Monday 17 August 2015

মুদ্ৰা বেংক-ভাৰত নিৰ্মাণৰ দিশত অন্য এক প্ৰচেষ্টা

ক্ষুদ্ৰ উদ্যোগীক ১০ লাখ টকালৈকে ঋণ আগ বঢ়োৱা আৰু ‘ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান’(Micro-Finance Institutions)ৰ চালিকা শক্তি ৰূপে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৮ এপ্ৰিল, ২০১৫ তাৰিখে দেশৰ ৰাজধানী চহৰখনৰ ‘বিজ্ঞান ভৱন’ত ‘মুদ্ৰা বেংক’(MUDRA BANK বা  Micro Units Development and Refinance Agency Bank)ৰ উদ্বোধন কৰে৷ উদ্বোধনী সভাত প্ৰধান মন্ত্ৰী গৰাকীয়ে কয়, ‘বৃহৎ উদ্যোগবোৰে কেৱল ১.২৫ কোটি লোকক নিয়োগ কৰিছে, যেতিয়া নেকি ক্ষুদ্ৰ উদ্যমসমূহে ১২ কোটি লোকক নিয়োগ কৰিছে৷ মুদ্ৰা বেংকে পুঁজিৰ পৰা বঞ্চিত ক্ষুদ্ৰ উদ্যমীসকলক পুঁজিৰ যোগান ধৰিব; দেশৰ সঞ্চয় অভ্যাস দৃঢ় কৰা দৰকাৰ৷’ পৰবৰ্ত্তী ১২ টা মাহৰ ভিতৰত সংসদত এই সন্দৰ্ভত এক বিল গৃহীত কৰি মুদ্ৰা বেংক গঠন কৰা হ’ব৷

ক্ষুদ্ৰ/সৰু ব্যৱসায় প্ৰতিষ্ঠানক শেষ মাইলৰ বিত্ত যোগনিয়াৰক বিত্ত যোগান ধৰিবলৈ প্ৰাদেশিক / আঞ্চলিক পৰ্যায়ৰ সংযোগকাৰী সকলৰ মুদ্ৰা বেংক অংশীদাৰ হ’ব৷ মুদ্ৰা বেংক ৰাজ্য চৰকাৰৰো অংশীদাৰ হ’ব৷ তাৰোপৰি প্ৰচেষ্টাটো ঋণ প্ৰদানৰ কামতে ক্ষান্ত নাথাকিব৷ সমগ্ৰ দেশতে সিচৰিত হৈ থকা উদ্যমসমূহৰ সমস্যাও সমাধা কৰিব৷ মুদ্ৰা বেংকৰ বাবে প্ৰস্তুত কৰা নীতিয়ে বহুতো কাম সাঙুৰি লৈছে৷ ২০,০০০ কোটি টকাৰ গা-পুঁজি বা কৰ-পাচ পুঁজি(Corpus Fund)আৰু ৩,০০০ কোটি টকাৰ ঋণ জামিন বা ক্ৰেডিট গ্ৰ্যাৰান্টি কৰ-পাচ ৰে মুদ্ৰা বেংক সৃষ্টি কৰা হৈছে৷ উৎপাদন, ব্যৱসায় আৰু সেৱাৰ কামত নিয়োজিত হৈ থকা ক্ষুদ্ৰ / সৰু ব্যৱসায় উদ্যোগক ঋণ প্ৰদান কৰা ক্ষুদ্ৰ বিত্ত যোগানকাৰী প্ৰতিষ্ঠানৰ যোগেদি উন্নয়ন আৰু পুঁজিৰ পুনৰ যোগানৰ ক্ষেত্ৰত মুদ্ৰা বেংক দায়বদ্ধ থাকিব৷ আশা  কৰা  হৈছে  যে  এনে  ক্ষুদ্ৰ / সৰু  ব্যৱসায়ী  গোট/ উদ্যোগীক  জামিনবিহীন ভাৱে আনুষ্ঠানিক  বিত্তৰ  পথ  সুগম  কৰি  দিয়াৰ  ফলত  তেওঁলোকৰ  জীৱন  ধাৰণৰ  মানদণ্ড  উন্নত  হোৱাৰ  লগতে  মুঠ  ঘৰুৱা  উৎপাদন  বৃদ্ধি  আৰু  নিয়োগ  সৃষ্টিত   তেওঁলোকক  বলিষ্ঠ  আহিলা  স্বৰূপ  কৰি  তুলিব৷

