Friday 30 October 2015

তাহানিৰ আৰু আজিৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়, নেপথ্যত হেৰাই যোৱা মানুহবোৰ

আমি ১৯৭৮-৭৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত  পঢ়িবলৈ যাওঁতে  তাত  বিশ্ববিদ্যালয় এখনত থাকিব  লগা বাতাবৰণেই নাছিল৷ আছিল বিশ্ববিদ্যালয়ৰ নামত হাবি-জঙ্গলেৰে ভৰা  এক বৃহৎ চৌহদ আৰু  শিক্ষক-ছাত্ৰৰ  সীমাহীন অভাৱ-অনাতন তথা ওজৰ-আপত্তি৷ সেই  অভাৱবোৰ পূৰণৰ হেতু যুঁজ দিয়াৰ প্ৰতিশ্ৰুতিৰে গঠন হোৱা ছাত্ৰ একতা সভাৰ হৈ পৰিলো এজন সদস্য৷ সাধাৰণ  সম্পাদক  দেবাঙ্গ বুঢ়াগোহাঞি( তেওঁ গড়গাওঁ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল আৰু স্বৰ্গগামী হৈছে) আছিল এজন শিল্পী  আৰু অধ্যৱসায়ী যুৱক৷ ছাত্ৰ একতা সভাৰ সদস্য গোলোক নাহৰ ডেকা( বৰ্তমান নাহৰকটিয়াৰ কাৰিকৰি মহাবিদ্যালয়ৰ অধ্যক্ষ্), নিত্যানন্দ কছাৰী আদি   আমি কেইজনমানে অনবৰতে দেবাঙ্গৰ লগত থাকি বিশ্ববিদ্যালয়খনিৰ উন্নয়নৰ হকে কৰ্তৃপক্ষৰ ওচৰত  ওজৰ-আপত্তি দাখিল কৰি গৈছিলো৷ আমাৰ যেন পঢ়া-শুনাৰ কামেই নাছিল, বিশ্ববিদ্যালয়খন ঠিক কৰিবলৈহে গৈছো৷অঁকৰা মৈত উঠিলো৷ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ধনৰ অভাৱৰ কথা কোৱাত  ধন বিচাৰি দিশপুৰলৈ দৌৰিলো- দেবাঙ্গৰ সৈতে প্ৰতিনিধি হিচাপে৷ জনতা চৰকাৰ চলি আছিল৷ বিধায়ক প্ৰমোদ  গগৈদেৱৰ হোষ্টেল পালোগৈ ; কথাবোৰ জনাই তাতে খালো আৰু  ৰাতিটো কটালো৷ মন্ত্ৰী দুলাল বৰুৱাক লগ কৰিলো৷ তেখেতে ধেমালিৰ চলত আমাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জঙ্গলৰ জন্তু বুলি 'লে৷ পিছদিনা বিধান সভালৈ 'লো৷ অধিবেশন চলি আছিল৷  তাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়নৰ সন্দৰ্ভত প্ৰমোদ গগৈদেৱে  প্ৰশ্ন উত্থাপন কৰিলে৷ দুলাল বৰুৱাদেৱে বিতৰ্কত ভাগ লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক ধন আবন্তন দিয়াৰ  সপক্ষে মাত মাতি টেবুল ঢকিয়ালে৷ আমি সফল 'লো৷ তেতিয়াই  আৰম্ভণি  হৈ ডিব্ৰগড় বিশ্ববিদ্যালয়ে বহুত ধন আবন্তন পালে আৰু বিশ্ববিদ্যালয়ৰ চেহেৰা  সুন্দৰ 'ল৷  প্ৰতি বছৰে নতুন নতুন ছাত্ৰ ছাত্ৰীয়ে তাত পঢ়িবলৈ  আহিল৷ আমিবোৰ দূৰ দিগন্তত হেৰাই 'লো৷

