Sunday 6 December 2015

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আতঙ্ক

( ‘আতঙ্ক’ৰ তৃতীয় খণ্ড)
                                                            
ম’হঘুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়৷ এই নামটো শুনিলে স্থানীয় ৰাইজে কিবা এক বিৰক্তি তথা ঘৃণা ভাৱত নাক কোঁচায়৷ বাতৰি কাকত আৰু বৈদ্যুতিন সংবাদ মাধ্যম আদিত প্ৰায়ে এই অফিচটোত চলা দুৰ্নীতিৰ বতৰা প্ৰচাৰ হৈ থাকে৷ পিছে অফিচটোৰ বিষয়া আৰু কৰ্মচাৰীসকলে সেইবোৰলৈ কেৰেপেই নকৰে৷ কোনো কোনো লোকে কয় যে সাংবাদিক সকলক হেনো তেওঁলোকে অংশীদাৰ কৰি লৈ ধনৰ টোপোলা গুঁজি দি কথাবোৰ গাপ দি ৰাখে৷

তৰুন বৰুৱাৰ ঘৰ ম’হঘূলি গাৱঁতে৷ তেওঁ চাকৰি সূত্ৰে অসমৰ বিভিন্ন ঠাইত বহু বছৰ কটাই অৱসৰ গ্ৰহণ কৰি নিজ গাঁওখনলৈ ঘূৰি আহিছে৷ পিছে তেওঁ পৈতৃক সম্পত্তি হিচাপে পাব লগা ঘৰৰ ভেঁটিটো তেওঁৰ দুজন ককাই-ভায়ে দখল কৰি ৰাখিছে আৰু তেওঁক ঘৰ বনাবলৈ এৰি দিয়া নাই৷ সেয়ে তৰুন বৰুৱাই দুবছৰ পূৰ্বে দেউতাকৰ মৃত্যুৰ পিছতেই উত্তৰাধিকাৰ সূত্ৰে দেউতাকৰ মাটিৰ তেওঁ পাব লগা অংশটোৰ বাবে ম’হঘূলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নামজাৰিৰ আৱেদন পত্ৰ দাখিল কৰিলে৷ আৱেদনৰ লগত যাৱতীয় মাচুল দুশ টকা জমা দি ২০১৩ চনৰ ডিচেম্বৰ মাহতে ৰচিদ সংগ্ৰহ কৰিলে ; কিন্তু দুটা বছৰত সেই উত্তৰাধিকাৰী নামজাৰিৰ কামটো সমাধা নহ’ল৷ তৰুন বৰুৱাই অফিচলৈ বাটকুৰি বাই থাকোতে তেওঁ আৱেদন দাখিল কৰা সময়ত লগ পোৱা আন আন বহু কেইজন আৱেনকাৰীকো লগ পাই থাকে৷ কাৰণ, তেওঁলোকৰো দুবছৰতকৈও অধিক দিনে কাম সমাধা হোৱা নাই৷ আহ !কি চৰম গাফিলতি ! কি চৰম বিৰক্তি!!

“দেউতা, আমন জিমনকৈ বহি আছা যে, কি আজিও চাৰ্কোল অফিচত কাম নহ’ল নেকি?”নমিতাই দেউতাক তৰুন বৰুৱাক সুধিলে৷

“নাই নহ’ল মাজনী, কামটো আজিও নহ’ল৷ অফিচলৈ গ’লো, কেৰাণীয়ে ক’লে চাৰ্কোল অফিচাৰ নাই৷ গতিকে কাম নহ’ব৷ মনটো বৰ বেয়া  লাগিল৷ এইদৰেই সিঁহতে মোক দুটা বছৰ ধৰি দৌৰাই আছে৷ নিজৰ মাটি থাকিও ঘৰ এটা সাজি ল’ব নোৱাৰিলো৷ কিমান দিন আৰু ভাড়াঘৰত কটাম? কচোন মাজনী৷”

দেউতাকে দুখ-বেজাৰত বিহ্বল হৈ কোৱা কথাখিনি শুনি নমিতা ভাৱনাত বিভোল হৈ পৰিল৷ দেউতাকে চাকৰি কৰি থকা দিনবোৰত দৰমহাৰ ধনকেইটা কিদৰে খৰচ কৰিছিল সেয়া নমিতাহঁতে ভালদৰেই জানে৷ দেউতাকে মদ, ভাং, বিৰি-চিগাৰেট একোৱেই মুখত নিদিয়ে, তথাপিও চোন দৰমহাৰ টকাৰে মাহটো ভালদৰে নচলে৷ গেলামালৰ দোকানত ধাৰ লাগে৷ ইয়াৰ কাৰণটোও নমিতাহঁতৰ ভালদৰে জনা আ্ছে৷ অৰ্থাৎ সিহঁতৰ দেউতাকে দৰমহা পোৱা তাৰিখতে গাঁৱৰ পৰা ককাক আহে আৰু ককাকে গাঁৱৰ গেলামালৰ দোকানত লগোৱা ধাৰৰ হিচাপটো দিয়ে আৰু দেউতাকে দৰমহাৰ টকা কেইটা ভগাই পেলায়৷ কেৱল এয়াই নহয়, গাঁৱৰ ঘৰৰ খেৰ-বাঁহৰ ছাল বৰদৈচিলা জনীয়ে প্ৰতি বছৰে উৰুৱাই নিয়ে আৰু তাক মেৰামতি কৰিব লাগে দেউতাকে অকলে৷ সেয়ে খেৰি ঘৰৰ ঠাইত নমিতাহঁতৰ দেউতাকে অকলেই টিনপাতৰ ঘৰ কৰি পেলাওঁতে কমখন টকা খৰচ হ’লেনে? দোকানত বহুত ধাৰ লাগিছিল৷ তেও পিতৃ-মাতৃক বৰষুণত তিয়াব নোৱাৰি৷ চাকৰিৰ অৱসৰৰ সময়ৰলৈকে ধাৰ মাৰি থাকিব লগা হৈছিল৷ নমিতাহঁতৰ বৰদেউতাক আৰু দদায়েকে কিন্তু দেউতাক-মাক আৰু ভনীয়েকৰ কাৰণে এপইচাও খৰচ নকৰিলে৷ পিছে দেউতাকৰ মৃত্যুৰ পিছত ঘৰৰ সকলো সা-সম্পত্তিৰ মালিক হৈ পৰিল তেওঁলোক অৰ্থাৎ-নমিতাৰ বৰদেউতাক আৰু দদায়েক৷ ইফালে পুৰণি ঘৰ-ভেঁটিও কাঢ়ি লোৱা দি ল’লে বৰদেউতাক আৰু দদায়েকে বিয়া নিদিয়াকৈ ঘৰতে বুঢ়ী কৰি ৰাখি থোৱা তেওঁলোকৰ সৰু ভনীয়েক জনীয়ে ,অৰ্থাৎ নমিতাৰ সৰু পেহীয়েকে৷ নমিতাৰ দেউতাক ঘৰৰ ভেঁটিটো পাবৰো অযোগ্য হ’ল৷ অন্য হাতে, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ হেমাহিত পৰি আইনগত ভাৱেও নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ দেউতাক সমৰ্থ হোৱা নাই৷

