Sunday 21 April 2019

অৱশেষত প্ৰতিবেশীৰ কোলাহল বন্ধ হ’ল


আমাৰ বাসগৃহৰ কাষৰ ভাৰাঘৰত থকা প্ৰতিবেশীয়ে সৃষ্টি কৰা কোলাহলত অতিষ্ঠ হৈ পৰিছিলো। অৱশ্যে তেওঁলোকৰ কিছুমান হুলস্থূলৰ বাবে বিৰক্ত হোৱা নাছিলোঁ। শংখ, ঘন্টা-কাঁহ, আদি বজাই পূজা কৰি আমাৰ দৰে এলেহুৱাক পুৱা টোপনিৰ পৰা উঠাই দি ভালেই কৰে দিয়কচোন, উচ্চ স্বৰত কিছুমান ৰসাল কথা পাতি আমাক আমোদ দিও থাকে। বোৱাৰী পুৱাতে আমাৰ ঘৰৰ কাষতে গাৰ জোৰে কাপোৰ এছাৰে, তাতো আপত্তি নাই, ঘৰুৱা কামবোৰ কৰিবই দিয়কচোন। কিন্তু মহিলা এগৰাকীয়ে কাৰো অৱস্থিতিক কোনো কেৰেপ নকৰাকৈ ইমানেই আতাহ পাৰি, টেটু ফালি কথা কয় যে মনলৈ ভাৱ আহে যেন তেওঁৰ আশে পাশে থকা মানুহবোৰ ধুমকলা আৰু চিঞৰি চিঞৰি কথা নকলে একো নুশুনিবই। কোলাৰ কেঁচুৱাটিও যেন কাণ গধুৰ হৈয়ে জন্ম লৈছে- চিঞৰি চিঞৰি নিচুকায়, গালি দিয়েমাজে সময়ে কাৰোবাৰ লগত কাজিয়া পেচালো কৰে, তেতিয়া আৰু কাণত ঠিলা দিও ৰক্ষা পোৱা টান হয। এনে অৱস্থাত কিবা এষাৰ কবলৈ গৈ জ্বলা জুইত ঘিঁউ ঢলাৰ দৰেহে হ; সেই সাহস গোটাব পৰা নাছিলো।

হঠা এদিন এটা মাতৃহাৰা মেকুৰী পোৱালিয়ে প্ৰতিবেশীৰ ঘৰত আৰ্তনাদ কৰিব ধৰিলে। তেতিয়া তেওঁলোকৰ   ঘৰৰ কণমানি ছোৱালীজনী আহি মোক মাত লগাই পোৱালীটো মই পুহিম নেকি বুলি সুধিলে। লগে লগে মোৰ মনলৈ অহিল বুঢ়ী আইটাই তাহানিখন  কোৱা কথা এটাআমাৰ ঘৰৰ এপালমান ককাই- ভাই বাই-ভনীয়ে মিলি যেতিয়া হুলস্থূল আৰম্ভ কৰো তেতিয়া বুঢ়়ী আইটাই আমাক বুজাইছিল যে হুলস্থূল, চিঞৰ-বাসৰ কৰিলে মানুহ দৰিদ্ৰ হয়। কাৰণ, লক্ষ্মী আই ফেঁচাৰ পিঠিত বহি গৃহ প্ৰৱেশ কৰে। হুলস্থূল , চিঞৰ-বাসৰ শুনিলে লক্ষ্মী দেৱীৰ বাহন ফেঁচাই ভয় খায় আৰু তেনে গৃহস্থীৰ ঘৰত নোসোমাই আনৰ ঘৰলৈ গুচি যায়। লক্ষ্মী আই ঘৰত বসতিn নোলোৱাৰ বাবেই ঘৰলৈ ধন-টকা–পইচা নহা হৈ মানুহ দৰিদ্ৰ হৈ পৰে। আইটাই আমাক ধনী মানুহবোৰৰ ঘৰলৈ গৈ তেওঁলোকে চিঞৰ-বাখৰ কৰে নে নকৰে তাকো চাবলৈ কৈছিল আৰু আমি তেনেলোকৰ ঘৰবোৰত নিৰ্জনতা বিৰাজ কৰা প্ৰত্যক্ষ কৰিছিলো। সেয়ে ঘৰত আমি যথাসম্ভৱ  হুলস্থূল কমাই দি প্ৰতিজনে নিজা পঢ়া শুনা আদি কামত মনোনিবেশ কৰিব ধৰিলোএই কথাবোৰ মনত পৰাত মই ছোৱালীজনীক কলো যে মই মেকুৰী পোৱালিটো পুহিব নোৱাৰিম, কাৰণ সি ইমান চিঞৰ-বাসৰ কৰি থাকিলে আমাৰ ঘৰলৈ লক্ষ্মী দেৱী নাহিবইচোন। কথাটো কি তাই বুজিব নোৱাৰি মোৰ সমুখত প্ৰশ্নবোধক চিহ্ন এটা দাঙি ধৰিলে। সুযোগ পাই ময়ো আইটাই আমাক বুজাই দিয়াৰ দৰে কথাখিনি তাইক বুজাই দিলো আৰু লগতে অতি বেছি শব্দ কৰি কাপোৰ এচাৰিলেও আই লক্ষ্মীয়ে বেয়া পাই বুলি কলো। দুখীয়া ঘৰৰ ছোৱালীটিয়ে ধনী হোৱাৰ কিটিপটো পাই কিয় বিফলে যাব দিবহে। ঘৰৰ সকলোকে তাই কথাটো বুজালে চাগৈ। বহুদিন ধৰি সেইফালৰ পৰা চিঞৰ–বাখৰ অহা নাই। এইপিনে তল পৰাত আমাৰ পিচফালৰ অন্য এঘৰৰ চিঞৰ-বাখৰহে কাণত পৰিব ধৰিছে। ভাৱিছো লক্ষ্মী আইৰ কথানো তেওঁলোকক কিদৰে কোৱা যায়?                 

Friday 19 April 2019

বিহুৰ যোগেদি অসমীয়া জাতিৰ পৰিসৰ বাঢ়ক


বিহুৰ যোগেদি অসমীয়া জাতিৰ পৰিসৰ বাঢ়ক শিৰোনামৰ প্ৰান্তিকৰ ১৬-৩০ এপ্ৰিল, ২০১৯ সংখ্যাৰ সম্পাদকীয় শিতানৰ প্ৰবন্ধটি পঢ়ি বহুপৰ ভাবুক হৈ ৰলো। প্ৰবন্ধটিয়ে প্ৰান্তিকৰ উচ্চস্তৰীয় পাঠকসকলক চিন্তাৰ খোৰাক যোগাইছে। এই বিষয়টোৰ ওপৰত অধিক আলোচনা হোৱা দৰকাৰ। লেখাটিৰ সকলোখিনি কথাই অতি গুৰুত্বপূৰ্ণ। আমাৰ যুক্তিটো হল অসমীয়া বিহু সংস্কৃতিটো বাৰেবৰণীয়া।------- বুলি কৈ সম্পাদক গৰাকীয়ে বড়ো, মিচিং, ৰাভা, কছাৰী, দেউৰী আদি অসমৰ সকলো জাতি জনগোষ্ঠীৰ বিহুকে সাঙুৰি লৈছে যেতিয়া, আমি ভাৱোঁ যে, এইসকল লোকৰ মাত কথাবোৰো শিকা উচিত আৰু বিহু গীতত তেঁওলোকে গোৱাৰ দৰেই সেইবোৰ সন্নিবিষ্ট কৰিব লাগে। ইজন অসমীয়াই সিজনৰ ভাষা-দোৱান আদি শিকি ভাৱৰ আদান-প্ৰদানৰ যোগেদি সংস্কৃতিৰ সংমিশ্ৰণ ঘটালে আমি সকলো একাকাৰ হবলৈ বেছিপৰ নালাগে। লগে লগে ন-অসমীয়াইও যদি সহযোগিতা আগ বঢ়াই তেনেহলে অসমৰ কোনো ঠাইতে অসমীয়া ভাষাৰ বাদে অন্য ভাষাৰ নামফলক দেখা নাযাব চাগৈ। গতিকে আমি পৰিচিত মিচিং ভাই, বন্ধুক কবলৈ শিকিব লাগিব-চালি আবাৰক বমনাং (তামোল এখন আনি দিয়া), অথবা বড়ো ভাইটিটোক কবলৈ শিকিব লাগিব-গুৱে লাব( তামোল আনা) ইত্যাদি ইত্যাদি। ভুল হলে নিশ্চয় তেওঁলোকে শুধৰাই দিব। যিকোনো এটা ভাষা জীয়াই থাকিবলৈ হলে সেই ভাষাত কথা কোৱা লোকৰ সংখ্যা বাঢ়ি যাব লাগিবপ্ৰতিটো ভাষাকে জীয়াই ৰাখিবলৈ চেষ্টা কৰা উচিত। কাৰণ, একোটা ভাষাই ধৰি ৰখা কিছুমান বিশেষ ধৰণৰ জ্ঞানৰ ভাণ্ডাৰ অন্য এটা ভাষাত নাথাকে। ভাষা বিলুপ্তিৰ লগে লগে জ্ঞানৰো বিলুপ্তি ঘটে। সাম্প্ৰতিক কালত ইংৰাজী ভাষাৰ আগ্ৰাসনৰ ফলত একোটা ভাষা ভাষী জনগোষ্ঠীৰ লোকৰ জনসংখ্যা বৃদ্ধি পোৱা সত্বেও সেই ভাষাত কথা কব আৰু লিখিব জনা লোকৰ সংখ্যা দিনক দিনে হ্ৰাস পাব ধৰিছে। এনেদৰেই বিশ্বৰ অনেক ভাষাৰ বিলুপ্তি ঘটিছে। সেয়ে আমি সকলো একেখন বৰ চোতালত বৰ পীৰা পাৰি বহি কথাবোৰ আলোচনা কৰা উচিত।কিছু লব লাগে কিছু দিব লাগে। ইংৰাজীৰ পৰা আনি অসমীয়াত টেবুল শব্দ ব্যৱহাৰ কৰাৰ দৰে মতা কুকুৰাৰ ঠাইত মিচিং ভাষাৰ শব্দ ৰক্ প(rokpo)   আৰু মাইকী কুকুৰাৰ    ঠাইত ৰগ্ নৌ    (rogne) ব্যৱহাৰ কৰিব নোৱাৰিম কিয় ? মাথো সকলোকে বুজাব লাগিব আৰু সকলোৱে বুজিব লা গিব, ইমানেই।
-----------------------------------------000---------------------------------

