Sunday 5 July 2020

অসাধু ব্যৱসায়ীৰ ফান্দত নপৰিব

ভাৰতবৰ্ষত কোভিড-১৯ ৰ ঢৌৱে কোবাই যোৱাৰ লগে লগে শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা বুলি দাবী কৰা উৎপাদিত দ্ৰব্যৰ চাহিদা বাঢ়িব ধৰিলে।মহামাৰীৰ সময়খিনিত নিজৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰা গ্ৰাহকসকলক প্ৰলোভিত কৰিবলৈ কিছুমান ভাৰতীয় উদ্যোগ পামে হালধি মিশ্ৰিত গাখীৰৰ পৰা শাৰিৰীক পৰিপূৰিকালৈ নতুন নতুন উৎপাদিত সামগ্ৰী বজাৰত মুকলি কৰিব ধৰিছে। ৱাটছএপ, ইউটিউব আৰু ফেচবুক আদি সামাজিক মাধ্যমত এনে মহামাৰীৰ বতৰত নানা ধৰণৰ নোক্সা, কাড়া আদিৰ বিষয়ে প্ৰচাৰ চলিব ধৰিছে(সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ নিজৰ লাভৰ বাবে)আৰু বজাৰতো তেনে প্ৰস্তুত দ্ৰব্যৰ বেহা চলিছে।এইবোৰ ব্যৱহাৰ কৰি অনেকে কোনো সুফল নোপোৱা বুলি অভিযোগ কৰিছে।তেওঁলোকে কয় যে এইবোৰ সকলো ফাঁকি আৰু অসাধু ব্যৱসায়ীৰ ধন ঘটাৰ কৌশল।বৰ্তমানৰ কৰ্মহীনতা,দুৰ্ভিক্ষ আৰু স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ ক্ষণত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ কিছুমান কোম্পানীয়ে কোনো স্বাস্থ্য বিজ্ঞানৰ ৰীতি নীতি নামানি দ্ৰব্য বিক্ৰী কৰি ধন উপাৰ্জন কৰাটো অতি দুৰ্ভাগ্যজনক।আমি জানিও নজনাৰ দৰে হৈ যেন সেইবোৰৰ প্ৰচাৰৰ যাদুকৰি মায়াজালত আবদ্ধ হৈ বিভুল হৈ পৰোঁ।এনে পৰিপ্ৰেক্ষিতত কাহ পানী লগাৰ ঔষধকে পুনৰ পেকেট কৰি কনাৰ দৰব বুলি(আইনৰ মেৰপেচত পৰিলে মিছা মাতি বক্ৰগতি লোৱা) কোনোবাই বিক্ৰী কৰিবলৈ আগ্ৰহী নহবনো কিয়?
পৌৰাণিক আয়ুৰ্বেদ শাস্ত্ৰৰ দোহাই দি আমাৰ দেশৰ নাগৰিকসকলক কিছু দিনৰ পূৰ্বৰে পৰা বনৌষধিৰ প্ৰতি আকৃষ্ট কৰা হৈছে।এই ক্ষেত্ৰত দেশৰ চৰকাৰৰ অৰিহণাও নথকা নহয়সেয়ে অনিয়ন্ত্ৰিত অৰ্থলোভীসকলৰ দ্বাৰা সহজ সৰল জনসাধাৰণক প্ৰতাৰণা কৰিবলৈ তেনেই সহজসাধ্য হৈ পৰিছেকিছুমান ব্যৱসায়ীয়ে ধন ঘটিবলৈ অনৈতিক উপায় অৱলম্বন কৰাও পৰিলক্ষিত হৈছে।বহুতো কোম্পানীয়ে গুণাগুণবিহীন উৎপাদিত দ্ৰব্যকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাৰক বুলি প্ৰচাৰ চলাই বজাৰত বিক্ৰী কৰিব ধৰিছে।বহুতো চিকিৎসকে সুষম পুষ্টিকৰ খাদ্যৰ পৰিবৰ্তে পৰিপূৰক সেৱনৰ যোগেদি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো সুবিধাজনক নহয় বুলি কোৱা সত্বেও সহজ সৰল লোকসকলে তাকেই সেৱন কৰি ৰক্ষা পাব  খোজে।আচলতে অসাধু কোম্পানীবোৰে জটিল ক্ষণতেই দুৰ্বলতাৰ সুযোগ লৈ যেন ধন ঘটিবলৈ অপেক্ষা কৰি থাকে।এনে সময়ত সকলোৱেই পৰিত্ৰাণৰ  উপায় বিচাৰি হুৱাদুৱা লগাই থাকে।তাতে আকৌ দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়েও কোভিড-১৯ ৰ পৰা ৰক্ষা পাবলৈ টুইটাৰ যোগে আয়ুৰ্বেদিক ঔষধ সেৱনৰ পৰামৰ্শ দিয়াত সাধাৰণ ৰাইজক আভুৱা ভাৰিবলৈ কিছুমান অৰ্থলিপ্সু অসাধু কোম্পানীৰ বাবে সুবিধাই হৈ পৰিল।