ক্ষুদ্ৰ  বিত্ত যোগান ব্যৱসায়ৰ বাবে প্ৰস্তুত নীতি-নিৰ্দ্দেশনাবোৰঃ-

 · ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবোৰৰ তালিকাভুক্তকৰণ                 
· ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান সত্তাবোৰৰ বিশ্বাসযোগ্যকৰণ / মানদণ্ড নিৰূপনকৰণ
· অধিক ঋণগ্ৰস্ততা দূৰ কৰিবলৈ আৰু সঠিক গ্ৰাহক সুৰক্ষা নীতি আৰু ঋণ আদায়ৰ পদ্ধতিৰ প্ৰতি দায়িত্বশীল বিত্তীয় প্ৰণালী নিৰ্দ্দেশকৰণ৷
· ক্ষুদ্ৰ উদ্যোগীক ঋণ দিয়া শেষ মাইলৰ নিয়ন্ত্ৰণৰ   বাবে    উন্নত মানৰ চুক্তি গঢ়ি তোলা     
·  শেষ মাইলৰ বাবে উপযুক্ত প্ৰযুক্তিগত সমাধানৰ উন্নত-কৰণ
· ক্ষুদ্ৰ উদ্যোগীসকললৈ আগ বঢ়োৱা ঋণলৈ গ্যাৰান্টিৰ কাৰণে এক ঋণ গ্যাৰান্টি আঁচনিৰ প্ৰস্তুত কৰণ আৰু প্ৰচলন কৰণ               
· খণ্ডটোত পৃষ্ঠপোষকতাৰ উন্নয়ন আৰু উন্নত-কৰণৰ বাবে কাম-কাজ            
· প্ৰধান মন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত  সৰু ব্যৱসায়ীক শেষ মাইল ঋণ প্ৰদানৰ ভাল স্থাপত্য নিৰ্মাণ৷         
  যুৱক, শিক্ষিত বা দক্ষ কৰ্মীসকলক আৰু মহিলা উদ্যোগীকে ধৰি অন্য উদ্যোগীসকলক মূল সুঁতিলৈ ঘূৰাই অনাৰ লক্ষ্য ৰাখি মুদ্ৰা বেংকৰ দ্বাৰা এই উপায়বোৰ অৱলম্বন কৰা হৈছে৷  ভাৰত চৰকাৰে বিশ্বাস কৰে যে উন্নয়ন আৰু সমৃদ্ধি অন্তৰ্ভুক্ত কৰা বা সমেত হোৱা উচিত৷ ৰাষ্ট্ৰীয় নমুনা জৰীপ সংগঠনৰ ২০১৩ চনৰ জৰীপৰ মতে আমাৰ দেশত উৎপাদন, ব্যৱসায় বা সেৱা কাৰ্য চলাই থকা প্ৰায় ৫.৭৭ কোটি ক্ষুদ্ৰ ব্যৱসায় গোট আছে আৰু তাৰ সৰহ ভাগেই ব্যক্তিগত মালিকানাধীন৷  সেই নিজা একাউন্ট এন্টাৰপ্ৰাইজবোৰ (Own account enterprises বা OAE) অনুসূচিত জাতি, অনুসূচিত জনজাতি বা অন্যান্য পিছপৰা শ্ৰেণীৰ জাতিৰ লোকৰ মালিকানাধীন৷ বিত্তীয় পৃষ্ঠপোষকতাৰ অভাৱেই হ’ল এই খণ্ডটোত উদ্যোগীসকলৰ উন্নতিৰ পথত অতি ডাঙৰ প্ৰতিবন্ধকতা৷   অসংগঠিত খণ্ডৰ এক বৃহৎ অংশই তালিকাভুক্ত নোহোৱা উদ্যোগী হিচাপে কাৰ্য চলাই আছে আৰু আনুষ্ঠানিক বা অনানুষ্ঠানিক ব্যৱস্থাপনাই এইবোৰৰ বিত্তীয় প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰা নাই৷ ক্ষুদ্ৰ উৎপাদন গোট, দোকানী, ফল-মূল/ শাক-পাচলি বেপাৰী, ট্ৰাক আৰু টেক্সী চালক, খাদ্য-সেৱা গোট, মেৰামতিৰ দোকান, যন্ত্ৰ চালক, ক্ষুদ্ৰ উদ্যোগ, শিল্পী, খাদ্য প্ৰক্ৰিয়াকৰণ কৰোতা, পথৰ বেপাৰী আৰু আন বহুতে এইবোৰ পৰিবেষ্টিত কৰি আছে৷ ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ(SIDBI) এক গোট হিচাপে মুদ্ৰা বেংক আৰম্ভ কৰা হেতু তাৰ যোগেদি মুদ্ৰা বেংক লাভবান হ’ব৷

