আতংকৰসূত্ৰপাত
“সকলো শেষ হৈ গ’ল জোনাক, কাৰ বাবে জীয়াই থাকিম ? কাৰ মৰমে হিয়া-মন উপচাই দিব ?”
“আৰু মই, মই কাৰ বাবে, কাৰ মৰম বুকুত বান্ধি জীয়াই থাকিম ধুনু ?”
জোনাক আৰু ধুনু দুয়োৰে দুগালে চকুলো নিগৰি গ’ল৷ ইটোৱে সিটোক সাৱটি ধৰিলে৷
বেংগালোৰুৰ নেশ্যনেল চেন্টাৰ ফৰ বায়’ল’জিকেল চায়েন্সৰ গেষ্ট হাউচৰ টি ভি ত তেতিয়া এটা অসমীয়া নিউজ চেনেলৰ বাতৰি পৰিবেশনকাৰী গৰাকীয়ে উৰাই-ঘূৰাই সেই একেটা বাতৰিকে গাই আছিল---
‘ বৃহস্পতি বাৰে সন্ধিয়া ৫০ জনীয়া দুৰ্বৃত্তৰ দলে বাগসা জিলাৰ নাৰায়ণগুৰিৰ গেমপাৰাত নৃশংস আক্ৰমণ চলাই এটা সম্প্ৰদায়ৰ ৯০ টা পৰিয়ালৰ ঘৰত অগ্নি সংযোগ ঘটাই আৰু নৰ্বিচাৰে গুলী চালনা কৰি শিশু আৰু মহিলাকে ধৰি বহুজনৰ প্ৰাণ নাশ কৰে৷ দুৰ্বৃত্তৰ আক্ৰমণত নিহতৰ সংখ্যা ৩৫ জনতকৈ অধিক হোৱাৰ সম্ভাৱনা……৷’
বাতৰি পৰিবেশনকাৰী গৰাকীলৈকে যেন জোনাকৰ খং উঠিগ’ল ; ভাৱ হ’ল –অসমৰ গৌৰৱময় কথাবোৰ যেন উৎসৱমুখৰ এক পৰিৱেশত বাতৰিটোৰ যোগে তেওঁ বিশ্ববাসীক অৱগত কৰিব খুজিছে৷ সি টি ভি টো বন্ধ কৰি ধুনুলৈ চালে৷ ধুনুৱেও একে ধৰণৰ বিৰক্তি ভাৱেৰেই টি ভি টোলৈ চাই আছিল৷
“ধুনু,”জোনাকে মাত লগালে৷
“হুঁ ৷” ধুনুৱে সঁহাৰি জনালে৷
“মইতো কেৱল আব্বাজান, আম্মা, নাছিৰ ,নাজমা আৰু তোৰ বাবেহে জীয়াই আছিলো৷” কথাষাৰ কৈ থাকোঁতেই জোনাকে ফেঁকুৰি ফেঁকুৰি কান্দি উঠিল৷ অতি কষ্টেৰে নিজকে সম্বৰণ কৰি সি ক’লে,“তেওঁলোকক নৰপিঁশাচহঁতে আমাৰ সৰু পৃথিবীখনত জীয়াই থাকিবলৈ নিদিলে৷ তই আছ যেতিয়া তোৰ বাবেই মই জীয়াই থাকিম ধুনু…..৷”
ফেঁকুৰি ফেঁকুৰি কোৱা জোনাকৰ কথাখিনি শুনি ধুনুৰ জীৱনত প্ৰথম বাৰৰ বাবে লগ পোৱা সেই অকণমানি জোনাকটোলৈ মনত পৰি গ’ল৷ ধুনুৰ আব্বাজানে জোনাকক সিহঁতৰ ঘৰলৈ ঘৰৰ এজন সদস্য কৰি লৈ আনোঁতে তাৰ বয়স চাৰি বছৰ মানহে হৈছিল চাগৈ৷ তেতিয়া ধুনুৰ বয়স তাতকৈ কেইমাহ মানহে বেছি আছিল৷ তেতিয়া নাছিৰ আৰু নাজমাৰ জন্মই হোৱা নাছিল৷ ধুনুৰ মনত আছে-কোনোবাই তাৰ নামটো সুধিলেও জোনাকে ফেঁকুৰি উঠে৷ ‘তোমাৰ নামটো কোৱা আক’ সোণটো’ বুলি খুউব মৰমেৰে ক’লেহে সি কেছিল, “মোৰ নাম জোনাক বড়ো৷”
জোনাকৰ দেউতাকে জোনাই মহকুমাৰ উলুৱনি জয়পুৰ অঞ্চলৰ পৰা উঠি আহি ধুনুহঁতৰ গাঁৱৰ ওচৰৰ এখন গাঁৱত বাস কৰিছিল আৰু তাৰে এখন ভেন্সাৰ স্কুলত অবৈতনিক শিক্ষক হিচাপে কাম কৰিছিল৷ তেওঁ টিউচন কৰাৰ ওপৰিও ধুনুহঁতৰ সেই গাঁৱত থকা মাটি কেইডৰাত আধিয়াৰ স্বৰূপে খেতি কৰি যেনে তেনে তিনিজনীয়া পৰিয়ালটো চলাই নিছিল৷ এক সাম্প্ৰদায়িক সংঘৰ্ষৰ দাবানলৰ লেলিহান শিখাই অঞ্চলটো ছানি ধৰিছিল৷ বিনাদোষতে নিৰীহ ব্যক্তি মানিক বড়ো( জোনাকৰ দেউতাক) আৰু তেওঁৰ পত্নীক দুৰ্বৃত্তই ঘৰতে হানি-খুচি মাৰি থৈ গ’ল৷ তেতিয়া কণমানি জোনাক নিদ্ৰাদেৱীৰ কোলাতে আছিল৷