“কি চিন্তা কৰি আছ মাজনী? ভাবোক হৈ গ’লি যে?”

দেউতাকৰ মাতত হে নমিতাই যেন সম্বিত ঘূৰাই পালে৷

“দেউতা, তুমি আৰু ম’হঘুলি ৰাজহ চক্ৰ বিষয়াৰ অফিচলৈ যাব নালাগে৷ তুমিয়ে ‘আতঙ্ক’ নামৰ ভাল সংগঠন এটাৰ জন্ম হৈছে বুলি মোক কৈছিলা নহয়, এতিয়া সেই সংগঠনৰ ময়ো এক সদস্যা হ’বলৈ পাই গৌৰৱ অনুভৱ কৰিছো৷ আমাৰ ‘আতঙ্ক’ত ভালেমান অৱসৰ প্ৰাপ্ত চাকৰিয়ালো আছে৷ গতিকে দেউতা, তোমাকো আমাৰ সংগঠনলৈ সাদৰ আমন্ত্ৰন জনালো৷ ‘আতঙ্ক’ই আমাৰ কেচটোৰ কিবা এক মিমাংসা কৰিব৷ মনত ৰাখিবা দেই, এটা দিন আহিব, অসমৰ সৎ মানুহবোৰ আমাৰ সংগঠনত থাকিব আৰু সংখ্যালঘু হৈ পৰা দুষ্ট-দুৰ্জন সকল অন্য এক বিভঙ্গুৰ দলত থাকি কেলেপলেপকৈ দিন কটাই মৃত্যুৰ মুখে গতি কৰিব৷"

০০০০০০০০০০০০০০০০০০০০০০০

ফাঁচিবজাৰৰ আলু-পিঁয়াজৰ পাইকাৰী বিক্ৰেতা মদনলাল জৈন আৰু ৰাজ্যৰ যোগান বিভাগৰ মন্ত্ৰী ভাগ্যধৰ ফুকনক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ পিছত ৰাজ্যখনত চৌদিশে কেৱল ‘আতঙ্ক’ৰ নাম সকলোৰে মুখে মুখে৷ প্ৰায় সকলোবোৰ কাৰ্যালয়তে ৰাইজৰ কাম-কাজ নিয়াৰিকৈ চলি গৈছে৷ অসমত যেন ‘আতঙ্ক’ই অঘোষিত জৰুৰীকালিন অৱস্থাৰ সূচনা কৰিলে৷ অকামিলা হৈ পৰা দুৰ্নীতি নিবাৰক বিভাগটোও সক্ৰিয় হৈ উঠিছে৷ সেয়েহে ‘আতঙ্ক’ৰ উপদেষ্টাসকলে তাৰ সুযোগ গ্ৰহণ কৰিবলৈ সংগঠনৰ সদস্যসকলক পৰামৰ্শ দিছে৷ ৰাজ্য চৰকাৰৰ দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত দুৰ্নীতি নিবাৰন বিভাগে ইতিমধ্যে কেইবাজনো ঘোঁচখোৰ বিষয়াক উৎকোচ লৈ থকা অৱস্থাত হাতে-লুটে ধৰা পেলাই জেললৈ প্ৰেৰণ কৰিছে৷ সেয়ে ‘আতঙ্ক’ৰ সদস্যসকলে চৰকাৰী বিভাগটোক কামত খটুৱাই নিজৰ অভিষ্ট সিদ্ধি কৰিবলৈ পাৰ্যমানে চেষ্টা চলাই গ’ল৷

নমিতা বৰুৱা আৰু আন বহুকেইজন ‘আতঙ্ক’ৰ সদস্য লগ লাগি ম’হঘূলি ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে থকা অঞ্চলটোৰ ৰাইজৰ অভিযোগ সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিল৷ ৰাইজৰ অভিযোগৰ সীমা সংখ্যা নোহোৱা অৱস্থা৷ ধুনু আৰু জোনাকে অভিযোগবোৰ শুনি হতবাক হৈ পৰিল৷ ৰাজ্যৰ ভিতৰতে পিছপৰা ঠাই তথা ৰাজ্যৰ ভিতৰতে অধিক শিক্ষিতলোকৰ বাসস্থান বুলি জনাজাত ম’হঘূলি অঞ্চলত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোৱে কাৰ বাবে কাম গৈছে তেনেহ’লে? ৰাজহ চক্ৰটোৰ সমুদায় ভূমিৰ ওপৰত চৰকাৰে বিষয়া কৰ্মচাৰীহঁতক এক বিশেষ অধিকাৰ দি থৈছে নেকি যে তাৰ কিবা কাম কৰি দিলে মাটি-বাৰীৰ মূল্যৰ অৰ্ধেক সিহঁতক দিবই লাগিব? প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি দেৱে ‘হালধীয়া চৰাইয়ে বাও ধান খায়’ ৰচনা কৰা দিনৰে পৰা ম’হঘূলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত হালধীয়া চৰাইয়ে নিৰ্বিঘ্নে বাওধান খাইয়ে আছে৷ বানপীড়িত অঞ্চল ম’হঘূলিলৈ যোৱা ৰাস্তা-ঘাটৰ অৱস্থা যিহে, তালৈ যাবলৈ যিমান চিন্তা কৰিব লগা হয় আজিৰ দিনত মঙ্গল গ্ৰহলৈ যাবলৈও সিমান চিন্তা কৰিব নালাগে৷ আচলতে ৰাস্তা-ঘাট নিৰ্মাণৰ বাবে এই অঞ্চললৈ কোটি কোটি চৰকাৰী ধন আহিলেও মন্ত্ৰী-আমোলা আৰু ঠিকাদাৰ সকলো মিলি ভগাই খাই শেষ কৰি দিয়ে৷ ৰহস্যজনক ভাৱে ম’হঘূলিৰ শিক্ষিত ব্যক্তি সকলে নিজৰ ব্যক্তিগত সা-সুবিধা কিছুমান আদায় কৰি নিবোকা চামোনৰ দৰে চুপ মাৰি থাকে৷ সেয়ে চৌদিশে দুৰ্নীতিয়ে ছানি ধৰিছে৷

