Wednesday 22 July 2020

হেলেচ গছৰ তলত ভুতৰ চিঞৰ

বহু বছৰৰ আগৰ কথা।আমি তেতিয়া স্কুলীয়া ছাত্ৰ।আমাৰ গাৱঁৰ কাষেদি বৈ যোৱা চাৰিকড়ীয়া নৈত আমি সাঁতুৰিবলৈ আৰু নাও চলাবলৈ শিকিছিলোঁ।ভৰ বাৰিষা নৈখন ওফন্দি উঠে।দক্ষিণপাৰে থকা আমাৰ চাপৰিখন পানীত বুৰ যায়।এনে এক দিনতে কেইবাজনো সমনীয়াৰ সৈতে এখন টুলুঙা নাও লৈ চাৰিকড়ীয়া নৈ পাৰহৈ দক্ষিণ ফালৰ চাপৰিলৈ যাত্ৰা কৰিলোঁ।উদ্দেশ্য চাপৰিত থকা পকা মধুৰী,হেলেচৰ  গুটি খোৱা, ইকৰা খাগৰি আদি গছত লাগি থকা বনৰীয়া ভাত কেৰেলা চিঙি অনা আৰু কহুঁৱা, ইকৰা আৰু খাগৰি গছত ওলমি থকা টোকোৰা চৰাইৰ বাহৰ পৰা কণী সংগ্ৰহ কৰা।

প্ৰত্যেকে হাতে হাতে থকা বঠা-লগীৰ জোৰত আমাৰ টুলুঙা নাওখন বিজুলি বেগেৰে গতি কৰি চাপৰিত প্ৰৱেশ কৰিলে।সাপেখাটি বিলৰ পাৰ পোৱাৰ পিছত কহুঁৱা, ইকৰা আৰু নল-খাগৰিবোৰত ওলমি থকা হাজাৰ হজাৰ টোকোৰা চৰাইৰ বাহবোৰ দেখি আমি আনন্দত উদ্বাউল হৈ পৰিলোঁ।টোকোৰা চৰাইবোৰে এক উসৱমুখৰ পৰিৱেশত কোলাহল কৰি আত্মহাৰা হৈ আছিল।সিহঁতে আমাৰ উপস্থিতিক যেন কেৰেপেই নকৰি আত্মবিভুৰ হৈ থাকিল।আমি যেয়ে যিমান পাৰোঁ বাহবোৰৰ পৰা কণী সংগ্ৰহ কৰিলোঁ।

কিছু গৰম পৰিছিল।পকা হেলেচ খালে ভাল লাগিব।আমি কথাটো আলোচনা কৰি হেলেচ গছৰ তলৰ ফালে নাও ঘূৰাই আগুৱাই যাব ধৰিলোঁ।গছজোপাৰ তল পাবলৈ কিছুদূৰ থাকোঁতে ……” বুলি এক দিঘলীয়া উকি হেলেচ গছজোপাৰ তলৰ পৰা ভাঁহি অহা শুনিলোঁ।নাওখনৰ গতি হ্ৰাস কৰি আমি আটায়ে হেলেচ গছৰ তললৈ চালোঁ।চাই যিটোহে দেখিলো,সকলো ভয়ত পেপুৱা লাগিলো।কোনেও কাকো একো নোকোৱাকৈ প্ৰত্যেকে হাতৰ বঠা, লগী বাই বিপৰীত দিশলৈ নাও ঘূৰাই দ্ৰুতগতিত নাও চলাব ধৰিলোঁ।চাৰিকড়ীয়া নৈ পাৰ হৈ পাৰত নাওখন চপোৱাৰ পিচতহে যেন আমাৰ প্ৰাণ ঘূৰি আহিল।আমি বহুত বেছি ভয় খাইছিলোঁ।আমি আটায়ে জীৱনত প্ৰথম বাৰৰ বাবে ভুত দেখিলোঁ।হেলেচ গছজোপাৰ তলত থকা গছৰ মুঢ়াত বহি উকি মৰা সেই কিচকিচকৈ কলা ভুতটোৰ কথা মনত পৰিলে এতিয়াও গাৰ নোম ডাল ডাল হৈ পৰে।

-----------------সমাপ্ত---------------

গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ সিংহ আৰু মালধাৰীসকলৰ বিচিত্ৰ কথাবোৰ

গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান এচীয় প্ৰজাতিৰ সিংহৰ বাবে ৰাজ সাম্ৰাজ্য আৰু শিয়াল, হায়েনা ,নীলগাই, কেটেলা পহু আৰু শৰ-হৰিণা আদি অধিকাংশ বন্য জীৱ-জন্তুৰ লগতে মালধাৰী নামৰ এক জনজাতি  সম্প্ৰদায়ৰ লোকৰ বাবে আদৰ্শ বাসস্থান।১৯৬৫ চনত এই অৰণ্য ভূমিক গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্য প্ৰাণী অভয়াৰণ্য বুলি ঘোষণা কৰা হয়এই অভয়াৰণ্যৰ সৰ্বমুঠ মাটি কালি ১৪১২বৰ্গ কিলোমিটাৰ(৫৪৫ বৰ্গ মাইল)।ভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু গছ-গছনিৰ অপূৰ্ব সুন্দৰ শোভাই মন মুহি পেলোৱা ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰতি বছৰে কোটি টকা মূল্যৰ সেঁজীয়া ঘাঁহকাঠ আদি উৎপন্ন হয়। দেশী-বিদেশী পৰ্যটকৰ বাবে এই গিৰ অভয়াৰণ্যৰ মূল আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈছে এচিয়াটিক সিংহ

সিংহ হল বাঘৰ পিচতেই জীৱিত মেকুৰী জাতীয় প্ৰাণীৰ ভিতৰত দ্বিতীয় বৃহত্তম প্ৰাণী।বৰ্তমান আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চল আৰু এচিয়াত(একমাত্ৰ ভাৰতৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত)বন্য সিংহ পোৱা যায়, বাকী উত্তৰ আফ্ৰিকা আৰু দক্ষিণ পশ্চিম এচিয়াৰ সিংহবোৰ ঐতিহাসিক সময়তেই বিলুপ্ত হৈ গল বুলি কোৱা হয়।আজিৰ পৰা প্ৰায় ১১,৭০০ বছৰৰ আগৰ প্লেষ্ট‌'চিন(The Plestocene) যুগৰলৈকে সিংহবোৰ আছিল মানুহৰ পাছতেই আটাইতকৈ বেচি বিস্তাৰিত বৃহৎ স্তন্যপায়ী স্থলচৰ প্ৰাণী।ইহঁতক আফ্ৰিকাৰ অধিক অঞ্চল, পশ্চিম ইউৰোপৰ পৰা ভাৰতলৈকে ইউৰেচিয়া আৰু ইউক্ৰেইনৰ পৰা পেৰু পৰ্যন্ত আৰু আমেৰিকাত দেখা পোৱা গৈছিল।তেনে সিংহ এতিয়া একপ্ৰকাৰৰ বিপন্ন প্ৰাণী।

অৰণ্যত মতা সিংহ কেতিয়াবা ১০ৰ পৰা ১৪ বছৰ পৰ্যন্ত জীৱাই থাকে, প্ৰভূত্ব বিস্তাৰৰ বাবে ইহঁতৰ নিজৰ মাজত হোৱা দন্দবোৰত পোৱা আঘাতে ইহঁতৰ জীৱনকাল হ্ৰাস কৰে।অন্যথা ইহঁত ২০ বছৰ পৰ্যন্ত জীৱাই থাকিব পাৰে।সিংহবোৰ সাধাৰণতে উষ্ণমণ্ডলীয় ঘাঁহনি পথাৰ আৰু তৃণভূমিত বাস কৰে, যদিও ইহঁতক জোপোহা আৰু অন্যান্য অঞ্চলতো পোৱা যায়।অন্য মেকুৰীজাতীয় জন্তুৰ ভিতৰত সিংহবোৰেই একমাত্ৰ সামাজিক প্ৰাণী।সিংহৰ এটা জুমত সম্বন্ধীয় মাইকী, সিহঁতৰ সন্তান আৰু কেইটামান মতা সিংহ থাকে।সাধাৰণতে সিংহই মানুহৰ চিকাৰ নকৰে, কিন্তু কেতিয়াবা কিছুমানে কৰে।ইহঁতে প্ৰধানকৈ দিনৰ ভাগত শুৱে, প্ৰাথমিকভাৱে সন্ধ্যা আৰু পুৱতি নিশা সক্ৰিয় হয।সিংহৰ উচ্চস্তৰৰ লিংগীয় বৈষমতা আছে, কেশৰৰ দ্বাৰা মতাবোৰক সহজে চিনাক্ত কৰিব পাৰি।মানৱ সংস্কৃতিত সিংহৰ মুখাবয়বৰ ছবিৰ বহুল ব্যৱহাৰ কৰা হয়ভাস্কৰ্য, চিত্ৰকলা, ৰাষ্ট্ৰীয় পতাকা আৰু চলচিত্ৰ তথা ধৰ্ম, সাহিত্য আদি ক্ষেত্ৰতো ব্যৱহৃত হয়।হিন্দু ধৰ্মমতে, ভগৱানৰ দশ অৱতাৰৰ ভিতৰত নৰসিংহ ৰূপ ধাৰণ কৰাটোও আছিল অন্য এক অৱতাৰ।নৰসিংহই অহঙ্কাৰী তথা বিধৰ্মী ৰজা হিৰণ্যকশিপুৰক কোলাত শুৱাই লৈ নখেৰে আঁচোৰি পেট ফালি বধ কৰিছিল। সেয়ে কাঠেৰে নিৰ্মাণ কৰা হিন্দু ধৰ্মৰ গুৰু আসনতো সিংহই স্থান পাইছে।