ৰাইজৰ অনুমতি সাপেক্ষে নিথৰুৱা জোনাকৰ দায়িত্বলৈ ধুনুৰ আব্বাজান মঃ তাহেৰ আলীয়ে তাক নিজৰ ঘৰলৈ আনি পুত্ৰ স্নেহেৰে উপচাই দিয়ে৷ ধুনু আৰু জোনাক এই দুই পুত্ৰকে একে দিনাই একেখন বিদ্যালয়ত নাম ভৰ্ত্তি কৰি দিয়া হয়৷ কালক্ৰমত দুয়ো মেধা ছাত্ৰ হিচাপে পৰিচয় দিবলৈ সক্ষম হ’ল৷ অসমৰ নাম উজ্বল কৰি ভাৰতৰ দুই আগশাৰীৰৰ শিক্ষা প্ৰতিষ্ঠান বেংগালুৰুৰ ইণ্ডিয়ান ইন্ষ্টিটিউট অব ছায়েন্সত জোনাকে আৰু নেশ্যনেল চেন্টাৰ ফৰ বায়’ল’জিকেল ছায়েন্সত ধুনুৱে গৱেষণা কৰি আছে৷
অতীতৰ কথাবোৰ ভাৱি কিছুপৰ নিৰৱে থাকি ধুনুৱে ক’লে, “মইনো কাৰ বাবে জীয়াই থাকিম জোনাক ?তোৰ বাবেই জীয়াই থাকিব লাগিব ময়ো৷” কথাষাৰ কওঁতে তাৰ দুগালে চকুলো বৈ গ’ল৷
“নহয় নহয় ধুনু, আমি কেৱল আমাৰ বাবেই জীয়াই থাকিলে নহ’ব৷” এক অদ্ভুৎ ধৰণৰ দৃঢ়তা চকুৱে মুখে ব্যক্ত কৰি জোনাকে ক’লে, “ মানৱতাক জীয়াই ৰাখিবলৈ আৰু নৰ পিঁশাচহঁতক নিঃশেষ কৰিবলৈ আমি জীয়াই থাকিব লাগিব; তেতিয়াহে আব্বাজান আৰু আম্মাহঁতৰ আত্মাই শান্তি পাব৷”
ধুনুৱে জোনাকৰ আত্মপ্ৰত্যয়েৰে ভৰা মুখলৈ চাই নিজৰ অন্তৰাত্মাত এক সমভাৱাপন্ন অনুভূতিৰ অনুভৱ কৰিলে আৰু তাৰো চকুৱে মুখে এক অদ্ভুৎ ধৰণৰ দৃঢ়তা ফুটি উঠিল৷
“তেন্তে আজিৰ পৰা এয়ে হ’ব আমাৰ লক্ষ্য আৰু উদ্দেশ্য৷” কথাষাৰ কৈ ধুনুৱে জোনাকৰ সৈতে হাত মিলালে৷
০০০০০০০০০০০০০০০০০০০০০০০০০০
পেন্সন ফাইলৰ আতংক
ধুনু আৰু জোনাক আহি অসম পালেহি৷ এতিয়াতো ইয়াত আপোন বুলিবলৈ সিহঁতৰ কোনোৱেই নাই৷ মনত পৰিল সিহঁতৰ শিক্ষা গুৰু চন্দন শৰ্মা ছাৰলৈ৷ নতুন কামৰ শুভাৰম্ভৰ পূৰ্বে শিক্ষা গুৰুক প্ৰণাম জনাই অহাটো নিতান্তই প্ৰয়োজনীয় কাম বুলি ভাৱিলে সিহঁতে৷
শিক্ষা গুৰুৰ ঘৰলৈ গৈ দুয়ো তেওঁৰ চৰণ চুই সেৱা জনালে আৰু খা –খবৰ ল’লে৷ চন্দন শৰ্মা ছাৰে সিহঁত হালক ইমান স্বাভাৱিক অৱস্থাত দেখা পাই এক প্ৰকাৰ আচৰিতেই হ’ল৷ ঘৰৰ সকলোটিকে হেৰুৱাই ইমান অবিচলিত হৈ থকাটো সঁচাই আচৰিত হ’ব লগা কথাই—শৰ্মা ছাৰে ভাৱিলে আৰু ক’লে,“মই ভালে কুশলেই আছোঁ৷ পিছে তোমালোকৰ দুখতহে দুখী হৈছোঁ৷”
“আপোনালোক আছে নহয় ছাৰ, আপোনালোকক সেৱা কৰিব পাৰিলেই ধন্য হ’ম৷” জোনাকে বিনম্ৰভাৱে কৈ গ’ল,“কওকচোন ছাৰ, চাকৰিৰ পৰা অৱসৰ লৈ কেনেদৰে দিনবোৰ অতিবাহিত কৰিছে ?”
