Saturday 19 July 2014

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ


  • খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডটো ভাৰতবৰ্ষৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ৷ কৃষি আৰু নিৰ্মাণ খণ্ডত ই মুঠ ঘৰুৱা উৎপাদনৰ(Gross Domestic Product) প্ৰায় ৯---১০ শতাংশ দখল কৰিছে৷ বৰ্তমান প্ৰতি বছৰে ১০ শতাংশতকৈ অধিক বৃদ্ধি পাব ধৰিছে৷ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (Indian Council of Agricultural Research)ৰ ডিপুটি ডিৰেক্টৰ জেনেৰেল মিঃ স্বপন দত্তৰ মতে ২০১২ চনত  ই  আছিল ১২১০০ কোটি টকা  আৰু আশা কৰা হৈছে ২০১৫ চনত ১৯৪০০কোটি টকা  হবগৈ৷ ভাৰতীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মুখ্যতঃ ৰপ্তানিগত৷ ২০১২-২০১৩ চনত ভাৰতৰ ৰপ্তানিকৃত প্ৰক্ৰিয়াকৰণ খাদ্য আছিল ৩৮১৫০.৮৬ কোটি টকা৷ ভাৰতৰ ভৌগলিক অৱস্থানে ইয়াক ইউৰোপ, মধ্য পূব জাপান, ছিংগাপুৰ,থাইলেণ্ড,মালয়েছিয়া আৰু কোৰিয়াৰ লগত যোগাযোগৰ বাবে  একক সুবিধা প্ৰদান কৰিছে৷


ভাৰত চৰকাৰে ১৯৮৮ চনত খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয় ( Ministry of Food Processing Industries) স্থাপন কৰে৷ মন্ত্ৰালয়ে দেশৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ লগত জড়িত নীতি নিৰ্দ্দেশনাসমূহ চোৱাচিতা কৰে৷ ই শস্য চপোৱাৰ পৰবৰ্ত্তী কালৰ লোকচান হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে৷  তাৰোপৰি যথাযোগ্য সংৰক্ষণ আৰু পৰিবহণ, প্ৰক্ৰিয়াকৰণ, খাদ্য সামগ্ৰী সাঁচৰণ কালৰ ম্যাদ বৃদ্ধি কৰে,উচিত মূল্যত সতেজ আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী উপভোক্তাক সহজতে পাব পৰা কৰে আৰু কৃষক সকলক ভাল উপাৰ্জনত সহায় কৰে৷ মন্ত্ৰালয়ে শীত শৃংখলৰ ( Cold chain) আধুনিক বুনিয়াদ স্থাপন ,খাদ্য উদ্যান আৰু ৰাজহুৱা কচাইখানা স্থাপনৰ সুবিধা প্ৰদান কৰিছে৷ ভাৰতবৰ্ষক কৃষি আৰু খাদ্য প্ৰক্ৰিয়াকৰণত  বলিষ্ঠ দেশ হিচাপে গঢ়ি তুলিবলৈ মন্ত্ৰালয়ে কৃষক, উদ্যোগী, উপভোক্তা আৰু অন্য দায়িত্বশীল সকলৰ পৰা পৰামৰ্শ বিচাৰে৷


খাদ্য প্ৰক্ৰিয়াকৰণে কৃষি আৰু উদ্যানগত উৎপাদনত যিকোনো ধৰণৰ মূল্য সংযোজনতে জড়িত হয় আৰু ক্ৰম অনুযায়ী সজোৱা, শ্ৰেণী বিভাজন কৰা ,পেকেটিং আদিক সাঙুৰি লয় –যিয়ে উৎপাদিত খাদ্যৰ সমষ্টিগত ম্যাদ বৃদ্ধি কৰে৷ খাদ্য প্ৰক্ৰিয়াকৰণ  উদ্যোগে কৃষি আৰু উদ্যোগৰ অধিক সংযোগ স্থাপন কৰে আৰু সহযোগিতা বৃদ্ধি কৰে৷  এই উদ্যোগৰ যোগে  কৃষিজাত উৎপাদনৰ ব্যৱসায়ীকৰণ হয়,কৃষিজাত দ্ৰব্যৰ ওপৰত মূল্য সংযোজিত কৰাত উৎসাহিত হয়, নিয়োগ বৃদ্ধি হয়  আৰু ৰপ্তানি বাঢ়ে৷ ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণে বিস্তৃতভাৱে উৎপাদিত ফলমূল আৰু শাকপাচলি,মাংস আৰু কুকুৰা, গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত দ্ৰব্য, মদ্যজাত চৰ্বত, মীন , মিঠাই,চকলেট আৰু নাৰিকলৰ পৰা প্ৰস্তুত দ্ৰব্য, মাহজাতীয় উৎপাদিত দ্ৰব্য , খনিজ জল আৰু প্ৰটিনযুক্ত খাদ্যৰ দৰে  আন কিছুমান দ্ৰব্য সাঙুৰি লৈছে৷

ভাৰতীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ সামগ্ৰিকভাৱে সূৰ্য্য উদয় উদ্যোগ(Sunrise Industry)হিচাপে চিনাক্ত হৈছে৷ ইয়াৰ কৃষি অৰ্থনৈতিক উত্থান ঘটাব পৰা সম্ভাৱনীয়তা আছে৷ সেয়ে ভাৰত চৰকাৰে ৰপ্তানি উন্নয়নৰ বাবে দুটা নডেল এজেঞ্চি গঠন কৰে৷ Agricultural & Processed  Food Products Export Development Authority(APEDA) ৰ ওপৰত  সকলোধৰণৰ প্ৰক্ৰিয়াকৰণ  খাদ্য ৰপ্তানিৰ বিষয়বোৰ চোৱাচিতাৰ দায়িত্ব ন্যস্ত কৰা হৈছে৷ অন্যহাতে Marine Product Export Development Authority(MPEDA)  সকলো ধৰণৰ মীন আৰু মীন উৎপাদনৰ  চোৱাচিতাৰ ক্ষেত্ৰত দায়বদ্ধ৷

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ

অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰক্ৰিয়াকৃত খাদ্যৰ চাহিদালৈ লক্ষ্য ৰাখিলে দেখা যায় যে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ সম্ভাৱনীয়তা যথেষ্ট আছে৷ খাদ্য প্ৰক্ৰিয়াকৰণ এক প্ৰমুখ উদ্যোগ হিচাপে আহি পৰিছে আৰু ইয়াৰ দ্বাৰা ৰাজ্যৰ যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ সম্ভাৱনা অধিক৷ অসমৰ মাটি সাৰুৱা , ফলমূল আৰু শাকপাচলি উৎপাদনৰ বাবে উপযুক্ত ৷ অসমত উৎপাদিত ফলমূল আৰু শাকপাচলি ৰেলেৰে বা পথ পৰিবহন যোগে অসমৰ বাহিৰলৈ পঠিওৱা হৈছিল৷ এতিয়া এইবোৰ অসমতে প্ৰক্ৰিয়াকৰণৰ কাম আৰম্ভ হৈছে৷ এনে এক উদ্যোগ হৈছে দৰং জিলাৰ দলগাঁৱৰ  Sanghavi Foods Private Ltd আৰু  এই খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যগটোৱে কৃষক সকলক সকাহ দিব৷ অঞ্চলটো শাকপাচলি উৎপাদনত চহকী; কিন্তু কৃষক সকলে তেওঁলোকৰ প্ৰাপ্য  লাভ কৰিব নোৱাৰিছিল৷ যেতিয়া অধিক উৎপাদন হয় তেতিয়া তেওঁলোকে কম দামত তেওঁলোকৰ উৎপাদিত দ্ৰব্য বিক্ৰী কৰিব লাগিছিল বা পেলাই দিছিল৷ এতিয়া উদ্যোগটোৱে ওপৰঞ্চি উৎপাদন কামত লগাইছে আৰু উৎপাদক সকলে উচিত মূল্য পাইছে৷