ভুৱা যানবাহন চালক,ভুৱা চিকিৎসক ইত্যাদিৰ দৌৰাত্ম্য আৰু অসহায় জনতা

সাম্প্ৰতিক কালত আমাৰ সমাজত ভুৱা যানবাহন চালক, ভুৱা চিকিৎসক, ভুৱা শিক্ষক, ভুৱা প্ৰেমিক, ভুৱা ফেচবুক ফ্ৰেণ্ড, ভুৱা পুলিচ, ভুৱা বিত্তীয় প্ৰতিষ্ঠান, ভুৱা শিক্ষানুষ্ঠান, ভুৱা বেচৰকাৰী প্ৰতিষ্ঠান, ভুৱা উগ্ৰপন্থী, ভুৱা সমাজ সেৱক, ভুৱা সাংবাদিক ইত্যাদিৰ যি দৌৰাত্ম্য চলিব ধৰিছে তাৰ বাবে সৰ্বসাধাৰণ লোকৰ কেনে ধৰণৰ ক্ষতি হৈছে সেয়া নিতৌ বাতৰি কাকত আৰু বৈদ্যুতিন প্ৰচাৰ মাধ্যমত প্ৰকাশ পাই আছে৷ এই সন্দৰ্ভত বিস্তৃত বৰ্নণা বিৰক্তিৰ কাৰণহে হ’ব৷ ভুক্তভোগীসকলৰ যাতনা আৰু অপৰাধীহঁতৰ নিষ্ঠুৰতা প্ৰত্যক্ষ কৰি ৰাইজে মৰ্মাহত হৈ ধিক্কাৰ দিছে, প্ৰতিবা্দ কৰিছে৷  তথাপিও এইবোৰৰ পৰা ৰাইজে সামান্যতমো সকাহ পোৱা নাই৷ নানা উপায় অৱলম্বন কৰি ৰাইজে  এইবোৰক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই জনাই অৱশেষত  প্ৰমাণ পাইছে যে চৰকাৰ গঠন কৰা দলৰ নেতাসকলেই ভুৱা মখাৰ স’তে আপোচ কৰে৷ সেয়ে তেওঁলোকো ভুৱা নেতা৷ অন্য কথাত ক’বলৈ গ’লে চৰকাৰখনেই ভুৱা৷ অৰ্থাৎ সৰিয়হৰ ডুলিতেই ভূত৷ এতেকে অৰণ্য ৰোদন কৰি লাভ নাই৷ অশিক্ষিত, অজ্ঞ, সহজতে  সামান্য উপঢৌকনতে ফুচুল খোৱা ভোটাৰ ৰাইজক ৰজা পতাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা ল’বলৈ নিদি শিক্ষিত লোকসকল একত্ৰিত হৈ মাৰ বান্ধি ওলাই আহি জনজাগৰণ সৃষ্টি কৰি গণতান্ত্ৰিক পদ্ধতিৰে ভুৱা প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘ-জৰী ধৰি থকা ভুৱা চৰকাৰক ওফৰাই জনহিতৈষী চৰকাৰ গঠনৰ বাবে দৃঢ় প্ৰতিজ্ঞ হ’বৰ এতিয়া সময় সমাগত৷

বিঃ দ্ৰঃ(চিঠিৰ আকাৰত ইতিমধ্যে অসমৰ বহুল প্ৰচাৰিত জনপ্ৰিয় আলোচনী "প্ৰান্তিক"ত প্ৰকাশ পাইছে)

