Tuesday 19 June 2018

পৰিভ্ৰমী চৰাইৰ অৰ্থনৈতিক ভূমিকা


পৰিভ্ৰমী চৰায়ে কেৱল প্ৰকৃতিপ্ৰেমীসকলৰ নয়ন জুৰায়, হিয়া-মন পুলকিত কৰি বি

Thursday 7 June 2018

দেশত মূল্যবোধৰ ৰাজনীতিৰ প্ৰয়োজন

চলিত বছৰ অৰ্থাৎ ২০১৮ চনৰ ৫ এপ্ৰিল তাৰিখে ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন জনাকীৰ্ণ সভাত দিয়া ভাষণত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নৱপ্ৰজন্মক মূল্যবোধৰ শিক্ষা দিয়াত অধিক গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে মূল্যবোধ সম্পন্ন ব্যক্তি সৃষ্টি কৰিবৰ বাবে ভাল পৰিৱেশৰ প্ৰয়োজন আৰু শৃংখলাবদ্ধ আদৰ্শ নাগৰিকৰ দ্বাৰা ই সম্ভৱ হ’ব৷ মুখ্য মন্ত্ৰী গৰাকীয়ে কোৱা কথা সম্পূৰ্ণ সত্য; কিন্তু মূল্যবোধৰ ৰাজনীতিৰ অবিহনে ভাল পৰিৱেশ এটা গঢ় লৈ উঠিবনে ?
মূল্যবোধৰ ৰাজনীতিৰ অভাৱৰ পৰিপ্ৰেক্ষিততে স্বাধীনোত্তৰ কালৰ বিগত বছৰবোৰত অসমত দুৰ্নীতিয়ে ইমান বেছিকৈ ছানি ধৰিলে যে তাৰ পৰিণামত ৰাজ্যবাসীয়ে কিমান দিনলৈ যাতনা ভূগিব লগীয়া হ’ব সেয়া এতিয়া নিভৰ্ৰ কৰিব বৰ্তমানৰ ভাৰতীয় জনতা দলৰ তত্বাৱধাণত গঠিত হোৱা মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰ্য-ক্ৰমণিকাৰ ওপৰত৷ দুৰ্নীতি নিবাৰণৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা চৰকাৰখনে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত লোক সেৱা আয়োগৰ দুৰ্নীতিকে ধৰি অনেক বিয়াগোম দুৰ্নীতিৰ ক্ষেত্ৰত শূন্যসহনশীলতাৰ পৰিচয় যি পদক্ষেপ লৈছে সেয়া নিশ্চয়কৈ প্ৰশংসনীয়৷ তথাপিও যেন ক’ৰবাত কিবা সুৰুঙা ৰৈ গৈছে, যাৰ বাবে বিৰোধী পক্ষই চৰকাৰক পক্ষপাতিত্বৰ আৰোপ লগাই মাত মাতি আহিছে; কিন্তু চৰকাৰে স্পষ্টভাৱে তাক খণ্ডন কৰা পৰিলক্ষিত হোৱা নাই৷ কংগ্ৰেছ চৰকাৰৰ আমোলৰ দুৰ্নীতিবোৰৰ তদন্ত চলাই থকা সময়তে যেন বৰ্তমানৰ মিত্ৰজোঁটৰ চকাখনৰ গাত ভেঁজা দি কোনো কোনো  চক্ৰই ৰাজ্যখনত মাফিয়াৰাজৰ যোগেদি দুৰ্নীতিত লিপ্ত হৈছে৷

ভাৰতবৰ্ষৰ দৰে এখন গণতান্ত্ৰিক দেশত মূল্যবোধৰ ৰাজনীতিৰ অবিহনে দেশৰ শান্তি শৃংখলা বৰ্তাই ৰখাটো সম্ভৱ নহয়৷ ভাৰতবৰ্ষৰ গণতন্ত্ৰই এজন মানুহৰ মূল্যৰ স্বীকৃতি প্ৰদান কৰে৷ ই এজন অথবা কিছুসংখ্যক লোকৰ আনৰ ওপৰত চলোৱা শাসনক বিৰোধিতা কৰে৷ গণতন্ত্ৰত সমগ্ৰ জাতিটোৱেই দেশৰ সাৰ্বভৌমত্বৰ গৰাকী বা ৰক্ষক৷ গতিকে গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত হোৱা ৰাজনৈতিক দলে শাসন ভাৰ লাভ কৰাৰ পিছত গণতান্ত্ৰিক দেশ এখনৰ নাগৰিকৰ এনে মৌলিক অধিকাৰ যাতে অক্ষুন্ন থাকে তাৰ প্ৰতি লক্ষ্য ৰখা উচিত৷ এনেবোৰ গুণৰ বলতহে ভাৰতবৰ্ষৰ গণতন্ত্ৰই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ  বুলি  স্বীকৃতি লাভ কৰিছে আৰু  স্বাধীনোত্তৰ কালৰ সাতোটা দশকত  সফলতা প্ৰদৰ্শন কৰিছে৷

