Friday 30 October 2015

অন্ধবিশ্বাস বিস্তাৰ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমো জগৰীয়া

বিগত বৰ্ষৰ   ২৫/১০/২০১৪ তাৰিখে News Live আৰু DY 365 এই দুয়োটা টি ভি চেনেল যোগে গধূলি ঠিক একেটা সময়তে কলিয়াবৰত ৰোগী চিকিৎসা কৰা “পাগলা বাবা”ৰ বিষয়ে এক অনুষ্ঠান প্ৰচাৰ কৰা হ’ল৷ মানুহৰ অন্ধবিশ্বাসৰ সন্দৰ্ভত অনুষ্ঠানৰ পৰিচালকে চিঞৰি চিঞৰি বহু কথা ক’লে৷ বৰ ভাল কথা, অন্ধবিশ্বাস দূৰ কৰিব লাগে৷ বিজ্ঞানৰ যুগ৷ অষ্ট্ৰেলিয়াত মৃত্যুমুখীজনৰ হৃদপিণ্ড আনি ৰোগীৰ শৰীৰত স্থাপন কৰি সুস্থ কৰি তুলিছে৷আমাৰ দেশত কিন্তু ডাইনীয়ে মানুহক ভালদৰে জীয়াই থাকিবলৈ নিদিয়াৰ অজুহাতত  ডাইনী হত্যাৰ অভিযান চলিছে৷এনে অন্ধ্ববিশ্বাস দূৰ কৰাৰ ক্ষেত্ৰত বাতৰি কাকত, টি ভি চেনেল আদিয়ে মুখ্য ভূমিকা পালন কৰিছে ; কিন্তু প্ৰচাৰ মাধ্যমৰ ব্যৱসায়িক দৃষ্টিভংগীৰ বাবে এই ক্ষেত্ৰত দুমুখীয়া চৰিত্ৰ ফুটি উঠিছে৷তাৰ ফলত সংবাদ মাধ্যমৰ প্ৰচেষ্টাই সমাজৰ পৰা কু-সংস্কাৰ দূৰ কৰাত সফল হ’ব পৰা নাই৷উদাহৰণ স্বৰূপে, কিছু দিনৰ পূৰ্বে এখন দৈনিক বাতৰি কাকতত কলিয়াবৰৰ এজন বেজৰ বিষয়ে এক কটু সমালোচনা এটা পঢ়িবলৈ পালোঁ; কিন্তু সেই একেখন কাকততে দুই নং পৃষ্ঠাত দেখিলো সেইজন বেজে কৰিব পৰা অসাধ্য সাধনৰ বিজ্ঞাপন৷


বাতৰি কাকতবোৰত ভণ্ড বেজৰ বিজ্ঞপ্তিৰে ভৰি থাকে৷ধন বেছিকৈ দিলে হয়তু প্ৰথম পৃষ্ঠাখনেই ভণ্ড বেজৰ বিজ্ঞপ্তিৰে উপচি পৰিব আৰু ধনৰ বলত হয়তু ‘পাগলা বাবা’ৰ বিজ্ঞপ্তিয়েও টি ভি চেনেলৰ বহু সময় অধিকাৰ কৰিলেহেতেন৷এনে বিজ্ঞপ্তিবোৰে সমাজত কু-সংস্কাৰৰ বিস্তাৰ নঘটায়নে?ভণ্ড বেজক দুৰ্বল মনৰ লোকক লুটিবলৈ সুযোগ নিদিয়েনে? ‘নিউজ লাইভ’ৰ দৰে টি ভি চেনেলত ঘন্টা ঘন্টা ধৰি ছলাহী কথা কৈ কৈ ‘হনুমান কৱচ’ বিক্ৰীৰ বিজ্ঞপ্তি প্ৰচাৰ কৰোঁতে মানুহক বিশ্বাসী হ’বলৈ নে অন্ধবিশ্বাসী হ’বলৈ কয়? ৰাইজে কথাটো চিন্তা কৰি চাওকচোন৷ নিশ্চয় সকলোৱে একমুখে ক’ব যে সংবাদ মাধ্যমে দুমুখীয়া চৰিত্ৰ এৰি, সমাজৰ স্বাৰ্থতে তেনে ধৰণৰ বিজ্ঞপ্তি দি ধন ঘটাৰ লোভ এৰি ৰাইজৰ সেৱাত ব্ৰতী হ’লে আমাৰ সমাজৰ পৰা ডাইনী হত্যা আৰু ‘পাগলা বাবা’ৰ চিকিৎসা আদিৰ দৰে কাণ্ডবোৰ সোণকালে নোহোৱা হ’ব৷

No comments:

Post a Comment