গিৰত মতা সিংহ আৰু মাইকী সিংহই একেলগে জুম বান্ধি নাথেকে।এচিয়টিক সিংহৰ মতা আৰু মাইকীৰ জুম বেলেগ বেলেগ।আফ্ৰিকাৰ সিংহবোৰেহে মতা আৰু মাইকী একেলগে জুম বান্ধি থাকে।একোটা মতা সিংহই বৃহৎ অঞ্চল নিজৰ দখলত ৰাখে আৰু সেই অঞ্চলত থকা মাইকী সিংহৰ সৈতে মিলন ঘটায়।মতা সিংহবোৰে লগ লাগি ডাঙৰ হোৱা মতা পোৱালিবোৰক মাকবোৰে কৰা আপত্তি সত্বেও মাইকী সিংহৰ জুমৰ পৰা খেদি পঠায় আৰু খেদা খোৱা মতা পোৱালিবোৰে নতুন দল গঠন কৰি বয়োজ্যেষ্ঠসকলৰ দখলত থকা এলেকাৰ বাহিৰত থাকিবলৈ লয়।অন্য ঠাইৰ পৰা বেলেগ মতা সিংহ আহিলে জুমৰ মতা সিংহবোৰে খেদি পঠিয়াবৰ বাবে যুঁজ বাগৰত লিপ্ত হয়।মাইকী সিংহবোৰে লগলাগি ডাঙৰ আকাৰৰ খুৰাষুক্ত স্তন্যপায়ীৰ চিকাৰ কৰে।সকলোতকৈ প্ৰভাৱশালীটোৱে খোৱাৰ পিচত প্ৰভাৱশালীতাৰ অধিক্ৰম অনুযায়ী আনবোৰে এটা এটাকৈ ভক্ষন কৰেএদিন পেট পূৰাই খাবলৈ পালে দুদিন মানলৈ সিংহই নোখোৱাকৈ থাকিব পাৰে।আমি সকলোবোৰ সিংহকে একে দেখিলেও, মাটি-বালিত সিংহই এৰি যোৱা পদ চিহ্নবোৰ একেই দেখিলেও সিংহৰ ওপৰত গৱেষণা কৰি থকা শিক্ষাৰ্থী তথা অন্যন্য গৱেষকসকলে কিন্তু তাৰ মাজতে পাৰ্থক্য বিচাৰি পায়।তেওঁলোকৰ মতে, মানুহৰ মুখাবয়ববোৰ যিদৰে ইজনৰ লগত সিজনৰ মিল নাথাকে ঠিক সেইদৰেই এটা সিংহৰ লগত আনটো সিংহৰ মুখাবয়বৰ মিল নাথাকে আৰু সেইদৰেই মতা সিংহ আৰু মাইকী সিংহৰ পদ চিহ্নৰো পাৰ্থক্য আছে।পদ চিহ্নলৈ লক্ষ্য ৰাখিয়েই কোনো এক পথেদি গুচি যোৱা সিংহৰ বয়স, সংখ্যা আৰু লিংগ নিৰূপণ কৰিব পাৰি।

গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰহৰীসকলে অহৰ্নিশে তাৰ সিংহ আৰু অন্যান্য জীৱ-জন্তুবোৰৰ গতিবিধিৰ ওপৰত নজৰ ৰাখি থাকে।তেওঁলোকে হাতত পাঁচফুট মান দীঘল আৰু অলপ শকত লাঠী একোডাল লৈ ফুৰে। লাঠীডালৰ আগত সৰু কুঠাৰ একোখন থাকে।প্ৰয়োজনত কাঁইটীয়া হাবিৰ মাজেৰে যাওঁতে সেইখনৰে বাট মোকোলাই আগুৱাই যায়লাঠীডাল দেখিলে সিংহই ভয় কৰে আৰু আক্ৰমণ কৰিবলৈ আগুৱাই নাহে। কেতিয়াবা যদি সিংহই খেদিও আহে তেন্তে ভয় নকৰি সিংহক আঘাত নকৰাকৈ লাঠী জোকাৰি নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিব পাৰিলেই মানুহজনক তাতকৈ বলৱান বুলি ঠাৱৰ কৰি সিংহ পলাই যায়, কিন্তু ভয় কৰি পলাব খোজাজনক আক্ৰমণ কৰে।

গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ মিতীয়ালাত এক প্ৰাচীন ৰাজপ্ৰাসাদ আছেপোন্ধৰশ শতিকাতে ৰাজপ্ৰাসাদটো নিৰ্মাণ কৰা হৈছিল।বৰ্তমানৰ গিৰ ৰাষ্ট্ৰীয় ৰ্উদ্যানৰ অৰণ্য ভূমি এসময়ত বৃটিছৰ ভাৰতত শাসন কালত ইংৰাজসকলৰ বাবে আছিল চিকাৰ স্থলি।সেই সময়ত বাঘ-সিংহ চিকাৰ কৰাটো আছিল এক গৰ্বৰ বিষয় তথা সন্মানৰ কথা। ৰাজ্যসমূহৰ শাসকসকলে বৃটিছ ঔপনিবেশবাদীসকলক চিকাৰ অভিযানৰ বাবে আমন্ত্ৰণ জনাইছিল।আনকি সেই সময়ৰ ৰজাসকলৰ মাজত সিংহ নিধনৰ প্ৰতিযোগিতাও চলিছিল।যিজন ৰজাই যিমান ডাঙৰ সিংহ বধ কৰিব পাৰিছিল সেই অনুপাতে সন্মান আৰু খিতাপ লাভ কৰিছিল। এই কথাৰ সত্যতাৰ প্ৰমাণ স্বৰূপে মিতীয়ালা সংৰক্ষিত অভয়াৰণ্যৰ মাজত থকা এই ৰাজপ্ৰাসাদত(বৰ্তমান আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় হিচাপে ব্যৱহৃত হৈ আছে)বৰ্তমানো দৈৰ্ঘ্যতা মাপ নিৰূপক চিহ্নসহ এক পকী মজিয়া সংৰক্ষিত হৈ আছে যত মৃত চিকাৰবোৰৰ দৈৰ্ঘ নিৰূপণ কৰা হৈছিল।এনে কাৰ্যৰ পৰিণতি স্বৰুপে ১৯ শতিকাৰ শেষৰ ফাললৈ মাত্ৰ এক দৰ্জনমান এচিয়াটিক সিংহ ভাৰতত বাকী থাকিছিল, সকলোবিলাক আছিল জুনাগড়ৰ নবাবৰ ১৯ শতিকাত সম্ভ্ৰমজনক ব্যক্তিগত চিকাৰ স্থলি বুলি জনাজাত গিৰ অৰণ্যৰ এটা অংশত। নবাবৰ তৎপৰতাত সিংহ নিধন পৰ্বৰ সমাপ্তি ঘটিল।পিচত নবাবৰ পুত্ৰ নবাব মহম্মদ মহাবত খান তৃতীয়ই সিংহ সংৰক্ষণ কামত আগভাগ লয়।

গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত এলেকাৰ ভিতৰৰ বনভূমিত একপ্ৰকাৰৰ ব্যতিক্ৰমী শুভ্ৰ পোছাক পৰিধাণকাৰী লোকে হাতত এডাল শকত লাঠী লৈ জাক জাক গৰু,,ছাগলী আৰু ভেৰা আদি চৰাই থকা দেখা যায়।এই লোকসকলক মালধাৰীবোলা হয়।গুজৰাটী ভাষাৰ শব্দগত অৰ্থ অনুযায়ী মাল মানে জীৱ-জন্তু আৰু ধাৰী শব্দৰ অৰ্থ হল প্ৰতিপালক বা অভিভাৱক।এতেকে মালধাৰীসকলক জীৱ-জন্তু পালন কৰোঁতা লোক বুলিব পাৰি।অতীজতে তেওঁলোক ৰাজস্থানৰ লোক আছিল বুলি জনা যায়। তেওঁলোক নিৰামিষ ভোজী।মালধাৰীসকল কোনো এটা ধৰ্ম বা জাতিৰ লোক নহয়।তেওঁলোকৰ মাজত হিন্দু, মুছলমান দুয়োটা ধৰ্মৰ লোক তথা বিভিন্ন জাতিৰ লোক আছে।তেওঁলোক অতি সাহসী আৰু গিৰ অঞ্চলৰ অৰণ্য ভূমিত সিংহৰ আক্ৰমণ প্ৰতিৰোধ কৰি এচিয়াটিক বনৰীয়া সিংহৰ সৈতে সমিলমিলেৰে থাকি ম, গৰু আৰু ভেড়া-ছাগলী আদি প্ৰতিপাল কৰি অতি সাধাৰণ ভাৱে জীৱন অতিবাহিত কৰপ্ৰাপ্ত তথ্য অনুযায়ী,গিৰ ৰাষ্ট্ৰীয় উদ্যানত ২০১৫ চনত ৫২৩টা সিংহ আছিল আৰু পৃথিবীৰ বিলুপ্তি প্ৰায় এই প্ৰাণী বিধৰ সংখ্যা বৃদ্ধি পাই ২০১৮ চনত ৬০০ হোৱাটো এক ভাৱিব নোৱাৰা কথা।সিংহৰ এনে জনসংখ্যা বৃদ্ধিৰ বাবে গিৰৰ অৰণ্য ভূমিত সিংহৰ সৈতে সহবাস কৰি অহা মালধাৰী জনজাতিকেই কৃতিত্ব দিব লাগিব।ভাৰতৰ বন্য প্ৰাণী প্ৰতিষ্ঠানৰ এক অধ্যয়নৰ মতে, সিংহ আৰু মালধাৰীলোকসকলে পৰস্পৰৰ সহযোগিতাৰ বাতাৱৰণত(a win win situation)বসবাস কৰেসিংহবোৰৰ প্ৰতিদিনৰ খাদ্যৰ অধিকাংশ মালধাৰীসকলে প্ৰতিপালন কৰা জীৱ-জন্তুৰ পৰাই আহে।সিংহই বধ কৰা জন্তুবোৰ প্ৰায়ভাগ সময়ত মালধাৰীসকলৰ বাবে কোনো ধৰণৰ কামত নহা বা অলাগতীয়াল(বৃদ্ধ অথবা মৃতপ্ৰায়)হয়সেয়ে মালধাৰীসকলে সিংহক তেওঁলোকৰ বাবে ভাবুকি বুলি গণ্য নকৰে।ইয়াৰ ফলস্বৰূপে মালধাৰীসকলে সিংহৰ সৈতে সংঘাত এৰাই চলি কোনো ভয় নোহোৱাকৈ নিৰাপদে সম্পদ আহৰণৰ বাবে অৰণ্য মুক্তভাৱে বিচৰণ কৰিব পাৰে

