১৯৭০ চন মানৰলৈকে
শব্দ প্ৰদূষণক অশান্তিকৰ কথা বুলিহে কেৱল জ্ঞান কৰা হৈছিল, পৰিৱেশৰ ওপৰত ইয়াৰ
বিৰূপ প্ৰভাবৰ কথা চিন্তা কৰা হোৱা নাছিল। শব্দ প্ৰদূষণৰ কু-প্ৰভাবসমূহৰ ওপৰত পৰিৱেশ
বিজ্ঞানীসকলে নানা ধৰণৰ গৱেষণা চলাইছে আৰু এই সন্দৰ্ভত বিশ্ববাসীক সজাগ কৰিবলৈ
চেষ্টা অব্যাহত ৰাখিছে; কিন্তু এই ক্ষেত্ৰত মানৱ জাতি যিমান সচেতন হ’ব লাগিছিল সিমান হোৱা নাই।
মানৱ সৃষ্ট শব্দ প্ৰদূষণে পৰিৱেশত এক জটিল অৱস্থাৰ উদ্ভৱ ঘটাইছেে৷
শব্দৰ প্ৰাবল্য জোখা
আন্তঃৰাষ্ট্ৰীয় একক হৈছে ডেচিবেল(Decibel
চমুকৈ dB)। টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ গ্ৰাহাম
বেলৰ সন্মানাৰ্থে এই একক প্ৰচলিত হৈ আহিছে। বেল এককৰ এক দশমাংশই হ’ল ডেচিবেল। অৰ্থাৎ নিঃশব্দ অৱস্থাত হোৱা সামান্যতম শব্দৰ অনুভূতিয়েই হ’ল এক ডেচিবেল। মানুহৰ শৰীৰ আৰু শ্ৰৱণ ইন্দ্ৰীয়ত কোনো ক্ষতি নকৰা শব্দৰ সৰ্বোচ্চ প্ৰাবল্য মান ৬৫ ডেচিবেল। শুনিবলৈ আমনিদায়ক , অবাঞ্চিত আৰু অপ্ৰীতিকৰ
শব্দবোৰক কোলাহল বোলা হয়। এই কোলাহলে যেতিয়া জীৱৰ স্বাভাৱিক জীৱন যাত্ৰাত আমনি
দিয়াৰ ওপৰিও শাৰীৰিক আৰু মানসিক দিশত ব্যাপক ক্ষতি কৰে তেতিয়া তাক শব্দ প্ৰদূষণ (Noise Pollution) বুলি কোৱা হয়।
কোলাহলক
তিনিটা ভাগত ভগাব পাৰি-উদ্যোগিক কোলাহল, পৰিবহণ কোলাহল আৰু পাৰ্শ্ববতী কোলাহল।
উদ্যোগৰ বাবে ব্যৱহৃত কল-কাৰাখানাৰ দ্বাৰা সৃষ্ট উচ্চ প্ৰাবল্যৰ শব্দকে উদ্যোগিক
কোলাহল বুলি কোৱা হয়। এনে ধৰণৰ শব্দ প্ৰদূষণৰ উত্স হ’ল বিঙিন্ন কল–কাৰাখানা, উদ্যোগ আৰু মিলবোৰৰ পৰা নিসৃত
শব্দ। কাৰিকৰি কৰত আৰু গেচৰ দ্বাৰা কৰা ছিদ্ৰকৰণে সৃষ্টি কৰা শব্দ ৰাইজৰ বাবে
অসহনীয় আৰু ক্ষতিকাৰক। চেন্নাইস্থিত The Indian Laryngology Institute of Oto-Rino ৰ তথ্য অনুযায়ী বৰ্ধিত উদ্যোগিক প্ৰদূষণে অতি কমেও ২০ শতাশ লোকৰ শ্ৰৱণ
শক্তি নাশ কৰিছে। তীখা উদ্যোগত যিসকল কৰ্মীয়ে গধূৰ উদ্যোগিক প্ৰহাৰকাৰী যন্ত্ৰৰ
সন্নিকটত কাম কৰে তেওঁলোকে আঠ ঘন্টাৰ বাবে
১১২ ডেচিবেল শব্দ কৰ্ণকুহৰত লৈ পেচাগত প্ৰদূষণত আক্ৰান্ত হয়।
মুখ্যতঃ পথ, ৰেল আৰু বাযুপথৰ যাতায়তৰ
শব্দকে পৰিবহণ কোলাহলে সাঙুৰি লয়। কিছু দিনৰ ভিতৰতে সীমা সংখ্যা নোহোৱাকৈ বৃদ্ধি