Wednesday 17 April 2019

পুতৌ

 আমাৰ ইংলেণ্ড ভ্ৰমণৰ সময়ত কোনোবা এখন পাৰ্কৰ(নাম মনত পৰা নাই) এক আওগৰীয়া পথেদি চাইকেল চলাই আহি এটি কণমান শিশু আমাৰ শ্ৰীমতীৰ সমুখতে হাম-খুৰি খাই পৰিলেহি। মাতৃ হৃদয় উথলি উঠাত তেঁও ধুনীয়া শিশুটিক পৰা স্থানৰ পৰা আতৌ-পুতৌকৈ উঠাই দিলেগৈ। কিছু দূৰত থকা শিশুটিৰ মাতৃ ইতিমধ্যে আহি ঘটনাস্থলিত উপস্থিত হৈছিল। শ্ৰীমতীয়ে আশা কৰা ধৰণে বিট্ৰিছসকলৰ স্বভাৱজাত আচৰণ অনুযায়ী শিশুটিৰ মাতৃয়ে ওঁঠত মিচিকীয়া হাঁহি বিৰিঙাই ধন্যবাদ জ্ঞাপন নকৰিলেতাৰ পৰিবৰ্তে মানুহ গৰাকীয়ে মুখৰ ভাৱ-ভঙ্গিমাত এনে এক অভিব্যক্তি প্ৰকাশ কৰিলে যে শিশুটিক তুলি ধৰি এক ডাঙৰ ভুল কৰা হল। শিশুটিক লৈ মাতৃ গৰাকী নীৰৱে আমাৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ পিচতে ইংলেণ্ডৰ বসবাসী আমাৰ মাজো কণ্যাই মাকক ভৱিষ্যতে তেনে ভুল নকৰিবলৈ সঁকিয়াই দি কলে যে এনে কৰিলে শিশু আত্ম নিৰ্ভৰশীল হোৱাত বাধা জন্মে বাবে পিতৃ-মাতৃ বা অভিভাৱকসকলেও তেনে অৱস্থাত তুলি নধৰে। শিশুক পুতৌৰ পাত্ৰ হবলৈ নিদিয়ে। কেৱল সেয়াই নহয়, ইংৰাজসকলৰ লোকাচাৰ অনুযায়ী যিকোনো মানুহে শিশুৰ শৰীৰ স্পৰ্শ কৰাটোও নীতি বহিৰ্ভূত কথা।


আমাৰ সমাজত এনে কিছুমান মানুহ আছে যিয়ে নেকি ন্যস্ত স্বাৰ্থ আগত ৰাখি নতুবা নিঃস্বাৰ্থ ভাৱেই কোনো লোকক নিঃস্বজন নোহোৱা সত্বেও উপযাচি সহায় কৰি পুতৌৰ পাত্ৰ কৰিব খোজে। বহুতে আনৰ পুতৌৰ পাত্ৰ হোৱাটো বাঞ্চা নকৰে যদিও ভদ্ৰতাৰ খাতিৰে অথবা সম্পৰ্কৰ বান্ধোন ৰক্ষাৰ্থে তেনে অত্যাচাৰ সহ্য কৰিব লগা হয়। এনে লোকসকলে পোন হাত জগন্নাথ বোলা কথাষাৰ বিশ্বাস কৰে আৰু আত্ম নিৰ্ভৰশীল হৈ জীয়াই থাকি সুখ-শান্তি লাভ কৰে। তেওঁলোকে জোনাকী যুগৰ অসমীয়া প্ৰবন্ধকাৰ, বৈয়াকৰণিক, শিক্ষাবিদ সত্যনাথ বৰাদেৱৰ সাৰথি পুথিক জীৱন-যুদ্ধত সাৰথি কৰি ধাৰ-ঝণ নকৰাকৈ ঘৰ-সংসাৰ চলাই আনৰ পুতৌৰ পাত্ৰ নোহোৱাকৈ আগ বাঢ়ি যাব খোজে। এনে লোকৰ ক্ষেত্ৰত যাচি দিয়া সোণৰ মূল্য নাই বোলা কথাষাৰ সঁচা প্ৰমাণিত হয় আৰু পুতৌ কৰোতাজনহে ওলোটাই পুতৌৰ পাত্ৰ হয়


কোনো কোনো ভদ্ৰলোকে শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বেলিকা অথবা চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত সহায় কৰিব পৰা দক্ষতা আছে বুলি কৈ উপযাচি মেধাবী ছাত্ৰ বা যথায়োগ্য চাকৰি পাৰ্থীৰ মধ্যস্থতাকাৰীৰ ভূমিকাত  অবৰ্তীৰ্ণ হৈ মেধা শক্তি আৰু যোগ্যতাক ভেঙুচালি কৰে। কেতিয়াবা কেতিয়াবা কিছুমান মেধাবী ছাত্ৰই তেনে ব্যক্তিৰ কবলত পৰি নিজৰ যোগ্যতাৰ ওপৰতো সন্দিহান হয় আৰু আত্মবিশ্বাস হেৰুৱায়


কেৱল মানুহেই নহয়, পুতৌৰ পাত্ৰ হোৱাৰ পিচত ইতৰ প্ৰাণীৰো আত্ম নিৰ্ভৰশীলতা গুণ লোপ পাবলৈ ধৰে আৰু যোগ্য ভোগ্য বসুন্ধৰাত সিহঁত তিষ্ঠি থকা জটিল হৈ পৰে। উদাহৰণ স্বৰূপে গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত থকা বনৰ ৰজা সিংহৰ কথাই উল্লেখ কৰিব পাৰি। অনবৰতে  সিংহবোৰক দৰ্শনাৰ্থীৰ বাবে সুবিধাজনক স্থানত গৰু, মহ, ভেড়া আৰু ছাগলী আদিৰ মৃতদেহ ভক্ষণ কৰিবলৈ দি সহজে ধন উপাৰ্জন কৰিবলৈ গৈ ন্যস্ত স্বাৰ্থজড়িত লোকে সিহঁতক নিজে পশু স্বীকাৰ কৰি খাব নজনাৰ দৰে অৱস্থাত উপনীত কৰাইছে। কেৱল এয়াই নহয়, মন্দিৰ অথবা পাৰ্ক আদিত বান্দৰ, হৰিণা ইত্যাদি জীৱজন্তুও পুতৌৰ পাত্ৰ হৈ অৰণ্যত নিজৰ খাদ্য নিজে বিচাৰি খাব নজনা হৈছে। সিহঁত পৰমুখাপেক্ষী হৈ মানুহৰ কাষ চাপিছে। জীৱবিজ্ঞানী আৰু পৰিৱেশবিদসকলে এই বিষয়বোৰ অতি উদ্বেগ সহকাৰে নিৰীক্ষণ তথা অধ্যয়ণ কৰি আছে।      
০০০০০০০০সমাপ্ত০০০০০০০০০  


