Saturday 6 April 2013

যোগী



(ভৌতিক গল্প)

স্কুললৈ গৈ থাকোতে বাটত মটৰচাইকেলেৰে অহা এজন লোক হঠাৎ মোৰ সমুখতে ৰৈ গ’ল ৷ আগন্তুকলৈ মই লক্ষ্য কৰিলো ; কিন্তু তেওঁক চিনিব নোৱাৰিলো ৷


 নিজৰ চিনাকি দি আগন্তুকে মোক ক’লে ,--“ কি চাইছ দিগন্ত ? তই মোক চিনিব পৰা নাই , নহয় জানো ? “


অপৰিচিত আগন্তুকে মোক চিনি পায় আৰু মই তেওঁক কাহানিও দেখা মনত নপৰে ৷ কি আচৰিত কথা বাৰু – মই ভাৱিলো ৷

“ দিগন্ত, তই আচৰিত হৈছ ? মোক তই কেনেকৈ চিনি পাবি ৷ “ আগন্তুকে ক’লে , “মই তোৰ সৈনিক বন্ধু অজয় ৷ চিনি পালি এতিয়া ? নিজৰ দেহটো থৈ আনৰ দেহ এটা লৈ তোৰ ওচৰলৈ আহিছো ৷ বুজিলি এতিয়া ? “



“ তই অজয় ?” পুৰণি কথাবোৰ মনত পৰাত তাক অজয় বুলি জানি সাবটি ধৰি ক’লো , “ তই সচাঁকৈয়ে তোৰ কথা ৰাখিলি অজয় ; কিন্তু ভাই , তই মোৰ সৰ্বনাশ নকৰিবি ৷ সৌৱা, এইফালে আমাৰ স্কুলৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰী কিছুমান আহি আছে ৷ মোক এতিয়া ‘দিগন্ত’ নাম কৈ নামাতিবি ৷ কাৰণ, মই বীৰেন শইকীয়া বুলি ছদ্মনাম লৈ ওচমানীয়া বিশ্ববিদ্যালয়ৰ এখন কলেজৰ যোগেদি এখন জাল চাৰ্টিফিকেট কিনিহে এইখন স্কুলত চাকৰি কৰি আছো ৷ 
“ দিগন্ত, তোক মই যিদৰে কথা দিছিলো সেইদৰেই অন্যৰ দেহ লৈ তোৰ কাষতে আহি ওলালোহি যেতিয়া তোৰ এতিয়া একো চিন্তা নাই ৷ ইমান ভয়ে ভয়ে ইয়াত পলাই থাকিবৰ প্ৰয়োজন নাই ৷ ব’ল মোৰ সৈতে ৷ বাইকত উঠ ৷”

মই অজয়ৰ বাইকৰ পিছৰ চিটত বহি ল’লো আৰু লগে লগে একা-বেঁকা পথেৰে মটৰচাইকেলে গতি কৰিব ধৰিলে ৷

অজয়, মই আৰু ৰমেশ, আমি তিনিওটাই মাথো ভাৰত-চীন সীমান্তত থকা ভাৰতীয় সেনা-বাহিনীৰ এটা কেম্পৰ অসমীয়া জোৱান আছিলো ৷ বাকীবোৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতিৰ জোৱান ৷ অসমত উগ্ৰপন্থীয়ে চলোৱা কাৰ্য্যাৱলীয়ে যে সীমান্ত অঞ্চলত পেটৰ দায়ত সৈনিকৰ চাকৰিত থকা আমাৰ দৰে জোৱানকো প্ৰভাৱান্বিত কৰিব পাৰে সেই কথা কল্পনা কৰিব পৰা নাছিলো ; কিন্তু হঠাৎ আমাৰ কেম্পত এনে এটা ঘটনা ঘটিল যে তাৰ পৰিণাম স্বৰূপে আমাৰ জীৱনৰ ধাৰাই সলনি হৈ গ’ল ৷