মাৰ্কিন দাৰ্শনিক তথা মনঃস্তত্ববিদ জন ডিৱেই( John Dewey) কৈছে, ‘মানৱীয় গুণৰ  ক্ষমতাৰ ওপৰত বিশ্বাস, মানৱীয় বুদ্ধিমত্তাৰ ওপৰত আৰু যৌথ অৱস্থানৰ সমন্বিত ক্ষমতাৰ ওপৰত বিশ্বাসেই হ’ল গণতন্ত্ৰৰ ভেটি৷’ ভাৰতীয় গণতন্ত্ৰত এনে বিশ্বাস বিদ্যমান হোৱা বাবেই ই তিস্থি আছে৷ কোনো ৰাজনৈতিক দলে ইয়াক নুই কৰিলে সেই দলক গণতান্ত্ৰিক সত্তাই ক্ষমতাচ্যুৎ কৰে৷

কেৱল গণতন্ত্ৰতহে সাধাৰণ কল্যাণ (common welfare) সাধন সম্ভৱপৰ হয়৷ যিহেতুকে, সকলোৰে ওপৰত সাৰ্বভৌমত্ব ক্ষমতা আৰোপিত, সেয়ে  চৰকাৰে সকলোৰে আৱশ্যকতাবোৰৰ প্ৰতি সঁহাৰি দিব লাগে৷ দেখা গৈছে যে চৰকাৰে দেশৰ জনসাধাৰণৰ একাংশই কোনোৰকম খাই বৈ জীয়াই থাকিবৰ বাবে নিম্নতম প্ৰয়োজনীয়তাখিনি লাভ কৰিবৰ বাবে সুবিধা প্ৰদান কৰিবলৈ বহু বছৰ ধৰি চৰকাৰক  কাকুতি মিনতি কৰি থকা সত্বেও তালৈ গুৰুত্ব নিদি দেশৰ ৰাষ্ট্ৰপতি, ন্যায়াধীশ, মন্ত্ৰী, সাংসদ, বিধায়ক আৰু চৰকাৰী বিষয়া কৰ্মচাৰীৰ স্বাৰ্থত গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ দৰমহা ভাট্টা আদি মনপছন্দ অনুযায়ী বৃদ্ধি কৰি দি, পুঁজিপতি আৰু আন্তৰ্জাতিক ব্যৱসায়িক প্ৰতিষ্ঠানক নানা সা সুবিধা দি ক্ষুদ্ৰ ব্যৱসায়ীৰ স্বাৰ্থক ভৰিৰে মুহাৰি দেশত অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি কৰিছে৷ আনকি ভাৰত চৰকাৰে ৰাজহুৱা খণ্ডৰ ব্যৱসায়ীক প্ৰতিষ্ঠানবোৰ বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰি তাৰ বিষয়া কৰ্মচাৰীসকলক আৰ্থিক ভাৱে হাৰাশাস্তি প্ৰদান কৰিছে৷ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ নাগৰিকক ন্যায়সংগতভাৱে প্ৰাপ্য পেন্সনৰ পৰা বঞ্চিত কৰি স্বয়ং কল্যাণকামী চৰকাৰেই উচ্চ ন্যায়ালয়ে কৰ্মচাৰীসকলৰ সপক্ষে দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে আৰু উচ্চতম ন্যায়ালয়ত তেনে গোচৰৰ ৰায় নিদি পাঁচ বছৰতকৈও অধিক কাল বিচাৰাধীন কৰি পেলাই ৰাখিছে৷ ইয়াৰ ফলত দেশৰ অৰ্থনৈতিক উন্নয়নৰ হকে কাম কৰি ওৰে জীৱনটো পাৰ কৰা জ্যেষ্ঠ নাগৰিকসকলৰ হেজাৰ হেজাৰজনে ন্যায় নোপোৱাকৈয়ে মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে৷ মূল্যবোধক এইদৰেই কবৰ দিয়া নাইনে দেশৰ তথাকথিত কল্যাণকামী চৰকাৰে ? শাসনৰ বাঘজৰীডাল হাতত লৈ সংশ্লিষ্ট ৰাজনৈতিক দলে পাহৰি গৈছে যে গণতান্ত্ৰিক ব্যৱস্থাত ক্ষমতাচ্যুতসকলক ক্ষমতাত থাকোঁতে দিয়া সুবিধাবোৰৰ পৰা বঞ্চিত কৰা হয়৷ এজন নাগৰিক তৎক্ষণাতে শাসিত আৰু শাসক হোৱাতো আৰু ‘শাসিতসকলৰ মতাদেশতে চৰকাৰ’ হোৱাটো কেৱল গণতন্ত্ৰতহে সম্ভৱ৷ গতিকে ভাৰতবৰ্ষৰ দৰে এক গণতান্ত্ৰিক দেশত ৰাজনৈতিক দলসমূহে ক্ষমতা লাভৰ পিছত তেওঁলোকক ক্ষমতাত অধিষ্ঠিত কৰা জনতাক বৃদ্ধা আঙুষ্ঠ প্ৰদৰ্শণৰ পৰিণাম যে তেওঁলোকৰ বাবে ভীষণ হ’ব পাৰে সেই কথা পাহৰি যোৱা উচিত নহয়৷  অতি সাম্প্ৰতিক কালৰ অসমৰ ৰাজনৈতিক বাতাৱৰণত শাসকবৰ্গই যেন শাসিতসকলৰ হৃদয়ৰ ভাষা নুবুজি কোনো ন্যস্ত স্বাৰ্থ জড়িত মহলৰ প্ৰৰোচনাত পৰি অবাটে গতি কৰিছে, এনে অনুভৱ হয়৷  
  
