথ ভাৱে জানি যদি কাৰ্য্যক্ষেত্ৰত অগ্ৰসৰ হয় , তেনেহলে কেতিয়াও নিৰাশ হ’ব লগা নহয়৷ কেৱল মাত্ৰ মন্ত্ৰ পাঠ বা জপ কৰিলেই কাৰ্য্যসিদ্ধি নহয়৷ যিকোনো ধৰণৰ কাৰ্য্য সাধন কৰিবলৈ হ’লে চিত্তৰ একাগ্ৰতা আৰু সদ্ গুৰুৰ উপদেশ আৱশ্যক৷  সকলোবোৰ তন্তৰ-মন্ত্ৰই গুৰূপদিষ্ট নহ’লে তাৰ দ্বাৰা কোনো ফল পোৱা নাযাব৷ মূলতঃ সাধনা কৰিবলৈ ইচ্ছুক ব্যক্তিয়ে প্ৰথমে যথাসাধ্য ইন্দ্ৰীয়-সংযমসহকাৰে নিজ-গুৰুৰ ওচৰত দী্ক্ষা গ্ৰহণ কৰিব লাগিব , পিছত তেৰাৰ উপদেশ অনুযায়ী কাৰ্য্য কৰি যাব লাগিব৷

;ষট্ কৰ্ম্মৰ দেৱতা

ভিন্ন ভিন্ন কামৰ বাবে ভিন্ন দেৱতা,দিক্ ,কাল, আসন প্ৰভৃতি নিৰ্দ্দিষ্ট কৰি থোৱা আছে ; গতিকে প্ৰথমে এইবোৰ বিষয়ে জনা দৰকাৰ৷ কোন সময়ত কোন কাৰ্য্য কিধৰণে অনুষ্ঠিত কৰিব লাগে, কোনটো দিশত বহি কোন আসনত কেনেদৰে বহি কোন কাৰ্য্য কৰা হয় আৰু কোন কাৰ্য্য সাধনৰ আগত কোন দেৱতাৰ পূজা কৰা কৰ্ত্তব্য তাক নজনাকৈ  কাৰ্য্য কৰিলে সিদ্ধি লাভৰ সম্ভাৱনা নাই বুলি এই বিদ্যাৰ গুৰুসকলে মত পোষণ কৰে৷
এতিয়া ষট্ কৰ্ম্মৰ দেৱতাসকলৰ নাম কোৱা হৈছে৷                                                         (১) শান্তিকাৰ্য্যৰ দেৱতা  ৰতি                                                                       (২) বশীকৰণৰ দেৱী বাণী                                                                       (৩)স্তম্ভন কাৰ্য্যৰ দেৱী
          ৰমা                                                                                    (৪)বিদ্বেষণ কাৰ্য্যৰ জ্যেষ্ঠা                                                                           (৫)উচ্চাটনৰ দেৱী দূৰ্গা                                                                         (৬)মাৰণ কাৰ্য্যৰ দেৱী ভদ্ৰকালী

গতিকে কাৰ্য্যত প্ৰবৃত্ত হোৱাৰ আগত কৰ্ম্ম বিভাজন অনুযায়ী দেৱতা গৰাকীৰ যথাবিহিত পূজা কৰি কাৰ্য্যানুষ্ঠান কৰা হয়৷

;দেৱতাৰ অৱস্থিতি  ভাব                                             

কোন কৰ্ম্মত দেৱতাক কি ধৰণে অৱস্থিত কৰি চিন্তা কৰা হয় তাক উল্লেখ কৰা যাওক৷ মাৰণ কাৰ্য্য কৰিবলৈ হ’লে দেৱতাক উত্থিত, উচ্চাটনত নিদ্ৰিত আৰু অন্যান্য কাৰ্য্যত সমাসীন চিন্তা কৰা হয়৷

;দেৱতাৰ বৰ্ণ

এতিয়া ষট্ কৰ্ম্মত কোন দেৱতাক কেনে ধৰণৰ বৰ্ণবিশিষ্ট ধ্যান কৰা যায় তাক কোৱা হওক৷ বশীকৰণ,আকৰ্ষণ,উন্মাদকৰণ আৰু ক্ষোভন কাৰ্য্যত দেৱতাক শোণিতবৰ্ণ ; শান্তি, পুষ্টি আৰু নিৰ্ব্বিষীকৰণত শুক্লবৰ্ণ ; স্তম্ভন কাৰ্যভত পীতবৰ্ণ ; উচ্চাটনত ধূম্ৰবৰ্ণ ; বিদ্বেষণত  মিশ্ৰবৰ্ণ আৰু মাৰণকাৰ্য্যত  কৃষ্ণবৰ্ণ চিন্তা কৰা হয়৷