এটা সময়ত গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত বাস কৰা মানুহ আৰু বন্য জীৱ-জন্তুৰ মাজত সংঘাত বৃদ্ধি পোৱাত এচিয়াটিক সিংহ গিৰ বন্য-প্ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা বাহিৰলৈ গৈ সিঁচৰিত হৈ বসবাস কৰিবলৈ লোৱাত শ শ মালধাৰী লোকক(গিৰ অভয়াৰণ্যৰ গতানুগতিক বাসিন্দা)১৯৮০ চনৰ চৰকাৰৰ পুণৰ সংস্থাপনৰ আঁচনিৰ সুবিধা দি অৰণ্যৰ বাহিৰত থাকিবলৈ দিয়া হৈছিল।তেওঁলোকে যোৱা দুটা দশকৰ ভিতৰতে পুনৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যৰ মাজলৈ সোমাই আহিছে।চৰকাৰৰ বন বিভাগৰ হিচাপ অনুযায়ী প্ৰায় ৪৫০ টা পৰিয়াল এতিয়া অভয়াৰণ্যৰ ভিতৰত বসবাস কৰি আছে।ইয়াৰে সৰহ  ভাগ পৰিয়ালে চৰকাৰী আঁচনিৰ সুবিধা পাইছিল আৰু এতিয়া পুনৰ ঘূৰি আহিছে।এটা হিচাপ মতে, দুটা দশকৰ ভিতৰত প্ৰায় ২০০০ মালধাৰীলোক গিৰ অভয়াৰণ্যলৈ ঘূৰি আহিছে।তেওঁলোকৰ বহুতে চৰকাৰে দিয়া ভূমি বিক্ৰী কৰি আহিছে।ইয়াৰ অন্তৰালৰ অজুহাত আছিল এয়ে যে চৰকাৰে তেওঁলাকক দিয়া ভূমি পাহাৰীয়া আৰু শিলাময় আছিল বাবে তাত খেতি কৰিব পৰা নাছিল আৰু ঘাঁহ-বনৰ অভাৱত জীৱ-জন্তুও পালন কৰিব পৰা নাছিল।আচলতে বৰ্তমানো শিক্ষাৰ ক্ষেত্ৰত পিচপৰি থকা বাবে বৈজ্ঞানিক পদ্ধতিৰে লাভজনকভাৱে পশু পালন বা কোনো স্থানত স্থায়ী ভাৱে বসতি কৰি আধুনিক প্ৰযুক্তি প্ৰযোগ কৰি তেওঁলোকে কৃষি কাৰ্যও চলাই যাব পৰা নাই।তেওঁলোকে নিজৰ নেছত(তেওঁলোকৰ গাওঁবোৰক Ness বুলি কোৱা হয়) অস্থায়ী ভাৱে কিছুদিন থাকে আৰু কিছুমান সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ অন্য কোনো দূৰণি ঠাইৰ নেছত থাকিবলৈ গুচি যায়।দৌৰি ফুৰা কেঁকোৰাৰ তেল নোহোৱাৰ দৰে মালধাৰীসকলো আৰ্থিকভাৱে দুৰ্বল হৈ পৰে।পিচে অতি সাধাৰণ ভাৱে থাকিও সোণ ক্ৰয়ত মালধাৰীসকলে ধন বিনিয়োগ কৰে বুলিও বহুতে কয়।

বহুবছৰ ধৰি যুঁজ-বাগৰ চলি বন ৰজাই সততে পৰাজিত হব লগীয়াত পৰি বগা পোছাক পৰিহিত মালধাৰী সকলক দেখা পালে ভয়তে সিংহই পলাই ফাট মাৰে।পিচলৈ সিংহবোৰে আনকি যিকোনো বগা বস্ত্ৰ পৰিধানকাৰী লোকলৈয়ে ভয় কৰা হল।তথাপিও মালধাৰীয়ে চৰাবলৈ লৈ যোৱা মহজাকৰ আগে আগে এহাল গৰুক যাবলৈ দিয়ে।শালৰ মাজত শিঙীৰ দৰে হলেও সিহঁতে আত্মঘাতী বোমাৰুৰ দৰে কাম কৰে।অৰণ্যৰ মাজলৈ সোমাই যাওঁতে ভোকাতুৰ বাঘ-সিংহই সমুখত গৰু হাল দেখা পাই সিঁহতকে বধ কৰি ভক্ষণ কৰে আৰু উদৰ পূৰ কৰে।ইয়াৰ ফলত মালধাৰীসকলৰ গৰুতকৈ অত্যধিক মূল্যবান মহৰ জীৱন ৰক্ষা পৰে।শিং পাক খোৱা সুন্দৰীনামৰ জাফৰাবাদী সঁচৰ মহবোৰে যথেষ্ট পৰিমাণৰ গাখীৰ দিয়ে বাবে বজাৰ মূল্য বহুত বেছি। গাখীৰ বেছিকৈ দিয়া আৰু শিং বেছকৈ পাক খোৱা সুন্দৰীৰ দাম এক লাখ টকালৈকে উঠে।সেয়ে মালধাৰীসকলে অতীজৰে পৰা মহৰ জাকৰ আগত গৰুক স্থান দি আহিছে। অৱশ্যে,তললৈ ওলমি পৰি থকা দীঘল কাণৰ গিৰগাইবোৰ কিন্তু দামী।

খৰাং বতৰত গছ-বিৰিখৰ পাত সৰি টকলা হলে, ঘাঁহ-বন শুকাই নিঃশেষ হলে জীৱ-জন্তু বোৰক মালধাৰীসকলে ঘাঁহ-বন পুনৰ গজি উঠা দিনৰলৈকে জীয়াই ৰখাটো কঠিন হৈ পৰে।জীৱ-জন্তু কেইটিৰ বাবে এক কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি তেওঁলোকে এই সমস্যাৰ সমাধান কৰে।অৰ্থাৎ, ধনৱান কৃষকে নিজৰ বৃহৎ ফাৰ্মত ইতিপূৰ্বে প্ৰস্তুত কৰি ৰখা ঘাঁহনিৰ ঘাঁহ-পানী খুৱাই জীৱ-জন্তুবোৰৰ প্ৰাণ ৰক্ষা কৰে আৰু তাৰ বিনিময়ত কঠোৰ পৰিশ্ৰম কৰি বিনা বেতনত ফাৰ্মৰ মালিকৰ খেতিৰ কাম সম্পূৰ্ণ কৰি দিয়ে। এই দৰেই মালধাৰীসকলে এক প্ৰকাৰৰ অঘৰী জীৱন যাপন কৰে।

অলপতে গুজৰাট চৰকাৰে ভাৰতীয় বন্য প্ৰাণী প্ৰতিষ্ঠানৰ অত্যাধুনিক কেমেৰা ট্ৰেপিং পদ্ধতিৰ গণনাক নস্যা কৰি পূৰ্ণিমাৰ জোনাকত মানুহে ২৪ ঘন্টাৰ ভিতৰত গন্তি কৰা অবৈজ্ঞানিক তথা গতানুগতিক পদ্ধতিৰেই সিংহৰ পিয়ল পৰ্ব সমাধা কৰি ২০১৫ চনৰ ৫২৩ টাৰ ঠাইত বৰ্তমান ৬৭৪ টা সিংহ আছে বুলি ঠাৱৰ কৰিছে।অত্যাধুনিক পদ্ধতিৰে ব্যাঘ্ৰ প্ৰকল্পৰ পিয়ল সমাধা কৰি গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভূক্তি কৰিবলৈ সমৰ্থ হোৱা বন্য প্ৰাণী বিশেষজ্ঞসকল গুজৰাট চৰকাৰৰ এনে কাৰ্যত হতভম্ব হৈছে।গিৰ ৰাষ্ট্ৰীয় উদ্যানত সিংহৰ ওপৰত গৱেষণাৰ কাম কৰিবলৈ আগ্ৰহী বন্যপ্ৰাণী গৱেষকসকলকো তাৰ বনবিভাগে সহযোগ কৰিব নোখোজা বুলি মন্তব্য কৰি আহিছে।