Monday 15 April 2019

তাহানিখন উজানৰ মাছ ধৰা কাহিনী

আজিৰ পৰা প্ৰায় পঞ্চাশ বছৰ মানৰ পূৰ্বৰ আমাৰ বাল্য কালৰ কথা। সেই সময়ত ঢকুৱাখনাৰ নদ-নদী, জান-জুৰি, বিল-পুখুৰী আৰু খাল-দোং আদি সকলোতে নানা ধৰণৰ মাছ-কাছ আদি উভৈনদী হৈ আছিল। বহাগ মাহৰ পৰা আৰম্ভ হোৱা বৰষুণে মাছ-কাছৰ এই বসতিস্থলবোৰ জীপাল কৰি তুলে আৰু বাৰিষা কালৰ দিনবোৰ চমু চাপি অহাৰ লগে লগে সেইবোৰ পানীৰে উপচি পৰে। মাজে মাজে দীৰ্ঘদিন ধৰি পেনপেনিয়া তথা নেৰানেপেৰা বৰষুণ হয়, যাক জাগল ধৰা বা জাগল পতা বুলি কোৱা হয়। জাগলৰ দিন কেইটাত কলীয়া ডাৱৰে আকাশ ঢাকি ধৰি দিনতে ধৰালৈ এন্ধাৰ নমাই আনে আৰু এৰা ধৰাকৈ ইজাকৰ পিচত সিজাক দবা-পিটা বৰষুণ দিব ধৰে। তেতিয়াই নদ-নদী আৰু জলাশয়বোৰৰ পাৰ ভঙা পানী পাই সাপ-বেং, মাছ-কাছ আদি সকলো জলচৰ প্ৰাণী যেন আনন্দত মতলীয়া হৈ পৰে। জাকে জাকে বিভিন্ন প্ৰজাতিৰ মাছে কণী পাৰি বংশবৃদ্ধি কৰিবলৈ ন পানী পাই বামলৈ উঠি আহে। ইয়াকে উজান উঠা বুলি কোৱা হয়। পল-জুলুকি, জাকৈ আৰু জাল আদি বিভিন্ন ধৰণৰ মাছ ধৰা সঁজুলিৰে আতি সহজে উজানৰ মাছ ধৰিব পাৰি; কিন্তু আমি সৰুতে জাগল পতা সময়ত পানী নথকা ৰাস্তাৰ ওপৰতে সিটো পাৰে থকা খাললৈ ৰাস্তা পাৰ হৈ যাব ধৰা কাৱৈ, গৰৈ আৰু চেঙেলি আদি মাছ হাতেৰে  ধৰিছিলো। আনকি কাৱৈ মাছ তামোল গছত বগাবলৈ চেষ্টা কৰাও প্ৰত্যক্ষ কৰিছিলো।

সেইবোৰ দিনৰ ভালেমান বছৰৰ পিচত বিহপুৰীয়াৰ বদতি ঘাটত চাকৰি কৰি থকা সময়ত হোৱা মাছৰ উজান সন্দৰ্ভত অন্য এক কৌতুহলপূৰ্ণ অভিজ্ঞতাৰ কথা প্ৰায়ে মনলৈ আহি থাকে। বদতি জামুগুৰিৰ জাপজুপ গাঁৱৰ পশ্চিম ফালে থকা পথাৰখন ক্ৰমান্বয়ে এঢলীয়া হৈ গৈ বিলত লাগিছেগৈ। আহিন নে কাতি মাহৰ কোনোবা এটা দিনত বিলৰ পানীৰ পৰা অজস্ৰ ডাঙৰ ডাঙৰ কাৱৈ মাছ পথাৰলৈ বগাই আহিব ধৰিলে। সেই অঞ্চলৰ লোক আৰু ওচৰ পাজৰৰ গাঁৱৰ লোকসকলে যিয়ে খবৰ পালে সিয়ে আহি বস্তাই বস্তাই মাছ ধৰি নিলেহি। গাঁৱৰ এজন বন্ধুৱে আমাৰ ঘৰতো এমোনা কাৱৈ মাছ দি গল। মাছবোৰৰ পেটত পেটু নাছিল, আছিল মাথো তেল। খাই ভাল লাগিল, কিন্তু পিচত তেজ গ্ৰহণী ৰোগ আৰম্ভ হল। কেৱল আমাৰে নহয়, যিয়ে সেই মাছ ভক্ষণ কৰিলে কম বেছি পৰিমাণে সকলো সেই একেটা ৰোগত আক্ৰান্ত হল। তেল ফটা মাছে মাটিত বগাই নিজে মৃত্যু বৰণ কৰিয়ে নেৰিলে, সিহঁতক ভক্ষণ কৰা সকলৰ ওপৰতো প্ৰতিশোধ ললে। কোনোবা এজন সদাশয় ব্যক্তিয়ে আমাক পুৰণি হৈ যোৱা শুকান কুঁজি ঠেকেৰা কেইফিটামান লৈ কিছু সময় পানীত তিয়াই থৈ কোমল হোৱাৰ পিচত সেইখিনি খচি গলি নোযোৱা খিনি পেলাই বাকী থকা ৰসকণত খাঁটি মিঠাতেল অকনমান ঢালি সামান্য পৰিমাণৰ নিমখ মিহলাই দৰব হিচাপে খাবলৈ পৰামৰ্শ দিলে। আমি তাকে কৰিলো আৰু এপালি দৰব খোৱাৰ পিচতে বেমাৰ ভাল হল। বহুতো বেমাৰী কেইবা দিনৰ চিকিৎসাৰ অন্ততহে সুস্থ হোৱা বুলি জানিব পাৰিছিলো।
-
১৯৯২-৯৩ চনত ধেমাজি জিলাৰ জোনাই মহকুমাৰ তেলামত চাকৰি কৰি থাকোতে তাৰ পাহাৰীয়া নদীত উঠা মাছৰ উজান ধৰা কথা মনত পৰে। পাহাৰীয়া নদী দিখাৰী আৰু পটেত আহিন কাতি মাহত উঠা পাহাৰীয়া মাছৰ উজান ধৰি স্থানীয়লোকসকলৰ লগতে আমিও আত্মহাৰা হৈ পৰিছিলো। তাত নদীৰ ভৈয়ামৰ ফালৰ দ পানীৰ পৰা মাছবোৰ উত্তৰ দিশৰ পাহাৰৰ বামৰ ফাললৈ জাকে জাকে উজাব ধৰে। তেতিয়া যিয়ে যি উপায়েৰে পাৰে মাছ ধৰাত লাগি যায়। এটা পাহৰিব নোৱাৰা ঘটনা। দিনৰ ভাগত উজানৰ মাছ ধৰিবলৈ সময় নোপোৱা বাবে উজান উঠা দিনা ৰাতি বন্ধু কীৰ্তি
কান্তৰ সৈতে পটে নৈত হাতত জোঁৰ লৈ দাৰে কাটি মাছ ধৰিবলৈ গলো। নামনিৰ পৰা নৈৰে উজাই উজাই পাহাৰৰ ফালে গৈ থাকিলো। যিমানে ওপৰলৈ গৈ থাকিলো সিমানে বেছিকৈ মাছ পাব ধৰিলো। হাতত জোঁৰ লৈ কীৰ্তিকান্তই দাৰে ঘপিয়াই ঘপিয়াই কাটি ধুনীয়া ধুনীয়া পাহাৰীয়া মাছবোৰ পানীৰ পৰা তুলি মোৰ হাতৰ খালৈত ভৰাই গৈ থাকিল। ভোকত পেটে কাঁউত কাঁউত শব্দ কৰাত হে গম পালো যে ৰাতি এপৰ হভোক লাগিছে বুলি কৈ কীৰ্তিকান্তই মাছবোৰ কাটিয়েই খালৈত ভৰোৱাৰ পৰিবৰ্তে মুথত ভৰাই খাব ধৰিলে। মই কোনো কাহানি নেদেখা দৃশ্যটো হতবাক হৈ চাই ৰলো। অৱশেষত যেতিয়া কীৰ্তিকান্তই এটা ডাঙৰ কেঁকোৰা পানীৰ পৰা ধৰি আনি মুখত ভৰাই কামোৰ মাৰিলে তেতিয়া লগে লগে তাৰ মুখৰ কোৱাৰিয়েদি সামান্য পৰিমাণ তেজ বৈ গল আৰু গালে মুখে কিছুমান কেঁকোৰা পোৱালি বগাব ধৰিলেঅদ্ভূদ দৃশ্যটো প্ৰত্যক্ষ কৰি সি যে মানুহ নহয় এটা বাঁক হে সেই কথা মই সম্পূৰ্ণ নিশিচিত বুলি ধৰি ললো। কীৰ্তিকান্তক তাতে এৰি মই নৈয়েদি ভটিয়াই ঘৰৰ ফালে দৌৰিব ধৰিলো।