“অৱসৰ লৈ বিদ্যালয় এৰিলেও ল’ৰাহঁতক পঢ়াবলৈ এৰাই নাই৷ ঘৰতে পুৱাৰে পৰা গধূলিলৈকে কেইবা চামো ল’ৰা-ছোৱালীক টিউচন কৰিব লগা হৈছে৷ নহ’লে ঘৰখন নচলে৷”চন্দন শৰ্মা ছাৰে ক’লে৷
“কিন্তু কিয় ?” ধুনুৱে সুধিলে,“পেন্সনৰ টকা ছাৰে পোৱাই নাই নেকি ?”
চন্দন শৰ্মাই পেন্সনৰ টকাৰ বাবে অফিচলৈ বাটকুৰি বাই ভাগৰি পৰাৰ কথা বৰ্ণনা কৰোঁতে অফিচত বিষয়া কৰ্মচাৰীয়ে কৰা লটি-ঘটিৰ কথাও জনালে৷ কোনজন কেৰাণী , কোনজন বিষয়াই উপঢৌকনৰ লোভত পেন্সনৰ ফাইলৰ কাম নকৰি ওলমাই ৰাখিছে সেই কথাবোৰ আঁতিগুৰি মাৰি জানি লৈ ধুনু আৰু জোনাকে চন্দন শৰ্মা ছাৰক দুদিনৰ ভিতৰতে পেন্সনৰ টকা পাব বুলি আশ্বাস দি বিদায় ল’লে৷
০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০
বৰবাবু হৰকান্ত বৰুৱাই পেন্সন প্ৰত্যাশীৰ পৰা কৌশলেৰে আদায় কৰা ধনেৰে কেইপেগমান বিলাতী সুৰা গলাৰ্ধকৰণ কৰি গোলাপী নিচা লগাই হোটেলতে নৈশ ভোজন পৰ্ব সমাপন কৰি ঘৰলৈ আহিল৷ নগৰৰ উপকন্ঠ অঞ্চলৰ ভাৰা ঘৰটোত তেওঁ অকলেই থাকে৷ তেওঁৰ পত্নীয়ে স্কুলত পঢ়ি থকা ল’ৰা-ছোৱালী হালক লগত লৈ নিজা নগৰখনতে থাকে৷ হিন্দী বোলছবিৰ কিবা এটা ৰোমান্টিক গীতৰ কলি গুণ-গুনাই তেওঁ ঘৰৰ মুখ্য দ্বাৰৰ তলাতো খুলিলে৷ মানুহটো ঘৰৰ ড্ৰয়িং ৰুমত ভৰি দি লাইটৰ চুইচটো অন কৰি সমুখৰ চোফাখনলৈ থৰ লাগি চাই ৰ’ল—য’ত বহি আছিল মুখা পিন্ধা ব্যক্তিজন৷ মূৰত আছিল তেওঁৰ এটি টু্পী৷ টু্পীটোৰ কাষত লিখি থোৱা শব্দটো হৰকান্ত বৰুৱাই পঢ়িলে-‘ আতংক’৷
“ ওঁ , ঠিকেই দেখা পাইছে আপুনি—‘আতংক’৷ অনধিকাৰ প্ৰৱেশকাৰী জনেই প্ৰথমে মাত লগালে আৰু হাতত লৈ থকা উদ্যত পিষ্টলটো হৰকান্তলৈ টোৱাঁই ক’লে, “অফিচত আপোনাৰ টেবুলত পেলাই থোৱা আটাইকেইটা পেন্সনৰ ফাইলৰ কাম সম্পূৰ্ণ কৰি কালিলৈ দুই বজাৰ আগতে অফিচাৰৰ টেবুলত জমা দিব৷ ইয়াৰ যাতে কোনো হীন-দেৰি নহয়৷ অন্যথাই জীৱনলৈ নামি আহিব ঘন ঘোৰ আতংক৷ এতিয়া ব’লক ,আপোনাৰ গাড়ীখন গেৰেজৰ পৰা উলিয়াই মোক এটা লিফ্ট দিয়ক৷”
০০০০০০০০০০০০০০০০০০০০০০০০০
আতংকিত বৰবাবু হৰকান্ত বৰুৱাই আনদিনাতকৈ সোণকালে অফিচলৈ গৈ পেন্সনৰ ফাইলবোৰ উলিয়াই লৈ খৰ-খেদাকৈ কামবোৰ কৰি যাব ধৰিলে যাতে দুই বজাৰ আগতেই শেষ কৰিব পাৰে৷ সেইদিনা বৰবাবুক কাম কৰা দেখি অফিচৰ সকলোৱে আচৰিত হৈছিল আৰু সেই লৈ সহকৰ্মীবৃন্দই চুপে-চাপে ভাগে ভাগে মেল পাতি আলোচনা কৰিছিল ; কিন্তু বৰবাবু হৰকান্ত বৰুৱাই সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি দুই বজাৰ আগতে সকলোবোৰ ফাইলৰ কাম শেষ কৰি ফাইলবোৰ নিজে নি অফিচাৰৰ টেবুলত জাপি দিলেগৈ৷ ফাইলবোৰ দিওঁতে অফিচাৰে কিবা ক’ব নেকি ভাৱি হৰকান্ত বৰুৱাই ক্ষন্তেক ঠাইতে তভক মাৰি ৰৈ দিছিল ; কিন্তু তেওঁক আচৰিত কৰি অফিচাৰ ৰত্নকান্ত বৰুৱাই এটা এটাকৈ ফাইলবোৰ লৈ প্ৰতিটোতে নিজৰ স্বাক্ষৰ প্ৰদান কৰি যাব ধৰিলে৷ হৰকান্ত বৰুৱাই অফিচাৰৰ অলক্ষিতে তেওঁৰ মুখ-মণ্ডললৈ পুনৰবাৰ ভালদৰে চাইহে জানিব পাৰিলে যে অফিচাৰৰ মুখ-মণ্ডলতো কিবা এক আতংকৰ ভাৱে বিৰাজ কৰি আছে৷
বৰবাবু হৰকান্ত বৰুৱা নিশব্দে তাৰ পৰা ওলাই আহি নিজৰ আসনত বহি কথাবোৰ ভাৱি থাকিল৷ তাৰ মানে অফিচাৰকো ---আতংকই----৷ এনেতে পিয়ন এজন আহি তেওঁৰ ভাৱত আঁউল লগাই দি হৰকান্তৰ টেবুলত সেই পেন্সনৰ ফাইলবোৰ দ’মাই থৈ ক’লে যে ফাইলবোৰৰ কাম হৈ গৈছে আৰু অফিচাৰে পেন্সনাৰসকলৰ এখন তালিকা প্ৰস্তুত কৰি ন’টিছ বৰ্ডত আজিয়েই লগাই দিবলৈ হুকুম দিছে৷
হৰকান্ত বৰুৱাই ক্ষন্তকো বিলম্ব নকৰি ফাইলবোৰ মেলি মেলি পেন্সনাৰসকলৰ নামৰ এক তালিকা প্ৰস্তুত কৰি অফিচাৰৰ ওচৰলৈ নি চহী কৰাই আনিলে আৰু তালিকাখন ন’টিছ ব’ৰ্ডত আঁৰি দিলে৷
পিছদিনা অফিচৰ ন’টিছ ব’ৰ্ডৰ সমুখত পেন্সনাৰ তথা জ্যেষ্ঠ নাগৰিক সকলে সন্তোষৰ হাঁহি একোচমকা মুখত বিৰিঙাই অফিচাৰ আৰু কৰ্মচাৰীবৃন্দৰ এনে উদ্যোগৰ ভূয়সী প্ৰশংসা কৰিলে আৰু আন্তৰিক ধন্যবাদ জনালে৷ পিছে চন্দন শৰ্মা ছাৰে কিন্তু কিবা এক ৰহস্যৰ গোন্ধ পালে৷ তথাপিতো তেতিয়া যেন নাছিল কাৰো কোনো আতংক৷
০০০০০০০০০০০০০০০০০০০০০০০০০০০০
সমাপ্ত ০০০০০০০০০০০০০০০০০০০০০০০০০০০০
বিঃদ্ৰঃ গল্পটো অসমৰ জনপ্ৰিয় আলোচনী “তৃষ্ণাতুৰ”ৰ নবেম্বৰ,২০১৫
সংখ্যাত প্ৰকাশ পাইছে৷
No comments:
Post a Comment