গাদী দখলৰ ৰাজনীতি আৰু ৰাইজৰ বিলৈ

 প্ৰাকৃতিক  ভাৰসাম্য  ৰক্ষাৰ  ক্ষেত্ৰত  সজাগ  নহলে  আমাৰ  পৃথিৱীখন  ধ্বংস  হৈ  নগলেও  জীৱকূলৰ   বাবে বাসোপযোগী  হৈ  নাথাকিব৷  এই  কথাৰ  সত্যতা  প্ৰমাণ  কৰি  গোলকীয়  উত্তাপ  বৃদ্ধিৰ   ফলত  ইতিমধ্যে জীৱকুলৰ  একাংশই  পৃথিৱীৰ  পৰা  বিদায়  লৈছেই  আৰু  তাৰ  পৰিণাম  স্বৰূপে  জৈৱবৈচিত্ৰতাৰ  ভাৰসাম্য  ৰক্ষাত জটিলতাৰ  সৃষ্টি   ধৰিছে৷  বনভূমি  ধ্বংসকৰণ,  বন্য-প্ৰাণী  নিধন  আদি  অনৈতিক  কাৰ্য্য  দুৰ্নীতিপৰায়ণ লোকৰ  দ্বাৰাই  সংঘটিত  কৰি  থকা  হৈছে৷  কুকাৰ্যবোৰে  আমাৰ  জীৱন  ক্ৰমে  অশান্তিকৰ  কৰি  তুলিছে৷  এনে  কাৰ্য যে  শান্তিপ্ৰিয়সকলৰ  নিষ্ক্ৰিয়তাৰ  বাবেই  বাঢ়ি  যাবলৈ  ধৰিছে  তাত  অকনো  সন্দেহ  নাই৷  আমাৰ  মাজত অনৈতিকতা  বৃদ্ধি  পোৱাৰ  ঘাই  কাৰণটো   ৰাজনৈতিক  ক্ষেত্ৰখন  পংকিল  হৈ  পৰাটো৷  এই  কথাৰ  ওপৰতে ভিত্তি  কৰি  আমি    পাৰোঁ  যে  এই  ৰাজনৈতিক  পংকিলতা  দূৰ  কৰিলেহে  প্ৰকৃতাৰ্থত  ‘স্বচ্ছ  ভাৰত  অভিযানসফল  ব৷  আচলতে  কেৱল  জনসাধাৰণৰ  দোষতে  নহয়,  মন্ত্ৰী,  বিধায়ক,  আমোলা-বিষয়াৰ  দুৰ্নীতিৰ  ফলতো  ভাৰতবৰ্ষৰ   গাঁও-ভূঁই,  নগৰ-চহৰ  অপৰিষ্কাৰ  হৈ  গৈ  আছে৷  আমাৰ  গুৱাহাটীত  কৃত্ৰিম বানপানীৰ  কাৰণো    চৰকাৰী  দুৰ্নীতি৷  এতিয়া  প্ৰধান  মন্ত্ৰী  নৰেন্দ্ৰ  মোদীয়ে  ‘স্বচ্ছ ভাৰত নিৰ্মাণ অভিযান লগতে  দুৰ্নীতিকো  পুলিয়ে  পোখাই  উভালি  পেলোৱাৰ  উদ্দেশ্যে  অভিযান  চলাই  ভাৰতবৰ্ষৰ  জনগণক  তাত জড়িত  কৰিলে  কল্কি ৰূপী  দুৰ্নীতিৰ পৰা  আমি  বোধহয়  সকাহ  পাম৷  এতিয়া  বৈদ্যুতীন   মাধ্যমৰ  জড়িয়তে  যিদৰে তে  তে  জাবৰ-জোঁথৰ  পেলোৱা,  শৌচ-পেচাব  কৰা  লোকক  ঠাট্টা-মষ্কৰা   কৰি  পৰিষ্কাৰ-পৰিচ্ছন্নতা  ৰক্ষাৰ  বাবে  বিজ্ঞপ্তিযোগে  সকীয়াই  দিয়া  হৈছে,  ঠিক  তেনেদৰে  দূৰ্নীতিত  লিপ্ত  হোৱা   লোকসকলকো  ইতিকিং  কৰা উচিত;  কিন্তু  তাৰ  বিপৰীতে  তেনে  লোকক  আইনসংগত  শাস্তি  প্ৰদান  নকৰি  সমাজত  উচ্চ  আসন  দি, ৰাজনীতিত  অংশ  বলৈ  সুযোগ  দি  এতিয়াও  দুৰ্নীতিক  প্ৰশয়  দি  থকা  দেখা  গৈছে৷  পিছে  জনসাধাৰণক  লাগে এখন  পৰিষ্কাৰ  পৰিচ্ছন্ন  আৰু   দুৰ্নীতিমুক্ত  ভাৰতবৰ্ষ৷  তাৰ  বাবেও  আছে  অনুশীলনৰ  প্ৰয়োজন৷

বৰ্তমান  অসমত  গাদী  দখলৰ  লক্ষ্য  আগত  ৰাখি  যিবোৰ  ৰাজনৈতিক  কাৰ্য  বিভিন্ন  ৰাজনৈতিক  দলবোৰে  চলাই যাব  ধৰিছে  তাৰ  পৰাই  স্পষ্ট  হৈ  পৰিছে  যে  অসমৰ  ৰাইজৰ  স্বাৰ্থ  ৰক্ষা  কৰা  নেতাৰ  অভাৱ  ঘটিছে৷ ইয়াৰ  ফলস্বৰূপে  জনতাই  নানা  ধৰণৰ  হাৰাশাস্তিৰ  সন্মুখীন  হৈছে৷  কেৱল  সেয়াই  নহয়,  আগন্তুক  দিনবোৰত যি  ৰাজনৈতিক  উশৃংখলতাৰ  উদ্ভৱ  হ’ব  তাৰো  কুফল  ৰাইজেই  ভোগ  কৰিব  লাগিব৷  সেয়েহে  সৰ্বসাধাৰণ ৰাইজ  একত্ৰিত  হৈ  সময়  থাকোঁতেই  সমোচিত  ব্যৱস্থা  হাতত  লোৱা  উচিত৷

অন্ধবিশ্বাস বিস্তাৰ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমো জগৰীয়া