পোৱা মটৰ, স্কুটাৰ, কাৰ, মটৰ চাইকেল, বাছ,
ট্ৰাক আৰু ডিজেল ইঞ্জিন চালিত বাহন আদি ৰাস্তাত চলা যানবাহনে পৰিবহণ কোলাহল অদিক
বঢ়াই তুলিলে। ৰাজধানী চহৰসমূহৰ প্ৰায়বোৰ জনবসতিপূৰ্ণ এলেকাত কোলাহলৰ স্তৰে বৰ্ধিত যানবাহনৰ শব্দ
প্ৰদূষণৰ বাবেই চৰম সীমা অতিক্ৰম কৰি গৈছে। এই অতিমাত্ৰা শব্দ প্ৰদূষনে
বয়োজ্যেষ্ঠসকলৰ শ্ৰৱণ শক্তি হ্ৰাস কৰিছে।
ঘৰুৱা সা-সৰঞ্জাম আৰু পাৰ্শ্ববৰ্তী
লোকৰ দ্বাৰা সৃষ্ট অশান্তিকৰ চিঞৰ-বাখৰবোৰ পাৰ্শ্ববৰ্তী কোলাহলৰ অন্তৰ্গত। ইয়াৰ
সাধাৰণ উৎসবোৰ হ’ল -বাদ্য যন্ত্ৰ, টি
ভি, ভি চি আৰ, ৰেডিঅ, ট্ৰেনজিষ্টৰ আৰু মাইক তথা পুহনীয়া কুকুৰৰ প্ৰচণ্ড ভুক-ভুকনি
ইত্যাদি। দুৰ্বল নগৰ পৰিকল্পনাৰ ফলত জনবসতিপূৰ্ণ অঞ্চলৰ অট্টালিকাবোৰৰ ওচৰে-পাজৰে
উদ্যোগিক প্ৰতিষ্ঠান গঢ়ি উঠাৰ ফলত শব্দ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। উদ্যোগিক
বিপ্লবৰ দিন ধৰি পৰিসাংখ্যিক ভাৱে, পৰিৱেশত কোলাহল প্ৰতি দহ বছৰত দুগুণকৈ বৃদ্ধি
পাই গৈ আছে।
ধৰ্মনিৰপেক্ষ দেশ হিচাপে ভাৰতবৰ্ষত
বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰে আৰু নিজ নিজ ধৰ্মৰ নিয়ম-নীতি , উৎসৱ–পাৰ্বন, পূজা–পাতল
পালন কৰে। আজিকালি সেইবোৰ পালন কৰোঁতে মাইক ব্যৱহাৰ কৰে আৰু দিন ৰাতি ছেদ-ভেদ
নোহোৱাকৈ উচ্চ ধ্বনিৰ সৃষ্টি কৰি বহু লোকৰ জীৱন দুৰ্বিহ কৰি তুলে। নিজ নিজ উৎসৱ
তথা ধৰ্মক গুৰুত্ব প্ৰদান কৰোঁতাসকলে মানৱ ধৰ্ম উলঙ্ঘা কৰে। মাইকৰ উচ্চ ধ্বনিত
মানুহে খাব শুব নোৱাৰা অৱস্থাৰ সৃষ্টি হয। শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাত ব্যাঘ্যাত
জন্মে। এইদৰে ভিন্নধৰ্মী লোকে নিজ নিজ ধৰ্ম পালন কৰোঁতে মাইক ব্যৱহাৰৰ যোগে শব্দ
প্ৰদূষণৰ সৃষ্টি কৰি জীৱ জগতৰ বৃহৎ ক্ষতি সাধন কৰি যোৱাৰ কথা গমকে নাপায়। তাৰোপৰি
নৱ-বৰ্ষৰ আদৰণি, দিপান্বিতা, যিকোনো ধৰ্মীয় উৎসৱ, খেলত অথবা নিৰ্বাচন আদিত জয়লাভ
আৰু বিবাহ আদি যিকোনো উপলক্ষ্যতে আতচবাজিৰ শব্দেৰে আনন্দ-উল্লাস কৰিবলৈ ধৰি আজিকালি
কেৱল শব্দ প্ৰদূষণেই নহয় লগতে বায়ু প্ৰদূষণো ঘটাব ধৰিছে। ফলস্বৰূপে দিল্লীৰ দৰে
মহানগৰীবোৰত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
পৰিৱেশ বিজ্ঞানীসকলৰ মতে, শব্দ প্ৰদূষণে
