Tuesday 21 November 2017

অনুতাপ ( গল্প)

সকলোতকৈ আগত আহি পালেহি নোমল নামঘৰীয়া৷ তেওঁ সন্ধ্যা লগাৰ লগে লগে নাম-ঘৰৰ মণিকূটত বন্তি গছি জলালে৷ তাৰ পিছত ধূপ কাঠী কেইডালমান জলাই চেনিচম্পা কল এটাত গুঁজি থিয় কৰি থাপনাৰ সমুখত থ’লে৷ শেষত দবা কোবালে৷ তাৰ পিছত আন দিনৰ দৰে ঘৰমূৰা নহৈ নোমল নামঘৰীয়া বাহিৰে বাহিৰে কামাখ্যা মণ্ডলৰ ঘৰলৈ আহিল৷

কামাখ্যা মণ্ডলৰ ঘৈনীয়েক নিৰুপমাই আগবেলাতে গৈ নোমল নামঘৰীয়াৰ ঘৰ ওলাইছিল৷ ঘৰখনৰ বিপৰ্জয়ৰ কথাবোৰ কৈ কৈ মানুহজনীয়ে চকুলো টুকিছিল৷ গিৰিয়েক কামাখ্যা তেনেই ভাগি পৰিছে৷ খোৱা বোৱা নকৰা হৈছে আৰু ওৰে দিনটো নিজৰ কোঠাতে সোমাই থাকি দুখ বেজাৰ কৰি কটায়৷ মাজে মাজে বহুপৰ খোলা খিৰিকীখনেৰে বাহিৰলৈ চাই থাকে৷ সেইদৰে চাওঁতে কেতিয়াবা অদ্ভুত কিবা এটা হঠাৎ পাৰ হৈ যোৱা দেখি ভয়তে চিঞৰি দিয়ে৷ ঘৈনীয়েক নিৰুপমা দৌৰি যায়; কিন্তু কামাখ্যাই দেখুওৱা ফালে ডিঙি মেলি মেলি চাই একোকে দেখা নেপাই পুনৰ গৈ তাই নিজৰ কামত লাগেগৈ৷ যাওঁতে কৈ কৈ যায়, “এহ আপুনি চকুৰে ভালদৰে নেদেখেই, খিৰিকীৰ বাহিৰতনো কেনেকৈ কিটো দেখিলে? মনতে কিবাবোৰ ভাৱি নল’বচোন৷” তেতিয়া কামাখ্যাই ভাৱে, ‘হয়, ঠিকেই, তাৰ চকুৰ ৰস্মি বহুমুত্ৰ ৰোগটোৱে ধৰাৰ পিছত বহুত কমিল; কেইবা বাৰু চকুহাল ঠিক কৰি আনিবৰ বাবে নেপাললৈও গ’ল৷ ঠিক নহ’ল৷ কিন্তু খিৰিকীৰ বাহিৰত কিচকিচকৈ ক’লা কিবা এটা সিতো ভালদৰেই দেখা পাইছিল৷ সেয়া ছোৱালীজনী আৰু ল’ৰাটোৰ আত্মাই আছিল নেকি?’ মৃত ছোৱালীজনী আৰু ল’ৰাটোৰ কথা মনত পৰাৰ পিছত কিবা এক অনামী শোকে তেওঁক খুন্দা মাৰি ধৰেহি৷  হুকহুকাই কান্দিব ধৰে৷ ঘৈনীয়েক নিৰুপমা পুনৰ দৌৰি আহি তেওঁৰ কাষ পাইহি আৰু মনটো ডাঠ কৰিবলৈ কয়, কয় নহয় এক প্ৰকাৰ গিৰিয়েকক কাকুতিয়ে কৰে৷ ৰাতিবোৰ আহিলে ঘৰখন কিবা জয়াল জয়াল যেন হৈ পৰে৷ এনে ভাৱ আহে যেন গিৰিয়েক ঘৈনীয়েক কোনোবা এটাক দুই মৃতকে সিহঁতৰ লগলৈ অচিৰে নিহে এৰিব৷

কথাখিনি কৈ কৈ নিৰুপমাই উচুপি উঠে৷ দুই শ্ৰোতা নামঘৰীয়া আৰু তেওঁৰ পৰিবাৰ পাহেশ্বৰীয়ে সান্ত্বনা দি ডাঙৰীয়া দেৱতালৈ শৰাই এভাগ আগ বঢ়াবলৈ পৰামৰ্শ দিয়ে৷

“আজি তাকেই কৰিলোঁ পেহী, অহা পূৰ্ণিমাৰ দিনা শৰাই ভাগ দিম বুলি আগ কৰিলোঁ৷ আজিৰে পৰা  পূৰ্ণিমাৰ আগ দিনালৈকে গধূলি গধূলি ঘৰত ভগৱানৰ নাম গুণ ল’বলৈ ভকত বৈষ্ণবসকলক নিমন্ত্ৰণ কৰিছোঁ৷ কিবা নিস্তাৰ পাওঁয়ে বা৷ তাকে বোলো ভকতবৃন্দ আহি পোৱাৰ আগতে নামঘৰীয়া পেহা গৈ যাৱতীয় যা-যোগাৰখিনি কৰি দিবগৈ৷ তাকেহে ক’বলৈ আহিলোঁ৷”

“হ’ব আই, চিন্তা কৰিব নালাগে৷ মই নামঘৰৰ পৰা বাহিৰে বাহিৰে তহঁতৰ ঘৰলৈকে যাম৷” বুলি কৈ নামঘৰীয়াই তাইক বিদায় দিলে৷

যোৱা নিশা নামঘৰীয়াৰ আগত ঘৈনীয়েক পাহেশ্বৰীয়ে নিজৰ ঘৰখনৰ অভাৱ অনাটনবোৰৰ কথা কৈ কৈ উচুপি উঠাৰ কথা মনলৈ অহাত এতিয়া কিবা এষাৰ কোৱাৰ সুৰুঙা এটা পোৱা যেন লাগি হাতত পান তামোলৰ বটাটো লৈ ভিতৰলৈ যোৱা ঘৈনীয়েকক মাত লগালে৷

“বোলো শুনিছানে কণল’ৰাৰ মাক, তুমি যোৱা ৰাতি ধন-টকা পইচা নাই বাবে কান্দিলা, মই শুনি থাকিলো আৰু আজি মণ্ডলৰ ঘৈনীয়েক নিৰুপমাই টকাৰ ওপৰতে বহি থাকিও কান্দিলে আৰু মই শুনি থাকিলো৷ এতিয়া মই কি ভাৱিলো জানা?” ভিতৰৰ পৰা আহি দুৱাৰ মুখত থিয় দি থকা পাহেশ্বৰীলৈ চাই নামঘৰীয়াই ক’লে, “ভাৱিলো, সুখটো মনৰহে কথা৷ ধন টকা পইচা থকা নথকাৰ লগত কথা নাই, ধনী মানুহ কামাখ্যাৰ কি গতি হৈছে শুনিলা নহয়৷”

“অ’ ভাৱি ভাৱি সেইটোহে পালে,” হাঁহি হাঁহি পাহেশ্বৰীয়ে ক’লে, “হ’ব হ’ব, আজিৰ পৰা ধন নাই বুলি দুখ নকৰোঁ বাৰু, দুবেলা দুমুঠি খাবলৈ পাই আছোঁ যে সেয়াই বহুত বুলি ভাবিম৷”

ধূলিয়ৰি বাটেদি যোৱা গাড়ীয়ে কাষেদি গৈ থকা বাটৰুৱাক ধূলিৰে পুতি থৈ যোৱাৰ দৰে নামঘৰীয়াৰ সংসাৰখনলৈ যেন হঠাতেই এজাউৰি সুখ শান্তি আহি আৱৰি ধৰিলে, এনে লাগিল নামঘৰীয়াৰ৷ ঘৈনীয়েকহঁতে অভাব-অনাটনৰ কথা কৈ থাকি গিৰিয়েকবোৰক মনত অশান্তি দি নাথাকি যি পাইছে তাতে সন্তুষ্ট থকা হ’লে টকাৰ প্ৰতি মানুহৰ খকটো ইমান নাবাঢ়ি সমাজখন কিছু নিকা হৈয়ে থাকিলহেঁতেন—নামঘৰীয়াই মনতে ভাৱিলে৷ পাহেশ্বৰীৰ মনটো সলনি হ’লত নামঘৰীয়াৰ মনটোও ফৰকাল লাগিল৷ আনদিনে এনে সময়ত আৰ তাৰ লগত বাৰাণ্ডাৰ বেঞ্চখনতে বহি আলুৰ কিলোত চল্লিশ টকা, বেঙেনাৰ কিলোত ষাঠি টকা আদি বজাৰৰ বয়-বস্তুৰ চৰা দামৰ কথা অথবা বিজেপিয়ে দেশখন খালে, কংগ্ৰেছে কিটো কৰিলে আদি মূল্যহীন কথা পাতি পাতি নামঘৰীয়াই এবেলা কটাই দিয়ে৷ আজি পিচে শেনৰ এজাত৷ মূৰত গামোচাখন মেৰিয়াই হাতত কোৰখন লৈ নামঘৰীয়াই ডেকা মানুহ এটাই সদ্য বিবাহিত ন-কন্যাক তবধ মনাবলৈ কাম কৰাৰ দৰে উছাহেৰে ৰবিশস্যৰ বাবে মাটি চহাবলৈ বাৰীলৈ গ’ল৷

++++++++++++

নামঘৰীয়াই আহি পায়েই নিৰুপমাই গছৰ পৰা পাৰি ৰ’দত দি থোৱা কলপাতখিনি ভালদৰে ধুলে৷ তিয়াই থোৱা বুট, মাহ আৰু চাউলখিনি টুকি ভাগে ভাগে সুন্দৰকৈ সজাই থ’লে৷ নিমখকণ কলপাত এখিলাত বাকি তাৰ ওপৰত কলপাত এডোখৰ দি ঢাকিলে৷ চেনিচম্পা কল কেইটা পৰিষ্কাৰকৈ ধুই তাৰ দুইয়ো মূৰ কটাৰীখনেৰে কাটি শৰাইখনৰ ওচৰত থ’লে৷ তাৰ পিছত কুঁহিয়াৰ, নাৰিকল আৰু তামোল পাণ কটাত লাগিল৷

এনেতে “নামঘৰীয়া বাপ কাহানিবাই পালেহি নেকি?” বুলি কুল পণ্ডিতে মাত দিয়াত নামঘৰীয়াই “হয় বাপ, অকণমান সময় হ’ল” বুলি কৈ সেৱা জনালে৷ কুল পণ্ডিতেও সেৱা এটি জনাই নিজৰ আসন গ্ৰহণ কৰিলে৷ নামঘৰীয়াই নিজৰ কাম কৰি থাকিল৷ কামাখ্যাই ইতিমধ্যে গা পা ধুই ধুতি কামিজ পিন্ধি   কান্ধত গামোচা এখন পেলাই ওলাই আহিল৷

