Wednesday 18 July 2018

পখিলা পালনৰ অৰ্থনীতি


ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসম বিশ্বৰ ভালেমান জৈৱবৈচিত্ৰৰ আশ্ৰয়স্থল৷ গৱেষকসকলৰ মতে, ইয়াত ৫০০ বিধতকৈও অধিক প্ৰজাতিৰ পখিলা পোৱা যায়৷ ৰাজ্যখনৰ বৃহৎ বন ধ্বংসকৰণ আৰু খণ্ড–বিখণ্ডকৰণৰ ফলত ভালেসংখ্যক পখিলাৰ সংখ্যা  কুৰি শতিকাৰ প্ৰথমাৰ্ধতে নিঃশেষ হৈছে৷ তৃতীয় বিশ্বৰ দেশবোৰত পখিলাৰ প্ৰজাতিজাতিবোৰ হ্ৰাস হৈ যোৱাটো আজি–কালি এনে বৈষিষ্টপূৰ্ণ যে ইয়াৰ ফলত গোলকীয় পাৰিবেশ সংকট ঘটিব৷ ইয়াৰ যদি প্ৰতিৰোধ কৰা নাযায় তেন্তে এক সংশোধন কৰিব নোৱাৰা অৱস্থাত উপনীত হ’ব লগীয়া হ’ব৷ পখিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ দৰেই অসমো তেনেই পিছপৰি আছে৷ পখিলাক সংৰক্ষণৰ লক্ষ্য স্বৰূপে লোৱা নাই৷ বৰ্তমান চৰকাৰে  ধ্বজ্জাধাৰী প্ৰজাতি হিচাপে বাঘ আৰু গঁড়কহে সংৰক্ষণৰ আওটালৈ আনিছে৷ তৃনমূল পৰ্যায়ত যি গুৰুত্বপূৰ্ণ আন্তঃ প্ৰজাতিৰ সম্পৰ্ক আৰু  ক্ষুদ্ৰ জীৱ গঠনেৰে জৈৱবৈচিত্ৰ পদ্ধতিৰ সংঘটিত হয় তাক আওকান কৰা হৈছে৷

স্থানীয় পৰিবেশত পখিলাবোৰে অতি গুৰুত্বপূৰ্ণ পৰাগসংযোগকাৰী হিচাপে কাম কৰে আৰু প্ৰায় ৫০ বিধ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদ শস্যৰ পৰাগসংযোগকাৰীৰ ভূমিকা পালন কৰে৷ ৰাজ্যখনৰ হেজাৰ বছৰ পুৰণি পাট শিল্পইও পখিলাৰ দৰে পতঙ্গৰ ওপৰতেই নিৰ্ভৰ কৰে ; কিন্তু অঞ্চলটোত  কৰা  কীটনাশক ঔষধৰ  বৰ্ধিত ব্যৱহাৰৰ ফলত পাট পলুৰ বিনাশ ঘটিছে৷  বিশেষকৈ অসমত মূগা চোমনিৰ কাষত গঢ়ি উঠা ক্ষুদ্ৰ চাহ বাগিচাসমূহত প্ৰয়োগ কৰা কীট নাশকে অতি সাম্প্ৰতিক কালত অনেক মূগা চোমনিৰ ক্ষতি সাধন কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ এই বিষয়ত ৰাজ্যখনৰ চৰকাৰ যিমান তৎপৰ হ’ব লাগিছিল তেনে হোৱা পৰিলক্ষিত হোৱা নাই৷ পৰিবেশ স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ সূচক হিচাপে পখিলাই কাম কৰে আৰু পতঙ্গই আগবঢ়োৱা জৈৱ বৈচিত্ৰ পদ্ধতিৰ সেৱা অসীম৷ তথাপিও পখিলাৰ সংৰক্ষণ আৰু ইয়াৰ ওপৰত চৰকাৰৰ গুৰুত্ব প্ৰদান তথা জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ দেখা যায়৷ জনসাধাৰণৰ মাজত পখিলা সংৰক্ষণৰ সজাগতাৰ অভাৱৰ বাবেই পখিলাবোৰৰ স্থানীয় ভাৱে নামাকৰণ  কৰা হোৱা নাই৷ এনেবোৰ কাৰণতেই পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত পখিলাৰ ভূমিকাৰ কথা আলোচনাৰ মাজলৈকে অহা নাছিল ৷
পখিলা পালনৰ যে পৰিৱেশ সংৰক্ষণৰ লগতে এক অৰ্থনৈতিক ভূমিকাও আছে তাকে স্পষ্ট কৰিবলৈ তানজেনিয়াৰ কৃষকসকলৰ কথা উল্লেখ কৰা দৰকাৰ৷

