আজিৰ পৰা প্ৰায়
পঞ্চাশ বছৰ মানৰ পূৰ্বৰ আমাৰ বাল্য কালৰ কথা। সেই সময়ত ঢকুৱাখনাৰ নদ-নদী, জান-জুৰি,
বিল-পুখুৰী আৰু খাল-দোং আদি সকলোতে নানা ধৰণৰ মাছ-কাছ আদি উভৈনদী হৈ আছিল। বহাগ
মাহৰ পৰা আৰম্ভ হোৱা বৰষুণে মাছ-কাছৰ এই বসতিস্থলবোৰ জীপাল কৰি তুলে আৰু বাৰিষা
কালৰ দিনবোৰ চমু চাপি অহাৰ লগে লগে সেইবোৰ পানীৰে উপচি পৰে। মাজে মাজে দীৰ্ঘদিন ধৰি
পেনপেনিয়া তথা নেৰানেপেৰা বৰষুণ হয়, যাক জাগল ধৰা বা জাগল পতা বুলি কোৱা হয়। জাগলৰ
দিন কেইটাত কলীয়া ডাৱৰে আকাশ ঢাকি ধৰি দিনতে ধৰালৈ এন্ধাৰ নমাই আনে আৰু এৰা ধৰাকৈ
ইজাকৰ পিচত সিজাক দবা-পিটা বৰষুণ দিব ধৰে। তেতিয়াই নদ-নদী আৰু জলাশয়বোৰৰ পাৰ ভঙা
পানী পাই সাপ-বেং, মাছ-কাছ আদি সকলো জলচৰ প্ৰাণী যেন আনন্দত মতলীয়া হৈ পৰে। জাকে
জাকে বিভিন্ন প্ৰজাতিৰ মাছে কণী পাৰি বংশবৃদ্ধি কৰিবলৈ ন পানী পাই বামলৈ উঠি আহে। ইয়াকে
উজান উঠা বুলি কোৱা হয়। পল-জুলুকি, জাকৈ আৰু জাল আদি বিভিন্ন ধৰণৰ মাছ ধৰা
সঁজুলিৰে আতি সহজে উজানৰ মাছ ধৰিব পাৰি; কিন্তু আমি সৰুতে জাগল পতা সময়ত পানী নথকা
ৰাস্তাৰ ওপৰতে সিটো পাৰে থকা খাললৈ ৰাস্তা পাৰ হৈ যাব ধৰা কাৱৈ, গৰৈ আৰু চেঙেলি আদি
মাছ হাতেৰে ধৰিছিলো। আনকি কাৱৈ মাছ তামোল গছত
বগাবলৈ চেষ্টা কৰাও প্ৰত্যক্ষ কৰিছিলো।
সেইবোৰ দিনৰ ভালেমান
বছৰৰ পিচত বিহপুৰীয়াৰ বদতি ঘাটত চাকৰি কৰি থকা সময়ত হোৱা মাছৰ উজান সন্দৰ্ভত অন্য
এক কৌতুহলপূৰ্ণ অভিজ্ঞতাৰ কথা প্ৰায়ে মনলৈ আহি থাকে। বদতি জামুগুৰিৰ জাপজুপ গাঁৱৰ পশ্চিম
ফালে থকা পথাৰখন ক্ৰমান্বয়ে এঢলীয়া হৈ গৈ বিলত লাগিছেগৈ। আহিন নে কাতি মাহৰ কোনোবা
এটা দিনত বিলৰ পানীৰ পৰা অজস্ৰ ডাঙৰ ডাঙৰ কাৱৈ মাছ পথাৰলৈ বগাই আহিব ধৰিলে। সেই অঞ্চলৰ
লোক আৰু ওচৰ পাজৰৰ গাঁৱৰ লোকসকলে যিয়ে খবৰ পালে সিয়ে আহি বস্তাই বস্তাই মাছ ধৰি
নিলেহি। গাঁৱৰ এজন বন্ধুৱে আমাৰ ঘৰতো এমোনা কাৱৈ মাছ দি গ’ল। মাছবোৰৰ পেটত পেটু
নাছিল, আছিল মাথো তেল। খাই ভাল লাগিল, কিন্তু পিচত তেজ গ্ৰহণী ৰোগ আৰম্ভ হ’ল। কেৱল আমাৰে নহয়, যিয়ে
সেই মাছ ভক্ষণ কৰিলে কম বেছি পৰিমাণে সকলো সেই একেটা ৰোগত আক্ৰান্ত হ’ল। তেল ফটা মাছে মাটিত বগাই
নিজে মৃত্যু বৰণ কৰিয়ে নেৰিলে, সিহঁতক ভক্ষণ কৰা সকলৰ ওপৰতো প্ৰতিশোধ ল’লে। কোনোবা এজন সদাশয়
ব্যক্তিয়ে আমাক পুৰণি হৈ যোৱা শুকান কুঁজি ঠেকেৰা কেইফিটামান লৈ কিছু সময় পানীত
তিয়াই থৈ কোমল হোৱাৰ পিচত সেইখিনি খচি গলি নোযোৱা খিনি পেলাই বাকী থকা ৰসকণত খাঁটি
