Sunday 26 May 2013

শুভ-বিবাহ


প্ৰণামী ঘৰত অকলে আছিল ৷ চন্দ্ৰ সেই সময়তেই সিহঁতৰ ঘৰ পালেগৈ ৷ তাইৰ বাবে লৈ যোৱা কিতাপ কেইখন দিলে ৷ পৰীক্ষালৈ বেছি দিন নাই ; কিন্তু তেতিয়ালৈকে তাই যাৱতীয় কিতাপ কেইখনকে যোগাৰ কৰিব পৰা নাছিল ৷ 
“ তোৰ ইয়াত কি কাম আছে ?” হঠাতে ঘৰত সোমাই চন্দ্ৰক দেখা পাই প্ৰণামীৰ কাকায়েক ডম্বৰুৱে দিয়া ধমকিত চন্দ্ৰই থতমত খাই গ’ল ৷

সি সেমেনা-সেমেনি কৰি উত্তৰ দিলে , “ কিতাপকেইখন প্ৰণামীক দি যাবলৈ আহিছিলো ৷”

“এইখন ঘৰত তই এইসব লিলিমাই খেলি থাকিব নোৱাৰ ৷ কিমান কিতাপ দিবলৈ আছে দি থাকিবি ৷ ভালে ভালে তই এইক তোৰ ঘৰলৈ আজিয়ে লৈ যা , নহ’লে তাইক মই আজি কাটি দুচেও কৰিম৷” কথাখিনি কৈ ডম্বৰু ঘৰৰ পৰা ওলাই গ’ল ৷ 
প্ৰণামীয়ে কন্দাকটা কৰিলে ৷ ককায়েকে যি কয় তাকে কৰি পেলায় হেনো ৷ উপায় নাই , চন্দ্ৰই প্ৰণামীক লগত লৈ ঘৰলৈ ৰাওনা হ’ল ৷

চন্দ্ৰই তাৰ খবৰটো ভিনিয়েক মধু বৰুৱাক দিলে ৷ মধু বৰুৱা গৈ সিহঁতৰ ঘৰ পালেগৈ ৷ সেই সময়ত চন্দ্ৰৰ ককায়েকহঁতে সিহঁতৰ খেৰী-ঘৰটোৰ এখন চাল নতুনকৈ ছাবৰ বাবে বখলিয়াই পেলাইছিল ৷ ভিনিয়েকৰ মুখত কলেজত পঢ়িবলৈ পঠিওৱা ভায়েকটোৱে ঘৰলৈ ন-কন্যা অনা খবৰটো পাই খঙত টিঙিৰিতুলা হৈ পৰিল ৷ খঙতে সিহঁতে গোটেইটো ঘৰৰ চাল বখলিয়াই পেলালে আৰু ক’লে , “ তাক কন্যা ঘৰলৈ আনি ক’ত থয় থবলৈ কওক ভিনিদেউ , আমি চালৰ পৰা নামিলো ৷ আমি এতিয়াৰে পৰা চাপৰিৰ বহাতে থাকিম ৷”
কথামতেই কাম ৷ ককায়েকহঁত সিহঁতৰ পাম-ঘৰলৈ গ’ল ৷ চন্দ্ৰই ন-কন্যাসহ চাল-বিহীন ঘৰটোত ৰাতিটো কটাবলৈ বাৰীৰ ৰবাব টেঙাজোপাৰ তলত লুকাই থকাৰ পৰা আহি ঘৰ সোমালহি ৷ ভগৱানৰ ইচ্ছা, ওৰে ৰাতি চলা দোপালপিটা বৰষুণে ন-দৰা আৰু ন-কন্যাক বাৰুকৈয়ে নোৱালে ধুৱালে ৷

Thursday 16 May 2013

ইচ্ছাশক্তিৰ বলত




(ভৌতিক গল্প)
কলিং বেলৰ শব্দ শুনি দুৱাৰখন খুলি দিলো ৷ আগন্তুকক দেখা পাই আচৰিত হ’লো ৷ কৰ্তব্যৰ প্ৰতি তৎক্ষণাত সজাগ হৈ “ জয় হৰি গুৰুদেৱ ” বুলি উচ্চাৰণ কৰি আগন্তুকৰ শ্ৰীচৰণ কমলত প্ৰণিপাত জনালো ৷ আথে-বেথে আদৰি নি আমাৰ ঘৰত গৰুদেৱৰ বাবে আছুতীয়াকৈ ৰখা আসনত বহিবলৈ প্ৰাৰ্থনা জনালো ৷ গুৰুদেৱে আসন গ্ৰহণ কৰিলে ৷ হঠাৎ আহি গুৰুদেৱে আমাৰ গৃহত পদাৰ্পণ কৰাত মই এক অনামী শিহৰণ অনুভৱ কৰিলো ৷ ভাৱ হ’ল--- কোঠাটো বৈদ্যুতিক পোহৰৰ সলনি এক দিব্যজ্যোতিয়েহে যেন আলোকিত কৰি তুলিছে ৷ এনে এক শুভ মুহূৰ্তত মোৰ পত্নী তৰু আৰু একমাত্ৰ পুত্ৰ সন্তান পুলকৰ অনুপস্থিতিৰ বাবে মনটো গধূৰ হৈ পৰিল ৷ পুলকক লগত লৈ তৰু কালি মাকৰ ঘৰলৈ গ’ল ৷ একেখন নগৰতেই তেওঁলোকৱ ঘৰ ৷ মই মনতে ভাৱিলো --- তেওঁলোক শীঘ্ৰে ঘৰলৈ আহক ৷ এই সন্দৰ্ভত ম’বাইল ফোনটো ব্যৱহাৰৰ প্ৰয়োজন বোধ নকৰিলো ৷