তানজানিয়াৰ(Tanzania)ৰ ডাৰ এজ চালাম (Dar es Salaam) ত অৱস্থিত থমাচ ৰিউটাৰচ ফাউণ্ডেচন (Thomas Reuters Foundation) ৰ সমন্বয়ৰক্ষী কিজিটো মকোয়ে( Kizito Makoye) য়ে তেখেতৰ প্ৰবন্ধ “To save rare forests, famers try a new crop: butterflies.” শিৰোনামৰ এটি প্ৰবন্ধত কৃষকসকলে পখিলা পালনৰ বাবে আগ্ৰহী হৈ পৰাৰ কাহিনী বৰ্ণনা কৰিছে৷


জানজিবাৰ(Zanzibar) ৰ জজানি(Zozani) অৰণ্যত উৰি ফুৰা  চিত্ৰ বিচিত্ৰ পখিলাবোৰ কেৱল দেখিয়ে ভাল লাগে এনে নহয়, সেই অঞ্চলৰ কৃষক আৰু এঙাৰ প্ৰস্তুতকাৰীৰ বাবে নগদ ধন আহৰণৰ আহিলা হৈ পৰিছে৷
দ্বীপটোত ভাবুকিৰ সন্মুখীন হোৱা অৰণ্যৰ সুৰক্ষাৰ অৰ্থে, অৰণ্য আটুট ৰাখিবলৈ লোকসকলক এক  বিত্তীয় সমৰ্থন দি অৰণ্য ধ্বংশ প্ৰতিৰোধ কৰাৰ  প্ৰচেষ্টা চলোৱা হৈছে৷ এই উদ্দেশ্যে এক আচঁনি যোগে স্থানীয় লোকসকলক পখিলা পালনৰ প্ৰশিক্ষণ দি থকা হৈছে৷

সৌন্দৰ্যৰে ভৰপূৰ জজানি( Zozani) অৰণ্যখন এঙাৰ প্ৰস্তুতকৰণ আৰু অবহনক্ষম কৃষি কাৰ্যৰ বাবে দ্ৰুত বন ধ্বংসৰ তীব্ৰ হেঁচাত  পৰিছে৷  জানজিবাৰ পখিলা কেন্দ্ৰ(Zanzibar Butterfly Cetre) য়ে এক জাতীয় ভাৱে চলাই নিয়া প্ৰচেষ্টা স্বৰূপে সেইটো পৰিস্থিতিৰ পৰিবৰ্তন সাধিব খোজে৷  তাৰ বাবেই অৰণ্যৰ চাৰিওফালে বসবাস কৰা এঙাৰ প্ৰস্তুতকাৰীসকলক প্ৰশিক্ষণ দি তেওঁলোকক সেই কামৰ ঠাইত  পখিলা পালক হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷

এঙাৰ প্ৰস্তুতকৰণ কাৰ্যত প্ৰত্যক্ষভাৱে কাকোৱে হকাবাধা কৰা সম্ভৱ নহয় বাবে  পৰিৱেশৰ ওপৰত যে বন ধ্বংসৰ কুপ্ৰভাব পৰে তাকে সেই ঠাইৰ লোকসকলক শিকাবলৈ চেষ্টা চলোৱা হয়৷ এই কাৰ্যসূচীত পখিলা ফাৰ্মৰ কৃষকসকলক প্ৰশিক্ষণৰ লগতে আহিলা-পাতিৰ যোগান ধৰা হয়৷ পলুৰ লেটা পখিলা কেন্দ্ৰৰ  নিজা পৰ্যটক-প্ৰদৰ্শনস্থলী আৰু বিদেশী ক্ৰেতাক বিক্ৰী কৰি একোজন কৃতকাৰ্যতা লভা কৃষকে মাহে ২৫০ মাৰ্কিন ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হয়৷