মিঠাতেল অকনমান ঢালি সামান্য পৰিমাণৰ নিমখ মিহলাই দৰব হিচাপে খাবলৈ পৰামৰ্শ দিলে।
আমি তাকে কৰিলো আৰু এপালি দৰব খোৱাৰ পিচতে বেমাৰ ভাল হ’ল। বহুতো বেমাৰী কেইবা দিনৰ
চিকিৎসাৰ অন্ততহে সুস্থ হোৱা বুলি
জানিব পাৰিছিলো।
১৯৯২-৯৩ চনত ধেমাজি
জিলাৰ জোনাই মহকুমাৰ তেলামত চাকৰি কৰি থাকোতে তাৰ পাহাৰীয়া নদীত উঠা মাছৰ উজান ধৰা
কথা মনত পৰে। পাহাৰীয়া নদী দিখাৰী আৰু পটেত আহিন কাতি মাহত উঠা পাহাৰীয়া মাছৰ উজান
ধৰি স্থানীয়লোকসকলৰ লগতে আমিও আত্মহাৰা হৈ পৰিছিলো। তাত নদীৰ ভৈয়ামৰ ফালৰ দ পানীৰ
পৰা মাছবোৰ উত্তৰ দিশৰ পাহাৰৰ বামৰ ফাললৈ জাকে জাকে উজাব ধৰে। তেতিয়া যিয়ে যি
উপায়েৰে পাৰে মাছ ধৰাত লাগি যায়। এটা পাহৰিব নোৱাৰা ঘটনা। দিনৰ ভাগত উজানৰ মাছ
ধৰিবলৈ সময় নোপোৱা বাবে উজান উঠা দিনা ৰাতি বন্ধু কীৰ্তি
কান্তৰ সৈতে পটে নৈত হাতত জোঁৰ লৈ দাৰে কাটি মাছ ধৰিবলৈ গ’লো। নামনিৰ পৰা নৈৰে উজাই উজাই পাহাৰৰ ফালে গৈ থাকিলো। যিমানে ওপৰলৈ গৈ থাকিলো সিমানে বেছিকৈ মাছ পাব ধৰিলো। হাতত জোঁৰ লৈ কীৰ্তিকান্তই দাৰে ঘপিয়াই ঘপিয়াই কাটি ধুনীয়া ধুনীয়া পাহাৰীয়া মাছবোৰ পানীৰ পৰা তুলি মোৰ হাতৰ খালৈত ভৰাই গৈ থাকিল। ভোকত পেটে কাঁউত কাঁউত শব্দ কৰাত হে গম পালো যে ৰাতি এপৰ হ’ল। ভোক লাগিছে বুলি কৈ কীৰ্তিকান্তই মাছবোৰ কাটিয়েই খালৈত ভৰোৱাৰ পৰিবৰ্তে মুথত ভৰাই খাব ধৰিলে। মই কোনো কাহানি নেদেখা দৃশ্যটো হতবাক হৈ চাই ৰ’লো। অৱশেষত যেতিয়া কীৰ্তিকান্তই এটা ডাঙৰ কেঁকোৰা পানীৰ পৰা ধৰি আনি মুখত ভৰাই কামোৰ মাৰিলে তেতিয়া লগে লগে তাৰ মুখৰ কোৱাৰিয়েদি সামান্য পৰিমাণ তেজ বৈ গ’ল আৰু গালে মুখে কিছুমান কেঁকোৰা পোৱালি বগাব ধৰিলে। অদ্ভূদ দৃশ্যটো প্ৰত্যক্ষ কৰি সি যে মানুহ নহয় এটা বাঁক হে সেই কথা মই সম্পূৰ্ণ নিশিচিত বুলি ধৰি ল’লো। কীৰ্তিকান্তক তাতে এৰি মই নৈয়েদি ভটিয়াই ঘৰৰ ফালে দৌৰিব ধৰিলো।

মাছ ধৰাৰ এনে
অভিজ্ঞতা আজিকালি অতি কম মানুহে লাভ কৰে। অসমৰ নদ-নদী, বিল–খাল সকলোতে চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত
বণিয়াৰ দ্বাৰা নিয়োজিত জাক জাক মাছুৱৈয়ে অতি ঘন জাল টানিব ধৰাত উজান উঠিবলৈ মাছেই
নোহোৱা হ’ল। তথাপিও জাগল তৰা বতৰত আজি-কালিও নষ্টালজিক হৈ পৰোঁচোন।
আমাৰ চামক কৈছো, তেনে বতৰত মাছৰ উজান উঠিব যেন মনলৈ ভাৱ আহি থাকে, নহয়নে বাৰু ?
))))))))))))))০০০(((((((((((((
পঢ়ি বহুত ভাল লাগিল। মনটো হঠাতে শৈশৱৰ গাৱঁলৈ উৰা মাৰিল।
ReplyDelete