Wednesday, 15 October 2025
ছুইজাৰলেণ্ড কিয় এখন চহকী আৰু শান্তিপূ্ৰ্ণ দেশ
২০২৫চনৰ জুলাই মাহটো ছুইজাৰলেণ্ডৰ জুৰিক চহৰত কটোৱাৰ এক সুযোগ লাভ কৰি ছুইজাৰলেণ্ড,জাৰ্মেনী আৰু ফ্ৰান্সৰ বিভিন্ন পৰ্যটকৰ আকৰ্ষণৰ স্থলিসমূহ যিমান পৰা যায় সিমান দৰ্শন কৰিলোঁ। সঁচা কথা ক’বলৈ গ’লে,আমি যিবোৰ ঠাইলৈ ফুৰিবলৈ গৈছিলোঁ কেৱল সেইবোৰেই আমাৰ বাবে আকৰ্ষণৰ স্থলি আছিল এনে নহয় , আমি দেখিবলৈ পোৱা ছুইজাৰলেণ্ডৰ সকলোবোৰ ঠাইয়ে কিবা নহয় কিবা কাৰণত মানসপটত সাঁচ বহাই গৈছে।ইয়াৰ প্ৰকৃত কাৰণ হৈছে ছুইজাৰলেণ্ডৰ প্ৰকৃতি প্ৰদত্ত সৌন্দৰ্যৰাশিক ম্লান পৰিবলৈ নিদিয়াকৈ গঢ়ি তোলা নগৰীকৰণ ব্যৱস্থা। তাৰেই পৰিণাম স্বৰূপে জুৰিক নগৰৰ দক্ষিণাংশৰ জুৰিক হ্ৰদৰ পৰা বিস্যুৰিত হোৱা জলৰাশিৰে সৃষ্টি হৈ উত্তৰ পশ্চিম দিশে গতি কৰা লিম্মত নদীয়ে আমাৰ মন বিমোহিত কৰে। খৰস্ৰোতা নৈখনৰ স্ফটিকৰ দৰে ফটফটিয়া পৰিস্কাৰ পানীত জলকেলি,অনুমতি সাপেক্ষে মত্স্য চিকাৰ কৰা,নৈৰ পাৰৰ হাবিতলীয়া লুংলুঙীয়া বাটেৰে খোজ কঢ়া, দৌৰা আৰু চাইকেল চলোৱা, পক্ষী নিৰীক্ষণ কৰা আদিৰ সুবিধা নাগৰিক তথা পৰ্যটক সকলোৱে লাভ কৰিব পাৰিছে।পথচাৰীয়ে বহি জিৰণি ল’বৰ বাবে পৰিস্কাৰ পৰিছন্ন পথসমূহত নিৰ্দিষ্ট দূৰত্বৰ অন্তৰে অন্তৰে আসনৰ সুব্যৱস্থা কৰা হৈছে। একেদৰেই ৰাইনে(Rhine), আৰে(Aare), ৰোনে(Rhone), ৰিউছ(Reuss), লিন্থ্( Linth), ইন(Inn) আদি নদীসমূহৰো দুয়োপাৰ পৰ্যটকক সন্মোহিত কৰিব পৰাকৈ সজাই তোলা হৈছে। অন্যহাতে, ছুইজাৰলেণ্ডৰ মেটাৰহৰ্ন(Matterhorn),জুংফ্ৰাউ( Jungfrau),মাউন্ট ৰিগি(Mount Rigi),মাউন্ট টিটেলিচ (Mount Titliis),গ’নাৰগ্ৰাট (Gornergrat), আইগাৰ(Eiger) আৰু মন্টে ৰুচা(Montte Rosa) আদি আল্পচ পৰ্বতমালাৰ অন্তৰ্গত শৃঙ্গ আৰু পৰ্বতসমূহৰ প্ৰাকৃতিক সৌন্দৰ্য দেশ- বিদেশৰ পৰ্যটকে উপভোগ কৰিব পৰাকৈ কেবলকাৰ, ৰেইলৱে, ৰাজহুৱা বাচ,ফুনিকুলাৰ(Funiculars)আদি যাতায়তৰ সকলো বিকল্প ব্যৱস্থা নিয়াৰিকৈ কৰা হৈছে। তাৰোপৰি সকলোবোৰ স্থানকে নেচনেল কমিউনিকেচন নেটৱৰ্কৰ দ্বাৰা সংযোজিত কৰা হৈছে। অন্যহাতে ছুইজাৰলেণ্ডৰ পৰ্বত-ভৈয়াম আদি সকলো ঠাইৰে নলা-নৰ্দমাসমূহ ইমানেই সুপৰিকল্পিত ভাৱে নিৰ্মাণ কৰা হৈছে যে গ্ৰীষ্ম কালত হোৱা বৰষুণৰ পানী কতোৱে জমা নহয় আৰু সেয়ে ঠাইবোৰত বোকাৰ সৃষ্টি হ’ব নোৱাৰে। জলৰাশিয়ে নিম্ন গতিত আগুৱাই গৈ নদ-নদীত পৰি অৱশেষত হ্ৰদত অথবা সাগৰত (ৰাইনে আৰু ৰোনে নদীৰ পানী) জমা হয়গৈ।