পখিলা পালকসকলে কিছুসংখ্যক মাইকী পখিলা ধৰি তেওঁলোকৰ অভিযানত নামি পৰে৷ তেওঁলোকে পখিলাবোৰ জালেৰে নিৰ্মিত গঁৰালত ৰাখি কণী পাৰিবলৈ দিয়ে৷ তাৰ পিচত কণীবোৰ সংগ্ৰহ কৰি তেওঁলোকে তাৰ পৰা জগা পলুবোৰক লেটালৈ ৰূপান্তৰ নোহোৱা পৰ্যন্ত খাদ্য যোগানকাৰী উদ্ভিদত ৰাখি  তাৰ পাত ভক্ষণ কৰি ডাঙৰ হ’বলৈ দিয়ে৷ পখিলা পালকসকলক উচিত মূল্য প্ৰদান কৰি পখিলা কেন্দ্ৰই লেটাসমূহ বিদেশলৈ ৰপ্তানী কৰে অথবা কণী নপৰা পৰ্যন্ত পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাখি থয়৷

জানজিবাৰ পখিলা কেন্দ্ৰটো(The Zanzibar Butterfly Centre) ২০০৮ চনত স্থাপন কৰা হৈছিল৷ ই জজানি চ্ছাওকা উপসাগৰীয় ৰাষ্টীয় উদ্যানৰ (Jozani Chawka Bay National Park) কাষতে অৱস্থিত৷ এইখন আফ্ৰিকাৰ বৃহতম পখিলা উদ্যান৷ ইয়াত ধৰিবলৈ জটিল ক’লা-বগা আফ্ৰিকান চাতক পক্ষী নেজীয়া পখিলাকে ধৰি পঞ্চাশ বিধতকৈ অধিক পখিলা পোৱা যায়৷

এই পখিলা কেন্দ্ৰটোৱে জজানি পৰিৱেশ সংৰক্ষণ সন্থা (Jozani Environmental Conservation Association) ৰ সৈতে ঘনিষ্ঠ ভাৱে কাম কৰি পখিলাৰ প্ৰজাতিবোৰ চাবলৈ  আৰু সেইবোৰৰ বিষয়ে শিকিবলৈ আগ্ৰহী পৰ্যটকসকলক আকৰ্ষিত কৰে৷ দৰাচলতে এই কেন্দ্ৰটোৱে অৰণ্য সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে স্থানীয় লোকসকলক এক অতিৰিক্ত উপাৰ্জনৰ সন্ধান দিয়াটোকে লক্ষ্য স্বৰূপে লৈছে৷ পূৰ্বতে এঙাৰ প্ৰস্তুতৰ ব্যৱসায় কৰা লোকসকলে এই কামত ধৰি লাভৱান হোৱা বুলি নিজে স্বীকাৰ কৰিছে৷ তেওঁলোকে ক’ব খোজে যে, পখিলা পালন কৰাটো এঙাৰ প্ৰস্তুত কৰা কামতকৈ বহুত সহজ আৰু এই কামে পৰিয়ালৰ ভৰণ-পোষণ সহজসাধ্য কৰি তুলিছে৷ পখিলা হৈ উৰাৰ পূৰ্বে, কেইটামান সপ্তাহৰ ভিতৰতে কণীৰ পৰা জগি পলু হৈ বিক্ৰীযোগ্য লেটা হৈ পৰে৷ পখিলা পালনে মহিলাসকলৰ বাবে এক সুযোগ আনি দিছে৷ মহিলা সকলে ঘৰুৱা কামৰ মাজতে সহজতে পখিলা পালনৰ কাম কৰি যাব পাৰে৷ নিশ্চয়কৈ বন ধ্বংস নকৰাকৈ পখিলা পালনৰ যোগে ঘৰখন চলাই নিবলৈ তেওঁলোক সমৰ্থ হৈ পৰি্ছে৷

বহুধৰণৰ কৃষি কৰ্মৰ বাবে হাবি-জঙ্গল মুকলি কৰিব লগীয়া হয় ; ইয়াৰ ফলত বতৰ পৰিবৰ্তন সংঘটিত হয় আৰু প্ৰাণী আৰু উদ্ভিদ জগতৰ বহু প্ৰজাতি এই পৃথিবীৰ পৰা চিৰ দিনৰ বাবে হেৰাই যায় ; কিন্তু পখিলা পালনৰ বাবে গহন বনৰ আৱশ্যক হয়, সেয়ে ই হাবি বননি ৰক্ষাৰ বাবে অৰ্থনৈতিক ভাৱে উদগনি যোগায়৷