ব্ৰিটিছ দাৰ্শনিক তথা ৰাজনৈতিক অৰ্থনীতিবিদ জন ষ্টুৱাৰ্ড মিলে(John Stuard Mill) মন্তব্য ৰাখিছে, ‘চৰকাৰী কাম কাজত অংশ গ্ৰহণে এজন ব্যক্তিক তেওঁৰ আত্মশ্লাঘাৰ সংকীৰ্ণ বৃত্তৰ পৰা উঠাই আনে আৰু তেওঁৰ ধ্যান-ধাৰণা বহল কৰি দিয়ে৷ গণতন্ত্ৰই এজন ব্যক্তিক দেশৰ প্ৰতি মনোযোগশীল কৰি দিয়ে আৰু তেওঁক দায়িত্বশীলতাৰ জ্ঞান দিয়ে৷’ গতিকে, আমি এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে, গণতন্ত্ৰ সৰ্বকাললৈ বৰ্তি থকাৰ স্বাৰ্থত শাসকবৰ্গৰ কাম কাজত জন ষ্টুৱাৰ্ড মিলে বৰ্ণনা কৰা বৈশিষ্টৰাজি প্ৰকাশ পোৱাটোকে আশা কৰোঁ৷  

কেৱল গণতান্ত্ৰিক ব্যৱস্থাতহে ব্যক্তি আৰু শ্ৰেণীৰ শাসনৰ পৰিবৰ্তে আইনৰ শাসন(Rule of Law) চলে, য’ত মৌলিক অধিকাৰ প্ৰদান কৰা হয় আৰু চৰকাৰৰ সীমাবদ্ধতা স্বৰূপে মৌলিক অধিকাৰে কাম কৰে৷ গতিকে, এখন গণতান্ত্ৰিক দেশত শাসনৰ বাঘজৰীডাল হাতত লোৱা চৰকাৰখনে আইনৰ শাসনৰ কথা পাহৰি, জনগণৰ মৌলিক অধিকাৰ খৰ্ব কৰি ক্ষমতা দখলৰ স্বাৰ্থ আগত ৰাখি বেছি দূৰ আগুৱাই যাব নোৱাৰে৷ তেনে চৰকাৰ ক্ষমতাচ্যুৎ হয়৷ ভাৰতবৰ্ষৰ বুৰঞ্জীত এনে উদাহৰণ বহুতো আ্ছে৷ ভাৰতবৰ্ষৰ গণতন্ত্ৰ বিঘ্নিত হোৱাৰ পৰিবৰ্তে গণতন্ত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰাসকলহে সদায় পৰাভূত হৈছে৷    
      
গণতন্ত্ৰই দেশ প্ৰেমৰ উদ্যম বৃদ্ধি কৰে৷  এই প্ৰসংগত দাৰ্শনিক জন ষ্টুৱাৰ্ড মিলে কৈছে, ‘ গণতন্ত্ৰই দেশৰ প্ৰতি প্ৰেম শক্তিশালী কৰে; কাৰণ, নাগৰিকসকলে অনুভৱ কৰে যে চকৰাৰ  তেওঁলোকৰ নিজৰ সৃষ্টি আৰু শাসকসকল তেওঁলোকৰ সেৱকহে, মালিক নহয়৷’ হয়, এনে ধাৰণাই দেশ প্ৰেম আৰু জাতীয়তাবোধ তেওঁলোকৰ মনত সোমোৱাই দিয়ে৷ গতিকে শাসকবৰ্গই তেওঁলোকৰ কাম কাজ নিয়ন্ত্ৰিত কৰি ৰাখি জনতাৰ দেশ প্ৰেমৰ ভাৱনা অক্ষুন্ন ৰখা দৰকাৰ৷ এনে কৰিলে দেশত সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ নিজে নিজে নোহোৱা হ’ব৷

একনায়কত্ববাদ বা অভিজাততন্ত্ৰ অথবা সামন্তবাদৰ দৰে গণতন্ত্ৰ অত্যাচাৰী, নিষ্ঠুৰ বা স্বেচ্ছাচাৰী হ’ব নোৱাৰে৷ গণতন্ত্ৰ নিয়মিত আৰু অবিৰাম সমালোচনা আৰু সৰ্বপ্ৰিয় হেঁচাত থাকিব লগা হয়৷  এনে হোৱা বাবে শাসকবৰ্গৰ ওপৰত দায়িত্বশীলতা আহি পৰে৷ জনগণৰ স্বাৰ্থৰ হকে সেৱা আগ বঢ়ালেহে শাসনত থকা ৰাজনৈতিক দলে শাসনত থাকিবলৈ ৰাইজৰ সমৰ্থন লাভ কৰিব পাৰে৷ গণতন্ত্ৰত  জনগণৰ শক্তিৰ কথা ক্ষমতালৈ আহি পাহৰি যোৱা ৰাজনৈতিক দলে জনতাৰ ৰোষত পৰি গাদীচ্যুৎ হোৱা উদাহৰণ ভাৰতবৰ্ষতে অনেক আছে৷
বিৰোধী দলবোৰে শাসক দলৰ কাম কাজবোৰৰ প্ৰতি তীক্ষ্ন নজৰ দি সেইবোৰ পৰীক্ষা কৰি থাকে৷ শাসকসকলে তেওঁলোকৰ নীতিসমূহৰ বিষয়ে ব্যাখ্যা কৰি তেওঁলোকক ভোট যুদ্ধত জয়ী কৰি পঠিওৱা জনতাক ইয়াৰ সুস্থতা সম্পৰ্কে সদায়ে পতিয়ন নিয়াব পাৰিব লাগিব৷ আলোচনা, বিতৰ্ক আৰু পৰামৰ্শৰ যোগেদি সকলোবোৰ সিদ্ধান্তত উপনীত হোৱা দৰকাৰ৷ বৰ্তমান আমাৰ অসমত চৰকাৰে এই আচৰণ মানি চলা পৰিলক্ষিত হোৱা নাই৷ উদাহৰণ স্বৰূপে আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণ, হিন্দু বাংলাদেশীৰ সংস্থাপন আদি সিদ্ধান্তৰ কথাকে ক’ব পাৰি৷ এখন গণতান্ত্ৰিক দেশত এনে আচৰণ শুভ নহয় আৰু ই সংশ্লিষ্ট চৰকাৰখনৰ ভাৱমূৰ্তি বিনিষ্ট কৰাৰ লগতে গণতন্ত্ৰৰ প্ৰতি ভাবুকি হৈ পৰা বাবে ৰাজনৈতিক দলটোৰ ক্ষতি সাধন হ’ব৷ কাৰণ, গণতন্ত্ৰই চিন্তা-চৰ্চা আৰু ক্ৰিয়াৰ দমন পৰিহাৰ কৰে৷