দুভাগ নিশা ৷ হঠাৎ কেম্পত জৰুৰী সংকেত ধ্বনি বাজি উঠিল ৷ তৎক্ষণাতে প্ৰতিজন সৈনিক যুদ্ধৰ বাবে সাজু হ’লো ৷ যুদ্ধ কৰিব লগা হ’লে নহ’ল ৷ পিছে জানিব পাৰিলো যে হঠাতে ঘটি যোৱা অজ্ঞাত আততায়ীৰ এক আক্ৰমণত আমাৰ কেম্পৰ দুজন প্ৰহৰাৰত জোৱান আহত হৈছে আৰু তেওঁলোকৰ পৰা অজ্ঞাত আততায়ীয়ে মাৰণাস্ত্ৰ কাঢ়ি নিছে ৷ সেইদিনা আমাৰ বাবে আটাইতকৈ দুখৰ খবৰটো আছিল যে ৰমেশ কোঁৱৰ নিৰুদ্দেশ হৈছে ৷ ঘটনাৰ আঁৰৰ ৰহস্য কি আমি একো জনা নাছিলো ; কিন্তু সেই ঘটনাৰ পিছৰ পৰাই অজয় আৰু মোক অসমৰ উগ্ৰপন্থী সজাই লৈ আমাৰ ওপৰত কৰ্তৃপক্ষই যিদৰে কুদৃয্টি নিক্ষেপ কৰিব ধৰিলে সেয়া আমাৰ বাবে অসহ্যকৰ হৈ পৰিল ৷ গতিকে এদিন অজয় আৰু মই কেম্পৰ পৰা পলাই আহিবলৈ বাধ্য হ’লো ৷ সীমান্ত অঞ্চলৰ পাহাৰ-পৰ্বতবোৰ সৰিসৃপৰ দৰে বগুৱা বাই ওৰে ৰাতি আহি এক দুৰ্গম অঞ্চলত প্ৰৱেশ কৰিলো ৷ আমি নিশ্চিত হ’লো যে ভাৰতীয় সেনা-বাহিনীহে নালাগে পৃথিবীৰ কোনেও আমাক বিচাৰি নেপাব ৷ ভোক আৰু ভাগৰ দুয়োটাই আমাক জুমুৰি দি ধৰিছিল ৷ ইতিমধ্যে ৰাতি পুৱাইছিল ৷ পোহৰ হ’লত আমি ঠাইখন ভালদৰে ঘূৰিপকি চালো ৷ হঠাৎ আমি দেখা পালো---- এজন যোগী এজোপা বটগছৰ তলত ধ্যানত মগ্ন ৷

যোগীবাবাক দেখা পাই অজয়ে মোক ক’লে ---“ দিগন্ত , আমি যোগীবাবাৰ ওচৰত আশ্ৰয় লোৱাই ভাল হ’ব ৷ অন্য পথ আমাৰ নাই ৷” অজয়ৰ কথাত ময়ো হয়ভৰ দিলো ৷ আমি দুয়ো গৈ ধ্যানমগ্ন যোগীবাবাৰ চৰণত প্ৰণাম জনাই
 দীঘলদি পৰি থাকিলো ৷ ভালেমান পৰ তেনেদৰে থকাৰ পিছত এক অপূৰ্ব কন্ঠস্বৰ শুনিলো ---
“ তথাস্তু ৷ ওঁম শান্তি , ওঁম শান্তি ৷”


আমি মূৰ দাঙি চাই আঠুকাঢ়ি বহি ল’লো ৷ যোগীবাবাই আমালৈ কৰুণাভৰা দৃষ্টি নিক্ষেপ কৰি আছিল ৷

