Thursday 15 October 2015

অসমৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৰেগিং আৰু দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ আদৰ-সম্ভাষণ

আমাৰ অসমৰ মৰিগাওঁ জিলাৰ নৱোদয় বিদ্যালয়ৰ এগৰাকী ৰুগ্ন ছাত্ৰীক ৰেগিঙৰ নামত একেখন বিদ্যালয়ৰে জ্যেষ্ঠা ছাত্ৰীৰ দ্বাৰা অকথ্য নিৰ্যাতন চলোৱা বাতৰি সংবাদ মাধ্যমযোগে প্ৰচাৰ হৈ থকা সময়তেই আমি গৈছিলো দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়লৈ৷ উদ্দেশ্য--বিশ্ববিদ্যালয়ত আমাৰ সন্তানৰ নামভৰ্ত্তিকৰণ৷

আমি প্ৰশাসনিক বিভাগৰ ফালে আগুৱাই যোৱাৰ লগে লগে নৱাগতসকলক নামভৰ্ত্তিকৰণৰ বিভিন্ন দিশত সহায় কৰিবলৈ সাজো হৈ থকা বিভিন্ন গোট/সংগঠনৰ ছাত্ৰ-ছাত্ৰীসকল আগুৱাই আহিল৷ নৱাগতা গৰাকী অৰ্থনীতি বিভাগৰ আন্তৰাষ্ট্ৰীয় অধ্যয়ণ স্কুলৰ বুলি অৱগত হোৱাত সেই স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়োজনীয় সকলো দিহা-পৰামৰ্শ দি নামভৰ্ত্তিকৰণত সহায় কৰি দিলে৷ কেৱল সেয়াই নহয়, হোষ্টেলত থকাৰ ব্যৱস্থা নোহোৱা পৰ্যন্ত জ্যেষ্ঠা ছাত্ৰীসকলৰ লগতে থাকিবলৈও দিলে৷ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে প্ৰয়োজনীয় হোষ্টেল নাই৷ কাৰণ, চৌহদত থকা গছবোৰ কটাৰ ক্ষেত্ৰত নিষেধাজ্ঞা থকাত হোষ্টেলৰ বাবে গৃহ নিৰ্মাণ সম্ভৱপৰ হোৱা নাই৷ ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ চেনেহৰ এনাজৰী ডালৰ বাবেই তৎকালিনভাৱে সমস্যা সমাধান কৰি বিশ্ববিদ্যালয়ৰ কৰ্তিপক্ষৰ বিৰূদ্ধে সমস্যাবোৰৰ স্থায়ী সমাধানৰ বাবে আন্দোলন চলাই গৈছে৷ প্ৰগতিশীল এই ছাত্ৰ-ছাত্ৰীমখাৰ মাজত ৰেগিঙৰ দৰে নীচ কামৰ বাবে চিন্তা চৰ্চাৰ অৱসৰেই নাই৷

 ইয়াৰ পূৰ্বেও আমাৰ জ্যেষ্ঠ কন্যাক হাইদৰাবাদ বিশ্ব বিদ্যালয়ত নামভৰ্তি কৰি নিশ্চন্তমনে হোষ্টেলত এৰি আহিছিলো৷ ৰেগিঙৰ নাম-গোন্ধই নাই তাত৷ কেৱল এয়াই নহয়, আমাৰ মাজো কন্যাকো একেদৰে ডেৰাডুনৰ ৱাইল্ড লাইফ ইনষ্টিটিউট অব ইণ্ডিয়াত নাম ভৰ্তি কৰি হোষ্টেলত এৰি আহিছিলো; কিন্তু ৰিগিঙৰ পৰিবৰ্তে তাত সকলোৰে সমাদৰে অভিভূতহে কৰিছিল৷

 উল্লেখযোগ্য যে জৱাহৰলাল নেহেৰু বিশ্ব বিদ্যালয়ত নাম ভৰ্তি কৰা আমাৰ ছাত্ৰী গৰাকী ইয়াৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিল৷ তাৰ হোষ্টেলত বিছনা তৰি এনিশাও নকটাই ভয়তে হোষ্টেল এৰিব লগা হ’ল৷ কাৰণ, জ্যেষ্ঠ সকলে নৱাগতক নানা অত্যাচাৰ চলায়৷ আমাৰ অসমৰ বিদ্যালয়, বিশ্ববিদ্যালয়বোৰত এনে পৰিবেশ কিয়?


No comments:

Post a Comment