“ বৎস , তোমাৰ মনলৈ আনন্দ অহাৰ দৰে মোৰো মনত আনন্দ লাগিছে –তোমাক লগ পায় ৷ ‘ ই-মেইল ’ যোগে তোমালোকক মোৰ কথাখিনি ইতিমধ্যে জনাইছো ৷ পিছত পঢ়ি চাবা ৷” কথাখিনি স্বভাৱজাত গাম্ভীৰ্যৰে কৈ গুৰুদেৱে মোৰ প্ৰতি কৰুণাভৰা দৃষ্টি নিক্ষেপ কৰিলে ৷ মই গুৰুদেৱৰ কথাৰ গুঢ়াৰ্থ উপলব্ধিৰ চেষ্টা কৰিলো ৷

‘ গুৰুদেৱ ‘ , আমাৰ শ্ৰদ্ধাৰ গুৰুদেৱ আচাৰ্য গোবিন্দদেৱ , আমি যিভাগ পৱিত্ৰ ধৰ্মত দীক্ষিত হৈ আন্তৰিকতাৰে পালন কৰি আহিছো তাৰেই পৰম পৱিত্ৰ গুৰু ৷ কেৱল ধৰ্ম গুৰু বুলি ক’লে শুদ্ধ নহ’ব ৷ গুৰুদেৱ মোৰ জীৱনৰ সকলো দিশৰে পথ প্ৰদৰ্শক গুৰুদেৱৰ সান্নিধ্য লাভ নকৰাহ’লে মই আজি যি উচ্চ আসন দখল কৰি চৰকাৰী চাকৰি কৰি আছো সেয়া কাহানিও সম্ভৱ নহ’লহেতেন ৷
“ বৎস, মানুহে নিজৰ দক্ষতাক চিনিব পাৰিলেহে মহানতা লাভ কৰে ৷ তুমি তোমাৰ মাজত লুকাই থকা শক্তিৰ কথা জনা নাছিলা ৷ মই তাৰ সৈতে তোমাক পৰিচয় কৰাই দিলো ৷বাকী সকলো তোমাৰ কৃতিত্ব ৷” মোৰ মনৰ ভাৱবোৰৰ আঁত ধৰিব পৰা গুৰুদেৱে ক’লে—“ মানুহে কৰিব নোৱাৰা কাম একো নাই ; কেৱল আত্ম-বিশ্বাস থাকিলেই হয় ---সদায় কৈ থকা এই কথাষাৰৰ এক বলিষ্ঠ উদাহৰণ দিম বুলি মই তোমালোকক প্ৰতিশ্ৰুতি দিছিলো ৷ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈকে আজি হঠাৎ তোমালোকৰ ঘৰ পালোহি ৷”
ঘিউ-চাকিগছি প্ৰজ্বলন কৰি যথাস্থানত থৈ ধূপকাঠি কেইডালমান জ্বলাই দি গুৰুদেৱৰ প্ৰতিশ্ৰুতিৰ কথা মনত পেলাবলৈ চেষ্টা কৰিলো ৷


