Monday 26 October 2015

কু-শাসনৰ কু-প্ৰভাব আৰু সু-শাসনৰ প্ৰত্যাশা

অধিকাংশলোকৰ দ্বাৰা সমৰ্থিত কিছুমান পদ্ধতিৰে  সৈতে চৰকাৰৰ এক নিয়ন্ত্ৰণ ব্যৱস্থা থকা দৰকাৰ৷ শিক্ষানুষ্ঠানসমূহ, ব্যৱসায়-বাণিজ্যবোৰ, উপযোগিতাসমূহ ,অগ্নি নিৰ্বাপক বাহিনী ,বিমান বিভাগ, ৰেলৱে বিভাগ, পথ আৰু ৰাষ্ট্ৰীয় ঘাই পথ ব্যৱস্থা, স্বাস্থ্য সেৱা প্ৰতিষ্ঠানবোৰ  আৰু সকলোৱে যাতে এক নিৰ্দ্দিষ্ট জীৱন ধাৰণৰ মানদণ্ড বজাই ৰাখিব পাৰে তাৰ বাবে প্ৰয়োজনীয় আন ৰাজহুৱা উপযোগিতাসমূহ চৰকাৰে নিয়ন্ত্ৰিত কৰে৷ সেয়ে আমাৰ বাবে শাসন এক অতি গুৰুত্বপূৰ্ণ বিষয় ৷ দায়িত্ব লবলৈ বাধ্য, বিশ্বাসভাজন, দূৰদৰ্শী শাসন অবিহনে গোলকীয় প্ৰত্যাহ্বানবোৰ আৰু জন–গণৰ আৱশ্যকতাসমূহ পৰ্য্যাপ্তভাৱে পূৰণ কৰিব পৰা নাযাব৷ তাৰোপৰি দুৰ্বল নেতৃত্বই এখন দেশৰ অৰ্থনীতি আৰু সামাজিক কল্যাণক অতি দাৰুণ ভাৱে পঙ্গু কৰি দিব পাৰে৷

কু-শাসন কি ?

কু-শাসন হল এক ৰাজহুৱা প্ৰতিষ্ঠানৰ ৰাজহুৱা কাম-কাজবোৰ আৰু ৰাজহুৱা সম্পদসমূহ  নিয়ন্ত্ৰণ কৰাত অপাৰগতা ৷ চৰকাৰৰ ফালৰ পৰা সকলো সম্পদৰ ভাল ব্যৱহাৰ কৰা সত্বেও সমাজৰ প্ৰয়োজনীয়তা পূৰণত চৰকাৰ বিফল হয়৷ কু-শাসনে বেয়া শাসন ব্যৱস্থাকে বুজায় যত কোনোৱে নিজৰ লাভৰ বাবে শাসন প্ৰণালীত নিজৰ পদ মৰ্য্যাদাক ব্যৱহাৰ কৰিব পাৰে৷ চৰকাৰখন চোৱাচিতা কেইজনমান মানুহৰ দলে কৰে আৰু তাৰে লোভী ব্যক্তিৰ সিদ্ধান্ত অনুযায়ী  চৰকাৰী ধন-সম্পত্তি আত্মসাৎ কৰা বাবে কু-শাসন আহি পৰে৷ সমাজখনক ধ্বংস কৰি আৰু বিত্তীয় নিশ্চয়তাক ভাবুকি দি এচাম মানুহে সমজুৱা স্বাৰ্থতো এনে কৰিব পাৰে৷  মুঠতে, কু-শাসন মধুমেহ ৰোগতকৈও ভয়াবহ৷