পথ নিৰ্মাণৰ বাবে পাহাৰ-পৰ্বতসমূহ ধ্বংস নকৰি তাৰ তলেদি সুৰঙ্গৰ সৃষ্টি কৰি অনেক পথ নিৰ্মাণ কৰি যাতায়ত সুচল কৰা ছুইজাৰলেণ্ডৰ অপৰূপ সৌন্দৰ্য আৰু অৰ্থনৈতিক সমৃদ্ধি প্ৰত্যক্ষ কৰি তাৰ অন্তৰালত থকা ৰহস্যনো কি তাক জানিবলৈ আমি ব্যগ্ৰ হৈ পৰিলোঁ। ইন্টাৰনেটত খুচৰি চাই ছুইজাৰলেণ্ডৰ বিষয়ে লিখা বিভিন্ন প্ৰৱন্ধপাতি অধ্যয়ন কৰিব ধৰিলোঁ।
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ছুইজাৰলেণ্ড বিশ্বৰ ভিতৰতে এক শান্তিপূ্ৰ্ণ আৰু চহকী দেশ।ইউৰোপ মহাদেশৰ মধ্য-পশ্চিম দিশত অৱস্থিত নদ-নদী, পাহাৰ-পৰ্বতেৰে পৰিপূৰ্ণ মাত্ৰ ৪১,২৮৫ বৰ্গ কিলো মিটাৰ মাটি কালিৰ এই সৰু দেশখনক ভূ-স্বৰ্গ বুলি কোৱা হয়।ছুইজাৰলেণ্ডৰ পৰ্যটন পৰিসংখ্যা অনুযায়ী প্ৰতি বছৰে বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় ১৭ মিলিয়নৰ পৰা ২০ মিলিয়ন পৰ্যটকে ছুইজাৰলেণ্ড ভ্ৰমণ কৰি মনৰ হেপাহ তথা উত্সুকতা নিবাৰণ কৰে।সমীক্ষা অনুযায়ী ২০২৩ চনৰ বছৰটোত বিদেশী পৰ্যটকৰ পৰা ছুইজাৰলেণ্ডে ১৯.২ বিলিয়ন আমেৰিকান ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হয়। ২০২৫ চনৰ চেপ্তেম্বৰ মাহৰ এক সমীক্ষা অনুযায়ী ছুইজাৰলেণ্ডে বিশ্বৰ দহখন চহকী দেশৰ ভিতৰত সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে।দেশখনৰ জনমূৰি আয় ৯৭৫৮১.৩২ আমেৰিকান ডলাৰ।অন্যহাতে, অক্সফৰ্ড বিশ্ব বিদ্যালয়ে প্ৰকাশ কৰা তথ্য অনুয়ায়ী বিশ্বৰ দহখন সকলোতকৈ সুখী দেশৰ তালিকাত ছুইজাৰলেণ্ডে ২০২৪ চনৰ বাবে দশম স্থান লাভ কৰিছে।আমাৰ ভাৰতবৰ্ষই এই ক্ষেত্ৰত বিশ্বৰ ১৪৭ খন দেশৰ ভিতৰত ১১৮ তম স্থানহে দখল কৰিবলৈ সক্ষম হৈছে।
দীৰ্ঘকাল জোৰা অপক্ষপাতিতাৰ এক ৰাজনৈতিক কৌশল, দৃঢ় অৰ্থনৈতিক পদক্ষেপ আৰু উচ্চ স্তৰৰ ৰাজনৈতিক ভাৰসাম্যতাকে ধৰি কিছুমান উপাদানৰ সংযোজনৰ ফলতেই ছুইজাৰলেণ্ড সম্পদশালী আৰু শান্তিপূৰ্ণ দেশ হ’ব পাৰিছে।এনে উপাদানসমূহে বিনিয়োগকাৰীক আকৰ্ষণ কৰি অৰ্থনৈতিক উন্নয়ন সাধন কৰিবলৈ এক স্থিৰ পৰিৱেশৰ সূচনা কৰিছে।
