১৯৪৯ চনৰ ১লা
জানুৱাৰী তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰাৰ পিচত ইম্পেৰিয়েল বেংক অব ইণ্ডিয়া ক ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু ১৯৫৫ চনৰ জুলাই মাহত তাকে ভাৰতীয় ষ্টেট বেংকলৈ ৰূপান্তৰিত কৰা হয়।ইয়াৰ পিচতে ৮টা প্ৰমুখ
ৰাজ্যিক সন্মিলিত বেংকক ১৯৫৯ চনত সহযোগী বেংকলৈ ৰূপান্তৰিত কৰা হয়।১৯৬৯চনৰ ১৯
জুলাই তাৰিখে তদানিন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ
চৰকাৰে কেবিনেটৰ সিদ্ধান্ত অনুযায়ী অধ্যাদেশ জাৰি কৰি দেশৰ ১৪টা ব্যক্তিগত খণ্ডৰ
বেংক ৰাষ্ট্ৰীয়কৃত কৰে।ইয়াৰ মুখ্য উদ্দেশ্য আছিল কৃষি আৰু তাৰ সৈতে জড়িত কাম-কাজ,ক্ষুদ্ৰ উদ্যোগ
আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ দৰে অগ্ৰাধিকাৰ প্ৰাপ্য খণ্ডলৈ বেংক ঋণৰ পৰিমাণ বৃদ্ধি
কৰা।ইয়াৰ যোগেদি দ্ৰুত অৰ্থনৈতিক বিকাশৰ ধাৰা অব্যাহত কৰি ৰাখিবলৈ এচাম নতুন
উদ্যমী সৃষ্টিৰ লক্ষ্য বান্ধি লোৱা হৈছিল।লগতে বেংক পৰিচালনক বৃত্তিমূলক কৰি তুলিব
বিচৰা হৈছিল।বেংক কৰ্মীসকলক উপযুক্ত প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকৰ সেৱাৰ
যুক্তিসংগত মৰ্যদা প্ৰদান কৰিব খোজা হৈছিল।বেংকসমূহ ৰাষ্ট্ৰীয়কৰণৰ যোগেদি বেংকৰ সেৱাৰ
পৰা বঞ্চিত গ্ৰাম্যাঞ্চললৈ বেংক সেৱা প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছিল।ৰাষ্ট্ৰীয়কৃত
ব্যৱসায়িক বেংকসমূহে গ্ৰাম্যাঞ্চলৰ জনগণক যথোপযুক্তভাৱে সেৱা আগ বঢ়াব পৰা নাছিল বাবে ভাৰত
চৰকাৰে আঞ্চলিক গ্ৰামীণ বেংক আইন,১৯৭৬যোগে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ২৫ টা
গ্ৰামীণ বেংক প্ৰতিষ্ঠা কৰি সমগ্ৰ দেশতে গ্ৰামীণ বেংকৰ পাতনি মেলে।এইদৰেই দেশৰ
সৰ্বস্তৰৰ লোককে বেংকিং সেৱাই উপকৃত কৰাৰ লক্ষ্যেৰে বেংকিং খণ্ডৰ আমোল পৰিবৰ্তন
ঘটোৱা হৈছিল।কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকে ১৯৯৩ চনৰ ২২ জানুৱাৰীত নতুন ব্যক্তিগত
খণ্ডৰ বেংক ব্যৱস্থাক দেশত থিতাপি ল’ব পৰাকৈ নীতি নিৰ্দ্দেশনা জাৰি কৰে।ইয়াৰ পিচতে ব্যক্তিগত
খণ্ডৰ বেংকৰ সৈতে প্ৰতিযোগিতাত নামি পৰি ৰাজহুৱাখণ্ডৰ বেংকবোৰে নিজৰ চাৰিত্ৰিক
বৈশিষ্ট বজাই ৰাখি দেশৰ দৰিদ্ৰ শ্ৰেণীটোক বেংকিং সেৱা প্ৰদান কৰাৰ পৰিবৰ্তে ৰঙা ফিটাৰ
মেৰপেচত পৰি পুঁজিপতিসকলকহে নীতি বৰ্হিভূতভাৱে বৃহৎ বৃহৎ পৰিমাণৰ ঋণ প্ৰদান কৰিব লগা হ’ল।অনেকজনে তেনে ঋণ পৰিশোধ
নকৰি বিদেশলৈ উৰা মাৰিলে।ইযাৰ পৰিণাম স্বৰূপে ৰাজহুৱা খণ্ডৰ বেংকবোৰৰ প্ৰকৃত লাভৰ
পৰিমাণ হ্ৰাস পাই যাব ধৰে।২০১৪-১৫ চনৰ বছৰটোত ৰাজহুৱা খণ্ডৰ বেংকবোৰৰ দ্বাৰা
প্ৰকাশিত তথ্য অননুযায়ী প্ৰকৃত লাভ আছিল ৩৭,৫৪০ কোটি টকা।ই ২০১৫-১৬ ত হয় গৈ প্ৰকৃত
লোকচান ১৭,৯৯৩ কোটি টকা, ২০১৬-১৭ ত প্ৰকৃত লোকচান ১১.৩৮৮ কোটি টকা, ২০১৭-১৮ চনত
প্ৰকৃত লোকচান ৮৫,৩৭১ কোটি টকা আৰু ২০১৮-১৯ চনৰ বছৰটোত প্ৰকৃত লোকচান হয়গৈ ৬৬,৬০৬
কোটি টকা।এনেবোৰ লোকচানৰ বাবে কিন্তু বেংকবোৰ জগৰীয়া নহয়, বেংকৰ কৰ্মচাৰীসকলে কঠোৰ
পৰিশ্ৰম কৰাৰ বিনিময়ত বেংকে যি লাভ অৰ্জন কৰে সেয়া পুঁজিপতি আৰু কৰ্পোৰেট গোষ্ঠীক
প্ৰদান কৰা বৃহৎ পৰিমাণৰ ঋণ বছৰ বছৰ ধৰি অনাদায় হৈ থকা বাবে খিলাপী হোৱাত হিচাপ
বৰ্হিভূত হৈ লোকচানৰ ঘৰত ধৰি মিলাব লগীয়া হয় আৰু লাভৰ পৰিবৰ্তে লোকচানহে দেখুৱাব
লগা হয়।এই লোকচানৰ অজুহাতত এতিয়া ৰাজহুৱা খণ্ডৰ বেংক বিক্ৰী কৰাৰ চক্ৰান্ত চলি
আছে।এতিয়া পুঁজিপতিৰ উন্নয়নেই দেশৰ উন্নয়ন।বাকী সকলোবোৰ কথাই ৰাজনৈতিক নেতাৰ
বহুৱালি।দেশৰ কৃষক, শ্ৰমিক আৰু সৰ্বসাধাৰণ জনতা সজাগ নহ’লে
আটাইৰে ৰাজহাড় ভাঙি দিবলৈ বেছি দিন নালাগিব।
----------------সমাপ্ত---------
No comments:
Post a Comment