আমি দুয়ো সমস্বৰে ক’লো --- “ বাবা আমাক ৰক্ষা কৰা , বাবা ৷”
যোগীবাবাই পুনৰ “ওঁম শান্তি , ওঁম শান্তি” বুলি কৈ কমণ্ডলুৰ পৰা আমাৰ হাতৰ তলুৱাত শান্তিজল ঢালি দিলে ৷ সেই পৱিত্ৰ শান্তিজলে আমাৰ হাতৰ তলুৱা স্পৰ্শ কৰাৰ লগে লগে যেন আমাৰ ভোক –পিয়াহ , দুখ –ভাগৰ নিমিষতে নোহোৱা হৈ গ’ল ৷
অজয় আৰু মই যোগীবাবাৰ আশ্ৰমত এটা বছৰ পাৰ কৰিলো ৷ বাবাৰ কাৰ্যকলাপে আমাক এনেদৰে সন্মুহিত কৰি ৰাখিছে যে আমি পৃথিৱীৰ সকলো দুখ-বেদনাৰ হাত সাৰি চিৰদিন কটাব পাৰিম বুলি ধাৰণা কৰো ; কিন্তু মোক এক কৰ্ত্তব্যবোধে আমনি দি আছিল আৰু সেয়ে মই মুক্ত মন এটা লৈ থাকিব পৰা নাছিলো ৷ যিহেতু মই বিবাহ পাশত আৱদ্ধ হোৱা দুটা বছৰেই পাৰ হোৱা নাই ৷ ঘৰত থকা পত্নী আৰু পৰিয়ালৰ সদস্যসকলৰ কথা সঘনে মনলৈ আহি থকাত অজয়ৰ দৰে মই মুকলি মনেৰে যোগাসনৰ শিক্ষা ল’ব পৰা নাছিলো ৷ অজয়ৰ মোৰ দৰে কোনো চিন্তা –ভাৱনা নাই ৷ তাৰ সাংসাৰিক লেঠা বুলিবলৈ একোৱেই নাছিল ৷ সৰুতেই মাক –দেউতাকক হেৰুৱাই আনৰ ঘৰত বনকৰা ল’ৰা হৈ থাকি অষ্টমমান শ্ৰেণীলৈকে পঢ়ি অজয় সৈন্য বাহিনীত ভৰ্ত্তি হৈছিল ৷ অজয়ে যোগীবাবাৰ মাজতেই তাৰ গুৰু , পিতৃ-মাতৃ ,আত্মীয় –কুটুম্ব সকলোকে বিচাৰি পাইছিল ৷ যোগাসনৰ এটাৰ পিছত আনটো স্তৰ যোগীবাবাই শিকোৱা ধৰণেই সি শিকি গৈছিল ৷ যোগীবাবাৰ দৰে সমাধিস্থ হ’বলৈ যেন তাৰ বেছি দিন নালাগিব ৷ মই আক’ ‘শৱাসনত’ থাকোতেই মনলৈ ঘৰুৱা চিন্তাবোৰ অহা বাবে মনটোকে স্থিৰ কৰিবলৈ সক্ষম হ’ব নোৱাৰো ৷ যোগীবাবাই সমাধিস্থ হৈ তেওঁৰ শৰীৰটো সমাধিত এৰি তেওঁৰ অশৰীৰী আত্মাটোৱে ক’ত ক’ত যে বিচৰণ কৰি নুফুৰে ! মই ভাৱিয়েই আচৰিত হওঁ ৷ যোগীবাবাৰ অলৌকিক শক্তিৰ বলতেই আমি নৰ্বিঘ্নে দিনবোৰ অতিবাহিত কৰিছো ৷ যোগীবাবাই যোগ –ধ্যানৰ বলত মোৰ মানসিক অৱস্থাটোৰ কথা জানিব পাৰিছিল ৷ তেওঁ অজয় আৰু মোক এদিন কাষতে বহাইলৈ মোৰ বিষয়ে আলোচনা কৰিলে ৷ শেষত মই ঘৰলৈ যোৱাটোকে সিদ্ধান্ত কৰিলো ৷ মই ঘৰলৈ গৈ পৰিয়ালবৰ্গক সক্ষাৎ কৰি যিমান দিন পাৰো থাকিম ৷ তেতিয়ামানে অজয়ক নিজৰ শৰীৰ সমাধিত এৰি আনৰ শৰীৰত ভৰ কৰি বিচৰণ কৰিব পৰা যোগাসনত যোগীবাবাই পাকৈত কৰি তুলিব ৷ তেতিয়া অজয়ে অন্যৰ শৰীৰ ধাৰণ কৰি মই য’তেই নাথাকো লাগে তাতেই গৈ মোক লগ কৰিব ৷ অজয়ে মোক সেই প্ৰতিশ্ৰুতি দি বিদায় দিলে ৷ নিৰাপদে চলিবৰ বাবে যোগীবাবাই দিয়া মন্ত্ৰ-পুত আঙুঠিটো পিন্ধি মই গৈ ঘৰ ওলালোগৈ ৷ ঘৰত মই সোমালো আৰু লগে লগে বাহিৰ ওলালো ৷ কাৰণ, ঘৰত গৈয়ে গম পালো যে মোৰ পৰা চিঠি-পত্ৰ,টকা-পইচা
নোপোৱা হ’লত মোৰ পত্নী মিনতি মাকৰ ঘৰলৈ গ’ল ৷ তাৰ পৰাই তাই শিৱসাগৰৰ কোনোবা এজন লোকৰ সৈতে বিয়া হৈ গ’ল ৷