ধুনু আৰু জোনাকাহঁতে ‘আতঙ্ক’ৰ উপদেষ্টা মণ্ডলীৰ লগত ম’হঘূলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দুৰ্নীতিৰ সন্দৰ্ভত এক দীঘলীয়া আলোচনাত বহিলে৷ অৱশেষত ৰাজ্য চৰকাৰৰ দুৰ্নীতি নিবাৰক বিভাগৰ জড়িয়তে দুৰ্নীতিত পোত গৈ থকা ম’হঘূলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক ফনিন্দ্ৰ ডেকাক কৰায়ত্ব কৰাবলৈ সিদ্ধান্ত ল’লে৷

০০০০০০০০০০০০০০০০০০০০০০০

“ডেকা ছাৰ, ৰে’টটো অলপ কমাওক৷ ইমাণ বেছি টকা মই ক’ৰ পৰা দিম? মা-দেউতাৰ বেমাৰৰ চিকিৎসা কৰাৰে পৰা তেওঁলোকৰ মৃত্যুৰ পিছত সকাম-নিকাম পতালৈকে বহুত টকা খৰচ হ’ল৷ তাৰে ধাৰ এতয়াও ভালেমান টকা পৰিশোধ কৰিবলৈ আছে৷ খেতি মাটি কেইদৰাকে বন্ধক দি টকা দহ হেজাৰ যোগাৰ কৰিছো৷ তাকে ৰাখক আৰু নামজাৰিৰ কামখিনি কৰি দিয়ক ছাৰ৷” কথাখিনি কৈ মহেন্দ্ৰই ফনিন্দ্ৰ ডেকাৰ হাতে–ভৰিয়ে ধৰি উচুপি উঠিল৷

“হেই হেই কি অভদ্ৰ মানুহ তই? কথাবোৰ বুজি নলৱ কিয়? এইখন মাছ বজাৰ বুলি ভাৱিছ নেকি তই? দাম-দৰ কৰি আছ যে৷ কামটো অকলে কৰি তোৰ টকা সোপা কি মই অকলে গিলিম বুলি ভাৱিছ নেকি তই? হেৰৌ বুৰ্বকটো, চাহাবে বিশ হেজাৰৰ কমত কামটো নকৰে৷ ইমাণবোৰ মাটি-বাৰী মাফতে পাবি বুলি ভাৱিছ নেকি?” ফনিন্দ্ৰ ডেকাই ভেকাহি মাৰি কথা কেইটা ক’লে৷

কথাখিনি শুনি মহেন্দ্ৰ বৰাই বৰ দুখ পালে৷ বেচেৰাটো দহ বছৰ মানৰ পূৰ্বে নামনিৰ পৰা আহি ম’হঘূলি গাঁৱত উলাইছিল৷ এদিন সন্ধিয়া বেলিকা বীৰেশ্বৰ বৰাৰ ঘৰত ৰাতিটো কটাবলৈ সোমোৱা আলহী যুৱক মহেন্দ্ৰ যে চিৰদিনৰ বাবে সেইখন ঘৰতে কটাব লাগিব সেই কথা কোনেও কাহানিও কল্পনা কৰা নাছিল৷ ঘটনা ক্ৰমে সেয়াই হ’ল৷ বীৰেশ্বৰ মাষ্টৰৰ ঘৰৰ প্ৰতিজন সদস্যই মহেন্দ্ৰক সিহঁতৰ পৰিয়ালৰে সদস্য হিচাপে আকোঁৱালি ল’লে৷ একমাত্ৰ  জীয়েক পদুমীক ধেমাজীলৈ বিয়া দিছিল৷ কেইবছৰমানৰ পূৰ্বে তাই কৰ্কট ৰোগত আক্ৰান্ত  হৈ মৃত্যুক সাৱটি ল’লে৷ তাইৰ মৃত্যুৰ বেদনা মাৰ নৌযাওঁতেই একমাত্ৰ পুত্ৰ জীৱনৰো জীৱন বীণাৰ তাঁৰ ছিঙি গ’ল- দেউতাকক ডকা হকা দি কিনা দুই লাখ টকীয়া বাইকত উঠি লগ-সমনীয়াৰ সৈতে ষ্টানমেনৰ ভূমিকাত অৱতীৰ্ণ হ’বলৈ গৈ৷ ঘৰখনত থাকি গ’ল পুত্ৰ কন্যাৰ স্মৃতিৰ কৰুণ এক ঝণঝণনীৰ সুৰ৷ সান্ত্বনা দিবলৈ আছিল মাথো মহেন্দ্ৰ বোলা সেই নামনিৰ ল’ৰাটো৷ দুখ-বেজাৰত ভাগি পৰা বীৰেশ্বৰে নিজে এজন শিক্ষক হৈও ঘৈণীয়েকক সান্ত্বনা দিব নোৱাৰিলে৷ অসাৱধান ভাৱে বাইক চলাই উটনুৱা ল’ৰাবোৰ দুৰ্ঘটনাত মৃত্যু হৈ থকা দেখি দেখি দেউতাকে ল’ৰাটোক বাইক কিনি দিবই খোজা নাছিল৷ মাকেহে ল’ৰাৰ দুখ-বেদনা সহিব নোৱাৰি বাইকখন কিনি দিবলৈ দেতাকক টানি ধৰিলে৷ সেয়ে শোক-সন্তাপতে নোখোৱা নোবোৱাকৈ কিছু দিন কটাই বেমাৰী হৈ মাকজনীয়েও ইহ লীলা সম্বৰণ কৰিলে৷ ঘৰখনৰ এনে পৰিৱেশত মহেন্দ্ৰও ভাগি পৰিছিল৷ তথাপি সি তাৰ কৰ্তব্যত হেলা নকৰি অতি কষ্টেৰে আলপৈচান ধৰি দেউতাক(মহেন্দ্ৰই বীৰেশ্বৰক দেউতা বুলিয়ে মাতে আৰু তেনেদৰেই শ্ৰদ্ধা ভক্তিও কৰে)জীয়াই ৰাখিবলৈ চেষ্টা কৰিলে৷ শেষলৈ বীৰেশ্বৰে স্কুললৈ যাবলৈ অসমৰ্থ হৈ পৰাত দা-দৰমহাও বন্ধ হ’ল৷ মহেন্দ্ৰই দিন হাজিৰা কৰি আৰু অ’ত ত’ত ধাৰ-ধুৰ কৰি ঘৰখন চলাই গ’ল৷ অৱশেষত এদিন তাক অকলশৰীয়া কৰি থৈ দেউতাক বীৰেশ্বৰো এই পৃথিবীৰ মায়া এৰি গুচি গ’ল৷