“কৃষ্ণ” বুলি কৈ কামাখ্যাই আঠুকাঢ়ি প্ৰথমে কুল পণ্ডিতক আৰু তাৰ পিছত নামঘৰীয়াক সেৱা জনালে৷  দুয়োজনাই কামাখ্যাক আৰ্শীবাদ দিলে৷ সৰুতে কুল পণ্ডিতে প্ৰাথমিক বিদ্যালয়ত কামাখ্যাহঁতক পঢ়াইছিল৷ তেখেত এই অঞ্চলৰ আটাইতকৈ বয়োজ্যেষ্ঠ আৰু সন্মানীয় ব্যক্তি৷ কামাখ্যাহঁতৰ কুশল বাৰ্তা লওঁতে তেওঁৰ ভগ্নপ্ৰায় স্বাস্থ্য আৰু মানসিক অৱস্থাৰ কথা জানিব পাৰি কামাখ্যাক মন পৱিত্ৰ  কৰি হৰিনাম ল’বলৈ ক’লে৷

“বুজিছা কামাখ্যা, বৰ্তমানৰ তমসাচ্ছন্ন জগতত মানুহ দিগভ্ৰান্ত হৈ পৰিছে, জাগতিক দুখ কষ্টৰ ফলত জৰ্জৰিত মানুহ আজি উন্মাদ হৈ উঠিছে৷ পিছে সৃষ্টিৰ আদিৰে পৰা পৰম কৰুণাময় ভগৱানে জড়বন্ধনত আবদ্ধ জীৱক তেওঁৰ অমৃতময় উপদেশবাণীৰে মুক্তিৰ পথ দেখুৱাই আহিছে৷ যেতিয়াই তেওঁৰ উপদেশ পাহৰি যাওঁ তেতিয়াই আমি বিপথগামী হৈ মায়াৰ প্ৰভাৱত নানা ধৰণৰ কষ্টভোগ কৰোহঁক৷ ইয়াৰ ফলতেই  আজিৰ জগতত মানুহৰ দুখ ,কষ্ট আৰু অশান্তি ইমান প্ৰকট হৈ পৰিছে৷ ভগৱান বিমুখ মানুহ কাহানিও সুখেৰে থাকিবও নোৱাৰে –-শান্তিও নাপায়৷ সেয়ে তুমি ভগৱৎমুখী হৈ বুদ্ধিমানৰ কাম কৰিছা৷ ভগৱানে তোমাৰ মংগল কৰিব বোপা৷” কুল পণ্ডিতে কামাখ্যাক ক’লে৷

এজন দুজনকৈ আহি আহি ইতিমধ্যে আটাইকেইজন ভকত বৈষ্ণবে কামাখ্যাহঁতৰ ঘৰত পদাৰ্পণ কৰিলেহি৷ কামাখ্যাই সকলোকে সেৱা জনাই পদধূলা শিৰত লৈ আসন গ্ৰহণ কৰিবলৈ দিলে৷

ভকত বৈষ্ণবসকলৰ আগত আঠু লৈ প্ৰথমে নামঘৰীয়াই সেৱা কৰিলে আৰু ভকতসকলে আৰ্শীবাদ এজোলোকা দিলে৷ তাৰ পিছত কণনাথ পাঠকে সেৱা ল’লে আৰু আৰ্শীবাদ লৈ পাঠকৰ আসনত বহিলগৈ৷ তাৰ পিছতে গৃহস্থৰ পাল৷ কামাখ্যা আৰু তেওঁৰ ঘৈনীয়েক নিৰুপমাই আঠু কাঢ়ি ভকতৰ ওচৰত মূৰ দোৱাই সেৱা কৰিলে৷ কোনোবা এজনা ভকতে বিকলাঙ্গ ল’ৰাহালকো তালৈ অনাৰ কথা উলিয়াইছিল যদিও মাক দেউতাকে সিহঁতহালক অনাটো টান কাম বুলি কৈ থ’লে৷ আচলতে ল’ৰাহালৰ মাত কথা সংযত নহয় বাবে সিহঁতক ভকত বৈষ্ণবৰ কাষলৈ আনিবলৈ ভয় কৰিলে৷ ভকত সকলে অৱশ্যে আৰ্শীবাদ জোলোকা দিওঁতে ল’ৰাহালৰো কুশল মঙ্গল কৰিবলৈ ভগৱানক প্ৰাৰ্থনা জনালে৷
“হৈছে আৰু তেনেহ’লে, বাপসকল৷ আমি শাস্ত্ৰ ভাগ মেলিছোঁ৷ সিদিনা গজেন বাৰ ঘৰত এৰাৰ পৰাই আৰম্ভ কৰোঁ৷” কণনাথ পাঠকে সকলোটিকে উদ্দেশ্যি ক’লে আৰু গীতাৰ শ্লোক এটি পাঠ কৰি দিলে৷  

অৰ্থাৎ পাৰ্থিব মান লাভৰ প্ৰতি স্পৃহাহীনতা, বিদ্যা বুদ্ধি বা ধনজনলৈ অহংকাৰ নকৰা, অহিংসা, সহ্যগুণ, গুৰুসকলৰ পৰম্পৰা অনুযায়ী সেৱা সৎকাৰ, শৌচ, ধৈৰ্য, অন্তৰেন্দ্ৰিয়ৰ সংযম, ইন্দ্ৰিয়জনিত সুখ ভোগৰ প্ৰতি বৈৰাগ্য, অহংকাৰ শূন্যতা, জন্ম- মৃত্যু-জৰা-ব্যাধি প্ৰভৃতি দুখৰ নিস্ফলতা দৰ্শন, পুত্ৰ ভাৰ্যাৰ প্ৰতি আসক্তিশূন্যতা অৰ্থাৎ তেওঁলোকৰ সুখদুখৰ প্ৰতি উদাসীন ভাৱ, সৰ্বতিকালেই চিত্তৰ সমতা, ভগৱান শ্ৰীকৃষ্ণৰ পাদপদ্মত অনন্য অচলা ভক্তি, অধ্যাত্ম জ্ঞানেই অবিনশ্বৰ এনে ধৰণৰ ভাৱনা, তত্বকৌতুহলী দৰ্শন শাস্ত্ৰৰ আলোচনা ইত্যাদিয়েই জ্ঞান সাধনাৰ উপকৰণ৷ এইবিলাক সদগুণ যাৰ নাই তেওঁৰ জ্ঞানযোগ আলোচনা কৰিবলৈকো অধিকাৰ নাই৷

কুল পণ্ডিতে সুন্দৰকৈ শ্লোকটিৰ ভাঙনি কৰি ভকতসকলক বুজাই গ’ল৷

সকলোৱে মনোযোগেৰে গীতা শাস্ত্ৰৰ বাণীবোৰ শুনি আছে যদিও কামাখ্যা মণ্ডলে মনোযোগ দিব পৰা নাই৷ বেমাৰে তেওঁৰ দেহৰ ভিতৰখন ক্ষত বিক্ষত কৰাৰ লগতে তেওঁৰ জীৱনত ঘটি যোৱা ঘটনাবোৰে মন আৰু হৃদয় চুনামিৰ দৰে বিধ্বস্ত কৰি পেলালে৷ তেওঁ জীৱনত বহুতো ভুল কৰিলে আৰু তাৰ বাবে ভগৱানে তেওঁক শাস্তি প্ৰদান কৰিছে৷ জীৱনৰ বিয়লি বেলাত ওৰে জীৱনটোত কৰা অপকৰ্মৰ প্ৰায়শ্চিত্ত কৰি মানসিক শান্তি দিবৰ ভকত বৈষ্ণবৰ পদধূলা লৈ ঘৰতে গীতা পাঠ এভাগিৰ আয়োজন কৰিছে; কিন্তু কামাখ্যা প্ৰসাদৰ মনটো বঠাবিহীন ডিঙাৰ দৰে ভটীয়াই গৈ গৈ অনুতাপৰ পকনীয়াত পৰে৷ তেওঁৰ মনটো পুনৰ ঘূৰি আহি বৰ্তমানৰ মুহূৰ্তৰ ভকত বৈষ্ণবৰ মাজ পাই মানে কণনাথ পাঠকে গীতাৰ নতুন এক আধ্যা পাঠ কৰি শেষ কৰে আৰু তাৰ অৰ্থও কুল পণ্ডিতে ভাঙনি কৰি দিয়ে৷ কামাখ্যা মণ্ডলে পুনৰ মনৰ খিৰিকীয়েদি অতীতলৈ জুমি চায়৷

কামাখ্যা মণ্ডলৰ সম্পূৰ্ণ নাম হ’ল কামাখ্যা প্ৰসাদ শইকীয়া৷ গাঁওখনৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান৷ দেউতাকে ঘৰৰ মাটি এবিঘা বিক্ৰী কৰি সেই টকাৰে কামাখ্যাক যেনে তেনে চাকৰিটো কিনি দিলে৷  কামাখ্যাই মণ্ডলৰ চাকৰিটো পাই সৰগখন ঢুকি পোৱাৰ দৰে অনুভৱ কৰিলে৷ কিছু কামৰ প্ৰশিক্ষন লৈ আৰু কিছু জ্যেষ্ঠ সহকৰ্মীসকলৰ পৰা শিকি কামাখ্যা প্ৰসাদ শইকীয়াই ঘৰৰ ওচৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চাকৰি জীৱন আৰম্ভ কৰি দিলে৷ প্ৰথম অৱস্থাত অফিচলৈ অহা দুই এজন গঞাক এনেয়ে দুই এটা কাম কৰি দিছিল যদিও জ্যেষ্ঠ মণ্ডল কাননগুসকলৰ পৰা কিটিপবোৰ ভালদৰে জনাৰ পিচত কামাখ্যাই সেইমতে কাম কৰি গ’ল৷  তেওঁৰ ওচৰলৈ কোনোবা কিবা কামত গ’লে তেওঁ অতি ব্যস্ত হৈ পৰে৷ অফিচৰ বিভিন্ন কামৰ অজুহাত দেখুৱায়৷ এনে কৰিলে তেওঁৰ ওচৰলৈ অহা  কিছুমান মানুহে সেইদিনা ঘূৰি যায়৷ পিচদিনা বা তাৰ পিচত আহে৷ তেতিয়াও কামাখ্যা মণ্ডলৰ ব্যস্ততা দেখিলে মানুহে তেওঁক কিনিবলৈ যত্ন কৰে৷ উপঢৌকন যাচে৷ ‘এহ নালাগে নালাগে,সেইবোৰ কেলৈ’ বুলি কৈ টকা কেইটা লৈ পকেটত ভৰায়৷ কেতিয়াবা মানুহ চাই অফিচাৰৰ নামত ধন লয়৷ গৰজ পৰিলে অফিচাৰকো ধন দি মেনেজ কৰি কাম কৰাই লয়৷ সীমা বিবাদ হ’লেতো কথাই নাই৷ একেচাতে কেইবাটাও পক্ষৰ পৰা ধন আদায় কৰি চাৰিসীমা দেখুৱাই দিয়ে৷ ধন নিদিয়া বা কমকৈ দিয়া জনক কামাখ্যাই ট্ৰেচমেপ আৰু ক্ষুদ্ৰ স্কেলপাত লৈ মাটিৰ চাৰিসীমালৈ নোযোৱাকৈ বুজাই দিব যে অতীজতে জোখ মাপ কৰোতেই ভুল কৰি থৈছে আৰু সেই জোখ মাপতেই চাৰি লেছা মাটি কমকৈ আছে৷ মানুহজনে নামানিলে আৰু তিনিজন অন্য লাটৰ মণ্ডল আনি হিচাপ কৰিবলৈ দি তেওঁ কৰা হিচাপটো যে শুদ্ধ সেই কথা প্ৰমাণ কৰি দি মানুহ জনৰ লগতে ৰাজহ চক্ৰ বিষয়াকো সৈমান কৰিব৷