মাছ ধৰাৰ এনে অভিজ্ঞতা আজিকালি অতি কম মানুহে লাভ কৰে। অসমৰ নদ-নদী, বিল–খাল সকলোতে চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত বণিয়াৰ দ্বাৰা নিয়োজিত জাক জাক মাছুৱৈয়ে অতি ঘন জাল টানিব ধৰাত উজান উঠিবলৈ মাছেই নোহোৱা হল। তথাপিও জাগল তৰা বতৰত আজি-কালিও নষ্টালজিক হৈ পৰোঁচোন। আমাৰ চামক কৈছো, তেনে বতৰত মাছৰ উজান উঠিব যেন মনলৈ ভাৱ আহি থাকে, নহয়নে বাৰু ?
))))))))))))))০০০(((((((((((((

Sunday 14 April 2019

শব্দ প্ৰদূষণৰ ভয়াবহতা


১৯৭০ চন মানৰলৈকে শব্দ প্ৰদূষণক অশান্তিকৰ কথা বুলিহে কেৱল জ্ঞান কৰা হৈছিল, পৰিৱেশৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাবৰ কথা চিন্তা কৰা হোৱা নাছিল। শব্দ প্ৰদূষণৰ কু-প্ৰভাবসমূহৰ ওপৰত পৰিৱেশ বিজ্ঞানীসকলে নানা ধৰণৰ গৱেষণা চলাইছে আৰু এই সন্দৰ্ভত বিশ্ববাসীক সজাগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে; কিন্তু এই ক্ষেত্ৰত মানৱ জাতি যিমান সচেতন হব লাগিছিল সিমান হোৱা নাই। মানৱ সৃষ্ট শব্দ প্ৰদূষণে পৰিৱেশত এক জটিল অৱস্থাৰ উদ্ভৱ ঘটাইছেে৷

শব্দৰ প্ৰাবল্য জোখা আন্তঃৰাষ্ট্ৰীয় একক হৈছে ডেচিবেল(Decibel  চমুকৈ dB)টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ সন্মানাৰ্থে এই একক প্ৰচলিত হৈ আহিছে। বেল এককৰ এক দশমাংশই হল ডেচিবেল। অৰ্থা নিঃশব্দ অৱস্থাত হোৱা সামান্যতম শব্দৰ অনুভূতিয়েই হল এক ডেচিবেলমানুহৰ শৰীৰ আৰু শ্ৰৱ ইন্দ্ৰীয়ত কোনো ক্ষতি নকৰা শব্দৰ সৰ্বোচ্চ প্ৰাবল্য মান ৬৫ ডেচিবেল। শুনিবলৈ আমনিদায়ক , অবাঞ্চিত আৰু অপ্ৰীতিকৰ শব্দবোৰক কোলাহল বোলা হয়। এই কোলাহলে যেতিয়া জীৱৰ স্বাভাৱিক জীৱন যাত্ৰাত আমনি দিয়াৰ ওপৰিও শাৰীৰিক আৰু মানসিক দিশত ব্যাপক ক্ষতি কৰে তেতিয়া তাক শব্দ প্ৰদূষণ (Noise Pollution)  বুলি কোৱা হয়।

কোলাহলক তিনিটা ভাগত ভগাব পাৰি-উদ্যোগিক কোলাহল, পৰিবহণ কোলাহল আৰু পাৰ্শ্ববতী কোলাহল। উদ্যোগৰ বাবে ব্যৱহৃত কল-কাৰাখানাৰ দ্বাৰা সৃষ্ট উচ্চ প্ৰাবল্যৰ শব্দকে উদ্যোগিক কোলাহল বুলি কোৱা হয়। এনে ধৰণৰ শব্দ প্ৰদূষণৰ উত্স হল বিঙিন্ন কল–কাৰাখানা, উদ্যোগ আৰু মিলবোৰৰ পৰা নিসৃত শব্দ। কাৰিকৰি কৰত আৰু গেচৰ দ্বাৰা কৰা ছিদ্ৰকৰণে সৃষ্টি কৰা শব্দ ৰাইজৰ বাবে অসহনীয় আৰু ক্ষতিকাৰক। চেন্নাইস্থিত The Indian Laryngology Institute of Oto-Rino ৰ তথ্য অনুযায়ী বৰ্ধিত উদ্যোগিক প্ৰদূষণে অতি কমেও ২০ শতাশ লোকৰ শ্ৰৱণ শক্তি নাশ কৰিছে। তীখা উদ্যোগত যিসকল কৰ্মীয়ে গধূৰ উদ্যোগিক প্ৰহাৰকাৰী যন্ত্ৰৰ সন্নিকটত কাম কৰে তেওঁলোকে আঠ  ঘন্টাৰ বাবে ১১২ ডেচিবেল শব্দ কৰ্ণকুহৰত লৈ পেচাগত প্ৰদূষণত আক্ৰান্ত হয়।

মুখ্যতঃ পথ, ৰেল আৰু বাযুপথৰ যাতায়তৰ শব্দকে পৰিবহণ কোলাহলে সাঙুৰি লয়। কিছু দিনৰ ভিতৰতে সীমা সংখ্যা নোহোৱাকৈ বৃদ্ধি পোৱা মটৰ, স্কুটাৰ, কাৰ, মটৰ চাইকেল, বাছ, ট্ৰাক আৰু ডিজেল ইঞ্জিন চালিত বাহন আদি ৰাস্তাত চলা যানবাহনে পৰিবহণ কোলাহল অদিক বঢ়াই তুলিলে। ৰাজধানী চহৰসমূহৰ প্ৰায়বোৰ জনবসতিপূৰ্ণ  এলেকাত কোলাহলৰ স্তৰে বৰ্ধিত যানবাহনৰ শব্দ প্ৰদূষণৰ বাবেই চৰম সীমা অতিক্ৰম কৰি গৈছে। এই অতিমাত্ৰা শব্দ প্ৰদূষনে বয়োজ্যেষ্ঠসকলৰ শ্ৰৱণ শক্তি হ্ৰাস কৰিছে।

ঘৰুৱা সা-সৰঞ্জাম আৰু পাৰ্শ্ববৰ্তী লোকৰ দ্বাৰা সৃষ্ট অশান্তিকৰ চিঞৰ-বাখৰবোৰ পাৰ্শ্ববৰ্তী কোলাহলৰ অন্তৰ্গত। ইয়াৰ সাধাৰণ উৎসবোৰ হ-বাদ্য যন্ত্ৰ, টি ভি, ভি চি আৰ, ৰেডিঅ, ট্ৰেনজিষ্টৰ আৰু মাইক তথা পুহনীয়া কুকুৰৰ প্ৰচণ্ড ভুক-ভুকনি ইত্যাদি। দুৰ্বল নগৰ পৰিকল্পনাৰ ফলত জনবসতিপূৰ্ণ অঞ্চলৰ অট্টালিকাবোৰৰ ওচৰে-পাজৰে উদ্যোগিক প্ৰতিষ্ঠান গঢ়ি উঠাৰ ফলত শব্দ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। উদ্যোগিক বিপ্লবৰ দিন ধৰি পৰিসাংখ্যিক ভাৱে, পৰিৱেশত কোলাহল প্ৰতি দহ বছৰত দুগুণকৈ বৃদ্ধি পাই গৈ আছে।