গণতন্ত্ৰত শান্তিপূৰ্ণ ভাৱে চৰকাৰ পৰিবৰ্তন কৰা অধিকাৰ জনতাৰ আছে৷ অন্য কোনো ধৰণৰ চৰকাৰতেই এনে ব্যৱস্থা নাই৷ গণতন্ত্ৰই তীব্ৰ বিদ্ৰোহ পৰিহাৰ কৰে আৰু নমনীয়তা প্ৰদান কৰে৷ সংকট কালত গণতন্ত্ৰই চৰকাৰক যথেষ্ট ক্ষমতা প্ৰদান কৰে আৰু সংকট দূৰ হোৱাৰ লগে লগে সেই ক্ষমতা ঘূৰাই লোৱা হয়৷ ভাৰতবৰ্ষত প্ৰবৰ্তিত গণতন্ত্ৰক চিৰকালৰ বাবে বাহাল ৰাখিবৰ বাবে দেশত মূল্যবোধৰ ৰাজনীতিৰ নিতান্তই প্ৰয়োজন৷ কিছুমান চাটুকাৰী ৰাজনৈতিক দলৰ বাবেই ভাৰতবৰ্ষত গণতন্ত্ৰৰ শক্তি মাজে মধ্যে স্তিমিত হোৱা পৰিলক্ষিত হয়৷ তেনে দলবোৰে নিজে ক্ষমতাশীল হৈ থাকিব খুজি গণতান্ত্ৰিক পৰম্পৰাত আঘাট হানে৷ নিৰ্বাচনৰ পূৰ্বে জনতাক ভুৱা প্ৰতিশ্ৰুতি দি শাসনভাৰ লোৱা ৰাজনৈতিক দলে জনতাক মুৰ্খ সজাবলৈ গৈ নিজে মুৰ্খামিৰ পৰিচয় দিয়া দেখা যায়৷

এটা অপৰাধৰ গোচৰৰ ৰায়ৰ বাবে কুৰি বছৰতকৈও অধিক কাল অপেক্ষা কৰিব লগা হোৱাটোৱে ভাৰতীয় গণতন্ত্ৰত আইনৰ শাসনৰ বিফলতাকে সূচাইছে বুলি দিয়া বহুলোকৰ মন্তব্যক পোনচাটেই নুই কৰিব পৰা নাযায়৷ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ইয়াৰ সংশোধনী কৰাটো অতি জৰুৰী৷ প্ৰশাসনিক দুৰ্বলতাৰ ফলত পুলিচ বিভাগৰ লগতে বিভিন্ন চৰকাৰী বিভাগসমূহৰ নিষ্ক্ৰিয়তাৰ ফলত, দুৰ্নীতি, নাৰীৰ ওপৰত নিৰ্যাতন আৰু চৌদিশে অৰাজকতাৰ সৃষ্টি হোৱাটোৱে গণতন্ত্ৰৰ প্ৰতি জনতাক মোহভংগ কৰি দিয়াও পৰিলক্ষিত হয়৷ তথাপিও গণতন্ত্ৰ বৰ্তি আছে দেশৰ এচাম সৎ আৰু দেশভক্ত নাগৰিক, সৎ ৰাজনৈতিক নেতা, সক্ৰিয় বুদ্ধিজীৱি আৰু দেশৰ সংবা্দ মাধ্যমসমূহৰ নেৰানেপেৰা প্ৰচেষ্টাত৷

আমাৰ অসমৰ সামাজিক বাতাৱৰণ অতি ভয়ানক হৈ পৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ পৰা উদ্ধাৰ পাবলৈ হ’লে ৰাজ্যখনত মূল্যবোধৰ ৰাজনীতিৰ প্ৰৱৰ্তন হ’ব লাগিব৷ শিক্ষা বিভাগ,স্বাস্থ্য বিভাগ,জলসিঞ্চন বিভাগ, শক্তি বিভাগ, বন বিভাগ, কৃষি বিভাগ, যোগান বিভাগ, ৰাজহ বিভাগ, নিয়োগ বিভাগ আৰু পৰিবহন বিভাগ আদি ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ দুৰ্নীতি দূৰ কৰিলেহে মূল্যবোধৰ ৰাজনীতি গঢ় লৈ উঠিব আৰু ভৱিষ্যত প্ৰজন্মই মূল্যবোধৰ শিক্ষাৰে শিক্ষিত হৈ একোজন মূল্যবোধ সম্পন্ন ব্যক্তি হৈ অসমৰ গৌৰব অক্ষুন্ন ৰাখিব আৰু আমাৰ ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীৰো মনোকামনা পূৰণ হ’ব৷
++++++সমাপ্ত++++++
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ জনপ্ৰিয়, বহুল প্ৰচাৰিত তথা বলিষ্ঠ সাদিনীয়া কাকত “সাদিন” ৰ  ৮ জুন, ২০১৮ সংখ্যাত প্ৰকাশ পাইছে৷