মাটিবাৰীৰ কথাত মানুহৰ সাধাৰণতে এক প্ৰচণ্ড দুৰ্বলতা নিহিত হৈ থাকে৷ সেয়ে কিছুমান মানুহে একেটা কামৰ বাবে কামাখ্যাক কেইবাবাৰু ধন দিয়ে--কামাখ্যা প্ৰসাদ শইকীয়াই ধন লৈ পাহৰি থাকে বাবে৷ লাহে লাহে মানুহবোৰে কামাখ্যা মণ্ডলৰ কামৰ বাবে কিমান টকা লয় তাৰ নিৰিখটো জনা হৈ যায় আৰু সেইমতে দি কাম সমাধা কৰি লয়৷ নিৰ্দিষ্ট নিৰিখ অনুযায়ী ধন নিদিলে বা কমকৈ দিলে একোটা কামৰ বাবে একোজন মানুহক কেনেকৈ চাৰি পাঁচ বছৰ কাল ধৰি দৌৰাব পাৰি সেইবোৰ কিটিপ কায়দা কামাখ্যাই ভালদৰে জানে৷ বিনা পইচাত কাম কৰিয়ে নেপায়৷ কামাখ্যাক কিছুলোকে বাধ্যত পৰি ধন দি কাম কৰাই লয় যদিও অন্তৰৰ পৰা অভিশাপ দিয়ে৷

 যেতিয়া দেশত দুৰ্নীতি নিৰ্মুলৰ অভিযান চলিলে তেতিয়া মানুহে দিয়া ধন হাতত লোৱাৰ পৰা কামাখ্যা বিৰত থাকিল৷ পিছে তেনে আচৰণ দেখি মানুহে নাভাৱিলে যে বাঘে মাংস খাবলৈ ভয় কৰিছে৷ ভাৱিলে কামাখ্যা মণ্ডলে নিৰিখটো বঢ়ালে চাগৈ, ধন কমকৈ দিয়া বাবে লোৱা নাই৷ তেতিয়া লগত আৰু কিছু ধন যোগ কৰি দিও মানুহে কয়হে “ৰাখকচোক এইখিনি, মই আপোনাক আৰু দিম নহয়৷”

 বাহিৰা টকা হাতলৈ নহাকৈ যাতে এটাও দিন পাৰ নহয় তাৰো এটা কিটিপ কামাখ্যা মণ্ডলে শিকি ল’লে৷ অফিচলৈ গৈ তেওঁ আসনত বহি পোনচাতেই কামত নধৰে, ফাইল নেমেলে৷ কোনোবা এজোৰা মক্কেল গৈ তেওঁক বাতৰি কাকত পঢ়ি থকা দেখি কিছু সময় থিয় দি থাকিব লাগিব৷ তাৰ পিচত আমনি পাই কামাখ্যা মণ্ডলক আমনি দি বাতৰি কাকতৰ পৰা মূৰ দাঙিবলৈ বাধ্য কৰিব লাগিব৷ মানুহজনে যেন কামাখ্যা মণ্ডলক এক ভীষণ জগৰহে লগালে এনে এক ভাৱত কামাখ্যাই খচমচ কৰি ড্ৰয়াৰটো খুচৰিব৷ তাৰ পৰা যিতি কাগজ–পত্ৰ কিছুমান উলিয়াই টেবুলত থৈ ল’ব৷ সমুখত অত’পৰে ৰৈ থকা মানুহজনৰ মনলৈ এনে ভাৱ আহিব যেন পাৰিলে কিনো হেৰাইছে তেৱোঁ বিচৰাত সহায় কৰি দিব৷ অৱশ্যে অলপ পিচত ইটো ড্ৰয়াৰত জুইশলাটো বিচাৰি পাই টেবুলত থ’ব৷ তাৰ পিচত আকৌ বিচৰা বিচৰি৷ দুই এখন কাগজ অলাগতীয়াল গণ্য কৰি মোহাৰি সামৰি ডাছবিনত পেলাব৷ কোনোবা পাকত কাগজৰ তলত ধূপকাঠীৰ পেকেটটৌ বিচাৰি পাই কাঠী দুডালমান উলিয়াই হাতত লৈ অন্য এটা বস্তু বিচৰাত লাগি যাব৷ সেইটো বিচাৰোঁতে সমুখত থিয় দি থকা মানুহজনৰ মনলৈ অনুশোচনাৰ ভাৱ এটা আহি যাব৷ ভাৱিব, ‘এহ, কামাখ্যা মণ্ডলক দিগদাৰ দিবলৈহে অহা হ’ল, কিজানি মই ইয়াত থিয় দি ৰৈ থকাৰ বাবে বিচৰা বস্তুটো ইফাল সিফাল হ’ল৷ ছেঃ ৷’ অৱশেষত যেনিবা কামাখ্যা মণ্ডলে প্ৰত্নতত্ত্ব বিভাগৰ লোকে পৌৰাণিক বস্তু এটা আৱিষ্কাৰ কৰাৰ দৰে কাগজ পত্ৰবোৰৰ তলত ক’ৰবাত ইমানপৰে বিচাৰি থকা লোহাৰ ডাঙৰ তলাটো বিচাৰি পাব৷ সন্মুখত থিয় দি থকা জনে স্বস্তিৰ নিশ্বাস পেলাব৷ কামাখ্যা মণ্ডলে জুইশলাৰ কাঠী এটা জ্বলাই সভক্তিৰে ধূপ কাঠীত অগ্নি সংযোগ কৰিব৷ তাৰ পিচত ধূপ কাঠীকেইডাল হাতত লৈ টেবুলখনৰ চাৰিও ফালে  কেইপাক মান ঘূৰাই টেবুলত থকা ফাইলবোৰে ধূপৰ সুবাস পাবলৈ ধোঁৱা লগাকৈ ধূপ কাঠি কেইডাল ওচৰলৈ নিব ৷ তাৰ পিচত ধূপকাঠী কেইডাল লৌহনিৰ্মিত তলাটোৰ চাবি ভৰোৱা ফুটাত ভৰাই থিয় কৰাই থ’ব৷ সমুখত থকা দৰ্শকজনৰ মনলৈ তেতিয়া এনে ভাৱ আহিব যেন তেওঁলোকৰ মাটি-বাৰীবোৰ ভালেকুশলে ৰাখিবলৈহে কামাখ্যা প্ৰসাদৰ এই আয়োজন৷ সদৌ শেষত কামাখ্যা মণ্ডলে যি এক চাৱনিৰে অভ্যাগতজনলৈ চাব তাতেই তেওঁ বুজি পাব লাগিব পূজাৰ অন্তত পূজাৰীক কিহেৰে অপ্যায়িত কৰিব লাগে৷ সেয়ে দক্ষিণাভাগ আগবঢ়াই দিয়ে আৰু৷ কামাখ্যা মণ্ডলৰ দিনটোলৈ যাত্ৰা ভাল হৈ পৰে৷ কামাখ্যা প্ৰসাদ শইকীয়াই তেনেদৰে হোৰাহোৰে ধন অহাত জীৱনটোৱেই সাৰ্থক হোৱা যেন অনুভৱ কৰে৷ এইদৰে কালক্ৰমত তেওঁ উপঢৌকনৰ ধনৰ বলত এজন চহকী মানুহ হৈ পৰিল৷ ডেকা বয়সতে নগৰে চহৰে য’তে যেনেকৈ পাৰে মাটি ঘৰ নামে বে-নামে কিনিলে৷ ‘কামাখ্যাৰ হে কপাল আৰু দেই’ বুলি কৈ লগৰবোৰে হা-হুমুনিয়াহ কাঢ়ে৷

বিয়াৰ কথা ওলালত বহু ঠাইৰ পৰা বহুতো ধুনীয়া ধুনীয়া ছোৱালীৰ খবৰ আহিল৷ কামাখ্যাই সেইবোৰত গুৰুত্ব নিদিলে৷ বহুতে কন্যা চাই আহিবলৈ জোৰ দিছিল৷ কামাখ্যা নগ’ল৷ এদিন তেওঁ এটা মনে বিচৰা প্ৰস্তাব পাই গ’ল৷ যদি কামাখ্যাৰ কন্যাগৰাকী পছন্দ হয় তেনেহ’লে তেওঁ বিয়া পাতিব পাৰে আৰু পছন্দ নহ’লে নাই৷ বিয়াত কন্যাৰ লগত বহুতো ধন বস্তু দিয়াৰ উপৰিও এখন দামী গাড়ী উপহাৰ স্বৰূপে দিব৷ প্ৰস্তাবটো পাই কামাখ্যাই পলম নকৰিলে৷ পৰমা কাননগুৰ ঘৰ পালেগৈ৷ কন্যা পছন্দ হ’ল৷  বিয়া খন ঠিকমতেই হৈ গ’ল৷ ধনীৰ দুহিতা নিৰুপমাক বিয়া কৰাই বেচ সম্ভ্ৰান্তলোকৰ দৰে জীৱন অতিবাহিত কৰিব ধৰে৷  সমাজৰ উচ্চ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে তেওঁক  আকোঁৱালি লয়৷

পিছে ভগৱানে মানুহক সৰ্বদিশতে সমানে সকলো নিদিয়ে৷ একাল সুখ একাল দুখ৷ কামাখ্যা প্ৰসাদৰ ঘৈনীয়েকে দুটি যমজ পুত্ৰ সন্তান জন্ম দিলে৷; কিন্তু দুয়োটা সন্তানেই বিকলাঙ্গ৷ হাত ভৰি কোঙা৷ মাতৃ স্নেহৰ দূৰন্ত নিদৰ্শন প্ৰতিপন্ন কৰি দুই বিকলাঙ্গ পুত্ৰক মাক নিৰুপমাই মৰম আৰু যত্নেৰে তুলি তালি ডাঙৰ কৰিলে৷ সুস্থ শৰীৰৰ মানুহ হোৱা হ’লে সিহঁতে বিয়া বাৰু কৰাই এতিয়ালৈ ঘৰ গৃহস্থি কৰিলেহঁতেন৷ ল’ৰাহালৰ স্বাভাৱ চৰিত্ৰ কিবা কাৰণত অদ্ভুত ধৰণে গঢ়লৈ উঠিল৷ মাকে সিহঁতক যিদৰে মৰম আৰু প্ৰতিপাল কৰে সেইদৰে সিহঁতেও মাকক শ্ৰদ্ধা কৰে আৰু মৰমেৰে মাতবোল কৰে; কিন্তু সিহঁত দুটাই দেউতাকক চকুপাৰি দেখিব নোৱাৰে৷ দেউতা বুলি কৈ নামাতে আৰু নাম কাঢ়ি মাতি দেউতাকক অবাচ্য গালি শপনি দিয়ে৷ দেউতাকে সিহঁতক বিড়ি চিগেৰেট আনি দিব লাগে৷ যদি ভুলতো দেউতাকে বিড়ি চিগেৰেট নানে তেনেহলে সিহঁতহালে গালি পাৰিবলৈ আৰম্ভ কৰি দিয়ে, “ ঐ কুকুৰ কামাখ্যা মণ্ডল, বিড়ি কিয় নানিলি হুঁ ? তই মদ খাব জান, গৰীবৰ পৰা ঘোচ খাব জান, চাল্লা কুকুৰ, তেজপিয়া, আমালৈ বিড়ি কেইটামান আনিবহে নেজান৷” ইত্যাদি, ইত্যাদি৷ ঘৰতে পৰি থকা ল’ৰাহালৰ মগজুত কেনেকৈ কেতিয়া সেইবোৰ কথা সোমাল তাকে মাক দেউতাকে ভাৱি পাৰ নাপায়৷ ওৰে জীৱনৰ বাবে দুৰ্ভাগ্যকে লৈ পৃথিবীলৈ অহা পঙ্গু ল’ৰাহালৰ কথাত সিহঁতলৈ খং উঠিলেও মাকৰ হস্তক্ষেপত দেউতাকে মাৰধৰ বা গালি শপনি পাৰিব নোৱাৰে৷ কামাখ্যাইও ভালদৰেই জানে যে ল’ৰাহালক মাৰপিট কৰা বা গালি পৰা মানে সিহঁতৰ মাককে মাৰপিট কৰা বা গালি দিয়া হ’ব৷ গতিকে বাধ্য হৈ তেওঁ মৌনতা অৱলম্বন কৰে আৰু ল’ৰাহালক বিড়ি চিগেৰেট যি লাগে আনি দিয়ে৷ সিহঁতেও চল পাই গলত উঠি থাকে৷

