Thursday, 16 October 2025

আফ্ৰিকাৰ টাঞ্জেনিয়াত দুটা মাহ

চাকৰি সূত্ৰে আফ্ৰিকাৰ টাঞ্জেনিয়াত থকা জী-জোঁৱাই আৰু নাতিনী দুগৰাকীৰ অনুৰোধ ৰক্ষা কৰি, বাৰী-ঘৰৰ দহোবন কাতি কৰি থৈ আমি(লগত শ্ৰীমতী)দুটা মাহ কটাই আহিবৰ বাবে টাঞ্জেনিয়ালৈ ওলালোঁ।ঢকুৱাখনাৰ পৰা ডিব্ৰুগড়লৈ গৈ আকাশী পথেৰে দিল্লী পাই তাৰ পৰা মুম্বাই পালোঁগৈ। মুম্বাইৰ পৰা আকাশী পথেৰে সাত ঘন্টা গৈ ডাৰ এচ চালাম(Dar Es Salaam)বিমান বন্দৰত আমাক লৈ যোৱা বিমানখনে অৱতৰণ কৰিলে।আমাৰ বিদেশ ভ্ৰমণ সংক্ৰান্তীয় নথি আৰু পাৰ-পত্ৰ আদি পৰীক্ষা কৰা হৈ যোৱাৰ পিছত বিমান বন্দৰৰ বাহিৰলৈ ওলাই জী, জোৱাই আৰু নাতিনী দুজনী আমাৰ ফালে আগুৱাই অহা দেখা পালোঁ।ভালেমান দিনৰ মূৰত আমি আটায়ে ইজনে সিজনক লগ পাই আনন্দত আত্মহাৰা হৈ পৰিলোঁ। তাতে তেওঁলোকৰ গাড়ীত উঠি ডাৰ এচ চালামত (Dar Es Salaam)থকা তেওঁলোকৰ বাসগৃহ পালোঁগৈ। তেওঁলোকে আমাৰ সৈতে ফুৰা-চকা কৰিম বুলি ঠিৰাং কৰিয়েই তাত ভ্ৰমণ কাৰ্য স্থগিত ৰাখিছিল। আমি গৈ পোৱাৰ পিছদিনাৰ পৰাই ভ্ৰমণ কাৰ্যসূচী আৰম্ভ হৈ যায়। ভাৰত মহাসাগৰৰ পাৰত অৱস্থিত ইউনাইটেড ৰিপাব্লিক অব টাঞ্জেনিয়াৰ ৰাজধানী হিচাপে ১৯৭৪ চনতে ডদমাক(Dodoma)স্বীকৃতি দিয়া হয় যদিও এই পৰ্যন্ত অনেক কাৰ্যালয় ডাৰ এচ চালামতে আছে।সমূদ্ৰ তীৰত অৱস্থিত সু উচ্চ অট্টালিকাৰে সুশোভিত ডাৰ এচ চালামৰ সৌন্দৰ্য, পৰিষ্কাৰ–পৰিচ্ছন্নতা আৰু তাৰ লোকসকলৰ শিষ্টাচাৰে দেশী বিদেশী পৰ্যটকক বাৰুকৈয়ে আকৰ্ষণ কৰে।ডাৰ এচ চালামৰ পৰা গৈ দিনটোৰ ভিতৰতে ঘূৰি আহিব পৰা দূৰত্বত সাগৰৰ মাজত ভালেমান সৰু সৰু দ্বীপ আছে। এই দ্বীপবোৰলৈ পৰ্যটকক লৈ যাবলৈ বহুতো সৰু সৰু নাও সাজু কৰি ৰখা হয়।আমি বংগোয় নামৰ সৰু দ্বীপটোলৈ যাবলৈ নাৱত বহিলোঁ। আমাৰ ৰাজ্যলৈ অহা বিদেশী পৰ্যটকসকলক দেখা পালে আমি অচিনাকী লোক বুলি সম্ভাষণ নজনাওঁ বা মাত এষাৰ লগাবলৈ টান পাওঁ :কিন্তু টাঞ্জেনিয়াত তাৰ লোকসকলে আমাক যেয়ে য’তে লগ পাই ‘জাম্বু’ বুলি কৈ সম্ভাষণ জনায়।সেই দেশৰ ভাষা ‘ছহিলি’ৰ(Swahili) মতে ‘জাম্বু’ শব্দৰ অৰ্থ হৈছে ‘হেল্ল’।