কু শাসনৰ কু প্ৰভাব

কু-শাসনৰ ফলত দেশত দুৰ্নীতিয়ে দেখা দিয়ে৷ অনানুষ্ঠানিক অৰ্থনীতিৰ আকৃতিৰ ওপৰত দুৰ্নীতিৰ প্ৰত্যক্ষ প্ৰভাব পৰে৷ ই নতুন ব্যৱসায় সৃষ্টিৰ ব্যয় বৃদ্ধি কৰে৷ আনুষ্ঠানিক ব্যৱসায়ত থাকি অনানুষ্ঠানিক ধন দিব লগা হোৱা আৰু সেইবোৰৰ পূৰ্বানুমান কৰিব নোৱাৰা ধৰণৰ আকাৰ আৰু সময়ৰ ব্যৱধানে খৰছ আৰু ক্ষয় ক্ষতিৰ সম্ভাৱনা ইমান বঢ়ায় দিয়ে যে উদ্যোগীসকলে  তেওঁলোকৰ অনুজ্ঞাপত্ৰ,অনুমতিপত্ৰ পঞ্জীয়ন  কৰিবৰ বাবে দিব লগীয়া হোৱা উপঢৌকনৰ পৰা হাত হাৰিবলৈ তেওঁলোকৰ ব্যৱসায় গোপন স্থানলৈ নিয়াটোকে পছন্দ কৰে৷

কেতিয়াবা কোনো দেশৰ সকলো প্ৰতিষ্ঠানত সমন্বিতভাৱে, পদ্ধতিগতভাৱে দুৰ্নীতি কৰা হয় আৰু সেই প্ৰতিষ্ঠানবোৰে দুৰ্নীতি কৰা ক্ষেত্ৰত অৱশিষ্ট নৈতিকতাহীন শাসকসকলে আপোচ কৰে ; মানুহে ভুলতে সিহঁতক চৰকাৰ বুলি কয়৷ চৰকাৰৰ সকলো স্তৰতে দুৰ্নীতিৰ জন্ম দিয়া হয় আৰু তাক প্ৰতিপালন কৰা হয় , যাৰ দ্বাৰা ই সংস্কৃতিৰ অঙ্গ হৈ পৰে৷ দুৰ্নীতি সংস্কৃতিৰ লগত একাকাৰ হৈ পৰে আৰু সি এক স্বাভাৱিক কথা হৈ পৰে৷ এই দৰে দেশক অৱহেলা কৰা হয়,লুটপাট কৰা হয়,ডকাইটি কৰা হয়,লজ্জিত কৰা হয় আৰু অপমানিত কৰা হয়৷

কু-শাসনে অৰ্থনৈতিক উন্নয়নত বিস্তৰ ক্ষতি সাধন কৰে৷ কেৱল সেয়াই নহয়,ই মানৱ সম্পদত বিৰূপ প্ৰভাব পেলায়, দেশৰ নাগৰিকসকলৰ উদ্ভাৱন শক্তি আৰু ব্যক্তিত্বত বেয়া প্ৰভাব পেলায়৷ কু-শাসন আৰু দুৰ্নীতিয়ে বিনিয়োগত ব্যাঘাত জন্মায়, জাতীয় সম্পদৰ অনিষ্ট সাধন কৰে আৰু অনিশ্চয়তা বৃদ্ধি কৰে৷ কু-শাসন আৰু দুৰ্নীতিৰ বাবে দুখীয়ালোকসকল বিশেষভাৱে ক্ষতিগ্ৰস্ত হয়৷

কু-শাসনৰ প্ৰমুখ দুৰ্বলতাবোৰৰ ভিতৰত কিছুমান হল-ব্যাপক দুৰ্নীতি,দুৰ্বল শাসন , যিবোৰ প্ৰতিষ্ঠানে অৰ্থনৈতিক উন্নয়নত গভীৰভাৱে প্ৰভাব পেলায় তেনেবোৰৰ তদাৰকৰ অভাব আৰু দৰিদ্ৰতা দূৰিকৰণৰ বাবে চেষ্টা নকৰা৷ যেতিয়া দুৰ্নীতিয়েই সংস্কৃতিৰ অংগ হৈ পৰে তেতিয়া শুদ্ধ অশুদ্ধৰ বাদ বিচাৰ নাথাকে৷

