Wednesday 22 July 2020

গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ সিংহ আৰু মালধাৰীসকলৰ বিচিত্ৰ কথাবোৰ

গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান এচীয় প্ৰজাতিৰ সিংহৰ বাবে ৰাজ সাম্ৰাজ্য আৰু শিয়াল, হায়েনা ,নীলগাই, কেটেলা পহু আৰু শৰ-হৰিণা আদি অধিকাংশ বন্য জীৱ-জন্তুৰ লগতে মালধাৰী নামৰ এক জনজাতি  সম্প্ৰদায়ৰ লোকৰ বাবে আদৰ্শ বাসস্থান।১৯৬৫ চনত এই অৰণ্য ভূমিক গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্য প্ৰাণী অভয়াৰণ্য বুলি ঘোষণা কৰা হয়এই অভয়াৰণ্যৰ সৰ্বমুঠ মাটি কালি ১৪১২বৰ্গ কিলোমিটাৰ(৫৪৫ বৰ্গ মাইল)।ভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু গছ-গছনিৰ অপূৰ্ব সুন্দৰ শোভাই মন মুহি পেলোৱা ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰতি বছৰে কোটি টকা মূল্যৰ সেঁজীয়া ঘাঁহকাঠ আদি উৎপন্ন হয়। দেশী-বিদেশী পৰ্যটকৰ বাবে এই গিৰ অভয়াৰণ্যৰ মূল আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈছে এচিয়াটিক সিংহ

সিংহ হল বাঘৰ পিচতেই জীৱিত মেকুৰী জাতীয় প্ৰাণীৰ ভিতৰত দ্বিতীয় বৃহত্তম প্ৰাণী।বৰ্তমান আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চল আৰু এচিয়াত(একমাত্ৰ ভাৰতৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত)বন্য সিংহ পোৱা যায়, বাকী উত্তৰ আফ্ৰিকা আৰু দক্ষিণ পশ্চিম এচিয়াৰ সিংহবোৰ ঐতিহাসিক সময়তেই বিলুপ্ত হৈ গল বুলি কোৱা হয়।আজিৰ পৰা প্ৰায় ১১,৭০০ বছৰৰ আগৰ প্লেষ্ট‌'চিন(The Plestocene) যুগৰলৈকে সিংহবোৰ আছিল মানুহৰ পাছতেই আটাইতকৈ বেচি বিস্তাৰিত বৃহৎ স্তন্যপায়ী স্থলচৰ প্ৰাণী।ইহঁতক আফ্ৰিকাৰ অধিক অঞ্চল, পশ্চিম ইউৰোপৰ পৰা ভাৰতলৈকে ইউৰেচিয়া আৰু ইউক্ৰেইনৰ পৰা পেৰু পৰ্যন্ত আৰু আমেৰিকাত দেখা পোৱা গৈছিল।তেনে সিংহ এতিয়া একপ্ৰকাৰৰ বিপন্ন প্ৰাণী।

