Monday 20 July 2020

কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে অসমৰ জনগণক বানপানীত ডুবি মৰিবলৈ দিছে

বিগত বছৰবোৰৰ দৰে এইবছৰো অসমত বানপানী হৈছে।কমেও ২৬ খন জিলাৰ লাখ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে।বান আৰু গৰাখহনীয়াই কৃষকৰ ঘৰ-দোৱাৰ আৰু খেতি পথাৰ সকলো এফালৰ পৰা তচনচ কৰি গৈছে।মানুহ মৰিছে, ঘৰুৱা জীৱ-জন্তু মৰিছে আৰু মৰিছে অলেখ বন্যপ্ৰাণী।এই দুৰ্যোগৰ খবৰবোৰ বাতৰি কাকত, টি ভি চেনেল আৰু সামাজিক মাধ্যমত সম্প্ৰচাৰ হৈ আহিছে আৰু অনেক জনপ্ৰতিনিধিয়ে নিজৰ সমষ্টিৰ কৰুণ দৃশ্যবোৰ দেশ বিদেশৰলোকৰ দৰে আৰামী চোফাত বহি চাইছে।অসমৰ বানপানীৰ ভয়াবহ দৃশ্য দেখি হৃদয়বান বিদেশীলোকৰ অনুকম্পা জাগি উঠি সহায়ৰ হাত আগ বঢ়াইছে।এনে সময়তো বহুতো জনপ্ৰতিনিধি নিৰ্বিকাৰ হৈ আছে। বানপানীহে হৈছে, মহামাৰীহে হৈছে, অসমত নিৰ্বাচনতো হোৱা নাই যে কোনোবা দিল্লী দিছপুৰৰ পৰা উৰা মাৰি আহি জনগণৰ কাষত থিয় দিব?ৰাইজে বুজি পাইছে যে বিপদৰ সময়ত ইজনে সিজনক সহায় নকৰিলে জীয়াই থকাৰ কোনো উপায় নাই।জাত-পাত, ধৰ্ম এইবোৰ বানপানী আৰু মহামাৰীয়ে একো চিনি নাপায়, যিদৰে চৰকাৰে বুজি নাপায় নৈপৰীয়া ৰাইজৰ দুখ-কষ্টৰ কথা; বুজি পোৱা হলে অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হল হেতেন।চৰকাৰে ৰাইজৰ প্ৰাণৰ মমতাৰ কথা উপলব্ধি কৰা হলে নদী বান্ধবোৰে এৰি দিয়া অতিৰিক্ত জলৰাশিয়ে প্ৰতি বছৰে নামনি অংশত প্ৰলয়ঙ্কৰী বানপানীৰ সৃষ্টি কৰা দেখিও অসমৰ ৰাইজৰ প্ৰতিবাদ প্ৰতিহত কৰি নামনি সোৱনশিৰিৰ বান্ধ আৰু দিবাং ভেলিৰ দৰে প্ৰকাণ্ড বান্ধ নিৰ্মাণৰ বাবে উঠি পৰি লাগি যায় নেকি? গুড়ি পৰুৱাবোৰৰ কথা কোনে চিন্তা কৰে? নিজে নিজৰ কথা চিন্তা কৰি মাউখে উটি প্ৰাণ ৰক্ষা কৰে।এতিয়া গুড়ি পৰুৱাৰ দৰে সকলো একগোট হৈ নিজক ৰক্ষা কৰিব লাগিব, তাৰ বাবে চৰকাৰৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰাব লাগিব।এক বৃহৎ শান্তিপূৰ্ণ আন্দোলন হব লাগিব, প্ৰয়োজন হলে নিৰ্বাচনত স্বেচ্ছাচাৰী চৰকাৰৰ পতন ঘটাব লাগিব।মুঠতে,অসম-অৰুণাচলৰ দৰে ভূমিকম্পপ্ৰৱন ৰাজ্যৰ বৰষুণত নৰম হৈ পৰা পাহাৰত বৃহ বান্ধ দি নামনি অঞ্চলৰ লোকৰ বাবে জলবোমাৰ সৃষ্টি কৰাৰ অধিকাৰ কাকো দিয়া উচিত নহয়।বিশ্বৰ বহুতো বৃহ বান্ধে জলপ্ৰলয়ৰ সৃষ্টি কৰি অগণন লোকৰ প্ৰাণ হানি কৰাৰ লগতে বিস্তৰ ক্ষতি সাধন কৰাৰ অলেখ উদাহৰণ আছে।তেনে ক্ষতি জলবিদ্যু প্ৰকল্পৰ যোগে লাভ কৰা আয়তকৈ বহুগুণে বেছি হোৱা দেখা যায়।
--------------সমাপ্ত---------

No comments:

Post a Comment