Saturday 2 June 2018

অসমৰ জনসংখ্যা বিস্ফোৰণৰ ভয়াবহ ছবিখন

অসমৰ জাতীয়তাবাদী দল, সংগঠন তথা সৰ্বস্তৰৰলোকক শংকিত কৰি, অসমৰ অৰ্থনৈতিক আৰু সামাজিক দিশলৈ চকু নিদি দেশৰ চৰকাৰ আৰু ভাৰতীয় জনতা দলে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে  হিন্দু বাংলাদেশীক  নাগৰিকত্ব প্ৰদানৰ প্ৰচেষ্টা চলাইছে৷  দেখা গৈছে যে অসম চৰকাৰে নানা কাৰণত অসমৰ বৰ্ধিত জনসংখ্যাক ৰাজ্যখনৰ উন্নয়নৰ হকে পৰিচালিত কৰিব পৰা নাই৷ সেয়েহে জনসংখ্যা বৃদ্ধিৰ ফলত অসমৰ  অৰ্থনীতিত কেনে প্ৰভাৱ পৰিব তাকে চমুকৈ অৰ্থনীতিবিদসকলৰ দৃষ্টিভঙ্গীৰে  আলোচনা কৰিবলৈ প্ৰয়াস কৰা  হৈছে৷
অৰ্থনীতিবিদসকলৰ মতে জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক উন্নয়নৰ সম্পৰ্কটো অতি জটিল৷ ইয়াৰ সংখ্যাগত উদাহৰণ বুৰঞ্জীত বিচাৰি চালে, বিশেষ ভাৱে ইয়াৰ কাৰণ কি আৰু ফলাফল কি তাৰ প্ৰতি লক্ষ্য ৰাখি চালে ই দ্ব্যৰ্থক ৰূপে ধৰা দিয়ে৷ উন্নয়ন প্ৰক্ৰিয়াত জনসংখ্যা বৃদ্ধিয়ে এক সংঘাতপূৰ্ণ ভূমিকা পালন কৰে৷ ই বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত উদ্দীপক আৰু প্ৰতিবন্ধক উভয় ধৰণেই ক্ৰিয়া কৰে৷ কিমান জনসংখ্যা হ’লে অৰ্থনৈতিক সুবিধাবোৰ বাধাপ্ৰাপ্ত হয় তাৰ কিন্তু কোনো সঠিক উত্তৰ পোৱা নাযায় বা ইয়াৰ ভাৰসাম্য কিমানত নিৰ্ণয় হ’ব তাৰো সঠিক উত্তৰ নাই৷ অৰ্থনীতিবিদসকলে আগবঢ়োৱা এনে বক্তব্যৰ ওপৰত ভিত্তি কৰি অসমৰ ক্ষেত্ৰত জনসংখ্যা বৃদ্ধিৰ কাৰণ বিদেশী নাগৰিকৰ প্ৰব্ৰজন বুলি নিশ্চিত কৰাৰ পিচত বৰ্তমানৰ অসমৰ দৰিদ্ৰতা আৰু অনগ্ৰসৰতাৰ মূল কাৰণ যে প্ৰবল জনবিস্ফোৰণ সেয়া প্ৰকট হৈ পৰে৷
উচ্চ হাৰৰ জনসংখ্যা বৃদ্ধিয়ে সামগ্ৰিকভাৱে বিশ্বত, বিশেষকৈ উন্নয়নশীল দেশত সমস্যাৰ সৃষ্টি কৰিছে৷ জনসংখ্যা বৃদ্ধিয়ে মানৱ কল্যাণ হ্ৰাস কৰে বুলি যুক্তি দাঙি ধৰা হয়৷ যিহেতু জনসংখ্যা বৃদ্ধিৰ ফলত দুষ্প্ৰাপ্যসম্পদৰ(নৱীকৰণ অযোগ্য) ব্যৱহাৰ কৰা হয় আৰু ই বাতাৱৰণ অৱনমিত কৰে৷ জনসংখ্যা বৃদ্ধিয়ে খাদ্য যোগানত চাপ বৃদ্ধি কৰে৷ নগৰত জনসংখ্যা ঠাহখোৱা অৱস্থা কৰে৷ জনসংখ্যা বৃদ্ধিৰ ফলতেই নিয়োগ সমস্যাৰ উদ্ভৱ হয়৷ ই সঞ্চয়ৰ হাৰ হ্ৰাস কৰে  আৰু নিয়োজিত প্ৰতিজন ব্যক্তিৰ মূলধনৰ পৰিমাণ নোহোৱা কৰে৷  অসমত জনসংখ্যা বৃদ্ধিয়ে তদনুৰূপ সমস্যাৰে সৃষ্টি কৰিছে৷
দেখা যায় যে উন্নয়নশীল দেশবোৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ উন্নত দেশবোৰতকৈ অতি দ্ৰুত৷ বিশ্বৰ ইতিহাসলৈ মন দিলেই এই কথা ভালদৰেই স্পষ্ট হৈ পৰে৷ জনসংখ্যা বৃদ্ধিয়ে কিছুমান সুবিধা আনে যদিও কিছুমান জটিল সমস্যাৰ সৃষ্টি কৰে৷ গড় হিচাপে সামগ্ৰীক ভাৱে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশৰ জনসংখ্যা বৃদ্ধি বাৰ্ষিক ১.৩ শতাংশ৷ জন্মৰ হাৰ প্ৰতি ১০০০ জনত ২৪ জন( বা ২.৪ শতাংশ) আৰু মৃত্যুৰ হাৰ প্ৰতি ১০০০ জনত ১১ জন ( বা ১.১ শতাংশ)৷ জন্মৰ হাৰৰ তাৰাতম্য নঘটাকৈ মৃত্যু হাৰৰ এক অভিনৱ নিম্নগামীতাৰ ফলত ইয়াৰ ঐতিহাসিক তুলনা অনুযায়ী অতি দ্ৰুত জনসংখ্যা বৃদ্ধি পাইছে৷ উন্নত দেশৰ জনসংখ্যা গড় হিচাপে ০.৭ শতাংশতকৈ অধিক বৃদ্ধি পোৱা নাই৷ নিম্ন-আয়ৰ দেশৰ জনসংখ্যা বৃদ্ধি উচ্চ-আয়ৰ দেশৰ জনসংখ্যা বৃদ্ধিতকৈ তিনিগুণ বেছি৷  ২০০০---২০০৭ চনৰ ভিতৰত নিম্ন-আয়ৰ দেশৰ জনসংখ্যাৰ শতকৰা বৃদ্ধি ২.২%, মধ্য-আয়ৰ দেশৰ ১.০ আৰু উচ্চ-আয়ৰ দেশৰ জনসংখ্যাৰ বৃদ্ধিৰ শতকৰা হাৰ ০.৭% মাত্ৰ৷
নিম্ন মূলধন সমাহাৰৰ দৰেই দ্ৰুত জনসংখ্যা বৃদ্ধিক দৰিদ্ৰতাৰ কাৰণ আৰু ফলাফল উভয়ে বুলি গণ্য কৰা হয়৷ যিহেতুকে দুখীয়া সমাজত শিশুৰ মৃত্যুৰ হাৰ অধিক আৰু পিতৃ মাতৃয়ে  বৃদ্ধ বয়সত নিৰাপত্তা পাবৰ বাবে এটা ডাঙৰ পৰিয়াল আশা কৰে আৰু সেয়ে দৰিদ্ৰতাই জন্মৰ হাৰ বৃদ্ধিৰ কাৰক হৈ পৰে৷ শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰতা, ধৰ্মীয় কাৰণ, মহিলাৰ বাবে নিয়োগৰ সুযোগহীনতা আৰু জন্ম নিয়ন্ত্ৰণৰ কৌশলৰ অজ্ঞতা আদিৰ লগে লগে জন্মৰ উচ্চ হাৰ আগবাঢ়ি গৈ থাকে৷ যদিহে জনসংখ্যা বৃদ্ধিয়ে সঞ্চয় হ্ৰাস কৰে, প্ৰতিজনলোকৰ গড় মুলধন বিলোপ ঘটায়, কৃষিত শ্ৰমৰ প্ৰান্তীয় উৎপাদন হ্ৰাস কৰে তেনেহ’লে জনসংখ্যা বৃদ্ধিয়ে দৰিদ্ৰতা চিৰস্থায়ী কৰাত সহায় কৰে৷ হ্ৰস্ব কালীন ম্যাদত জনসংখ্যা বৃদ্ধিয়ে উন্নয়ন প্ৰক্ৰিয়াত বাধা জন্মায়৷ কাৰণ, জনসংখ্যাৰ চাপে চৰকাৰী ব্যয়ত প্ৰবল হেঁচা দিয়ে৷ যদিহে পৰিপূৰক সম্পদসমূহ আৰু উৎপাদনৰ উদানবোৰ মজুত থাকে তেন্তে জনসংখ্যা বৃদ্ধিয়ে দীৰ্ঘ ম্যাদী কালত এনেবোৰ সমস্যাত নেপেলায়৷ তেতিয়া জনসংখ্যা বৃদ্ধিয়ে বিনিয়োগ আৰু কাৰিকৰী উন্নয়নত উৎসাহ যোগাব৷ অসমৰ জনবিস্ফোৰণে চৰকাৰী ব্যয়ত প্ৰবল চাপৰ সৃষ্টি কৰিছে৷ অসমৰ চৰ অঞ্চল আৰু বনাঞ্চলসমূহত সন্দেহযুক্ত বিদেশী নাগৰিকে ভৰি পৰিছে৷ বহু ক্ষেত্ৰত এনেবোৰ নাগৰিকৰ বাবে অসম চৰকাৰে চৰকাৰী ধন ব্যয়ৰ ক্ষেত্ৰত প্ৰবল চাপৰ সন্মুখীন হৈছে, যাৰ ফলত খিলঞ্জীয়ালোকসকল চৰকাৰী আঁচনিবোৰৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈছে৷ অসমত চৰকাৰে পৰিপূৰক সম্পদসমূহ আৰু উৎপাদনৰ উপাদানসমূহৰ সুপ্ৰয়োগৰ যোগেদি বৰ্ধিত জনসংখ্যাক নিয়োগৰ সুবিধা দিয়াত বহুবছৰৰ পূৰ্বৰে পৰা বিফল হৈ আহিছে আৰু বৰ্তমান বহুতো ৰাজহুৱা খণ্ডৰ উদ্যোগৰ দুৱাৰত তলা ওলমাই চৰম ব্যৰ্থতাৰ প্ৰমাণ দিছে৷ চৰকাৰৰ এনে কাৰ্যৰ ফলত অসমৰ খিলঞ্জীয়ালোকসকলৰ আৰ্থিক দুখ-দুৰ্দ্দশা সীমাহীন হৈ পৰিছে৷
 ২০০১ চনৰ লোকপিয়ল অনুযায়ী অসমৰ জনসংখ্যা আছিল ২৬.৬৬ মিলিয়ন৷ ২০০৬ চনত ই হ’লগৈ ২৮.৬৭ মিলিয়ন আৰু ২০১১ চনত হ’ল ৩০. ৫৭ মিলিয়ন৷ এই বৰ্ধিত গতিলৈ লক্ষ্য ৰাখি ২০১৭ চনৰ অসমৰ জনসংখ্যা ৩৪.৪৯২ মিলিয়ন হ’ব বুলি অনুমান কৰিব পাৰি৷(তথ্যঃ Indiapopulation2017.in) দেখা গৈছে যে বিগত  বছৰবোৰত  অসমৰ জনসংখ্যা অবিশ্বাস্য ভাৱে বৃদ্ধি পাইছে৷ বিদেশী অনুপ্ৰবেশক মূল কাৰণ হিচাপে গণ্য কৰি তাক নিৰ্মূলৰ বাবে অসমত বহুবছৰৰ পূৰ্বেই আন্দোলনৰ সূচনা হৈছে৷ বৰ্ধিত জনসংখ্যাৰ ফলত অসমত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে আৰু অন্যান্য  কিছুমান  আৰ্থ-সামাজিক  সমস্যাৰ  সৃষ্টি  কৰিছে৷ বিশেষকৈ ৰাজনৈতিক দলবোৰে ভৌট বেংকৰ  স্বাৰ্থত ৰক্ষণাবেক্ষণ দিয়া বিদেশী অনুপ্ৰৱেশকাৰীসকলে মানসিক বিকাশৰ সুযোগ সুবিধাৰ পৰা বঞ্চিত হৈ নানা  অপৰাধমূলক আৰু অসামাজিক কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে৷  এনে ক্ষেত্ৰত দলবাগৰা আৰু চলচাই কঠিয়া পেলোৱা বিধৰ চতুৰ ৰাজনৈতিক নেতাসকলে ভাৰতীয় জনতা দললৈ আহি শাসনৰ বাঘজৰী হাতত লৈ ক্ষমতা  চিৰস্থায়ী কৰা বাবে  নিজৰ দ্বৈত মানদণ্ডৰ পৰিচয় নিৰ্লজভাৱে দি কংগ্ৰেছ দলত নিজে থাকোঁতে আমদানী কৰা বিদেশী নাগৰিকৰ দ্বাৰা সৃষ্ট ভাবুকিৰ কথা কৈ জনসাধাৰণক ভীতিগ্ৰস্ত কৰি তাৰ পৰিত্ৰাণৰ বাবে পুনৰ অসমত বাংলাদেশীক ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদানৰ পক্ষত থিয় দিবলৈ আহ্বান কৰিছে৷  এনে নেতাই নিজে মন্ত্ৰী হৈ থাকোতেই শিক্ষা, স্বাস্থ্য আৰু অনেক দিশত এচামলোকক বঞ্চিত কৰি ৰখাৰ ফলত তেনেলোকৰ এক বংশবৃক্ষ যে এক বংশ অৰণ্যত হৈ পৰিল সেয়া এতিয়া নাগৰিক পঞ্জী উন্নীত কৰোঁতে ওলাই পৰিছে৷ এনে বংশ বৃদ্ধি ৰোধৰ ব্যৱস্থা চৰকাৰে নিশ্চয়ে কৰিব পাৰিলেহেঁতেন আৰু তেতিয়া দৰিদ্ৰ আৰু অশিক্ষিত অসমীয়াৰ সংখ্যা কমিলহেঁতেন; কিন্তু ৰাজনৈতিক মুনাফা লাভৰ আশাত সেই কাম নকৰিলে৷ এনে বিড়ম্বনাৰ সমোচিত প্ৰতিক্ৰিয়া ৰাজ্যখনৰ জনগণে ব্যক্ত কৰিছে৷ অসমৰ সচেতনলোকসকলে শংকিত হৈ পৰিছে যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ লক্ষ্যেৰে প্ৰস্তুত কৰা নাগৰিকত্ব সংশোধনী আইন,২০১৬ ৰ সংসদত গৃহিত হ’লে অচিৰেই ভাষিক সংখ্যালঘূসকল সংখ্যাগুৰুত পৰিগণিত হ’ব আৰু অসমীয়া ভাষা সংকটত পৰিব আৰু একালত ত্ৰিপুৰী জাতিৰ দৰে অসমীয়া জাতিৰ অৱস্থা হ’ব৷ অৱশ্যে ধৰ্মৰ নামত ৰাজনীতি কৰা চতুৰ অসমীয়া ৰাজনৈতিক নেতাসকলে সম্প্ৰতি ক্ষমতাৰ ৰাগিত মতলীয়া হৈ থাকি অনুধাৱন কৰিব নোৱাৰিলেও, তেনে অসমমীয়া বিধ্বংসী আইন বলবৎ হ’লে সৰ্বভাৰতীয় ৰাজনৈতিক নেতাৰ চক্ৰান্তত পৰি শাসনৰ বাঘজৰীডাল অদূৰ ভৱিষ্যতে তেওঁলোকেও অনাঅসমীয়াৰ হাতত তুলি দিবলৈ বাধ্য হ’ব