এইখন নগৰত গুৰুদেৱৰ শিষ্যৰ সংখ্যা শতাধিক হ’ব ৷ তাৰ ভিতৰতে আমি কেইজনমান গুৰুদেৱৰ অতি ঘনিষ্ঠ হৈ পৰিছো ৷ আধ্যাত্মিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত প্ৰতিজনেই গুৰুদেৱে আশা কৰা অনুযায়ী আগুৱাই গৈছো ৷ সেয়েহে আমি কেইজন গুৰুদেৱৰ অতি প্ৰিয় শিষ্য ৷ গুৰুদেৱে আমাক তেওঁৰ আধ্যাত্মিক উত্থানৰ বা-বতৰা দি থাকি সেইবোৰৰ অনুশীলনৰ পৰামৰ্শ দিয়ে ৷ মোৰ আক’ ধাৰণা হয়, গুৰুদেৱে মোৰ প্ৰতি সকলোতকৈ অধিক কৃপা দৃষ্টি ৰাখে ৷ তাৰো কাৰণ আছে ৷ গুৰুদেৱৰ মই প্ৰাচীন শিষ্য ৷ মালীয়ে নাৰ্চাৰীৰ পৰা পুলি আনি আপদাল কৰি কৰি ফুল ফুলাই তোলাৰ দৰে গুৰুদৱে মোক ভিন্ন দিশে গতি কৰিব ধৰা বাল্যাৱস্থাৰ পৰা বৰ্তমানৰ এই অৱস্থালৈ উপনীত কৰাইছে ৷
বহুবছৰৰ আগৰ কথা ৷ আমাৰ চৰ- চাপৰিলৈ এজন মহাত্মা পুৰুষ আহিছিল ৷ পিতাই মোক খবৰটো দি ক’লে—“আজি আবেলি আমি সকলো ভগৱানৰ ওচৰলৈ যাম , ওলাবি ৷ পিতাইৰ কথাষাৰ শুনি মোৰ মনত ভগৱানজনাক দৰ্শন কৰাৰ ইমানেই হেঁপাহ জন্মিল যে আবেলিটো কেতিয়া আহে কেতিয়া আহে লাগিল ৷ 
ভগৱানক প্ৰণাম জনাই মূৰ তুলিছোহে মাথোঁ , এনেতে অনুভৱ কৰিলো যেন মোক ভগৱানে সঁচাকৈয়ে তেওঁৰ চৰণ –কমলত স্থান দিলে ৷ শিৰত হাত বুলাই ভগৱানে ক’লে , “বৎস , তুমি বিদ্যাধৰ হোৱা ৷ ”
মোৰ কাষতে ভগৱানৰ ওচৰত আঠু লৈ থকা আই—পিতাইক উদ্দেশ্যি ভগৱানে ক’লে,“ শিক্ষা গ্ৰহণত শিশুটিক তোমালোকে সহায় কৰা ৷ উপাৰ্জনৰ চাৰিভাগৰ এভাগ শিশুটিৰ বিদ্যা-শিক্ষাৰ বাবে খৰচ কৰা ৷”
সেয়াই আৰম্ভণি ৷ মোৰ জীৱন-ৰেখাৰ ওপৰত যেন সঁচাই ভগৱানৰ অলৌকিক জ্যোতি পৰিল ৷ আই –পিতাই ভগৱানৰ কথাত ইমানেই অভিভূত হ’ল যে তেওঁলোকৰ মাজত মোৰ বিদ্যা-শিক্ষাক লৈ প্ৰথম বাৰৰ বাবে আলোচনা চলিল ৷ পিছদিনাই পিতায়ে মোক নগৰলৈ লৈ গ’ল ৷ নতুন সাজ-পোচাক কিনি দিলে ৷ নগৰৰ এখন বিদ্যলয়ত মোৰ নামভৰ্ত্তি কৰা হ’ল ৷ বিদ্যালয়ৰ ছাত্ৰাবাসত মোৰ থকা মেলাৰো ব্যৱস্থা কৰি দিলে ৷ ভগৱানৰ আশীষ শিৰত লৈ মই বিদ্যাৰম্ভ কৰিলো৷
দিনবোৰ পাৰ হৈ যাব ধৰিলে ৷ বছৰত অন্ততঃ এবাৰকৈ হ’লেও ভগৱানক প্ৰণাম জনাই অহাটো আমাৰ ঘৰখনৰ নিয়মত পৰিণত হ’ল ৷ ভগৱানে আই-পিতাই আৰু মোক প্ৰয়োজনীয় পৰামৰ্শ তথা উপদেশ দিয়ে ৷ আই-পিতাইক প্ৰতিদিনে অন্ততঃ এবাৰকৈ হ’লেও প্ৰাণায়াম বা শৱাসন কৰিবলৈ পৰামৰ্শ দি ভালদৰে শিকাই-বুজাই দিছিল ৷ তেওঁ মোকো প্ৰাণায়ামৰ লগতে অন্য কেইটামান প্ৰয়োজনীয় যোগাসন কৰিবলৈ শিকাই দিয়ে ৷ নিয়মীয়াকৈ প্ৰাণায়াম কৰি থকা বাবে আই-পিতাই দুয়ো উচ্চ ৰক্তচাপ বা অন্য কোনো ধৰণৰ ৰোগত ভুগিবলগা হোৱা নাছিল ৷ ময়ো ৰোগ-ব্যাধিৰ পৰা ৰক্ষা পৰি থাকো ৷ শৱাসনত থাকি মই ভগৱানৰ দিহা অনুযায়ী শৰীৰৰ অংগবোৰক মনে বিচৰামতে পৃথকে পৃথকে জিৰণি দিব পৰা হ’লো ৷ ভগৱানে আমাক প্ৰতিবাৰৰ সাক্ষাততে নতুন নতুন শিক্ষা দিয়ে ৷ এইদৰে আমি ভগৱানৰ শিষ্যত্ব গ্ৰহণ কৰিলো ৷