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰণালয়ে একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়চোৱাত দেশত সেঁউজ পথাৰ বৃহৎ খাদ্য উদ্যান (Green Field Mega Food Park ) স্থাপনৰ উদ্দেশ্যে এক আঁচনি আৰম্ভ কৰে৷  ইয়াৰ উদ্দেশ্য হল ফাৰ্মৰ পৰা বজাৰলৈ মূল্য সংযোজিত কৰাৰ লগতে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে বুনিয়াদ গঠন কৰা৷ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰণালয়ে চুড়ান্ত অনুমোদন প্ৰদান কৰি North East Mega Food Park Ltd ক পাঁচ কোটি টকা প্ৰকল্পত ব্যয়ৰ বাবে প্ৰদান কৰে৷  টিহুৰ নাথকুচিত এই প্ৰকল্পৰ এটা কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ গোট থাকিব৷ ই পঞ্চাশ একৰ ভূমি আগুৰি লব আৰু ছটা প্ৰাথমিক খাদ্য প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ থাকিব৷ ইয়াক সমগ্ৰ অঞ্চলতে ব্যাপ্ত হৈ থকা উনৈশটা সংগ্ৰহ কেন্দ্ৰৰ প্ৰসাৰণে পোষকতা কৰিব৷ ইয়াৰোপৰি ভাৰত চৰকাৰে কামৰূপ জিলাৰ গুৱাহাটীৰ ওচৰৰ ছয়গাঁৱত খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ উদ্যান নিৰ্মাণৰ বাবে মঞ্জুৰী দিছে৷


ভাৰত চৰকাৰে প্ৰৱৰ্ত্তন কৰা ১৯৯৭ চনৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে উদ্যোগিক নীতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ খাদ্য শস্য আৰু উদ্যান শস্যৰ প্ৰচুৰতা আৰু সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি স্পষ্টভাৱে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ উন্নয়নৰ কথা উল্লেখ কৰিছে৷ The North Eastern  Development Finance Corporation ( NEDFi) Ltd য়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে ফলমূল আৰু শাকপাচলি প্ৰক্ৰিয়াকৰণ উদ্যোগক সম্ভাৱনাপূৰ্ণ প্ৰকল্প ৰূপে চিনাক্ত কৰিছে ৷ অলপতে NEDFi য়ে North East Equity Fund নামেৰে এক নতুন বিনিয়োগ আচঁনি হাতত লৈ প্ৰথম পৰ্য্যায়ৰ উদ্যোগীক সহায় কৰিছে আৰু তেওঁলোকে এই আঁচনিত খাদ্য প্ৰক্ৰিয়াকৰণ অন্তৰ্ভূক্ত কৰিছে৷ ইতিমধ্যে NEDFi য়ে গুৱাহাটীৰ ওচৰৰ ৰবিত North East Pure  Drinks নামৰ প্ৰতিষ্ঠানক নৰম পানীয়ৰ বটলিঙৰ বাবে ১৫০ লাখ টকাৰ বিত্ত যোগান ধৰিছে৷

অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাত National Horticulture Board ৰ পৃষঠপোষকতাত সীমিতসংখ্যক খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ গঢ়ি উঠিছে৷ কেন্দ্ৰীয় চৰকাৰে সাম্প্ৰতিক পদক্ষেপ স্বৰূপে উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগ শস্যৰ কাম কাজৰ উন্নয়নৰ বাবে National Horticulture Mission  হাতত লৈছে৷ ইয়াৰ দ্বাৰা কৃষকসকলৰ প্ৰতি বছৰে ফলমূল আৰু শাকপাচলি নষ্ট হৈ লোকচান হোৱা কাৰ্য্যক বাধা দিবৰ বাবে বুনিয়াদ তৈয়াৰ কৰি পেকেট কৰা, উদ্যান শস্যৰ উৎপাদিত দ্ৰব্য  সংৰক্ষণ আৰু পৰিবহণৰ বাবে পদক্ষেপ লৈছে৷ প্ৰক্ৰিয়াকৰণ ফলমূল আৰু খাদ্যৰ উৎপাদনে নিয়োগৰ বৃহৎ সুযোগ দিছে আৰু কৃষি উৎপাদন বৃদ্ধি কৰি কৃষি ক্ষেত্ৰত ৰপ্তানিৰ সুযোগ দিছে৷ চৰকাৰেও  এই উদ্যোগলৈ বিদেশী বিনিয়োগক আকৰ্ষণ কৰিবলৈ  ব্যৱস্থা গ্ৰহণ কৰিছে আৰু দেশৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগলৈ বিদেশী প্ৰযুক্তি স্থানান্তৰকৰণৰ ক্ষেত্ৰত খৰটকীয়া অনুমোদন দিছে৷