দেউতাকৰ মৃত্যুৰ পিছত এদিন হঠাৎ দেবেন নেওঁগ নামৰ উকিলজন তাৰ ঘৰলৈ আহি ক’লেহি যে তাৰ দেউতাক বীৰেশ্বৰ বৰাই তেওঁৰ সকলো সা-সম্পত্তি তাৰ নামত উইল কৰি থৈ গৈছে৷ উকিল দেবেন নেওঁগে তাৰ প্ৰয়োজনীয় স্বাক্ষৰ নথি-পত্ৰত ল’লে আৰু আদালতৰ সকলো কাম শেষ কৰিলে৷ বাকী থাকিল মাথো ম’হঘূলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নামজাৰিৰ কামটো৷ এই কামটোকে আজি দুটা বছৰ ধৰি অফিচলৈ বাটকুৰি বাই বাই সি কৰাই ল’ব পৰা নাই৷ নামজাৰিৰ কামটো হৈ গ’লে তাৰ চিন্তা এটা দূৰ হ’ল হেতেন-মহেন্দ্ৰই ভাৱিলে৷

“মনে মনে থাকিলি যে? মাটি নেলাগে নেকি তোক? এই মাটিবোৰৰ প্ৰতিবিঘাত পঁচিশ লাখ টকা হ’ল বুলি জাননে তই?”

ভাৱনাত ডুব গৈ থকা মহেন্দ্ৰই ডেকাৰ মাতত ঠটমট খাই গ’ল৷

“ছাৰ, মাটিৰ দাম যিমান লাখেই নহ’ওক কিয়, বিছ হেজাৰ টকানো মই ক’ত পাম? গতিকে মই যাওঁ ছাৰ৷ এই দহ হেজাৰ টকা ঘূৰাই দি বন্ধকী ৰখা মাটিখিনিকে মোকলাই লওঁগৈ,”কথাষাৰ কৈ মহেন্দ্ৰই দোৱাৰমুখ পালেগৈ, “মই আহিলোহে ছাৰ৷”

“এই মহেন্দ্ৰ, এই ক’ত যাৱ তই? টকাখিনি দি যা,” ফনীন্দ্ৰ ডেকাই ক’লে, “ইমাণ টকা লগত লৈ ঘূৰি ফুৰি মৰিব খুজিছনেকি? এইখিনি দি যা আৰু বাকীখিনি পিছত দিবি৷”

ডেকাৰ কথা মতে মহেন্দ্ৰ বৰা পুনৰ ঘূৰি আহিল আৰু এশ টকীয়া নোটৰ বাণ্ডিলটো ফনীন্দ্ৰ ডেকাৰ হাতত তুলি দিলেগৈ৷

টকাৰ বাণ্ডিলটো হাতত লৈ ফনীন্দ্ৰ ডেকাই তেওঁৰ টেবুলৰ ড্ৰয়াৰত ভৰাবলৈ তলমূৰ কৰোঁতেই সাধাৰণ পোচাকত থকা দুৰ্নীতি নিবাৰণ বিভাগৰ পুলিচৰ এটা দলে ন্যায়ধীশক লগত গৈ কোঠাটোত প্ৰৱেশ কৰে আৰু ফনীন্দ্ৰ ডেকাক উৎকোচৰ ধন লৈ থকা অৱস্থাত হাতে-লুটে ধৰা পেলাই গ্ৰেফ্টাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷ ডেকা জেললৈ যোৱাৰ পিছত ম’হঘূলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তৰুন বৰুৱাৰ কামকে ধৰি  যিমানবোৰ কাম পৰি আছিল সকলো ধুমুহাৰ গতিত হৈ উঠিল আৰু কোনো কামতে পলম নোহোৱা হ’ল৷

মহেন্দ্ৰ বৰাক ‘আতঙ্ক’ৰ সদস্য সকলে সম্বৰ্ধনা জনায়৷ ফনীন্দ্ৰ ডেকাৰ ঘৈনীয়েকে জেলত গিৰিয়েকক দিবলৈ নিয়া বস্তুবোৰৰ মাজত ওলোৱা ‘আতঙ্ক’ লিখা থকা টুপীটো দেখিহে ডেকাই ভেবা লাগি চাই ৰ’ল আৰু কথাবোৰ ভালদৰে বুজিব পাৰিলে৷                                                                                                 
০০০০০০০০০০০০০০)(০০০০০০০০০০০০০

Tuesday 1 December 2015

ফাঁচীবজাৰত আতঙ্ক

(‘আতঙ্ক’ৰ দ্বিতীয় খণ্ড)