সিংহৰ বৰ্ধিত জনসংখ্যা অনুপাতে গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যত সিংহৰ বিচৰণ স্থলিৰ যাতে অভাৱ নহয় সেয়াহে মনোযোগ দিব লগীয়া কথা।ৰাজনৈতিক প্ৰভাৱ খটুৱাই বা অন্য ধৰণে অভয়াৰণ্যৰ ভূমি বেদখলৰ কবলত পৰা বুলি স্থানীয় অনেক সচেতনলোকে মত প্ৰকাশ কৰি আহিছে।এনেকুৱা লে সিংহ অথবা অন্যান্য জীৱ-জন্তুৰ বিচৰণ ভূমিৰ অভাৱৰ ফলত্ জন্তু মানৱৰ বৰ্ধিত সংঘাতে বিপদ চপাব।আমাৰ গুৱাহাটী মহানগৰীত বন্য হস্তী, বাঘ আৰু হৰিণ আদিয়ে মুক্ত বিচৰণ কৰাদি সিংহইও সৌৰাষ্ট্ৰৰ নগৰ-চহৰত মুক্ত বিচৰণ কৰিব যে তাৰ কোনো নিশ্চয়তা নাই।তাৰোপৰি, ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে চলা কিছুমান নিৰ্মাণ কাৰ্যৰ ফলত এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ গতি কৰিব নোৱাৰি সিংহ আৰু অন্য জীৱ-জন্তুবোৰে ওচৰ-পাজৰৰ গাঁওবোৰত সঘনাই প্ৰৱেশ কৰা বুলি বহুলোকে ব্যক্ত কৰে।কিছুমান অসৎ লোকে গাঁৱত প্ৰৱেশ কৰা সিংহক ধনৰ বিনিময়ত উৎসুক দৰ্শনাৰ্থীক দেখুৱাবৰ বাবে গৰু-ছাগলি আদি জন্তুৰ মৃতদেহ সুবিধাজনক ঠাইত ভক্ষণ কৰিবলৈ দিয়ে, অথবা হাবিৰ মাজত শুই বিশ্ৰাম কৰি থকা সিংহৰ গালৈ শিল আদি দলিয়াই সিংহবোৰক উঠাবলৈ চেষ্টা কৰে।এনে কাৰ্যই সিংহৰ ক্ষতি সাধন কৰে।অনবৰতে মৰাশ খাবলৈ পাই থাকিলে সিংহৰ নৱ প্ৰজন্মই হয়তু চিকাৰ কৰিবলৈকে নিশিকিব পাৰে। এই কথা যে সত্য সেয়া কিছুদিনৰ পূৰ্বে প্ৰকাশিত বাতৰিয়ে পোহৰলৈ আনিছে।বাতৰি অনুযায়ী বিগত বৰ্ষত ৰোগত আক্ৰান্ত হোৱা চিকিৎসাধীন ২৬ টা সিংহ আৰোগ্য হৈ উঠিছে যদিও সিঁহতে চিকাৰ কৰিব নজনা হৈ পৰাত এক সমস্যাৰ সৃষ্টি হৈছে।লগতে আৰোগ্য হোৱা পাঁচোটা পোৱালি সিংহই মাকহঁতৰ পৰা চিকাৰ কৰা বিদ্যা অলপো লাভ নকৰাৰ পৰিপেক্ষিতত অৰণ্যত স্বাভাৱিক ভাৱে জীয়াই থকা সম্ভৱ নহব হেনো।অন্যহাতে, স্বাভাৱিকতে সিংহই মানুহক আক্ৰমণ নকৰে যদিও গালৈ শিল দলিযাই বিৰক্ত কৰা বাবেই সিংহ মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈ বহু ঠাইত অনেক দুৰ্ঘটনা ঘটা বুলি কোৱা শুনা যায়।সময়ে সময়ে দুৰ্জন লোকে সিংহৰ ওপৰত অত্যাচাৰ চলোৱা কিছুমান ভিডিঅসামাজিক মাধ্যম যোগে সম্প্ৰচাৰিত হৈ থাকে।চৰকাৰ তথা বনবিভাগে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি এনে দুষ্কা্ৰ্য বন্ধ কৰা উচিত।

গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যই প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে অনেকলোকক সংস্থাপন দিছে আৰু গুজৰাট চৰকাৰৰ আৰ্থিক অৱস্থা টনকীয়াল কৰাত সহায় কৰিছে।সেয়েহে গুজৰাটৰ ৰাজনৈতিক নেতাসকলে সিংহক একান্ত ভাৱে গুজৰাটৰেই সম্পদ কৰি ৰাখিব খোজে।মাজে-সময়ে গিৰ ৰাষ্ট্ৰীয় উদ্যানত অচিন ৰোগত আক্ৰান্ত হৈ সিংহৰ অস্বাভাৱিক ভাৱে হোৱা মৃত্যুৰ বাতৰি শুনি সিংহৰ বিলুপ্তি ঘটিব বুলি বন্যপ্ৰাণী বিশেষজ্ঞ আৰু প্ৰকৃতিপ্ৰেমীসকল উদ্বিগ্ন হৈ পৰি সিংহৰ দ্বিতীয় বাসস্থানৰ সন্ধানত নামি পৰে। ১৯৯০ চনতে এচিয়াটিক সিংহৰ দ্বিতীয় বাসস্থান হিচাপে মধ্য প্ৰদেশৰ কুন অভয়াৰণ্যক (Kuno Wildlife Sanctuary) বৈজ্ঞানিকসকলে নিৰ্বাচন কৰিছিল।কিন্তু এই সন্দৰ্ভত চলা দীৰ্ঘ দিনৰ বিতৰ্কৰ পিচত ১৯৯৭ চনত তদানিন্তন গুজৰাটৰ মুখ্যমন্ত্ৰী শংকৰসিনহা বাঘেলাই সিংহৰ স্থানান্তৰকৰণক গুজৰাটৰ এক মৰ্যদা সূচক সমস্যা হিচাপে স্বীকৃতি দি মন্তব্য কৰে যে গুজৰাটৰ পৰা এটা সিংহৰ পোৱালিও আনকি অন্য ৰাজ্যলৈ নিবলৈ দিয়া নহব।নানা বাদ-বিবাদৰ অন্তত ২০১৩ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে সিংহৰ স্থানান্তৰ প্ৰক্ৰিয়াৰ বাবে সেউজ সংকেত দিয়াৰ পিচতো অদ্যপি সেই কাম হৈ উঠা নাই। ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হৈ অচিন সংক্ৰমিত ৰোগত কোনো ঠাইত এটাও যদি সিংহৰ মৃত্যু ঘটে তেন্তে তাৰ পৰা সোঁচৰি গিৰৰ সকলোবোৰ সিংহৰ মৃত্যু ঘটিব পাৰে, যি ঘটনা এবাৰ আফ্ৰিকাত ঘটিছিল।তাৰোপৰি, জলবায়ু পৰিবৰ্তনেও কোনো এখন ঠাইত থকা সিংহৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰো সম্ভাৱনা থাকে। সেয়েহে, পৰ্যটকক আকৰ্ষিত কৰি পৰ্যটন উদ্যোগক উজ্জীৱিত কৰি ৰখা উদ্দেশ্যক অগ্ৰাধিকাৰ দি কেৱল গুজৰাটতে সিংহক আবদ্ধ কৰি নাৰাখি ওচৰ-চুবুৰীয়া ৰাজ্য, দেশ অথবা বিশ্বৰ আন কোনো সুবিধাজনক ঠাইলৈ অতিৰিক্ত সিংহৰ স্থানান্তৰকৰণ ঘটোৱা উচিত যাতে ধৰাতলৰ কোনোবা ঠাইত সিংহৰ জীৱন বন্তি চিৰকাল প্ৰজ্বলিত হৈ থাকে।
---------------সমাপ্ত--------------  

Monday 20 July 2020

কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে অসমৰ জনগণক বানপানীত ডুবি মৰিবলৈ দিছে

বিগত বছৰবোৰৰ দৰে এইবছৰো অসমত বানপানী হৈছে।কমেও ২৬ খন জিলাৰ লাখ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে।বান আৰু গৰাখহনীয়াই কৃষকৰ ঘৰ-দোৱাৰ আৰু খেতি পথাৰ সকলো এফালৰ পৰা তচনচ কৰি গৈছে।মানুহ মৰিছে, ঘৰুৱা জীৱ-জন্তু মৰিছে আৰু মৰিছে অলেখ বন্যপ্ৰাণী।এই দুৰ্যোগৰ খবৰবোৰ বাতৰি কাকত, টি ভি চেনেল আৰু সামাজিক মাধ্যমত সম্প্ৰচাৰ হৈ আহিছে আৰু অনেক জনপ্ৰতিনিধিয়ে নিজৰ সমষ্টিৰ কৰুণ দৃশ্যবোৰ দেশ বিদেশৰলোকৰ দৰে আৰামী চোফাত বহি চাইছে।অসমৰ বানপানীৰ ভয়াবহ দৃশ্য দেখি হৃদয়বান বিদেশীলোকৰ অনুকম্পা জাগি উঠি সহায়ৰ হাত আগ বঢ়াইছে।এনে সময়তো বহুতো জনপ্ৰতিনিধি নিৰ্বিকাৰ হৈ আছে। বানপানীহে হৈছে, মহামাৰীহে হৈছে, অসমত নিৰ্বাচনতো হোৱা নাই যে কোনোবা দিল্লী দিছপুৰৰ পৰা উৰা মাৰি আহি জনগণৰ কাষত থিয় দিব?ৰাইজে বুজি পাইছে যে বিপদৰ সময়ত ইজনে সিজনক সহায় নকৰিলে জীয়াই থকাৰ কোনো উপায় নাই।জাত-পাত, ধৰ্ম এইবোৰ বানপানী আৰু মহামাৰীয়ে একো চিনি নাপায়, যিদৰে চৰকাৰে বুজি নাপায় নৈপৰীয়া ৰাইজৰ দুখ-কষ্টৰ কথা; বুজি পোৱা হলে অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হল হেতেন।চৰকাৰে ৰাইজৰ প্ৰাণৰ মমতাৰ কথা উপলব্ধি কৰা হলে নদী বান্ধবোৰে এৰি দিয়া অতিৰিক্ত জলৰাশিয়ে প্ৰতি বছৰে নামনি অংশত প্ৰলয়ঙ্কৰী বানপানীৰ সৃষ্টি কৰা দেখিও অসমৰ ৰাইজৰ প্ৰতিবাদ প্ৰতিহত কৰি নামনি সোৱনশিৰিৰ বান্ধ আৰু দিবাং ভেলিৰ দৰে প্ৰকাণ্ড বান্ধ নিৰ্মাণৰ বাবে উঠি পৰি লাগি যায় নেকি? গুড়ি পৰুৱাবোৰৰ কথা কোনে চিন্তা কৰে? নিজে নিজৰ কথা চিন্তা কৰি মাউখে উটি প্ৰাণ ৰক্ষা কৰে।এতিয়া গুড়ি পৰুৱাৰ দৰে সকলো একগোট হৈ নিজক ৰক্ষা কৰিব লাগিব, তাৰ বাবে চৰকাৰৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰাব লাগিব।এক বৃহৎ শান্তিপূৰ্ণ আন্দোলন হব লাগিব, প্ৰয়োজন হলে নিৰ্বাচনত স্বেচ্ছাচাৰী চৰকাৰৰ পতন ঘটাব লাগিব।মুঠতে,অসম-অৰুণাচলৰ দৰে ভূমিকম্পপ্ৰৱন ৰাজ্যৰ বৰষুণত নৰম হৈ পৰা পাহাৰত বৃহ বান্ধ দি নামনি অঞ্চলৰ লোকৰ বাবে জলবোমাৰ সৃষ্টি কৰাৰ অধিকাৰ কাকো দিয়া উচিত নহয়।বিশ্বৰ বহুতো বৃহ বান্ধে জলপ্ৰলয়ৰ সৃষ্টি কৰি অগণন লোকৰ প্ৰাণ হানি কৰাৰ লগতে বিস্তৰ ক্ষতি সাধন কৰাৰ অলেখ উদাহৰণ আছে।তেনে ক্ষতি জলবিদ্যু প্ৰকল্পৰ যোগে লাভ কৰা আয়তকৈ বহুগুণে বেছি হোৱা দেখা যায়।
--------------সমাপ্ত---------