সাফল্যৰ শীৰ্ষস্থান গৰকি এদিন মোৰ শিক্ষা-জীৱনৰ সামৰণী মাৰিলো ৷ আনহাতে পিতাই ম’হ-গোৱালৰ পৰা গাখীৰৰ ঠিকাদাৰ হৈ নগৰত ঘৰ-বাৰী সাজিলে ৷ তেতিয়ালৈকে আমাৰ গুৰুজনাৰ প্ৰতি আকৰ্ষিত হৈ সহস্ৰজনে স্বতস্ফুৰ্তভাবে শিয্যত্ব গ্ৰহণ কৰিলে ৷ শিষ্যসকলৰ সহযোগত গুৰুদেৱে নগৰৰ উপকন্ঠ অঞ্চলত নিৰিবিলি পৰিবেশে আগুৰা স্থানত এখনি পৱিত্ৰ আশ্ৰম স্থাপন কৰিলে ৷ ময়ো ইতিমধ্যে চৰকাৰৰ এক গুৰুত্বূপূৰ্ণ বিভাগৰ বিষয়া হিচাপে চাকৰিত যোগদান কৰিলো ৷ নিজৰ নগৰখনতে চাকৰিটো হোৱাত আশ্ৰমখনিৰ উন্নয়ণ আৰু গুৰুসেৱাত মই সম্পূৰ্ণ মনোনিবেশ কৰি থাকিব পাৰিছো ৷
গুৰুদেৱৰ আধ্যাত্মিক শিক্ষাত প্ৰবল ইচ্ছাশক্তি আৰু আত্মবিশ্বাসে এক গুৰুত্বপুৰ্ণ স্থান অধিকাৰ কৰিছে ৷ আমি কেইজনমান শিষ্যই প্ৰবল ইচ্ছাশক্তি আৰু আত্মবিশ্বাসৰ বলত অসাধ্য সাধন কৰিবলৈ সমৰ্থ হৈছো ৷ এইবোৰ বিষয় লৈ মাজে সময়ে আমাৰ মাজত আলোচনা হয় ৷ প্ৰত্যেকে নিজৰ নিজৰ সফলতাৰ কাহিনী ব্যক্ত কৰে ৷ উত্তম বৰুৱাই ক্ষেত্ৰ পৰিদৰ্শনৰ কামত এখন গাৱঁৰ এঘৰ মানুহৰ ঘৰলৈ যাব লাগে ৷ কোনোদিনে নোযোৱা গাওঁখনলৈ তেওঁ উৰ্দ্ধতম কৰ্তৃপক্ষৰ দ্বাৰা প্ৰেৰিত বিষয়াজনক বাইকত উঠাই লৈ গৈ যিঘৰ মানুহৰ চোতালত বাইকখন ৰখাইছিলগৈ সেইঘৰেই আছিল তেওঁলোকে বিচাৰি যোৱা মানুহঘৰ ৷ এইক্ষেত্ৰত তেওঁ ইচ্ছাশক্তি প্ৰয়োগৰ বাদে কাৰো সহায় লোৱা নাছিল ৷ নাৰায়ণ কলিতা শহুৰেকৰ ঘৰলৈ গৈছিল ৷ ঘৰ গাৱঁত ৷ নগৰৰ পৰা সাত কিলোমিটাৰ বাট যাব লাগে ৷ বাছৰ চলাচল নাই ৷ নাৰায়ণে ভাবিলে – তেওঁৰ খুলশালিয়েক ৰবীন আহি মটৰচাইকেলত তেওঁক লৈ যাওকহি ৷ তেওঁৰ মনৰ ভাৱনা ইচ্ছাশক্তিলৈ ৰূপান্তৰিত হ’ল আৰু আটা সময়ত সেয়া প্ৰবল হৈ পৰিল ৷ আচৰিত কথা এয়ে যে অলপ সময়ৰ পিছতে দেখা গ’ল – ৰবীনে বাইকখন নাৰায়ণ কলিতাৰ সমুখতে ৰখাইছেহি ৷ পৱিত্ৰ হালৈয়ে এদিন এঠাইত বহি থাকোতে তেওঁৰ বন্ধু কেইজনমান তেওঁৰ ফালে আগুৱাই আহিল ৷ হালৈয়ে ভাবিলে---বন্ধুকেইজনে তেওঁক দেখা নেপাওক ৷ তেওঁ ভাৱনাক ইচ্ছাশক্তিলৈ নি তাক প্ৰবল কৰি তুলিলে ৷ বচ ৷ ততালিকে ফলাফল পাই গ’ল ৷ কোনো এজন বন্ধুৱেও তেওঁক নেদেখিলে আৰু কাষেদিয়েই পাৰ হৈ গ’ল ৷ ময়ো এনেদৰে ইচ্ছা শক্তি প্ৰয়োগ কৰি নানা ক্ষেত্ৰত কৃতকাৰ্য হৈছো ৷ ন বজাত এৰিব লগা বাছখনো চাৰে ন-বজালৈ মোৰ বাবে বাছ-আস্থানত ৰৈ থাকে ৷ কেৱল ময়ে নহয় , তৰু আৰু পুলকেও এনেদৰে আত্মবিশ্বাসৰ বলত বহুক্ষেত্ৰত উপকৃত হৈছে ৷ তৰুৱে এদিন তেওঁৰ পাৰ্জটো ঘৰত এৰি থৈ যোৱা বাবে অফিচৰ পৰা ঘৰলৈ আহিবলৈ বাছ-ভাৰা লগত নাছিল ; তেওঁ অফিচ ছুটিৰ লগে লগে ৰাস্তাৰ ফালে আগবাঢ়ি আহোতে হুৰহুৰকৈ এজাক বতাহ বলিল ৷ বতাহজাকে এশটকীয়া নোট এখন উৰুৱাই আনি তেওঁৰ সমুখত পেলালেহি ৷ তৰুৱে বহুপৰ নৌটখনলৈ থৰ লাগি চাই থাকিল ৷ তাৱ পিছত সেই ঠাইৰ পৰা বহুদূৰলৈকে কোনো মানুহ দেখা নেপাই অৱশেষত তৰুৱে নোটখন উঠাই ল’লে ৷ পুলকে আত্ম বিশ্বাসৰ বলতেই বিগত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিছে ৷