উৎপাদন আৰু উপহাৰসমূহ

প্ৰধান মন্ত্ৰী মুদ্ৰা যোজনাৰ আলমত ক্ষুদ্ৰ ব্যৱসায় আৰু গোটক ঋণ দিবলৈ পুনৰ বিত্ত যোগানেই হ’ব মুদ্ৰা বেংকৰ প্ৰাথমিক উৎপাদন৷    ইয়াৰ  ছত্ৰছাঁয়াত  পাতনিৰ  উৎপাদন  আৰু  আঁচনিবোৰ  ইতিমধ্যে  প্ৰস্তুত  কৰা  হৈছে৷  উন্নয়ন / উন্নতিৰ  পৰিসৰ সূচাবলৈ  আৰু  ক্ষুদ্ৰ  গোট / উদ্যোগী   হিতাধিকাৰীৰ  ধনৰ  প্ৰয়োজনীয়তা  প্ৰকাশ  কৰিবলৈ  সহায়তাসমূহক   ‘শিশু,  ‘কিশোৰ’, আৰু  ‘তৰুণহিচাপে  নামাকৰণ  কৰা হৈছে৷

শিশুৱে  ৫০,০০০/=টকালৈকিশোৰে ৫০,০০০/=টকাৰ  পৰা ,০০,০০০/=   টকালৈ  আৰু  তৰুণ  বিভাগে  ,০০,০০০/= পৰা ১০,০০,০০০/= টকালৈ   প্ৰদান  কৰা  ঋণক  সাঙুৰি  ব৷

ব্যৱসায়সমূহ/ উদ্যোগসমূহ/ গোটবোৰ সৰু উৎপাদন গোট, দোকানী, ফল-মূল/শাক-পাচলি বিক্ৰেতা ,চুলি কটা নাপিতৰ দোকান, বিউটিপাৰ্লাৰ, যান-বাহন চালক, ট্ৰাক চালক, বাতৰি কাকত বিতৰক, সমবায় বা ব্যক্তিসকলৰ সংগঠন, খাদ্য-সেৱা গোট, মেৰামতিৰ দোকান, যন্ত্ৰ চালক, ক্ষুদ্ৰ উদ্যোগ, শিল্পী, খাদ্য প্ৰক্ৰিয়াকৰণ কৰোতা, আত্ম সহায়ক গোট, স্ব-নিয়োজিত ব্যক্তি আৰু সেৱা বিতৰক আদি গ্ৰামীণ আৰু নগৰীয়া স্ব-মালিকানাধীন / অংশীদাৰভুক্ত ফাৰ্মৰ ১০ লাখ টকা পৰ্যন্ত বিত্তীয় প্ৰয়োজনীয়তা পূৰণৰ কাম মুদ্ৰা বেংকে সাঙুৰি ল’ব৷

আৰম্ভনিতে চলাই নিয়া উৎপাদনবোৰ হ’লঃ- স্থল-পৰিবহন, জনগোষ্ঠী, সামাজিক আৰু ব্যক্তিগত সেৱাসমূহ, খাদ্য উৎপাদন আৰু বস্ত্ৰ উৎপাদন খণ্ডৰ দৰে আঁচনি, খণ্ড/কাৰ্যাৱলী অনুযায়ী আঁচনিবোৰ৷ অন্যান্য খণ্ড আৰু কাৰ্যাৱলীতো একে ধৰণে আঁচনিসমূহ সংযুক্ত কৰা হ’ব৷ সেইবোৰ তলত উল্লেখ কৰা হ’ল৷

·ক্ষুদ্ৰ ঋণ আঁচনি(MCS)
· আঞ্চলিক গ্ৰামীণ বেংক আৰু অনুসূচিত সমবায় বেংকবোৰৰ বাবে পুনৰ বিত্ত যোগান
·  মহিলা উদ্যমী আঁচনি
· ব্যৱসায়ী আৰু দোকানীলৈ ব্যৱসায় ঋণ
· মধ্য ঋণ আঁচনি নোহোৱা কৰা
·  ক্ষুদ্ৰ গোটবোৰলৈ আহিলাৰ বাবে বিত্ত যোগান