 বিকলাঙ্গ ল’ৰাহালৰ জন্মৰ বহুদিনৰ পিছত জীয়েক চন্দ্ৰমাৰ জন্ম হয়৷  নামটো তাইৰ যিদৰে চন্দ্ৰমা ৰখা হ’ল সেইদৰে তাই দেখিবলৈও ধুনীয়া আছিল৷ সাইলাখ আকাশৰ চন্দ্ৰমা৷ তাই গুৱাহাটীৰ  সন্দিকৈ মহিলা মহাবিদ্যালয়ত এম এ পঢ়ি থাকোঁতেই  গুৱাহাটীৰ এজন ভাল ব্যৱসায়ীয়ে বিয়া কৰাব খোজাত তেওঁৰলৈকে  ধুমধামেৰ বিয়া পাতি দিছিল ; কিন্তু বিয়াৰ চাৰিমাহ মানৰ পিছতে কেন্সাৰ বেমাৰ হ’ল৷ বহু ঠাইত বহু টকা খৰচ কৰি ভাল ভাল ডাক্তৰৰ ওচৰত চিকিৎসা কৰা হ’ল৷ তাইক আৰোগ্য কৰিব পৰা নগ’ল৷  তাইৰ মৃত্যু হ’ল৷ কামাখ্যা প্ৰসাদৰ ঘৰখন শোকত ম্ৰিয়মান হৈ পৰিল৷

জীয়েকৰ মৃত্যুৰ দুটা বছৰ পাৰ নৌহওঁতেই ঘটি গ’ল সকলোতকৈ দুখ লগা ঘটনাটো৷ কনিষ্ঠ সন্তান ৰবিনৰ বয়স বাইছ বছৰ হৈছিলহি৷ অৰ্থনীতিত স্নাতোকোত্তৰ ডিগ্ৰী লৈ চাকৰিৰ সন্ধানত ঘৰতে আছিলহি৷ এদিন কেইজনমান বন্ধুৰ সৈতে বনভোজ খাবলৈ যাওঁতে সিহঁতৰ গাড়ীখন দুৰ্ঘটনাত পতিত হ’ল৷ ৰবিনৰ দুৰ্ঘটনা স্থলিতে থিতাতে মৃত্যু হ’ল৷ কামাখ্যা আৰু তেওঁৰ পত্নীৰ মূৰতে সৰগখন যেন ভাগিছিগি পৰিল, এনে লাগিল৷ নিৰুপমা কান্দি কান্দি বাউলী হ’ল৷

 ঘৰত থকিলগৈ বিকলাঙ্গ ল’ৰাহাল আৰু ভগ্ন স্বাস্থ্যৰ ঘৈনীয়েক৷ কামাখ্যা আৰু তেওঁৰ পত্নীৰ মৃত্যুৰ পিছতে ঘৰখনৰ কোটি কোটি টকাৰ ধন সম্পত্তিৰ উত্তৰাধিকাৰী হ’ব তেওঁলোকৰ বিকলাঙ্গ ল’ৰা দুটি যি ভনীয়েক আৰু ভায়েকৰ মৃত্যুৰ সময়তো বিড়ি চিগেৰেট আনি নিদিয়া বাবে দেউতাক কামাখ্যা প্ৰসাদক গালি দিবলৈ এৰা নাছিল৷ কি হ’ল কামাখ্যাৰ জীৱনত! আৰ্থিক দৈন্যতাৰ মাজত জীয়াই থকা ভকত কেইজনক প্ৰফুল্ল চিত্তে ভকতৰ সমাজত বহি থকা দেখি তেওঁলোকক চহকী যেন লাগে আৰু কামাখ্যাৰ নিজকে বৰ নিঃকিন যেন অনুভৱ হয় আৰু অতি দৰিদ্ৰ যেন লাগে৷

কণনাথ পাঠকে শাস্ত্ৰ সামৰি যেতিয়া সেৱা ল’বলৈ ভকতসকলৰ সমুখত আঠু ল’লে তেতিয়াহে কামাখ্যাই তাৰ চিন্তা ভাৱনাৰ এনাজৰিডাল ছিঙি বাস্তৱলৈ ঘূৰি আহিল৷

কামাখ্যা আৰু নিৰুপমাই সেৱা কৰি আৰ্শীবাদ লোৱাৰ পিছত বিলনীয়া গৰাকীয়ে ভকতক সেৱা কৰি আৰ্শীবাদ লৈ মাহ- প্ৰসাদ বিলালে৷

এইকণ সময় ভকতসকলৰ বাবে বিধানসভা, লোকসভাৰ শূন্য কালৰ দৰে৷ ভকতবৃন্দই শাস্ত্ৰৰ নিজে নজনা কিবা কথা থাকিলে আলোচনাৰ মাজলৈ আনে বা কিবা বিষয়ৰ নিজা জ্ঞান থাকিলে প্ৰকাশ কৰিব পাৰে৷ কোনোবা এগৰাকী ভকতে ‘আদি যামল’ শাস্ত্ৰৰ কথা উলিয়ালে৷ ভকতসকলৰ মাজত আদি যামল শাস্ত্ৰখন নপঢ়া কোনোৱেই নাই৷ নিজে পঢ়িব নজনাজনেও আনে পঢ়া শুনিছে৷ ভালেমান কেইজন ভকতৰ আকৌ পঢ়োতে পঢ়োতে আদি যামল মুখস্থই হৈ গৈছে৷
ভকত আনন্দ বৰুৱাই সম্ভাৱ্য বৰ ভূমিকম্পৰ বতৰা দিয়াৰ দৰে ক’লে, “বাপসকল, ‘আদি যামল’ৰ ভৱিষ্যত বাণী ফলিয়াবলৈ আৰম্ভ কৰিছে৷ একচিত্তে হৰিক নভজিলে মুক্তি পোৱা নাযাব৷

কুল পণ্ডিতে দীঘলীয়া হুমুনিয়াহ এটি কাঢ়ি ক’লে, “এতিয়া দেশত ৰজা প্ৰজা সকলোৱে আদি যামলত লিখা ধৰণেই আচৰণ কৰিব ধৰিছে৷ আমাৰ ৰাজ্যখনৰ চৰকাৰে কি কৰিছে আপোনাসৱে দেখিয়ে আছে৷ খেতি বাতি বানপানীয়ে নষ্ট কৰিছে, পোকে খাই তহিলং কৰিছে আৰু চৰকাৰে মাটিৰ খাজানা, কৰ-কাটল বঢ়াইছে৷ সমানে সমানে বণিয়াই বয়-বস্তুৰ দাম বঢ়াই গৈ আছে৷ আনহাতে সমাজৰ মানুহবোৰৰ গতি মতি দিনক দিনে বেয়ালৈহে গৈ আছে৷ মৃত্যুৰ সময়ত লগত একোৱেই লৈ যাব নোৱাৰে বুলি জানিও কিছুমান মানুহে অন্যায় ভাৱে ধন আহৰণ কৰি গৈছে৷ তাতেই সুখ পাইছে৷ বিদেশৰ বেংকত ধন জমা কৰিছে৷ কেৱল নিজৰ চিন্তা৷ বেলেগৰ কথা ভাৱিবৰ সময় নাই৷ দুবেলা দুমুঠি খাবলৈ নোপোৱা বোৰে ৰজা ঘৰৰ পদূলিলৈ চাই থাকোঁতেই যায়৷ পিচে এতিয়া দুৰ্নীতিপৰায়ণ বিষয়াৰ সহায়ত অসৎ উপায়েৰে চাকৰি লোৱা বিয়াগোম বিষয়াবোৰৰ কি গতি হৈছে দেখিছেই নহয় বাপসকল৷”

এনেতে দেখা গ’ল কামাখ্যা প্ৰসাদে চৰম আৱেগিক হৈ পৰি দুগালে দুধাৰি চকুলো বোৱাই ভকতসকলৰ মাজলৈ আহিছে৷ তেওঁ সাষ্টাংগে প্ৰণাম জনাই ক’লে, “বাপসকল, এই মহা পাতকীক উদ্ধাৰ কৰক৷ মই বিপথে গৈ অৰ্জা সকলো ধন সম্পত্তি গাঁওখনৰ মংগলৰ বাবে উৎসৰ্গা কৰিলোঁ৷ মোক জ্বালা–যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ লাভৰ পথ দিয়ক৷”

আনন্দ ভকতে কামাখ্যা মণ্ডলৰ অৱস্থা দেখি মনতে ভাৱিলে, ভকত বৈষ্ণবৰ সংগলৈ আহিলে, শাস্ত্ৰৰ জ্ঞান পালে এসময়ত কুসঙ্গত পৰি কুকৰ্ম কৰা জনৰো মন সঁচাকৈয়ে পৱিত্ৰ হৈ যায়৷ সেয়েহে কামাখ্যা মণ্ডলে নিজৰ ভুল শুধৰাব বিচাৰিছে৷ জ্ঞানীজনে শাস্ত্ৰৰ মহিমা অপাৰ বুলি এনয়ে কয় নেকি? এতেকে শাস্ত্ৰৰ জ্ঞান কম বয়সৰ পৰাই মানুহক দিব পাৰিলে ভাল হয়৷ পিচে এতিয়া ভকতসৱে কামাখ্যাক উদ্ধাৰ কৰিব লাগে৷

“তেনেহ’লে বাপ, আপুনিয়ে সেৱকীয়াক কিবা এটি দিহা দিয়ক আৰু৷” আনন্দ ভকতে কুল পণ্ডিতলৈ চাই অনুৰোধৰ সুৰত কথাষাৰ ভক্তবৃন্দৰহৈ ক’লে৷