অৰণ্যত মতা সিংহ কেতিয়াবা ১০ৰ পৰা ১৪ বছৰ পৰ্যন্ত জীৱাই থাকে, প্ৰভূত্ব বিস্তাৰৰ বাবে ইহঁতৰ নিজৰ মাজত হোৱা দন্দবোৰত পোৱা আঘাতে ইহঁতৰ জীৱনকাল হ্ৰাস কৰে।অন্যথা ইহঁত ২০ বছৰ পৰ্যন্ত জীৱাই থাকিব পাৰে।সিংহবোৰ সাধাৰণতে উষ্ণমণ্ডলীয় ঘাঁহনি পথাৰ আৰু তৃণভূমিত বাস কৰে, যদিও ইহঁতক জোপোহা আৰু অন্যান্য অঞ্চলতো পোৱা যায়।অন্য মেকুৰীজাতীয় জন্তুৰ ভিতৰত সিংহবোৰেই একমাত্ৰ সামাজিক প্ৰাণী।সিংহৰ এটা জুমত সম্বন্ধীয় মাইকী, সিহঁতৰ সন্তান আৰু কেইটামান মতা সিংহ থাকে।সাধাৰণতে সিংহই মানুহৰ চিকাৰ নকৰে, কিন্তু কেতিয়াবা কিছুমানে কৰে।ইহঁতে প্ৰধানকৈ দিনৰ ভাগত শুৱে, প্ৰাথমিকভাৱে সন্ধ্যা আৰু পুৱতি নিশা সক্ৰিয় হয।সিংহৰ উচ্চস্তৰৰ লিংগীয় বৈষমতা আছে, কেশৰৰ দ্বাৰা মতাবোৰক সহজে চিনাক্ত কৰিব পাৰি।মানৱ সংস্কৃতিত সিংহৰ মুখাবয়বৰ ছবিৰ বহুল ব্যৱহাৰ কৰা হয়ভাস্কৰ্য, চিত্ৰকলা, ৰাষ্ট্ৰীয় পতাকা আৰু চলচিত্ৰ তথা ধৰ্ম, সাহিত্য আদি ক্ষেত্ৰতো ব্যৱহৃত হয়।হিন্দু ধৰ্মমতে, ভগৱানৰ দশ অৱতাৰৰ ভিতৰত নৰসিংহ ৰূপ ধাৰণ কৰাটোও আছিল অন্য এক অৱতাৰ।নৰসিংহই অহঙ্কাৰী তথা বিধৰ্মী ৰজা হিৰণ্যকশিপুৰক কোলাত শুৱাই লৈ নখেৰে আঁচোৰি পেট ফালি বধ কৰিছিল। সেয়ে কাঠেৰে নিৰ্মাণ কৰা হিন্দু ধৰ্মৰ গুৰু আসনতো সিংহই স্থান পাইছে।

গিৰত মতা সিংহ আৰু মাইকী সিংহই একেলগে জুম বান্ধি নাথেকে।এচিয়টিক সিংহৰ মতা আৰু মাইকীৰ জুম বেলেগ বেলেগ।আফ্ৰিকাৰ সিংহবোৰেহে মতা আৰু মাইকী একেলগে জুম বান্ধি থাকে।একোটা মতা সিংহই বৃহৎ অঞ্চল নিজৰ দখলত ৰাখে আৰু সেই অঞ্চলত থকা মাইকী সিংহৰ সৈতে মিলন ঘটায়।মতা সিংহবোৰে লগ লাগি ডাঙৰ হোৱা মতা পোৱালিবোৰক মাকবোৰে কৰা আপত্তি সত্বেও মাইকী সিংহৰ জুমৰ পৰা খেদি পঠায় আৰু খেদা খোৱা মতা পোৱালিবোৰে নতুন দল গঠন কৰি বয়োজ্যেষ্ঠসকলৰ দখলত থকা এলেকাৰ বাহিৰত থাকিবলৈ লয়।অন্য ঠাইৰ পৰা বেলেগ মতা সিংহ আহিলে জুমৰ মতা সিংহবোৰে খেদি পঠিয়াবৰ বাবে যুঁজ বাগৰত লিপ্ত হয়।মাইকী সিংহবোৰে লগলাগি ডাঙৰ আকাৰৰ খুৰাষুক্ত স্তন্যপায়ীৰ চিকাৰ কৰে।সকলোতকৈ প্ৰভাৱশালীটোৱে খোৱাৰ পিচত প্ৰভাৱশালীতাৰ অধিক্ৰম অনুযায়ী আনবোৰে এটা এটাকৈ ভক্ষন কৰেএদিন পেট পূৰাই খাবলৈ পালে দুদিন মানলৈ সিংহই নোখোৱাকৈ থাকিব পাৰে।আমি সকলোবোৰ সিংহকে একে দেখিলেও, মাটি-বালিত সিংহই এৰি যোৱা পদ চিহ্নবোৰ একেই দেখিলেও সিংহৰ ওপৰত গৱেষণা কৰি থকা শিক্ষাৰ্থী তথা অন্যন্য গৱেষকসকলে কিন্তু তাৰ মাজতে পাৰ্থক্য বিচাৰি পায়।তেওঁলোকৰ মতে, মানুহৰ মুখাবয়ববোৰ যিদৰে ইজনৰ লগত সিজনৰ মিল নাথাকে ঠিক সেইদৰেই এটা সিংহৰ লগত আনটো সিংহৰ মুখাবয়বৰ মিল নাথাকে আৰু সেইদৰেই মতা সিংহ আৰু মাইকী সিংহৰ পদ চিহ্নৰো পাৰ্থক্য আছে।পদ চিহ্নলৈ লক্ষ্য ৰাখিয়েই কোনো এক পথেদি গুচি যোৱা সিংহৰ বয়স, সংখ্যা আৰু লিংগ নিৰূপণ কৰিব পাৰি।

গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰহৰীসকলে অহৰ্নিশে তাৰ সিংহ আৰু অন্যান্য জীৱ-জন্তুবোৰৰ গতিবিধিৰ ওপৰত নজৰ ৰাখি থাকে।তেওঁলোকে হাতত পাঁচফুট মান দীঘল আৰু অলপ শকত লাঠী একোডাল লৈ ফুৰে। লাঠীডালৰ আগত সৰু কুঠাৰ একোখন থাকে।প্ৰয়োজনত কাঁইটীয়া হাবিৰ মাজেৰে যাওঁতে সেইখনৰে বাট মোকোলাই আগুৱাই যায়লাঠীডাল দেখিলে সিংহই ভয় কৰে আৰু আক্ৰমণ কৰিবলৈ আগুৱাই নাহে। কেতিয়াবা যদি সিংহই খেদিও আহে তেন্তে ভয় নকৰি সিংহক আঘাত নকৰাকৈ লাঠী জোকাৰি নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিব পাৰিলেই মানুহজনক তাতকৈ বলৱান বুলি ঠাৱৰ কৰি সিংহ পলাই যায়, কিন্তু ভয় কৰি পলাব খোজাজনক আক্ৰমণ কৰে।

গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ মিতীয়ালাত এক প্ৰাচীন ৰাজপ্ৰাসাদ আছেপোন্ধৰশ শতিকাতে ৰাজপ্ৰাসাদটো নিৰ্মাণ কৰা হৈছিল।বৰ্তমানৰ গিৰ ৰাষ্ট্ৰীয় ৰ্উদ্যানৰ অৰণ্য ভূমি এসময়ত বৃটিছৰ ভাৰতত শাসন কালত ইংৰাজসকলৰ বাবে আছিল চিকাৰ স্থলি।সেই সময়ত বাঘ-সিংহ চিকাৰ কৰাটো আছিল এক গৰ্বৰ বিষয় তথা সন্মানৰ কথা। ৰাজ্যসমূহৰ শাসকসকলে বৃটিছ ঔপনিবেশবাদীসকলক চিকাৰ অভিযানৰ বাবে আমন্ত্ৰণ জনাইছিল।আনকি সেই সময়ৰ ৰজাসকলৰ মাজত সিংহ নিধনৰ প্ৰতিযোগিতাও চলিছিল।যিজন ৰজাই যিমান ডাঙৰ সিংহ বধ কৰিব পাৰিছিল সেই অনুপাতে সন্মান আৰু খিতাপ লাভ কৰিছিল। এই কথাৰ সত্যতাৰ প্ৰমাণ স্বৰূপে মিতীয়ালা সংৰক্ষিত অভয়াৰণ্যৰ মাজত থকা এই ৰাজপ্ৰাসাদত(বৰ্তমান আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় হিচাপে ব্যৱহৃত হৈ আছে)বৰ্তমানো দৈৰ্ঘ্যতা মাপ নিৰূপক চিহ্নসহ এক পকী মজিয়া সংৰক্ষিত হৈ আছে যত মৃত চিকাৰবোৰৰ দৈৰ্ঘ নিৰূপণ কৰা হৈছিল।এনে কাৰ্যৰ পৰিণতি স্বৰুপে ১৯ শতিকাৰ শেষৰ ফাললৈ মাত্ৰ এক দৰ্জনমান এচিয়াটিক সিংহ ভাৰতত বাকী থাকিছিল, সকলোবিলাক আছিল জুনাগড়ৰ নবাবৰ ১৯ শতিকাত সম্ভ্ৰমজনক ব্যক্তিগত চিকাৰ স্থলি বুলি জনাজাত গিৰ অৰণ্যৰ এটা অংশত। নবাবৰ তৎপৰতাত সিংহ নিধন পৰ্বৰ সমাপ্তি ঘটিল।পিচত নবাবৰ পুত্ৰ নবাব মহম্মদ মহাবত খান তৃতীয়ই সিংহ সংৰক্ষণ কামত আগভাগ লয়।

গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত এলেকাৰ ভিতৰৰ বনভূমিত একপ্ৰকাৰৰ ব্যতিক্ৰমী শুভ্ৰ পোছাক পৰিধাণকাৰী লোকে হাতত এডাল শকত লাঠী লৈ জাক জাক গৰু,,ছাগলী আৰু ভেৰা আদি চৰাই থকা দেখা যায়।এই লোকসকলক মালধাৰীবোলা হয়।গুজৰাটী ভাষাৰ শব্দগত অৰ্থ অনুযায়ী মাল মানে জীৱ-জন্তু আৰু ধাৰী শব্দৰ অৰ্থ হল প্ৰতিপালক বা অভিভাৱক।এতেকে মালধাৰীসকলক জীৱ-জন্তু পালন কৰোঁতা লোক বুলিব পাৰি।অতীজতে তেওঁলোক ৰাজস্থানৰ লোক আছিল বুলি জনা যায়। তেওঁলোক নিৰামিষ ভোজী।মালধাৰীসকল কোনো এটা ধৰ্ম বা জাতিৰ লোক নহয়।তেওঁলোকৰ মাজত হিন্দু, মুছলমান দুয়োটা ধৰ্মৰ লোক তথা বিভিন্ন জাতিৰ লোক আছে।তেওঁলোক অতি সাহসী আৰু গিৰ অঞ্চলৰ অৰণ্য ভূমিত সিংহৰ আক্ৰমণ প্ৰতিৰোধ কৰি এচিয়াটিক বনৰীয়া সিংহৰ সৈতে সমিলমিলেৰে থাকি ম, গৰু আৰু ভেড়া-ছাগলী আদি প্ৰতিপাল কৰি অতি সাধাৰণ ভাৱে জীৱন অতিবাহিত কৰপ্ৰাপ্ত তথ্য অনুযায়ী,গিৰ ৰাষ্ট্ৰীয় উদ্যানত ২০১৫ চনত ৫২৩টা সিংহ আছিল আৰু পৃথিবীৰ বিলুপ্তি প্ৰায় এই প্ৰাণী বিধৰ সংখ্যা বৃদ্ধি পাই ২০১৮ চনত ৬০০ হোৱাটো এক ভাৱিব নোৱাৰা কথা।সিংহৰ এনে জনসংখ্যা বৃদ্ধিৰ বাবে গিৰৰ অৰণ্য ভূমিত সিংহৰ সৈতে সহবাস কৰি অহা মালধাৰী জনজাতিকেই কৃতিত্ব দিব লাগিব।ভাৰতৰ বন্য প্ৰাণী প্ৰতিষ্ঠানৰ এক অধ্যয়নৰ মতে, সিংহ আৰু মালধাৰীলোকসকলে পৰস্পৰৰ সহযোগিতাৰ বাতাৱৰণত(a win win situation)বসবাস কৰেসিংহবোৰৰ প্ৰতিদিনৰ খাদ্যৰ অধিকাংশ মালধাৰীসকলে প্ৰতিপালন কৰা জীৱ-জন্তুৰ পৰাই আহে।সিংহই বধ কৰা জন্তুবোৰ প্ৰায়ভাগ সময়ত মালধাৰীসকলৰ বাবে কোনো ধৰণৰ কামত নহা বা অলাগতীয়াল(বৃদ্ধ অথবা মৃতপ্ৰায়)হয়সেয়ে মালধাৰীসকলে সিংহক তেওঁলোকৰ বাবে ভাবুকি বুলি গণ্য নকৰে।ইয়াৰ ফলস্বৰূপে মালধাৰীসকলে সিংহৰ সৈতে সংঘাত এৰাই চলি কোনো ভয় নোহোৱাকৈ নিৰাপদে সম্পদ আহৰণৰ বাবে অৰণ্য মুক্তভাৱে বিচৰণ কৰিব পাৰে