“মানুহৰ নিজৰ প্ৰাণৰ প্ৰতি মমতা কিমান দেখিলি?” ধুনুৱে জোনাকক ক’লে, “আনৰ প্ৰাণৰ প্ৰতিও যদি মানুহৰ দয়া-মমতা থাকিল হেতেন তেন্তে গেমপাৰা হত্যাকাণ্ডৰ দৰে ঘটনা নঘটিল হয় আৰু আমিও দুৰ্জনহঁতৰ ‘প্ৰাণৰ মমতা’কে আলম কৰি লৈ সমাজৰ প্ৰচলিত আইনৰ বিপৰীতে গৈ নিস্বঃজনৰ প্ৰাণৰ মমতা আৰু জীয়াই থাকিবলৈ দুবেলা-দুমুঠি অন্ন লাভৰ ওপৰত গুৰুত্ব দি আমাৰ ববীয়াকৈ সমাজ সেৱা কৰিব লগা নহ’ল হয়৷ নহয়নে জোনাক?”

পেন্সন অফিচত চলি থকা দুৰ্নীতিৰ পৰা জ্যেষ্ঠ নাগৰিক সকলক সকাহ দিবলৈ সমৰ্থ হোৱাৰ পিছত ধুনু আৰু জোনাক যথেষ্ট উৎসাহিত হ’ল আৰু সিহঁতৰ পৰিকল্পনাৰ বিষয়ে জানিব পাৰি সিহঁতৰ অতি বিশ্বাসভাজন বন্ধু বৰ্গই আহি “আতঙ্ক” নামৰ সংগঠনটোত যোগদান কৰিব ধৰিলে৷ পেন্সন অফিচৰ আতঙ্কৰ বিষয়ে সিহঁতৰ শিক্ষা গুৰু চন্দন শৰ্মা ছাৰৰ বাহিৰে আন কোনেও একো জানিব নোৱাৰিলে৷ অন্যহাতে, পেন্সন অফিচৰ বিষয়া কৰ্মচাৰীয়েও সকলো কথা গোপনে ৰাখি নিকা ভাৱমূৰ্তিৰে কাম কৰি যাব ধৰিলে৷

****************

চন্দন শৰ্মা ছাৰৰ ঘৰৰ প্ৰতীক কোঠা৷ এক অতি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শৰ্মা ছাৰে ধুনু আৰু জোনাকৰ সৈতে আলোচনাত মগ্ন৷

“বোপা ধুনু আৰু জোনাক, তোমালোক দুজনৰ হিয়া-মনৰ বতৰা পাই ততালিকে কথাখিনি আলোচনাৰ বাবে মাতি পঠালো৷ ভাৱিলো পলম কৰিলে হয়তু তোমালোকে ভুল কিছুমান কৰি পেলাবা৷”,শৰ্মা ছাৰে কথাষাৰ কৈ দুয়োৰে চকুলৈ চাই তেওঁলোকৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰিলে৷

শৰ্মাছাৰৰ তীক্ষ্ণ দৃষ্টিত সিহঁত দুটাৰ এনে অনুভৱ হ’ল যেন ছাৰে ইতিমধ্যে সিহঁতৰ মন আৰু হৃদয়ৰ এক্সৰে সমাপন কৰি তাৰ ৰিপৰ্ট যোগাৰ কৰিছে৷ সিহঁতে ইটোৱে সিটোৰ চকুলৈ চাই ধৰা পৰি যোৱা চোৰৰ দৰে তলমূৰ কৰি থাকিল৷

“তোমালোক দুয়োকে মই আইন প্ৰৱৰ্তনকাৰী আৰু আইন বলবৎকাৰী স্বৰূপে দেখা পালে মোৰ জীৱন সাৰ্থক হ’ল হেতেন৷ আইন ভঙ্গকাৰী হিচাপে তোমালোকক দেখা পোৱাটো মই বাঞ্ছা নকৰোঁ,”শৰ্মাছাৰে কৈ গ’ল, “অৱসৰ প্ৰাপ্ত লোকসকলৰ পেন্সনৰ ধন পোৱাৰ ক্ষেত্ৰত তোমালোকে যি কৰিলা তাৰ বাবে তোমালোকে পুণ্যৰ ভাগ পাবা, কিন্তু আইন হাতত তুলি লোৱাটো জানো ঠিক কথা হ’ল?”

“ক্ষমা কৰিব ছাৰ,” ধুনুৱে ক’লে, “আমাৰ মতে প্ৰকৃততে আমি আইন হাতত তুলি লোৱা নাই, আমি মাথো দেশৰ অচল অৱস্থাটো প্ৰত্যক্ষ কৰি থাকিব নোৱাৰি ৰাইজক কিছু সকাহ দিব বিচাৰিছো৷ বিপৰীত কোণৰ পৰা দৃষ্টি নিক্ষেপ কৰি ভালদৰে ভাৱি চালে দেখা যায় যে দেশৰ দুৰ্নীতি পৰায়ণ তথা ঘোচখোৰ মখাইহে চৰকাৰৰ দুৰ্বলতাৰ সুযোগ লৈ আইন নিজৰ হাতত তুলি লৈছে আৰু অনীতি অনিয়মেৰে কাম কৰি জনসাধাৰণক হাৰহাস্তি কৰি গৈছে৷”

“ছাৰ, আমি মাথো তেনে দুৰ্নীতি পৰায়ণ লোকক বাধা প্ৰদান কৰি ৰাইজক কিছু সকাহ দিবলৈ চেষ্টা কৰিছো৷ তাতকৈ অধিক পদক্ষেপ লোৱা নাই৷”জোনাকে ক’লে৷

“তাতকৈ অধিক আগ নাবাঢ়িবা মোৰ সোণহঁত,” শৰ্মাছাৰে আকুলতা ভৰা কন্ঠস্বৰত ক’লে, “এখন গণতন্ত্ৰ ৰাষ্ট্ৰত জনতাৰ শক্তি তুলনা বিহীন৷ তাকে জগাই তুলিবলৈ আগুৱাই অহা সকলেই নেতা৷ এতিয়া প্ৰকৃত নেতাৰ অভাৱতেই ৰাইজে জ্বালা-যন্ত্ৰণা পাব লগা হৈছে৷ ভণ্ড নেতাৰ অতপালিত দুৰ্নীতিপৰায়ণহঁতে উল্লাসিত হৈ ৰাইজক বেতেৰি চেপি শালত মিঠাতেল উলিওৱা অৱস্থা কৰিছে৷

