Saturday 6 April 2019

কৃষক, শ্ৰমিকসকলে ন্যায় পাবনে ?

বহুতো দেশতকৈ খৰকৈ ভাৰতবৰ্ষৰ অৰ্থনীতি আৰু ইয়াৰ মুঠ ঘৰুৱা উত্পাদন (GDP) বৃদ্ধি পাব ধৰিছে। কিন্তু জখলাইদি বগাই যোৱাত আহুকালৰ সৃষ্টি কৰিছে আৰু দৰিদ্ৰতাৰ গ্ৰাসত পৰি কষ্ট ভোগ কৰাৰ সম্ভাৱনা বাঢ়ি এই বৃদ্ধিয়ে দেশৰ জনতাৰ মাজত আয়ৰ সমতাৰ সূচনা কৰা নাই। বৰ্ধিত আয়ৰ অসমতাই দুখীয়ালোকসকলক অৰ্থনৈতিক গৈছে। দৰিদ্ৰতাৰ সীমা ৰেখাত ভৰি দিযা দেশৰ ১০ শতাংশ  লোকে অতি কম মজুৰিত কাম কৰে। তেওঁলোকে জোখতকৈ দীৰ্ঘ সময় কাম কৰিব লগীয়া হয়। খোৱাপানীৰ যোগান, উপযুক্ত শিক্ষা, বিনামূলীয়া স্বাস্থ্য সেৱা আৰু স্বাস্থ্যসন্মত অনাময় ব্যৱস্থা আদি প্ৰয়োজনীয় প্ৰাথমিক সেৱাসমূহৰ লাভৰ পৰা বঞ্চিত হৈ আহিছে। নানা কাৰণত, নানা ধৰণে ৰাজনৈতিক  চল-চালনাৰ বলি হোৱা হেতুকে দেশৰ দৰিদ্ৰ জনগণে গণতান্ত্ৰিক ব্যৱস্থাৰ সুযোগ লৈ দেশৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰি নিজৰ ন্যাৰ্য দাবী আৰু অধিকাৰসমূহ পূৰণ কৰিব পৰা নাই।

কিন্তু নিজকে এনেধৰণৰ সাৰি পুচি পেলোৱা সাধাৰণীকৰণৰ পৰা পৃথক কৰি লৈ দেশৰ অৰ্থনৈতিক সমীক্ষাৰ তথ্যসমূহ গমি-পুতি চালে দেখা পোৱা যায় যে ২০০০ চনৰ পৰা স্থবিৰ হৈ থকা কৃষি মজুৰি পুৰুষৰ ক্ষেত্ৰত শতকৰা বছৰি ২.৭ শতাংশ আৰু মহিলাৰ ক্ষেত্ৰত শতকৰা বছৰি ৩.৭ শতাংশ ২০০৫-০৬ আৰু ২০১০-১১ চনৰ মাজৰ সময়ছোৱাত বৃদ্ধি পায়। এই আঁচনিয়ে দেশৰ দলিত, আদিবাসী আৰু জনজাতীয় ভূমিহীন শ্ৰমিকসকলক সংস্থাপন দিছিল। ২০১৪ চনৰ পৰা গ্ৰাম্য মজুৰি নিম্নগামীতাৰ প্ৰতি দৃষ্টি ৰাখি ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা এক কাকতত মন্তব্য কৰিছে যে ২০০৮-০৯ চনৰ পৰা ২০১১-১২ চনৰ লৈকে মহাত্মাগান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি (MGNREGA) গ্ৰাম্য মজুৰিৰ বাবে চলিত বছৰবোৰত ইয়াক বন্ধ কৰি নিদিয়ালৈকে এক চালিকা শক্তি আছিল।
২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে য়োৱা মাৰ্চ মাহৰ ২৫ তাৰিখে ন্যুন্যতম আয় যোজনা (Nyuntam Aay Yojna চমুকৈ  NYAY )ঘোষনা কৰে। এই আঁচনিৰ লক্ষ্য হল প্ৰতিটো পৰিয়ালে যাতে নিৰ্দিষ্টকৈ প্ৰতিমাহে ১২০০০ টকা উপাৰ্জন কৰিব পাৰে। যদি এটা পৰিয়ালে মাহে ৭০০০ টকা উপাৰ্জন কৰে, তেন্তে চৰকাৰে ৰৈ যোৱা ৫০০০ টকা অংশটো দি পূৰা কৰি দিব। ইয়াৰ দ্বাৰাই ভাৰতবৰ্ষৰ অতি দৰিদ্ৰ ২০ শতাংশ লোকক অথবা প্ৰায় পাঁচ কোটি পৰিয়ালক লক্ষ্য কৰি লোৱা হৈছে। এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়, সম্পূৰ্ণ হিচাপ–নিকাচ কৰা হৈ গৈছে। ইয়াৰ ৰাজহ বিষয়ক প্ৰতিঘাত বিশ্লেষণ কৰি চোৱা হৈছে। এই ধন পূৰ্ণমাত্ৰাই মজুত আছে। অসমৰ বোকাখাটৰ এক নিৰ্বাচনী সভাত সমবেত জনতাক সম্বোধন কৰি দিয়া তেওঁৰ ভাষনত ৰাহুল গান্ধীয়ে কৈছিল যে কংগ্ৰেছক যদি ভোট দি ক্ষমতালৈ আনে তেন্তে ২০ শতাংশ অতি দুখীয়া পৰিয়ালক ন্যুন্যতম আয় যোজনাত বছৰি ৭২.০০০ টকাকৈ দিব

২০১৬-১৭ চনৰ অৰ্থনৈতিক সমীক্ষাই কয়, এজন ভাৰতীয় কৃষকৰ বাৰ্ষিক গড় আয় ২০,০০০ টকা , বা প্ৰতি মাহে ১৭০০ টকাতকৈও কম। সেইলোকসকল এই আঁচনিৰ জড়িয়তে লাভৱান হব। এইটো দেখা গৈছে যে মোদীৰ কৃষকলৈ প্ৰতি বছৰে ৬০০০ টকা আঁচনিৰ ই প্ৰতিযোগী হৈ থিয় দিছে। ইয়াৰ বাবে প্ৰায় ৩,৬০,০০০ কোটি টকা অথবা ভাৰতৰ মুঠ ঘৰুৱা উত্পাদনৰ ২ শতাংশ ব্যয় হব। ৰাজ্যসমূহৰ মাজত ব্যয় ভাগবটৰোৱা কৰা হব।

এই আঁচনিখনেও MGNREGA আঁচনিখনে পোৱা ঠাট্টা-বিদ্ৰূপৰ দৰেই একেচামলোকৰ তুচ্ছ-তাচ্ছিল্যৰ সমুখীন হোৱাটো তেনেই স্বাভাৱিক কথা।

যেইকি নহওক, বিগত চাৰিটা বছৰত চৰকাৰে ৩.১৬ লাখ কোটি টকা ৰুগ্ন ঋণ হিচাপৰ পৰা বাদ দিয়ে। উল্লেখযোগ্য যে তাৰে সৰহভাগ আছিল কৰ্পৰেট গোষ্ঠীৰ ঋণ। এতেকে, প্ৰশ্ন হয় ভাৰতে কিয় ২০০৯ চনৰ পৰা প্ৰতিবছৰে ১.৮৬ লাখ কোটি টকা অৰ্থনৈতিক উজ্জীৱিতকৰণ পেকেজ (এক ধৰণৰ প্ৰত্যক্ষ আয়ৰ সমৰ্থন)চলাই যাব নোৱাৰিলে ? ই অকলেই বছৰি ৭২০০০ টকাকৈ প্ৰত্যক্ষ আয়ৰ সমৰ্থন দুগুণতকৈ অধিক দুখীয়া শ্ৰমিকক দিব পাৰিলেহেঁতেন।

ধনীসকলক আহুকলীয়া বাতাৱৰণত কাম কৰা বাবে দিয়া ক্ষতিপূৰণৰ ধনক কোৱা হয় উদগণি। দৰিদ্ৰসকলক সহায় কৰিলে কোৱা হয় এনেয়ে দিয়া। Nyay ৰ ক্ষেত্ৰত কোনোবা সন্মত হওক বা নহওক ইয়াৰ সৰহভাগ সমালোচনা দৰিদ্ৰসকলক কৰা অবজ্ঞাৰ ফলতেই উদ্ভৱ হৈছে, অৰ্থনৈতিক কাৰণত নহয়।

প্ৰথম দৃষ্টিত, আঁচনিখন ফলপ্ৰসু যেন দেখা নাযায় আৰু বলেৰে টানি অনা যেন লাগে। কিন্তু The Wire কাকতখনে বৰ্ণনা কৰিছে যে প্ৰতি বছৰে এক কোটিকৈ হিচাপত পাঁচটা বছৰত আঁচনিখনে পাঁচকোটি পৰিয়ালক উপকৃত কৰিব। গতিকে ৰাজহৰ হেঁচা পাঁচটা বছৰলৈ সিঁচৰিত হৈ পৰিব আৰু প্ৰতি বছৰে মুঠ ঘৰুৱা উত্পাদনৰ থুলমূলভাৱে ০.৩ শতাংশ কামত লাগিব। এই ক্ষেত্ৰত প্ৰতি বছৰে মুঠ ঘৰুৱা উত্পাদনৰ বৃদ্ধি হাৰ নামমাত্ৰ ১১ শতাংশ বুলি ধৰা হৈছে। ৰাজহৰ এই বোজা বহন কৰিব পৰা যাব ,যদিহে বছৰি ৭.৫ শতাংশ হাৰত মুঠ ঘৰুৱা উত্পাদন বৃদ্ধি পাই গৈ থাকে আৰু সমপৰিমাণৰ কৰ আৰু অনাকৰ ৰাজহ আহৰণ কৰে। তথাপিও , এই দৰিদ্ৰতা বিৰোধী কাৰ্যক্ৰমণিকাৰ সৰ্বমুঠ বোজা দেশৰ দহটা বৃহত্ কৰ্পৰেট গোটৰ অনাদায় আৰু খিলাপী ঋণৰ পৰিমাণতকৈ অধিক নহব।

জনতাই Nyay ক উপলুঙা কৰিছে, যিহেতু নিৰ্বাচনত জিকিবলৈ দিয়া ই এক প্ৰতিশ্ৰুতিহে। কিন্তু যদিহে ৰাজনৈতিক দলে নিৰ্বাচনত জয় লাভ কৰি  তাৰ বিনিময়ত দৰিদ্ৰলোকসকলৰ প্ৰতি সহায়ৰ হাত আগ বঢ়ায় তেন্তে নিশ্চয় কাৰো আপত্তি নাথাকিব।

প্ৰশ্ন হয়, দৰাচলতে আঁচনিখনে দুখীয়া লোকসকলৰ প্ৰতি সহায়ৰ হাত আগ বঢ়াবনে ? Business Standard কাকতৰ সৈতে হোৱা এক সাক্ষাতকাৰত কংগ্ৰেছ দলৰ তথ্য বিশ্লেষণ বিভাগৰ মূৰব্বী প্ৰবীণ চক্ৰৱৰ্তীয়ে কয় যে আঁচনিখন ৰাজহ বৃদ্ধি আৰু ব্যয় যুক্তিসংগতকৰণৰ যোগেদি চলাই নিয়া হব। কিন্তু বুৰঞ্জীয়ে যদি কিবা সূচনা কৰে তেন্তে সেয়া হল ব্যয় যুক্তিসংগতকৰণে অপৰিহাৰ্যভাৱে সামাজিক খণ্ডৰ ব্যয় হ্ৰাস কৰিবলৈ বাধ্য কৰে