তাৰ পিছত ক’ব ‘হাবাৰি গানি’(Habari Gani)অৰ্থাৎ আপুনি কেনে আছে? তেওঁলোকৰ ভাষাত ‘কাৰিবো’ মানে হৈছে স্বাগতম।সেয়ে কাৰিবো বুলি কৈ স্বাগতম জনায়। টাঞ্জেনিয়াৰ ডাৰ এজ চালাম (Dar es Salaam) ত অৱস্থিত থমাচ ৰিউটাৰচ ফাউণ্ডেচন (Thomas Reuters Foundation) ৰ সমন্বয়ৰক্ষী কিজিটো মকোয়েৰ(Kizito Makoye) “To Save Rare Forests, Famers Try a New Crop: Butterflies.” শিৰোনামৰ প্ৰৱন্ধটো পঢ়াৰ পিছত তাত বৰ্ণনা কৰা জাঞ্জিবাৰ পখিলা পালন কেন্দ্ৰটো চাবলৈ আগ্ৰহ প্ৰকাশ কৰিলোঁ।অশেষ ধন্যবাদৰ পাত্ৰ আমাৰ জোঁৱাই শ্ৰীমান বনজিত ডেকাই দ্বিতীয় বাৰৰ বাবে জা়ঞ্জিবাৰ ভ্ৰমণৰ কাৰ্যসূচী প্ৰস্তুত কৰিলে।ইয়াৰ দুদিনমানৰ পূ্ৰ্বে আমি সামুদ্ৰিক জাহাজত উঠি জাঞ্জিবাৰ দ্বীপলৈ গৈ দুৰাতি কটাই তাত থকা সমুদ্ৰ তীৰৰ ফুৰুধানী পাৰ্ক(Forodhani Park), প্ৰকাণ্ড প্ৰকাণ্ড অনেক বৰ কাছ থকা প্ৰিজন আইজলেণ্ড(Prison Island),নাংৱীত(Nungwi) থকা পানী কাছৰে পৰিপূৰ্ণ বাৰাকা নেচাৰেল একুৱাৰিয়ামৰ(Baraka Natural Aquarium), আদি পৰ্যটকৰ বাবে আকৰ্ষণৰ ভালেমান ঠাই চালোঁ।আনকি আমি পখিলা কেন্দ্ৰটোৰ নিচেই কাষতে থকা জজানি অৰণ্যত সোমাই তাত থকা বিশ্ব বিখ্যাত প্ৰাচীনতম প্ৰজাতিৰ বান্দৰ ৰেড কলবাছ(Red Colobus)আদি জীৱ-জন্তুবোৰোৰ আৰু ভাৰতৰ পৰা নি লগোৱা মেহগানী গছবোৰৰ লগতে আফ্ৰিকাৰৰ সু-উচ্চ গছ-বিৰিখবোৰ চালোঁ।তেতিয়া সময় মিলাই পখিলা পালন কেন্দ্ৰটো চাই আহিব নোৱাৰিলোঁ। আমি গৈ পোৱাৰ লগে লগে পখিলা পালন কেন্দ্ৰটোৰ পৰিচালকজনে আমাক বহিবলৈ দি সৰু গছ পুলিত থকা পলু ,পখিলা, লেটা, খোলা আৰু কণি আদি দেখুৱাই পখিলাৰ জীৱন চক্ৰটোৰ বিৱৰণ দিলে। তাৰ পিচত তাত থকা ফটোবোৰৰ সম্দৰ্ভত এক চমু ভাষণ দিলে।পৰিচালক গৰাকীয়ে জাঞ্জিবাৰ পখিলা পালন কেন্দ্ৰৰ বিষয়ে নানা কথা ক’লে আৰু আমি সুধা প্ৰশ্নবোৰৰ উত্তৰ দিলে।তাৰ পিছত আমাক কাৰ্যালয়ৰ কোঠাটোৰ পৰা নাতি দূৰত থকা পখিলা পালন কেন্দ্ৰটোলৈ লৈ গ’ল।সু-উচ্চ. জালেৰে আৱৰা, আভ্যন্তৰ ভাগত অনেক ধৰণৰ ফুল আৰু গছ-গছনি থকা বেছ আহল–বহল বিভিন্ন ধৰণৰ ৰং বিৰঙৰ হেজাৰ-বিজাৰ পখিলাই নাচি-বাগি থকা পখিলা পালন কেন্দ্ৰটোত প্ৰৱেশ কৰি আমি সকলো আনন্দত আত্মহাৰা হৈ পৰিলোঁ।