মানৱ আৰু জীৱজন্তু উভয়ৰে স্বাস্থ্যৰ ওপৰত কু-প্ৰভাৱ পেলায়। শব্দ প্ৰদূষণৰ ফলতেই ৰক্ত
প্ৰবাহ বাধাগ্ৰস্ত হয়, চৰ্ম হেতা পৰে, উচ্চ ৰক্তচাপজনিত ৰোগৰ উৎ্পত্তি হয়,
শিঙাধ্বনিয়ে মানসিক হতাশাগ্ৰস্ততা ৰোগ জন্মায় আৰু ইয়াৰ ফলত হৃদৰোগ, স্নায়ুজনিত
সমস্যা, জন্মদোষ আৰু গৰ্ভপাত পৰ্যন্ত সংঘটিত হ’ব পাৰে।
গৱেষক, চিকিৎসকসকলে মন্তব্য আগ বঢ়াইছে যে, শব্দ প্ৰদূষণৰ ফলত হোৱা পেশী সম্বন্ধীয় ৰোগে
স্নায়ু দুৰ্বল কৰে আৰু মানসিক চাপ বঢ়াই দিয়ে। ৰক্তৰ হৰমোনসূচীৰ সৈতে প্ৰতিকূল
প্ৰতিক্ৰিয়া সংযোজিত হৈ অৱশেষত হৃদপিণ্ডৰ ধ্বনি বৃদ্ধি কৰে, ৰক্তবাহী নলীৰ সংকোচন
ঘটায়, হজম শক্তি নোহোৱা কৰে আৰু চকু দুটা দুৰ্বল কৰে। তাৰোপৰি স্বাস্থ্যত প্ৰতিকূল
প্ৰভাৱ পেলাই কৰ্ম স্পৃহা নিম্নগামী কৰে আৰু আচৰণতো বিৰূপ প্ৰতিক্ৰিয়াৰ প্ৰতিফলন
ঘটায়। শব্দ প্ৰদূষণে হৃদ যন্ত্ৰ, মগজু, বৃক্ক আৰু যকৃতৰ অনিষ্ট সাধন কৰিব পাৰে আৰু
আৱেগিক অশান্তিৰ উৎ্পত্তি কৰিব পাৰে। কোলাহলৰ সকলোতকৈ তৎকালিন আৰু প্ৰবল প্ৰভাৱ হ’ল
শ্ৰৱণ শক্তিৰ ক্ষতি সাধন, যিটোৱে শ্ৰৱণ পদ্ধতিৰ কিছুমান অংশ ক্ষতিগ্ৰস্ত কৰে। কোনো
এক ধৰণৰ প্ৰাবল্যৰ কোলাহলে দীৰ্ঘ সময় ধৰি প্ৰভাৱ বিস্তাৰ কৰি থাকিলে কৰ্ণকুহৰ
স্থায়ী ভাৱে বিকল হৈ পৰে।অতি প্ৰচণ্ড শব্দই শৰীৰত বহু ধৰণৰ কু-প্ৰভাৱ পেলাব পাৰে।
আকাশী যানৰ দ্বাৰা হঠাতে সৃষ্টি হোৱা প্ৰচণ্ড শব্দই মগজুত বিৰূপ প্ৰতিক্ৰিয়া ঘটাই মানসিক
বিকাৰগ্ৰস্ত কৰি তুলিব পাৰে। অলপতে প্ৰাপ্ত তথ্য অনুযায়ী অতিৰিক্ত কোলাহলে তেজৰ
ঘনত্ব বঢ়াই দিয়ে। শব্দ প্ৰদূষণে মানুহৰ দৃষ্টি শক্তিত বেয়া ধৰণে প্ৰভাৱ পেলায়।
প্ৰচণ্ড শব্দই চকুৰ মণি বিস্তাৰিত কৰে আৰু নৈশ দৃষ্টি শক্তিৰ বিলোপ ঘটায়, ৰং চিনাৰ
শক্তি হ্ৰাস কৰে।
উদ্যোগত ব্যৱহৃত কল-কাৰাখানাৰ
সংস্কাৰ সাধন কৰি, আৰ্হিৰ পৰিবৰ্তন ঘটাই আৰু কাৰ্য সম্পাদনৰ সময়সূচীৰ সলনি কৰি
শব্দ প্ৰদূষণ হ্ৰাস কৰিব পৰা যায়। শব্দ প্ৰেৰণৰ পথ বন্ধ কৰিও কোলাহলৰ পৰা ৰক্ষা
পাব পাৰি। শব্দ নিৰ্গত হোৱা পথত প্ৰতিবন্ধক স্থাপন কৰি বা শব্দ শোষিত কৰিব পৰা
দ্ৰব্য প্ৰয়োগ কৰি কোলাহল নোহোৱা কৰিব পাৰি। শব্দ গ্ৰহণ প্ৰণালীৰ নিয়ন্ত্ৰণৰ
য়োগেদিও শব্দ প্ৰদূষণৰ পৰা সকাহ পাব পাৰি।শব্দ গ্ৰহণকাৰীয়ে নিজৰ কৰ্মসূচীৰ
পৰিবৰ্তন ঘটাই বা শব্দ সৃষ্টিকাৰী যন্ত্ৰ ব্যৱহাৰৰ বেলিকা কাণত ঠিলা দি শব্দ
প্ৰদূষণৰ পৰা নিজক ৰক্ষা কৰিব পাৰে। শব্দ সিঁচৰিতকৰণ বা বক্ৰগতিকৰণৰ যোগেদিও শব্দ
প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাব পাৰি। যন্ত্ৰসমূহত যথোপযুক্তভাৱে তৈলজাত পদাৰ্থ প্ৰয়োগ
কৰিলেও বিকট শব্দ নোহোৱা হয়।
শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ কিছুমান
প্ৰতিষেধক ব্যৱস্থা হাতত লোৱা দৰকাৰ। যানবাহনসমূহৰ শব্দৰ সীমা নিৰ্ধাৰণ কৰি দিয়া
উটিত। কিছুমান বিশেষ বিশেষ স্থানত হৰ্ণ বজোৱা নিষেধ কৰা দৰকাৰ। বিদ্যালয় আৰু চিকিৎসালয়ৰ
এলেকাত নিঃশব্দ অঞ্চল ঘোষণা কৰিব লাগে। অট্টালিকাবোৰ কোলাহল প্ৰতিৰোধক কৰি পুনৰ
নিৰ্মাণ কৰা দৰকাৰ। বসতিপূৰ্ণ অঞ্চলত যানবাহন চলাচল নিয়ন্ত্ৰণ কৰিব লাগে।
সাৰ্বজনীন ৰাজহুৱা পৰিবহণ ব্যৱস্থাক অগ্ৰাধিকাৰ দিয়া উচিত। এনে ব্যৱস্থাৰ ফলত
ব্যক্তিগত যানবাহনৰ সংখ্যা হ্ৰাস পাব আৰু লগে লগে শব্দ প্ৰদূষনো কিছু কমিব।
আমাৰ ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল
দেশবোৰত উন্নত দেশবোৰৰ তুলনাত শব্দ প্ৰদূষণৰ মাত্ৰা বেছি। ইয়াৰ প্ৰধান কাৰণ হ’ল
উন্নত দেশবোৰত শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ যিদৰে নানা উপায় অৱলম্বন কৰা হৈছে তেনেদৰে
শব্দ প্ৰদূষণ ৰোধৰ বিশেষ ব্যৱস্থা অনুন্নত তথা উন্নয়নশীল দেশবোৰত লোৱা হোৱা নাই। গ্ৰেটবৃটেইনৰ দৰে উন্নত
দেশবোৰত পৰিবহণ ব্যৱস্থা ইমানেই উন্নত যে তাত যানবাহন চালকসকলে সুপ্ৰতিষ্ঠিত
পৰিবহণ নিয়মাৱলী পালন কৰি যাঁওতে যানবাহনৰ সংকেটধ্বনি বা হৰ্ণ বজাই কোলাহল সৃষ্টি
কৰাৰ প্ৰয়োজনেই নহয়। আমাৰ দেশতো এনেবোৰ ব্যৱস্থা কৰা দৰকাৰ। তাৰোপৰি অনাহকত শব্দ
সৃষ্টি নকৰিবলৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ লোকৰ মাজত সজাগতাৰ সৃষ্টি
কৰিবলৈ বিভিন্ন উপায় অৱলম্বন কৰা দৰকাৰ।
০০০০০০০০০০)(০০০০০০০০০০
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ বহুল প্ৰচলিত বলিষ্ঠ সাপ্তাহিক কাকত " অসমবাণী" ত প্ৰকাশ পাইছে৷
বিঃদ্ৰঃ প্ৰবন্ধটো অসমৰ বহুল প্ৰচলিত বলিষ্ঠ সাপ্তাহিক কাকত " অসমবাণী" ত প্ৰকাশ পাইছে৷
No comments:
Post a Comment