উদ্যান শস্যৰ বজাৰ আৰু প্ৰক্ৰিয়াকৰণৰ সুবিধা বৃদ্ধিৰ বাবে উত্তৰ পূব পৰিষদ ( North East Council) ৰ আশ্ৰয়ত North Eastern Regional Agricultural Marketing Corporation ( NERAMAC) গঠন কৰা হয়৷ NERAMAC য়ে ত্ৰিপুৰাৰ কুমাৰঘাটত  ৩৪৮ কোটি টকা ব্যয়ত ফলমূলৰ প্ৰক্ৰিয়াকৰণৰ এক প্ৰকল্প হাতত লয়৷ প্ৰকল্পটোৱে প্ৰায় ৮০০ মেট্ৰিক টন আনাৰস / কমলা প্ৰক্ৰিয়াকৰণ  কৰিব পাৰে৷  ইতিমধ্যে তাৰ কাম আৰম্ভ কৰিছে৷ NERAMAC য়ে তেনে ধৰণৰ প্ৰকল্প স্থাপনৰ বাবে অন্য ব্যৱসায়যোগ্য দ্ৰব্যৰ ভিত্তিতো তেনে ধৰণৰ প্ৰকল্প স্থাপনৰ বাবে প্ৰচেষ্টা চলাই আছে৷

অসমৰ নতুন উদ্যোগিক নীতি ,২০১৪ 
   
অসম উদ্যোগ নীতি ,২০১৪ ইতিমধ্যে ঘোষনা কৰা হৈছে৷ ২০১৪ চনৰ ১মাৰ্চৰ পৰা কাৰ্য্যকৰি হোৱা এই উদ্যোগিক নীতিৰ বৈধ্যতা ২০১৯ চনৰ ২৮ ফেব্ৰুৱাৰীলৈ থাকিব৷ এই নতুন উদ্যোগ আৰু বিনিয়োগ নীতিৰ  দ্বাৰা ক্ষুদ্ৰ ,অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ওপৰত গুৰুত্ব দিয়া হব৷ সৰু সৰু উদ্যোগৰ বাবে আগ্ৰহী যুৱক যুৱতীক সকাহ দিবৰ বাবে চৰকাৰে পুঁজিৰো ব্যৱস্থা কৰিছে৷ এন্ জেল ফাণ্ড নামেৰে এক নতুন আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছে৷ এই আঁচনিৰ জড়িয়তে ৫ লাখ টকা পৰ্যন্ত ঋণ দিয়া হব৷ সেই ঋণ ৰাজ্যৰ বৃহৎ আঞ্চলিক গ্ৰামীণ বেংক, অসম গ্ৰামীণ বিকাশ বংকে প্ৰদান কৰিব৷ ঋণৰ বাবদ দহ মাহৰ লৈকে বেংকক কোনো সুত বা কিস্তি পৰিশোধ কৰিব নালাগে৷ ঋণ লোৱাৰ সাত বছৰৰ ভিতৰত ধন ঘূৰাই দিলে বেংকে এক শতাংশ নগদ ধন ৰেহাই দিব৷ এই উদ্যোগিক নীতিত কৰ ৰেহাই দিয়াৰো ব্যৱস্থা কৰা হৈছে৷ বহুজাতিক কৰপোৰেট খণ্ডৰ পুঁজিপতিৰ হাতলৈ এইবোৰ উদ্যোগ যোৱাৰ পূৰ্বেই অসমৰ যুৱক যুৱতীসকলে ৰাজ্যৰ উদ্যোগ নীতিৰ সুযোগ গ্ৰহণ কৰি উদ্যোগ স্থাপনৰ কামত উঠি পৰি লাগি যোৱা উচিত৷ এনে কৰিলে নতুন কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা সদিচ্ছাৰ প্ৰমাণো পোৱা যাব৷

কেনেকৈ এটা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ স্থাপন কৰিব পাৰি ?