Sunday 19 July 2020

বেংক ৰাষ্ট্ৰীয়কৰণৰ ৫১তম বৰ্ষৰ উপলব্ধি


১৯৪৯ চনৰ ১লা জানুৱাৰী তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰাৰ পিচত ইম্পেৰিয়েল বেংক অব ইণ্ডিয়া ক ৰাষ্ট্ৰীয়কৰণ কৰা  হয় আৰু ১৯৫৫ চনৰ জুলাই মাহত তাকে ভাৰতীয় ষ্টেট বেংকলৈ ৰূপান্তৰিত কৰা হয়।ইয়াৰ পিচতে ৮টা প্ৰমুখ ৰাজ্যিক সন্মিলিত বেংকক ১৯৫৯ চনত সহযোগী বেংকলৈ ৰূপান্তৰিত কৰা হয়।১৯৬৯চনৰ ১৯ জুলাই তাৰিখে তদানিন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কেবিনেটৰ সিদ্ধান্ত অনুযায়ী অধ্যাদেশ জাৰি কৰি দেশৰ ১৪টা ব্যক্তিগত খণ্ডৰ বেংক ৰাষ্ট্ৰীয়কৃত কৰে।ইয়াৰ মুখ্য উদ্দেশ্য আছিল কৃষি আৰু তাৰ সৈতে জড়িত কাম-কাজ,ক্ষুদ্ৰ উদ্যোগ আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ দৰে অগ্ৰাধিকাৰ প্ৰাপ্য খণ্ডলৈ বেংক ঋণৰ পৰিমাণ বৃদ্ধি কৰা।ইয়াৰ যোগেদি দ্ৰুত অৰ্থনৈতিক বিকাশৰ ধাৰা অব্যাহত কৰি ৰাখিবলৈ এচাম নতুন উদ্যমী সৃষ্টিৰ লক্ষ্য বান্ধি লোৱা হৈছিল।লগতে বেংক পৰিচালনক বৃত্তিমূলক কৰি তুলিব বিচৰা হৈছিল।বেংক কৰ্মীসকলক উপযুক্ত প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকৰ সেৱাৰ যুক্তিসংগত মৰ্যদা প্ৰদান কৰিব খোজা হৈছিল।বেংকসমূহ ৰাষ্ট্ৰীয়কৰণৰ যোগেদি বেংকৰ সেৱাৰ পৰা বঞ্চিত গ্ৰাম্যাঞ্চললৈ বেংক সেৱা প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছিল।ৰাষ্ট্ৰীয়কৃত ব্যৱসায়িক বেংকসমূহে গ্ৰাম্যাঞ্চলৰ জনগণক যথোপযুক্তভাৱে সেৱা আগ বঢ়াব পৰা নাছিল বাবে ভাৰত চৰকাৰে আঞ্চলিক গ্ৰামীণ বেংক আইন,১৯৭৬যোগে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ২৫ টা গ্ৰামীণ বেংক প্ৰতিষ্ঠা কৰি সমগ্ৰ দেশতে গ্ৰামীণ বেংকৰ পাতনি মেলে।এইদৰেই দেশৰ সৰ্বস্তৰৰ লোককে বেংকিং সেৱাই উপকৃত কৰাৰ লক্ষ্যেৰে বেংকিং খণ্ডৰ আমোল পৰিবৰ্তন ঘটোৱা হৈছিল।কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকে ১৯৯৩ চনৰ ২২ জানুৱাৰীত নতুন ব্যক্তিগত খণ্ডৰ বেংক ব্যৱস্থাক দেশত থিতাপি লব পৰাকৈ নীতি নিৰ্দ্দেশনা জাৰি কৰে।ইয়াৰ পিচতে ব্যক্তিগত খণ্ডৰ বেংকৰ সৈতে প্ৰতিযোগিতাত নামি পৰি ৰাজহুৱাখণ্ডৰ বেংকবোৰে নিজৰ চাৰিত্ৰিক বৈশিষ্ট বজাই ৰাখি দেশৰ দৰিদ্ৰ শ্ৰেণীটোক বেংকিং সেৱা প্ৰদান কৰাৰ পৰিবৰ্তে ৰঙা ফিটাৰ মেৰপেচত পৰি পুঁজিপতিসকলকহে নীতি বৰ্হিভূতভাৱে বৃহ বৃহ পৰিমাণৰ ঋণ প্ৰদান কৰিব লগা হঅনেকজনে তেনে ঋণ পৰিশোধ নকৰি বিদেশলৈ উৰা মাৰিলে।ইযাৰ পৰিণাম স্বৰূপে ৰাজহুৱা খণ্ডৰ বেংকবোৰৰ প্ৰকৃত লাভৰ পৰিমাণ হ্ৰাস পাই যাব ধৰে।২০১৪-১৫ চনৰ বছৰটোত ৰাজহুৱা খণ্ডৰ বেংকবোৰৰ দ্বাৰা প্ৰকাশিত তথ্য অননুযায়ী প্ৰকৃত লাভ আছিল ৩৭,৫৪০ কোটি টকা।ই ২০১৫-১৬ ত হয় গৈ প্ৰকৃত লোকচান ১৭,৯৯৩ কোটি টকা, ২০১৬-১৭ ত প্ৰকৃত লোকচান ১১.৩৮৮ কোটি টকা, ২০১৭-১৮ চনত প্ৰকৃত লোকচান ৮৫,৩৭১ কোটি টকা আৰু ২০১৮-১৯ চনৰ বছৰটোত প্ৰকৃত লোকচান হয়গৈ ৬৬,৬০৬ কোটি টকা।এনেবোৰ লোকচানৰ বাবে কিন্তু বেংকবোৰ জগৰীয়া নহয়, বেংকৰ কৰ্মচাৰীসকলে কঠোৰ পৰিশ্ৰম কৰাৰ বিনিময়ত বেংকে যি লাভ অৰ্জন কৰে সেয়া পুঁজিপতি আৰু কৰ্পোৰেট গোষ্ঠীক প্ৰদান কৰা বৃহৎ পৰিমাণৰ ঋণ বছৰ বছৰ ধৰি অনাদায় হৈ থকা বাবে খিলাপী হোৱাত হিচাপ বৰ্হিভূত হৈ লোকচানৰ ঘৰত ধৰি মিলাব লগীয়া হয় আৰু লাভৰ পৰিবৰ্তে লোকচানহে দেখুৱাব লগা হয়।এই লোকচানৰ অজুহাতত এতিয়া ৰাজহুৱা খণ্ডৰ বেংক বিক্ৰী কৰাৰ চক্ৰান্ত চলি আছে।এতিয়া পুঁজিপতিৰ উন্নয়নেই দেশৰ উন্নয়ন।বাকী সকলোবোৰ কথাই ৰাজনৈতিক নেতাৰ বহুৱালি।দেশৰ কৃষক, শ্ৰমিক আৰু সৰ্বসাধাৰণ জনতা সজাগ নহলে আটাইৰে ৰাজহাড় ভাঙি দিবলৈ বেছি দিন নালাগিব।
----------------সমাপ্ত---------  

Saturday 18 July 2020

ভাল যে মই মাজুলীৰ ৰজা নহ’লোঁ(এটা কবিতা )


ভৰ বাৰিষাৰ নৈয়ে ঘাঁহ-বন সাবতি লয়
গোহালিৰ গৰুকেইটাৰ ভোকৰ হেম্বেলনিত
মোৰ বুকুখন বিষায়।
দুপৰীয়া মোলৈ বঢ়া ভাতৰ ঢাকোন দাঙি
গধূলি মায়ে কয়,
"তই নিউজিলেণ্ডৰ স্বাস্থ্য মন্ত্ৰীৰ দৰে হৈছ
দোষবোৰ গাত পাতি লৈ তেওঁ পদত্যাগ কৰিলে,
আৰু তই জাৰ্মেনীৰ বিত্তমন্ত্ৰীজনৰ দৰে
বিফলতাত বিহ্বল হৈ চৰম সিদ্ধান্ত ল'লে
ভাৱি চাচোন মোৰ কি গতি হ'ব?"
মাৰ কথা শুনি নিৰৱে এনেয়ে ভাৱিলো,
ভাল যে মই মাজুলীৰ ৰজা নহ'লো
দলং এখন সজাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰি
নাওৰ পৰা পৰি বৃদ্ধাৰ সলিল সমাধি ঘটা চাই
আৰ্ছেনিকযুক্ত পানী খাই বিকলাঙ্গ হোৱা মানুহবোৰ চাই
অথবা বানত ককবকাই থকা মানুহবোৰ চাই
মই জানো জীয়াই থাকিব পাৰিলোহেঁতেন?
এৰা, ভাল যে মই মাজুলীৰ ৰজা নহ'লো।
-----------সমাপ্ত---------