“হ’ব বোপা হ’ব৷,” কুল পণ্ডিতে কামাখ্যাক ক’লে, “নিজৰ ভুল বুজিব পাৰি অনুশোচনা কৰিছা যেতিয়া প্ৰায়শ্চিত্ত হৈ গ’ল৷ এতিয়া তোমাৰ মনোবাঞ্চা পূৰণ হ’ব৷ আত্মাই শান্তি লভিব৷ আমি এজোলোকা আশীৰ্বাদ দিওঁ বাৰু, ধৰক ৰাইজ৷”

“অ’ হৰি, অ’ ৰাম…………….জয় হৰি বোলা….. জয় ৰাম বোলা………………৷”  

              ---+++++সমাপ্ত+++++----

Saturday 11 November 2017

ফিৰিঙটিৰ পৰাই খাণ্ডব্ দাহ

মহাভাৰতৰ আদিপৰ্বৰ শেষত উপনীত হোৱাৰ আগতে খাণ্ডব দাহ নামৰ এটি আখ্যান পোৱা যায়৷ এই আখ্যান মতে মৰুত ৰজাই পতা এটা ডাঙৰ যজ্ঞত অগ্নিদেৱে সেই যজ্ঞৰ আহুতি খাই অজীৰ্ণ ৰোগত পৰি কষ্ট পায়৷ তাৰে পৰিত্ৰাণ বিচাৰি অগ্নি দেৱতাই নানা ৰূপ ধাৰণ কৰি দশোদিশ ভ্ৰমি আছে৷
ইন্দ্ৰপ্ৰস্থত থকা কালত স্ৰীকৃষ্ণই অৰ্জুনক লগত লৈ যমুনাৰ পাৰত ভ্ৰমণ কৰিবলৈ গৈছিল৷ যমুনাৰ তীৰবৰ্তী খাণ্ডব বনো তেওঁলোকে দৰ্শন কৰিলে৷ তাতে এক আনন্দ উৎসৱ অনুষ্ঠিত হ’ল৷ অজস্ৰ মানুহৰ সমাগম৷
এনেতে এজন ব্ৰাক্ষ্মণৰ আগমন৷ ব্ৰাক্ষ্মণে স্ৰীকৃষ্ণ আৰু অৰ্জুনক ক’লে, তেওঁ এজন বহুভোজী ব্ৰাক্ষ্মণ ; কিন্তু তেওঁ পেট ভৰাই খাবলৈ নেপায়৷ তেওঁলোকক তেওঁ অন্ন ভিক্ষা কৰিছে৷
ব্ৰাক্ষ্মণজনেই যে অগ্নি দেৱতা সেই কথা স্ৰীকৃষ্ণ আৰু অৰ্জুনে জানিব পাৰিলে আৰু অশ্বিনী-কুমাৰদ্বয়ৰ পৰামৰ্শ মতে তেওঁলোকে অগ্নি দেৱতাক খাণ্ডব বন ভক্ষন কৰিবলৈ দিয়ে৷ ইন্দ্ৰই খাণ্ডব বনক ৰক্ষা কৰি থাকে৷ কাৰণ, সেই বনত বাস কৰে তেওঁৰ পৰম সখা তক্ষক নামৰ এক নাগ৷ অগ্নিয়ে বন দগ্ধ কৰিবলৈ ধৰিলে৷ ইন্দ্ৰই মেঘৰ পৰা প্ৰবলভাৱে জল বৰ্ষণ কৰি সেই অগ্নি নিৰ্বাপিত কৰে৷
জলবৰ্ষণ ৰোধ কৰা কামৰ বাবে অৰ্জুনক অতি শক্তিশালী অস্ত্ৰৰ প্ৰয়োজন৷ অগ্নিদেৱতাই বৰুণক তেনে অস্ত্ৰ দান দিবলৈ নিৰ্দেশ দিলে৷ সেই অস্ত্ৰৰ নামেই হ’ল বিখ্যাত গান্ধীৱ ধনু৷ এইধনু ধাৰণকাৰীক কোনেও পৰাজয় কৰিব নোৱাৰে৷ লগে লগে অগ্নি দেৱতাই স্ৰীকৃষ্ণক দান কৰিলে এক চক্ৰ আৰু সেই চক্ৰৰ নামেই হ’ল বিখ্যাত সুদৰ্শন চক্ৰ৷
পিছ মুহূৰ্ততে অগ্নিদেৱতাই খাণ্ডব বন দাহ কৰিবলৈ ধৰিলে৷ স্ৰীকৃষ্ণ আৰু অৰ্জুনে হাতত অস্ত্ৰেৰে সেই অৰণ্য প্ৰদক্ষিণ কৰিলে৷ ইন্দ্ৰই ভীষণ প্ৰতাপেৰে বৃষ্টি বৰ্ষণ কৰিবলৈ ধৰিলে৷ অগ্নিৰ প্ৰকোপ ইমান বেছি যে পৃথিবীত পৰাৰ আগেয়েই বৰষুণৰ পানী উতলিবলৈ ধৰিলে৷ ইন্দ্ৰৰ লগত স্ৰীকৃষ্ণ আৰু অৰ্জুনৰ ভয়াবহ যুদ্ধ৷ ইন্দ্ৰই বজ্ৰ নামৰ সেই ভয়ঙ্কৰ অস্ত্ৰ নিক্ষেপ কৰিলে৷
এনেতে স্বৰ্গৰ পৰা এই আকাশবাণী উচ্চাৰিত হ’লঃ “ইন্দ্ৰ , তুমি এই অগ্নি নিৰ্বাপিত কৰাৰ পৰা ক্ষান্ত হোৱা৷  তুমি যাৰ লগত যুদ্ধ কৰিছা, তেওঁলোক হ’ল নৰ আৰু নাৰায়ণ৷ তেওঁলোক অপৰাজেয়৷”
ইন্দ্ৰই যুদ্ধ সমাপ্তি ঘোষণা কৰিলে৷ ইন্দ্ৰ আহি স্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কাষ পালেহি৷ তেওঁ ক’লে,“দেৱতাসকলে যি কাম কৰিব নোৱাৰে, তোমালোকে কৰি দেখুৱালা৷ মই বৰ সন্তুষ্ট ৷ তোমালোকক কি বৰ লাগে কোৱা৷”
অৰ্জুনে তেওঁৰ পিতাক ইন্দ্ৰৰ চৰণ স্পৰ্শ কৰি ক’লে, “আপোনাৰ যিমানবোৰ দিব্য অস্ত্ৰ আছে মোক দিয়ক৷”
ইন্দ্ৰই ক’লে, “সেইবোৰ তোমাক দিয়াৰ সময় হোৱা নাই৷ শিৱই যেতিয়া তোমাক পাশুপত অস্ত্ৰ দান কৰিব, তেতিয়া মই অস্ত্ৰবোৰ তোমাক দিম৷ “
অগ্নি দেৱতাৰ উদ্দেশ্য সিদ্ধি হ’ল৷
আমাৰ অসমীয়া ভাষাত থকা ‘ফিৰিঙটিৰ পৰাই খাণ্ডব দাহ’ বোলা খণ্ড বাক্যটি এই মহাভাৰতৰ আখ্যানটিৰ পৰাই প্ৰচলন হৈ আহিছে৷ বাক্যটিৰ দ্বাৰাই সামান্য ঘটনাৰ পৰা এক ডাঙৰ কাণ্ড ঘটি যোৱাৰ কথা বুজাইছে৷
আমাৰ দেশৰ, বিশেষকৈ আমাৰ অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পটভূমিৰ সৈতে মহাভাৰতৰ এই আখ্যানটিৰ কিবা সাদৃশ্য থকা যেন লগা বাবেই  আৰম্ভণিতে আখ্যানটি বৰ্ণনা কৰা হ’ল৷
দীঘলীয়া পাতনি নেমেলি যদি আমি অসমৰ জনসাধাৰণক নৰ নাৰায়ণ বুলি ধৰি লওঁ তেন্তে অগ্নি দেৱতা বুলিব লাগিব সাংসদ আৰ পি শৰ্মা ডাঙৰীয়াক৷ তেন্তে ইন্দ্ৰ ? ইন্দ্ৰ যে অসমৰ মুখ্য মন্ত্ৰী গৰাকীয়ে হ’ব সেই কথা ৰাইজে বুজিছেই৷  দহ শতাংশ কমিছন ভোগী মন্ত্ৰীক বুলিব লাগিব তক্ষক নামৰ নাগ৷ অন্য মন্ত্ৰী বিধায়কসকল হ’ল দেৱ দেৱতাগণ৷ নৰ নাৰায়ণ স্বৰূপ অসমৰ জনসাধাৰণে লোকসভাৰ নিৰ্বাচনত জয়ী কৰি তেওঁলোকক প্ৰতিনিধিত্ব কৰিবলৈ লোকসভালৈ প্ৰেৰণ কৰা ৰাইজৰ প্ৰতিনিধি আৰ পি শৰ্মা দেৱে (অগ্নি দেৱতা) ৰাজ্যখনৰ দুৰ্নীতিৰ অন্ধকাৰচ্ছন্ন অৱস্থাটো সহ্য কৰিব নোৱাৰি(বদহজম) সেয়া নৰ নাৰায়ণক অৱগত কৰিলে৷ বাকী কথাবোৰ ৰাইজে জানেই৷ এমুঠি জাবৰেৰে হিমালয়ক ঢাকিবলৈ বৃথা প্ৰচেষ্টা চলিছে৷
ৰাজ্যখনত ভাল খবৰ বুলিবলৈ একোৱেই নাই৷ নিৰ্বাচনী সভাবোৰত ৰস লগা কথা কৈ ৰাইজক আভুৱা ভাঁৰি গাদী দখল কৰি চৰকাৰে শূন্য শতাংশ দুৰ্নীতি সহনশীলতাৰ কথা কৈ কৈয়ে এতিয়া দুৰ্নীতিৰ পোহাৰ মেলিছে৷ মূৰৰ ফালৰ পৰাই গেলি আহিব ধৰা চৰকাৰখনৰ প্ৰতিটো বিভাগতে এতিয়া নিৰ্ভয়ে দুৰ্নীতিগ্ৰস্তসকলে ধন ঘটি সাধাৰণ ৰাইজক জলাকলা খুৱাইছে৷ এক উদাহৰণ স্বৰূপে উল্লেখ কৰিব পাৰি যে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চাৰি বছৰৰ আগতে যাৱতীয় মাচুল জমা দিয়াৰ পিচতো নামজাৰী গোচৰ, ভূমিৰ চাৰিসীমা চিনাক্তকৰণ  আদি কাম ৰাইজক কৰি দিয়া নহয়, কিয় কাম হোৱা নাই বুলি তথ্য জনা অধিকাৰ আইনত কৰা আবেদনৰো এবছৰে উত্তৰ দিয়া নহয়(তথ্য প্ৰমাণ লগত গাঁথি দিয়া হৈছে)৷ ইফালে আকৌ বানপানী, বতাহ-ধুমুহা আৰু গড়াখহনীয়া আদি প্ৰাকৃতিক দুৰ্যোগৰ বাবে গ্ৰাম্যাঞ্চলৰ লোকে গা তঙাবলৈ নাপাওঁতেই নিত্য ব্যৱহাৰ্য দ্ৰব্যৰ মূল্য বৃদ্ধি, ভূমি-ৰাজহ বৃদ্ধি কৰি চৰকাৰে ৰাজহ সংগ্ৰহত নামি পৰিছে৷ ৰাজ্যবাসীক মদ পান কৰাই মৃত্যু মুখলৈ ঠেলি দিছে৷ বিদেশী বহিস্কাৰৰ নামত ৰাজহুৱা ধনৰ শ্ৰাদ্ধ পাতিছে৷ ৰাজ্যত শিশু আৰু নাৰীৰ সুৰক্ষা নোহোৱা হ’ল৷ হাস্পতালত জাকে জাকে নৱজাতকৰ মৃত্যু ঘটিছে আৰু পণ্য দ্ৰব্যৰ দৰে বৰ্হি ৰাজ্যলৈ অসমৰ নাৰীক চালান দিছে৷ ৰাজ্যৰ বন বিভাগৰ চকুৰ আগতে দুৰ্বিত্তই বন ধ্বংসৰ যজ্ঞ পাতি ৰাজ্যত বতৰৰ স্বাভাৱিক গতি পৰ্যন্ত বিঘ্নিত কৰিছে৷  কোনো দিশতে নাই কোনো উন্নতি৷ শেহতীয়াকৈ ৰাজ্যৰ সুৰক্ষা ব্যৱস্থাক ভেঙুচালি কৰি অসমবাসীক লজ্জানত কৰি অসমত খেল খেলিবলৈ অহা বৰ্হিৰাষ্ট্ৰৰ খেলুৱৈৰ গাড়ীলৈ শিলা বৰ্ষণ কৰি দুৰ্বিত্তই আক্ৰমণ চলালে৷ সুৰক্ষাৰ দায়িত্বত থকা পুলিচ বিভাগে দায় সৰা মন্তব্য ৰাখিলে৷ মুঠতে, কেৱল গাদী ৰক্ষাৰ স্বাৰ্থতে গঠন হোৱা চৰকাৰখনে ৰাইজৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক আদি কোনো স্বাৰ্থকে সুৰক্ষিত কৰা নাই৷ মাথো তক্ষককে সুৰক্ষা দি গৈছে৷

