Friday 19 April 2019

বিহুৰ যোগেদি অসমীয়া জাতিৰ পৰিসৰ বাঢ়ক


বিহুৰ যোগেদি অসমীয়া জাতিৰ পৰিসৰ বাঢ়ক শিৰোনামৰ প্ৰান্তিকৰ ১৬-৩০ এপ্ৰিল, ২০১৯ সংখ্যাৰ সম্পাদকীয় শিতানৰ প্ৰবন্ধটি পঢ়ি বহুপৰ ভাবুক হৈ ৰলো। প্ৰবন্ধটিয়ে প্ৰান্তিকৰ উচ্চস্তৰীয় পাঠকসকলক চিন্তাৰ খোৰাক যোগাইছে। এই বিষয়টোৰ ওপৰত অধিক আলোচনা হোৱা দৰকাৰ। লেখাটিৰ সকলোখিনি কথাই অতি গুৰুত্বপূৰ্ণ। আমাৰ যুক্তিটো হল অসমীয়া বিহু সংস্কৃতিটো বাৰেবৰণীয়া।------- বুলি কৈ সম্পাদক গৰাকীয়ে বড়ো, মিচিং, ৰাভা, কছাৰী, দেউৰী আদি অসমৰ সকলো জাতি জনগোষ্ঠীৰ বিহুকে সাঙুৰি লৈছে যেতিয়া, আমি ভাৱোঁ যে, এইসকল লোকৰ মাত কথাবোৰো শিকা উচিত আৰু বিহু গীতত তেঁওলোকে গোৱাৰ দৰেই সেইবোৰ সন্নিবিষ্ট কৰিব লাগে। ইজন অসমীয়াই সিজনৰ ভাষা-দোৱান আদি শিকি ভাৱৰ আদান-প্ৰদানৰ যোগেদি সংস্কৃতিৰ সংমিশ্ৰণ ঘটালে আমি সকলো একাকাৰ হবলৈ বেছিপৰ নালাগে। লগে লগে ন-অসমীয়াইও যদি সহযোগিতা আগ বঢ়াই তেনেহলে অসমৰ কোনো ঠাইতে অসমীয়া ভাষাৰ বাদে অন্য ভাষাৰ নামফলক দেখা নাযাব চাগৈ। গতিকে আমি পৰিচিত মিচিং ভাই, বন্ধুক কবলৈ শিকিব লাগিব-চালি আবাৰক বমনাং (তামোল এখন আনি দিয়া), অথবা বড়ো ভাইটিটোক কবলৈ শিকিব লাগিব-গুৱে লাব( তামোল আনা) ইত্যাদি ইত্যাদি। ভুল হলে নিশ্চয় তেওঁলোকে শুধৰাই দিব। যিকোনো এটা ভাষা জীয়াই থাকিবলৈ হলে সেই ভাষাত কথা কোৱা লোকৰ সংখ্যা বাঢ়ি যাব লাগিবপ্ৰতিটো ভাষাকে জীয়াই ৰাখিবলৈ চেষ্টা কৰা উচিত। কাৰণ, একোটা ভাষাই ধৰি ৰখা কিছুমান বিশেষ ধৰণৰ জ্ঞানৰ ভাণ্ডাৰ অন্য এটা ভাষাত নাথাকে। ভাষা বিলুপ্তিৰ লগে লগে জ্ঞানৰো বিলুপ্তি ঘটে। সাম্প্ৰতিক কালত ইংৰাজী ভাষাৰ আগ্ৰাসনৰ ফলত একোটা ভাষা ভাষী জনগোষ্ঠীৰ লোকৰ জনসংখ্যা বৃদ্ধি পোৱা সত্বেও সেই ভাষাত কথা কব আৰু লিখিব জনা লোকৰ সংখ্যা দিনক দিনে হ্ৰাস পাব ধৰিছে। এনেদৰেই বিশ্বৰ অনেক ভাষাৰ বিলুপ্তি ঘটিছে। সেয়ে আমি সকলো একেখন বৰ চোতালত বৰ পীৰা পাৰি বহি কথাবোৰ আলোচনা কৰা উচিত।কিছু লব লাগে কিছু দিব লাগে। ইংৰাজীৰ পৰা আনি অসমীয়াত টেবুল শব্দ ব্যৱহাৰ কৰাৰ দৰে মতা কুকুৰাৰ ঠাইত মিচিং ভাষাৰ শব্দ ৰক্ প(rokpo)   আৰু মাইকী কুকুৰাৰ    ঠাইত ৰগ্ নৌ    (rogne) ব্যৱহাৰ কৰিব নোৱাৰিম কিয় ? মাথো সকলোকে বুজাব লাগিব আৰু সকলোৱে বুজিব লা গিব, ইমানেই।
-----------------------------------------000---------------------------------

No comments:

Post a Comment