অন্য কথাত কবলৈ গলে, ৰাজ্যই এক স্থায়ী নিম্নতম আয় প্ৰদান কৰে, দৰিদ্ৰসকলক মূল সেৱাসমূহ প্ৰদানৰ পৰা নিজকে মুক্ত কৰা এক পথেৰে চৰকাৰে সৰহভাগ অনুদান আঁতৰাই নিয়ে। অৰ্থনীতিবিদ সকলৰ মতে ভাৰতবৰ্ষৰ দৰে দেশত মূলসেৱাসমূহৰ তুলনাত মূল আয় অধিক গুৰুত্বপূৰ্ণ হব নোৱাৰে। মূল আয়ে চুইডেন বা ডেনমাৰ্কৰ দৰে দেশতহে কাম কৰে যত বিনামূলীয়া স্বাস্থ্য সেৱা আৰু শিক্ষা ব্যৱস্থা উপলব্ধ হয়। ভাৰতবৰ্ষত দুখীয়ালোকসকলৰ সকলোতকৈ ডাঙৰ খৰচটো হয়  স্বাস্থ্য ৰক্ষাৰ যত্নত।
আনটো কথা আহি পৰে আঁচনি বলবত্কৰণত থকা আন্তৰিকতাৰ ক্ষেত্ৰত। আমাৰ দেশৰ গুৰুত্বপূৰ্ণ সংখ্যক কৰ্মশক্তি অনানুষ্ঠানিক খণ্ড বা স্ব-লিয়োগ ত বিভাজিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য অথবা কেন্দ্ৰ চৰকাৰে কিদৰে হিতাধিকাৰীসকলক বাছনি কৰিব সেই লৈও প্ৰশ্ন অৱতাৰণাৰ স্থল আছে।

উৰিস্যা আৰু টেলাংগানা, এই দুই ৰাজ্যই বৰ্তমান সময়ত প্ৰত্যক্ষ আয় স্থানান্তৰকৰণ কাৰ্যৰ অনুশীলন চলাই আছে। কিন্তু এক সাম্প্ৰতিক তথ্যৰ খবৰ অনুযায়ী টেলেংগানাত সামঞ্জস্যহীনভাৱে বিস্তৃত ভূমিধাৰীসকলে উপকৃত হৈ আহিছে। অন্যহাতে, উৰিষ্যাৰ মন্ত্ৰীৰ সম্পৰ্কীয়লোকসকলে হিতাধিকাৰীৰ তালিকাত নাম সন্নিবিষ্ট কৰিব ধৰিছে

যেতিয়া কংগ্ৰেছ দল ক্ষমতালৈ আহিব তেতিয়া তেওঁলোকৰ আঁচনিবোৰ যুক্তিযুক্তভাৱে প্ৰতিপন্ন কৰেনে নকৰে সেয়া কোনেও নেজানে। ইয়াৰ প্ৰয়োগ সন্দৰ্ভত আমি আগে ভাগে একো মত প্ৰকাশ কৰিব নোৱাৰোঁ। যিহেতুকে বৰ্তমান ইয়াৰ মূল্য আছে, ভাল দিনত ঘোষনাটো নহবও পাৰে। জাতীয়তাবাদৰ চাৰিওফালে ঘূৰি পকি থকা কথাবাৰ্তাই অৰ্থনীতিৰ দিশলৈ গতি পৰিবৰ্তন কৰিলে। সময়েহে কব এয়া ক্ষিপ্ৰ অৰ্থনীতি(Smart Economy) হয়নে নহয়, কিন্তু এয়া নিঃসন্দেহে ভাল ৰাজনীতি।
--------------)(----
বিঃ দ্ৰঃ প্ৰবন্ধটো অসমৰ বহুল প্ৰচাৰিত বলিষ্ঠ সাদিনীয়াা কাকত " সাদিন" ৰ 26/04/2019 তাৰিখৰ সংখ্যাত প্ৰকাশ পাইছে৷

No comments:

Post a Comment