Tuesday 7 July 2020

তলাবন্ধৰ সময়ত কৃষক-শ্ৰমিকৰ বিলৈ আৰু ভবিষ্যত নিৰাপত্তাৰ দিশসমূহ


না ভাইৰাছৰ কাৰণে সমগ্ৰ দেশ নিশ্চল হৈ পৰিল।অসংগঠিত খণ্ডৰ কোনো সামাজিক নিৰাপত্তা নথকা বাবে নিয়োগকাৰীৰ কাম বন্ধ হোৱাৰ লগে লগে এই খণ্ডৰ কৰ্মীসকল সকলো দিশৰ পৰাই অতি বেয়া ধৰণে ক্ষতিগ্ৰস্ত হল।অন্যহাতে,দেশৰ অধিকাংশ লোকেই কৃষিখণ্ডত নিয়োজিত হৈ আছে।ইয়াত দেশৰ ৪৫% কৰ্মবাহিনীয়ে কামত নিয়োজিত হৈ আছে।তলাবন্ধৰ সকলোতকৈ অধিক কুপ্ৰভাব যোগান শৃঙ্খল ভঙ্গৰ ওপৰত পৰে।নিয়োগকৰ্তা লোকচানৰ সমুখীন হৈ কৰ্মচাৰীক কামৰ পৰা আঁতৰাই দিয়ে।নিয়োগ বন্ধ হৈ পৰাৰ লগে লগে কৰ্মীসকলৰ আয়ৰ পথো ৰুদ্ধ হৈ পৰিল।তেওঁলোকৰ সঞ্চয় শেষ হৈ যোৱাৰ লগে লগে লোকসকলে আহাৰ-পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হল।এয়া ভয়ানক পৰিস্থিতি।সমগ্ৰ দেশৰ পৰা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বেদনাদায়ক ছবিবোৰ আহিব ধৰিলে।অসমৰ ১৮ জন প্ৰব্ৰজিত শ্ৰমিকে ২২০০ কিলোমিটাৰ চাইকেল চলাই মহাৰাষ্ট্ৰৰ পৰা ঘৰলৈ আহিল।এক দেশৰ শ্লোগান কৰবাত হেৰাই গ, কৰ্মহীন হৈ উপাৰ্জনৰ পথ হেৰুৱাই অসহায় হোৱা শ্ৰমিকক ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ কোনেও আশ্ৰয় দি ৰখাৰ ব্যৱস্থা নকৰিলে।ভাৰাঘৰৰ মালিকে নিৰ্বাসন দিয়া শ্ৰমিকসকলক তলাবন্ধৰ সময়ত ঘৰতে সোমাই থাকিবলৈ কোৱা হল।সেয়ে অসম তথা অন্য ৰাজ্যৰ আন বহুতো প্ৰব্ৰজিত শ্ৰমিকেও শত-সহস্ৰ কিলোমিটাৰ বাট খোজ কাঢ়ি,চাইকেল আৰু মটৰ চাইকেল আদি চলাই তেওঁলোকৰ নিজৰ ঘৰলৈ ঘূৰি আহিল।অনেক শ্ৰমিকে দুৰ্ঘটনাত,বেমাৰত অথবা দুৰ্ভিক্ষত ঘৰ পোৱাৰ পূৰ্বেই প্ৰাণ হেৰুৱালে।এইবোৰ ছবিৰ লগতে পুলিচে প্ৰব্ৰজিতলোকসকলক প্ৰহাৰ কৰা ভিডিঅকিছুমানো ফেচবুক, ইউটিউব আৰু টেলিভিজন আদি সামাজিক মাধ্যমত প্ৰবল ভাৱে সম্প্ৰচাৰ হল। প্ৰথম কনা,তাৰ পিচত ভোক আৰু লগতে আহিল পুলিচৰ ভয়।নিজৰ ৰাজ্যৰ নিজ গৃহলৈ কোনোৰকম প্ৰাণটো লৈ ঘূৰি অহাসকলৰ অৱস্থা সৰ্বজন বিদিত।

তলাবন্ধ ঘোষণা কৰাৰ পিচতেই ২৯ মাৰ্চ, ২০২০ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ কৰ্তাসকলক নিৰ্দেশ দিছিল যে তেওঁলোকে শ্ৰমিকসকলক সম্পূৰ্ণ দৰ্মহা দিয়াৰ লগতে শ্ৰমিকসকলৰ চাকৰিৰ সুৰক্ষা দিব লাগে; কিন্তু শ্ৰমিকসকলৰ বাবে অতি দুৰ্ভাগ্যৰ বিষয় যে পিচত ভাৰত চৰকাৰে সেই নিৰ্দেশ প্ৰত্যাহাৰ কৰে।আনকি প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে বাছ বা ৰেলেৰে নিজ ৰাজ্যৰ স্বগৃহলৈ নিজে টকা যোগাৰ কৰি অহাৰ পিছত উচ্চতম ন্যায়ালয়ে ৰাজ্যিক চৰকাৰসমূহে শ্ৰমিকসকলৰ বাছভাৰা আৰু ৰেলভাৰা বহন কৰিব লাগে বুলি হুকুম জাৰি কৰিব লগা হল।স্বাস্থ্যৰ প্ৰতি এই ভাবুকি সমাজৰ মূল লোকসকলৰ বাবে অৰ্থনৈতিক প্ৰত্যাহ্বান হৈ পৰিল।এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ২.৭০ লাখ কোটি টকাৰ প্ৰধান মন্ত্ৰী দৰিদ্ৰ কল্যাণ পেকেজ মুকলি কৰি দিলে।স্বাস্থ্যৰ ক্ষেত্ৰত দেশৰ অসংগঠিত খণ্ডটোৰ ওপৰত কনাৰ প্ৰভাৱ পৰিছিলেই।এই সকল লোক হল যিয়ে ঠিকা ভিত্তিত কাম কৰে, বা তেওঁলোক শ্ৰমিক আৰু তেওঁলোকে দৈনিক মজুৰিত কাম কৰি পৰিয়াল পোহপাল দিয়ে।এই অসংগঠিত খণ্ডটো কিমান বৃহৎ হব পাৰে সেই লৈ চৰকাৰো জ্ঞাত নাছিল।২০১৯ চনৰ অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুযায়ী দেশৰ সৰ্বমুঠ কৰ্মশক্তিৰ ৯৩% অসংগঠিত খণ্ডৰ সৈতে জড়িত হৈ আছে।দেশৰ অৰ্থনীতিৰ সঞ্চালনত এই অসংগঠিত খণ্ডৰ বৃহৎ অৰিহণা আছে।তথাপিতো এই খণ্ডটোক ৰক্ষনাবেক্ষণ দিয়াৰ কোনো নিগাজী ব্যৱস্থা নাই।২০১৮ চনৰ নিতি আয়োগৰ (NITI Aayog )এক তথ্য অনুযায়ী অসংগঠিত শ্ৰমিকৰ পৰিমাণ ৮৫%। বিগত বৰ্ষত প্ৰকাশ পোৱা পৌন-পুনিক শ্ৰমিক বাহিনী সমীক্ষা ২০১৭-১৮ ৰ তথ্যত মত পোষণ কৰা হৈছে যে অসংঠিত খণ্ডৰ(অনাকৃষি)নিয়মিয়া/বেতনভোগী কৰ্মচাৰীৰ ৭১% ৰ চাকৰিৰ লিখিত চুক্তি পত্ৰ নাই।ইয়াৰে ৫৪.২% লোকে বেতনসহ চুটীৰ পৰাও বঞ্চিত।কেৱল এয়াই নহয়,তেওঁলোকৰ ৪৯.৬%লোক কোনো ধৰণৰ সামাজিক নিৰাপত্তা পাবৰো যোগ্য নহয়। এইটো স্পষ্ট হৈছে যে অসংগঠিত খণ্ডৰ সম্ভাৱনা কেৱল বেছিয়েই নহয় কিন্তু অসুৰক্ষিতো।দেশৰ সৰ্ব বৃহৎ অসংগঠিত অংশই কাম কৰা কৃষি খণ্ডটোও তলাবন্ধত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হল।কনাৰ পিচতে সমস্যা হিচাপে থিয় দিলে ভোক আৰু প্ৰব্ৰজনে।তেওঁলোকে কেৱল কনাৰ লগতে নহয় ভোকৰ লগতো যুঁজ দিব লগা হল।জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ ডক্টৰ অমিতাভ কুণ্ডুৰ মতে,এখন ৰাজ্যৰ পৰা আনখন ৰাজ্যলৈ নিয়োগ লাভৰ বাবে প্ৰব্ৰজিত হোৱা লোকৰ সংখ্যা ১.৪ কোটি।একেসময়তে, এখন নগৰৰ পৰা আন এখন নগৰলৈ নিয়োগ লাভৰ বাবে যোৱা সকলকো সাঙুৰি ললে সংখ্যাটো বহু কোটি হবগৈ।১৪ মিলিয়ন লোক কেৱল নিৰ্মাণ কাৰ্যৰ দৰে কামত হাজিৰা শ্ৰমিক হিচাপে কাম কৰিবলৈ অন্য ৰাজ্যলৈ গতি কৰে।২০১১-১২ বৰ্ষত ভাৰতীয় উদ্যোগৰ মিত্ৰজোঁটে’(Confederation of Indian Industry চমুকৈ CII)প্ৰকাশ কৰা তথ্য অনুযায়ী,অকৃষি খণ্ডৰ ৭টা মূল খণ্ডত ১৬.৩৫ কোটি লোকে অসংগঠিত খণ্ডত নিয়োজিত হয়।এইবোৰৰ ভিতৰত প্ৰথম স্থানত সামগ্ৰী প্ৰস্তুতকৰণ খণ্ড, দ্বিতীয় স্থানত ব্যৱসায়, হোটেল আৰু ৰেঁষ্টোৰা উদ্যোগ আৰু অশেষত নিৰ্মাণ খণ্ডটো তৃতীয় স্থানত।এইবোৰ খণ্ডৰ শ্ৰমিকৰ প্ৰব্ৰজন অধিক ঘটিছে।২০১১ ৰ পিয়লৰ মতে,দেশৰ মুঠ জনসংখ্যাৰ ২১.৯% লোকক দ্ৰৰিদ্ৰ সীমা ৰেখাৰ তলৰ বুলি গণ্য কৰা হয়। চৰকাৰী তথ্য অনুযায়ী চৰকাৰে ঘোষণা কৰা পেকেজে দেশৰ ৮০ কোটি দ্ৰৰিদ্ৰলোকক উপকৃত কৰিছে।লোক পিয়লে পূৰ্বানুমান কৰিছিল যে দেশৰ দুখীয়া লোকৰ জনসংখ্যা ২৬.৮ কোটি হব।এনে লোকৰ দৈনিক আয় ১৪২.৮০ টকাতকৈও কম।এই লোক সকলেই আটাইতকৈ বেছি  ক্ষতিগ্ৰস্ত হৈছে। এতিয়া প্ৰশ্ন হৈছে এই সকলৰ কিমানৰ জনধন একাউন্ট আছে,কিমান লোক উপকৃত হল।২০১৯ চনৰ জুলাই মাহত লোক সভাত এক প্ৰশ্নৰ উত্তৰ দি বিত্ত বিভাগৰ ৰাজ্যৰ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কৈছিল যে ২৬ জুন ২০১৯ ৰ লৈকে প্ৰধান মন্ত্ৰী জন ধন যোজনা শিতানত ৩৫.৯৯ কোটি একাউন্ট খোলা হৈছে।ইয়াৰে ২৯.৫৪ কোটি একাউন্ট জীৱিত হৈ আছে।একেসময়তে, চৰকাৰৰ প্ৰধান মন্ত্ৰী জনধন যোজনাৰ ৱেবছাইটত এই আঁচনিৰ মুঠ হিতাধিকাৰীৰ সংখ্যা ১৮ মাৰ্চ ২০২০ লৈকে ৩৮.২৮ কোটি বুলি প্ৰকাশ কৰিছে।কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰা দ্ৰৰিদ্ৰ কল্যাণ পেকেজৰ ১.৭০ লাখ কোটি টকা এইসমূহ একাউন্টলৈ পোনপটীয়াকৈ স্থানান্তৰ কৰা হৈছে।চৰকাৰৰ এনেবোৰ আঁচনিয়ে দেশৰ কোটি কোটি দৰিদ্ৰলোকক সাময়িকভাৱে সকাহ দিলেও ই সমস্যা সমাধানৰ পথ হব নোৱাৰে।এই ব্যৱস্থাৰ যোগেদি গৰিষ্ঠ সংখ্যক লোকক আনুষ্ঠানিক অৰ্থনীতিৰ গণ্ডীৰ ভিতৰলৈ আনিছে আৰু হিতাধিকাৰীৰ তালিকাখন দীঘলীয়া হৈছে।দেখা যায় যে এই হিতাধিকাৰীসকলকে শাসনত থকা ৰাজনৈতিক দলে ভোট বেংক গণ্য কৰি নিৰ্বাচনত জয়ী হোৱাৰ সপোন ৰচনা কৰে।কিন্তু দেশৰ অৰ্থনৈতিক বিপৰ্যয়ৰ বাবে আনুষ্ঠানিক অৰ্থনীতিলৈ অহা হিতাধিকাৰীসকলৰ বাবে চৰকাৰী আচঁনিবোৰ আৰ্শীবাদ নহৈ অভিশাপহে হৈছেগৈ।চৰকাৰী উজলা আচঁনিৰ যোগে লাভ কৰা গেচৰ চিলিণ্ডাৰ পুনৰবাৰ ভৰ্তি কৰিবলৈ হাতত ধন নথকা বাবে খৰিৰ জুইত আগৰ দৰে ৰান্ধি খাব লগীয়া হৈছে,বেংকত একাউন্ট খোলাৰ পিচত বেংকবোৰে মবাইল নম্বৰ বিচৰাত মবাইল ফোন কিনিব লগীয়া হৈছে আৰু তাৰ লগে লগে ইন্টাৰনেট সংযোগ কৰি ধন খৰচ কৰি থাকিব লগীয়া হৈছে।আনকি জনধন একাউন্টৰ ধন বেংকৰ পৰা উঠাবলৈ গৈ ভিৰৰ প্ৰকোপত ত্ৰাহি মধুসুদন সোৱঁৰিব লগা হৈছে আৰু মহামাৰীৰ সময়ত এনে ব্যৱস্থাই ৰোগ সংক্ৰমনৰ সম্ভাৱনা বৃদ্ধি কৰিছে।ইয়াৰ উপৰিও, খাদ্য সুৰক্ষা আচঁনিৰ যোগে চৰকাৰে নবেম্বৰ মাহলৈকে খাদ্য যোগান ধৰিব আৰু তাৰ পিচত কোটি কোটি দৰিদ্ৰলোকৰ জীৱন জীৱীকা  কিদৰে চলিব সেইটোহে চিন্তাৰ বিষয় হৈ পৰিল।সেয়েহে ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগে পিছে দেশক আলোড়িত কৰি যোৱা সেই আত্মনিৰ্ভৰশীল ভাৰতৰ শ্লোগান পুনৰবাৰ আওৰাই তাৰ বাবে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰা হল।বেংকবোৰে ঋণ হিচাপে প্ৰদান কৰিব লগীয়া ধনকো ইয়াত অন্তৰ্ভুক্তি কৰা হল।এনে এক পেকেজৰ যোগেদি বৰ্তমানৰ দুৰ্ভিক্ষৰ সময়ত নিবনুৱাসকলক তৎকালিনভাৱে কোনো সকাহ নিব নোৱাৰে বুলি চৰকাৰক যুক্তিসহকাৰে সমালোচনা কৰা হৈছে।   
              