“ বৎস “ , গুৰুজনৰ মাততহে যেন সম্বিত ঘূৰাই পালো ৷

“ তোমাৰ গুৰু সফল হৈছে ৷ এতিয়া অনিশ্চয়তা দূৰ হ’ল ৷ তোমাৰ গুৰুৱে সফল ব্যক্তি হিচাপে যিদৰে তোমাৱ সমুখত উপস্থিত হ’ব পাৰিছো সেইদৰে তুমিও পাৰিবা ৷ ”

গুৰুদেৱে যেন এক ৰহস্যময় দিশলৈ কথাবোৰ আগুৱাই নিছে-এনে লাগিল ৷ এই মুহূৰ্তত তৰু আৰু পুলকৰ উপস্থিতি নিতান্তই প্ৰয়োজনীয় ৷ আহক , তৰু আৰু পুলক এতিয়াই আহক ৷ মই ভাৱিলো ৷ মই ইচ্ছা কৰিলো ৷ মই বিশ্বাস কৰিছো তেওঁলোক আহিবই ৷
“ বৎস , তৰু আৰু পুলক আহি আছে ৷ মইয়ো তেওঁলোকক চাই যাব খুজিছো ৷” গুৰুদেৱে মোৰ স’তে সমভাৱ পোষন কৰি কথাষাৰ ক’লে ৷ কলিংবেল বাজি উঠিল ৷ দুৱাৰ খুলি দিলো ৷তৰু আৰু পুলক সোমাই আহিল ৷ 

“ তোমালোকৰ আগমনৰ কথাই গুৰুদেৱ আৰু মই আলোচনা কৰি আছিলো ৷” মই ক’লো ৷

“ মনটো কিবা উগুল-থুগুলখন লাগিল ৷ কথাটো মাক ক’লো ৷ মায়ে ক’লে- ‘ তেনেহলে ঘৰলৈকে যাগৈ ৷ ’ গুচি আহিলো ৷”-বুলি কৈ তৰুৱে পুলকৰ স’তে গৈ গুৰুদেৱৰ শ্ৰীচৰণত প্ৰণাম জনাই ক’লে ,-- “জয় হৰি গুৰুদেৱ ৷”
“ জয় হৰি, জয় হৰি ৷ তোমালোক দুয়োকে দেখা কৰি যাওঁ বুলিয়েই ইমান সময় ইয়াত অপেক্ষা কৰিলো ৷ এতিয়া বিদায় দিয়া ৷” 