  ঋণ সংযুক্ত পথ

মুদ্ৰা বেংকে এক ঋণ সংযুক্ত পথ অৱলম্বন কৰিব আৰু সমগ্ৰ বৰ্ণালীৰ হিতাধিকাৰীৰ বৃত্ত খণ্ডৰ মাজত উন্নয়নৰ পৃষ্ঠপোষকতাত হস্তক্ষেপ কৰিব৷ কামবোৰ তলত উল্লেখ কৰা হ’ল৷

  বিত্তীয় স্বাক্ষৰতাত পৃষ্ঠপোষকতা
·  তৃনমূল পৰ্যায়ৰ অনুষ্ঠানসমূহক উন্নীতকৰণ আৰু পৃষ্ঠপোষকতা কৰা
·  ‘ক্ষুদ্ৰ ব্যৱসায় বিত্ত যোগান সত্তাসমূহৰ’ কাৰণে ঠাচ নিৰ্মাণ
·  ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিশ্যনৰ লগত সমন্বয় ৰক্ষা
·  ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন কৰপ’ৰেশ্যনৰ সৈতে সমন্বয় ৰক্ষা
·  ঋণ বিভাগৰ অফিচৰ লগত কাম কৰা
·  মানদণ্ড নিৰ্ণয় কৰা এজেঞ্চিসমূহৰ লগত কাম কৰা

 অন্য প্ৰস্তাৱিত উপহাৰসমূহ

 · মুদ্ৰা কাৰ্ড
·  পৰ্টফ’লিও ক্ৰেডিট গ্যাৰান্টি
·   ঋণ বৃদ্ধিকৰণ

 উদ্যোগীৰ লগতে খণ্ডটোক শেষ মাইল বিত্ত যোগান ধৰোতা উভয়ৰ কাৰণে বিত্তীয় ভেটি আৰু সঠিক পৰিবেশ গঢ়িবলৈ অ-সংগঠিত  ক্ষুদ্ৰ ব্যৱসায় খণ্ডক আহাৰ যোগাৰ দিবলৈ সক্ষম কিছু বৰ্ত্তি থকা খেলুৱৈৰ অভিজ্ঞতাৰ ওপৰত মুদ্ৰা বেংক গঢ়ি উঠিব৷   মুদ্ৰা বেংকৰ একক  গ্ৰাহক মূল্য বিচাৰ্য বিষয় হ’ব যুক্তিযুক্ত মূ্ল্য সহকাৰে বিত্ত যোগান৷  মুদ্ৰা বেংক গঠনে কেৱল বেংক ব্যৱস্থাৰ বাহিৰত থকা সকলকেই বিত্ত লাভত সহায় কৰিব এনে নহয়, শেষ মাইল বিত্ত যোগনিয়াৰৰ পৰা অ-সংগঠিত ক্ষুদ্ৰ আৰু সৰু উদ্যোগ খণ্ডলৈকে সকলোকে বিত্তৰ ব্যয় নিম্নগামী কৰাত সহায় কৰিব৷

 মুদ্ৰা বেংকৰ উপকাৰসমূ

মুদ্ৰা বেংক ক্ষুদ্ৰ বিত্ত প্ৰতিষ্ঠানৰ সকলো খেলুৱৈৰ মূল সঞ্চালক হোৱা হেতু  আত্ম সহায়ক গোটৰ বেংকৰ সৈতে জড়িতকৰণ আঁচনি, NBFC-MFIs আৰু ট্ৰাষ্ট/ সমবায় / লাভ বিহীন NBFCs/ ধাৰা ২৫ ত ক্ষুদ্ৰ বিত্ত অনুষ্ঠানৰ কামত জড়িত থকা কোম্পানীবৰৰ কাৰণে নীতি আৰু সকলোতকৈ ভাল পদ্ধতিৰ ঐক্যতা সম্ভব হ’ব৷ তৰলতা বৃদ্ধি আৰু ক্ষুদ্ৰ বিত্ত প্ৰতিষ্ঠানলৈ কম খৰচী বিত্তীয় পৃষ্ঠপোষকতাৰ পথ সুগম হ’ব৷ তাৰোপৰি  ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানলৈ কম খৰচত বৰ্ধিত বিত্ত যোগানে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পুঁজিৰ খৰচ হ্ৰাস কৰিব৷ যেইকি নহওক, প্ৰধান মন্ত্ৰীৰ মুদ্ৰা বেংক যোজনা ভাৰত নিৰ্মাণৰ দিশত অন্য এক সফল প্ৰচেষ্টা হ’ব বুলি আশা কৰা হৈছে৷


 ০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০)(০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০

No comments:

Post a Comment