Tuesday 7 July 2020

শ্ৰমিকক সকাহ দিব পৰা নাই কোনো আঁচনি য়ে


না ভাইৰাছৰ কাৰণে সমগ্ৰ দেশ স্থবিৰ হৈ পৰিল।অসংগঠিত খণ্ডৰ কোনো সামাজিক নিৰাপত্তা নথকা বাবে নিয়োগকাৰীৰ কাম বন্ধ হোৱাৰ লগে লগে এই খণ্ডৰ কৰ্মীসকল সকলো দিশৰ পৰাই অতি বেয়া ধৰণে ক্ষতিগ্ৰস্ত হল।
অন্যহাতে,দেশৰ অধিকাংশ লোকেই কৃষিখণ্ডত নিয়োজিত হৈ আছে।ইয়াত দেশৰ ৪৫% কৰ্মবাহিনীয়ে কামত নিয়োজিত হৈ আছে।তলাবন্ধৰ সকলোতকৈ অধিক কুপ্ৰভাব যোগান শৃঙ্খল ভঙ্গৰ ওপৰত পৰে।নিয়োগকৰ্তা লোকচানৰ সমুখীন হৈ কৰ্মচাৰীক কামৰ পৰা আঁতৰাই দিয়ে।নিয়োগ বন্ধ হৈ পৰাৰ লগে লগে কৰ্মীসকলৰ আয়ৰ পথো ৰুদ্ধ হৈ পৰিল।তেওঁলোকৰ সঞ্চয় শেষ হৈ যোৱাৰ লগে লগে লোকসকলে আহাৰ-পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হল।এয়া ভয়ানক পৰিস্থিতি।প্ৰথম কনা,তাৰ পিচত ভোক আৰু লগতে আহিল পুলিচৰ ভয়।নিজৰ ৰাজ্যৰ নিজ গৃহলৈ কোনোৰকম প্ৰাণটো লৈ ঘূৰি অহাসকলৰ অৱস্থা সৰ্বজন বিদিত।
২০১৯ চনৰ অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুযায়ী দেশৰ সৰ্বমুঠ কৰ্মশক্তিৰ ৯৩% অসংগঠিত খণ্ডৰ সৈতে জড়িত হৈ আছে।দেশৰ অৰ্থনীতিৰ সঞ্চালনত এই অসংগঠিত খণ্ডৰ বৃহৎ অৰিহণা আছে।তথাপিতো এই খণ্ডটোক ৰক্ষনাবেক্ষণ দিয়াৰ কোনো নিগাজী ব্যৱস্থা নাই।দেশৰ সৰ্ব বৃহৎ অসংগঠিত অংশই কাম কৰা কৃষি খণ্ডটোও তলাবন্ধত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হল।কনাৰ পিচতে সমস্যা হিচাপে থিয় দিলে ভোক আৰু প্ৰব্ৰজনে।তেওঁলোকে কেৱল কনাৰ লগতে নহয় ভোকৰ লগতো যুঁজ দিব লগা হল।

লোপিয়লে পূৰ্বানুমান কৰিছিল যে দেশৰ দুখীয়া লোকৰ জনসংখ্যা ২৬.৮ কোটি হব।এনে লোকৰ দৈনিক আয় ১৪২.৮০ টকাতকৈও কম।এই লোক সকলেই আটাইতকৈ বেছি  ক্ষতিগ্ৰস্ত হৈছে। কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰা দ্ৰৰিদ্ৰ কল্যাণ পেকেজৰ ১.৭০ লাখ কোটি টকা এইসমূহ একাউন্টলৈ পোনপটীয়াকৈ স্থানান্তৰ কৰা হৈছে।চৰকাৰৰ এনেবোৰ আঁচনিয়ে দেশৰ কোটি কোটি দৰিদ্ৰলোকক সাময়িকভাৱে সকাহ দিলেও ই সমস্যা সমাধানৰ পথ হব নোৱাৰে।এই ব্যৱস্থাৰ যোগেদি গৰিষ্ঠ সংখ্যক লোকক আনুষ্ঠানিক অৰ্থনীতিৰ গণ্ডীৰ ভিতৰলৈ আনিছে আৰু হিতাধিকাৰীৰ তালিকাখন দীঘলীয়া হৈছে।দেখা যায় যে এই হিতাধিকাৰীসকলকে শাসনত থকা ৰাজনৈতিক দলে ভোট বেংক গণ্য কৰি নিৰ্বাচনত জয়ী হোৱাৰ সপোন ৰচনা কৰে।কিন্তু দেশৰ অৰ্থনৈতিক বিপৰ্যয়ৰ বাবে আনুষ্ঠানিক অৰ্থনীতিলৈ অহা হিতাধিকাৰীসকলৰ বাবে চৰকাৰী আচঁনিবোৰ আৰ্শীবাদ নহৈ অভিশাপহে হৈছেগৈ।সেয়েহে ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগে পিছে দেশক আলোড়িত কৰি যোৱা সেই আত্মনিৰ্ভৰশীল ভাৰতৰ শ্লোগান পুনৰবাৰ আওৰাই তাৰ বাবে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰা হল।বেংকবোৰে ঋণ হিচাপে প্ৰদান কৰিব লগীয়া ধনকো ইয়াত অন্তৰ্ভুক্তি কৰা হল।এনে এক পেকেজৰ যোগেদি বৰ্তমানৰ দুৰ্ভিক্ষৰ সময়ত নিবনুৱাসকলক তৎকালিনভাৱে কোনো সকাহ নিব নোৱাৰে ।
              
