Tuesday 19 June 2018

পৰিভ্ৰমী চৰাইৰ অৰ্থনৈতিক ভূমিকা


পৰিভ্ৰমী চৰায়ে কেৱল প্ৰকৃতিপ্ৰেমীসকলৰ নয়ন জুৰায়, হিয়া-মন পুলকিত কৰি বি
মল আনন্দ প্ৰদান কৰে এনে নহয়, আমাৰ অৰ্থনীতি পৰিভ্ৰমী চৰাইৰ ওপৰত বহু ধৰণে  নিৰ্ভৰ কৰে৷ পৰিভ্ৰমী চৰাইৰ লগত আমাৰ ঐতিহাসিক সম্পৰ্ক থকা সত্বেও চৰায়ে স্থানীয় তথা গোলকীয় অৰ্থনীতিত বহু ধৰণে পালন কৰা অসংখ্য  এৰাব  নোৱাৰা  ভূমিকাৰ বিষয়ে  অলপ  দিনৰ  পূৰ্বেহে  জানিব  পাৰিছোঁ৷  এই পৰ্যন্ত উন্নত দেশবোৰে পৰিভ্ৰমী চৰাই সংৰক্ষণৰ যোগেদি যিদৰে আৰ্থিক ভাৱে লাভবান হৈছে, ঠিক সেইদৰে অনুন্নত আৰু উন্নয়নশীল দেশবোৰে পৰা নাই৷




জৈৱবৈচিত্ৰাৰ সূচকসমূহ চৰকাৰী প্ৰতিনিধি, বিজ্ঞান শিক্ষা প্ৰতিষ্ঠান আৰু স্বেচ্ছাসেৱী অনুষ্ঠানে প্ৰস্তুত কৰে৷ পৰিৱে সম্বন্ধীয় পৰিচালিকা শক্তিৰ উন্নয়ন সাধন আৰু বহনক্ষম(Sustainable) উন্নয়ন বৃদ্ধি কৰিবলৈ এনে সংস্থাসমূহক একোটা গুৰুত্বপূৰ্ণ আহিলা স্বৰূপে গঢ়ি তোলা হৈছে৷ পৰিভ্ৰমী চৰাইবোৰ আমাৰ পৰিৱেশৰ অতিকৈ শ্ৰেষ্ঠ সূচক৷ অন্য বহু প্ৰজাতিৰ দৰেই সি্হঁতৰ জিৰণি, প্ৰজনন আৰু আহাৰ সম্পৰ্কীয় আৱশ্যকতাবোৰৰ লগত খাপ খুৱাই পৰিভ্ৰমণ আৰ্হি  প্ৰস্তুত কৰে৷ বতৰ পৰিবৰ্তনৰ ফল স্বৰূপে সিহঁতে জীৱন-চক্ৰৰ  প্ৰধান  উপাদানবোৰৰ  সময়সূচীৰ  সালসলনি  ঘটাই  যায়৷


জৈৱবিচিত্ৰা পদ্ধতিত  পৰিভ্ৰমী চৰায়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেপৰিভ্ৰমী  চৰাইৰ কৃষিৰ সৈতে থকা সংযোগ জটিল ধৰণৰ, কিন্তু এইটো 


এতিয়া পৰিস্কাৰ হৈ পৰিছে যে এসময়ত কৃষকৰ বাবে ক্ষতিকাৰক স্বৰূপে

দেখা দিয়া চৰায়েও অৰ্থনৈতিক সেৱা আগ বঢ়ায়৷  কৃষকে  কীটনাশক আৰু

কীট  পতংগ নিয়ন্ত্ৰণত  সহায়  কৰে৷



শস্য ৰক্ষাৰ ব্যৱস্থা  স্বৰূপে ব্যয় কৰিব লগীয়া ধন পৰিভ্ৰমী চৰায়ে পোক
-
পৰুৱা আৰু নিগনি আদি ভক্ষণ কৰি ৰাহি কৰি দিয়ে৷ প্ৰাকৃতিক  নিয়ন্ত্ৰক

হিচাপে কাম কৰি পাত খোৱা পোক, ফুতি,কুটাপোক, গোবৰুৱা  পোক  আৰু

মাখি আদিৰ দৰে সম্ভাব্য  অনিষ্টকাৰী কীট পতংগৰ সংখ্যা হ্ৰাস কৰি চৰায়ে



শগুণে  আগবঢ়োৱা চাফাই কৰ্মীৰ সেৱাক হেও প্ৰতিপন্ন কৰিব ধৰা হৈছে৷ আচলতে শগুণে পৰিপোষণ চক্ৰত এক পৰ্যালোচনামূলক ভূমিকা পালন কৰে৷  জন্তুৰ বৃহৎ মৰাশ ততালিকে ভক্ষণ কৰি শেষ কৰি দিব পৰা বিশেষত্বৰ বাবে পশু-পক্ষী ৰাজ্যত শগুণে স্বাস্থ্য ৰক্ষকৰ কাম কৰে৷ অন্য চাফাই কৰ্মী পশু-পক্ষীক  মৰাশ ছিন্ন ভিন্ন কৰিবলৈ আকৰ্ষণ কৰি ৰোগৰ  বীজানুৰ দ্বাৰা কলুষিত হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে৷ বিজ্ঞানী সকলে পশ্চিম আফ্ৰিকাৰ পৰা দক্ষিণ পূব এচিয়ালৈ ক্ৰমান্বয়ে বিলুপ্ত হৈ যাব ধৰা শগুণৰ প্ৰভাৱৰ ওপৰত অধ্যয়ণ কৰি আছে৷ সেয়া যি কি  নহওক, সিহঁতৰ দেহা খাদ্য বিষাক্ততাত জৰ্জৰিত হোৱাটোৱেও অন্য এক ভূমিকা লৈছে৷ তাৰোপৰি ৰেলৰ চেপাত মৃত্যু হোৱা জীৱ-জন্তু ভক্ষণ কৰি থকা অৱস্থাত দ্ৰুতবেগী ৰেলে অনেক সংখ্যক শগুণক চেপি মাৰিছে৷ এনে উদাহৰণ আমাৰ অসমতে অলেখ আছে৷

পৰিভ্ৰমী চৰায়ে গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক সঞ্চালন সেৱা আগ বঢ়ায়৷  ফুলৰ পৰাগ সংযোগ আৰু বীজ বিক্ষিপ্তকৰণ প্ৰক্ৰিয়াত সিহঁতৰ এটা সক্ৰিয় ভূমিকা আছে৷ উদাহৰণ স্বৰূপে, তৃনভূমিৰ চৰায়ে সিহঁতৰ বসবাসৰ বাবে বাহ সজাত ঘাহঁবনৰ ওপৰতে নিৰ্ভৰ কৰে আৰু সিহঁতৰ পছন্দৰ পাৰিপাৰ্শ্বিক ব্যৱস্থা বাহাল ৰখাত সহায় কৰে৷ ইয়াক বন্য জীৱনৰ অঘৰী ৰূপে অতি বেছি মূল্যবান বুলি গণ্য কৰা হয়৷ তৃনভূমিৰ বীজ বিক্ষিপ্তকৰণৰ যোগেদি এই চৰাইবোৰে এই পাৰিপাৰ্শ্বিক ব্যৱস্থাৰ মালীস্বৰূপে কাম কৰে৷ যিহেতুকে তৃনভূমিৰ চৰাইক  শুকান ঘাহঁনি পথাৰ, উলুৱনি পথাৰ বা চৰণীয়া পথাৰৰ দৰে মুক্ত ঘাহঁনি অঞ্চলৰ আৱশ্যক হয় , বৰ্ধিত কৃষি কাৰ্য, কাঠৰ কাৰাখানা, উদ্যোগ স্থাপন আদিয়ে  চৰাইবোৰলৈ ভাবুকি নমাই আনিছে৷ সৌভাগ্যবশতঃ স্বাস্থ্য সন্মত তৃনভূমিৰ বাবে চৰাইৰ পৰা পোৱা উপকাৰক স্বীকৃতি দি গোপালক ,ভেড়া পালক সকলে চক্ৰগতিবৎ  ঘাঁহ খেতিৰ অনুশীলন কৰি  তৃনভূমি চৰাইৰ সংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে৷

আদ্ৰভূমিবোৰ জৈৱবৈচিত্ৰা পদ্ধতিৰ অনন্য বাহক৷ ই বিভিন্ন ধৰণৰ গছ-গছনি আৰু জীৱ-জন্তুক পানী আৰু বাসস্থান দিয়ে৷ আদ্ৰভূমি প্ৰায় সকলো ঠাইতে আছে৷ ১৯৭০ চনতহে মানুহে আদ্ৰভূমিৰ উপকাৰিতাবোৰৰ স্বীকৃতি দিয়া আৰম্ভ কৰিলে৷  বৰ্তমান চৰকাৰেও আদ্ৰভূমিৰ পুনৰুদ্ধাৰ আৰু সৃষ্টিত দৃষ্টি নিক্ষেপ কৰিছে৷  ৰাষ্ট্ৰসংঘৰ পৰিবেশ কাৰ্যক্ৰমে(United Nations Environment Programme) হাতত লোৱা ছাইবেৰিয়ান সাৰেং আদ্ৰভূমি প্ৰকল্পই বিপদাপন্ন ছাইবেৰিয়ান সাৰেং আৰু আন লাখ লাখ পৰিভ্ৰমী জলচৰ চৰাইক সত্তৰলাখ হেক্টৰ ভূমিত পুণঃপ্ৰতিষ্ঠাৰ সুযোগ দি বৰ্তি থাকিব পৰা কৰিছে৷ নিশ্চয়কৈ অতি উচ্চ খাপৰ পৰিৱেশ সংক্ৰান্তীয় আৰু আৰ্থিক গুৰুত্বৰ পাৰিপাৰ্শ্বিক প্ৰক্ৰিয়া৷.কেৱল ছাইবেৰিয়ান সাৰেং চৰাইৰ দৰে আদ্ৰভূমিৰ ওপৰত নিৰ্ভৰশীল  চৰায়ে আহাৰ খাবলৈ বা জিৰণি বলৈয়ে নহয়,  দেশবোৰক লাখ লাখ মানুহক খোৱাপানী যোগানৰ বাবেও আদ্ৰভূমিৰ আৱশ্যক৷ বতৰ পৰিবৰ্তন প্ৰতিৰোধ কৰাত সহায় কৰিবলৈ আদ্ৰভূমিয়ে কাৰ্বন দ্ৰবিভূত কৰোতা হিচাপেও কাম কৰে৷ আদ্ৰভূমিয়ে  উৎপাদনশীল মৎস্য প্ৰজাতিক জীয়াই ৰাখে৷ বন্যপ্ৰাণীক আশ্ৰয় প্ৰদান, পানী আটককৰণ, পানীৰ মানদণ্ড উন্নীতকৰণ, বানপানী নিয়ন্ত্ৰণ, গৰাখহনীয়া প্ৰতিৰোধ আদিকে ধৰি অনেক গুৰুত্বপূৰ্ণ কাম আদ্ৰভূমি পৰিৱেশৰ প্ৰাকৃতিক আৰু নগৰীয়া অঞ্চলত আছে৷
এনে আদ্ৰভূমি আমাৰ অসমত অনেক আছে৷ চৰকাৰী তথ্য অনুযায়ী, ৬৯০ টা হ্ৰদ আৰু বৃহৎ পুখুৰী তালিকাভুক্ত হৈ আছে৷ এইসমূহে ১৫৪৯৪  হেক্টৰ ভূমি দখল কৰিছে আৰু ৰাজ্যখনৰ সৰ্বমুঠ ভৌগলিক অঞ্চলৰ ০.২০শতাংশ আগুৰি লৈছে৷ অন্যহাতে, মুঠ পৰিমাণৰ ১৫.৩০ শতাংশ অঞ্চলেই আদ্ৰভূমিত পৰে৷ ইয়াৰ অতি ক্ষুদ্ৰ আদ্ৰভূমিৰ  পৰিমাপ হ’ল ২.৫০ হেক্টৰ আৰু  বৃহৎ টোৱে ৮৮২.৫০ হেক্টৰ ভূমি দখল কৰি আছে৷  এই জলাহপূৰ্ণ অঞ্চলসমূহ গ্ৰাম্যাঞ্চলত হোৱা বাবে ভালেমান মাছ আৰু আন জলজাত উদ্ভিদ ধাৰণ কৰি আছে আৰু বিভিন্ন ধৰণৰ পৰিভ্ৰমী আৰু পোহনীয়া চৰাইক ভৰণ-পোষণৰ সুযোগ দিছে৷ কেৱল ইমানেই নহয়, অসমত আৰু অনেক জলাশয় আছে৷ জলাশয়বোৰলৈ প্ৰতি বছৰে শীতকালিন অতিথি স্বৰূপে পৰিভ্ৰমী চৰাইৰ বৃহৎ বৃহৎ জাক আহি আশ্ৰয় লয়৷ এই পৰিভ্ৰমী চৰাইবোৰৰ যাতে কোনো ধৰণৰ হাৰাশাস্তি বা অনিষ্ট নহয় তালৈ চকু দি প্ৰয়োজনীয় সংৰক্ষণ ব্যৱস্থা কৰা দৰকাৰ; কিন্তু প্ৰকৃততে দেখা যায় যে আমাৰ অসমৰ প্ৰকৃতি প্ৰেমী মহানুভৱ ব্যক্তিৰ একক প্ৰচেষ্টা [ উত্তৰ লখিমপুৰ নগৰৰ সমীপৰ শতজান (আদ্ৰভূমি) পক্ষী উদ্যানৰ অতন্দ্ৰ প্ৰহৰী ৰূপে ওৰে জীৱন সেৱা আগবঢ়াই কিছুদিন পূৰ্বে শতজানৰ মায়া মোহ এৰি স্বৰ্গগামী হোৱা নমস্য ব্যক্তি বালিৰাম গগৈদেৱৰ নাম উল্লেখ কৰিলেহে মন প্ৰফুল্লিত হয়], তেনেই সীমিত সংখ্যক সৎ তথা প্ৰকৃতিপ্ৰেমী চৰকাৰী বিষয়াই প্ৰকৃতি সুৰক্ষাৰ বাবে আগ বঢ়োৱা অনবদ্য সেৱা (লেখক ড° আনোৱাৰ উদ্দিন চৌধুৰীৰদেৱৰ নাম উল্লেখযোগ্য) আৰু প্ৰকৃতি প্রেমী বেচৰকাৰী অনুষ্ঠান আদিৰ নেৰানেপেৰা সংগ্ৰামেহে পৰিভ্ৰমী চৰাইক  সুৰক্ষা দি আহিছে৷ এনে কামৰপৰা ৰাজকোষলৈ  প্ৰত্যক্ষভাৱে ধন নাহে৷  চৰকাৰেও বৰ বেছি একোখন নাম ফলক লগাই দিয়েই নিজৰ দায়িত্ব সামৰে৷ পৰিভ্ৰমী চৰাই সংৰক্ষণৰ যোগেদি কিদৰে অৰ্থনৈতিক লাভালাভ আহিব পাৰে  তাৰ উদাহৰণ অন্যান্য দেশৰ প্ৰচেষ্টালৈ মন দি চালেই দেখা পোৱা যাব৷ তলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটিমান দৃষ্টান্ত উল্লেখ কৰা হ’ল৷


“U.S. Fish & Wildlife Service” ৰ তথ্য অনুযায়ী ২০১৬ চনত ৪৫ মিলিয়নতকৈ অধিকলোকে  তেওঁলোকৰ ঘৰৰ পৰা আৰু ঘৰৰ পৰা আঁতৰত পক্ষী নিৰীক্ষণ কৰে ৷ লগতে অন্য ভালেসংখ্যক পক্ষী নিৰীক্ষকে যোগ দিয়াত আমেৰিকাৰ অৰ্থনীতিলৈ ৭৫ বিলিয়নতকৈ অধিক মাৰ্কিন ডলাৰৰ আগমণ ঘটে৷

অন্য এক তথ্যমতে, পক্ষী নিৰীক্ষকসকলে ভ্ৰমণ আৰু সা-সঁজুলিৰ বাবে বাৰ্ষিক প্ৰায় ৪১ বিলিয়ন আমেৰিকান ডলাৰ খৰচ কৰে৷ পক্ষী নিৰীক্ষকসকলে থকা-খোৱা আৰু পৰিবহণত ব্যয় কৰা ১৪.৯ বিলিয়ন ডলাৰ স্থানীয় জনগোষ্ঠীৰ অৰ্থনৈতিক লাভ হয়৷ ২০১১ চনত পক্ষী নিৰীক্ষণ ব্যয়ৰ ফলত ৬৬৬,০০০ চাকৰিৰ  সৃষ্টি হৈছিল৷



আমেৰিকান পক্ষী নিৰীক্ষণ প্ৰদৰ্শনীত ২০১৭ চনৰ এক উপস্থাপনত দেখা গৈছিল যে অন্যবোৰ কাৰ্যক্ৰমণিকাৰ ভিতৰত কেৱল ‘The Space Coast Birding Festival’ ত পাঁচ দিনত প্ৰায় ১.৩ মিলিয়ন ডলাৰ আহৰণ কৰিলে৷

সাগৰীয় চৰায়ে ত্যাগ কৰা মল(Guano) এবিধ অতি উৎকৃষ্ট প্ৰাকৃতিক সাৰ হিচাপে পৰিগণিত হৈছে৷ ইয়াতো এক জটিল প্ৰক্ৰিয়া আছে৷ জীৱন্ত উদ্ভিদ খোৱা কীট-পতঙ্গ মাছে ভক্ষণ কৰে , অৱশেষত সেই মাছ চৰায়ে ভক্ষণ কৰে৷ তাৰ পিছত চৰায়ে ত্যাগ কৰা মল সংৰক্ষণ কৰা হয়৷ কৃষকে মাটি উৰ্বৰা কৰিবলৈ সেই সাৰ ব্যৱহাৰ কৰে৷ যুক্তৰাষ্ট্ৰইও এই সাৰত গুৰুত্ব আৰোপ কৰি ১৮৫৬ চনত এক আইন প্ৰনয়ণ কৰি এই সাৰ প্ৰস্তুত কৰা নাগৰিকক সুৰক্ষা প্ৰদান  কৰিছে৷



শেন মেলোৱা বিদ্যাৰ(Falconry) মূল শিপাৰ সন্ধান কৰিলে এচিয়াত পোৱা যাব৷ খ্ৰীষ্টপূৰ্ব ২০০০পিছৰ যদিও আজিও ঘূৰি ঘূৰি চলি থকা এক অনুশীলন৷ চিকাৰ কৰাৰ ্ৰশিক্ষণপ্ৰাপ্ত চৰাইৰ লগত চিকাৰ কৰা এক কলা হিচাপে শেন মেলোৱা বিদ্যা প্ৰতিষ্ঠিত হৈছিল৷৷ ২০১০চনত ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনে(UNESCO) গোলকীয় সাংস্কৃতিক পৰম্পৰা স্বৰূপে ইয়াক স্বীকৃতি প্ৰদান কৰে৷ বিগত কুৰিটা বছৰত শেনৰ চাহিদা বাঢ়ি যোৱাত প্ৰজাতিটোৰ সংখ্যা ৬০ শতাংশ হ্ৰাস পায়৷ যেনেকৈয়ে নহওক, প্ৰাকৃতিক বাসস্থান সংৰক্ষণ আৰু আবদ্ধ প্ৰজননৰ দ্বাৰাই শেন মেলোৱা বিদ্যাত জড়িতসকলে শেন প্ৰজাতিৰ চৰাই  আৰু সিহঁতৰ চিকাৰ(শেনে ধৰা চিকাৰ) সংৰক্ষণ কাৰ্যৰ উন্নয়ন সাধিছে৷ অলপতে শেন মেলোৱা বিদ্যাত জড়িত লোকসকলে বন্য শেন প্ৰজাতিৰ চৰাই সংৰক্ষণ আৰু সম্পূৰ্ণ ৰূপে বিলুপ্ত হৈ পৰা প্ৰজাতিবোৰ পুনৰ উদ্ধাৰৰ কামত বৰ্ধিতভাৱে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে৷
 বন্য প্ৰাণী সংৰক্ষণ সমাজে(The Wildlife Conservation Society) তথ্য ডাঙি ধৰিছে যে ১৯৯০ চনত দুস্প্ৰাপ্য  প্ৰজাতিৰ শেনৰ চাহিদা বৃদ্ধি পোৱাত অবৈধ শেন ব্যৱসায়ক অতি লাভৱান কৰি তুলিছিল৷ শেষৰ ফালে এটা প্ৰাপ্তবয়স্ক মাইকী শেনৰ বজাৰ মূল্য মধ্য প্ৰাচ্যত ২০০০০--৪০,০০০ মাৰ্কিন ডলাৰ পৰ্যন্ত হৈছিল৷





পক্ষী নিৰীক্ষণে ক্ষুদ্ৰ পৰিসৰৰ পৰিবেশ পৰ্যটন গঢ়ি তোলাত এক মূল্যবান সুযোগ প্ৰদান কৰিছে৷ পৰিবেশ পৰ্যটনে স্থানীয় অৰ্থনীতিত বৈচিত্ৰতা প্ৰদান কৰাৰ উপৰিও বিলুপ্ত হ’ব ধৰা পক্ষীৰ প্ৰজাতিবোৰ আৰু সেইবোৰৰ বাবে প্ৰয়োজনীয় পৰিবেশ সংৰক্ষণত পৃষ্ঠপোষকতা কৰে৷

পক্ষী নিৰীক্ষণ এক অতি জনপ্ৰিয় অৱসৰ বিনোদনৰ কাম আৰু বাঢ়ি অহা গোলকীয় পৰিবেশ পৰ্যটন উদ্যোগত ই বৃহৎভাৱে অৰিহণা যোগাইছে৷  পক্ষী নিৰীক্ষণ পৰিবেশ পৰ্যটনৰ এক অতি দ্ৰুতগতিত বাঢ়ি অহা খণ্ড, কোটি কোটি টকাৰ উদ্যোগ৷ সেয়েহে মানৱ জাতিৰ কাৰণে পৰিভ্ৰমী চৰাই হৈ পৰিছে  অথৰ্নৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ৷  সহজতে দুস্পাপ্য প্ৰজাতিৰ চৰাই মুহূৰ্তৰ বাবে চোৱাৰ মানসেৰে হেজাৰ হেজাৰ পক্ষী নিৰীক্ষক  পক্ষী নিৰীক্ষণৰ বাবে বিশ্বৰ বিভিন্ন স্থানত ভ্ৰমি ফুৰে৷ ভ্ৰমণ, থকা-খোৱাৰ ব্যৱস্থা আৰু প্ৰৱেশ মাচুল আদিত ধন ব্যয়  কৰি  যথেষ্ট  অৰ্থনৈতিক  লাভ  সংঘটিত  কৰা  হৈছে৷ এনে কাৰ্যকলাপে দৰিদ্ৰতা মোচনতো অৰিহণা যোগাইছে৷

অন্যহাতে, দূৰবীক্ষণ যন্ত্ৰ, কেমেৰা আদিৰ দৰে  পক্ষী নিৰীক্ষণৰ আহিলা উৎপাদনো  হেজাৰ কোটি টকীয়া গুৰুত্বপূৰ্ণ উদ্যোগ হৈ পৰিছে৷ পক্ষী নিৰীক্ষক আৰু আগ্ৰহী অভিজ্ঞতাহীন লোকক পৰিভ্ৰমী চৰাইৰ চিত্তাকৰ্ষক জগতখন অন্বেষণ কৰিবলৈ এক মহান বৈচিত্ৰপূৰ্ণ পক্ষী নিৰীক্ষণ সাহিত্যই সহায় কৰে৷ এনে ধৰণৰ পৰিবেশ পৰ্যটনে মানুহক পৰিভ্ৰমী চৰাই আৰু পৰিবেশ ব্যৱস্থাৰ গুৰুত্ব সম্বন্ধে শিক্ষা প্ৰদান কৰে৷ পৰিবেশ পৰ্যটনে  পৰিভ্ৰমী চৰাইৰ  গুৰুত্বপূৰ্ণ বাসস্থান ৰক্ষা কৰাত সহায় কৰাৰ লগতে  বহু পৰিমাণে জৈৱবৈচিত্ৰা সংৰক্ষণত সহায় কৰিব পাৰে৷ ইয়াৰ লগে লগে ছপা মাধ্যম, বৈদ্যুতিন মাধ্যম আদিয়ে পক্ষী নিৰীক্ষণৰ আৰু পৰ্যটনৰ শিক্ষা বিস্তাৰৰ উদ্দেশ্যে উদ্যোগীকৰণত জড়িত হৈ আৰ্থিকভাৱে লাভৱান হৈছে
বহুতো পৰিভ্ৰমী চৰাইৰ খাদ্যৰ বাবে আৰু প্ৰচলিত ৰীতি অনুযায়ী অৱসৰ বিনোদনৰ উদ্দেশ্যে চিকাৰ কৰা হয়৷  বহুতো গোট আৰু সংস্কৃতি  বৰ্ধিত গোলকীয় পৰিবেশ পৰ্যটন উদ্যোগত নিয়োগকে ধৰি তেওঁলোকৰ জীৱিকাৰ বাবে পৰিভ্ৰমী চৰাইৰ ওপৰতে  নিৰ্ভৰ কৰি  চলি আছে৷  গোলকীয়ভাৱে চিকাৰ এক গুৰুত্বপূৰ্ণ আৰ্থ-সামাজিক কাম  আৰু প্ৰতি বছৰে লাখ লাখ চৰাই নিধন কৰা হয়৷ বহু ক্ষেত্ৰত , অবহনক্ষম চিকাৰে পৰিভ্ৰমী চৰাইৰ সংখ্যা হ্ৰাস কৰে তেতিয়াই  নিধন যজ্ঞ ৰোধৰ বাবে পৰিভ্ৰমী চৰাইৰ সমগ্ৰ  গতি পথৰ লোককে এই বিষয়টোক লৈ সজাগ বলৈ আহ্বান জনোৱা হয়৷  উদাহৰণ স্বৰূপে, যি সংখ্যক চৰাইৰ প্ৰজাতিয়ে ইউৰোপত প্ৰজনন ঘটায় সেইবোৰক গতিপথৰ আফ্ৰিকাৰ শীতকালিন জিৰণি ভূমিত  আৰু  সিহঁতৰ পৰিভ্ৰমণ পথত অবহনক্ষম ধৰণে চিকাৰ কৰি নিধন কৰা হয়৷ এই চৰাইবোৰৰ হ্ৰাসকৰণ ৰোধ কৰিবৰ বাবে সংৰক্ষণ প্ৰচেষ্টাৰ প্ৰয়োজন হৈ পৰে৷ পৰিভ্ৰমী চৰাই উৰি গৈ থকা সমগ্ৰ গতি পথৰ লোককে অবহনক্ষম চিকাৰ বন্ধৰ আহ্বান জনাব লগীয়া হয়৷ বিশ্বৰ বহু অঞ্চলত, বিশেষকৈ আফ্ৰিকা, দক্ষিণ আমেৰিকা আৰু এচিয়াৰ কেন্দ্ৰীয় অঞ্চলত  বহুতো পৰিভ্ৰমী চৰাইৰ প্ৰজাতি অবহনক্ষম চিকাৰ আৰু চোৰাং চিকাৰৰ বাবে ভাবুকিৰ সন্মুখীন হৈছে৷ উৰি যোৱা পথত এই চৰাইবোৰৰ সকলো দেশ অংশীদাৰ হয়, গোলকীয় হাৰত এই চৰাইবোৰ আৰু লোকসকলৰ ওপৰত এনে আচৰণে প্ৰভাৱ পেলায়৷

আমাৰ অসমৰ কাষৰীয়া ৰাজ্য নাগালেণ্ড আৰু মণিপুৰলৈ অহা Amur Falcon নামৰ শেন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই নিধন যজ্ঞ বহুতো পক্ষীপ্ৰেমী লোক তথা সংস্থাৰ সহযোগত নানা প্ৰচেষ্টাৰে বন্ধ কৰা হয় আৰু এতিয়া ৰাইজৰ মাজত এই চৰাইৰ আদৰ বাঢ়িছে আৰু ইহঁতৰ আগমণলৈ সেই অঞ্চলৰ লোকসকলে আশাৰে বাট চাই ৰয়৷ তাৰোপৰি নাগালেণ্ডলৈ দেশী বিদেশী পৰিবেশ পৰ্যটক আৰু গৱেষকৰ আগমণে ৰাজ্যখনৰ স্থানীয় লোকসকলৰ আয় বৃদ্ধিত সহায় কৰিছে৷ এনে এক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ডেৰাডুনত থকা বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ(Wildlife Institute of India)ভালেখিনি অৰিহণা আছে৷ ইয়াতে উল্লেযোগ্য যে কাৰ্বি পাহাৰৰ জাতিঙ্গাৰ পৰিভ্ৰমী চৰাইৰ দুৰ্গতিৰ কথা নজনা বা নুশুনা লোক নাই বুলি ক’লেও বঢ়াই কোৱা নহয়৷

পৰিভ্ৰমী চৰাইৰ সংৰক্ষণৰ সিদ্ধান্তসমূহ কদাচিৎহে অৰ্থনৈতিক উপযুক্ততাৰ ওপৰত ভিত্তি কৰি লোৱা হয়৷ ফলস্বৰূপে সৰহভাগ সংৰক্ষণৰ ব্যৱস্থা উন্নত দেশবোৰত প্ৰয়োগ কৰা হৈছে৷ যদিওবা পৰিভ্ৰমী চৰাইবোৰে উন্নয়নশীল দেশবোৰত শীত কালত বাস কৰে, তেনে দেশবোৰে সংৰক্ষণৰ বাবে সিমান অধিক উপায় অৱলম্বন কৰা নাই৷ তথাপিতো অৰ্থনৈতিক যুক্তি সিদ্ধতাই উচ্চতম ব্যয় দক্ষতাৰে পৰিভ্ৰমী চৰাইৰ জিৰণিৰ স্থান আৰু গতিপথত সংৰক্ষণ ব্যৱস্থাৰ বাবে হস্তক্ষেপ দাবী কৰে৷ নিশ্চিত ভাৱে পৰিভ্ৰমী চৰাই সংৰক্ষণৰ এক আন্তৰাষ্ট্ৰীয় বজাৰৰ অৰ্থনৈতিক সম্ভৱনীয়তা আছে৷ অন্যহাতে ,পশ্চিম ইউৰোপতকৈ বেছি কম খৰচত পশ্চিম আফ্ৰিকাত পৰিভ্ৰমী চৰাই সংৰক্ষণ কৰিব পৰা যাব৷ তাৰোপৰি হলেণ্ড দেশীয় নাগৰিকসকলৰ মাজত অনুষ্ঠিত কৰা এক মহাদেশীয় জৰীপে প্ৰমাণ কৰিছে যে কৰদাতা সকলে প্ৰৰোক্ষভাৱে পৰিভ্ৰমী চৰাই সংৰক্ষণৰ বাবে দিয়া কৰে আফ্ৰিকাৰ দেশবোৰত শীতকালিন অৱসৰৰ বাবে অহা পৰিভ্ৰমী চৰাই সংৰক্ষণ ব্যৱস্থাত সহায় কৰিছে৷ ইয়াৰ ফলত জৈৱবৈচিত্ৰাৰ বজাৰখনৰ সেৱাৰ ভাগ পশ্চিম ইউৰোপৰ উপভোক্তায়ো লাভ কৰিছে৷

অৱশেষত আমি মন্তব্য আগ বঢ়াব পাৰোঁ যে পৰিভ্ৰমী চৰাইৰ অহৰহ পৰিভ্ৰমণ প্ৰক্ৰিয়াই আমাৰ গ্ৰহটোৰ সুস্বাস্থ্যৰ সূচনা কৰাৰ লগতে মানৱ জাতিক আৰ্থিকভাৱে সবল কৰে৷
++++++++সমাপ্ত+++++++
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ বহুপ্ৰচলিত জনপ্ৰিয় পষেকীয়া আলোচনী ‘প্ৰান্তিক’ ৰ  ১৬-৩০ জুন, ২০১৮ সংখ্যাত প্ৰকাশ পাইছে৷

x

No comments:

Post a Comment