আমাৰ নাতিনী তৰা আৰু জবাই উলাহতে পখিলাবোৰৰ সৈতে নাচি-বাগি ফুৰিব ধৰিলে।শেষলৈ তেওঁলোকক পখিলা পালন কেন্দ্ৰটোৰ পৰা উলিয়াই অনাই কঠিন হৈ পৰিছিল।পৰিচালকজনে পখিলাবোৰৰ নামবোৰ গাই গ’ল।ইতিমধ্যে বহু সংখ্যক বিদেশী পৰ্যটকে কেন্দ্ৰটোত প্ৰৱেশ কৰিছিল।তাত থকা কেমেলিয়ন কেইটা চাই খৰখেদাকৈ তাৰ পৰা ওলাই আমি কিছু দূৰত থকা মেংগ্ৰোভ গছ(Mangrove trees) চালোঁগৈ।মাটিৰ পৰা ওপৰলৈ ওলাই থকা বিচিত্ৰ মেংগ্ৰোভবোৰ চাই আমি জাঞ্জিবাৰ স্পাইচ গাৰ্ডেন চাবলৈ গলোঁ।বনজিতে তাৰ স্থানীয় লোকৰ সৈতে ইতিমধ্যে যোগাযোগ কৰি আমাৰ বাবে দুপৰীয়াৰ ভাতসাজ সাজু কৰি ৰাখিবলৈ কৈছিল।তাৰ পৰম্পৰা অনুযায়ী অতিথিপৰায়ণ আফ্ৰিকাৰ সহজ সৰল লোক কেইজনমানে সাদৰ সম্ভাষণ জনাই নাৰিকল গছৰ ওপৰলৈ উঠি গৈ আমাক উদ্দেশ্যি গীত জুৰিলে, আমাৰ সকলোকে জবা ফুলৰ মালা আৰু নাৰিকল গছৰ পাতেৰে সুন্দৰকৈ তৈয়াৰ কৰা টুপী পিন্ধাই অৱশেষত খাদ্য সম্ভাৰ যাচিলে।আমাৰ বাবে এয়া আছিল এক বিৰল অভিজ্ঞতা। জাঞ্জিবাৰৰ(Zanzibar) জজানি(Jozani) অৰণ্যত উৰি ফুৰা চিত্ৰ বিচিত্ৰ পখিলাবোৰ কেৱল দেখিয়ে ভাল লাগে এনে নহয়, সেই অঞ্চলৰ কৃষক আৰু এঙাৰ প্ৰস্তুতকাৰীৰ বাবে নগদ ধন আহৰণৰ আহিলা হৈ পৰিছে৷দ্বীপটোত ভাবুকিৰ সন্মুখীন হোৱা অৰণ্যৰ সুৰক্ষাৰ অৰ্থে, অৰণ্য আটুট ৰাখিবলৈ লোকসকলক এক বিত্তীয় সমৰ্থন দি অৰণ্য ধ্বংশ প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে৷ এই উদ্দেশ্যে এক আচঁনি যোগে স্থানীয় লোকসকলক পখিলা পালনৰ প্ৰশিক্ষণ দি থকা হৈছে৷ সৌন্দৰ্যৰে ভৰপূৰ জজানি(Jozani) অৰণ্যখন এঙাৰ প্ৰস্তুতকৰণ আৰু অবহনক্ষম কৃষি কাৰ্যৰ বাবে দ্ৰুত বন ধ্বংসৰ তীব্ৰ হেঁচাত পৰিছে৷ জাঞ্জিবাৰ পখিলা পালন কেন্দ্ৰ(Zanzibar Butterfly Centre) য়ে এক জাতীয় ভাৱে চলাই নিয়া প্ৰচেষ্টা স্বৰূপে সেইটো পৰিস্থিতিৰ পৰিবৰ্তন সাধিব খোজে৷ তাৰ বাবেই অৰণ্যৰ চাৰিওফালে বসবাস কৰা এঙাৰ প্ৰস্তুতকাৰীসকলক প্ৰশিক্ষণ দি তেওঁলোকক সেই কামৰ ঠাইত পখিলা পালক হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ এঙাৰ প্ৰস্তুতকৰণ কাৰ্যত প্ৰত্যক্ষভাৱে কাকোৱে হকাবাধা কৰা সম্ভৱ নহয় বাবে পৰিৱেশৰ ওপৰত যে বন ধ্বংসৰ কুপ্ৰভাব পৰে তাকে সেই ঠাইৰ লোকসকলক শিকাবলৈ চেষ্টা চলোৱা হয়৷ এই কাৰ্যসূচীত পখিলা ফাৰ্মৰ কৃষকসকলক প্ৰশিক্ষণৰ লগতে আহিলা-পাতিৰ যোগান ধৰা হয়৷ পলুৰ লেটা পখিলা কেন্দ্ৰৰ নিজা পৰ্যটক-প্ৰদৰ্শনস্থলী আৰু বিদেশী ক্ৰেতাক বিক্ৰী কৰি একোজন কৃতকাৰ্যতা লভা কৃষকে মাহে ২৫০ মাৰ্কিন ডলাৰ(ভাৰতীয় টকাৰ অনুযায়ী ২০,৪৩৬ টকা) উপাৰ্জন কৰিবলৈ সক্ষম হয়৷ পখিলা পালকসকলে কিছুসংখ্যক মাইকী পখিলা ধৰি তেওঁলোকৰ অভিযানত নামি পৰে৷ তেওঁলোকে পখিলাবোৰ জালেৰে নিৰ্মিত গঁৰালত ৰাখি কণী পাৰিবলৈ দিয়ে৷ তাৰ পিচত কণীবোৰ সংগ্ৰহ কৰি তেওঁলোকে তাৰ পৰা জগা পলুবোৰক লেটালৈ ৰূপান্তৰ নোহোৱা পৰ্যন্ত খাদ্য যোগানকাৰী উদ্ভিদত ৰাখি তাৰ পাত ভক্ষণ কৰি ডাঙৰ হ’বলৈ দিয়ে৷ পখিলা পালকসকলক উচিত মূল্য প্ৰদান কৰি পখিলা কেন্দ্ৰই লেটাসমূহ বিদেশলৈ ৰপ্তানী কৰে অথবা কণী নপৰা পৰ্যন্ত পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাখি থয়৷ জাঞ্জিবাৰ পখিলা পালন কেন্দ্ৰটো(The Zanzibar Butterfly Centre) ২০০৮ চনত স্থাপন কৰা হৈছিল৷ ই জজানি চ্ছাওকা উপসাগৰীয় ৰাষ্টীয় উদ্যানৰ (Jozani Chawka Bay National Park) কাষতে অৱস্থিত৷ এইখন আফ্ৰিকাৰ বৃহতম পখিলা উদ্যান৷ ইয়াত ধৰিবলৈ জটিল ক’লা-বগা আফ্ৰিকান চাতক পক্ষী নেজীয়া পখিলাকে ধৰি পঞ্চাশ বিধতকৈ অধিক পখিলা পোৱা যায়৷ এই পখিলা কেন্দ্ৰটোৱে জজানি পৰিৱেশ সংৰক্ষণ সন্থা (Jozani Environmental Conservation Association) ৰ সৈতে ঘনিষ্ঠ ভাৱে কাম কৰি পখিলাৰ প্ৰজাতিবোৰ চাবলৈ আৰু সেইবোৰৰ বিষয়ে শিকিবলৈ আগ্ৰহী পৰ্যটকসকলক আকৰ্ষিত কৰে৷ দৰাচলতে এই কেন্দ্ৰটোৱে অৰণ্য সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে স্থানীয় লোকসকলক এক অতিৰিক্ত উপাৰ্জনৰ সন্ধান দিয়াটোকে লক্ষ্য স্বৰূপে লৈছে৷ পূৰ্বতে এঙাৰ প্ৰস্তুতৰ ব্যৱসায় কৰা লোকসকলে এই কামত ধৰি লাভৱান হোৱা বুলি নিজে স্বীকাৰ কৰিছে৷ তেওঁলোকে ক’ব খোজে যে, পখিলা পালন কৰাটো এঙাৰ প্ৰস্তুত কৰা কামতকৈ বহুত সহজ আৰু এই কামে পৰিয়ালৰ ভৰণ-পোষণ সহজসাধ্য কৰি তুলিছে৷ পখিলা হৈ উৰাৰ পূৰ্বে, কেইটামান সপ্তাহৰ ভিতৰতে কণীৰ পৰা জগি পলু হৈ বিক্ৰীযোগ্য লেটা হৈ পৰে৷ পখিলা পালনে মহিলাসকলৰ বাবে এক সুযোগ আনি দিছে৷ মহিলা সকলে ঘৰুৱা কামৰ মাজতে সহজতে পখিলা পালনৰ কাম কৰি যাব পাৰে৷ নিশ্চয়কৈ বন ধ্বংস নকৰাকৈ পখিলা পালনৰ যোগে ঘৰখন চলাই নিবলৈ তেওঁলোক সমৰ্থ হৈ পৰি্ছে৷ বহুধৰণৰ কৃষি কৰ্মৰ বাবে হাবি-জঙ্গল মুকলি কৰিব লগীয়া হয় ; ইয়াৰ ফলত বতৰ পৰিবৰ্তন সংঘটিত হয় আৰু প্ৰাণী আৰু উদ্ভিদ জগতৰ বহু প্ৰজাতি এই পৃথিবীৰ পৰা চিৰ দিনৰ বাবে হেৰাই যায় ; কিন্তু পখিলা পালনৰ বাবে গহন বনৰ আৱশ্যক হয়, সেয়ে ই হাবি বননি ৰক্ষাৰ বাবে অৰ্থনৈতিক ভাৱে উদগনি যোগায়৷ পখিলা পালন প্ৰকল্পৰ যোগেদি বহু গ্ৰাম্যাঞ্চলৰ বাসিন্দাই বন সুৰক্ষাৰ তাৎপৰ্য উপলব্ধি কৰিছে আৰু বহুজনে পখিলা পালনৰ যোগেদি অধিক ভাল ফলাফল লাভ কৰিছে৷যিসকল স্থানীয় জনগোষ্ঠীয়ে এঙাৰক তাপ শক্তিৰ মূল হিচাপে ব্যৱহাৰ কৰে তেওঁলোকে খৰিৰ বাবে বহুতো গছ কাটি পেলাইছে৷কিন্তু যিসকলে পখিলা পালনৰ প্ৰশিক্ষণ লৈছে তেওঁলোকে গছ কটা কাম এৰিছে৷দৰাচলতে অঞ্চলটোৰ লোকসকলে যদিও উপলব্ধি কৰিছিল যে এঙাৰ প্ৰস্তুত কৰা কামটো পৰিবেশৰ বাবে বেয়া তথাপিও ততালিকে ধন ঘটিব পৰা ধৰণৰ বিকল্প জীৱিকাৰ পথ বিচাৰি নোপোৱা বাবে তাকে কৰি গৈছিল৷যদিওবা প্ৰচেষ্টাটো নিজেই বন ধ্বংসৰ সমাধান নহয় তথাপি ই সজাগতা সৃষ্টিত সহায় কৰিছে আৰু কৃষকসকলৰ মাজত বনাঞ্চলৰ গৰাকী হোৱাৰ প্ৰৱণতা বৃদ্ধি কৰিছে৷টাঞ্জেনিয়াৰ পূব ওচাম্বাৰা পৰ্বতমালাত (Tanzanias East Usambara Mountains) ২৫০ জন স্থানীয় কৃষকে একে ধৰণৰ এক প্ৰকল্প হাতত লৈছে৷এই অঞ্চলটো জৈৱ বিচিত্ৰতাৰ অঞ্চল বুলি জনা জাত যদিও তাত এঙাৰ প্ৰস্তুতকৰণ আৰু কৃষিৰ বাবে বহু হাবি মুকলি কৰা হৈছে৷ স্থানীয় পৰিবেশত পখিলাবোৰে অতি গুৰুত্বপূৰ্ণ পৰাগসংযোগকাৰী হিচাপে কাম কৰে আৰু প্ৰায় ৫০ বিধ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদ শস্যৰ পৰাগসংযোগকাৰীৰ ভূমিকা পালন কৰে৷ৰাজ্যখনৰ হেজাৰ বছৰ পুৰণি পাট শিল্পইও পখিলাৰ দৰে পতঙ্গৰ ওপৰতেই নিৰ্ভৰ কৰে ; কিন্তু অঞ্চলটোত কৰা কীটনাশক ঔষধৰ বৰ্ধিত ব্যৱহাৰৰ ফলত পাট পলুৰ বিনাশ ঘটিছে৷ বিশেষকৈ অসমত মূগা চোমনিৰ কাষত গঢ়ি উঠা ক্ষুদ্ৰ চাহ বাগিচাসমূহত প্ৰয়োগ কৰা কীট নাশকে অতি সাম্প্ৰতিক কালত অনেক মূগা চোমনিৰ ক্ষতি সাধন কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷এই বিষয়ত ৰাজ্যখনৰ চৰকাৰ যিমান তৎপৰ হ’ব লাগিছিল তেনে হোৱা পৰিলক্ষিত হোৱা নাই৷পৰিবেশ স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ সূচক হিচাপে পখিলাই কাম কৰে আৰু পতঙ্গই আগবঢ়োৱা জৈৱ বৈচিত্ৰ পদ্ধতিৰ সেৱা অসীম৷তথাপিও পখিলাৰ সংৰক্ষণ আৰু ইয়াৰ ওপৰত চৰকাৰৰ গুৰুত্ব প্ৰদান তথা জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ দেখা যায়৷জনসাধাৰণৰ মাজত পখিলা সংৰক্ষণৰ সজাগতাৰ অভাৱৰ বাবেই পখিলাবোৰৰ স্থানীয় ভাৱে নামাকৰণ কৰা হোৱা নাই৷এনেবোৰ কাৰণতেই পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত পখিলাৰ ভূমিকাৰ কথা আলোচনাৰ মাজলৈকে অহা নাছিল ৷ পখিলা পালনৰ যে পৰিৱেশ সংৰক্ষণৰ লগতে এক অৰ্থনৈতিক ভূমিকাও আছে তাকে টাঞ্জেনিয়াৰ কৃষকসকলে প্ৰমাণ কৰি দেখুৱাই দিছে।বৰ্তমান বিশ্বত অনেক স্থানত পখিলা সংৰক্ষণ কেন্দ্ৰ গঢ়ি তুলি পৰ্যটকক আকৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা হৈছে৷আমাৰ ভাৰবৰ্ষত তথা আমাৰ ৰাজ্য অসমতো পখিলা সংৰক্ষণ কেন্দ্ৰ গঢ়ি উঠিছে।তাৰ ভিতৰত গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত থকা বাটাৰফ্লাই কৰ্ণাৰ,নোমলিগডৰ বাটাৰফ্লাই ভেলি,নামদাঙৰ চাহ কোম্পানিত থকা বাটাৰফ্লাই পাৰ্ক আদি উল্লেখযোগ্য ; কিন্তু টাঞ্জেনিয়াৰ কৃষকসকলক পখিলা পালনৰ যোগেদি যিদৰে অৰ্থনৈতিক ভাৱে আত্মনিৰ্ভৰশীল কৰি তোলা হৈছে তেনে ব্যৱস্থা এতিয়াও কৰিব পৰা হোৱা নাই৷ বিশ্বৰ বৰ্ষাৰণ্যসমূহত কৃষকসকলে পখিলা পালনৰ যোগেদি অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হ’লেই নিশ্চয় অৰণ্য সংৰক্ষণ হ’ব আৰু আমাৰ এই পৃথিবী নামৰ সেঁউজীয়া গ্ৰহটোৱে জীৱকূলক শীতল ছাঁ দি জীয়াই ৰাখি চিৰ সেঁউজীয়া হৈ ৰ’ব৷ ++++++সমাপ্ত+++++++

No comments:

Post a Comment