দুৰ্নীতিপৰায়ণলোকৰ নৈতিকতাবিহীন উপাদানেৰে চৌদিশ আগুৰি ধৰাৰ পিচত তাক বাধা দিবলৈ ভেঁটা নাথাকে৷ চৰকাৰৰ কু-শাসনৰ ফলশ্ৰুতিত দুৰ্নীতিৰ এক কু-সংস্কৃতি গঢ় লৈ উঠে যাৰ দ্বাৰা দুৰ্নীতি এক আৰ্হি হৈ ৰৈ যায়৷ ই সংস্কৃতিৰ সৈতে একাকাৰ হৈ পৰে আৰু তাৰ অংগ হৈ পৰা বাবে ই আনকি ব্যক্তিগত খণ্ডলৈও বিয়পি  পৰে ৷ বহুতো মানুহে ইয়াক দৈনন্দিন জীৱনৰ লগত মিলায় লয়৷

যেতিয়া সকলো চৰকাৰী প্ৰতিষ্ঠানতে দুৰ্নীতি, দুষ্কৰ্ম ,ধনৰ অপচয়,ক্ষমতাৰ অপব্যৱহাৰ কৰা হয় তেতিয়া ই কু-শাসনৰ দৃষ্টান্ত স্বৰূপে আবিৰ্ভাব ঘটে বা প্ৰকাশ পায়৷ আৰু ই চৰকাৰৰ কামবোৰ আৰু ভৱিষ্যত প্ৰজন্মক ধ্বংস কৰাৰ আগতেই ইয়াক গুৰিতে বন্ধ কৰা দৰকাৰ ,তাতে ইয়াক হত্যা কৰা উচিত৷

সু-শাসন

ৰাজহুৱা ন্যাস গঠন আৰু পৰিচালনাৰ ক্ষেত্ৰত সু-শাসনেই প্ৰধান  আৱশ্যকীয় কথা৷ বিশেষজ্ঞসকলে অংশগ্ৰহণ, পূৰ্বানুমানযোগ্য,স্বচ্ছ তথা দায়িত্বশীলতাৰ ওপৰত নিৰ্ভৰ সুস্থ অৰ্থনৈতিক পৰিচালনাকে সু-শাসন বুলি বুজাব খোজে৷ সন্মিলিত জাতি সংঘৰ মানৱ অধিকাৰ আয়োগে সু-শাসনৰ ধাৰণাটো পৰিষ্কাৰ কৰি দিছে আৰু সু-শাসনৰ আচল গুণবোৰৰ সৈতে পৰিচয় কৰায় দিছে-

ক) স্বচ্ছতা  খ)দায়িত্বশীলতা   গ)উত্তৰ দায়িত্ব লবলৈ বাধ্য  ঘ)অংশগ্ৰহণ   ঙ)জবাবদেহিতা ৷

 যেইকি নহওক, বহুতে সু-শাসনৰ এই সংকীৰ্ণ অৰ্থনৈতিক সংজ্ঞা মানি লব নোখোজে৷ তেওঁলোকে সু-শাসনৰ  অংশ হিচাপে অন্ততঃ পাঁচটা কাৰক যোগ দিব বিচাৰে৷ সেইকেইটা হল-

১) গণতান্ত্ৰিকতা  ২)মানৱ অধিকাৰ ৩)আইনৰ শাসন  ৪)সাধুতা-সৰলতা ৫)উত্তৰ দায়িত্ব লবলৈ বাধ্যতা

সু-শাসন প্ৰক্ৰিয়াক বাধা প্ৰদান কৰা কিছুমান কাৰক-

১) অজ্ঞতা ২) দুৰ্নীতি ৩)প্ৰশাসনক ৰাজনৈতিকিকৰণ ৪) দুৰ্বল গণতান্ত্ৰিক প্ৰতিষ্ঠান  ৫) নিস্ক্ৰিয় সংসদ ৬) আইনৰ শাসনৰ অভাৱ ৭)গুণগ্ৰাহীতাৰ  অভাৱ৷

