Friday 7 August 2015

কৃষি বনানীকৰণ-ধৰাতল সেঁউজীকৰণৰ অন্য এক উপায়

ঔদ্যোগিক যুগ আৰম্ভ হোৱাৰে পৰা বিভিন্ন কাৰণত পৃথিৱীৰ মূল বনাঞ্চলৰ প্ৰায় আধাভাগ বনাঞ্চল ধ্বংস কৰি দিয়া আৰু বহু নিযুত জন্তু আৰু প্ৰাণীক বিপদগ্ৰস্ত কৰা ল৷অৰণ্যৰ গুৰুত্ব বুজিবৰ বাবে শিক্ষা, তথ্য আৰু সাধাৰণ সজাগতাৰ উন্নয়ন হোৱা সত্বেও বন ধ্বংসকৰণ অধিক হ্ৰাস হোৱা নাই, আৰু এতিয়াও বহুতো জাতি আৰু ব্যক্তিয়ে ব্যক্তিগত লাভৰ বাবে বন-ভূমি ধ্বংস কৰি আছে৷মানুহৰ জনসংখ্যা বাঢ়ি অহাৰ লগে লগে বনজাত দ্ৰব্যৰ প্ৰতি চাহিদা বাঢ়ি যোৱাত আৰু  বনভূমি কৃষিভূমিলৈ পৰিবৰ্তন কৰা বাবে বন-ধ্বংস কৰা হয়৷ ১৭৫০ চনত শস্য-ভূমি আৰু চৰণীয়া ভূমিয়ে পৃথিৱীৰ ওপৰিভাগৰ -% ভূমি দখল কৰিছিল ; ১৯৯০ চনত শস্য ভূমি আৰু চৰণীয়া ভূমিয়ে পৃথিবীৰ ভূ-খণ্ডৰ ৩৫-৩৯% দখল কৰে৷বন-ধ্বংসই বায়ুমণ্ডলীয় স্তৰৰ কাৰ্বনডাই অক্সাইড বৃদ্ধি কৰি কেৱল বায়ুমণ্ডলতেই কু-প্ৰভাব পেলোৱা নাই,প্ৰবল বানপানীৰ সূত্ৰপাত কৰি, জল ক্ষয়কৰণ কৰি,ভূমি স্খলন ঘটাই, আৰু গোলকীয় উষ্ণতা বঢ়াই তুলি তথা বায়ু প্ৰদূষণৰ যোগেদি উদ্ভিদ তথা জীৱ প্ৰজাতিৰ বিলোপ ঘটাই পৰিবেশৰ ওপৰতো কু-প্ৰভাব পেলাইছে৷শেহতীয়া সমীক্ষা অনুযায়ী ১৯৭০ চনৰ পৰা পৃথিৱীৰ প্ৰায় ৫২% জীৱকূলৰ ইতিমধ্যে বিলুপ্তি ঘটিছে৷ সেয়েহে বনানীকৰণৰ বিভিন্ন দিশত মনোনিবেশ কৰাৰ আৱশ্যকতা আহি পৰিছে৷

পতিত আৰু কৃষি অনুপযোগী ভূমিত ইউকেলিপ্তাচ, কদম, শিমলু আদি বৃক্ষৰ খেতি  কৰাকে ফাৰ্ম বনানীকৰণ বোলা হয়৷ ফাৰ্ম বনানীকৰণৰ অধীনত  বিভিন্ন ধৰণৰ বনানীকৰনৰ আঁচনি হাতত লোৱা হয়৷ সেইবোৰ হ’ল-সামাজিক বনানীকৰণ, ফাৰ্ম বনানীকৰণ, কৃষি বনানীকৰণ আৰু সম্প্ৰসাৰণ বনানীকৰণ ইত্যাদি৷ সামাজিক বনানীকৰণৰ অধীনত চৰকাৰ, গাঁও পঞ্চায়ত আৰু গ্ৰাম্য জনগোষ্ঠীৰ জিম্মাত থকা বন-ৰহিত পতিত ভূমি গাঁওবাসী, বা জনসাধাৰণৰ কোনো গোটে বৃক্ষ ৰোপণ কাৰ্যত ব্যৱহাৰ কৰে৷ফাৰ্ম বনানীকৰণৰ অধীনত বন-ভিত্তিক উদ্যোগ , যেনে জুইশলা বাকচ তৈয়াৰী কৰা উদ্যোগ, কাগজ কল, প্লাইউদ প্ৰস্তুতকৰণ কাৰাখানা আদিত আৱশ্যক হোৱা গছ ৰোপণ কৰি ডাঙৰ-দীঘল কৰাৰ কাৰণে পতিত ভূমি, খেতিৰ বাবে অনুপযুক্ত ভূমি ব্যক্তি বিশষে নিজা ফাৰ্ম হিচাপে ব্যৱহাৰ কৰে৷ এই ক্ষেত্ৰত বন ভিত্তিক উদ্যোগে কৃষকসকলক সকলো ধৰণৰ সম্প্ৰসাৰিত সাহাৰ্য প্ৰদান কৰে৷ যেতিয়া গছবোৰ পূৰ্ণতাপ্ৰাপ্ত হয় তেতিয়া তেওঁলোকে ক্ৰয় কৰে৷