৭৫% উদ্যোগ অসংগঠিত খণ্ডৰ আৰু ক্ষুদ্ৰ মাত্ৰাৰ হোৱা বাবে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ বহুতো উদ্যোগীৰ বাবে পৰিপূৰ্ণ উপকৰণ হব পাৰিছে৷ এই ব্যৱসায়ত কৃতকাৰ্য্য  হবলৈ কঠিন নহয়৷ শস্য চপোৱাৰ সময়ত কম মূল্যত সেইবোৰ নিজৰ দক্ষতাৰে গোটাই লৈ প্ৰক্ৰিয়াকৰণ , জমাকৰণ আৰু চাহিদাৰ পুৰ্ণ পৰ্য্যায়ত যোগান ধৰিব পাৰিলে এই ব্যৱসায়ত বৰ্ত্তি থাকিব পাৰি৷ মূল্য সংযোজন , পেকেটকৰণ আৰু ব্ৰেণ্ড আদি গঢ়ি তোলাৰ নিশ্চয়তাই অধিক লাভৰ দক্ষতা বৃদ্ধি কৰে৷ খাদ্য প্ৰক্ৰিয়াকৰণ ব্যৱসায় আৰম্ভ কৰিবলৈ  লব লগা দহটা পদক্ষেপৰ কথা উল্লেখ কৰা হৈছে৷

(১) উৎপাদিত দ্ৰব্যৰ বিষয়ে ধাৰণা, 


(২)বজাৰ অধ্যয়ণ আৰু ব্যৱসায় পৰিকল্পনা,


(৩) ব্যৱসায় সংগঠন,


(৪) ব্যৱসায়ৰ বীমাকৰণ আৰু নীতি নিদ্ধাৰণ,


(৫) খাদ্য সুৰক্ষা, 


(৬) উৎপাদনৰ পদ্ধতি,


 (৭) উৎপাদিত দ্ৰব্য উন্নিতকৰণ,


(৮) পেকেটকৰণ আৰু লেবেল লগোৱা কাৰ্য্য,


(৯)  মাৰ্কেটিং আৰু


(১০) বিতৰণ ৷ 


বিশদভাবে জানিবলৈ হলে ইন্টাৰনেটৰ ৱেবচাইটবোৰত চালেই হল৷ তলত কিছুমান দিশৰ ওপৰত আলোকপাত কৰা হল৷

বিনিয়োগৰ আৱশ্যকতা

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ ঘৰুৱা ব্যৱসায়ৰ পৰা আৰম্ভ হৈ বৃহৎ পৰ্য্যায়লৈকে যাব পাৰে৷ ব্যৱসায় বিনিয়োগ কেইহেজাৰমান টকাৰ পৰা আৰম্ভ কৰিব পাৰি আৰু কোটি টকালৈকে যাব পাৰে৷ এক আদৰ্শ স্বৰূপ প্ৰতিষ্ঠান ১০০০০ ৰ পৰা ৩০০০০ একক উৎপাদনৰ সৈতে , আবচাব আৰু মেচিনৰ বাবে ১০ লাখ আৰু ৪০ লাখ টকাৰ প্ৰয়োজন হব৷ দুগ্ধ বা সেই সম্পৰ্কীয় উৎপাদনৰ ক্ষেত্ৰত প্ৰায় ২০ লাখ আৰু ৩০ লাখৰ মাজতে বিনিয়োগ হব৷ খাদ্য আৰু শাকপাচলি প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে ১০ লাখ, মাংস আৰু মূৰ্গীৰ বাবে ১০ লাখ টকা প্ৰয়োজন হব৷ বজাৰৰ মূল্যৰ তাৰাতম্য আনুযায়ী এই হিচাপৰো কিছু তাৰাতম্য ঘটিব পাৰে৷

বুনিয়াদ নিৰ্মাণ

এটা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ  ১০০০ বৰ্গফুটৰ  ভূমিৰ ভিতৰতে আৰম্ভ কৰিব পাৰি ৷ ভাল যাতায়তৰ সুবিধা আৰু সঞ্চয় কৰিব পৰা ক্ষমতা অতি প্ৰয়োজনীয়৷ যন্ত্ৰপাতি আৰু মেচিন ব্যৱহাৰ কৰা সত্বেও ১০-২০ জন কৰ্মচাৰী নিয়োগ কৰিব লাগিব৷