এটা সময়ত গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত বাস কৰা মানুহ আৰু বন্য জীৱ-জন্তুৰ মাজত সংঘাত বৃদ্ধি পোৱাত এচিয়াটিক সিংহ গিৰ বন্য-প্ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা বাহিৰলৈ গৈ সিঁচৰিত হৈ বসবাস কৰিবলৈ লোৱাত শ শ মালধাৰী লোকক(গিৰ অভয়াৰণ্যৰ গতানুগতিক বাসিন্দা)১৯৮০ চনৰ চৰকাৰৰ পুণৰ সংস্থাপনৰ আঁচনিৰ সুবিধা দি অৰণ্যৰ বাহিৰত থাকিবলৈ দিয়া হৈছিল।তেওঁলোকে যোৱা দুটা দশকৰ ভিতৰতে পুনৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যৰ মাজলৈ সোমাই আহিছে।চৰকাৰৰ বন বিভাগৰ হিচাপ অনুযায়ী প্ৰায় ৪৫০ টা পৰিয়াল এতিয়া অভয়াৰণ্যৰ ভিতৰত বসবাস কৰি আছে।ইয়াৰে সৰহ  ভাগ পৰিয়ালে চৰকাৰী আঁচনিৰ সুবিধা পাইছিল আৰু এতিয়া পুনৰ ঘূৰি আহিছে।এটা হিচাপ মতে, দুটা দশকৰ ভিতৰত প্ৰায় ২০০০ মালধাৰীলোক গিৰ অভয়াৰণ্যলৈ ঘূৰি আহিছে।তেওঁলোকৰ বহুতে চৰকাৰে দিয়া ভূমি বিক্ৰী কৰি আহিছে।ইয়াৰ অন্তৰালৰ অজুহাত আছিল এয়ে যে চৰকাৰে তেওঁলাকক দিয়া ভূমি পাহাৰীয়া আৰু শিলাময় আছিল বাবে তাত খেতি কৰিব পৰা নাছিল আৰু ঘাঁহ-বনৰ অভাৱত জীৱ-জন্তুও পালন কৰিব পৰা নাছিল।আচলতে বৰ্তমানো শিক্ষাৰ ক্ষেত্ৰত পিচপৰি থকা বাবে বৈজ্ঞানিক পদ্ধতিৰে লাভজনকভাৱে পশু পালন বা কোনো স্থানত স্থায়ী ভাৱে বসতি কৰি আধুনিক প্ৰযুক্তি প্ৰযোগ কৰি তেওঁলোকে কৃষি কাৰ্যও চলাই যাব পৰা নাই।তেওঁলোকে নিজৰ নেছত(তেওঁলোকৰ গাওঁবোৰক Ness বুলি কোৱা হয়) অস্থায়ী ভাৱে কিছুদিন থাকে আৰু কিছুমান সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ অন্য কোনো দূৰণি ঠাইৰ নেছত থাকিবলৈ গুচি যায়।দৌৰি ফুৰা কেঁকোৰাৰ তেল নোহোৱাৰ দৰে মালধাৰীসকলো আৰ্থিকভাৱে দুৰ্বল হৈ পৰে।পিচে অতি সাধাৰণ ভাৱে থাকিও সোণ ক্ৰয়ত মালধাৰীসকলে ধন বিনিয়োগ কৰে বুলিও বহুতে কয়।