বিগত বৰ্ষৰ   ২৫/১০/২০১৪ তাৰিখে News Live আৰু DY 365 এই দুয়োটা টি ভি চেনেল যোগে গধূলি ঠিক একেটা সময়তে কলিয়াবৰত ৰোগী চিকিৎসা কৰা “পাগলা বাবা”ৰ বিষয়ে এক অনুষ্ঠান প্ৰচাৰ কৰা হ’ল৷ মানুহৰ অন্ধবিশ্বাসৰ সন্দৰ্ভত অনুষ্ঠানৰ পৰিচালকে চিঞৰি চিঞৰি বহু কথা ক’লে৷ বৰ ভাল কথা, অন্ধবিশ্বাস দূৰ কৰিব লাগে৷ বিজ্ঞানৰ যুগ৷ অষ্ট্ৰেলিয়াত মৃত্যুমুখীজনৰ হৃদপিণ্ড আনি ৰোগীৰ শৰীৰত স্থাপন কৰি সুস্থ কৰি তুলিছে৷আমাৰ দেশত কিন্তু ডাইনীয়ে মানুহক ভালদৰে জীয়াই থাকিবলৈ নিদিয়াৰ অজুহাতত  ডাইনী হত্যাৰ অভিযান চলিছে৷এনে অন্ধ্ববিশ্বাস দূৰ কৰাৰ ক্ষেত্ৰত বাতৰি কাকত, টি ভি চেনেল আদিয়ে মুখ্য ভূমিকা পালন কৰিছে ; কিন্তু প্ৰচাৰ মাধ্যমৰ ব্যৱসায়িক দৃষ্টিভংগীৰ বাবে এই ক্ষেত্ৰত দুমুখীয়া চৰিত্ৰ ফুটি উঠিছে৷তাৰ ফলত সংবাদ মাধ্যমৰ প্ৰচেষ্টাই সমাজৰ পৰা কু-সংস্কাৰ দূৰ কৰাত সফল হ’ব পৰা নাই৷উদাহৰণ স্বৰূপে, কিছু দিনৰ পূৰ্বে এখন দৈনিক বাতৰি কাকতত কলিয়াবৰৰ এজন বেজৰ বিষয়ে এক কটু সমালোচনা এটা পঢ়িবলৈ পালোঁ; কিন্তু সেই একেখন কাকততে দুই নং পৃষ্ঠাত দেখিলো সেইজন বেজে কৰিব পৰা অসাধ্য সাধনৰ বিজ্ঞাপন৷


বাতৰি কাকতবোৰত ভণ্ড বেজৰ বিজ্ঞপ্তিৰে ভৰি থাকে৷ধন বেছিকৈ দিলে হয়তু প্ৰথম পৃষ্ঠাখনেই ভণ্ড বেজৰ বিজ্ঞপ্তিৰে উপচি পৰিব আৰু ধনৰ বলত হয়তু ‘পাগলা বাবা’ৰ বিজ্ঞপ্তিয়েও টি ভি চেনেলৰ বহু সময় অধিকাৰ কৰিলেহেতেন৷এনে বিজ্ঞপ্তিবোৰে সমাজত কু-সংস্কাৰৰ বিস্তাৰ নঘটায়নে?ভণ্ড বেজক দুৰ্বল মনৰ লোকক লুটিবলৈ সুযোগ নিদিয়েনে? ‘নিউজ লাইভ’ৰ দৰে টি ভি চেনেলত ঘন্টা ঘন্টা ধৰি ছলাহী কথা কৈ কৈ ‘হনুমান কৱচ’ বিক্ৰীৰ বিজ্ঞপ্তি প্ৰচাৰ কৰোঁতে মানুহক বিশ্বাসী হ’বলৈ নে অন্ধবিশ্বাসী হ’বলৈ কয়? ৰাইজে কথাটো চিন্তা কৰি চাওকচোন৷ নিশ্চয় সকলোৱে একমুখে ক’ব যে সংবাদ মাধ্যমে দুমুখীয়া চৰিত্ৰ এৰি, সমাজৰ স্বাৰ্থতে তেনে ধৰণৰ বিজ্ঞপ্তি দি ধন ঘটাৰ লোভ এৰি ৰাইজৰ সেৱাত ব্ৰতী হ’লে আমাৰ সমাজৰ পৰা ডাইনী হত্যা আৰু ‘পাগলা বাবা’ৰ চিকিৎসা আদিৰ দৰে কাণ্ডবোৰ সোণকালে নোহোৱা হ’ব৷

Monday 26 October 2015

আতংক

আতংকৰসূত্ৰপাত

 “সকলো শেষ হৈ জোনাক, কাৰ বাবে জীয়াই থাকিম ? কাৰ মৰমে হিয়া-মন উপচাই দিব ?”

