Saturday 18 July 2020

ভাল যে মই মাজুলীৰ ৰজা নহ’লোঁ(এটা কবিতা )


ভৰ বাৰিষাৰ নৈয়ে ঘাঁহ-বন সাবতি লয়
গোহালিৰ গৰুকেইটাৰ ভোকৰ হেম্বেলনিত
মোৰ বুকুখন বিষায়।
দুপৰীয়া মোলৈ বঢ়া ভাতৰ ঢাকোন দাঙি
গধূলি মায়ে কয়,
"তই নিউজিলেণ্ডৰ স্বাস্থ্য মন্ত্ৰীৰ দৰে হৈছ
দোষবোৰ গাত পাতি লৈ তেওঁ পদত্যাগ কৰিলে,
আৰু তই জাৰ্মেনীৰ বিত্তমন্ত্ৰীজনৰ দৰে
বিফলতাত বিহ্বল হৈ চৰম সিদ্ধান্ত ল'লে
ভাৱি চাচোন মোৰ কি গতি হ'ব?"
মাৰ কথা শুনি নিৰৱে এনেয়ে ভাৱিলো,
ভাল যে মই মাজুলীৰ ৰজা নহ'লো
দলং এখন সজাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰি
নাওৰ পৰা পৰি বৃদ্ধাৰ সলিল সমাধি ঘটা চাই
আৰ্ছেনিকযুক্ত পানী খাই বিকলাঙ্গ হোৱা মানুহবোৰ চাই
অথবা বানত ককবকাই থকা মানুহবোৰ চাই
মই জানো জীয়াই থাকিব পাৰিলোহেঁতেন?
এৰা, ভাল যে মই মাজুলীৰ ৰজা নহ'লো।
-----------সমাপ্ত---------

No comments:

Post a Comment