ৰজা
পোহৰ বিনাশী তিমিৰৰ
ৰজা
সি হেনো নহয় মোৰ প্ৰজা
মৰণাস্ত্ৰ তুলি হানিলো আঘাত
তথাপিও সি নহ’ল নিপাত৷
মোৰহে দেহ হ’ল ৰক্তাক্ত
তথাপিও যে মোৰ হাততে
আছে ৰাজদণ্ড
ওৱা! ই কেনে কাণ্ড
অ’ মোৰহে বুজাত হ’ল বিলম্ব
যাক বধিছিলো সি মোৰেই
প্ৰতিবিম্ব৷
---------***--------
ৰচনাকাল-১৯৮৯
No comments:
Post a Comment