  “আৰু মই, মই কাৰ বাবে, কাৰ মৰম বুকুত বান্ধি জীয়াই থাকিম ধুনু ?”

  জোনাক আৰু ধুনু দুয়োৰে দুগালে চকুলো নিগৰি ল৷ ইটোৱে সিটোক সাৱটি ধৰিলে৷

বেংগালোৰুৰ নেশ্যনেল চেন্টাৰ ফৰ বায়জিকেল চায়েন্সৰ গেষ্ট হাউচৰ টি ভি তেতিয়া এটা অসমীয়া নিউজ চেনেলৰ বাতৰি পৰিবেশনকাৰী গৰাকীয়ে উৰাই-ঘূৰাই সেই একেটা বাতৰিকে গাই আছিল---

 ‘ বৃহস্পতি বাৰে সন্ধিয়া ৫০ জনীয়া দুৰ্বৃত্তৰ দলে বাগসা জিলাৰ নাৰায়ণগুৰিৰ গেমপাৰাত নৃশংস আক্ৰমণ চলাই এটা সম্প্ৰদায়ৰ ৯০ টা পৰিয়ালৰ ঘৰত অগ্নি সংযোগ ঘটাই আৰু নৰ্বিচাৰে গুলী চালনা কৰি শিশু আৰু মহিলাকে ধৰি বহুজনৰ প্ৰাণ নাশ কৰে৷ দুৰ্বৃত্তৰ আক্ৰমণত নিহতৰ সংখ্যা ৩৫ জনতকৈ অধিক হোৱাৰ সম্ভাৱনা……

বাতৰি পৰিবেশনকাৰী গৰাকীলৈকে যেন জোনাকৰ খং উঠিগ ; ভাৱ অসমৰ গৌৰৱময় কথাবোৰ যেন উৎসৱমুখৰ এক পৰিৱেশত বাতৰিটোৰ যোগে তেওঁ বিশ্ববাসীক অৱগত কৰিব খুজিছে৷ সি টি ভি টো বন্ধ কৰি ধুনুলৈ চালে৷ ধুনুৱেও একে ধৰণৰ বিৰক্তি ভাৱেৰেই টি ভি টোলৈ চাই আছিল৷

 “ধুনু,”জোনাকে মাত লগালে৷

  “হুঁ ধুনুৱে সঁহাৰি জনালে৷

মইতো কেৱল আব্বাজান, আম্মা, নাছিৰ ,নাজমা আৰু তোৰ বাবেহে জীয়াই আছিলো৷কথাষাৰ কৈ থাকোঁতেই জোনাকে ফেঁকুৰি ফেঁকুৰি কান্দি উঠিল৷ অতি কষ্টেৰে নিজকে সম্বৰণ কৰি সি লে,“তেওঁলোকক নৰপিঁশাচহঁতে আমাৰ সৰু পৃথিবীখনত জীয়াই থাকিবলৈ নিদিলে৷ তই আছ যেতিয়া তোৰ বাবেই মই জীয়াই থাকিম ধুনু…..

ফেঁকুৰি ফেঁকুৰি কোৱা জোনাকৰ কথাখিনি শুনি ধুনুৰ জীৱনত প্ৰথম বাৰৰ বাবে লগ পোৱা সেই অকণমানি জোনাকটোলৈ মনত পৰি ল৷ ধুনুৰ আব্বাজানে জোনাকক সিহঁতৰ ঘৰলৈ ঘৰৰ এজন সদস্য কৰি লৈ আনোঁতে তাৰ বয়স চাৰি বছৰ মানহে হৈছিল চাগৈ৷ তেতিয়া ধুনুৰ বয়স তাতকৈ কেইমাহ মানহে বেছি আছিল৷ তেতিয়া নাছিৰ আৰু নাজমাৰ জন্মই হোৱা নাছিল৷ ধুনুৰ মনত আছে-কোনোবাই তাৰ নামটো সুধিলেও জোনাকে ফেঁকুৰি উঠে৷তোমাৰ নামটো কোৱা  আকসোণটোবুলি খুউব মৰমেৰে লেহে সি কেছিল, “মোৰ নাম জোনাক বড়ো৷