ধৰ্মনিৰপেক্ষ দেশ হিচাপে ভাৰতবৰ্ষত বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰে আৰু নিজ নিজ ধৰ্মৰ নিয়ম-নীতি , উৎসৱ–পাৰ্বন, পূজা–পাতল পালন কৰে। আজিকালি সেইবোৰ পালন কৰোঁতে মাইক ব্যৱহাৰ কৰে আৰু দিন ৰাতি ছেদ-ভেদ নোহোৱাকৈ উচ্চ ধ্বনিৰ সৃষ্টি কৰি বহু লোকৰ জীৱন দুৰ্বিহ কৰি তুলে। নিজ নিজ উৎসৱ তথা ধৰ্মক গুৰুত্ব প্ৰদান কৰোঁতাসকলে মানৱ ধৰ্ম উলঙ্ঘা কৰে। মাইকৰ উচ্চ ধ্বনিত মানুহে খাব শুব নোৱাৰা অৱস্থাৰ সৃষ্টি হয। শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাত ব্যাঘ্যাত জন্মে। এইদৰে ভিন্নধৰ্মী লোকে নিজ নিজ ধৰ্ম পালন কৰোঁতে মাইক ব্যৱহাৰৰ যোগে শব্দ প্ৰদূষণৰ সৃষ্টি কৰি জীৱ জগতৰ বৃহৎ ক্ষতি সাধন কৰি যোৱাৰ কথা গমকে নাপায়। তাৰোপৰি নৱ-বৰ্ষৰ আদৰণি, দিপান্বিতা, যিকোনো ধৰ্মীয় উৎসৱ, খেলত অথবা নিৰ্বাচন আদিত জয়লাভ আৰু বিবাহ আদি যিকোনো উপলক্ষ্যতে আতচবাজিৰ শব্দেৰে আনন্দ-উল্লাস কৰিবলৈ ধৰি আজিকালি কেৱল শব্দ প্ৰদূষণেই নহয় লগতে বায়ু প্ৰদূষণো ঘটাব ধৰিছে। ফলস্বৰূপে দিল্লীৰ দৰে মহানগৰীবোৰত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
পৰিৱেশ বিজ্ঞানীসকলৰ মতে, শব্দ প্ৰদূষণে মানৱ আৰু জীৱজন্তু উভয়ৰে স্বাস্থ্যৰ ওপৰত কু-প্ৰভাৱ পেলায়। শব্দ প্ৰদূষণৰ ফলতেই ৰক্ত প্ৰবাহ বাধাগ্ৰস্ত হয়, চৰ্ম হেতা পৰে, উচ্চ ৰক্তচাপজনিত ৰোগৰ উৎ্পত্তি হয়, শিঙাধ্বনিয়ে মানসিক হতাশাগ্ৰস্ততা ৰোগ জন্মায় আৰু ইয়াৰ ফলত হৃদৰোগ, স্নায়ুজনিত সমস্যা, জন্মদোষ আৰু গৰ্ভপাত পৰ্যন্ত সংঘটিত হব পাৰে।

গৱেষক, চিকিৎসকসকলে মন্তব্য আগ বঢ়াইছে যে, শব্দ প্ৰদূষণৰ ফলত হোৱা পেশী সম্বন্ধীয় ৰোগে স্নায়ু দুৰ্বল কৰে আৰু মানসিক চাপ বঢ়াই দিয়ে। ৰক্তৰ হৰমোনসূচীৰ সৈতে প্ৰতিকূল প্ৰতিক্ৰিয়া সংযোজিত হৈ অৱশেষত হৃদপিণ্ডৰ ধ্বনি বৃদ্ধি কৰে, ৰক্তবাহী নলীৰ সংকোচন ঘটায়, হজম শক্তি নোহোৱা কৰে আৰু চকু দুটা দুৰ্বল কৰে। তাৰোপৰি স্বাস্থ্যত প্ৰতিকূল প্ৰভাৱ পেলাই কৰ্ম স্পৃহা নিম্নগামী কৰে আৰু আচৰণতো বিৰূপ প্ৰতিক্ৰিয়াৰ প্ৰতিফলন ঘটায়। শব্দ প্ৰদূষণে হৃদ যন্ত্ৰ, মগজু, বৃক্ক আৰু যকৃতৰ অনিষ্ট সাধন কৰিব পাৰে আৰু আৱেগিক অশান্তিৰ উৎ্পত্তি কৰিব পাৰে। কোলাহলৰ সকলোতকৈ তৎকালিন আৰু প্ৰবল প্ৰভাৱ হল শ্ৰৱণ শক্তিৰ ক্ষতি সাধন, যিটোৱে শ্ৰৱণ পদ্ধতিৰ কিছুমান অংশ ক্ষতিগ্ৰস্ত কৰে। কোনো এক ধৰণৰ প্ৰাবল্যৰ কোলাহলে দীৰ্ঘ সময় ধৰি প্ৰভাৱ বিস্তাৰ কৰি থাকিলে কৰ্ণকুহৰ স্থায়ী ভাৱে বিকল হৈ পৰে।অতি প্ৰচণ্ড শব্দই শৰীৰত বহু ধৰণৰ কু-প্ৰভাৱ পেলাব পাৰে। আকাশী যানৰ দ্বাৰা হঠাতে সৃষ্টি হোৱা প্ৰচণ্ড শব্দই মগজুত বিৰূপ প্ৰতিক্ৰিয়া ঘটাই মানসিক বিকাৰগ্ৰস্ত কৰি তুলিব পাৰে। অলপতে প্ৰাপ্ত তথ্য অনুযায়ী অতিৰিক্ত কোলাহলে তেজৰ ঘনত্ব বঢ়াই দিয়ে। শব্দ প্ৰদূষণে মানুহৰ দৃষ্টি শক্তিত বেয়া ধৰণে প্ৰভাৱ পেলায়। প্ৰচণ্ড শব্দই চকুৰ মণি বিস্তাৰিত কৰে আৰু নৈশ দৃষ্টি শক্তিৰ বিলোপ ঘটায়, ৰং চিনাৰ শক্তি হ্ৰাস কৰে।

উদ্যোগত ব্যৱহৃত কল-কাৰাখানাৰ সংস্কাৰ সাধন কৰি, আৰ্হিৰ পৰিবৰ্তন ঘটাই আৰু কাৰ্য সম্পাদনৰ সময়সূচীৰ সলনি কৰি শব্দ প্ৰদূষণ হ্ৰাস কৰিব পৰা যায়। শব্দ প্ৰেৰণৰ পথ বন্ধ কৰিও কোলাহলৰ পৰা ৰক্ষা পাব পাৰি। শব্দ নিৰ্গত হোৱা পথত প্ৰতিবন্ধক স্থাপন কৰি বা শব্দ শোষিত কৰিব পৰা দ্ৰব্য প্ৰয়োগ কৰি কোলাহল নোহোৱা কৰিব পাৰি। শব্দ গ্ৰহণ প্ৰণালীৰ নিয়ন্ত্ৰণৰ য়োগেদিও শব্দ প্ৰদূষণৰ পৰা সকাহ পাব পাৰি।শব্দ গ্ৰহণকাৰীয়ে নিজৰ কৰ্মসূচীৰ পৰিবৰ্তন ঘটাই বা শব্দ সৃষ্টিকাৰী যন্ত্ৰ ব্যৱহাৰৰ বেলিকা কাণত ঠিলা দি শব্দ প্ৰদূষণৰ পৰা নিজক ৰক্ষা কৰিব পাৰে। শব্দ সিঁচৰিতকৰণ বা বক্ৰগতিকৰণৰ যোগেদিও শব্দ প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাব পাৰি। যন্ত্ৰসমূহত যথোপযুক্তভাৱে তৈলজাত পদাৰ্থ প্ৰয়োগ কৰিলেও বিকট শব্দ নোহোৱা হয়।

শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ কিছুমান প্ৰতিষেধক ব্যৱস্থা হাতত লোৱা দৰকাৰ। যানবাহনসমূহৰ শব্দৰ সীমা নিৰ্ধাৰণ কৰি দিয়া উটিত। কিছুমান বিশেষ বিশেষ স্থানত হৰ্ণ বজোৱা নিষেধ কৰা দৰকাৰ। বিদ্যালয় আৰু চিকিৎসালয়ৰ এলেকাত নিঃশব্দ অঞ্চল ঘোষণা কৰিব লাগে। অট্টালিকাবোৰ কোলাহল প্ৰতিৰোধক কৰি পুনৰ নিৰ্মাণ কৰা দৰকাৰ। বসতিপূৰ্ণ অঞ্চলত যানবাহন চলাচল নিয়ন্ত্ৰণ কৰিব লাগে। সাৰ্বজনীন ৰাজহুৱা পৰিবহণ ব্যৱস্থাক অগ্ৰাধিকাৰ দিয়া উচিত। এনে ব্যৱস্থাৰ ফলত ব্যক্তিগত যানবাহনৰ সংখ্যা হ্ৰাস পাব আৰু লগে লগে শব্দ প্ৰদূষনো কিছু কমিব।