“ গুৰুদেৱ ইমান খৰখেদা কিয় ? আমি আপোনাৰ আগমণৰ বিষয়ে একোৱেই জনা নাই ৷” তৰুৱে আক্ষেপ ভৰা সুৰত কথাখিনি ক’লে ৷
“ হাতত সময় বৰ কম ৷ ভালেকেইজন ভক্তক দেখা কৰাৰ কথা আছে ৷ কম্পিউটাৰটো খুলিবা ৷ ই-মেইলত মোৰ বক্তব্য পাবা ৷ এতিয়া মোক বিদায় দিয়া ৷”
আমি গুৰুদেৱক প্ৰণাম জনাই বিদায় দিলো ৷ গুৰুদেৱ কোঠাৰ পৰা ওলাই যোৱাৰ লগে লগে হঠাৎ বিদ্যুৎ যোগানৰ তাৰাতম্য ঘটাৰ দৰে হৈ পোহৰৰ মাত্ৰা ভালেখিনি হ্ৰাস পালে ৷ আমি ব্যগ্ৰতাৰে কম্পিউটাৰটোৰ কাষ পালোগৈ ৷ ইন্টাৰনেটত সংযোগ স্থাপন কৰি খৰধৰকৈ কি-বৰ্ডৰ বুটামত আঙুলি বুলাই মোৰ ই-মেইল আই-ডি টাইপ কৰিলো ৷ স্ক্ৰিণত ই-মেইল পঢ়িয়েই মই লগে লগে চিঞৰ মাৰি দিলো – “ গুৰুদেৱে তেওঁৰ কথা ৰাখিলে ৷ তৰু , সৌৱা চোৱা , গুৰুদেৱে কি লিখিছে ৷”
“ গুৰুদেৱে তেন্তে ইচ্ছা-মৃত্যু বৰণ কৰিলে ৷”ই-মেইল পঢ়ি তৰুৱে আচৰিত হৈ ক’লে – “ তেওঁ প্ৰবল ইচ্ছা শক্তি প্ৰয়োগ কৰি মৃত্যুৰ পিছতো আমাক দেখা দি গৈছে ৷”কথাষাৰ কৈয়ে তৰুৱে হুক-হুকাই কান্দিব ধৰিলে ৷
“ যোৱা বছৰৰ সন্মিলনত গুৰুদেৱে আমাক কৈছিল যে তেওঁ মৃত্যুৰ পিছতো আমাক দেখা দি যাব ৷ তেওঁ নিজৰ কথা ৰাখিলে ৷” মই থোকাথুকি মাতেৰে কোনোমতে ক’লো ৷ 

আমাৰ কথাবোৰ শুনি থকা পুলকে কন্দনামুৱা হৈ ক’লে – “ সাত বাজিল ,বাতৰিৰ সময় হ’ল ৷ টি ভি টো অন কৰি দিওঁ ,খবৰটো দিব পাৰে ৷ “

টি ভিৰ পৰ্দাত তেতিয়া বাতৰি পৰিবেশনকাৰী গৰাকীয়ে কৈ আছিল –“--- প্ৰসিদ্ধ তথা স্বনামধন্য ধৰ্ম গুৰু মহাপুৰুষ শ্ৰীশ্ৰী গোবিন্দদেৱে আজি সন্ধ্যা ছয় বাজি চল্লিশ মিনিট যোৱাত ইচ্ছা-মৃত্যু বৰণ কৰি স্বৰ্গগামী হয় ৷ শতবৰ্ষ গৰকা গুৰুজনাৰ তিৰোভাবত দেশ-বিদেশৰ সহস্ৰাধিক ভক্তবৃন্দ শোকত ম্ৰিয়মান হৈ পৰিছে ----৷”
( ‘ ৰহস্য ‘ আলোচনীৰ জুলাই , ২০০৯ ত প্ৰকাশিত )

Friday 10 May 2013

বাঁক

(ভৌতিক গল্প)
পাহাৰীয়া নৈখনৰ যিমানে ওপৰলৈ গৈ আছো সিমানে বেছিকৈ মাছ পাবলৈ ধৰাত আমি মাজ নিশা যে হ’ল গমেই নাপালো ৷ পটে নৈত মাজে মাজে কোনো কোনো দিনত বহুত মাছ ভৈয়ামৰ পৰা পাহাৰৰ ফালে গতি কৰে ৷ কেৱল পটে নৈতে নহয় , জোনাই মহকুমাৰ প্ৰত্যেকখন নৈতে এই দৰে মাছ ওলায় ৷ মাছ ওলোৱা বুলি খবৰ পালেই নৈত মাছ ধৰা মানুহবোৰ উবুৰি খাই পৰেগৈ ৷ পিছে আজি পটে নৈত মাছ উজুৱা কথা কীৰ্ত্তিকান্ত আৰু মোৰ বাহিৰে আন কোনেও গম নাপায় ; কাৰণ , গধূলি আমি মাছলৈ অহাৰ পিছৰ পৰাহে মাছবোৰ উজাবলৈ আৰম্ভ কৰিছে ৷ 


মোৰ হাতত টৰ্চলাইট আৰু কীৰ্ত্তিকান্তৰ হাতত মাছ কটা দাখন আৰু ককালত বান্ধি লোৱা খালৈটো ৷ মই পাহাৰীয়া নৈখনৰ তলি জিলিকি থকা ফটফটীয়া পানীলৈ টৰ্চৰ পোহৰ পেলাই দিওঁ আৰু সি পৈনত মাছুৱৈৰ পাৰ্গতালি প্ৰদৰ্শন কৰি দাৰে ঘপিয়াই মাছবোৰ কাটি কাটি খালৈত ভৰাই গৈ থাকে ৷ এইদৰে আমি নৈয়েদি বহুদূৰ আগুৱাই গ’লো ৷



“ বৰাচাৰ , মই খাওঁ দেই , বেয়া নাপাব ৷ বৰ ভোক লাগিছে ৷ ” কীৰ্ত্তিকান্তই কথাষাৰ কৈয়ে খালৈৰ পৰা আধা কটা ধুনীয়া মাছ এটা উলিয়াই কেঁচাই কেঁচাই খাবলৈ ধৰিলে ৷ হতবাক হৈ তাৰ মুখলৈ চাই উচপ খাই গ’লো ৷ তাৰ মুখৰ অবয়বটো যেন সলনি হৈ গৈছে –এনে লাগিল ৷ কি ? তেনেহলে এইটো কীৰ্ত্তিকান্ত নহয়নেকি ? কথাটো মই ভাৱি চালো ৷ অ’ সেই কাৰণে আজি তাৰ কথাবোৰ কিবা ধৰণৰ হৈছে ৷ এনেয়ে কাহানিও সি নোকোৱা কথা কিছুমান আজি কৈছিল ৷ মই কিবা তাবিজ-চাবিজ পিন্ধি আহিছো নেকি বুলি সুধিছিল আৰু মই তন্ত্ৰ-মন্ত্ৰ কিবা জানোনে নাজানো তাকো সুধিছিল ৷ কথাটো ভাৱি শেষ হ’বলৈয়ে নাপালে সি নৈৰ পাৰৰ পৰা ডাঙৰ কেঁকোৰা এটা ধৰি আনি কামোৰ মাৰিলে ৷ লগে লগে তাৰ পেটত থকা কণ কণ পোৱালিবোৰ ওলাই কীৰ্ত্তিকান্তৰ গালে – মুখে যেনি তেনি বগাই যাব ধৰিলে ৷ তাৰ মুখৰ কোণেদি বৈ যোৱা তেজৰ সুঁতিটোৱে তাক অধিক বিভৎস ৰূপ দিছিল ৷

এইটো জোনাকী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কীৰ্ত্তিকান্ত বৰুৱা হ’বই নোৱাৰে ৷ এইবাৰ মই দৃঢ় হ’লো আৰু তাক তাতে এৰি টোঁৱাই-ভিৰাই ঘৰৰ ফালে দৌৰিব ধৰিলো ৷ ঘৰ গৈ পোৱাত গৃহিনীয়ে মোৰ পুতৌ লগা অৱস্থা দূৰ কৰিবলৈ জুইত সৰিয়হ ফুটাব ধৰিলে ৷ গাৰ পৰা কেইবাদিনলৈ জ্বৰ এৰা নিদিয়াত অফিচলৈকে যাব নোৱাৰিলো ৷


মোৰ বাৰু যি ঘটিবলৈ আছিল ঘটিল ; কিন্তু কীৰ্ত্তিকান্তৰ খবৰটো শুনিহে দুখ লাগিল ৷ তাক মই মাছ মাৰিবলৈ লগ নধৰা হ’লে চাগৈ তাৰ এনেদৰে অকাল মৃত্যু নঘটিল হেতেন ৷

Sunday 5 May 2013

প্ৰতাৰক

(এক মিনিটৰ গল্প)
‘ ত্ৰিবেনী কমপ্লেক্স’ৰ ওচৰতে থকা ‘গৌড়ীয় মঠ’ৰ ঠিক সমুখতে হঠাৎ এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হ’ল ৷ বৃদ্ধলোকজনে কোনোৰকম ছোৱালীজনীক ধৰি ৰাখিছে ৷ কেনেবাকৈ হাতৰ পৰা মুক্ত হ’লেই কি অঘটন ঘটিব ঠিক নাই ৷ তাই ৰাউচি জুৰি কান্দি কান্দি ভাওনাত নায়িকাই বিলাপ কৰাদি কৈছিল, “ হে প্ৰভু , মোক কি কৰিবলৈ জীয়াই ৰাখিছা , মোক মাৰি নিয়া -------------------৷ ”