আমাৰ দেশৰ বাবে কৃষি বনানীকৰণ নতুন কথা নহয়৷ বৈদিক যুগতে (খ্ৰী. পূ. ১০০০)কৃষি ভিত্তিক বনানীকৰণ প্ৰণালীৰ উদ্ভৱ হোৱা বুলি বিশ্বাস কৰা হয়৷ অৱশ্যে কৃষি বনানীকৰণক বিজ্ঞান হিচাপে কুৰি শতিকাৰ শেষৰ ফালেহে চিনাক্ত কৰা হয়৷ কৃষি বনানীকৰণৰ বুৰঞ্জীবিদ চেন য়ুঙৰ(Chen Yung)মতে চীনৰ শ্বেনয়াং(Shanyang)প্ৰদেশত ১৭০০ বছৰৰ পূৰ্বে কৃষি বনানীকৰণ প্ৰক্ৰিয়া প্ৰচলিত হৈছিল৷ তিনিশ বছৰৰ পূৰ্বে চীন দেশৰ গছ-গছনিৰ খেতিয়কে দক্ষিণ চীনত কৃষি খাদ্য শস্যৰ খেতি দেৱদাৰু জাতীয় গছৰ তলত কৰিছিল৷ ১৯৭০ চনত জন বেনিন (John Benen) নামৰ এজন কানাডাৰ বন- বিষয়াই “কৃষি বনানীকৰণ” –এই সংজ্ঞাটোৰ উদ্ভাৱন কৰে৷ ১৯৭৭ চনত কৃষি বনানী কৰণৰ আন্তৰাষ্ট্ৰীয় গৱেষণা পৰিষদ(The International Council for Research in Agroforestry চমুকৈ ICRAF)গঠন হোৱাৰ পিছত কৃষি বনানীকৰণৰ গৱেষণা উৰ্দ্ধগামী হয়৷এই পৰিষদকে ১৯৯১ চনত পুনৰ নামাকৰণ কৰা হয়-কৃষি বনানীকৰণৰ আন্তৰাষ্ট্ৰীয় কেন্দ্ৰ (The International Center for Research in Agroforestry) বুলি৷ভাৰতবৰ্ষত ১৯৮০ চনত সৰ্ব ভাৰতীয় সমন্বিত কৃষি বনানীকৰণ গৱেষণা প্ৰকল্প(All India Coordinated Research Project on Agroforestry) স্থাপনৰ দ্বাৰা কৃষি বনানীকৰণৰ সংগঠিত গৱেষণা সূচনা কৰা হয়৷ পিছত ১৯৮৮ চনত উত্তৰ প্ৰদেশৰ ঝান্সিত কৃষি বনানীকৰণৰ ৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰ (National Research Centre for Agroforestry)স্থাপন কৰা হয়৷

কৃষি বনানীকৰণ প্ৰণালীৰ প্ৰকাৰসমূহ

১)কৃষি বৃক্ষ ৰোপণ পদ্ধতি (Agrisilvicultural Systems)-গছৰ শাৰীবোৰৰ মাজে মাজে খাদ্য শস্যৰ খেতি কৰাকে এই পদ্ধতিয়ে বুজায়৷ যিবোৰ খাদ্য শস্যৰ খেতি এই পদ্ধতিৰ বাবে উপযুক্ত তেনেবোৰ খেতিহে কৰা হয়৷

২)চৰণীয়া পথাৰ বনানীকৰণ পদ্ধতি(Silvipastoral System)-কৃষি বনানীকৰণৰ এই পদ্ধতিত পশু খাদ্যৰ বাবে উপযোগী গছ-গছনি আৰু জোপোহা বন ৰোপণ কৰা হয়৷

৩)চৰণীয়া পথাৰ কৃষি বনানীকৰণ পদ্ধতি(Agrosilvopastoral System)-এই কৃষি বনানীকৰণ পদ্ধতিত পশু খাদ্যৰ বাবে উপযোগী গছ-বনৰ লগতে মানুহৰ বাবে খাদ্য যোগান ধৰা গছ-গছনিও ৰোপণ কৰা হয়৷

৪) অন্য পদ্ধতি (Other Systems)-কৃষি বনানীকৰণৰ অন্য পদ্ধতিবোৰ হ’ল-গছ-গছনি ৰোপণৰ লগতে মৌ-পালন, মাছে যিবোৰ গছৰ পৰা আহাৰ গ্ৰহণ কৰে তেনে ধৰণৰ গছ পুখুৰীৰৰ পাৰে পাৰে ৰোপণ কৰি মীন পালন কৰা  আৰু উদ্যান শস্যৰ খেতি কৰা ইত্যাদি৷

কৃষি বনানীকৰণৰ উপকাৰিতা

গতানুগতিক কৃষি আৰু পৰম্পৰাগত বনানীকৰণ পদ্ধতিতকৈ কৃষি বনানীকৰণ পদ্ধতি অধিক লাভজনক৷

পৰিবেশ তথা ভূমি উন্নয়নৰ বাবে উপকাৰিতা-

১)পুষ্টিকৰ দ্ৰব্য তথা ভূমি স্খলন ৰোধ কৰি নিৰ্মল পানী পোৱাত সহায় কৰে

 ২) ফাৰ্মত ডাঙৰ হোৱা গছৰ পৰা খৰি-কাঠ যোগান ধৰা বাবে বন ধ্বংস হ্ৰাস কৰে আৰু বন ভূমিৰ ওপৰত হেঁচা ৰোধ কৰে

 ৩) বিষাক্ত ৰাসায়নিক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ প্ৰয়োজন হ্ৰাস কৰে

 ৪)দুৰ্গন্ধ,  ধূলি-মাকতি আৰু শব্দ প্ৰদূষণ নোহোৱা কৰে

 ৫)সেঁউজ আৰু দৃষ্টিনন্দন স্থানে সৌন্দৰ্যবোধ জগায় তোলে

৬) বন্য প্ৰাণীৰ বাবে বসবাসৰ উপযোগী স্থান গঢ়ি তোলে

 ৭) ই প্ৰাকৃতিক বনানীৰ ওপৰত পৰা চাপ হ্ৰাস কৰে 

৮)ভূ-গৰ্ভৰ গভীৰতালৈ শিপা থকা বৃক্ষৰ দ্বাৰা মানুহৰ উপযোগী মৌলসমূহ উপযুক্তভাৱে পুনঃ পুনঃ ঘূৰি আহি থাকে

 ৯)পৰিবেশ প্ৰক্ৰিয়াক ভালদৰে  ৰক্ষণাবেশন দিয়ে

 ১০)ভূমিৰ খহনীয়া ৰোধ কৰে আৰু গঠন প্ৰণালী উন্নত কৰে

 ১১) গছে সূৰ্যৰ অনিষ্টকাৰী প্ৰখৰ ৰ’দ , বতাহ আৰু অধিক বৰষুণৰ পৰা ৰক্ষা কৰি ভূমিত থকা জৈৱিক সাৰ অটুট ৰাখে

 ১২) গছ-গছনি আৰু জোপোহা হাবি দুয়োটাই পক্ষীকূলক বাহ সজাৰ সুবিধা দিয়ে আৰু খাদ্য যোগান ধৰে তথা বন্য প্ৰাণীক আশ্ৰয় দিয়ে৷ এইদৰে ই জৈৱবৈচিত্ৰ উন্নত কৰাত অৰিহণা যোগায়৷