 জোনাকৰ দেউতাকে জোনাই মহকুমাৰ উলুৱনি জয়পুৰ অঞ্চলৰ পৰা উঠি আহি ধুনুহঁতৰ গাঁৱৰ ওচৰৰ এখন গাঁৱত বাস কৰিছিল আৰু তাৰে এখন ভেন্সাৰ স্কুলত অবৈতনিক শিক্ষক হিচাপে কাম কৰিছিল৷ তেওঁ টিউচন কৰাৰ ওপৰিও ধুনুহঁতৰ সেই গাঁৱত থকা মাটি কেইডৰাত আধিয়াৰ স্বৰূপে খেতি কৰি যেনে তেনে তিনিজনীয়া পৰিয়ালটো চলাই নিছিল৷ এক সাম্প্ৰদায়িক সংঘৰ্ষৰ দাবানলৰ লেলিহান শিখাই অঞ্চলটো ছানি ধৰিছিল৷ বিনাদোষতে নিৰীহ ব্যক্তি মানিক বড়ো( জোনাকৰ দেউতাক) আৰু তেওঁৰ পত্নীক দুৰ্বৃত্তই ঘৰতে হানি-খুচি মাৰি থৈ ল৷ তেতিয়া কণমানি জোনাক নিদ্ৰাদেৱীৰ কোলাতে আছিল৷

 ৰাইজৰ অনুমতি সাপেক্ষে নিথৰুৱা জোনাকৰ দায়িত্বলৈ ধুনুৰ আব্বাজান মঃ তাহেৰ আলীয়ে তাক নিজৰ ঘৰলৈ আনি পুত্ৰ স্নেহেৰে উপচাই দিয়ে৷ ধুনু আৰু জোনাক এই দুই পুত্ৰকে একে দিনাই একেখন বিদ্যালয়ত নাম ভৰ্ত্তি কৰি দিয়া হয়৷ কালক্ৰমত দুয়ো মেধা ছাত্ৰ হিচাপে পৰিচয় দিবলৈ সক্ষম ল৷ অসমৰ নাম উজ্বল কৰি ভাৰতৰ দুই আগশাৰীৰৰ শিক্ষা প্ৰতিষ্ঠান বেংগালুৰুৰ ইণ্ডিয়ান ইন্ষ্টিটিউট অব ছায়েন্সত জোনাকে আৰু নেশ্যনেল চেন্টাৰ ফৰ বায়জিকেল ছায়েন্সত ধুনুৱে গৱেষণা কৰি আছে৷

অতীতৰ কথাবোৰ ভাৱি কিছুপৰ নিৰৱে থাকি ধুনুৱে লে, “মইনো কাৰ বাবে জীয়াই থাকিম জোনাক ?তোৰ বাবেই জীয়াই থাকিব লাগিব ময়ো৷কথাষাৰ কওঁতে তাৰ দুগালে চকুলো বৈ ল৷

 “নহয় নহয় ধুনু, আমি কেৱল আমাৰ বাবেই জীয়াই থাকিলে নহব৷এক অদ্ভুৎ ধৰণৰ দৃঢ়তা চকুৱে মুখে ব্যক্ত কৰি জোনাকে লে, “ মানৱতাক জীয়াই ৰাখিবলৈ আৰু নৰ পিঁশাচহঁতক নিঃশেষ কৰিবলৈ আমি জীয়াই থাকিব লাগিব; তেতিয়াহে আব্বাজান আৰু আম্মাহঁতৰ আত্মাই শান্তি পাব৷

 ধুনুৱে জোনাকৰ আত্মপ্ৰত্যয়েৰে ভৰা মুখলৈ চাই নিজৰ অন্তৰাত্মাত এক সমভাৱাপন্ন অনুভূতিৰ অনুভৱ কৰিলে আৰু তাৰো চকুৱে মুখে এক অদ্ভুৎ ধৰণৰ দৃঢ়তা ফুটি উঠিল৷

 “
তেন্তে আজিৰ পৰা এয়ে আমাৰ লক্ষ্য আৰু উদ্দেশ্য৷কথাষাৰ কৈ ধুনুৱে জোনাকৰ সৈতে হাত মিলালে৷

০০০০০০০০০০০০০০০০০০০০০০০০০০

পেন্সন ফাইলৰ আতংক

 ধুনু আৰু জোনাক আহি অসম পালেহি৷ এতিয়াতো ইয়াত আপোন বুলিবলৈ সিহঁতৰ কোনোৱেই নাই৷ মনত পৰিল সিহঁতৰ শিক্ষা গুৰু চন্দন শৰ্মা ছাৰলৈ৷ নতুন কামৰ শুভাৰম্ভৰ পূৰ্বে শিক্ষা গুৰুক প্ৰণাম জনাই অহাটো নিতান্তই প্ৰয়োজনীয় কাম বুলি ভাৱিলে সিহঁতে৷