সন্মিলিত জাতি সংঘই সু-শাসনক চৰকাৰৰ অংশগ্ৰহণকাৰী স্বভাৱ আৰু আইনৰ শাসন বুলি বৰ্ণনা কৰিছে৷ এই সূত্ৰ অনুযায়ী ভাল চৰকাৰৰ  ৮ টা প্ৰধান চাৰিত্ৰিক বৈশিষ্ট আছে৷ সেইবোৰ হৈছে-

১) অংশগ্ৰহণকাৰীতা  ২) উত্তৰ দায়িত্ব লবলৈ বাধ্য  ৩) স্বচ্ছতা ৪) জবাব দেহিতা ৫)ফলপ্ৰসুতা  ৬)দক্ষতা  ৭)নিৰপেক্ষতা  ৮)আইনৰ শাসন অন্তৰ্ভুক্তি আৰু অনুসৰণ৷ 
  
সু-শাসনৰ বাবে কোনে কি ভূমিকা লব লাগিব ?

কাৰ্যতঃ নাগৰিকসকলে প্ৰতিটো স্তৰতে আৰু জীৱনৰ প্ৰতিটো খণ্ডতে নিহিত সম্ভাব্য দুৰ্নীতিৰ মুখামুখি হয়৷ নাগৰিকৰ কাৰ্যশীল গোটৰ  সক্ৰিয় সহযোগিতা  অবিহনে চৰকাৰে অকলে দুৰ্নীতিৰ সৈতে মোকাবিলা কৰিব নোৱাৰে৷ যোগান দিশৰ দুৰ্নীতি নিৰ্মূল কৰাত ব্যক্তিগত খণ্ডই সক্ৰিয় ভূমিকা লব পাৰে৷ দুৰ্নীতিক প্ৰশয় নিদি ব্যক্তিগত খণ্ডৰ ব্যৱসায়ীসকলৰ নেতৃত্ব লৈ থকা সৎ ব্যৱসায়ীসকলে চৰকাৰৰ সৈতে লগ লাগি দুৰ্নীতিৰ বিৰূদ্ধে যুঁজ দিলে তাক ৰোধ কৰিব পৰা যাব৷ দুৰ্নীতি ৰোধ কৰাৰ ক্ষেত্ৰত অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ ভূমিকা বহুত বেছি৷ সেই বাবে এনে অনুষ্ঠানবোৰে যাতে কোনো ধৰণৰ বাধা প্ৰাপ্ত নোহোৱাকৈ কাম কৰি যাব পাৰে তাৰ সু-ব্যৱস্থা কৰা দৰকাৰ৷ সেয়ে দুৰ্নীতি নিবাৰক আয়োগ,আইন আয়োগ,প্ৰচাৰ মাধ্যম আৰু প্ৰেছ কমিশ্যন তথা বিবাদ নিষ্পত্তিকৰণৰ দৰে ব্যৱস্থাত ৰাজনৈতিকভাৱে নিয়োগ কাৰ্য বন্ধ কৰা উচিত৷ বিধানমণ্ডল হৈছে সু-শাসনৰ মৌলিক উপাদান৷ ৰাজনৈতিক ক্ষমতা প্ৰয়োগৰ সাংবিধানিক এলাকা থকাটো হল সু-শাসনৰ অন্য এক বৈশিষ্ট্য৷ ন্যায় পালিকাই নাগৰিকৰ বাবে থকা সাংবিধানিক অধিকাৰ অক্ষুন্ন ৰখাত সহায় কৰে৷ সু-শাসনৰ ক্ষেত্ৰত আমোলাতন্ত্ৰৰ ভূমিকাকো নুই কৰিব নোৱাৰি৷ জ্যেষ্ঠ আমোলাসকলে নাগৰিকসকলৰ প্ৰতি থকা নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে উপলব্ধি কৰি দেশত সু-শাসন প্ৰচলন কৰিব পাৰে৷ তাৰ বাবে আমোলাসকল সু-শিক্ষিত আৰু দক্ষ হব লাগিব৷ সু-শাসনৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমৰ ভুমিকাৰ কথা কোনেও নুই কৰিব নোৱাৰে৷  সংবাদ মাধ্যম সক্ৰিয় হলে এখন দেশত সি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে কাম কৰি যাব পাৰে৷ সংবাদ মাধ্যমে বিৰোধী দলৰ ভূমিকা পালন কৰি দুৰ্নীতি –ভ্ৰষ্টাচাৰৰ ছবিবোৰ ৰাইজৰ আগত দাঙি ধৰি দুৰ্নীতি ৰোধ কৰাত সহায় কৰে আৰু দেশত সু—শাসন প্ৰচলন হয়৷ শিক্ষামূলক অনুষ্ঠানবোৰেও দুৰ্নীতি-ভ্ৰষ্টাচাৰ দূৰ কৰি সু-শাসন প্ৰতিষ্ঠা কৰাত আগ ভাগ লব পাৰে৷ এই ক্ষেত্ৰত  শিক্ষকসকলে ছাত্ৰসকলক সাংবিধানিক দিশবোৰ বুজাই দি নিকা প্ৰশাসনৰ বাবে মাত  মাতিবলৈ উদগণি দিব পাৰে৷ দেশ এখনত সু-শাসন চলিবই নোৱাৰে , যদিহে দেশত দুৰ্নীতি বাহাল থাকে৷ গণতন্ত্ৰ জীয়াই থাকিবলৈ হলে দুৰ্নীতিমুক্ত চৰকাৰ এখনৰ প্ৰয়োজন৷ দুৰ্নীতি নিবাৰণ প্ৰৱৰ্তন কৰিবলৈ হলে দেশখনৰ নিৰ্বাচন আয়োগে নিৰপেক্ষভাৱে আৰু ন্যায়সংগতভাৱে নিৰ্বাচন অনুষ্ঠিত কৰি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব লাগিব৷ নিৰ্বাচিত ৰাইজৰ প্ৰতিনিধিসকল নিকা ভাৱমূৰ্তিৰ তথা ৰাইজৰ সেৱাৰ বাবে নিজকে উৎসৰ্গা কৰা ব্যক্তি নে দুৰ্নীতি পৰায়ণ তথা অপৰাধী ব্যক্তি তাক নিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ পূৰ্বেই প্ৰাৰ্থীৰ যোগ্যতাৰ ক্ষেত্ৰত কিছুমান নীতি নিৰ্দ্দেশনা জাৰি কৰিব লাগে৷ এনে কৰিলে কু-নাগৰিক তথা অপৰাধীৰ ৰাজনীতিত প্ৰবেশ ঘটিব নোৱাৰে৷ ফলস্বৰূপে নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ নৈতিকতা আৰু সাধুতাৰ বাবেই দেশত সু-শাসন প্ৰচলন হব৷