বিত্ত যোগান

NABARD আৰু অন্যান্য চৰকাৰী বে-চৰকাৰী বিত্তীয় প্ৰতিষ্ঠানে এনে উদ্যোগ স্থাপনৰ বাবে ঋণ প্ৰদান কৰে৷ প্ৰয়োজন সাপেক্ষে নিজা ববীয়াকৈও কিছু প্ৰান্তিক ধন ব্যৱসায়ত বিনিয়োগ কৰিব লগা হব পাৰে৷

ব্যৱসায় বীমাকৰণ

যন্ত্ৰপাতি, মেচিন,আবচাব ইত্যাদি প্ৰায় সকলোবোৰ প্ৰাকৃতিক দুৰ্য্যোগ আৰু চোৰ ডকাইতিৰ বাবে বীমা কৰিব পাৰি৷

অনুজ্ঞাপত্ৰ

সৰহভাগ খাদ্য প্ৰক্ৰিয়াকৰণ দ্ৰব্য, উদ্যোগ( উন্নয়ন আৰু নীতি) আইন ১৯৫১ ৰ মতে অনুজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে৷ ক্ষুদ্ৰ উদ্যোগৰ বাবে ৰখা দ্ৰব্য আৰু মদ্য জাতীয় চৰ্বতৰ ক্ষেত্ৰত কথাটো সুকীয়া৷

মৌলিক প্ৰয়োজন সমূহ

১) বিক্ৰী কৰ তালিকাভুক্তকৰণ—ভেট নং

২)ব্যৱসায়ৰ বাবে আয় কৰৰ স্থায়ী একাউন্ট নং (PAN Card No)

৩)বাণিজ্যিক  অনুজ্ঞাপত্ৰ

৪) স্বাস্থ্য বিভাগৰ পৰা খাদ্য অনুজ্ঞা পত্ৰ

৫) প্ৰশিক্ষণ প্ৰাপ্ত হলে তাৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি

প্ৰতিযোগিতা

খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডটো তেনেই খণ্ড বিখণ্ড উদ্যোগৰ সমষ্টি৷৷ এই উদ্যোগৰ বহুতো উদ্যোগী কাৰ্য্য ক্ষেত্ৰত আৰু উৎপাদনত ক্ষুদ্ৰ আৰু বহুল ভাৱে অসংগঠিত খণ্ডত লিপ্ত হৈ আছে৷ এই খণ্ডটোৱে উৎপাদনৰ ক্ষেত্ৰত ৭০% আৰু মূল্যৰ ক্ষেত্ৰত ৫০%  দখল কৰিছে৷ যদিওবা সংগঠিত খণ্ডটো দেখাত তুলনামূলক ভাৱে সৰু , ই অতি খৰ গতিত আগুৱাই গৈছে৷ নতুন উদ্যোগীৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত জটিলতা আহিবও পাৰে৷ তথাপি মন কৰিব লাগিব যে মুখৰ কথা আৰু প্ৰথম কিছু সুখী তথা সন্তুষ্ট গ্ৰাহক/ খুচুৰা ব্যৱসায়ীয়েই হব ডাঙৰ বিজ্ঞাপনদাতা৷ তেওঁলোকৰ সম্পূৰ্ণ কথা মনোযোগ দি শুনাৰ ওপৰতেই কৃতকাৰ্য্যতাৰ হাৰ নিৰ্ভৰ কৰিব৷ যেতিয়া নেকি   বাতৰি কাকত, ৰেডিঅ আৰু টেলিভিশ্যনত উৎপাদিত দ্ৰব্যৰ গুণাগুণৰ সম্বন্ধে সজাগতা সৃষ্টি কৰা হব তেতিয়া লগতে  ইণ্টাৰনেটত এটা ৱেইবচাইট  আৰু চচিয়েল নেটৱৰ্কিং চাইটত এটা পেজ খুলি লোৱাটো একান্তই প্ৰয়োজনীয় কথা হব৷ 

০০০০০০০০০)(০০০০০০০০০০

বিঃ দ্ৰঃ প্ৰৱন্ধটো জনপ্ৰিয় আলোচনী "প্ৰান্তিক"ৰ ১৬--৩১জুলাই ,২০১৪ সংখ্যাত প্ৰকাশিত৷