Saturday 3 October 2015

নগালেণ্ডৰ খনমা ছাত্ৰ সন্থাৰ প্ৰশংসনীয় প্ৰয়াস

নগালেণ্ডৰ খনমা গাঁৱলৈ(Khonoma Village)যিয়ে এবাৰ গৈছে তেওঁ পুনৰবাৰ নোযোৱাকৈ থাকিব নোৱাৰে৷ ইয়াৰ মূল কাৰণ হৈছে খনমাৰ অপৰূপ সৌন্দৰ্য৷ খনমা গাঁৱক ভাৰতৰ প্ৰথম সেঁউজী গাঁও(The First Green Village in India)বুলি কোৱা হয়৷ এই অপৰূপ সৌন্দৰ্যৰাশি কেৱল প্ৰকৃতিৰ অৱদান নহয়৷ ইয়াত সুন্দৰৰ পূজাৰী খনমাবাসীৰ অৰিহণা যথেষ্ট আছে৷ খনমাবাসীয়ে নিজৰ ঘৰৰ চৌহদ ফুলে্ৰে ভৰাই তুলি খনমাক দৃষ্টিনন্দন কৰি বিশ্ববাসীৰ চকুত চমক লগাবলৈহে যেন আপ্ৰাণ চেষ্টা চলাইছে! সোণতে সুৱগা চৰোৱাৰ দৰে খনমা ছাত্ৰ সন্থাই বাট-পথ, বিদ্যালয়ৰ চৌহদ আদি ৰাজহুৱা স্থানত জকমকাই থকা ফুলৰ টাববোৰ সজাই থৈছে আৰু সমগ্ৰ খনমাখনকে পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখিছে৷


 আমাৰ অসমৰ ছাত্ৰ সংগঠনবোৰেও এনে ধৰণৰ কামত ব্ৰতী হৈ ৰাইজক নিজৰ গাঁওখন, নিজৰ নগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সৌন্দৰ্যময় কৰি গঢ়ি তুলিবলৈ উদ্বুদ্ধ কৰিব নোৱাৰিবনে?
                                                            
                                                      
                                        
বিঃদ্ৰঃ
চিঠিআকাৰে ‘প্ৰাম্তিক ‘ আলোচনীৰ ২০১৫ চনৰ ১৬---৩০ চেপ্তেম্বৰ সংখ্যাত প্ৰকাশ হৈছে৷
                                                                                                                                                                     
                                        


No comments:

Post a Comment