২০১৯ চনৰ গোলকীয় ক্ষুধা সূচকৰ ১১৭ খন দেশৰ ভিতৰত ভাৰত ১০২ স্থানত আছিল।সংযুক্ত ৰাষ্ট্ৰ সংঘৰ অধীনত কাম কৰা খাদ্য আৰু কৃষি সংগঠনৰ দ্বাৰা ২০১৯ চনত মুক্তি পোৱা তথ্য অনুযায়ী, ভাৰতত এনে লোকৰ সংখ্যা ২০১৬-১৮ ত মুঠ জনসংখ্যাৰ ১৪ % আছিল যিসকলে পুষ্টিকৰ আহাৰ লাভ কৰা নাছিল।১৩৫ কোটি জনসংখ্যাৰ তুলনাত এই সংখ্যাটো হয়গৈ ১৮.৯০ কোটি।১.৪ কোটি প্ৰব্ৰজিত লোকৰ পৰিয়ালৰ গড় মাহেকীয়া আয় ৩৫০০ ৰ পৰা ৪০০০ টকাৰ ভিতৰত।যদিহে পাঁচজন লোকেৰে গঠিত এটা পৰিয়ালক এটা গোট বুলি ধৰা হয়, তেতিয়া প্ৰতিজনৰ মাহেকীয়া আয় হয়গৈ ৭০০ ৰ পৰা ৮০০ টকা।এই আয় দেশৰ নগৰ অঞ্চলৰ দৰিদ্ৰ ৰেখাৰ সৈতে সমান।সেয়ে কামৰ সন্ধানত উত্তৰ প্ৰদেশৰ ৪০.২০ লাখ,বিহাৰৰ ৩৬.১৬ লাখ,ৰাজস্থানৰ ১৮.৪৪ লাখ, মধ্য প্ৰদেশৰ ১৮.২৬ লাখ, উৰিষ্যাৰ ০৫.০৩ লাখ কৰ্মীয়ে প্ৰব্ৰজন কৰে।(মহাৰাষ্ট্ৰ,উত্তৰ প্ৰদেশ,পশ্চিম বঙ্গ,গুজৰাট,কেপেলা,পঞ্জাব আৰু অসমকে ধৰি ৭ খন প্ৰধান ৰাজ্যৰ প্ৰব্ৰজনকাৰীৰ আগমনৰ ওপৰত ভিত্তি কৰি)।Source, SENSEX-2011এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ২০ জুন তাৰিখে প্ৰধান মন্ত্ৰী গৰীব কল্যাণ ৰোজগাৰ অভিযান ২০২০ৰ পাতনি মেলে।এই আচঁনিৰ যোগে বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, ৰাজস্থান, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশ এই ছখন ৰাজ্যৰ ১১৬খন জিলাৰ(২৫০০০তকৈ অধিক প্ৰব্ৰজিত শ্ৰমিক থকা)প্ৰব্ৰজিত শ্ৰমিকক কৰ্মসংস্থান দিয়া হব।এই আচঁনিৰ সুফলৰ পৰা বঞ্চিত হল অসমৰ প্ৰব্ৰজিত শ্ৰমিকসকল আৰু অসমৰ পৰা নিজ নিজ ৰাজ্যলৈ ঘূৰি যোৱাসকল কিন্তু কৰ্মসংস্থান লাভ কৰিবলৈ সক্ষম হল।এতিকে,অসম চৰকাৰে ৰাজ্যখনৰ প্ৰব্ৰজিত শ্ৰমিকসকলক এতিয়া অন্য ৰাজ্যৰ পৰা অহা শ্ৰমিকসকল যিবোৰ প্ৰতিষ্ঠানত মকৰল হৈ আছিল তাতেই সংস্থাপন দিব নোৱাৰে নে?এইবোৰ কথাত মন দিবৰ সময় সমাগত।