ভাৰতবৰ্ষত  কু –শাসনৰ অন্ত পৰিবনে ?

ব্ৰিটিছৰ কু-শাসনৰ কবলৰ পৰা স্বাধীনতা সংগ্ৰামীয়ে দেশক উদ্ধাৰ কৰি শাসনৰ বাঘজৰীডাল স্বদেশী ৰাজনৈতিক নেতাৰ হাতত তুলি দিয়াৰ ছটা দশকৰো অধিক কাল পাৰ হৈ গল ; কিন্তু আশা কৰা মতে দেশৰ জনগণে মহাত্মা গান্ধীৰ স্বৰাজৰ সু-শাসন ভাৰতবৰ্ষত প্ৰবৰ্তন হোৱা দেখা নাপালে ,বৰঞ্চ ইয়াৰ বিপৰীতে শোষণ, দৰিদ্ৰতা, জাতি আৰু শ্ৰেণীৰ সংঘৰ্ষ, নাৰী নিৰ্যাতন,ৰাজহুৱা ধনৰ লুন্ঠন, অপহৰণ আদি দেশত সাধাৰণ কথা হৈ পৰিল৷ দেশৰ সংবিধানৰ সুৰুঙাৰে ৰাজনীতিত অপৰাধী ব্যক্তিয়ে ধনৰ বলত প্ৰবেশ কৰিছে৷ একেদৰেই সাংবিধানিক ৰক্ষা কবচৰ মাজত সোমাই থাকি শাসকদলৰ শীৰ্ষ নেতাই গণতন্ত্ৰক ভেঙুচালি কৰি বৃহৎ অৰ্থনৈতিক কেলেংকাৰীত লিপ্ত হৈছে৷ নীতি শাস্ত্ৰৰ ওপৰত জোৰ দি ভাৰতবৰ্ষৰ পৰা দুৰ্নীতি নিৰ্মূল কৰাৰ প্ৰচেষ্টা এইদৰে বিফল হৈ পৰে৷ বিভিন্ন ধৰ্মৰ গ্ৰন্থসমূহে কেনেকৈ শান্তি আৰু একতাৰে  বসবাস কৰিব পাৰি তাক কৈছে ;এই শিক্ষাসমূহে মানুহৰ জীৱন পথত প্ৰভাব পেলাব পৰা নাই৷ প্ৰত্যেকেই যেয়ে যিমান পাৰে  গোপনে টকা-পইচা বা সম্পদ জমা কৰাত আগ্ৰহী হৈছে৷ এইদৰে গোপনে অধিক ধন সম্পত্তি জমা কৰা প্ৰবণতাই সমাজলৈ কু-শাসনৰ এটা যুগ আনি দিছে৷ ৰাজহুৱা জীৱনত নীতি শাস্ত্ৰৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি দ্বিতীয় প্ৰশাসনিক আয়োগে {Second Administrative Commission( ARC)} য়ে ২০০৭ চনত প্ৰকাশ কৰা চতুৰ্থ প্ৰতিবেদনত শাসনত নৈতিকতা ক বিষয় বস্তু হিচাপে লয়৷ আনকি অসামৰিক সেৱাৰ চাকৰিৰ পৰীক্ষাৰ  বিষয় হিচাপেও নীতি শাস্ত্ৰক অন্তৰ্ভুক্তি কৰা হয়৷ সাম্প্ৰতিক কালৰ ভাৰতীয় ৰাজনৈতিক দৃশ্য পটত যি পৰিবৰ্তন দেখা গৈছে সেয়া যেন নৈতিক শাস্ত্ৰৰহে প্ৰভাব৷ এনে হোৱাটোৱেই কাম্য,যিয়ে নেকি দুৰ্নীতিগ্ৰস্তসকলৰ মুখত ছাই সানি দিব পাৰে৷

