তলাবন্ধৰ সময়বোৰে যাতে মানসিক খোৰাক
যোগাব পৰাকৈ কিবা এক স্মৃতি এৰি যায় আৰু আলমিৰাত থকা পুথিসমূহ নপঢ়াকৈ ৰৈ নাযায় সেই উদ্দেশ্যেকে সাৰোগত কৰি পঢ়িবলৈ আৰম্ভ কৰা এক অন্যতম পুথি হ’ল স্বনামধন্য সাহিত্যিক ভবেন্ৰ নাথ শইকীয়াৰ ‘শ্ৰেষ্ঠ গল্প(পঞ্চাছৰ দশকৰ)’।গল্প সংকলখনিৰ প্ৰতিটো গল্পই মন পৰশা হোৱা বাবে পঢ়ি যাওঁতে বহুবছৰৰ পূৰ্বেই পঢ়া বুলি মনত পৰা সত্বেও পঢ়ি গৈ থাকিলোঁ।‘ৰত্নদাহ’ শিৰোনামৰ গল্পটিৰ অনেক কথাই পাঠকৰ মন ছুই যায় আৰু তাত ভেঁটী বা উপঢৌকন আদান-প্ৰদানৰ যি কাহিনী বৰ্ণনা কৰা হৈছে সি মানসিক জগতত ভাৱৰ বুৰবুৰণি তুলি দিয়ে।কেৰানী জীৱনৰ মাহৰ শেষৰ এটা দিনত শৰতৰ পত্নী সুমিত্ৰাই প্ৰথম বাৰৰ বাবে সাদৰৰ মোমায়েক অহাৰ বতৰা পাই মিঠাই আনি খুৱাবলৈ তিনিটা টকা বিচৰাতেই কাহিনীভাগ আগুৱাই গৈ থাকিল।নিজৰ অফিচৰ কেইবাজনো সহকৰ্মীক দৰ্মহা পোৱাৰ লগে লগে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি তিনিটা টকা ধাৰ বিচাৰি বিফল হোৱা শৰতক নিৰুপায়ত পৰা এজন লোকে এটা কাম কৰি দিয়াৰ বিনিময়ত কেইটামান টকা যাচোঁতে আত্মসন্মানৰ খাটিৰে তাক নিজৰ অভাৱৰ কথাত গুৰুত্ব নিদি বাৰে বাৰে অগ্ৰাহ্য কৰে। কিন্তু মানুহজনে নানা কথা কৈ জোৰ কৰি পকেটত টকা কেইটামান ভৰাই দিয়াত শৰতে ল’বলৈ বাধ্য হয়।সেই টকাৰে কিনা মিঠাইৰে পত্নী সুমিত্ৰাই যিজন মোমায়েকক অপ্ৰায়িত কৰিছিল ঘৰলৈ আহি শৰতে তেওঁক দেখি হতভম্ব হ’ল।কাৰণ,তেওঁক টকা দিয়াজনেই এইজন মানুহ।অমূল্য ৰত্ন জ্ঞান কৰা আত্মসন্মানক দাহ কৰাৰ অনুশোচনাত দগ্ধ হোৱা শৰতৰ মূৰ ঘূৰাই গ’ল।গল্পটিৰ যোগেদি আমি জানিব পাৰিছোঁ যে পঞ্চাছৰ দশকত ভেঁটী খোৱা লোকৰ সংখ্যা তেনেই নগণ্য সংখ্যক আছিল।ভেঁটী খোৱাটো অধিকাংশ লোকৰ বাবে অতি লাজৰ কথা আছিল।নিজৰ কাম সমাধাৰ বাবেই ভেঁটী দিয়া লোকেই ভেঁটী খোৱা লোকৰ সৃষ্টি কৰি কৰি আজিৰ সমাজৰ কলুষিত অধ্যায়ৰ সূচনা কৰিলে।ভেঁটী দিয়া সকলেও ৰত্নদাহ কৰিছে।মোৰ ভাৱ হৈছে,প্ৰকৃততে গল্পটি এইবাৰহে মই ভালদৰে পঢ়িলোঁ।
No comments:
Post a Comment