এনে পৰিপ্ৰেক্ষিতত নিশ্চয় নৰ নাৰায়ণে অগ্নি দেৱতাৰ লগ লাগি ৰণক্ষেত্ৰত অৱতীৰ্ণ হ’লে নৰ নাৰায়ণৰ হাতত গান্ধীৱ ধনু আৰু সুদৰ্শন চক্ৰ আহি পৰিব৷ তেতিয়া ফিৰিঙটিৰ পৰাই খাণ্ডব দাহ হ’ব সেইটো খাটাং৷ তক্ষক নাগবোৰ জুইত পুৰি ভস্মিভূত হ’ব৷ তেতিয়া ইন্দ্ৰ দেৱতাই (অসমৰ মুখ্য মন্ত্ৰী) আকাশবাণী(নিৰ্বাচনৰ বিপৰীত ফলাফল) শুনিবলৈ বেছি দিন নালাগিব৷
এইবোৰ শাস্ত্ৰৰ কথা৷ বাস্তৱৰ লগত ৰজিতা খাই যায়৷ সেয়ে সকলো পক্ষ সজাগ হ’বৰ সময় হ’ল৷
+++++++++ সমাপ্ত+++++
বিশেষ দ্ৰষ্টব্য— অসমৰ জনপ্ৰিয় সাপ্তাহিক বাতৰি কাকত “অসম বাণী” ৰ ১০ নবেম্বৰ সংখ্যাত  প্ৰকাশিত প্ৰবন্ধ ৷



বন্ধু ‘আতংক’

(‘আতংক ছিৰিজৰ পঞ্চম খণ্ড)
দশোদিশ আৱৰি ধৰা কলিয়া ডাৱৰবোৰ অসমৰ আকাশৰ পৰা আঁতৰিয়ে নোযোৱা হ’ল৷ প্ৰতিকূল বতৰটোৱে যেন এক প্ৰতিশোধ পৰায়ণ মনোভাৱ লৈ নেৰানেপেৰা বৰষুণ জাক দি যাব ধৰিছে৷  পিছে কাৰ ওপৰত বা প্ৰতিশোধ ল’ব ? ৰজাঘৰ আৰু তাৰ ছত্ৰছায়াত থাকি ধনকুবেৰ হৈ পৰা মিথ্যাচাৰীসকলৰ ওপৰত নে পাৰিপাৰ্শ্বিকতাৰ শৃঙ্খল ৰক্ষা নকৰা সৰ্বসাধাৰণ জনতাৰ ওপৰত ?  কোনেও একো ভাৱিবলৈ সময়ে নাপালে, চৰকাৰৰ কোটি টকীয়া প্ৰতিৰোধ ব্যৱস্থাৰ নগ্ন স্বৰূপটো উদঙাই দি বহুতো নদ-নদীৰ মথাউৰি ভাঙি বিনন্দীয়া অসমৰ বহু ঠাই বানে বুৰাই  পেলালে৷ টিভি, বাতৰি কাকত আদি সংবাদ মাধ্যমবোৰে বানাক্ৰান্তৰ বিলাই-বিপত্তিৰ সঁচা ছবিবোৰ ডাঙি ধৰিলে, তেওঁলোকে ৰাইজৰ সহযোগত পাৰ্যমানে বান সাহাৰ্য আগবঢ়ালে৷আতংক সদস্যসকলেও অসমৰ সকলো ঠাইৰে বানাক্ৰান্তসকলৰ কাষলৈ গৈ সহায়-সাহাৰ্য আগ বঢ়ালে৷ ৰজাঘৰীয়াসকলে বানপীড়িতসকলক আশ্বাস দিলে,“ৰাইজ , চিন্তা নকৰিব আপোনালোকৰ বাবে ৰাজভঁৰালত ধন মজুত আছে, কেন্দ্ৰ চৰকাৰেও মৰমতে বানপানীৰ বাবে আগধন দি থৈছে৷পিছে ৰংঙা ফিটাৰ মেৰ্ পাকত পৰি সকলো ফুটুকাৰ ফেনত পৰিণত ল৷ বানপীড়িতসকলে আশা কৰা ধৰণে সহায় সাহাৰ্য নাপালে৷  অৱশেষত বাধ্য হৈ ৰাইজ ৰাজপথলৈ ওলাই আহিল৷ হাতীৰ গাত তৰাৰ ফৰ্মুটি পৰিল৷ সিমানেই৷

দিনবোৰ বানপানীৰ ধলৰ দৰে বাগৰি ল৷ হিমসনা শিতল পুৱাবোৰে দুৰ্গতজনৰো হিয়া মন জুৰ পেলালে৷ পাহৰি বানৰ বিভীষিকাময় দিনবোৰৰ কথা, কোবাল সোঁতত উজাই আহি প্ৰাণ বচোৱাৰ কথা আৰু কোনোবাই এমুঠি অন্ন দিব বুলি আশা পালি বাট চাই চাই নিশাটো লঘোনে ভোকে থকাৰ কথা৷ অসমৰ চৌদিশে পুনৰ বিগত বছৰবোৰৰ দৰেই দুৰ্গতি নাশিনী মা দুৰ্গা দেৱীৰ পূজাৰ আয়োজন উপলক্ষে সৰ্বসাধাৰণ ৰাইজৰ মাজত যো-জা চলিল৷

দুৰ্গোৎসৱৰ মহা আয়োজনৰ লগে লগে আইনশৃংখলা ৰক্ষাকাৰী আৰক্ষী বিভাগৰ কৰ্ম তৎপৰতাও বহুগুণে বৃদ্ধি পায়৷ উচ্চ পৰ্যায়ৰ পুলিচ বিষয়া আৰু গুপ্তচৰ বিভাগৰ বিষয়া  সকলৰ মাজত সঘন বৈঠক অনুস্থিত ধৰিলে৷ এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰঠাকুৰে গীতানগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলৱাৰ ৰহমানক যি বাৰ্তা আৰু নিৰ্দেশ দিলে তাকে লৈ তেওঁ বৰ চিন্তাত পৰিল৷ বিষয়টোআতংক বিষয়-ববীয়া সকলৰ সৈতে আলোচনা কৰি সমাধানৰ উপায় উলিওৱাৰ উদেশ্যে তেওঁ বাইলত নম্বৰ ডাইল কৰিলে৷

 “হেল্ল, ধুনু, ব্যস্ত হৈ আছ নেকি ?”

হেল্ল, দিলৱাৰ, ব্যস্ত হৈ থকা নাই; কিন্তু তহঁতৰ পুলিচ বিভাগৰ ওপৰত অসমৰ জণসাধাৰণক ৰক্ষাৰ যি গুৰু দায়িত্ব আহি পৰিছে তাকে লৈহে আমি আলোচনা কৰি আছোঁ৷ পিছে তই শেহতীয়া খবৰটো পাইছনে নাই?” ধুনুৱে প্ৰশ্ন কৰিলে৷

ধন্য আতংকৰ গুপ্তচৰ বিভাগ”, দিলৱাৰে লে, “মোতকৈ আগতে খবৰটো পালি ? মই এই মাত্ৰ খবৰটো পাই  লগে লগে তোলৈ ফোন কৰিছো৷

আৰে ভাই , তোৰ দৰে দক্ষ পুলিচ বিষয়াৰ ছত্ৰছায়াত গঢ় লৈ উঠাআতংক গুপ্তচৰ বিভাগৰ বাবে এতিয়া সকলো সম্ভৱ তই মাথো আমাক আদেশ কৰ, তোৰ হৈ আমি কি কাম কৰিব লাগে ?কথাখিনি কৈ ধুনুৱে দিলৱাৰৰ উত্তৰলৈ বাট চাই ল৷