সামৰণি 
     
উন্নয়নশীল দেশত  সু-শাসনৰ যোগেদি দুৰ্নীতিৰ বিৰূদ্ধে যুঁজ দিয়া উজু কথা নহয়৷ সু-শাসন আৰু উন্নয়নৰ বাবে দুৰ্নীতি এক ভয়ানক প্ৰতিৰোধ আৰু ইয়াৰ বোজা গুৰুতৰ ভাৱে দৰিদ্ৰ জনগণৰ ওপৰত পৰে৷ বলিষ্ঠ ৰাজনৈতিক সমৰ্থন সহকাৰে এক কাৰ্যশীল দুৰ্নীতি নিবাৰক আয়োগ  দুৰ্নীতি ৰোধৰ  বাবে প্ৰত্যয়জনক আহিলা হব পাৰে৷ সম্পূৰ্ণ কাৰ্যশীল হবলৈ দুৰ্নীতি নিবাৰক আয়োগক সকলোৱে সহায় কৰিব লাগিব৷ এখন দেশ দৰিদ্ৰতামুক্ত আৰু অৰ্থনৈতিকভাৱে সবল হবলৈ আৰু তাৰ প্ৰতিজন নাগৰিকে নিজৰ অধিকাৰ উপভোগ কৰি  এক উন্নত মানদণ্ডৰ জীৱন যাপন কৰিবলৈ হলে  দুৰ্নীতিৰ বিৰূদ্ধে যুঁজ দিয়াতো অতি প্ৰয়োজনীয় কথা৷ দুৰ্নীতিমুক্ত ,সচ্ছ , সমতা আৰু সামাজিক ন্যায়ক নিশ্চিত কৰি অংশগ্ৰহণকাৰী সু-শাসনৰ প্ৰতি প্ৰতিজন বিষয়বাবধাৰীৰ কৰ্তব্যবোধ থকা দৰকাৰ৷ সুশাসন, সমতা আৰু ন্যায় লাভৰ ক্ষেত্ৰত বহুতো বাধা বিঘিনি থাকে ৷ দুৰ্নীতি, প্ৰশাসনত ৰাজনৈতিক হস্তক্ষেপ, ক্ষমতাৰ অপব্যৱহাৰ,স্বজনতোষন, আইনৰ শাসনৰ অভাৱ, দায়িত্বহীনতা আৰু চৰকাৰৰ অস্বচ্ছতা আদিয়ে হল এক দুৰ্নীতিগ্ৰস্ত দেশৰ বাতাবৰণ৷ গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত চৰকাৰৰ বিষয়-ববীয়া ,মন্ত্ৰী-আমোলাৰ ভুলৰ বাবে ৰাইজৰ দুখ-দুৰ্দশা ,দেশত কু-শাসনৰ প্ৰচলন যাতে নহয় তাৰ বাবে সকলো পক্ষই নজৰ ৰখা উচিত৷ এনে অৱস্থাৰ সৃষ্টি হলে বোকা ছটিওৱা ৰাজনীতিত লিপ্ত নহৈ শাসক বৰ্গই ততালিকে নিজৰ ভুল স্বীকাৰ কৰি সকলো দায়-দোষ শীৰোধাৰ্য কৰি পদত্যাগ কৰিব লাগে৷ তেওঁলোকে ক্ষমতাৰ লালসাত ডুব গৈ নিজকে সু-শাসক বুলি জাহিৰ কৰিবলৈ গৈ দেশৰ অধিক ক্ষতি আৰু গণতন্ত্ৰক হত্যা নকৰাটোৱেই মঙ্গলজনক হব৷  যিহেতু গণতান্ত্ৰিক শাসন ব্যৱস্থাত কোনো দল বা ব্যক্তিয়ে নিজকে সৰ্বোত্তম বুলি ভৱা উচিত নহয়৷ গতিকে নিজে সু-শাসনৰ ধাৰাটো বৰ্তাই ৰাখিব নোৱাৰিলে মিছাতে ৰাইজক কষ্ট দি থকাতকৈ অচিৰেই পদত্যাগ কৰি যোগ্যজনক শাসন ভাৰ লবলৈ সুযোগ দিয়া উচিত৷  ইয়াৰ অন্যথা কৰা মানেই বুজিব লাগিব যে শাসনাধিষ্ঠ চৰকাৰৰ লোকসকল ডাঙৰ ডাঙৰ কেলেংকাৰীত ইতিপূৰ্বে জড়িত হৈ পৰিছে, যাৰ পৰা পৰিত্ৰাণ পাবলৈ ক্ষমতাশালী হৈ থকাটো নিতান্তই প্ৰয়োজন৷ এনে কু-মনোবৃতিয়েই কু-শাসনৰ ম্যাদ দীঘলীয়া কৰে আৰু দেশত বা ৰাজ্যত আন্দোলনৰ পথ লৈ ৰাইজে কষ্ট ভোগ কৰি ,বহুমূলীয়া সময়বোৰ নষ্ট কৰি দুৰ্নীতিগ্ৰস্তসকলক গাদীচ্যুত কৰিব লগা হয়৷ কেৱল গাদীচ্যুত কৰিয়েই ক্ষান্ত নাথাকি তেনে ব্যক্তিক তেওঁলোকৰ বাবে ৰাইিজে ভোগ কৰিব লগা হোৱা দুখ-যান্ত্ৰণাবোৰৰ বাবেও আইনযোগে উচিত বিচাৰ কৰি শাস্তি বিহিলেহে নিশ্চয় কু-শাসনৰ অন্ত পৰিব৷

০০০০০০০০০০০০০০০০০০০০০০০০০০০০০)(০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০
                                                                             

No comments:

Post a Comment