;সাত্ত্বিকাদি ভেদে বৰ্ণ চিন্তন

সাত্ত্বিক কাৰ্য্যত দেৱতাক সমাসীন আৰু শুক্লবৰ্ণ চিন্তা কৰা হয়৷ ৰাজসিক কৰ্ম্মত পীত, ৰক্ত বা শ্যামবৰ্ণ চিন্তা কৰা যায়৷ ৰাজসিক কৰ্ম্মৰ অনুস্থান অনুস্থিত কৰে৷তামসিক কৰ্ম্মত দেৱতাক কৃষ্ণবৰ্ণ আৰু যানমাৰ্গ পৰিস্থিতিত জ্ঞান কৰে৷ যিসকলে মোক্ষলাভ কামনা কৰে তেওঁলোকে  তামস কৰ্ম্মৰ অনুস্থান কৰি শত্ৰুবিনাশ,ৰোগশান্তি আৰু উপদ্ৰব শান্তি কৰিব লাগে বুলি বিধান আছে৷

;ষট্ কৰ্ম্মৰ দিক নিৰ্ধাৰণ             

ঈশান কোণ শান্তিকৰ্ম্মত, উত্তৰ দিক বশীকৰণত, পূৰ্ব্বদিক স্তম্ভনকৰ্ম্মত, নৈঋত কোণ বিদ্বেষণ কৰ্য্যত, বয়ুকোণ উচ্চাটন কাৰ্য্যত আৰু অগ্নি কোণ মাৰণ কাৰ্য্যত প্ৰশস্ত৷ এই ধৰণেই উপবেশন কৰি কাৰ্য্য সমাপন কৰে৷ অন্য কাৰ্য্য সিদ্ধি নহ’য় বুলি গুৰুসকলে কৈছে৷ চামুণ্ডাতন্ত্ৰত এইবোৰ বিতংভাৱে উল্লেখ আছে৷

;ষট্ কৰ্ম্মৰ ঋতু কাল নিয়ম

দিনৰাতিৰ মাজত কৰ্ম্ম পৰম্পৰাত ছয় ঋতুৰ উদয় হয়৷ সূৰ্য্যোদয়ৰ পৰা দহ দহ দণ্ডত  এটা এটা ঋতু সংঘটন হয়৷ প্ৰথম দহ দণ্ড বসন্ত ঋতু, দ্বিতীয় দহ দণ্ড গ্ৰীস্ম, তৃতীয় দহ দণ্ড বৰ্ষা ,চতুৰ্থ দহ দণ্ড শৰৎ, পঞ্চম দহ দণ্ড হেমম্ত আৰু ষষ্ঠ দহ দণ্ড শীত ঋতু বুলি ধৰা হয়৷ মুঠতে, অৰ্দ্ধ ৰাতি শৰৎ , প্ৰভাতত হেমন্ত , পূৰ্বাহ্নত  বসন্ত, মধ্যাহ্নত গ্ৰীস্ম, অৰাহ্নত বৰ্ষা আৰু সন্ধ্যা শীত কাল৷ শান্তি কৰ্ম্মত হেমন্ত, বশীকৰণত বসন্ত, স্তম্ভনত শীত, বিদ্বেষণত গ্ৰীস্ম, উচ্চাটনত বৰ্ষা আৰু মাৰণ কাৰ্য্যত শৰৎ ঋতু বিহিত৷ এই ধৰণে দিনৰ কোন কোন সময়ত কোন ঋতু উদয় হয় , নিৰ্ণয় কৰি যট্ কৰ্ম্ম সমাপন কৰে৷

;ষট্ কৰ্ম্মৰ তিধি বাৰ

শান্তিকৰ্ম্মত দ্বিতীয়া,পঞ্চমী আৰু সপ্তমী তিথি তথা বুধ, বৃহস্পতি আৰু সোমবাৰ প্ৰশস্ত৷ বৃহস্পতি আৰু সোমবাৰে ষষ্ঠী,চতুৰ্থী ,ত্ৰয়োদশী,নৱমী, অষ্টমী আৰু দশমী তিথি হ’লে সেইদিনা পুষ্টিকৰ্ম্ম সফল হয়৷ যি কৰ্ম্মৰ দ্বাৰা ধন-জনাদি ক্ৰমান্বয়ে বৃদ্ধিপ্ৰাপ্ত হয়, মুনিসকলে তাকেই পুষ্টিকৰ্ম্ম বুলি কৈছে৷
আকৰ্ষণত  ৰবি আৰু সোমবাৰ তথা দশমী, একাদশী,অমাৱস্যা,নৱমী আৰু প্ৰতিপদ এইকেইটি বাৰ আৰু তিথি ফলদায়ক৷