আতংক এক বলিষ্ঠ সংগঠন হিচাপে গঢ়ি তুলিবলৈ লে অত্যাধুনিক প্ৰযুক্তি বিদ্যাৰ জ্ঞান ইয়াৰ সদস্যসকলক  দিব লাগিব৷ এই পৰামৰ্শ দিয়েআতংক শুভ চিন্তক দিলৱাৰ ৰহমানে৷ কেইদিন মানৰ আগলৈকে কৰ্তব্যৰ তাগিতাত পৰিআতংকনামৰ সংগঠনটোৰ সন্ধানত থকা গীতানগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিলৱাৰ ৰহমান এতিয়া সেই সংগঠনটোৰেই এজন শুভাকাঙ্খী আৰু বিশিষ্ট পৰামৰ্শ দাতা হৈ পৰিল৷ দিলৱাৰৰ পৰামৰ্শ অনুযায়ীআতংক সক্ৰিয় সদস্যসকলক কম্পিউটাৰৰ প্ৰশিক্ষণ দিয়া হয়৷ তেওঁলোকক ইন্টাৰনেটৰ ব্যৱহাৰ সন্দৰ্ভত জ্ঞান দিয়া হয়৷ আনকি তেওঁলোকক স্পাই বাইল চফ্টৱেৰৰ ব্যৱহাৰ কৰিবলৈও শিকোৱা হয়৷ স্মাৰ্ট ফোনত বিভিন্ন প্ৰয়োজনীয় প্ৰয়োগসমূহ (APPS) কামত লগাবলৈয়ো তেওঁলোকক শিক্ষা দিয়া হয়৷ একাংশ আগ্ৰহী যুৱক-যুৱতীক গাড়ী চালনাৰ প্ৰশিক্ষণ দি পাৰদৰ্শী ড্ৰাইভাৰ কৰা হয়৷ ধুনু আৰু জোনাকে কেইজনমান বাছকবনীয়া সদস্যক প্ৰাইভেট ডিটেকক্টিভৰ কাম কাজৰ কিছু প্ৰশিক্ষণো দিলে৷ তাৰে অংশ হিচাপে জি পি এচ(GPS) ব্যৱহাৰ  যোগে সঠিক ভাৱে গন্তব্য স্থানত উপস্থিত হোৱা, ডিচি টু এচি পাৱাৰ ইনভাৰটাৰ(DC to AC Power Inverter), বাইনকুলাৰ , বেটেৰী জাম্প ষ্টাৰটাৰ( Bettery Jump Sterter), কেন অফ ফিক্স ফ্লেট( A Can of Fix a Flat) অথবা টায়াৰ ৰিপেয়াৰ, মুনু পোড(Mono Pod),ত্ৰি পোড(Tri Pod),ভিডিঅকেমেৰা, মেমৰি কাৰ্ড, বেকআপ বা চেকেণ্ডেৰী ভিডিঅকেমেৰা, ভাৰ্ট কেমেৰা(Covert Cameras), অভাৰ নাইট বেগ, পাৱাৰ বেংক আদি  প্ৰতিকুল পৰিস্থিতিত আকস্মিক ভাৱে  ব্যৱহাৰ হোৱা  বস্তুৰ সন্দৰ্ভত ভাল দৰে শিক্ষা দিয়াৰ লগতে সেইবোৰৰ যোগান ধৰা হয়৷
বিভিন্ন ধৰণৰ প্ৰশিক্ষণবোৰ পোৱৰ পিছতআতংক সদস্যসকলৰ জীৱিকাৰ পথো মুকলি ল৷ তেওঁলোকৰ মাজৰ পৰাই বহুজনে প্ৰাইভেট ডিটেকটিভ, গাড়ী চালক, কম্পিউটাৰ শিক্ষক, মাৰ্শাল আৰ্টৰ প্ৰশিক্ষক আদিৰ চাকৰিত মকৰল ল৷ এনেদৰে চাকৰিত যোগদান কৰা যুৱকযুৱতী সকলে দক্ষতাৰে নিজৰ চাকৰি কৰি যোৱাৰ উপৰিওআতংক একোজন বিশ্বস্ত সক্ৰিয় সদস্য হিচাপেও কাম কৰি ল৷

জন জীৱনৰ গতি পথৰ তালত তাল মিলাই  সুৰত সুৰ মিলাইআতংক  নিৰ্বিঘ্নে আগুৱাই গৈ থাকিল৷ এসময়ত অসম মাতৃৰ নাম সমগ্ৰ দেশতে উজ্বলাই দিবলৈ সক্ষম হোৱা তীক্ষ্ন বুদ্ধিসম্পন্ন  ছাত্ৰ ধুনু আৰু জোনাকেআতংক আৰু অধিক শক্তিশালী কৰি গঢ় দিয়াৰ মানসেৰে নতুন ধৰণৰ প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগ কৰি কিছুমান কৌশল ৰচনাৰ পৰিকল্পনা কৰিলে৷ এই ক্ষেত্ৰত তেওঁলোকক সহায়ৰ হাত আগবঢ়ালে অলপতেআতংক সদস্য হোৱা আন্তৰ্জাতিক খ্যাতিসম্পন্ন প্ৰযুক্তিবিদ ° বৈষ্ণব ভঁৰালীয়ে৷   ধুনু আৰু জোনাকে গোপন  প্ৰযুক্তিবোৰৰ পৰিকল্পনা কৰি আৰু বাস্তৱ ৰূপ দি ° বৈষ্ণৱ ভঁৰালীয়ে৷ এই কামত অগ্ৰসৰ হওঁতে জোনাকে প্ৰথমে বিভিন্ন ধৰ্মপুথি আৰু প্ৰাচীন মন্ত্ৰপুথি পঢ়ে৷ তাৰ পিচত তেওঁ তাৰে পৰা কিছুমান প্ৰয়োজনীয় ধাৰণা লৈ সেইবোৰক  আধুনিক  প্ৰযুক্তি বিদ্যাৰ  দ্বাৰা সাকাৰ ৰূপ দি কিছুমান আচৰিত যেন লগা কাম কৰিব পৰা যায় নেকি চাবৰ বাবে ধুনুক বিচাৰ বিবেচনা কৰিবলৈ দিয়ে৷ উপযুক্ত বিবেচিত ধাৰণাবোৰৰ প্ৰযুক্তিগত ৰূপ দিয়াৰ মূল দায়িত্ব আহি পৰে শেষত ° বৈষ্ণৱ ভঁৰালীৰ ওপৰত৷

দাদা, এইবোৰৰ  বাস্তৱ ৰূপ দিয়াটো সম্ভৱপৰ বনে ?”

দিলৱাৰৰ প্ৰশ্নৰ উত্তৰত ° বৈষ্ণৱ ভঁৰালীয়ে কৈছিল, “এই পৃথিবীত সকলো সম্ভৱ৷ আদম আৰু ইভৰ যুগৰ পৰা এতিয়ালৈকে মানুহে পৃথিবীলৈ কিমান পৰিবৰ্তন আনিলে দেখিয়ে আছা৷ চেষ্টা কৰিলে আমি কিয় কিছুমান নতুন প্ৰযুক্তিগত কৌশল উদ্ভাৱন কৰি আচৰিত যেন লগা কাম কৰিব নোৱাৰিম ? ৰাছিয়াৰ বিজ্ঞানীসকলে মৃত ব্যক্তিক পুনৰ জীৱিত কৰাৰ প্ৰচেষ্টা চলাইছে আৰু…”

কি কৈছে দাদা ? মৃত ব্যক্তিক…?” দিলৱাৰে উচপ খাই উঠাৰ দৰে চিঞৰ মাৰি দিছিল৷

ওঁ, ইংলেণ্ডৰ মেট্ৰ’(Metro)কাকতত প্ৰকাশিত এক সংবাদ আনুযায়ী ৰাছিয়াৰ বিজ্ঞানীসকলে মৃত লোকৰ শৰীৰ ক্ৰায়ৌজেনিকেলি ফ্ৰিজিং(cryogenically freezing) কৰাৰ পিছত এদিনাখন পুনৰ প্ৰাণ সঞ্চাৰ কৰাৰ আশাত  ৰকেট যোগে মহাকাশলৈ নিয়াৰ পৰিকল্পনা কৰিছে৷ এই কামত প্ৰতিজন ব্যক্তিৰ বাবে খৰচ পৰিব দুইলাখ পঞ্চাশ হেজাৰ পাউণ্ড৷ আমি কৰিব বিচৰা গৱেষণামূলক  উচ্চ প্ৰযুক্তিগত চৰ্চাৰ বাবেও বুজন পৰিমাণৰ ধন ব্যয় কৰিব লগা ব৷° বৈষ্ণৱ ভঁৰালীয়ে কৈছিল৷

ধুনুৱে প্ৰত্যয়ভৰা চাৱনিৰে ° বৈষ্ণৱ ভঁৰালীলৈ দৃষ্টি নিক্ষেপ কৰি কৈছিল, “দাদা ধনৰ যোগাৰ আমি কৰিম , আপুনি মাথো কাম কৰি আগুৱাই গৈ থাকক৷

° বৈষ্ণৱ ভঁৰালীৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলতেই শস্ত্ৰ স্তম্ভন,ৰাক্ষকস্বৰূপ ধাৰণ,অদ্ভুতৰূপ ধাৰণ, চৌৰ গতি স্তম্ভন, ৰাতি  দিনৰ দৰে দেখা পোৱা আদি ভালেমান কেইটা  কৌশলৰ নতুন প্ৰযুক্তি উদ্ভাৱন কৰা হয়৷

কি দিলৱাৰ ? চুপ হৈ লি যে ? টোপনি লি নেকি?”

আতংক কাম-কাজবোৰৰ ক্ষীপ্ৰ উন্নয়নৰ কথা ভাৱি থাকি আত্ম বিভোৰ হৈ পৰা দিলৱাৰে যেন ধুনুৰ মাতত  সঁচাকৈ টোপনিৰ পৰা সাৰ পালে আৰু ঠট্মট্ খোৱাৰ দৰে ল৷

নাই, নাই ভাই , মইআতংক  সদস্যসকলৰ পাৰদৰ্শিতাৰ কথাই ভাৱি আছিলোঁ৷ মোৰ বিশ্বাস , ‘আতংক মোক সহায় কৰিব , অসমবাসীক ৰক্ষা কৰিব৷”  দিলৱাৰে লে৷

নিশ্চয় নিশ্চয় দিলৱাৰ , ইয়াৰ বাবেআতংকসদায় সাজো হৈ আছে৷ তই চিন্তা নকৰিবি৷ প্ৰণম্যবাণীৰ সাধক চৈয়দ আব্দুল মালিক দেৱে লিখি যোৱা কথাবোৰ আমি পাহৰি নাযাওঁ কাহানিও৷ মনত আছে চাগৈ তোৰ, সেই যে---

“অসমীয়া মৰা নাই অসমীয়া মৰা নাই   
কোনো কালে নোৱাৰে মৰিব
লুইতৰ সোঁতে ক’ব অতীতত ভূতে ক’ব                                   অসমীয়া চিৰঞ্জীৱী চিৰদিন জীৱ ৷৷”

গতিকে কথাবোৰ ভালদৰে আলোচনা কৰিম৷ তই আহ তেন্তে৷ধুনুৱে লে৷

******************

আজি মহাঅষ্টমী৷ পুৱাৰে পৰাই পূজাৰ ব্যস্ততা আৰম্ভ হৈ ল৷ নগৰ-চহৰৰ কিছুমান পথত যান-বাহনৰ চলাচল  নিষিদ্ধ কৰি দিয়া ল৷ অলিয়েগলিয়ে গঢ় লৈ উঠা দুৰ্গা পূজা মণ্ডপবোৰলৈ দৰ্শনাৰ্থী ৰাইজক শান্তিপূৰ্ণভাৱে আগুৱাই যোৱাৰ সুবিধা কৰি দিবৰ বাবে স্বেচ্ছাসেৱক বাহিনী সাজো হৈ ৰৈছে৷ ৰাইজৰ নিৰাপত্তাৰ প্ৰতি চকু ৰাখি সমগ্ৰ অসমৰ পূজা মণ্ডপসমূহতআতংক তৰফৰ পৰা নিজাববীয়াকৈ সদস্যসকলক স্বেচ্ছাসেৱকৰ ৰূপত নিয়োজিত কৰা হৈছে৷ প্ৰতি গৰাকী সদস্যকে সতৰ্ক কৰি দিয়া হৈছে যে চৰকাৰৰ গুপ্তচৰ বিভাগৰ পৰা গোপন সূত্ৰে পোৱা বাতৰি অনুসৰি অসমৰ বহুতো পূজা মণ্ডপত সন্ত্ৰাসবাদী অথবা ন্যস্ত স্বাৰ্থ জড়িত একাংশলোকে আগ্নেয়াস্ত্ৰৰে আক্ৰমণ কৰি ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে৷ কেৱল সেয়াই নহয়, ‘আতংক’ৰ একাংশ সদস্যক দৰ্শকৰ শাৰীত থাকি তেওঁলোকক সতৰ্ক হৈ চলিবলৈ আৰু অত্যধিক ভিৰ-ভাৰ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিবলৈ দায়িত্ব দিয়া হৈছে৷