আমাৰ ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশবোৰত উন্নত দেশবোৰৰ তুলনাত শব্দ প্ৰদূষণৰ মাত্ৰা বেছি। ইয়াৰ প্ৰধান কাৰণ হল উন্নত দেশবোৰত শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ যিদৰে নানা উপায় অৱলম্বন কৰা হৈছে তেনেদৰে শব্দ প্ৰদূষণ ৰোধৰ বিশেষ ব্যৱস্থা অনুন্নত তথা উন্নয়নশীল দেশবোৰত লোৱা হোৱা নাইগ্ৰেটবৃটেইনৰ দৰে উন্নত দেশবোৰত পৰিবহণ ব্যৱস্থা ইমানেই উন্নত যে তাত যানবাহন চালকসকলে সুপ্ৰতিষ্ঠিত পৰিবহণ নিয়মাৱলী পালন কৰি যাঁওতে যানবাহনৰ সংকেটধ্বনি বা হৰ্ণ বজাই কোলাহল সৃষ্টি কৰাৰ প্ৰয়োজনেই নহয়। আমাৰ দেশতো এনেবোৰ ব্যৱস্থা কৰা দৰকাৰ। তাৰোপৰি অনাহকত শব্দ সৃষ্টি নকৰিবলৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ লোকৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ বিভিন্ন উপায় অৱলম্বন কৰা দৰকাৰ।
০০০০০০০০০০)(০০০০০০০০০০
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ বহুল প্ৰচলিত বলিষ্ঠ সাপ্তাহিক কাকত " অসমবাণী" ত প্ৰকাশ পাইছে৷

Wednesday 10 April 2019

ৰাজনীতি আৰু শ্ৰমিক, কৃষক তথা দুখীয়াৰ উন্নতি

ব'হাগ বিহুৰ বতৰত কুলি-কেতেকীয়ে পাহাৰ-পৰ্বতৰ পৰা ভৈয়ামলৈ আহি সুৱদি কন্ঠৰ শুৱলা গীত গাই ৰাইজৰ মন-প্ৰাণ মতলীয়া কৰাৰ দৰেই নিৰ্বাচনৰ বতৰত ৰাজনৈতিক দলৰ নেতাসকলেও নিজৰ নিজৰ শীত-তাপ নিয়ন্ত্ৰিত প্ৰাসাদৰ পৰা ওলাই আহি বোকা-পানীৰে লুতুৰি-পুতুৰি হৈ পুতিগন্ধময় পৰিবেশত ৰদ বৰষুণ শিৰ পাতি লৈ ভোকে-লঘোণে মথাউৰিত, আশ্ৰয় শিবিৰত অথবা দুৰ্গম গাঁৱত থকা নিপীড়িত জনগণৰ সমুখত চৌকিদাৰৰ অথবা সেৱকৰ বেশত কৰযোৰে থিয় দি  ৰাইজেই ৰজা--- , পাৱে পৰি হৰি -----আদি  প্ৰতিশ্ৰুতিৰে ভৰা গীত জুৰে। ৰাইজ ভোল যায়। এক মহা শূন্য উপহাৰ দি  এদিন দুদিনকৈ পাঁচ বছৰ পাৰ হৈ যায়। আকৌ আহে সেই দিন আৰু আকৌ গুচি যায়, ঠিক আমাৰ বিহু আৰু কুলি-কেতেকীৰ দৰে।


আচলতে কৃষক, শ্ৰমিক আৰু দৰিদ্ৰ জনগণক প্ৰবঞ্চনা কৰি ধনৱানসকল লগত মিতিৰালি কৰি তেওঁলোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি যোৱা বাবে বহুতো দেশতকৈ খৰকৈ ভাৰতবৰ্ষৰ অৰ্থনীতি আৰু ইয়াৰ মুঠ ঘৰুৱা উৎপাদন(GDP) বৃদ্ধি পাব ধৰিছে। কিন্তু এই বৃদ্ধিয়ে দেশৰ জনগণৰ মাজত আয়ৰ সমতা সূচনা কৰা নাই। দেশৰ কেইজনমান লোকৰ হাতলৈ অধিকাংশ সম্পদ গুচি গৈছে। বৰ্ধিত আয়ৰ এনে অসমতাই দৰিদ্ৰলোকসকলক অৰ্থনৈতিক উন্নয়নৰ জখলাইদি বগাই যোৱাত আহুকালৰ সৃষ্টি কৰিছে আৰু দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি কষ্ট ভোগ কৰাৰ সম্ভাৱনা বাঢ়ি গৈছে দৰিদ্ৰতাৰ সীমা ৰেখাত ভৰি দিয়া দেশৰ ১০ শতাংশ  লোকে অতি কম মজুৰিত কাম কৰে। তেওঁলোকে জোখতকৈ দীৰ্ঘ সময় কাম কৰিব লগীয়া হয়। খোৱাপানীৰ যোগান, উপযুক্ত শিক্ষা, বিনামূলীয়া স্বাস্থ্য সেৱা আৰু স্বাস্থ্যসন্মত অনাময় ব্যৱস্থা আদি প্ৰয়োজনীয় প্ৰাথমিক সেৱাসমূহ লাভৰ পৰা তেওঁলোক বঞ্চিত হৈ আহিছে। নানা কাৰণত, নানা ধৰণে ৰাজনৈতিক চল-চালনাৰ বলি হোৱা হেতুকে দেশৰ দৰিদ্ৰ জনগণে গণতান্ত্ৰিক ব্যৱস্থাৰ সুযোগ লৈ দেশৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰি নিজৰ ন্যাৰ্য দাবী আৰু অধিকাৰসমূহ পূৰণ কৰিব পৰা নাই। উদাহৰণ স্বৰূপে, অসমৰ চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ প্ৰসংগলৈকে আঙুলিয়াই দিব পাৰি।

গ্ৰাম্যাঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ নিশ্চিতকৰণ বৃদ্ধি কৰিবলৈ তদানিন্তন কংগ্ৰেছ চৰকাৰে ২০০৫ চনত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি (MGNREGA) আৰম্ভ কৰে এই  আঁচনি আনুযায়ী প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ যিয়ে অদক্ষ শ্ৰমিক হিচাৰে স্বেচ্ছাই কাম কৰিবলৈ সন্মত তেওঁলোকক প্ৰতিবছৰে ১০০ দিনৰ বাবে কামত নিয়োগৰ নিশ্চয়তা প্ৰদান কৰা হয়। ই আছিল সংসদে সৃষ্টি কৰা এক অৰ্থনৈতিক অধিকাৰ। ইয়াকো ঠাট্টা-মস্কৰা কৰা হৈছিল, আৰু তেতিয়াৰ পৰাই সেই আঁচনিক অবজ্ঞা কৰি অহা হৈছিল একাংশ মন্তব্যকাৰীয়ে ইয়াক অপব্যয়কাৰী, জনপ্ৰিয়তাৰ বাবে সৃষ্ট বুলি কৈছিল আৰু ই মুদ্ৰাস্ফিতিৰ সূত্ৰপাত ঘটাই দৰিদ্ৰ কৃষকৰ অনিষ্ট সাধন কৰিব বুলি অভিযোগ কৰিছিল এই আঁচনিতো দুৰ্নীতিপৰায়ণলোকৰ হাতোৰাই স্পৰ্শ নকৰাকাকৈ নাথাকিল। পিচলৈ এই আঁচনিকো চুৰিকাঘাত কৰা হল। ২০১৫ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলক কটাক্ষ কৰি কৈছিল যে ই হল ষাঠি বছৰৰ বিফলতাৰ কীৰ্তিস্তম্ভ

কিন্তু নিজকে এনেধৰণৰ সাৰি পুচি পেলোৱা সাধাৰণীকৰণৰ পৰা পৃথক কৰি লৈ দেশৰ অৰ্থনৈতিক সমীক্ষাৰ তথ্যসমূহ গমি-পুতি চালে দেখা পোৱা যায় যে ২০০০ চনৰ পৰা স্থবিৰ হৈ থকা কৃষি মজুৰি পুৰুষৰ ক্ষেত্ৰত শতকৰা বছৰি ২.৭ শতাংশ আৰু মহিলাৰ ক্ষেত্ৰত শতকৰা বছৰি ৩.৭ শতাংশ ২০০৫-০৬ আৰু ২০১০-১১ চনৰ মাজৰ সময়ছোৱাত বৃদ্ধি পায়। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ আঁচনিয়ে দেশৰ দলিত, আদিবাসী আৰু জনজাতীয় ভূমিহীন শ্ৰমিকসকলক সংস্থাপন দিছিল। ২০১৪ চনৰ পৰা গ্ৰাম্য মজুৰি নিম্নগামীতাৰ প্ৰতি দৃষ্টি ৰাখি ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা এক কাকতত মন্তব্য কৰিছে যে ২০০৮-০৯ চনৰ পৰা ২০১১-১২ চনৰ লৈকে মহাত্মাগান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি (MGNREGA) ঘ, গ্ৰাম্য মজুৰিৰ বাবে চলিত বছৰবোৰত ইয়াক বন্ধ কৰি নিদিয়ালৈকে, এক চালিকা শক্তি আছিল। প্ৰতি ঘৰ মানুহৰ বাবে বছৰি ১০০ দিনৰ কৰ্মসংস্থানৰ প্ৰতিশ্ৰতি প্ৰদান কৰা হৈছিল যদিও কৰ্ম সংস্থাপনৰ দিন পিচত ৪০ আৰু ৫০ ৰ মাজতে সীমাবদ্ধ থাকিল। প্ৰতিটো পৰিয়ালৰ গড় ব্যক্তি-কৰ্মদিন ২০১৩ চনত ৪৫.৯ আৰু ২০১৪ চনত হয়গৈ ৩৭.৭ । কিন্তু ই ২০১৬ চনত নিম্নগামী হৈ ১৫.৩ ত ৰয়।

সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে য়োৱা মাৰ্চ মাহৰ ২৫ তাৰিখে ন্যুন্যতম আয় যোজনা (Nyuntam Aay Yojna চমুকৈ  NYAY )ঘোষণা কৰে। এই আঁচনিৰ লক্ষ্য হল দেশৰ অতি দুখীয়া কুৰি শতাংশ লোকৰ পৰিয়ালে বা পাঁচ কোটি পৰিয়ালৰ প্ৰতিটো পৰিয়ালে যাতে নিৰ্দিষ্টকৈ প্ৰতিমাহে ৬০০০ টকা উপাৰ্জন কৰিব পাৰে। গড় হিচাপে একোটা পাঁচজনীয়া পৰিয়ালৰ সৰ্বমুঠ ২৫ কোটি লোক এই আঁচনিৰ যোগেদি লাভৱান হব। ই নগদ ধন স্থানান্তৰকৰণ আঁচনি আৰু ইয়াত কোনো স্বৰ্ত নাথাকে। এই আঁচনিয়ে এহাতেদি পয়মালজনক বিমুদ্ৰাকৰণৰ বাবে বেয়া ধৰণে ক্ষতিগ্ৰস্ত হোৱা গাঁও আৰু নগৰাঞ্চলৰ লোকসকলৰ হাতলৈ ধন আনি দিব আৰু আনহাতে সেই ধনে বৃদ্ধি কৰা চাহিদাই কৰ্মসংস্থাপন গঢ়ি তুলিব। এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়, সম্পূৰ্ণ হিচাপ–নিকাচ কৰা হৈ গৈছে। ইয়াৰ ৰাজহ বিষয়ক প্ৰতিঘাত বিশ্লেষণ কৰি চোৱা হৈছে। এই ধন পূৰ্ণমাত্ৰাই মজুত আছে। অসমৰ বোকাখাটৰ এক নিৰ্বাচনী সভাত সমবেত জনতাক সম্বোধন কৰি দিয়া তেওঁৰ ভাষণত ৰাহুল গান্ধীয়ে কৈছিল যে কংগ্ৰেছক যদি ভোট দি ক্ষমতালৈ আনে তেন্তে  ২০ শতাংশ অতি দুখীয়া পৰিয়ালক জাতি, ধৰ্ম, অথবা বৰ্ণৰ ভেদাভেদ নোচোৱাকৈ ন্যুন্যতম আয় যোজনাত বছৰি ৭২,০০০ টকাকৈ দিব এই ৭২,০০০ টকা প্ৰতি বছৰে দৰিদ্ৰ পৰিয়ালৰ মহিলা সদস্যাৰ নামত থকা বেংক একাউন্টত প্ৰত্যক্ষভাৱে স্থানান্তৰ কৰি দিয়া হব। ই নাৰী সবলীকৰণতো সহায় কৰিব।

২০১৬-১৭ চনৰ অৰ্থনৈতিক সমীক্ষাই কয়, এজন ভাৰতীয় কৃষকৰ বাৰ্ষিক গড় আয় ২০,০০০ টকা , বা প্ৰতি মাহে ১৭০০ টকাতকৈও কম। সেইলোকসকল এই আঁচনিৰ জড়িয়তে লাভৱান হব। এইটো দেখা গৈছে যে মোদীৰ কৃষকলৈ প্ৰতি বছৰে ৬০০০ টকা আঁচনিৰ ই প্ৰতিযোগী হৈ থিয় দিছে। ইয়াৰ বাবে প্ৰায় ৩,৬০,০০০ কোটি টকা অথবা ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ ২ শতাংশতকৈও কম ব্যয় হব। ৰাজ্যসমূহৰ মাজত ব্যয় ভাগবটৰোৱা কৰা হব।

এই আঁচনিখনেও MGNREGA আঁচনিখনে পোৱা ঠাট্টা-বিদ্ৰূপৰ দৰেই একেচামলোকৰ তুচ্ছ-তাচ্ছিল্যৰ সমুখীন হোৱাটো তেনেই স্বাভাৱিক কথা। তাৰ মাজতে অৰ্থনীতিবিদ প্ৰৰ অৰুন কুমাৰে কয় যে যদিহে এই আঁচনি ৰাজনৈতিক সদিচ্ছাসহকাৰে যথাৰীতি প্ৰবৰ্তন কৰা হয় তেন্তে তাক আদৰণি জনোৱা উচিত হ এনে কাম বহুদিনৰ পূৰ্বেই কৰিব লাগিছিল।

যেইকি নহওক, বৰ্তমান আমাৰ দেশৰ সৰ্বসাধাৰণলোকে জানে যে, বিগত চাৰিটা বছৰত চৰকাৰে ৩.১৬ লাখ কোটি টকা ৰুগ্ন ঋণ হিচাপৰ পৰা বাদ দিয়ে। উল্লেখযোগ্য যে তাৰে সৰহভাগ আছিল কৰ্পৰেট গোষ্ঠীৰ ঋণ। এতেকে, কৃষিক্ষেত্ৰৰ সৈতে জড়িত অৰ্থনীতিবিদসকলে প্ৰশ্ন কৰে, ভাৰতে কিয় ২০০৯ চনৰ পৰা প্ৰতিবছৰে ১.৮৬ লাখ কোটি টকা অৰ্থনৈতিক উজ্জীৱিতকৰণ পেকেজ (এক ধৰণৰ প্ৰত্যক্ষ আয়ৰ সমৰ্থন)চলাই যাব নোৱাৰিলে ? ই অকলেই বছৰি ৭২০০০ টকাকৈ প্ৰত্যক্ষ আয়ৰ সমৰ্থন দুগুণতকৈ অধিক দুখীয়া শ্ৰমিকক দিব পাৰিলেহেঁতেন। ধনীসকলক আহুকলীয়া বাতাৱৰণত কাম কৰা বাবে দিয়া ক্ষতিপূৰণৰ ধনক কোৱা হয় উদগণি। দৰিদ্ৰসকলক সহায় কৰিলে কোৱা হয় এনেয়ে দিয়া। Nyay ৰ ক্ষেত্ৰত কোনোবা সন্মত হওক বা নহওক ইয়াৰ সৰহভাগ সমালোচনা দৰিদ্ৰসকলক কৰা অবজ্ঞাৰ ফলতেই উদ্ভৱ হৈছে, অৰ্থনৈতিক কাৰণত নহয়।

প্ৰথম দৃষ্টিত, আঁচনিখন ফলপ্ৰসু যেন দেখা নাযায় আৰু বলেৰে টানি অনা যেন লাগে। কিন্তু The Wire কাকতখনে দেশৰ পাঁচজন বিশিষ্ট অৰ্থনীতিবিদৰ সৈতে মত বিনিময়ৰ অন্তত বৰ্ণনা কৰিছে যে প্ৰতি বছৰে এক কোটিকৈ হিচাপত পাঁচটা বছৰত আঁচনিখনে পাঁচকোটি পৰিয়ালক উপকৃত কৰিব। গতিকে ৰাজহৰ হেঁচা পাঁচটা বছৰলৈ সিঁচৰিত হৈ পৰিব আৰু প্ৰতি বছৰে মুঠ ঘৰুৱা উত্পাদনৰ থুলমূলভাৱে ০.৩ শতাংশ কামত লাগিব। এই ক্ষেত্ৰত প্ৰতি বছৰে মুঠ ঘৰুৱা উত্পাদনৰ বৃদ্ধি হাৰ নামমাত্ৰ ১১ শতাংশ বুলি ধৰা হৈছে। ৰাজহৰ এই বোজা বহন কৰিব পৰা যাব ,যদিহে বছৰি ৭.৫ শতাংশ হাৰত মুঠ ঘৰুৱা উত্পাদন বৃদ্ধি পাই গৈ থাকে আৰু সমপৰিমাণৰ কৰ আৰু অনাকৰ ৰাজহ আহৰণ কৰে। তথাপিও, এই দৰিদ্ৰতা বিৰোধী কাৰ্যক্ৰমণিকাৰ সৰ্বমুঠ বোজা দেশৰ দহটা বৃহত্ কৰ্পৰেট গোটৰ অনাদায় আৰু খিলাপী ঋণৰ পৰিমাণতকৈ অধিক নহব।