পখিলা পালন প্ৰকল্পৰ যোগেদি বহু গ্ৰাম্যাঞ্চলৰ বাসিন্দাই বন সুৰক্ষাৰ তাৎপৰ্য উপলব্ধি কৰিছে আৰু বহুজনে পখিলা পালনৰ যোগেদি অধিক ভাল ফলাফল লাভ কৰিছে৷ যিসকল স্থানীয় জনগোষ্ঠীয়ে এঙাৰক তাপ শক্তিৰ মূল হিচাপে ব্যৱহাৰ কৰে তেওঁলোকে খৰিৰ বাবে বহুতো গছ কাটি পেলাইছে৷ কিন্তু যিসকলে পখিলা পালনৰ প্ৰশিক্ষণ লৈছে তেওঁলোকে গছ কটা কাম এৰিছে৷ দৰাচলতে অঞ্চলটোৰ লোকসকলে যদিও উপলব্ধি কৰিছিল যে এঙাৰ প্ৰস্তুত কৰা কামটো পৰিবেশৰ বাবে বেয়া তথাপিও ততালিকে ধন ঘটিব পৰা ধৰণৰ বিকল্প জীৱিকাৰ পথ বিচাৰি নোপোৱা বাবে তাকে কৰি গৈছিল৷ যদিওবা প্ৰচেষ্টাটো নিজেই বন ধ্বংসৰ সমাধান নহয় তথাপি ই সজাগতা সৃষ্টিত সহায় কৰিছে আৰু কৃষকসকলৰ মাজত বনাঞ্চলৰ গৰাকী হোৱাৰ প্ৰৱণতা বৃদ্ধি কৰিছে৷

টানজিনিয়াৱ পূব ওচাম্বাৰা পৰ্বতমালাত (Tanzanias East Usambara Mountains) ২৫০ জন স্থানীয় কৃষকে একে ধৰণৰ এক প্ৰকল্প হাতত লৈছে ৷ এই অঞ্চলটো জৈৱ বিচিত্ৰতাৰ অঞ্চল বুলি জনা জাত যদিও তাত এঙাৰ প্ৰস্তুতকৰণ আৰু কৃষিৰ বাবে বহু হাবি মুকলি কৰা হৈছে৷

জানজিবাৰ পখিলা কেন্দ্ৰৰ তথ্য অনুযায়ী, কোন জাতৰ, কিমান সংখ্যক পলুৰ বাহ পখিলাৰ কেন্দ্ৰটোলৈ আনে বা সেইবোৰ কি প্ৰজাতিৰ তাৰ ওপৰত নিৰ্ভৰ কৰি পখিলা পালকসকলে কিমান উপাৰ্জন কৰিব পাৰে সেইটো নিৰ্ভৰ কৰে৷ পাবলৈ নোহোৱা আৰু ধৰিবলৈ জটিল পখিলাৰ বাবে কেন্দ্ৰটোৱে বেছি মূল্য প্ৰদান কৰে৷

বৰ্তমান বিশ্বত অনেক স্থানত পখিলা সংৰক্ষণ কেন্দ্ৰ গঢ়ি তুলি পৰ্যটকক আকৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা হৈছে৷ আমাৰ ভাৰবৰ্ষত তথা আমাৰ ৰাজ্য অসমতো পখিলা সংৰক্ষণ কেন্দ্ৰ গঢ়ি উঠিছে ; কিন্তু তানজেনিয়াৰ কৃষকসকলক পখিলা পালনৰ যোগেদি যিদৰে অৰ্থনৈতিক ভাৱে  আত্মনিৰ্ভৰশীল কৰি তোলা হৈছে তেনে ব্যৱস্থা এতিয়াও কৰিব পৰা হোৱা নাই৷ বিশ্বৰ বৰ্ষাৰণ্যসমূহত কৃষকসকলে পখিলা পালনৰ যোগেদি অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হ’লেই নিশ্চয় অৰণ্য  সংৰক্ষণ হ’ব আৰু আমাৰ এই পৃথিবী নামৰ সেঁউজীয়া গ্ৰহটোৱে  জীৱকূলক শীতল ছাঁ দি জীয়াই ৰাখি চিৰ সেঁউজীয়া হৈ ৰ’ব৷
++++++সমাপ্ত+++++++
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ বহুল প্ৰচলিত, সুপ্ৰাচীন তথা বলিষ্ঠ দৈনিক বাতৰি কাকত 'দৈনিক অসম' ৰ ২৭ জুন , ২০১৮ তাৰিখৰ সংখ্যাত প্ৰকাশ পাইছে৷