 শিক্ষা গুৰুৰ ঘৰলৈ গৈ দুয়ো তেওঁৰ চৰণ চুই সেৱা জনালে আৰু খাখবৰ লে৷ চন্দন শৰ্মা ছাৰে সিহঁত হালক ইমান স্বাভাৱিক অৱস্থাত দেখা পাই এক প্ৰকাৰ আচৰিতেই ল৷ ঘৰৰ সকলোটিকে হেৰুৱাই ইমান অবিচলিত হৈ থকাটো সঁচাই আচৰিত লগা কথাইশৰ্মা ছাৰে ভাৱিলে আৰু লে,“মই ভালে কুশলেই আছোঁ৷ পিছে তোমালোকৰ দুখতহে দুখী হৈছোঁ৷

আপোনালোক আছে নহয় ছাৰ, আপোনালোকক সেৱা কৰিব পাৰিলেই ধন্য ম৷জোনাকে বিনম্ৰভাৱে কৈ ,“কওকচোন ছাৰ, চাকৰিৰ পৰা অৱসৰ লৈ কেনেদৰে দিনবোৰ অতিবাহিত কৰিছে ?”

অৱসৰ লৈ বিদ্যালয় এৰিলেও ৰাহঁতক পঢ়াবলৈ এৰাই নাই৷ ঘৰতে পুৱাৰে পৰা গধূলিলৈকে কেইবা চামো ৰা-ছোৱালীক টিউচন কৰিব লগা হৈছে৷ নহলে ঘৰখন নচলে৷চন্দন শৰ্মা ছাৰে লে৷

 “কিন্তু কিয় ?” ধুনুৱে সুধিলে,“পেন্সনৰ টকা ছাৰে পোৱাই নাই নেকি ?”

চন্দন শৰ্মাই পেন্সনৰ টকাৰ বাবে অফিচলৈ বাটকুৰি বাই ভাগৰি পৰাৰ কথা বৰ্ণনা কৰোঁতে অফিচত বিষয়া কৰ্মচাৰীয়ে কৰা লটি-ঘটিৰ কথাও জনালে৷ কোনজন কেৰাণী , কোনজন বিষয়াই উপঢৌকনৰ লোভত পেন্সনৰ ফাইলৰ কাম নকৰি ওলমাই ৰাখিছে সেই কথাবোৰ আঁতিগুৰি মাৰি জানি লৈ ধুনু আৰু জোনাকে চন্দন শৰ্মা ছাৰক দুদিনৰ ভিতৰতে পেন্সনৰ টকা পাব বুলি আশ্বাস দি বিদায় লে৷

০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০

বৰবাবু হৰকান্ত বৰুৱাই পেন্সন প্ৰত্যাশীৰ পৰা কৌশলেৰে আদায় কৰা ধনেৰে কেইপেগমান বিলাতী সুৰা গলাৰ্ধকৰণ কৰি গোলাপী নিচা লগাই হোটেলতে নৈশ ভোজন পৰ্ব সমাপন কৰি ঘৰলৈ আহিল৷ নগৰৰ উপকন্ঠ অঞ্চলৰ ভাৰা ঘৰটোত তেওঁ অকলেই থাকে৷ তেওঁৰ পত্নীয়ে স্কুলত পঢ়ি থকা ৰা-ছোৱালী হালক লগত লৈ নিজা নগৰখনতে থাকে৷ হিন্দী বোলছবিৰ কিবা এটা ৰোমান্টিক গীতৰ কলি গুণ-গুনাই তেওঁ ঘৰৰ মুখ্য দ্বাৰৰ তলাতো খুলিলে৷ মানুহটো ঘৰৰ ড্ৰয়িং ৰুমত ভৰি দি লাইটৰ চুইচটো অন কৰি সমুখৰ চোফাখনলৈ থৰ লাগি চাই বহি আছিল মুখা পিন্ধা ব্যক্তিজন৷ মূৰত আছিল তেওঁৰ এটি টু্পী৷ টু্পীটোৰ কাষত লিখি থোৱা শব্দটো হৰকান্ত বৰুৱাই পঢ়িলে-‘ আতংক

 “ ওঁ , ঠিকেই দেখা পাইছে আপুনি—‘আতংক অনধিকাৰ প্ৰৱেশকাৰী জনেই প্ৰথমে মাত লগালে আৰু হাতত লৈ থকা উদ্যত পিষ্টলটো হৰকান্তলৈ টোৱাঁই লে, “অফিচত আপোনাৰ টেবুলত পেলাই থোৱা আটাইকেইটা পেন্সনৰ ফাইলৰ কাম সম্পূৰ্ণ কৰি কালিলৈ দুই বজাৰ আগতে অফিচাৰৰ টেবুলত জমা দিব৷ ইয়াৰ যাতে কোনো হীন-দেৰি নহয়৷ অন্যথাই জীৱনলৈ নামি আহিব ঘন ঘোৰ আতংক৷ এতিয়া লক ,আপোনাৰ গাড়ীখন গেৰেজৰ পৰা উলিয়াই মোক এটা লিফ্ট দিয়ক৷