ছুইজাৰলেণ্ডক সমৃদ্ধিশালী কৰি তোলাত অৰিহণা যোগোৱা উপাদানসমুহ
১)যুক্তিসংগত অপক্ষপাতিতা-ছুইজাৰলেণ্ডে ১৮১৫ চনৰ পৰাই যুদ্ধ-বিগ্ৰহত লিপ্ত হোৱাৰ ব্যয়বহুলতাক পৰিহাৰ কৰি চলিছে। ইয়াৰ পৰিণাম স্বৰূপে দেশখনে অৰ্থনৈতিক উন্নয়নত মনোনিৱেশ কৰিব পাৰিছে আৰু এক ভাৰসাম্যযুক্ত বিত্তীয় কেন্দ্ৰ স্বৰূপে নিজকে প্ৰতিপন্ন কৰিব পাৰিছে।
২)উচ্চ মানৰ উদ্যোগসমূহ-ছুইজাৰলেণ্ডে বেংকিং, বিত্ত, ঔষধ প্ৰস্তুতকৰণ আৰু বিশুদ্ধ কাৰিকৰি আদি উচ্চ দক্ষতাপূৰ্ণ তথা উচ্চ প্ৰমূল্যৰ খণ্ডসমূহ অতিক্ৰম কৰিছে। সেইবোৰ নিম্ন ব্যয়ক্ষম দেশবোৰৰ বাবে গোলকীয় প্ৰতিয়োগিতাত কম অনুভৱক্ষম।
৩)শক্তিশালী অৰ্থনীতি আৰু নিম্ন নিবনুৱাৰ হাৰ- দেশখনৰ সঞ্চয়ৰ এক সংস্কৃতি, উচ্চ উত্পাদনশীলতা আৰু এক উচ্চ প্ৰকাৰৰ শ্ৰমিক বাহিনীৰ পৃষ্ঠপোষকতাত নিৱনুৱাৰ এক নিম্ন হাৰ আৰু বলিষ্ঠ অৰ্থনৈতিক প্ৰতিদ্বন্দীতাৰ বাবে ছুইজাৰলেণ্ডে গৰ্ব কৰিব পাৰিছে।
৪)বিনিয়োগ আৰু উদ্ভাৱন-দীৰ্ঘকালিন পৰিকল্পনা আৰু এক ভাৰসাম্যযুক্ত ৰাজনৈতিক বাতাৱৰণে উদ্ভাৱন আৰু উচ্চ শিল্পবি়জ্ঞান বিষয়ৰ খণ্ডসমূহক উত্সাহিত কৰি ভৱিষ্যতৰ উন্নয়নৰ বাবে বিনিয়োগত সাহস যোগাইছে।
৫)উচ্চ মানৰ জীৱন-জুৰিক আৰু জেনেভাই গোলকীয় বসবাসযোগ্যতাৰ সূচকত ধাৰাবাহিকভাৱে উচ্চ খিতাপ লাভ কৰি উত্কৃষ্ট স্বাস্থ্য সেৱা, অপূৰ্ব পৰিকাঠামোৰ আৰু স্বাভাৱিকতে ভাল দৰমহা পোৱা সৰ্বসাধাৰণ লোকৰ বাবে ধন্যবাদৰ পাত্ৰ হৈছে।
ছুইজাৰলেণ্ডৰ শান্তি প্ৰতিষ্ঠাত অৰিহণা যোগোৱা উপাদানসমূহ
১)যুদ্ধত কোনো পক্ষপাতিতা নকৰি আত্ম ৰক্ষাৰ বাবে সাজু হৈ থকা-ছুইজাৰলেণ্ড যুদ্ধ-বিগ্ৰহৰ ক্ষেত্ৰত অপক্ষপাতিতাৰ নীতি মানি চলাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ।অন্যহাতে দেশখনৰ বিপদ নিবাৰণ কৰিব পৰা ভূখণ্ডৰ বাবেও সম্ভাৱনাপূৰ্ণ আক্ৰমণকাৰীৰ বাবে সহজসাধ্য হোৱা নাই, যাৰ বাবে দেশখনৰ নিৰাপত্তা আৰু দীৰ্ঘকালিন স্বাধীনতা নিশ্চিত হৈছে।