অসংগঠিত খণ্ডটো লকডাউনৰ দ্বাৰা অতি বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে।দেশৰ প্ৰায় ৮০%কৰ্মবাহিনী অনানুষ্ঠানিক অৰ্থনীতিৰ ভিতৰত পৰে।চৰকাৰী তথ্য অনুযায়ী, ইয়াৰ ৪% চুক্তিবদ্ধ কৰ্মী।পাঁচজনৰ ভিতৰত এজনে মাত্ৰ পায় মাহেকীয়া বেতন। কৰ্মবাহিনীৰ আধা ভাগেই আত্ম নিয়োজিত।ইয়াত আছে দোকানী, হকাৰ, চেলুনৰ গৰাকী, চাইকেল মেৰামতি কৰোঁতা আৰু জোতা মুচি ইত্যাদি।লকডাউনৰ ফলত উদ্ভৱ হোৱা অৰ্থনৈতিক সংকটৰ পৰা কোনোৱে পৰিত্ৰাণ পাব পৰা নাই।প্ৰকৃততে,অৰ্থনৈতিক ব্যৱস্থাত প্ৰতিটো খণ্ডই ইটোৰ লগত সিটো সংযুক্ত হৈ থাকে।গাঁওবোৰে নগৰলৈ খাদ্য সামগ্ৰী যোগান ধৰে আৰু নগৰবোৰে গাঁওবোৰলৈ বয়-বস্তু পঠায়।লকডাউনৰ ফলত পৰিবহন ব্যৱস্থা সম্পূৰ্ণ বিকল হৈ পৰাত গ্ৰাম্যাঞ্চলত উপাদিত ফচল কৃষকৰ পথাৰতে নষ্ট হল আৰু নগৰৰ বয়-বস্তুৰ যোগানো বন্ধ হোৱাত সৰ্বত্ৰ হাহাকাৰ পৰিস্থিৰ উদ্ভৱ হল।নগৰাঞ্চলত শাক-পাচলি, মাছ-মাংস আদিৰ অভাৱ ঘটিল আৰু গ্ৰাম্যাঞ্চলত প্ৰয়োজনীয় সামগ্ৰীৰ নাটনি হল।সুযোগ সন্ধানী অসাধু ব্যৱসায়ীয়ে অতি চৰাদামত বয়-বস্তু বিক্ৰী কৰি সৰ্বহাৰা লোকৰ মূৰত ৰাম টাঙোন সোধাইছেঅসম চৰকাৰৰ যোগান বিভাগৰ অস্তিত্বক লৈ ৰাজ্যখনৰ সৰ্বস্তৰৰলোকে বাৰম্বাৰ সন্দেহ ব্যক্ত কৰিছেপিচে কি হব,ৰাজ্যখনৰ চৰকাৰেই অসাধু ব্যৱসায়ীৰ ভূমিকাত অবৰ্তীণ হৈ বিশ্ব বজাৰত পেট্ৰলৰ মূল্য নিম্নগামী হোৱাৰ সময়তে ৰাজ্যখনত আকাশলঙ্ঘী মূল্যত পেট্ৰলজাত সামগ্ৰী বিক্ৰী আৰম্ভ কৰাত নিশ্চিতভাৱেই পৰিবহন ব্যয় বৃদ্ধিৰ অজুহাতত গাড়ী ভাৰাৰ পৰা আৰম্ভ কৰি সকলো বস্তুৰ দাম বাঢ়িল আৰু তাৰ সকলো কুপ্ৰভাৱ সৰ্বহাৰা লোকসকলৰ ওপৰতেই পৰিব ধৰিলে।এইদৰেই চৰকাৰী সাহাৰ্যৰ উপকাৰিতাৰ গুণাগুণ লোপ পালে।এতিয়া আকৌ অসম চৰকাৰে নিবনুৱা সংস্থাপনৰ নামত কৃষিভূমিত উদ্যোগ স্থাপনৰ সুযোগ দি আৰ্থিকভাৱে জুৰুলা হৈ পৰা অসমৰ কৃষক শ্ৰমিকসকলৰ যি অলপ কৃষি ভূমি আছে তাকো বহিৰাগত পুঁজিপতিক গতাই দিয়াৰ চক্ৰান্ত কৰি উদ্যোগ নীতিৰ সংশোধন ঘটাইছে।দেখা গৈছে যে অসম চৰকাৰে কৃষক শ্ৰমিকসকলে যাতে প্ৰতিবাদ কৰিব নোৱাৰে সেই উদ্দেশ্যে ইতিমধ্যেই অখিল গগৈৰ দৰে সংগ্ৰামী আৰু প্ৰতিবাদী কৃষক নেতাসকলক উগ্ৰপন্থী সজাই কাৰাবন্দী কৰি থলে।ৰাজ্যখনৰ বৌদ্ধিকমহলে একমুখে ব্যক্ত কৰিছে যে এখন গণতান্ত্ৰিক দেশৰ অসংগঠিত খণ্ডৰ নিপিড়িতসকলৰ হৈ মাত মতা নেতাক কাৰাগাৰত বন্দী কৰি ৰখাটো সমিচীন হোৱা নাই।নিপিড়িত কৃষক-শ্ৰমিকসকলক চৰকাৰে অন্যায় কৰিছে।বালিলৈ যিপাত শৰ, সুগ্ৰীবলৈও সেইপাত বুলি এষাৰ কথা আছে নহয়।দেশৰ গণতান্ত্ৰিক গতিধাৰাৰ সুস্থতা বৰ্তাই নাৰাখিলে চৰকাৰৰ এনে কাৰ্যই সময়ত বুমেৰাং হৈ থিয় দিব আৰু তাৰ পৰিণামত হয়তু বৰ্তমানৰ শাসন কাৰ্য চলাই নিয়া সকলে কৃষক নেতাসকলৰ দৰেই ৰাজনৈতিক আক্ৰোশৰ বলি হব লাগিব।
যি সময়ত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বিপৰ্যয়ৰ বাস্তৱ ছবিখন প্ৰত্যক্ষ কৰি তেওঁলোকৰ জীৱন আৰু জীৱীকাৰ সুৰক্ষা দিব পৰাকৈ চৰকাৰে উপযুক্ত শ্ৰমিক আইন প্ৰবৰ্তন কৰিব লাগিছিল সেই সময়তে আমাৰ অসম চৰকাৰে দেশ উদ্ধাৰৰ স্বাৰ্থত তথা পুঁজিপতিক সকাহ দিয়াৰ উদ্দেশ্যে শ্ৰমিকসকলৰ কৰ্মসময় বৃদ্ধিৰ পোষকতা কৰি আইন প্ৰণয়নৰহে যো-জা কৰিছিল আৰু ভোকাতুৰ শ্ৰমিকসকল জাঙুৰ খাই উঠিব লগীয়া হৈছিল।দেশত শ্ৰমিকসকলক সকাহ দিয়াৰ পৰিবৰ্তে পুঁজিপতিক সকাহ দিবলৈ আইন সংশোধন হৈ অহাৰ বাবেই দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব ধৰিলে আৰু চাহিদাৰ নিম্নগামিতাই ইতিমধ্যই অৰ্থনৈতিক বিপৰ্যয় নমাই আনিছিল।ভুতৰ ওপৰত দানহ পৰাদি আহিল কোভিড-১৯ৰ বিভীষিকা।এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আগবঢ়োৱা আগশাৰীৰ অৰ্থনীতিবিদ আৰু অৰ্থনৈতিক পৰামৰ্শদাতা সংস্থাবোৰৰ পৰামৰ্শবোৰ চৰকাৰে মানিবলৈ গলেই যেন পুঁজিপতিৰ স্বাৰ্থত আঘাত লাগিব,সেয়ে দেশৰ চৰকাৰে সৰ্বহাৰা শ্ৰমিকসকলক আৰ্থিকভাৱে সবল কৰাৰ কোনো ধৰণৰ খৰতকীয়া তথা ফলপ্ৰসু আঁচনি হাতত লব পৰা নাই।আমাৰ অসম চৰকাৰে আনকি কৃষক সন্মান নিধিৰ টকা কেইটাও ভোট বেংকৰ নিকৃষ্ট ৰাজনীতিৰ বাবেই দুৰ্নীতিগ্ৰস্তৰ হাতোৰাৰ পৰা মুক্ত কৰি প্ৰকৃত কৃষকসকলক এই দুৰ্যোগৰ বেলিকা দিব পৰা নাইসৰ্বহাৰাসকলে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ অৱক্ষয়ৰ কুফল প্ৰত্যক্ষভাৱে ভোগ কৰা বুলি বাস্তৱ পৰিস্থিতিৰ পৰাই এতিয়া বুজিব পৰা হল।এইবোৰ কথা বিৰোধী দলৰ লোকে নিশিকালেও বৰ্তমানৰ পৰিস্থিতিত দেশৰ কোটি কোটিলোকে বুজিব পাৰিছে যে শাসন চলাই থকা ৰাজনৈতিক দলে দৰিদ্ৰৰ হকে(pro poor)কাম কৰা দেখুৱাই ভোট বেংকৰ ৰাজনীতিহে কৰি থাকে।চৰকাৰে প্ৰকৃততে যে পুঁজিপতিৰ প্ৰতিনিধি হৈ কাম কৰি থাকে সেয়া লোকচক্ষুৰ আঁৰত ৰখাত ব্যৰ্থ হৈছেঅৰ্থনৈতিক বিপৰ্যয়ে কথাবোৰ সকলোৱে বুজিব পৰাকৈ পৰিষ্কাৰ কৰি দিলে।সৰ্বহাৰাসকলে বুজিব পাৰিছে বিনামূলীয়া খাদ্য বস্ত্ৰ আদি যোগান ধৰি চৰকাৰে যে কেৱল তেওঁলোকক হিতাধিকাৰী সজাই ভোট বেংকহে গঠন কৰিছে,যিটো কাম পূৰ্বৰ চৰকাৰবোৰেও কৰি আহিছে।চৰকাৰে দৰিদ্ৰৰ হকে লোৱা এনেবোৰ আঁচনিয়ে তেওঁলোকক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰিবনে নকৰে এইবোৰ দৰিদ্ৰসকলেও যে বিচাৰ কৰিব জনা হল সেই কথা উপলব্ধি কৰি শাসনাধিস্থ ৰাজনৈতিক দলৰ চৰকাৰে দৰিদ্ৰসকলক ভোট বেংকৰ স্বাৰ্থত কেৱল হিতাধিকাৰী হিচাপে গণ্য নকৰি প্ৰকৃততেই তেওঁলোকৰ আৰ্থিক উন্নয়নৰ হকে কাম কৰি গলে দেশৰ অৰ্থনৈতিক অৱস্থাৰ উন্নয়ন ঘটাৰ লগে লগে শাসনাধিস্থ ৰাজনৈতিক দলৰো জনপ্ৰিয়তা বিৰোধী দলৰ সমালোচনাই ম্লান কৰিব নোৱাৰে।সেয়েহে চৰকাৰে বাঘজানৰ লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়ক,নদী বান্ধৰ যোগেদি জলবোমাৰ সৃষ্টি কৰি ৰাজ্যখনৰ নৈপৰীয়ালোকক প্ৰাণৰ সংশয় লৈ দিন অতিবাহিত কৰিবলৈ নিদি তেনে কাম বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ক আৰু কাগজ কল,চেনীকল আৰু মৰাপাটৰ কল আদি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ পুনৰ জীৱিত কৰি তাৰ কৰ্মচাৰীসকলক সকাহ দিয়াৰ উপৰিও নিবনুৱাসকলক সংস্থাপিত কৰক।চৰকাৰে পুঁজিপতিৰ পক্ষ এৰি জনতাজনাৰ্দনৰ পৰিত্ৰাণৰ বাবে নিষ্ঠাৰে কাম নকৰিলে সময়ত তেওঁলোকৰো ভৱিষ্যত অন্ধকাৰময় হব।
--------------সমাপ্ত------------