 দেখা যায় যে স্বাধীনোত্তৰ কালৰ অসমৰ কোনো এখন চৰকাৰেও জনসংখ্যা বৃদ্ধিৰ কুফলবোৰ অনুধাৱন কৰা নাই আৰু ৰাজনৈতিক স্বাৰ্থক অগ্ৰাধিকাৰ দি বিদেশীৰ প্ৰতি দয়াশীল হৈছে৷ কংগ্ৰেছে যদি বিদেশী মুছলমানক আকোঁৱালি ল’ব বিচাৰিছে, তেন্তে ভাৰতীয় জনতা দলে বাংলাদেশী হিন্দুক নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে ৷ যেনেকৈয়ে নহওক,  ১% ধনী ব্যক্তিৰ হাতত দেশৰ ৫০% তকৈ অধিক সম্পদ তুলি দি ভাৰতবৰ্ষই বিশ্বৰ ছখন উন্নত অৰ্থনীতিৰ দেশৰ তালিকাভুক্ত হোৱাৰ ক্ষণত বিদেশীৰ বোজা বহন কৰা অসমখন নিচেই দৰিদ্ৰ ৰাজ্য হৈয়ে থাকিল৷ উল্লেখযোগ্য যে অসমত দৰিদ্ৰ সীমা ৰেখাৰ তলত ৩১.৯৮% লোকে বসবাস কৰে৷ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইয়াৰ গড় হিচাপ ২১.৯২% হে৷ সকলোতকৈ উন্নত ৰাজ্য গোৱাত কেৱল ৫.০৯ শতাংশ লোক দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰে৷