ধুনু, জোনাক, চন্দন শৰ্মা ছাৰ, বৈষ্ণব ভঁৰালী , বিনীতা, নৱনীতা, নমিতা আৰু জীৱন তথাআতংক অন্য মুখ্য বিষয় ববীয়াসকলে সকলো ক্ষণতে পুলিচ বিষয়া দিলৱাৰ ৰহমানৰ লগত যোগাযোগ ৰক্ষা কৰি সকলো ঠাইৰ পৰিৱেশ-পৰিস্থিতিৰ বুজ লৈ থাকিল৷ তেওঁলোকে কেইবাটাও দলত বিভক্ত হৈ এঠাইৰ পৰা অন্য ঠাইলৈ গতি কৰি থাকিল৷

উত্তৰ লখিমপুৰ নগৰৰ এটা পূজা মণ্ডপৰ ওচৰ চাপি যোৱাৰ লগে লগে তাৰ পোহৰ বিন্যাসৰ চমৎকাৰ খেলা আৰু মণ্ডপৰ জাকজমকতা দেখি জীৱনে আত্ম বিভোৰ হৈ চাই ল৷

কিহে বলেন বোপা , ভেবা লাগি চাই লা যে৷ ডিউটি পাহৰি লা নেকি?” নৱনীতাই জীৱনৰ গাত হেচুঁকি দি লে৷ ফাঁচী বজাৰৰ পাইকাৰী বেপাৰীৰ ঘৰত বলেনৰ ভাও লৈ সুন্দৰ অভিনয় কৰা বাবে তাক লগৰীয়া বন্ধু-বান্ধৱী সকলে ধেমালিতেবলেনবুলিয়ে মাতে৷

নহয় চাই চাই কিমান টকা খৰচ কৰি এইখিনি কৰা হৈছে তাৰে আনুমানিক হিচাপ এটাহে কৰি আছিলোঁ৷জীৱনে লে৷

বহু লাখ টকা খৰচ হৈছে,” অনিতাই লে, “কোটি টকাও পাৰে, কাৰণ, কলিকতাৰ পৰা কলাকৌশলী আনি কামত লগোৱা হৈছে৷

ইমানবোৰ টকা খৰচ নকৰি দেৱীৰ পূজাত বন্তি এগছি প্ৰজ্বলন কৰি টকাবোৰ বানপীড়িতসকলৰ মংগলাৰ্থে ব্যয় কৰা লে অথবা এই বোকাময় ৰাস্তাটো মেৰামতি কৰা কামত ব্যয় কৰা হ’লে  কিমান ভাল কথা লহেঁতেন৷বিনীতাই লে৷

এৰা,এই পূজা ভাগতেই নহয়, অঘোষিত প্ৰতিযোগিতাৰ তাড়নাত পৰি নগৰবোৰৰ পূজা মণ্ডপবোৰৰ ব্যয়ৰ বাজেট  প্ৰতি বছৰে ইটোতকৈ সিটোৰ বেছি হৈ যাব ধৰিছে৷জীৱনে হুমুনিয়াহ কাঢ়ি লে৷

কি কৰিবা৷ মানুহৰ মন,জীৱনৰ ৰং ,এইবোৰ লৈয়ে জীৱনৰ না না সমস্যা আৰু দুখ-ভাগৰবোৰ মানুহে পাহৰি থাকিব খোজে”, নৱনীতাই লে৷

“টুইত টুইত টুইত……..৷”

হঠাৎ বিনীতাই তাইৰ সোঁহাতত পিন্ধি থকা ঘড়ী যেন দেখা অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত যন্ত্ৰটোৰ যোগে এক গোপন সংকেত পাই সষ্টম হৈ পৰিল আৰু লগে লগে সৰু যন্ত্ৰটোৰ এটা ক্ষুদ্ৰ বুটাম টিপি দিলে৷ তেতিয়া তেওঁলোকে প্ৰেৰণ কৰা সংকেত বিনীতাহঁতে পোৱা বুলি নিয়ন্ত্ৰণ কক্ষ নিশ্চিত হোৱাৰ উপৰিও বিনীতাৰ সৈতে যান্ত্ৰিক ভাৱে সংযোজিত সকলো সদস্যই সংকেতটো পালে৷ সৈনিক শিবিৰত জৰুৰী কালিন সংকেত ধ্বনি বাজি উঠাৰ লগে লগে যিদৰে সৈন্য সকল যুদ্ধৰ বাবে  তৎক্ষণাতে সাজো হৈ উঠে ঠিক তেনে দৰেই  সমগ্ৰ অসমৰে ‘আতংক’ৰ সদস্যসকল সজাগ্ হৈ পৰিল৷

ঠিক একে সময়তে অসমৰ সকলোবোৰ পূজা মণ্ডপৰে দবা শংখৰ ধ্বনি আকাশে বতাহে সিঁচৰিত হৈ গছ-বিৰিখৰ  পাতবোৰ কঁপাই তুলিলে৷

“ দূৰ্গা মাতা কি….”

“জয়…..”

“ মহিষ মৰ্দিনী কি…”

“জয়……”

“দুৰ্গতি নাশিনী কি …..”

“জয়……”

এয়াই আছিল ‘আতংক’ ৰ সদস্য সকলৰ বাবে ঐক্যবদ্ধ হৈ শত্ৰুক পৰাভূত কৰা বাবে কৌশল ৰচনাৰ অন্তিম ক্ষণৰ চৰম ধ্বনি৷ ইয়াৰ পিচতে আই অসমীৰ শত্ৰুৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হৈ গ’ল৷ প্ৰত্যেকে নিজ নিজ কৰ্তব্য পালন কৰি যাব ধৰিলে৷ অচিন অজনা শত্ৰুৰ ভয়ত নিজৰ ছাটোকে দেখি উচপ খাই উঠা সন্ত্ৰাসবাদীহঁতেনো উচ্চ প্ৰযুক্তি জ্ঞান সম্পন্ন বাহিনী এটাক আগ্নেয়াস্ত্ৰৰ ঝনঝননি কিমান সময় শুনাই থাকিব ? সেইবোৰ বিকল হ’বলৈ বেছি পৰ নালাগিল৷

**********

আজি মহানৱমী পূজাৰ দিন৷ বিগত দিনবোৰৰ দৰে অসমৰ আকাশত চকামকা ক’লা ডাৱৰৰ চপৰাবোৰ নাই৷ আজি শৰতৰ ফৰকাল আকাশখন পাই পুৱাৰ ৰাঙলী আকাশত সূৰুজে যেন স্বস্তিৰ নিশ্বাস পেলাই মিহিকৈ মিচিকিয়া হাঁহি মাৰি জগতখন তদাৰক কৰিবলৈ দুহাত মেলি আগুৱাই আহিছে৷

পুৱাতেই বাতৰি কাকতৰ হকাৰসকলে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি দিলে৷

‘তাজা খবৰ, তাজা খবৰ, আজিৰ দৈনিক কাকতৰ গৰম খবৰ, অসমৰ পূজা মণ্ডপসমূহক সন্ত্ৰাস বাদীহঁতে তেজেৰে ৰাঙলী কৰাৰ পৰা ৰক্ষা কৰিলে অসমৰ সুদক্ষ পুলিচ বিষয়া দিলৱাৰ ৰহমানে…….”

এজন হকাৰে ‘ৰাতি দিন অসম’ কাকতখন চন্দন শৰ্মা ছাৰৰ হাতত গোঁজি দিলে৷ ছাৰে ৰহস্যৰ প্ৰলেপ সনা মৌ মিঠা হাঁহি এটা মাৰি হকাৰজনক কাকতখনৰ মূল্য দিলে আৰু ওচৰতে থকা পাৰ্কখনৰ বেঞ্চখনত বহি বাতৰি কাকতখন মেলি ল’লে৷

“……….অসম চৰকাৰৰ গুপ্তচৰ বিভাগে বিশ্বস্ত সূত্ৰে খবৰ লাভ কৰে যে শ্ৰী স্ৰী দূৰ্গা পূজাৰ মহা অষ্টমীৰ দিনা, ওচৰ চুবুৰীয়া শত্ৰু ৰাষ্ট্ৰৰ পৰিকল্পনা অনুযায়ী সন্ত্ৰাসবাদীৰ এক বৃহৎ দলে একে  সময়তে অসমৰ বহুতো পূজা মণ্ডপত আগ্নেয়াস্ত্ৰৰে আক্ৰমণ কৰি পূজা স্থলীবোৰ নিৰীহ ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ তেজেৰে ৰাঙলী কৰিব৷ দুষ্ট চক্ৰৰ এই চক্ৰান্তক প্ৰতিহত কৰিবৰ বাবে অসম পুলিচৰ সুদক্ষ পুলিচ বিষয়া দিলৱাৰ ৰহমানক উৰ্ধতম কৰ্তৃপক্ষই দায়িত্ব অৰ্পণ কৰে৷ দিলৱাৰ ৰহমানৰ নেতৃত্বতে অসম পুলিচৰ লোকসকলৰ তৎপৰতাত আৰু ৰাইজৰ সহযোগিতাত অসমৰ সৰ্বমুঠ পোন্ধৰটা পূজা মণ্ডপত বোমা বিস্ফোৰণৰ প্ৰচেষ্টা চলোৱা পোন্ধৰজন সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সহযোগী অন্য বিশ জন অৰ্থ লোভী লোকক পুলিচে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ তেওঁলোকৰ পৰা ভালে সংখ্যক আগ্নেয়াস্ত্ৰ জব্দ কৰা হয়৷ এনে তৎপৰতাৰে ৰাজ্যখনৰ জণসাধাৰণৰ প্ৰাণ ৰক্ষা কৰা বাবে সকলোৱে এক মুখে পুলিচ বিষয়া দিলৱাৰ ৰহমান আৰু পুলিচৰ লোকসকলক ভূয়সী প্ৰশংসা কৰি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে৷ লগতে বিভিন্ন স্তৰৰ লোকে পুলিচ বিষয়া দিলৱাৰ ৰহমানৰ পদোন্নতিৰ দাবী কৰি উৰ্ধতম কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে…৷”

মনত সন্তোষ্টিৰ ভাৱ এটা লৈ বাতৰি কাকতখন সামৰি দূৰণিৰ পূজা মণ্ডপ এটাৰ মাইকত বাজি উঠা গানৰ  ৰিণিকি ৰিণিকি ভাহি অহা সুৰটো চন্দন শৰ্মা ছাৰে ভালদৰে কাণ পাতি শুনিলে৷

“জেই জেই সন্তোষী মাতা……….৷”

বাল্য কালৰ সোঁৱৰণী মনলৈ অহাৰ লগে লগে শৰ্মা ছাৰ নষ্টালজিক হৈ পৰিল৷

*********
বিঃ দ্ৰঃ অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী 'ৰহস্য'ৰ অক্টোবৰ,  ২০১৭  সংখ্যাত প্ৰকাশ পাইছে৷