জনতাই Nyay ক উপলুঙা কৰিছে, যিহেতু নিৰ্বাচনত জিকিবলৈ দিয়া ই এক প্ৰতিশ্ৰুতিহে। কিন্তু যদিহে ৰাজনৈতিক দলে নিৰ্বাচনত জয় লাভ কৰি  তাৰ বিনিময়ত দৰিদ্ৰলোকসকলৰ প্ৰতি সহায়ৰ হাত আগ বঢ়ায় তেন্তে নিশ্চয় কাৰো আপত্তি নাথাকিব।

প্ৰশ্ন হয়, দৰাচলতে আঁচনিখনে দুখীয়া লোকসকলৰ প্ৰতি সহায়ৰ হাত আগ বঢ়াবনে ? কংগ্ৰেছ দলৰ তথ্য বিশ্লেষণ বিভাগৰ মূৰব্বী প্ৰবীণ চক্ৰৱৰ্তীয়ে কয় যে আঁচনিখন ৰাজহ বৃদ্ধি আৰু ব্যয় যুক্তিসংগতকৰণৰ যোগেদি চলাই নিয়া হব। কিন্তু বুৰঞ্জীয়ে যদি কিবা সূচনা কৰে তেন্তে সেয়া হল, ব্যয় যুক্তিসংগতকৰণে অপৰিহাৰ্যভাৱে সামাজিক খণ্ডৰ ব্যয় হ্ৰাস কৰিবলৈ বাধ্য কৰে অন্য কথাত কবলৈ গলে, ৰাজ্যই এক স্থায়ী নিম্নতম আয় প্ৰদান কৰে, দৰিদ্ৰসকলক মূল সেৱাসমূহ প্ৰদানৰ পৰা নিজকে মুক্ত কৰা এক পথেৰে চৰকাৰে সৰহভাগ অনুদান আঁতৰাই নিয়ে। অৰ্থনীতিবিদ সকলৰ মতে ভাৰতবৰ্ষৰ দৰে দেশত মূলসেৱাসমূহৰ তুলনাত মূল আয় অধিক গুৰুত্বপূৰ্ণ হব নোৱাৰে। মূল আয়ে চুইডেন বা ডেনমাৰ্কৰ দৰে দেশতহে কাম কৰে যত বিনামূলীয়া স্বাস্থ্য সেৱা আৰু শিক্ষা ব্যৱস্থা উপলব্ধ হয়। ভাৰতবৰ্ষত দুখীয়ালোকসকলৰ সকলোতকৈ ডাঙৰ খৰচটো হয়  স্বাস্থ্য ৰক্ষাৰ যত্নত।

আনটো কথা আহি পৰে আঁচনি বলবৎকৰণত থকা আন্তৰিকতাৰ ক্ষেত্ৰত। আমাৰ দেশৰ গুৰুত্বপূৰ্ণ সংখ্যক কৰ্মশক্তি অনানুষ্ঠানিক খণ্ড বা স্ব-নিয়োগ ত বিভাজিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য অথবা কেন্দ্ৰ চৰকাৰে কিদৰে হিতাধিকাৰীসকলক বাছনি কৰিব সেই লৈও প্ৰশ্ন অৱতাৰণাৰ স্থল আছে। উৰিষ্যো আৰু টেলাংগানা, এই দুই ৰাজ্যই বৰ্তমান সময়ত প্ৰত্যক্ষ আয় স্থানান্তৰকৰণ কাৰ্যৰ অনুশীলন চলাই আছে। টেলাংগানা ৰাজ্যই Rythu Bandhu নামৰ আঁচনিখন চলাই  আছে। এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে সৰু খেতিয়কসকলক প্ৰতি একৰ ভূমিৰ বাবে এটা বছৰত দুটা শস্যত বিনিযোগ কৰিবলৈ ৪০০০ কৈ টকা দিয়ে। তেনেদৰেই উৰিষ্যা চৰকাৰেও নিজৰ প্ৰত্যক্ষ উপকাৰ স্থানান্তৰকৰণ আঁচনিৰ(Direct Benefit Transfer Scheme) যোগেদি ৰাজ্যখনৰ সকলো কৃষকলৈ কোনো ধৰণৰ শোধন অবিহনেই প্ৰতি বছৰে বিশ হেজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে। কিন্তু এক সাম্প্ৰতিক তথ্যৰ খবৰ অনুযায়ী টেলাংগানাত সামঞ্জস্যহীনভাৱে বিস্তৃত ভূমিধাৰীসকলে উপকৃত হৈ আহিছে। অন্যহাতে, উৰিষ্যাৰ মন্ত্ৰীৰ সম্পৰ্কীয়লোকসকলে হিতাধিকাৰীৰ তালিকাত নাম সন্নিবিষ্ট কৰিব ধৰিছে বুলি অভিযোগ উঠিছে

বৰ্তমান আমাৰ দেশত লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হবলৈ ৰাজনৈতিক দলবোৰে দৰিদ্ৰসকলক ঢাল হিচাপে প্ৰয়োগ কৰাৰ সমান্তৰাল ভাৱে দেশৰ সচেতন লোক, চিন্তাবিদ আৰু অৰ্থনীতিবিদ সকলেও ৰাজনৈতিক দলবোৰৰ কাম কাজ আৰু আঁচনিসমূহৰ দোষ-গুণবোৰ বিশ্লেষণত নামি পৰিছে। বহুতে প্ৰশ্ন কৰিছে যে, যদিহে দৰিদ্ৰসকলৰ উন্নয়ন সাধনকেই অগ্ৰাধিকাৰ দিয়া হৈছে তেন্তে কিয় নিয়োগৰ সুন্দৰ সুযোগ দিয়া হোৱা নাই, সকলো শ্ৰমিকৰ বাবে নিম্নতম মজুৰি আৰু সামাজিক নিৰাপত্তা কিয় প্ৰদান কৰা হোৱা নাই? জাগিৰোড আৰু কাছাৰৰ ৰাজহুৱা খণ্ডৰ কাগজ কল আদি পুণৰ চলাই তাৰ কৰ্মচাৰীসকল আৰু পৰিয়ালবৰ্গক জীয়াই থাকিবলৈ আৰ্থিক সম্বল দিয়া হোৱা নাই কিয়? ৰাজহুৱা খণ্ডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেন্সনৰ ধন আদায় দিয়াত গাফিলতি কিয় ? অথবা সকলোৱে পাব পৰাকৈ মূল ৰাজহুৱা সেৱাৰ বাবে ব্যয় কৰা হোৱা নাই কিয়? কিন্তু দেখা গৈছে যে তাৰ বিপৰীতে চৰকাৰে ৰাজহুৱা শিক্ষা, প্ৰাথমিক স্বাস্থ্য আদি সামাজিক খণ্ডৰ ব্যয় ক্ৰমান্বয়ে হ্ৰাস কৰিছে। এতিয়া কেন্দ্ৰ চৰকাৰে দৰিদ্ৰ, নিম্ন মধ্যবিত্ত ছাত্ৰসকলৰ মূৰত ৰাম টাঙোন মাৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত থকা অনুদান বন্ধ কৰি তাৰ ঠাইত উচ্চ শিক্ষা বিনিয়োগ প্ৰতিষ্ঠান(HEFA) নামৰ প্ৰতিষ্ঠানৰ যোগেদি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক ঋণ দিয়াৰহে ব্যৱস্থা কৰিছে। শ্ৰম আইনৰ সংশোধনী কৰ্পৰেট গোষ্ঠীৰ সপক্ষে যাব ধৰিছে। ব্যক্তিগতকৰণ বাঢ়ি গৈছে, আনকি ৰাজহুৱা  খণ্ডতো চুক্তিবদ্ধকৰণ প্ৰক্ৰিয়া চলিছে। মুঠতে, কৰ্পৰেট গোষ্ঠীৰ কৃপা লাভ কৰি চৰকাৰ গঠন হোৱাৰ দৰেই তেনে গোষ্ঠীৰ দয়া আৰু অনুকম্পা অবিহনে ভাৰতবৰ্ষৰ দৰিদ্ৰসকল যেন জীয়াই থকাই টান হৈ পৰিছে
--------------)(------------
কিছু সম্পাদিত ৰূপত প্ৰবন্ধটো অসমৰ বহুল প্ৰচাৰিত আৰু বলিষ্ঠ দৈনিক বাতৰি কাকত দৈনিক অসম ৰ 26/04/2019 সংখ্যাত প্ৰকাশ পাইছে৷