আচলতে,মানুহৰ বহুমূলীয়া জীৱনটোক ব্যৱসায়ৰ বৰশী টোপ হিচাপে ব্যৱহাৰ কৰিবলৈ চৰকাৰে এৰি দিব নালাগে।সেয়ে নানা ধৰণে ব্যৱসায়িক বিজ্ঞপ্তি যোগে জনসাধাৰণক প্ৰলোভিত কৰি জীৱন মৰণৰ বেলিকা যিকোনো ধৰণৰ দ্ৰব্য বিক্ৰী কৰিবলৈ অনুমতি দিয়া উচিত নহয়।এনে কিছুমান দ্ৰব্য সেৱন কৰি কিছুমান অজ্ঞলোকে মিছাই আত্ম বিশ্বাসী হৈ প্ৰকৃত চিকিৎসাৰ ক্ষেত্ৰত পলম কৰি শেষত আৰোগ্য লাভ কৰিব নোৱাৰি মৃত্যুক আঁকোৱালি লয়।সেয়ে এই ক্ষেত্ৰত বৈদ্যুতিন প্ৰচাৰ মাধ্যম, বাতৰি কাকত আৰু ব্ৰেণ্ড এম্বেচেডৰসকলেও মনোযোগ দিব লাগে যাতে অসাধু ব্যৱসায়ীৰ তেনেবোৰ দ্ৰব্যৰ ব্যৱসায়ৰ উন্নয়নত তেওঁলোকে সহযোগ নকৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰস্তুত কৰা কিছুমান অপ্ৰমাণিত দ্ৰব্যই সেৱনকাৰীৰ স্বাস্থ্যৰ অৱনতি ঘটাই বুলিও বহুতো চিকিৎসকে মন্তব্য কৰে।বৃষ্টিহীন বতৰত বন জুই জ্বলি চৌদিশে বিয়পি পৰাৰ দৰে এই বিপৰ্যয়ৰ দিনবোৰত সমগ্ৰ দেশৰ অজস্ৰ অসাধু ব্যৱসায়ীয়ে ধন ঘটিবলৈ সুবিধা পাইছে।অন্যহাতে, তেওঁলোকে বিক্ৰী কৰা অস্বাস্থ্যসন্মত দ্ৰব্য সেৱনৰ যোগেদি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে বুলি মিছাই পতিয়ন গৈ কিছুমান অজ্ঞলোকে সামাজিক দূৰত্ব ৰক্ষা আৰু মুখা পিন্ধা আদি কামৰো প্ৰয়োজন নাই বুলি ধৰি আইন অমান্য কৰাৰ লগতে মাৰাত্মক কনা ভাইৰাছ চৌদশে বিয়পাই দিছে।সেয়ে সৰ্বস্তৰৰ লোক এই ক্ষেত্ৰত সতৰ্ক হোৱা উচিত।

----------সমাপ্ত-------
বিশেষ  দ্ৰষ্টব্য- লেখাটো দৈনিক অসম কাকতৰ ৪/৭/২০২০ তাৰিখৰ সংখ্যাত পত্ৰ আকাৰে প্ৰকাশ পাইছে।

No comments:

Post a Comment