২)ৰাজনৈতিক ভাৰসাম্যতা আৰু প্ৰত্যক্ষ গণতন্ত্ৰ-ছুইজাৰলেণ্ডৰ স্থিৰ ৰাজনৈতিক ব্যৱস্থাত গণতান্ত্ৰিক দেশখনৰ নাগৰিকে সিদ্ধান্ত গ্ৰ্হণত প্ৰত্যক্ষবাৱে অংশ ল’ব পাৰে।ইযে দেশখনত বিশ্বাস আৰু আস্থাৰ ভাৱ বিয়পি পৰাত প্ৰোত্সাহিত কৰিছে আৰু ৰাজনৈতিক আৰু সামাজিক উত্থান হ্ৰাস কৰিছে।
৩)অপৰাধৰ নিম্ন হাৰ-সমগ্ৰ ইউৰোপ মহাদেশৰ ভিতৰতে ছুইজাৰলেণ্ডৰ অপৰাধৰ হাৰ নিম্ন।সেয়ে দেশখনত বসবাসৰ বাবে শান্তিপূৰ্ণ আৰু নিৰাপদ পৰিৱেশৰ সৃষ্টি হৈছে।
৪)কুটনৈতিক মন্ত্ৰনাত আলোকপাত-আন্তৰ্জাতিক বিষয়সমূহত দেশখনে সক্ৰিয় অংশ গ্ৰহণ কৰে।মাজে সময়ে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি আৰু প্ৰমুখ আন্তৰ্জাতিক সংগঠনসমূহৰ আয়োজকৰ ভাৰ কান্ধ পাতি লৈ এক শান্তিপূৰ্ণ গোলকীয় সত্বা স্বৰূপে নিজৰ ভাৱমূৰ্তি আৰু ভূমিকা মজবুত কৰিছে।
সামৰণিত ছুইজাৰলেণ্ডৰ কুটনৈতিক সু-সম্পৰ্কৰ এক নিদৰ্শন স্বৰূপে ২০০৭ চনৰ ১ লা মাৰ্চত সংঘটিত এক ঘটনাৰ কথা উল্লেখ কৰিব পাৰি ।লিচটেনষ্টাইন(Liechtenstein)ছুইজাৰলেণ্ডৰ চুবুৰীয়া এক নিচেই ক্ষুদ্ৰ স্বাধীন দেশ।দেশখনৰ মাটি কালি মাত্ৰ ১৬০ বৰ্গ কিলো মিটাৰ আৰু জনসংখ্যা ৪০,০২৩ জন।এই দেশখনে ১৮৬৮ চনতে সৈন্য বাহিনীক বিত্তীয় বোজা স্বৰূপ গণ্য কৰি পৰিহাৰ কৰে আৰু ছুইজাৰলেণ্ডৰ সৈতে কুটনৈতিক বুজাপৰা কৰি দেশখনৰ সুৰক্ষাৰ ভাৰ ছুইজাৰলেণ্ডকে গটাই দিছিল।ঘটনাৰ দিনা ৰাতি প্ৰশিক্ষণৰ সময়ত অতি বেয়া বতৰৰ বাবে ১৭০ জন ছুইচ সেনাই ভুলতে চিহ্নবিহীন লিচটেনষ্টাইন সীমাৰ দুই কিলো মিটাৰ মান ভিতৰলৈ সোমাই যায়।এই ঘটনাৰ পিছতে ছুইচ চৰকাৰে তাক ক্ষতিসাধন কৰাৰ অভিপ্ৰায়হীন এক সাধাৰণ ভুল বুলি বৰ্ণনা কৰি লিচটেনষ্টাইন চৰকাৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে।ইয়াক ছুইজাৰলেণ্ডৰ মহানতাৰ উত্তম নিদৰ্শন বুলিব পাৰি।অৱশ্যে এই কথা উল্লেখযোগ্য যে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত লিচটেনষ্টাইনে দেশখনৰ অপক্ষপাতিতা বাহাল ৰখাত ব্যৰ্থ হোৱা বুলি কৈ বৈদেশিক আক্ৰমণৰ সময়ত প্ৰত্যক্ষ সুৰক্ষা নিদিব বুলি ছুইজাৰলেণ্ডে জনাই দিছে।-----সমাপ্ত----
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment