Sunday 22 April 2018

গাত যেতিয়া বিহু লম্ভে

প্ৰতি বছৰে বিহু আহিছে আৰু গৈছে৷ এই গতানুগতিকতাৰ মাজেদি বিহুৱে গতি কৰোঁতে অসমীয়া জনজীৱনৰ পৰিবৰ্তিত ধাৰাটোৱে যেনে ধৰণৰ ৰূপ দিছে তেনে ধৰণেই আগুৱাই গৈ আছে৷ প্ৰাচীন পৰম্পৰা ভংগ কৰি হয়তো বিহুৰ অতি প্ৰাচীন পৰম্পৰা (ৰজাঘৰীয়া) সংৰক্ষণৰ প্ৰচেষ্টা চলিছে-ধনৱন্তসকলৰ উদ্যোগত, বাকীসকলে উৱাদিহ নোপোৱা হৈছে৷ অতীজতে যেন আপদাল আৰু প্ৰতিপালনহীন ভাৱে বিহু গৃহস্থৰ চোতালত, গছতলত, বাঁহতলত অথবা হাবিয়ে জংগলে আলৈ-এথানি হৈ  মৃত্যুৰ ক্ষণ গণি আছিল-এনে ভাৱ পোষণ কৰা দেখা গৈছে৷ বৰ্তমানৰ বিহুৰ ৰেহ ৰূপ দেখিলে এনে ধাৰণা হয় যেন বুঢ়ী আইতাকে মৃত্যুৰ সময়ত নাতিনীয়েকক মৰমতে দি যোৱা কাণৰ থুৰীয়াযোৰ কাণত নিপিন্ধি মৰমৰ চিন স্বৰূপে  বাকচত সযতনে থ’ব খুজিছে বা বেংকৰ ল’কাৰত সংৰক্ষণ কৰিব খুজিছে৷ অৰ্থাৎ আমাৰ পূৰ্বজসকলৰ মৰমৰ বস্তু আমি যাদুঘৰত হ’লেও সংৰক্ষণ কৰি ৰাখিম৷ এইবোৰৰ বাবে টকা-পইচা খৰচ হৈছে, ৰাইজে বৰঙণি দিছে৷ পিছে এক সচেতন মহল কিন্তু বিবুদ্ধিত পৰিছে৷
সাম্প্ৰতিক কালৰ এই বাণিজ্যিক বিহুবোৰ  প্ৰথমে আহি  পায় নগৰ; দোকান–বজাৰ, বিগ বজাৰ আদিত বিহুৰ পিঠা–পনা, জা-জলপান, বিহুৱান আৰু অনান্য সাজ-পাৰেৰে ভৰি পৰে৷ পিছত নিৰ্দ্দিষ্ট দিনৰ বাবে  বিহুৱে বিয়া দিয়া জীয়াৰীৰ দৰে গাঁৱত জিৰণি লৈ নগৰৰ বিহু মঞ্চলৈ দৌৰ মাৰে—চুক্তি ৰূপায়ণৰ বাবে৷ নৱ-প্ৰজন্ম ইয়াতে অভ্যস্ত হৈছে৷ বিহুমঞ্চত শিল্পীয়ে বৈদ্যুতিন গীতাৰত সুৰৰ লহৰ তুলাৰ লগে লগে চাগৈ বিহু বিহু লাগি যায় গাত৷ পিছে বয়স-ভাটি দিয়া অসমীয়াসকলৰ গাত তাহিনি দিনৰ দৰে বিহু নালাগে, তেওঁলোকে গাত বিহু লম্ভা অতীতৰ দিনবোৰৰ স্মৃতি ৰোমন্ঠন কৰি হা-হুমুনিয়াহ কাঢ়ি ঘৰৰ ওচৰত অনুষ্ঠিত  হোৱা বিহুৰ নাইট-ফাংচনত আমদানীকৃত শিল্পীয়ে পৰিবেশন কৰা হিন্দী গীতৰ মুৰ্চনা শুনি শুনি, ড্ৰাম-চেটৰ তীব্ৰ শব্দ-বাণ প্ৰতিহত কৰি চকু মুদি জোৰ কৰি টোপনি যাবলৈ চেষ্টা কৰে৷
তাহানিখন পলাশ, শিমলূ , মদাৰে ৰঙা দলিচা পাৰি বহাগীক আদৰি অনাৰ লগে লগে গছ-বনে সেঁউজী ৰহন লগাই কুলি-কেতেকীৰ মন উদ্বাউল কৰি দিয়াৰ ক্ষণতে গাঁওবাসীয়ে বিহুৰ আগলি বতৰা পাই পুলকিত হৈ পৰে৷ লগে লগে সকলোৱে নিজা-ববীয়াকৈ বিহু পালনৰ প্ৰস্তুতি চলাই যায়৷ গাভৰুহঁতৰ, ন-বোৱাৰীহঁতৰ গাত উথপ-থপ লাগি গৈ তাঁতৰ শালত হাতৰ মাকোক তৰণি নোপোৱা কৰি দিয়ে৷ গণি চায় বিহুলৈনো আছে কেইদিন, গামোছাবোৰ কাটিব কেতিয়া? কণ কণ ল’ৰাবোৰৰ বহুতো দায়িত্ব আহি পৰে৷ খৰি লুৰি আনি নিদিলে পিঠা-পনা , জা-জলপান নহ’ব৷ জাকে-জোমে খৰি লুৰিবলৈ যোৱা ক্ষণতে সিঁহতৰ গাত বিহু লম্ভে৷ ম’হঘূলি চাপৰিৰ বিস্তৃৰ্ণ অঞ্চল জুৰি থকা ইকৰানিত সোমাই তাৰ মাজত থকা শুকান খাগৰি খৰি লুৰি মুঠা বান্ধি কান্ধত লৈ জাক পাতি আহোতেই সিঁহতে বিহু গীতৰ আখৰা সমাপন কৰে৷ ল’ৰাহঁতে চোতালত খৰি দ’মাই দিয়াৰ পিছত জীয়াৰী-বোৱাৰীহঁতে জোখমতে ভাঙি –কাটি খাগৰি খৰিবোৰ জু-হাল পোৱাগৈ আৰু পিঠা- পনা , জা-জলপান তৈয়াৰ কৰাত লাগি যায়৷

বিহুৰ কেইদিন গাঁৱৰ গৃহস্থৰ ঘৰত ঢেঁকী বজাব নাপায়৷ আগতেই চাউল, চিৰা যি লাগে খুন্দি ল’ব লাগিব৷ সেয়ে পুৱতি নিশা কাৰ ঘৰৰ জীয়ৰী বা বোৱাৰীয়ে সকলোতকৈ সোনকালে উঠি ঢেঁকী জুৰিব পাৰে তাৰে অঘোষিত প্ৰতিযোগিতা চলে৷ গাঁৱৰ ল’ৰাহঁতৰ গাত লম্ভা বিহুৱে সিহঁতক আকৌ চাপৰিলৈ লৈ যায়৷ বিহুত গৰুক নতুন পঘাৰে বান্ধিব নালাগিব জানো? হাবিৰ মাজত ল'ৰাহঁতে তৰা ফিটিয়াবলৈ লাগি যায়৷ তৰাবোৰৰ পাত আৰু টান অংশ কাটি পেলাই দি কোমল তৰাখিনি গোটা কৰি ভালদৰে বন্ধাৰ পিছত ঢোল খোলত  লগোৱাৰ দৰে ৰছি লগাই লৈ ল’ৰা বোৰে ডিঙিত ওলমাই লৈ তাকে  খোল বজোৱাৰ দৰে  বজাই  মুখৰে শব্দ কৰি কৰি শাৰী পাতি ঘৰমূৰা হোৱা দৃশ্যটো ল’ৰা কালত নিজেও এনে কৰা কথা মনত পেলাই নব্বৈ উৰ্ধৰ দয়াৰাম ককাই নষ্টালজিক হৈ পৰি হেঁপাহ পলুৱাই চায়৷ সৰু সৰু ল’ৰাহঁতে আনি দিয়া তৰাবোৰৰ পৰা পঘা তৈয়াৰ কৰা কামটো জ্যেষ্ঠসকলৰ৷ গাত বিহু লম্ভা কণ কণ মইনাহঁতৰ ৰ’বলৈ সময় নাই৷ বিহু পালেহিয়েইচোন৷ দীঘলঁতি-মাখিয়তী নহ’লে গৰু বিহু পালিব পৰা নাযাব৷ হাবিত দীঘলঁতি মাখিয়তী পাবলৈ টান হৈ আহিছে৷ সেয়ে মাখিয়তী বিচাৰি আগতীয়াকৈ কাটি হাবিৰ মাজত লুকুৱাই থ’ব লাগিব৷  তাকো গাঁৱৰ  ঢেঁকীৰ মাত নুশুনা মাখিয়তী হ’ব লাগিব৷ এইবোৰ কামৰ পিছতে আহিল ঢোল-তাল ঠিক-ঠাক কৰি যোগাৰ কৰি লোৱা৷ নিচেই সৰু চামৰ ল’ৰা ছোৱালীহঁতৰ বাবে তাহানিখনত বয়োজ্যেষ্ঠসকলে ঢোল-তাল আদি তৈয়াৰ কৰি দিছিল৷ তাৰ বাবে বিশেষ খৰচ কৰিব লগা হোৱা নাছিল৷ ডাঙৰ ধঁপাতৰ চুঙাৰ দুয়োফালে ঢকুৱা দুখন বান্ধি কান্ধত ওলমাই ল’বলৈ ৰছি লগাই দিলেই ঢোল এটা হৈ যায়৷ তালযোৰৰ বাবেও বিশেষ একো নালাগে৷ জোতা পলিচ কৰিবলৈ অনা টেমা খালি হ’লে থৈ দিয়া হয়৷  টেমাটো আৰু তাৰ  ঢাকনি খনৰ মাজখণ্ডত ফুটা কৰি ৰছি বান্ধি দিলেই তালযোৰ হৈ যায়৷ টকা, গগণা, ম’হৰ শিঙৰ পেঁপা আৰু বাঁহি আদি কণ কণ হঁতৰ বাবে নহ’লেও চলি যায়৷ আইতাই বিহুগীত শিকাই দিব—“ভাটীফালৰ তামোল জোপি তোমাৰ আইদেউ চুলি চুটি, কোনে দিলে বেণি গোঁঠি---------৷”

গৰু বিহুৰ আগদিনাই ল’ৰাহঁতে ঢেঁকীৰ মাত নুশুনা দূৰত্বৰ পৰা দীঘলঁতি, মাখিয়তী গোটাই আনে৷ সাপ্তাহিক বজাৰৰ চ’তৰ শেষৰ বাৰটোক  বিহু বজাৰৰ দিন ঘোষনা কৰি ঢোল পিটি  আগৰ বজাৰৰ দিনাই শুনাই দিয়া হয়৷ বিহুৰ বজাৰৰ দিনা গাঁৱৰ  ৰাইজে কাপোৰ কানিকে ধৰি বিহুৰ বাবে প্ৰয়োজনীয় বস্তুবোৰৰ কিনা-বেছা কৰোতেই ঘৰত নাথাকিলে লাও, বেঙনা, কেৰলা, হালধি আদি গৰু বিহুৰ বাবে কিনি আনে৷ গৰু বিহুৰ আগ দিনা চাং-তেলিয়া ঘৰৰ চাংতলত থকা, বজাৰৰ জুপুৰিৰ তলত শুই থকা বা ৰাস্তাৰ কাষৰ বৰগছৰ তলত শুই দিন অতিবাহিত কৰা কেইটাকে ধৰি ঘৰৰ আটাইকেইটা গৰু বিচাৰি আনি গোহালীত বান্ধি ৰখা হয়৷ গৰু বিহুৰ দিনা বোৱাৰী পুৱাতে উঠি ল’ৰাহঁতে গৈ নুফুলা ভাঙৰ পুলি বিচাৰি আনেগৈ৷ ইতিমধ্যে ডাঙৰ কেইজনে গৰু গা ধুৱাওঁতে সিহঁতৰ গাত মাৰিবলৈ লাও, বেঙেনা, কেৰেলা , হালধি  আদি  চিলাবলৈ দুডলীয়া ,তিনিডলীয়া বা চাৰিডলীয়া যাৰ যেনে ইচ্ছা তেনেদৰে বাহঁৰ চাট তৈয়াৰ কৰে৷ চাটত বেঙেনা, কেৰেলা আদিৰ টুকুৰা চিলাই লৈ এখন সৰু ডলাত থোৱা হয়৷ ডলাখনত আৰু কেইবিধমান বস্তু লোৱা হয়৷ সেয়া হ’ল ভাঙৰ পুলি, দীঘলঁতি, মাখিয়তী ইত্যাদি৷ কেইবাখনো গাঁৱৰ ৰাইজে চাৰিকড়িয়া নদীৰ একেটা ঘাটতে গৰু গা ধোৱাব লগা হোৱা বাবে দূৰণি গাঁৱৰ ৰাইজক আগতীয়াকৈ ধুৱাই ল’বলৈ সুযোগ দিয়া হয়৷ জোমে জোমে গৰুবোৰ নদীৰ ফালে আনোতে গৰুবোৰৰ যে কি আনন্দ উল্লাস ! তাৰ মাজে মাজে মাকবোৰে নিজৰ পোৱালি বিচাৰি হেম্বেলিয়াই আৰু প্ৰত্যুত্তৰত পোৱালিয়ে হেম্বে হেম্বে বুলি দিয়ে সঁহাৰি৷ কিযে উৎসৱমুখৰ পৰিবেশ৷ জাকে জাকে গৰু পানীত নমাই নিজৰ গৰুকেইটা বিচাৰি বিচাৰি গাত পানী চটিয়াই লাও খা বেঙেনা খা-----কৈ কৈ গৰুৰ গালৈ চাটৰ পৰা উলিয়াই সেইবোৰ দলিয়াই থাকোতে ইচ্ছাকৃতভাৱে মাজে মাজে ডেকাবোৰে ইটোৱে সিটোৰ গাতো মাৰি ধেমালি কৰে৷ গা ধুৱাই হ’লে গৰু পাল ৰখীয়াই গৰুজাক চৰাবলৈ লৈ যায়৷  চাটত থাকি যোৱা লাও, বেঙেনাৰে সৈতে সেইডাল আনৰ সৈতে সলাব লাগে৷ ইয়াৰো নিয়ম আছে৷ যেইডলীয়া চাট তাৰ সমান ডলীয়া চাটৰ লগতহে সলাব পাৰি৷ অন্য হাতে, চাটত কেৰেলা দিলে গৰু ছেৰেলা হ’ব বুলি ভয় কৰি কিছুমানে কেৰলা নিদিয়ে৷ সেয়ে তেওঁলোকে কেৰেলা নিদিয়া লোকৰ সৈতেহে চাটডাল সলাব৷ লগত নিয়া ডলাখনত থাকি যোৱা বস্তুবোৰ লৈ নিজৰ আহুধানৰ পথাৰলৈ গৈ তাৰ মাজৰ আলিত মখিয়তীৰ ডাল, দীঘলঁতি আৰু ভাঙৰ পুলি ভগৱন্তক চিন্তি   গোঁজ মাৰি পুতি থৈ আহে যাতে পোক-পৰুৱা আদি একোৱে ধানডৰাৰ হানি বিঘিনি ঘটাব নোৱাৰে৷ গধূলি পৰত গৰুবোৰ গোহালিত সোমোৱাৰ পূৰ্বেই পদূলিত জাক দিয়া হয়৷ জাক দিবলৈ জলোৱা তঁহজুইত দীঘলঁতি, মাখিয়তী আৰু ভাঙৰ পুলি আদিও জাপি দিয়া হয়৷ গৰুৰ ভৰি ধুৱাই দি পুজা কৰি ডিঙিত নতুন পঘা লগাই দি পিঠা খাবলৈ দিয়া হয়৷ ঘৰৰ বাৰীত থকা তামোল, নাৰিকল আদি মূল্যবান গছবোৰক দেৱজ্ঞান কৰি ধান খেৰৰ জৰিৰে সাদৰেৰে বান্ধি পেলোৱা হয়৷ গৰু বিহু শেষ হোৱাৰ লগে লগে গাঁৱৰ মূৰব্বীজনাৰ ঘৰৰ পৰা ল’ৰাহঁতে হুঁচৰি গোৱা আৰম্ভ কৰি দিয়ে৷ ধনী-দুখীয়া ভেদাভেদ নোহোৱাকৈ প্ৰতিঘৰতে হুঁচৰি গাই গৃহস্থক বছৰটোলৈ কুশলে থাকিবলৈ আৰ্শীবাদ দিয়া হয়৷ ডাঙৰ গাঁও হলে হুঁচৰি গাই শেষ কৰোঁতে কেইবা দিনো লাগে৷ শেষত হুঁচৰি গাই পোৱা ধন নামঘৰ সজা বা পুথিভঁৰাল নিৰ্মাণ আদি কামত লগোৱাৰ উপৰিও এক প্ৰীতি ভোজৰো আয়োজন কৰি তাতো কিছু ধন খৰচ কৰা হয়৷

মুঠতে বিহুৰ দিন কেইটাত ঘৰে বাহিৰে সকলোতে মাথো বিহু বিহু আৰু বিহু৷
ম’হৰ গোৱালে ম’হ ৰখি থাকোঁতে ম’হৰ পিঠিত বহি ম’হৰ শিঙৰ পেঁপাটি বায়ে ক্ষান্ত নাথাকে৷ দূৰণিৰ চাপৰিত সিহঁতে গোৱা বনৰীয়া নামবোৰ স্পষ্টকৈ শুনা নাযায়৷ ৰিণিকি ৰিণিকি ভাঁহি অহা সুৰটি কানত পৰিলে বয়োজ্যেষ্ঠজনৰ মনো পুলকিত হয়, বিহু বিহু লাগি যায়৷ সুৰটোতে বুজিব পাৰে কোন ফাকি বনৰীয়া নাম গাইছে৷ নিজৰ মনৰ ভিতৰতে মিলাই চায়—
‘অ অই, বিহুটি আহিলে /কপৌফুল ফুলিলে  / গছৰ ডালত বিনালে কুলি / তোৰ মাৰে-বাপেৰে মোলৈ তোক নিদিয়ে  
/দুখীয়া-নিচলা বুলি ৷’ ‘হাঁয়ৈ, এবেলা হলে বাওঁ এবেলা জালে বাওঁ  এবেলা ম’হলৈ যাওঁ/   তেও মোক দেহা জান খাবলৈ নোজোৰে/ দুপৰীয়া শুদা ভাত খাওঁ৷’/ঐ, ‘যোৱা ৰাতি সপোনত তোকে দেখিছিলো/  চিৰিংকৈ পৰিছে মনত,/  দিঠকে সপোনে তোকে দেখি থাকোঁ /বাৰুকৈ মোক  পেলালি প্ৰেমত৷’/‘আই ঐ, দলনিত নাবাওঁ হাল, বিলতো নাবাওঁ জাল / পিটনীত নকৰোঁ খেতি,/তোকে যে নাপালে সন্যাসী হ’মেগৈ /সেয়ে হ’ব জীৱনৰ গতি৷’
গাঁৱৰ গাভৰুহঁতে লগ লাগি চাপৰি-পথাৰৰ গছতলৰ ছাঁত বিহু মৰা আৰম্ভ কৰি দিয়ে৷  আপোন পাহৰা হৈ বিহু গীত গাব ধৰে-

‘দলনি পথাৰত ধানে দাই আছিলো  / চেনাইৰ কথা ভাবি কাচিলৈ নিদিলো মন /ৰচকী কাচিয়ে হাততে কাটিলে / পিহি লগালো দুবৰি বন৷ /দূৰণি পথাৰত হালে বাই আছিলা /বাৰী মাটি পৰিলে ছন/ আজি অত’দিনে তোমাক নিচিনিলো /তুমি মোৰ বুকুৰে ধন৷/ নাঙলৰ সীৰলুত শালিকী বগলী /কিনো যে বিচাৰি খাই? / আমাৰে হিয়াতে মৰম উঠলিছে / জুমিহে চাঁওতা নাই৷ / সাপেখাটি বিলতে জাকৈ বাই আছিলো/ শিঙীয়ে বিন্ধিলে হাতত/  যিমান দুখ পালো সকলো অন্তৰ্ধান চেনাই তোমাৰ মৰমৰ মাতত৷  …………………………..L

হেপাহ পলুৱাই বিহুগীত গাই নাচি বাগি সাত দিনৰ দিনা  গাভৰুহঁতে  বিহু উৰুৱাই বনভোজ খায়৷
তাৰ পিছতে আহি পৰে ফাট বিহু৷ অঞ্চলটোৰ ৰাইজে হিলদল ভাঙি  আহি ফাট বিহু স্থলিত যোগ দিয়ে আৰু হিয়া উজাৰি বিহু মাৰিবলৈ ধৰে৷  নাই কোনো জাতি-ভেদ, নাই ভিন-পৰ৷ বিহুবলিয়া ৰাইজৰ নাই কোনো ধৰ্মৰ বান্ধোন৷  সকলো জাতি ধৰ্মৰ লোকেই বিহুলৈ যেন অপেক্ষা কৰি থাকে৷ আয়োজক সকলে বিহু বলিয়া ৰাইজক যথোচিত সন্মান যাচে৷ মনত পৰে মানুহ বিহুৰ দিনা পিতৃ-মাতৃ তথা মান্যজনক সেৱা-সৎকাৰ কৰি আৰ্শীবাদ লোৱা সেই অতীত হৈ যোৱা দিনবোৰৰ কথা৷ কথাবোৰ ভাবি ভাবি আমি নষ্টালজিক হৈ পৰোঁ৷
০০০০০০০০০০০সমাপ্ত০০০০০০০০০০০০০  
বিঃদ্ৰঃ প্ৰবন্ধটো ভাৰতৰ অন্যতম সৰ্বাধিক প্ৰচলিত আৰু শক্তিশালী কাকত "তিনিদিনীয়া অগ্ৰদূত"ত ২২/৪/২০১৮ৰ সংখ্যাত প্ৰকাশ পাইছে৷                                                                                                                                     
                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                 

Thursday 5 April 2018

শিশুসকলক ধৰ্মান্ধ হ'বলৈ বাধ্য কৰা উচিতনে ?

কিছুদিনৰ পূৰ্বে অসমৰ সংবাদ মাধ্যমসমূহত বহুলভাৱে প্ৰচাৰিত হোৱা এটা বাতৰিয়ে মানৱতাৰ অন্য এক দিশ উন্মোচিত কৰি গ’ল৷ এখন চিকিৎসালয়ত জন্ম হোৱা দুটি পৰিয়ালৰ দুটি শিশুক সলনাসলনি কৰি দুই পৰিয়ালক চিকিৎসালয় কৰ্ত্তৃপক্ষই চমজাই দিয়ে৷ দুই শিশু দুই ভিন্ন পৰিয়ালত  আদৰ সাদৰৰ মাজত লালিত পালিত হৈ ডাঙৰ দীঘল হ’ব ধৰিলে৷ মুছলমান দম্পতিয়ে নিয়া বড়ো দম্পতিৰ সন্তানটিৰ চেহেৰাত যেতিয়া জনজাতীয় লক্ষণবোৰ স্পষ্টভাৱে প্ৰকাশ পালে তেতিয়াই মাতৃগৰাকীয়ে সন্দেহ কৰিলে যে সেই সন্তানটি তেওঁৰ গৰ্ভজাত সন্তান নহয়৷ ঠিক একেদৰেই বড়ো সম্প্ৰদায়ৰ দম্পতিদ্বয়েও তেওঁলোকৰ সন্তান সলনি হোৱা কথা জানিব পাৰিলে৷ উভয় পক্ষই চিকিৎসালয় কৰ্ত্তৃপক্ষৰ ওপৰত আদালতত গোচৰ ৰজ্জু কৰিলে৷ সন্তান দুটিৰ ডি এন এ পৰীক্ষাৰ পিছত সন্তান সলনি হোৱা কথাটো প্ৰমাণিত হ’ল৷ ন্যায়ালয়ে দুই দম্পতিক সন্তান সলনি কৰি লোৱাৰ অনুমতি প্ৰদান কৰিলে৷ কিন্তু সন্তান দুটিয়ে এই আচহুৱা কামত তিল মানো সঁহাৰি নিদি জন্মদাতৃ মাতৃক গুৰুত্বহীন প্ৰতিপন্ন কৰিলে৷ দেখা গ’ল যে ধৰ্ম আৰু জাত পাতৰ তিলমানো জন্মগত প্ৰভাব শিশু দুটিৰ ওপৰত নপৰিল৷ অৱশেষত প্ৰাপ্তবয়স্ক হৈ শিশু দুটিয়ে নিজৰ সিদ্ধান্ত নিজে ল’বলৈ এৰি দি শিশু দুটিক দু্য়োটা পৰিয়ালৰ সন্মতি ক্ৰমে  যি পৰিয়ালত আছে তাতে থাকিবলৈ দিয়া হ’ল৷
ওপৰত বৰ্ণনা কৰা সত্য ঘটনাটিয়ে মানৱসৃষ্ট জাতি ধৰ্মৰ অস্তিত্ব আৰু ভেদাভেদক নিশ্চিতভাৱে উপলুঙা কৰিছে৷ সাম্প্ৰতিক কালত আমাৰ দেশত জাতি-ধৰ্মক লৈ গঢ় লৈ উঠা ৰাজনৈতিক উশৃঙ্খলতাবাদলৈ লক্ষ্য ৰাখি অস্তিত্ববাদৰ আধুনিক কালৰ প্ৰথমজন প্ৰবক্তা ছোৰেন্ কিয়েৰ্কগাৰ্ডৰ (Soren Aabye Kierkegaard)ৰ অনুভৱকেই সত্য বুলিব লাগিব৷ খ্ৰীষ্টান-ৰীতি নীতি অতি নিষ্ঠাৰে পালন কৰিবলৈ গৈ এই দাৰ্শনিকজনে অনুভৱ কৰে যে এজন সৎ লোক হোৱাৰ ক্ষেত্ৰত ধৰ্মই হ’ল সবাতোতকৈ ডাঙৰ হেঙাৰ৷ দাৰ্শনিক গৰাকীয়ে কয়, “ব্যক্তিগত অভিজ্ঞতা-উপলব্ধিৰ বাহিৰত পৰম শক্তি বুলি কোনো কথা নাই৷ যুক্তি-তৰ্ক-দৰ্শন নহয়, মানুহৰ ব্যক্তিগত আস্থা, নিজা দায়বদ্ধতাৰেৰে ভগৱানক লাভ কৰিব পাৰি৷ প্ৰতিজন মানুহৰ বাবে ‘অভিজ্ঞতাৰ সত্য বেলেগ বেলেগ, গতিকে ব্যক্তিৰ নিজা চেতনা বা ব্যক্তিগত অস্তিত্বৰ বাহিৰে কোনো বস্তু বা চিন্তাত সত্য থাকিব নোৱাৰে৷’ দাৰ্শনিক গৰাকীয়ে  উপলব্ধি কৰিলে যে  ধৰ্ম পালন কৰাটো হ’ল মানুহৰ জীৱনৰ সম্পূৰ্ণই ব্যক্তিগত বিষয়৷
জাৰ্মাণ দাৰ্শনিক,Thus Spoke Zarathustra, The Anticrist আৰু Beyond Good and Evil আদি গ্ৰন্থৰ স্ৰষ্টা ফ্ৰেডৰিখ নীৎসেই(Friedrich Wilhelm Nietzsche)তেওঁৰ মুক্ত বৈপ্লৱিক চিন্তাধাৰাৰ যোগেদি কুৰি শতিকাতে(১৮৪৪-১৯০০) পশ্চিমীয়া দৰ্শনক প্ৰভাৱিত কৰা অস্তিত্ববাদৰ প্ৰতি এই এক বিংশতিতম শতিকাত আমাক ওপৰত উল্লেখ কৰা সত্য ঘটনাটোৱে আকৰ্ষিত কৰে৷ তেওঁ বৰ্ণনা কৰে যে, বিশ্বাসসমূহৰ বিষয় বস্তুৱে মানুহক মহান কৰা নাই, তেওঁলোকৰ মূল্যবোধ আৰোপ কৰা কাৰ্যইহে কৰিছে৷  তেওঁ Zarathustra ৰ কন্ঠৰ যোগেদি ব্যক্ত কৰিছে, “…Humanity still has no goal.”

“শব্দ”(Words)ৰ স্ৰষ্টা, অস্তিত্ববাদৰ প্ৰবক্তা, ব্যক্তি স্বাধীনতাৰ ওপৰত অধিক গুৰুত্ব দিওঁতা প্ৰখ্যাত দাৰ্শনিক জাঁ পল ছাৰ্ত্ৰেই নীৎসেৰ দৰেই ছোৰেন্ কিয়েৰ্কগাৰ্ডৰ অস্তিত্ববাদক আগুৱাই আনি আনুনিক ৰূপ প্ৰদান কৰে৷ জাঁ পল ছাৰ্ত্ৰেই লিখিছে,“ভাগ্যে পিতা নাছিল! তেওঁৰ ইচ্ছা অনিচ্ছা মোৰ ওপৰত জাপিলেহেঁতেন৷” ককাকে ধৰ্মযাজক হিচাপে গঢ় দিব খোজা জাঁ পল ছাৰ্ত্ৰেই  নিজৰ জীৱনক নিজে গঢ় দিলে এজন যুক্তিবাদী লেখক হিচাপে৷

পিতৃ-মাতৃ,বংশ-পৰিয়াল আৰু কোনো এক সমাজে পালন কৰা ধৰ্মীয় ৰীতি-নীতিৰ মাজত এটি শিশুক লেটাৰ দৰে সোমাই থাকি শৈশৱকাল পাৰ কৰিবলৈ বাধ্য কৰা উচিতনে? এয়া ব্যক্তি স্বাধীনতাৰ ওপৰত প্ৰচণ্ড কুঠাৰাঘাত নহয়নে? ভৱিষ্যতৰ এজন প্ৰাপ্ত বয়স্কলোকক,সম্ভাৱনাপূৰ্ণ বুদ্ধি-যুক্তিসম্পন্ন এজন লোকক তেঁওৰ জীৱনৰ আৰম্ভণিতে অবোধ শিশু বুলিলেই অগ্ৰজসকলে পক্ষপাতিত্বমূলকভাৱে কিছুমান ভাৱধাৰা জাপি দি তাক মানি চলিবলৈ বাধ্য কৰাটো কোনো কাৰণতে যুক্তিসংগত হ’ব নোৱাৰে৷ দেখা যায় যে এনে দৰে আৱদ্ধ কৰি ৰখা বহুতো শিশুৱে প্ৰাপ্ত বয়স্ক হোৱাৰ পিছত নিজৰ জ্ঞান-গৰিমাৰ বলত স্ব-ধৰ্মৰ সংকীৰ্ণতাৰ বেহুৰ পৰা নিজকে মুক্ত কৰি লেতাৰ পৰা ওলোৱা পখিলাৰ দৰে মুক্ত বিচৰণ কৰি মানৱতাৰ গীত গাই স্ব-জ্ঞানৰ জ্যোতিৰে ধৰিত্ৰিৰ শোভা বঢ়ায়৷ সেয়েহে আমি ক’ব খোজো যে শিশুসকলক জ্ঞানী কৰি গঢ়ি তোলা উচিত কিন্তু ধৰ্মান্ধ হ’বলৈ বাধ্য কৰিব নালাগে৷
++++++++++সমাপ্ত++++++++++
বিঃদ্ৰঃ প্ৰবন্ধটি অসমৰ বহুল প্ৰচাৰিত তথা বলিষ্ঠ সাদিনীয়া কাকত 'সাদিন'ৰ ৬ এপ্ৰিল ,২০১৮ সংখ্যাত প্ৰকাশ পাইছে৷