“ছাৰ, ইয়াতেই আমাৰ সমস্যাৰ উদ্ভৱ হৈছে,”ধুনুৱে ক’লে, “ৰাজনৈতিক দল আৰু তাৰ নেতাবোৰৰ দুঃচৰিত্ৰই আমাক হতাশ কৰি তুলিছে আৰু গণতন্ত্ৰৰ প্ৰতিও আমাৰ আস্থা নোহোৱা কৰি দিছে৷ মন্ত্ৰী, আমোলা, ঠিকাদাৰে ৰাজহুৱা স্বাৰ্থৰ হকে কাম নকৰি ব্যক্তিগত লাভৰ বাবে কাম কৰি গৈছে৷ আইন ৰক্ষাকাৰী পুলিচে চোৰ-ডকাইতৰ ভূমিকা লৈছে৷ ৰাইজে উশাহ-নিশাহ ল’ব নোৱাৰা অৱস্থা হৈছে৷ এক প্ৰকাৰে ক’বলৈ গ’লে জীয়াই থকাই টান হৈছে৷ সেয়ে আমি আইন হাতত ল’বলৈ যোৱা সকলকহে তেনে নকৰিবলৈ সঁকিয়াই দিছোঁ৷ তাতকৈ বেছি একো কৰা নাই ছাৰ৷”

“আমিও দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাটো বিচাৰো,” জোনাকে ক’লে, “আৰু কোনেও যাতে আইন হাতত তুলি ল’ব নোৱাৰে, তেনে এক পৰিৱেশ ঘূৰি অহাটোকে কামনা কৰো৷”

“‘আতঙ্ক’ নামৰ সংগঠনটোৰ জড়িয়তে আমি মূলসুঁতিৰ পৰা আঁতৰি যাব খোজা নাই৷ মূলসুঁতিতে থাকি জনতাৰ ওপৰত শোষণ নিষ্পেষণ চলাই থকাহঁতক সঠিক পথলৈ ঘূৰাই আনিবলৈহে চেষ্টা কৰি যাব খুজিছো৷ সিহঁতবোৰে কৰা অবিচাৰ সহ্য কৰি যোৱাটোও পাপ নহ’ব জানো ছাৰ?”ধুনুৱে প্ৰশ্ন কৰিলে৷
চন্দন শৰ্মা ছাৰে প্ৰকৃততে কথাবোৰ ইমাণ দূৰলৈ চিন্তা কৰাই নাছিল৷ সেয়ে তেখেতে ধুনু আৰু জোনাকৰ কথাবোৰ বিনা প্ৰতিবাদেৰে শুনি যোৱাৰ বাদে উপায় নাছিল৷

ধুনুৱে কৈ গ’ল, “ছাৰ আমি ভগৱান শ্ৰীকৃষ্ণই কৰি যোৱা কামবোৰকে কৰিব বিচাৰিছো৷ তেওঁ ভগৱান বাবেই আইনলৈ ভয় নাছিল আৰু আমাৰ দেশৰ প্ৰচলিত আইনৰ প্ৰতি ভয় কৰিব লগীয়া আছে৷”

“কৃষ্ণ কৃষ্ণ কৃষ্ণ৷ তোমালোকক ভগৱন্ত কৃষ্ণই আইনৰ মেৰপেচত নপৰাকৈ ৰক্ষা কৰি যাওক৷ দয়া-মমতা হৃদয়ত লৈ মানৱীয় মূল্যবোধেৰে কাম কৰি যাবা, দেখিবা আইনও তোমালোকৰ পক্ষতে যাব৷” চন্দন শৰ্মা ছাৰে দীঘলীয়া হুমুনিয়াহ এটা কাঢ়ি ক’লে৷

ছাৰৰ কথাখিনি জোনাকহঁতৰ পক্ষত সমৰ্থন সূচক যেন হৈ পৰাত সিহঁত উৎফুল্লিত হৈ পৰিল৷

জোনাকে লগে লগে ক’লে, “তেনেহ’লে ছাৰ, আপুনি আমাৰ দলৰ উপদেষ্টা হিচাপে থাকি আমাৰ কাম কাজবোৰ নজৰ দি নিয়ন্ত্ৰণত ৰাখক আৰু আমাক প্ৰয়োজনীয় দিহা পৰামৰ্শ দিয়ক৷”

চন্দন শৰ্মা ছাৰ ভাৱুক হৈ পৰিল আৰু ভালেমান পৰ নিৰৱে থাকিল৷

“কিবা এটা কওক ছাৰ,”ধুনুৱে ক’লে, “দেশমাতৃৰ সেৱাৰ বাদে আমাৰ সংগঠনৰ কোনো অসৎ উদ্দেশ্য নাই৷”

“ঠিক আছে মোক কেইটামান দিন চিন্তা কৰিবলৈ দিয়া৷ মোৰ কেইজনমান অতি প্ৰিয় আৰু বিশ্বাস ভাজন বন্ধু আছে৷ তেওঁলোকৰ লগত কথাবোৰ আলোচনা কৰিলে কিবা অসুবিধা হ’ব নেকি?” চন্দন শৰ্মা ছাৰে সুধিলে
“নাই আমাৰ কোনো অসুবিধা নহয়৷ ছাৰ আপুনি আলোচনা কৰক৷” জোনাকে ক’লে৷