“দিগন্ত, অজয়ৰ মাতত মই থতমত খাই গ’লো ৷ ইমান সময় মই অতীত ৰোমন্থনত ব্যস্ত হৈ থাকি অজয়ৰ সৈতে কথা এষাৰো পতা নাছিলো ৷ অজয়ে ক’লে , “তোৰ মিনতি আনৰ হৈ যোৱাৰ বেজাৰতে যে তই অসমৰ বাহিৰলৈ গুচি গৈ জাল –চাৰ্টিফিকেট সংগ্ৰহ কৰি আনি ইয়াত আছহি এই কথা যোগীবাবা আৰু মই যোগ সাধনাৰ বলতে জানিব পাৰিলো ৷”
অজয়ে মই ভাৱি থকা কথাৰো আঁত ধৰিব পৰা দেখি মই তবধ মানিলো৷

“যোগীবাবাই মোক কিয় পঠাইছে জান দিগন্ত ? “
“কিয় ? “মই সুধিলো ৷

“ তোক তালৈ নিবৰ বাবে ৷” অজয়ে ক’লে, “ তোৰ আৰু ইয়াত কোনো কাম নাই ৷ অসমৰ লেতেৰা শিক্ষা-বিভাগটোক তই অধিক লেতেৰা কৰিব নেলাগে ৷ এতিয়া তই মোৰ দৰে যোগ সাধনা কৰি কৃতকাৰ্য হ’ব লাগিব ৷”

“হয় নেকি ৷” মই সমৰ্থনসূচক মন্তব্য কৰিলো ৷

“ওঁ , ব’ল মোৰ লগতে ৷” অসম-অৰুণাচল সীমান্তৰ অৰুণাচলৰ সৰু চহৰখনৰ ফালে গতি 

কৰা পাহাৰীয়া পথটোৰে মটৰচাইকেলখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নমাই দি অজয়ে ক’লে , “ ৰমেশকো