শস্য আৰু কৃষিৰ বাবে উপকাৰিতা- 

১)খাদ্য উৎপাদন,ইন্ধনৰ বাবে খৰি, পশু-খাদ্য, সাৰ আৰু কাঠ বৃদ্ধি হয়

 ২)মহামাৰী, খৰাং বতৰ আৰু বানপানী আদিৰ বাবে কৃষি কাৰ্য সম্পূৰ্ণ বিফল হোৱা ঘটনা ৰোধ কৰে- যিটো একক কৃষি পদ্ধতিত সঘনে ঘটি থাকে

 ৩)উন্নত আৰু বহনক্ষম উৎপাদনশীলতাৰ বাবে ফাৰ্মৰ উপাৰ্জনৰ পৰিসৰ বৃদ্ধি পায়

 ৪) কৃষি বনানীকৰণ ব্যৱস্থাত পথাৰৰ উৎপাদনশীলতা বতৰৰ ওপৰত নিৰ্ভৰশীল নহয়

 ৫) গছ-বিৰিখে মাটিৰ বাবে সাৰ প্ৰস্তুত কৰি দিয়ে বাবে উৰ্বৰতা বাঢ়ে আৰু খেতি ভাল হয়৷

সমাজ, কৃষক আৰু গ্ৰাম্য অৰ্থনীতিৰ বাবে উপকাৰিতাসমূহ-

১)বৰ্দ্ধিত হাৰৰ কাঠ আৰু অন্য বৃক্ষজাত উৎপাদনৰ ঘৰুৱা ব্যৱহাৰ আৰু বিক্ৰীৰ জৰিয়তে দৰিদ্ৰতা হ্ৰাস কৰাত সহায়ক হয়

 ২)খাদ্য শস্যৰ উৎপাদনৰ বাবে ভূমিৰ উৰ্বৰতা পুনৰ ঘূৰাই পোৱাৰ হেতু খাদ্য নিৰাপত্তাত অৰিহণা যোগায়

 ৩)খৰাং প্ৰতিৰোধ কৰিব পৰা গছ-গছনিৰ সংখ্যা বৃদ্ধি কৰি আৰু পৰবৰ্তিকালত ফল-মূল, উপভোগ্য তৈল্যজাত দ্ৰব্য আদি উৎপাদন কৰি গোলকীয়  উষ্ণতা আৰু দুৰ্ভিক্ষৰ দৰে বিপদৰ সৈতে ফেৰ মাৰিব পৰা যায়৷অৱশ্যে, ইয়াৰ বাবে বিস্তৃত পৰিসৰত কৃষি বনানীকৰণ কৰিব লাগিব 

৪) কৃষি বনানীকৰণে অধিক বৈচিত্ৰপূৰ্ণ ফাৰ্ম-উৎপাদনৰ যোগেদি মানুহৰ পুষ্টি সাধন বৃদ্ধি কৰে

 ৫) যিবোৰ ঠাইত মানুহে আধুনিক ঔষধ সীমিত পৰিমাণে লাভ কৰে তেনে ঠাইত ঔষধি গুণ থকা গছ-বন ৰুই ল’ব পাৰে 

৬)নিয়োগ নিশ্চিতকৰণ আৰু পৰিয়ালৰ আয় বৃদ্ধি যোগে গ্ৰাম্য জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰে

 ৭)কৃষি পামৰ স্থান সলনি কৰি থকাৰ প্ৰয়োজন নোহোৱা কৰি জনগোষ্ঠীসমূহক স্থিৰতা আনি দিয়ে আৰু উন্নত কৰে

 ৮) উপৰুৱা আৰু নানা ৰকমৰ উপাৰ্জন আনি দিয়ে

 ৯)জীৱন নিৰ্বাহৰ পৰিবেশ উন্নত কৰে 

১০) মূল্য বৃদ্ধি, খৰাং, বৰফাবৃত অৱস্থা আৰু  বানপানীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰে৷ কাৰণ,অন্য কৃষিজাত সামগ্ৰীৰ তুলনাত কাঠৰ মূল্য আপেক্ষিক ভাৱে স্থিৰ