বহুবছৰ ধৰি যুঁজ-বাগৰ চলি বন ৰজাই সততে পৰাজিত হব লগীয়াত পৰি বগা পোছাক পৰিহিত মালধাৰী সকলক দেখা পালে ভয়তে সিংহই পলাই ফাট মাৰে।পিচলৈ সিংহবোৰে আনকি যিকোনো বগা বস্ত্ৰ পৰিধানকাৰী লোকলৈয়ে ভয় কৰা হল।তথাপিও মালধাৰীয়ে চৰাবলৈ লৈ যোৱা মহজাকৰ আগে আগে এহাল গৰুক যাবলৈ দিয়ে।শালৰ মাজত শিঙীৰ দৰে হলেও সিহঁতে আত্মঘাতী বোমাৰুৰ দৰে কাম কৰে।অৰণ্যৰ মাজলৈ সোমাই যাওঁতে ভোকাতুৰ বাঘ-সিংহই সমুখত গৰু হাল দেখা পাই সিঁহতকে বধ কৰি ভক্ষণ কৰে আৰু উদৰ পূৰ কৰে।ইয়াৰ ফলত মালধাৰীসকলৰ গৰুতকৈ অত্যধিক মূল্যবান মহৰ জীৱন ৰক্ষা পৰে।শিং পাক খোৱা সুন্দৰীনামৰ জাফৰাবাদী সঁচৰ মহবোৰে যথেষ্ট পৰিমাণৰ গাখীৰ দিয়ে বাবে বজাৰ মূল্য বহুত বেছি। গাখীৰ বেছিকৈ দিয়া আৰু শিং বেছকৈ পাক খোৱা সুন্দৰীৰ দাম এক লাখ টকালৈকে উঠে।সেয়ে মালধাৰীসকলে অতীজৰে পৰা মহৰ জাকৰ আগত গৰুক স্থান দি আহিছে। অৱশ্যে,তললৈ ওলমি পৰি থকা দীঘল কাণৰ গিৰগাইবোৰ কিন্তু দামী।

খৰাং বতৰত গছ-বিৰিখৰ পাত সৰি টকলা হলে, ঘাঁহ-বন শুকাই নিঃশেষ হলে জীৱ-জন্তু বোৰক মালধাৰীসকলে ঘাঁহ-বন পুনৰ গজি উঠা দিনৰলৈকে জীয়াই ৰখাটো কঠিন হৈ পৰে।জীৱ-জন্তু কেইটিৰ বাবে এক কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি তেওঁলোকে এই সমস্যাৰ সমাধান কৰে।অৰ্থাৎ, ধনৱান কৃষকে নিজৰ বৃহৎ ফাৰ্মত ইতিপূৰ্বে প্ৰস্তুত কৰি ৰখা ঘাঁহনিৰ ঘাঁহ-পানী খুৱাই জীৱ-জন্তুবোৰৰ প্ৰাণ ৰক্ষা কৰে আৰু তাৰ বিনিময়ত কঠোৰ পৰিশ্ৰম কৰি বিনা বেতনত ফাৰ্মৰ মালিকৰ খেতিৰ কাম সম্পূৰ্ণ কৰি দিয়ে। এই দৰেই মালধাৰীসকলে এক প্ৰকাৰৰ অঘৰী জীৱন যাপন কৰে।

অলপতে গুজৰাট চৰকাৰে ভাৰতীয় বন্য প্ৰাণী প্ৰতিষ্ঠানৰ অত্যাধুনিক কেমেৰা ট্ৰেপিং পদ্ধতিৰ গণনাক নস্যা কৰি পূৰ্ণিমাৰ জোনাকত মানুহে ২৪ ঘন্টাৰ ভিতৰত গন্তি কৰা অবৈজ্ঞানিক তথা গতানুগতিক পদ্ধতিৰেই সিংহৰ পিয়ল পৰ্ব সমাধা কৰি ২০১৫ চনৰ ৫২৩ টাৰ ঠাইত বৰ্তমান ৬৭৪ টা সিংহ আছে বুলি ঠাৱৰ কৰিছে।অত্যাধুনিক পদ্ধতিৰে ব্যাঘ্ৰ প্ৰকল্পৰ পিয়ল সমাধা কৰি গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভূক্তি কৰিবলৈ সমৰ্থ হোৱা বন্য প্ৰাণী বিশেষজ্ঞসকল গুজৰাট চৰকাৰৰ এনে কাৰ্যত হতভম্ব হৈছে।গিৰ ৰাষ্ট্ৰীয় উদ্যানত সিংহৰ ওপৰত গৱেষণাৰ কাম কৰিবলৈ আগ্ৰহী বন্যপ্ৰাণী গৱেষকসকলকো তাৰ বনবিভাগে সহযোগ কৰিব নোখোজা বুলি মন্তব্য কৰি আহিছে।