যোগীবাবাৰ তাতে লগ পাবিগৈ ৷ আচলতে ৰমেশক গোপন আক্ৰমণকাৰী চীনা সৈনিকেহে অপহৰণ কৰি নিছিল ৷ সিহঁতে ৰমেশক টাৱাঙৰ ওচৰৰ সাংঘেশ্বৰ হ্ৰদৰ উত্তৰ পাৰে মৃত বুলি ভাৱি পেলাই থৈ গ’ল ৷ স্থানীয় মনপা লোকসকলেহে তাৰ প্ৰাণ ৰক্ষা কৰিলে ৷ মনপা লোকসকলে ৰমেশক তেওঁলোকৰ আতিথ্যৰে পুনৰ সৈন্যবাহিনীৰ মাজলৈ আহিবলৈ নিদি লুকুৱাই ৰাখিছিল ৷ ৰমেশৰনো কি দশা হ’ল তাকে জানিবলৈ মই যোৱা মাহত যোগধ্যানত বহি সমাধিস্থ হ’লো ৷ ৰমেশৰ সকলো কথা জনাৰ পিছত এজন মনপা ডেকাৰ দেহত ভৰ কৰি গৈ মই ৰমেশক আমাৰ আশ্ৰমলৈ লৈ আহিলো ৷ “
ৰমেশ উদ্ধাৰ হোৱাৰ খবৰ পাই মই আনন্দত অধীৰ হৈ ক’লো- “ আমাৰ বাবে তেন্তে বৰ সুখৰ খবৰ অজয় ৷ এতিয়া ৰমেশ আৰু মই তোৰ দৰে যোগ সাধনাৰ অভ্যাস কৰি আনৰ শৰীৰত ভৰ কৰিব পৰা হ’ম আৰু----------৷”

“-------আৰু আমি আটায়ে মিলি দুৰ্নীতি , ভ্ৰষ্টাচাৰ, ব্যভিচাৰ, অন্যায় –অনীতিৰে ভৰি পৰা সমাজখন নিকা কৰাত লাগি যাম ৷” মোৰ মুখৰ কথা কাঢ়ি নি অজয়ে ক’লে ৷


আমি গৈ পাহাৰৰ কাষৰ এটা বঙলা ঘৰৰ ওচৰ পালো ৷ পদুলিত মটৰচাইকেলখন ৰখাই অজয়ে মোক ক’লে , “ মই এতিয়া এইটো দেহ এই ঘৰতে ত্যাগ কৰিম ৷ এইটো ইঞ্জিনিয়াৰ দেৱকুমাৰ বৰাৰ দেহ ৷ তেওঁ এই বঙলাঘৰত অকলশৰে থকাত তেওঁৰ দেহত ভৰ কৰি নিবলৈ মোৰ বাবে সহজ হ’ল ৷ তই ব’লচোন ঘৰটোৰ দুৱাৰখনত ওলমি থকা তলাটো খুলি দেগৈ৷ 


মই ইঞ্জিনিয়াৰ দেৱকুমাৰ বৰাৰ বাসভৱনৰ গেটখন খুলি চৌহদত প্ৰৱেশ কৰিলো ৷ অজয়ে দিয়া ছাবিৰে ঘৰৰ মুখ্যদ্বাৰৰ তলাটো খুলি দুৱাৰখন মেলি দিয়াত অজয়ে মটৰচাইকেলখন ঘৰৰ ভিতৰত ভৰাই থ’লে ৷

“ দিগন্ত , আমি ইয়াত পলম নকৰো ৷ “ কাষৰ কোঠাটোত থকা বিছনাখনলৈ আঙুলিয়াই দেখুৱাই অজয়ে ক’লে – “ সৌ বিছনাখনতে মই শুই পৰিম ৷ তাৰ পিছত দেৱকুমাৰ বৰাৰ দেহ ত্যাগ কৰি তোৰ দেহত ভৰ কৰিম ৷ দেৱকুমাৰ বৰাই সাৰ পাই উঠাৰ আগতেই মই তোক ইয়াৰ পৰা লৈ যাম ৷ যোগীবাবাৰ আশ্ৰম গৈ পায়ে সমাধিত থকা মোৰ দেহত প্ৰৱেশ কৰিম আৰু তইও পুনৰ দিগন্ত হৈ পৰিবি ৷ "

অজয় বিছনাত ঢলি পৰিল ৷ অলপ পিছতে মইও শুই পৰিলো ৷ লাহে লাহে মই অনুভৱ কৰিলো – এনাচথেচিয়া প্ৰয়োগ কৰা ৰোগীৰ দৰে যেন ক্ৰমান্বয়ে মোৰ চেতনা লোপ পাব ধৰিছে ৷

০০০০০০০০০০০সমাপ্ত০০০০০০০০০০

No comments:

Post a Comment