ৰাজপথৰ কাষত এনে এক নাটকীয় দৃশ্য উপভোগ কৰিবলৈ যেন মানুহ কিছুমান অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে ৷ জনতাই ঘটনাস্থলি ঘেৰি ধৰিলে ৷ ধৰিবই, ৰতনে মনতে ভাৱিলে – বেজি এটাত বটিয়া এডাল ভৰাই থাকোতে মানুহ জুমবান্ধি থকা দেখিলেও মানুহে নিজৰ মনৰ কৌতুহল দমাব নোৱাৰি কি হৈছে , কি ঘটিছে চাবলৈ, জানিবলৈ আহি ঘেৰি ধৰিব ৷ ৰতনে কোনো গুৰুত্ব নিদি মিছনচাৰিআলিলৈ যোৱা গাড়ীৰ অপেক্ষাত জণসমাবেশৰ পৰা নাতি দূৰত ৰৈ থাকিল ৷



“ ব’ল , ধূৰন্দৰ , প্ৰতাৰক, চাই ল’ম তই তাইক কেনেকৈ এৰি যাবি ৷ ব’ল বদমাইছ দগাবাজ ------৷ ”-বুলি কৈ এজন ভদ্ৰলোকে মানুহ এটাক হাতত ধৰি টানি নিয়াৰ দৰেই জুম বান্ধি থকা মানুহ খিনিৰ ফালে লৈ যোৱা দেখি ৰতনে অলপ ওচৰ চাপি গৈ দেখে সেইটো চোন কনল’ৰা ৷ কনল’ৰা শইকীয়া যাক মাত্ৰ কেইমাহমান আগতে ৰতনে ‘অনুকম্পা’ নামৰ অনাথ আশ্ৰমখনে আয়োজন কৰা এক সভাত লগ পাইছিল ৷ সভাখনত বিশিষ্ট বক্তাৰ আসনৰ পৰা ৰতন বৰুৱাই এক বক্তৃতা আগ বঢ়াইছিল ৷ তেওঁৰ ভাষনত ৰতন বৰুৱাই কনল’ৰাক ভূয়ষী প্ৰশংসা কৰি ৰাইজে আগবঢ়োৱা ধনৰ টোপোলাটো আগবঢ়াই দি আৰ্শীবাদ দিছিল –-- জন্মান্ধ কন্যা নিৰ্মালিৰ স’তে তাৰ যুগ্ম-জীৱন মংগলময় হোৱাৰ কামনাৰে ৷



এইবাৰহে ৰতন বৰুৱাৰ কৌতুহল জন্মিল—ঘটনাটো কি জানিবৰ বাবে ৷ লাহে লাহে তেওঁ মানুহবোৰ থেলি –হেঁচি গৈ দেখে সেই অন্ধ ছোৱালীজনী মানে নিৰ্মালিয়ে কনল’ৰাক গবামাৰি ধৰি আগতকৈ জোৰেৰে চিঞৰি চিঞৰি কান্দি কৈছে , “ আপুনি মোক এৰাৰ আগতে ইয়াতে মাৰি পেলাওক------------ মই এতিয়া ক’লৈ যাম ? অনাথ আশ্ৰমতো ঠাই নাপাওঁ --- তেখেতসকলে ৰাইজৰ পৰা লাখ টকা তুলি আমাক দিছে ৷ ------- ৷”



ৰতন বৰুৱাই কাকনো কি ক’ব ভাৱি নাপাই জুমটো ফালি পুনৰ ওলাই আহিল ৷ কাযতে থকা আপেল- কমলাৰ দোকানীজনকে এনেয়ে সুধি চালে , “ চাচা, ঘটনাটো কি গ’ম পায়নে ? ”



দোকানীজনে উত্তৰ দিলে , “ কি ক’ব আৰু এইবোৰ কথা ; দুনীয়াৰ মানুহবোৰ বৰ বেয়া হ’ল আজিকালি ৷ ল’ৰাটোৱে ঠগবাজি কৰি অন্ধ ছোৱালীজনী টকাৰ লোভত বিয়া পাতিলে ৷ এতিয়া আচলজনী ঘৈনীয়েকক সন্তান –প্ৰসৱৰ বাবে হস্পিটেললৈ আনি সি ধৰা পৰি গ’ল ৷ কি কৰিব কওক ৷ ”



ৰতন বৰুৱাই নিৰৱতা অৱলম্বন কৰিলে ৷ তেওঁৰ মনৰ ফৰকাল আকাশত এচপৰা কলীয়া ডাৱৰে ভুমুকি মাৰিলে ৷ নিৰ্মালিৰ কান্দোনৰ ৰোল পুনৰবাৰ কাণত পৰাত তেওঁৰ মনৰ আকাশখন সম্পূৰ্ণ কলীয়া ডাৱৰি আৱৰি ধৰিলে ৷