১১) নতুন কাম আৰু উদ্যোগৰ সুযোগ সৃষ্টি কৰে 

১২) কাঠ, ফল-মূল,বনৌষধি,জুইধৰা খৰি, ঘাঁহ আদি বজাৰৰ পৰা কিনিব লগা নহয়৷ আয় বঢ়াবৰ বাবে জীৱ-জন্তু পালন সহজ হৈ পৰে আৰু এই দৰে কৃষকৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰে

১৩)অন্যহাতে কৃষি বনানীকৰণে ভাৰতবৰ্ষৰ গাঁওসমূহৰ পতিত ভূমিৰ উন্নয়ন সাধন কৰিছে৷

কৃষি বনানীকৰণ কৰাৰ এবছৰৰ পৰা তিনিবছৰৰ বিৰতিৰ পিছতে তাৰ উপকাৰসমূহ দেখা পোৱা যায়৷ ই এক দীৰ্ঘকালিন বিনিয়োগ৷ দুখীয়া কৃষকসকলে যিহেতু তৎকালিন ভাৱে ঘৰুৱা খাদ্য আৰু আয়ৰ প্ৰয়োজীয়তাৰ ওপৰত অগ্ৰাধিকাৰ দিয়ে, সেয়ে তেওঁলোকে কৃষি বনানীকৰণৰ উপকাৰিতাসমূহৰ বিষয়ে জানিলেও ইয়াক হাতত ল’বলৈ দ্বিধা বোধ কৰিব পাৰে৷ কৃষি কৰ্মীসকলক কৃষি বনানীকৰণৰ বাবে উৎসাহিত কৰিবলৈ এক সম্ভাৱনাপূৰ্ণ উপায় হ’ল-তেওঁলোকৰ পৰিবেশ সম্পৰ্কীয় কাম-কাজৰ বাবে নগদ ধন দিয়া৷কৃষকসকলক অৰ্থনৈতিক ভাৱে পোষকতা কৰিবৰ বাবে কৃষি বনানীকৰণৰ আৰম্ভনীৰ বছৰ কেইটাত তেওঁলোকে ৰোপণ কৰা বৃক্ষৰ যোগেদি পৰিবেশ প্ৰক্ৰিয়াত সেৱা আগ বঢ়োৱাৰ প্ৰতিদান স্বৰূপে তেওঁলোকক পুৰষ্কৃত কৰা উচিত৷

 অসমত কৃষি বনানীকৰণ



 অসমত আধুনিক পদ্ধতিত কৃষি বনানীকৰণ কাৰ্য তেনেই চালুকীয়া অৱস্থাতে আছে৷ পৰম্পৰাগত  পদ্ধতিত অসমৰ কৃষকসকলে কৃষি বনানীকৰণ কাৰ্য অতীজৰে পৰা  কৰি আহিছে৷ এই কাম তেঁওলোকে মুখ্যতঃ নিজৰ প্ৰয়োজনীয়তাবোৰ পূৰণৰ বাবে কৰে৷ তাৰ বাবে তেঁওলোকে বাৰী পাতি কাঠ, ফল-মূল,বাঁহ,বেত,বনৌষধি ইত্যাদিৰ গছ ৰোপন কৰে৷ ইয়াৰ উপৰিও নিজৰ কৃষি ভূমিৰ চাৰিওকাষে, মীন পালনৰ পুখুৰীৰৰ পাৰে পাৰে প্ৰয়োজনীয় গছ-গছনি ৰোপণ কৰি লয়৷অসমৰ মুঠ ভূমিৰ প্ৰায় তিনি ভাগৰ দুই ভাগ ধান, মাহ, সৰিয়হ, আলু আৰু অন্যান্য খেতিৰ বাবে ব্যৱহাৰ কৰা হয়৷ ধান খেতিৰ বাবে ব্যৱহাৰ কৰা বেছ আহল-বহল পথাৰবোৰ গছ-গছনি বিহীন৷ গতিকে এনে পথাৰবোৰত কৃষি বনানীকৰণ কৰিব পৰা যায়৷ তাৰ বাবে লাগে মাথো সু-পৰিকল্পিত আৰু সু-সংগঠিত প্ৰচেষ্টা৷     

                     ০০০০০০০০০০০০০০০)সমাপ্ত(০০০০০০০০০০০০০০০০০০০

No comments:

Post a Comment