*****************

আলুৰ কিলো চল্লিশ টকা, পিয়াঁজৰ কিলো আশী টকা, সাধাৰণ মচুৰ দাইলৰ কিলো এশ ত্ৰিশ টকা৷ সমান্তৰাল ভাৱে অন্য খাদ্য সামগ্ৰীবোৰৰো দাম নিতৌ বৃদ্ধি পাব ধৰিছে৷ বঢ়া নাই কেৱল অসমৰ কৃষক শ্ৰমিকৰ শ্ৰমৰ মূল্য৷ চিঞৰি চিঞৰি টেটু ফালিও কৃষকে পোৱা নাই ধানৰ যথোচিত মূল্য৷ অন্যহাতে আকৌ আলু, পিয়াঁজ আৰু দাইল আদি বৰ্হি ৰাজ্যৰ পৰা অহা খাদ্য সামগ্ৰীসমূহৰ  কোনো নিৰ্ধাৰিত মূল্য নাই৷ যেয়ে যেনেকৈ পাৰে দাম বঢ়াই গৈছে৷ তাক নিয়ন্ত্ৰণ কৰোঁতা নাই৷ চৰকাৰৰ যোগান বিভাগক সৰ্বস্তৰৰ লোকে গৰিহনা দিছে ; কিন্তু তাৰ তিল মানো প্ৰভাৱ পৰা নাই৷ সংবাদ মাধ্যমত স্পষ্টভাৱে প্ৰকাশ হৈছে যে চৰকাৰ চলাই থকা ৰাজনৈতিক দলটোৱে আগন্তুক নিৰ্বাচনৰ বাবে পাইকাৰী বিক্ৰেতাসকলৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰা বাবেই তেওঁলোকক লুন্ঠনৰাজ চলাই যাবলৈ অনুমতি প্ৰদান কৰিছে৷ তথাপিও চৰকাৰী পক্ষ নাচোৰবান্দা৷ ইফালে সৰ্বসাধাৰণ ৰাইজে জলাকলা দেখিছে৷

*****************

শতাধিক সদস্যৰে সৈতে ‘আতঙ্ক’ এক বলিষ্ঠ সংগঠন হৈ পৰিল৷ যুৱক-যুৱতী, পুৰুষ-মহিলা আৰু আনকি বয়োজ্যেষ্ঠ লোকসকলেও সংগঠনটোৰ উদ্দেশ্য আৰু কাম-কাজত মোহিত হৈ স্বেচ্ছাই যোগ দান কৰিলেহি৷ বিশেষকৈ যেতিয়া চন্দন শৰ্মা আৰু তেখেতৰ বন্ধু জ্যেষ্ঠ নাগৰিকসকলে ‘আতঙ্ক’ত যোগ দিলে, তেতিয়া অন্য লোকে বিনা দ্বিধাই সংগঠনটোত যোগ দিবলৈ আহিব ধৰিলে৷ সংগঠনৰ উদ্দেশ্যত যাতে ব্যাঘাত নজন্মে তাৰ বাবে প্ৰতিজন সদস্যই গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত প্ৰধানতঃ গুৰুত্ব দিবলৈ এক আচুতিয়া প্ৰশিক্ষণ দিয়া হ’য়৷

অতি বিচক্ষণতাৰে ‘আতঙ্ক’ নামৰ সংগঠনটো চলাই যাবৰ বাবে ধুনু আৰু জোনাকে চন্দন শৰ্মা ছাৰকে ধৰি বয়োজ্যেষ্ঠ সকল তথা সংগঠনৰ আন আন পাৰদৰ্শী সদস্য সককলৰ লগত নিত্য নৈমিত্তিক কাম হিচাপে আলোচনাত মিলিত হয়৷ ইয়াৰ ফলশ্ৰুতি হিচাপেই ‘আতঙ্ক’ৰ ওপৰত যাতে কোনো ধৰণৰ কলঙ্কৰ চেকা নপৰে তালৈ লক্ষ্য ৰাখি অতি তীক্ষ্ণ বুদ্ধিমত্তা প্ৰয়োগৰ যোগেদি কৰ্ম পদ্ধতিত কিছু পৰিবৰ্তন ঘটোৱা হয়৷

******************

ফাঁচিবজাৰৰ আলু-পিয়াঁজৰ পাইকাৰী বিক্ৰেতা মদনলাল জৈনে বলেনৰ কাম-কাজত ইমানেই সন্তুষ্ট হ’ল যে এদিন ঘৈনীয়েক জানকী দেৱীৰ লগত বলেনৰ বিষয়ে আলোচনা কৰিলে৷

“বলেন ল’ৰাটো বৰ বিশ্বাসী”,মদনলাল জৈনে ঘৈনীয়েকক উদ্দেশ্যি ক’লে, “এনে বিশ্বাসী ল’ৰা এটা বিচাৰি পোৱা টান৷ তাৰ সততাৰ প্ৰমাণ চাবলৈ মই ঘৰৰ ইফালে সিফালে অ’ত ত’ত তিনিখন হেজাৰ টকীয়া নোট পেলাই থ’লো৷ বলেনে ঘৰ চাফাই কৰোতে নোট কেইখন পাই ততালিকে মোক দি গ’লহি৷”

“ঠিকেই কৈছে আপুনি৷ বলেন ল’ৰাটো অতি বিশ্বাসভাজন, তাৰ প্ৰমাণ ময়ো পাইছো৷ গা ধুবলৈ গৈ মই নেকলেছ ডাল বাথ ৰূমত এৰি আহিছিলো৷ বেচেৰাটোৱে ইমান মূল্যবান বস্তুটোলৈও মোহ নকৰি আনি মোক দি গৈছে৷ ইয়াৰ দৰমহা কিছু বঢ়াই দিয়কচোন৷”

“ওঁ, ঠিকেই৷ দৰমহা কিছু বঢ়াই দিম৷ তাৰ মনটো ভাল লাগিব আৰু দুগুণ উছাহত কামবোৰ কৰিব৷ বলেনৰ চকুৰ আগতে মন্ত্ৰীসকলৰ লগত আমাৰ টকা-পইচাৰ ইমান ডাঙৰ ডাঙৰ লেন-দেন হৈ থাকে যেতিয়া বলেনক যিকোনো উপায়েৰে লগতে ৰাখিব লাগিব, তাক আঁতৰি যাবলৈ দিলে বিপদ হ’ব৷ এইটো কথা যোৱা কালি যোগান মন্ত্ৰী ভাগ্যধৰ ফুকনেও মোক কৈছিল৷” জৈনে অতি নিম্ন স্বৰত ফুচফুচাই কোৱাৰ দৰে ঘৈনীয়েকক কথা খিনি ক’লে৷