১.৪ কোটি প্ৰব্ৰজিত লোকৰ পৰিয়ালৰ গড় মাহেকীয়া আয় ৩৫০০ ৰ পৰা ৪০০০ টকাৰ ভিতৰত।যদিহে পাঁচজন লোকেৰে গঠিত এটা পৰিয়ালক এটা গোট বুলি ধৰা হয়, তেতিয়া প্ৰতিজনৰ মাহেকীয়া আয় হয়গৈ ৭০০ ৰ পৰা ৮০০ টকা।এই আয় দেশৰ নগৰ অঞ্চলৰ দৰিদ্ৰ ৰেখাৰ সৈতে সমান।

দেশৰ প্ৰায় ৮০%কৰ্মবাহিনী অনানুষ্ঠানিক অৰ্থনীতিৰ ভিতৰত পৰে।চৰকাৰী তথ্য অনুযায়ী, ইয়াৰ ৪% চুক্তিবদ্ধ কৰ্মী।পাঁচজনৰ ভিতৰত এজনে মাত্ৰ পায় মাহেকীয়া বেতন। কৰ্মবাহিনীৰ আধা ভাগেই আত্ম নিয়োজিত।ইয়াত আছে দোকানী, হকাৰ, চেলুনৰ গৰাকী, চাইকেল মেৰামতি কৰোঁতা আৰু জোতা মুচি ইত্যাদি।লকডাউনৰ ফলত উদ্ভৱ হোৱা অৰ্থনৈতিক সংকটৰ পৰা কোনোৱে পৰিত্ৰাণ পাব পৰা নাই।প্ৰকৃততে,অৰ্থনৈতিক ব্যৱস্থাত প্ৰতিটো খণ্ডই ইটোৰ লগত সিটো সংযুক্ত হৈ থাকে।গাঁওবোৰে নগৰলৈ খাদ্য সামগ্ৰী যোগান ধৰে আৰু নগৰবোৰে গাঁওবোৰলৈ বয়-বস্তু পঠায়।লকডাউনৰ ফলত পৰিবহন ব্যৱস্থা সম্পূৰ্ণ বিকল হৈ পৰাত গ্ৰাম্যাঞ্চলত উপাদিত ফচল কৃষকৰ পথাৰতে নষ্ট হল আৰু নগৰৰ বয়-বস্তুৰ যোগানো বন্ধ হোৱাত সৰ্বত্ৰ হাহাকাৰ পৰিস্থিৰ উদ্ভৱ হল।নগৰাঞ্চলত শাক-পাচলি, মাছ-মাংস আদিৰ অভাৱ ঘটিল আৰু গ্ৰাম্যাঞ্চলত প্ৰয়োজনীয় সামগ্ৰীৰ নাটনি হল।সুযোগ সন্ধানী অসাধু ব্যৱসায়ীয়ে অতি চৰাদামত বয়-বস্তু বিক্ৰী কৰি সৰ্বহাৰা লোকৰ মূৰত ৰাম টাঙোন সোধাইছে।
দেশৰ শ্ৰমিকসকলক সকাহ দিয়াৰ পৰিবৰ্তে পুঁজিপতিক সকাহ দিবলৈ আইন সংশোধন হৈ অহাৰ বাবেই দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব ধৰিলে আৰু চাহিদাৰ নিম্নগামিতাই ইতিমধ্যই অৰ্থনৈতিক বিপৰ্যয় নমাই আনিছিল।ভুতৰ ওপৰত দানহ পৰাদি আহিল কোভিড-১৯ৰ বিভীষিকা। দেশৰ চৰকাৰে সৰ্বহাৰা শ্ৰমিকসকলক আৰ্থিকভাৱে সবল কৰাৰ কোনো ধৰণৰ খৰতকীয়া তথা ফলপ্ৰসু আঁচনি হাতত লব পৰা নাই।এতিয়া আচনিবোৰ কেৱল ভোটবেংকৰ স্বাৰ্থতহে হৈছে।ফলত দুখীয়া শ্ৰেণীৰ লোকসকলৰ অৱস্থা শোচনীয় হৈছে।
--------------সমাপ্ত------------
লেখাটো অসমৰ বহুল প্ৰচাৰিত তথা বলিষ্ঠ দৈনিক বাতৰি কাকত আমাৰ অসমৰ বুধ-বিতৰ্ক শিতানত ১৫জুলাই ত প্ৰকাশ পাইছে।

No comments:

Post a Comment