সিংহৰ বৰ্ধিত জনসংখ্যা অনুপাতে গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যত সিংহৰ বিচৰণ স্থলিৰ যাতে অভাৱ নহয় সেয়াহে মনোযোগ দিব লগীয়া কথা।ৰাজনৈতিক প্ৰভাৱ খটুৱাই বা অন্য ধৰণে অভয়াৰণ্যৰ ভূমি বেদখলৰ কবলত পৰা বুলি স্থানীয় অনেক সচেতনলোকে মত প্ৰকাশ কৰি আহিছে।এনেকুৱা লে সিংহ অথবা অন্যান্য জীৱ-জন্তুৰ বিচৰণ ভূমিৰ অভাৱৰ ফলত্ জন্তু মানৱৰ বৰ্ধিত সংঘাতে বিপদ চপাব।আমাৰ গুৱাহাটী মহানগৰীত বন্য হস্তী, বাঘ আৰু হৰিণ আদিয়ে মুক্ত বিচৰণ কৰাদি সিংহইও সৌৰাষ্ট্ৰৰ নগৰ-চহৰত মুক্ত বিচৰণ কৰিব যে তাৰ কোনো নিশ্চয়তা নাই।তাৰোপৰি, ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে চলা কিছুমান নিৰ্মাণ কাৰ্যৰ ফলত এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ গতি কৰিব নোৱাৰি সিংহ আৰু অন্য জীৱ-জন্তুবোৰে ওচৰ-পাজৰৰ গাঁওবোৰত সঘনাই প্ৰৱেশ কৰা বুলি বহুলোকে ব্যক্ত কৰে।কিছুমান অসৎ লোকে গাঁৱত প্ৰৱেশ কৰা সিংহক ধনৰ বিনিময়ত উৎসুক দৰ্শনাৰ্থীক দেখুৱাবৰ বাবে গৰু-ছাগলি আদি জন্তুৰ মৃতদেহ সুবিধাজনক ঠাইত ভক্ষণ কৰিবলৈ দিয়ে, অথবা হাবিৰ মাজত শুই বিশ্ৰাম কৰি থকা সিংহৰ গালৈ শিল আদি দলিয়াই সিংহবোৰক উঠাবলৈ চেষ্টা কৰে।এনে কাৰ্যই সিংহৰ ক্ষতি সাধন কৰে।অনবৰতে মৰাশ খাবলৈ পাই থাকিলে সিংহৰ নৱ প্ৰজন্মই হয়তু চিকাৰ কৰিবলৈকে নিশিকিব পাৰে। এই কথা যে সত্য সেয়া কিছুদিনৰ পূৰ্বে প্ৰকাশিত বাতৰিয়ে পোহৰলৈ আনিছে।বাতৰি অনুযায়ী বিগত বৰ্ষত ৰোগত আক্ৰান্ত হোৱা চিকিৎসাধীন ২৬ টা সিংহ আৰোগ্য হৈ উঠিছে যদিও সিঁহতে চিকাৰ কৰিব নজনা হৈ পৰাত এক সমস্যাৰ সৃষ্টি হৈছে।লগতে আৰোগ্য হোৱা পাঁচোটা পোৱালি সিংহই মাকহঁতৰ পৰা চিকাৰ কৰা বিদ্যা অলপো লাভ নকৰাৰ পৰিপেক্ষিতত অৰণ্যত স্বাভাৱিক ভাৱে জীয়াই থকা সম্ভৱ নহব হেনো।অন্যহাতে, স্বাভাৱিকতে সিংহই মানুহক আক্ৰমণ নকৰে যদিও গালৈ শিল দলিযাই বিৰক্ত কৰা বাবেই সিংহ মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈ বহু ঠাইত অনেক দুৰ্ঘটনা ঘটা বুলি কোৱা শুনা যায়।সময়ে সময়ে দুৰ্জন লোকে সিংহৰ ওপৰত অত্যাচাৰ চলোৱা কিছুমান ভিডিঅসামাজিক মাধ্যম যোগে সম্প্ৰচাৰিত হৈ থাকে।চৰকাৰ তথা বনবিভাগে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি এনে দুষ্কা্ৰ্য বন্ধ কৰা উচিত।

গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যই প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে অনেকলোকক সংস্থাপন দিছে আৰু গুজৰাট চৰকাৰৰ আৰ্থিক অৱস্থা টনকীয়াল কৰাত সহায় কৰিছে।সেয়েহে গুজৰাটৰ ৰাজনৈতিক নেতাসকলে সিংহক একান্ত ভাৱে গুজৰাটৰেই সম্পদ কৰি ৰাখিব খোজে।মাজে-সময়ে গিৰ ৰাষ্ট্ৰীয় উদ্যানত অচিন ৰোগত আক্ৰান্ত হৈ সিংহৰ অস্বাভাৱিক ভাৱে হোৱা মৃত্যুৰ বাতৰি শুনি সিংহৰ বিলুপ্তি ঘটিব বুলি বন্যপ্ৰাণী বিশেষজ্ঞ আৰু প্ৰকৃতিপ্ৰেমীসকল উদ্বিগ্ন হৈ পৰি সিংহৰ দ্বিতীয় বাসস্থানৰ সন্ধানত নামি পৰে। ১৯৯০ চনতে এচিয়াটিক সিংহৰ দ্বিতীয় বাসস্থান হিচাপে মধ্য প্ৰদেশৰ কুন অভয়াৰণ্যক (Kuno Wildlife Sanctuary) বৈজ্ঞানিকসকলে নিৰ্বাচন কৰিছিল।কিন্তু এই সন্দৰ্ভত চলা দীৰ্ঘ দিনৰ বিতৰ্কৰ পিচত ১৯৯৭ চনত তদানিন্তন গুজৰাটৰ মুখ্যমন্ত্ৰী শংকৰসিনহা বাঘেলাই সিংহৰ স্থানান্তৰকৰণক গুজৰাটৰ এক মৰ্যদা সূচক সমস্যা হিচাপে স্বীকৃতি দি মন্তব্য কৰে যে গুজৰাটৰ পৰা এটা সিংহৰ পোৱালিও আনকি অন্য ৰাজ্যলৈ নিবলৈ দিয়া নহব।নানা বাদ-বিবাদৰ অন্তত ২০১৩ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে সিংহৰ স্থানান্তৰ প্ৰক্ৰিয়াৰ বাবে সেউজ সংকেত দিয়াৰ পিচতো অদ্যপি সেই কাম হৈ উঠা নাই। ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হৈ অচিন সংক্ৰমিত ৰোগত কোনো ঠাইত এটাও যদি সিংহৰ মৃত্যু ঘটে তেন্তে তাৰ পৰা সোঁচৰি গিৰৰ সকলোবোৰ সিংহৰ মৃত্যু ঘটিব পাৰে, যি ঘটনা এবাৰ আফ্ৰিকাত ঘটিছিল।তাৰোপৰি, জলবায়ু পৰিবৰ্তনেও কোনো এখন ঠাইত থকা সিংহৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰো সম্ভাৱনা থাকে। সেয়েহে, পৰ্যটকক আকৰ্ষিত কৰি পৰ্যটন উদ্যোগক উজ্জীৱিত কৰি ৰখা উদ্দেশ্যক অগ্ৰাধিকাৰ দি কেৱল গুজৰাটতে সিংহক আবদ্ধ কৰি নাৰাখি ওচৰ-চুবুৰীয়া ৰাজ্য, দেশ অথবা বিশ্বৰ আন কোনো সুবিধাজনক ঠাইলৈ অতিৰিক্ত সিংহৰ স্থানান্তৰকৰণ ঘটোৱা উচিত যাতে ধৰাতলৰ কোনোবা ঠাইত সিংহৰ জীৱন বন্তি চিৰকাল প্ৰজ্বলিত হৈ থাকে।
---------------সমাপ্ত--------------  

No comments:

Post a Comment