******************

যোগান মন্ত্ৰী ভাগ্যধৰ ফুকনৰ গা-মন সকলো আজি কিছু দিনৰ পৰা ইমানেই ভালে চলি গৈছে যে তেওঁ ভাৱিবলৈ বাধ্য হৈছে যে ভগৱান তেওঁৰ প্ৰতি সু-প্ৰসন্ন হৈছে৷ নহ’লেনো কেনেকৈ হঠাৎ পীড়া দি থকা  পুৰণি বেমাৰ আজাৰবোৰ নোহোৱা হ’ব আৰু কোটি কোটি ধন ঘৰলৈ অহা সত্ত্বেও কোনেও তিলমানো ভূ নোপোৱাকৈ থাকিব? আগন্তুক নিৰ্বাচনত উঠি এই ধনবোৰ ব্যয় কৰাতকৈ সযতনে লুকাই ৰাখিব পাৰিলে তেওঁৰ ভৱিষ্যতৰ  সাত পুৰুষেও ভোগ কৰি শেষ কৰিব নোৱাৰিব৷ ‘জনসাধাৰণে শাওপাত দিলে বুলিয়েই লাগি যাব নেকি? ভগৱান নাই জানো?  ঘৰৰ মন্দিৰত পূজাৰীৰ হতুৱাই ভগৱানক নিতৌ তিনিবাৰ পূজা দিয়াইছো, সেয়া কি অথলে যাব?’ কথাবোৰ ভাৱি ভাৱি মনটো বেছ মুকলি লাগি গ’ল ভাগ্যধৰ ফুকনৰ৷

“ছাৰ ,বহকহি আহক৷ মই আপোনাৰ বিষ বিষ যেন লাগি থকা ভৰিখন মালিচ দি থৈ আপোনাৰ পোচাক যোৰ ইস্ত্ৰী কৰি দিওঁ৷ আহক ছাৰ৷”

পৰিচাৰিকা অনামিকাই কথাখিনি ক’লতহে ভাগ্যধৰ ফুকনৰ মনত পৰি গ’ল সেই পুৱা বেলা তাইক কোৱা কথাষাৰ৷ ভাগ্যধৰে তাইক সোঁভৰিটোত বিষ বিষ যেন লাগি আছে বুলি মিছাকৈ কৈছিল-তাইৰ কোমল হাতৰ স্পৰ্শ লাভ কৰাৰ উদ্দেশ্যৰে৷

বেচেৰী অনামিকাজনীয়ে কিমান যে আলপৈচন নধৰিব ভাগ্যধৰ ফুকনক! ইফালে আকৌ বাইদেউজনী ঘৰত  নাথাকিলে ছাৰটো কিবা চঞ্চল আৰু নিৰ্লজ স্বভাৱৰ হৈ পৰেচোন৷ ভাৱিলে লাজ লাগি যায় অনামিকাৰ……!

***********************

কিবা এক মায়াবী খেলাৰ দৰে হঠাৎ পাইকাৰী ব্যৱসায়ী জৈনৰ ঘৰৰ পৰা বলেন নামৰ বিশ্বাসী ল’ৰাটো আৰু যোগান মন্ত্ৰী ভাগ্যধৰ ফুকনৰ ঘৰৰ পৰা অনামিকা নামৰ পৰিচাৰিকা গৰাকী একে সময়তে অদৃশ্য হৈ গ’ল৷ ইফালে তেওঁলোকৰ ষ্টিং অপাৰেশ্বন(Sting Operation) সফল হোৱাত ‘আতঙ্ক’ৰ সদস্যসকলৰ মাজত আনন্দৰ জোৱাৰ উঠিল৷

সমগ্ৰ দেশৰ জনতাই যেতিয়া টি. ভি.ৰ পৰ্দাত স্পষ্ট ভাৱে দেখিলে যে আলু পিয়াঁজৰ ব্যৱসায়ী মদন লাল জৈনৰ ঘৰলৈ গৈ যোগান মন্ত্ৰী ভাগ্যধৰ ফুকনে কোটি টকাৰ উৎকোচ লৈ আলু পিয়াঁজৰ দাম বৃদ্ধি কৰিবলৈ জৈনক পৰামৰ্শ দিছে আৰু ঘৰত বনকৰা অপ্ৰাপ্ত বয়স্ক যুৱতীৰ ওপৰত পিতৃ বয়সৰ ভাগ্যধৰ ফুকনে যৌন নিৰ্যাতন চলাইছে তেতিয়া দৰ্শকবৃন্দইও লাজতে তলমূৰ কৰিলে৷ সমগ্ৰ দেশেই যেতিয়া ধিক্কাৰ দিব ধৰিলে, তেতিয়া ভাগ্যধৰ ফুকনক তেওঁৰ দলৰ পৰা বৰ্খাস্ত কৰা হ’ল৷ আইনৰ মেৰপেচৰ পৰা ৰক্ষা পৰিবলৈ চেষ্টা কৰি কিছু দিন অ’ত ত’ত আত্মগোপন কৰি কৰি ভাগৰি পৰি অৱশেষত অগ্ৰিম জামিন লাভ কৰিব নোৱাৰি বাধ্যত পৰি যোগান মন্ত্ৰী ভাগ্যধৰ ফুকন আৰু আলু পিয়াঁজৰ পাইকাৰী ব্যৱসায়ী মদনলাল জৈনে দাড়ি-গোফেৰে ভোবোৰাটিহঁত হৈ ন্যায়ালয়ৰ ওচৰত আত্ম সমৰ্পণ কৰেগৈ৷ ভাগ্যধৰ ফুকনৰ মীন্ত্ৰত্ব-বাব যোৱাৰ ওপৰিও তেওঁৰ বিধায়ক পদো খাৰিজ কৰা হ’ল৷

ভাগ্যধৰ ফুকন আৰু মদনলাল জৈন দুয়ো জেলৰ কয়েদী হৈ থাকোঁতেহে তেওঁলোকৰ ঘৰত দুটা আচহুৱা ধৰণৰ টুপী আৱিষ্কাৰ হৈছিল য’ত লিখা আছিল-‘আতঙ্ক’৷
০০০০০০০০০০০০)(০০০০০০০০০০০