০০০০০০০০০০০০০০০০০০০০০০০০০

আতংকিত বৰবাবু হৰকান্ত বৰুৱাই আনদিনাতকৈ সোণকালে অফিচলৈ গৈ পেন্সনৰ ফাইলবোৰ উলিয়াই লৈ খৰ-খেদাকৈ কামবোৰ কৰি যাব ধৰিলে যাতে দুই বজাৰ আগতেই শেষ কৰিব পাৰে৷ সেইদিনা বৰবাবুক কাম কৰা দেখি অফিচৰ সকলোৱে আচৰিত হৈছিল আৰু সেই লৈ সহকৰ্মীবৃন্দই চুপে-চাপে ভাগে ভাগে মেল পাতি আলোচনা কৰিছিল ; কিন্তু বৰবাবু হৰকান্ত বৰুৱাই সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি দুই বজাৰ আগতে সকলোবোৰ ফাইলৰ কাম শেষ কৰি ফাইলবোৰ নিজে নি অফিচাৰৰ টেবুলত জাপি দিলেগৈ৷ ফাইলবোৰ দিওঁতে অফিচাৰে কিবা নেকি ভাৱি হৰকান্ত বৰুৱাই ক্ষন্তেক ঠাইতে তভক মাৰি ৰৈ দিছিল ; কিন্তু তেওঁক আচৰিত কৰি অফিচাৰ ৰত্নকান্ত বৰুৱাই এটা এটাকৈ ফাইলবোৰ লৈ প্ৰতিটোতে নিজৰ স্বাক্ষৰ প্ৰদান কৰি যাব ধৰিলে৷ হৰকান্ত বৰুৱাই অফিচাৰৰ অলক্ষিতে তেওঁৰ মুখ-মণ্ডললৈ পুনৰবাৰ ভালদৰে চাইহে জানিব পাৰিলে যে অফিচাৰৰ মুখ-মণ্ডলতো কিবা এক আতংকৰ ভাৱে বিৰাজ কৰি আছে৷

বৰবাবু হৰকান্ত বৰুৱা নিশব্দে তাৰ পৰা ওলাই আহি নিজৰ আসনত বহি কথাবোৰ ভাৱি থাকিল৷ তাৰ মানে অফিচাৰকো ---আতংকই---- এনেতে পিয়ন এজন আহি তেওঁৰ ভাৱত আঁউল লগাই দি হৰকান্তৰ টেবুলত সেই পেন্সনৰ ফাইলবোৰ মাই থৈ লে যে ফাইলবোৰৰ কাম হৈ গৈছে আৰু অফিচাৰে পেন্সনাৰসকলৰ এখন তালিকা প্ৰস্তুত কৰি টিছ বৰ্ডত আজিয়েই লগাই দিবলৈ হুকুম দিছে৷

হৰকান্ত বৰুৱাই ক্ষন্তকো বিলম্ব নকৰি ফাইলবোৰ মেলি মেলি পেন্সনাৰসকলৰ নামৰ এক তালিকা প্ৰস্তুত কৰি অফিচাৰৰ ওচৰলৈ নি চহী কৰাই আনিলে আৰু তালিকাখন টিছ ৰ্ডত আঁৰি দিলে৷

পিছদিনা অফিচৰ টিছ ৰ্ডৰ সমুখত পেন্সনাৰ তথা জ্যেষ্ঠ নাগৰিক সকলে সন্তোষৰ হাঁহি একোচমকা মুখত বিৰিঙাই অফিচাৰ আৰু কৰ্মচাৰীবৃন্দৰ এনে উদ্যোগৰ ভূয়সী প্ৰশংসা কৰিলে আৰু আন্তৰিক ধন্যবাদ জনালে৷ পিছে চন্দন শৰ্মা ছাৰে কিন্তু কিবা এক ৰহস্যৰ গোন্ধ পালে৷ তথাপিতো তেতিয়া যেন নাছিল কাৰো কোনো আতংক৷

০০০০০০০০০০০০০০০০০০০০০০০০০০০০ সমাপ্ত ০০০০০০০০০০০০০০০০০০০০০০০০০০০০

বিঃদ্ৰঃ গল্পটো অসমৰ জনপ্ৰিয় আলোচনী “তৃষ্ণাতুৰ”ৰ নবেম্বৰ,২০১৫ সংখ্যাত প্ৰকাশ পাইছে৷