অসমৰ এই জলন্ত নিবনুৱা সমস্যাক অকপতে স্বীকাৰ কৰি অসমৰ উদ্যোগ মন্ত্ৰীগৰাকীয়ে কিছুদিনৰ  পূৰ্বে অসমৰ নিবনুৱাসকলক বিদেশী ভাষাৰ শিক্ষা লৈ বিদেশত গৈ চাকৰি কৰিবলৈ পৰামৰ্শ দিছে৷ ইয়াৰ বিপৰীতে চৰকাৰে বিদেশীলোকক নাগৰিকত্ব প্ৰদান কৰি অসমত সংস্থাপিত কৰিব বিচাৰিছে৷ এয়া অসমৰ জনসাধাৰণৰ বাবে অতি পৰিতাপৰ বিষয় হৈ পৰিছে৷ জনসংখ্যা বৃদ্ধিৰ কুফলত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰা অৱস্থাত বিদেশীক স্বদেশী কৰি জনসংখ্যা বঢ়াই লোৱাটো যুক্তিসংগত হ’ব পাৰেনে? ৰাজ্যখনৰ ভূমি, মূলধন, সংগঠন আদি উৎপাদনৰ উপাদান সমূহক অসমীয়ালোকৰ স্বাৰ্থত উপযুক্তভাৱে কামত লগাবলৈ চেষ্টা চলালে উৎপাদনৰ অন্য আহিলাস্বৰূপ শ্ৰমৰ অভাৱ নহয়৷ অসমৰ যুৱশক্তিৰ সুপ্ৰয়োগে বহু সমস্যা সমাধানৰ পথ উন্মুক্ত কৰিব৷ যদিহে বিদেশী ৰাষ্ট্ৰই আমাৰ দেশৰ নিবনুৱাক চাকৰি দিব পাৰে, তেনেহ’লে আমাৰ চৰকাৰে কিয় সেই কাম কৰিব নোৱাৰে? নিজে বিবস্ত্ৰ হৈ আনক বস্ত্ৰ পিন্ধাবলৈ যোৱাতকৈ চৰকাৰে নিজৰ ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নতিৰ কথা চিন্তা কৰিলে বহু জটিল সমস্যা অনায়াসে সমাধান হ’ব আৰু অসম উন্নতিৰ পথত আগুৱাই যাব৷
আমি আশা কৰোঁ যে আমাৰ অসমৰ ৰাজনৈতিক নেতাসকলে জাতি-ধৰ্মৰ সংকীৰ্ণ বেষ্টনীৰ  মাজৰ পৰা ওলাই আহি বৃহত্তৰ অসমীয়া জাতিৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ হকে চিন্তা কৰি অসমত জনবিৰোধী  আইন জাপি দিয়াৰ পৰা কেন্দ্ৰ চৰকাৰক বাৰণ কৰিব৷
++++সমাপ্ত++++
বিঃদ্ৰঃ প্ৰবন্ধটো ভাৰতৰ সৰ্বাধিক প্ৰচলিত বলিষ্ঠ কাকত " তিনিদিনীয়া অগ্ৰদূত" ৰ ৩০ মে ২০১৮ সংখ্যাৰ বিশেষ নিবন্ধ শিতানত প্ৰকাশ পাইছে৷