আমাৰ বাসগৃহৰ কাষৰ
ভাৰাঘৰত থকা প্ৰতিবেশীয়ে সৃষ্টি কৰা কোলাহলত অতিষ্ঠ হৈ পৰিছিলো। অৱশ্যে তেওঁলোকৰ
কিছুমান হুলস্থূলৰ বাবে বিৰক্ত হোৱা নাছিলোঁ। শংখ, ঘন্টা-কাঁহ, আদি বজাই পূজা কৰি
আমাৰ দৰে এলেহুৱাক পুৱা টোপনিৰ পৰা উঠাই দি ভালেই কৰে দিয়কচোন, উচ্চ স্বৰত কিছুমান
ৰসাল কথা পাতি আমাক আমোদ দিও থাকে। বোৱাৰী পুৱাতে আমাৰ ঘৰৰ কাষতে গাৰ জোৰে কাপোৰ
এছাৰে, তাতো আপত্তি নাই, ঘৰুৱা কামবোৰ কৰিবই দিয়কচোন। কিন্তু মহিলা এগৰাকীয়ে কাৰো
অৱস্থিতিক কোনো কেৰেপ নকৰাকৈ ইমানেই আতাহ পাৰি, টেটু ফালি কথা কয় যে মনলৈ ভাৱ আহে
যেন তেওঁৰ আশে পাশে থকা মানুহবোৰ ধুমকলা আৰু চিঞৰি চিঞৰি কথা নক’লে একো নুশুনিবই। কোলাৰ
কেঁচুৱাটিও যেন কাণ গধুৰ হৈয়ে জন্ম লৈছে- চিঞৰি চিঞৰি নিচুকায়, গালি দিয়ে। মাজে সময়ে কাৰোবাৰ লগত কাজিয়া পেচালো কৰে, তেতিয়া আৰু কাণত
ঠিলা দিও ৰক্ষা পোৱা টান হয। এনে অৱস্থাত কিবা এষাৰ ক’বলৈ গৈ জ্বলা জুইত ঘিঁউ
ঢলাৰ দৰেহে হ’ব ; সেই সাহস গোটাব পৰা নাছিলো।
হঠাৎ এদিন এটা মাতৃহাৰা মেকুৰী
পোৱালিয়ে প্ৰতিবেশীৰ ঘৰত আৰ্তনাদ কৰিব ধৰিলে। তেতিয়া তেওঁলোকৰ ঘৰৰ কণমানি
ছোৱালীজনী আহি মোক মাত লগাই পোৱালীটো মই পুহিম নেকি বুলি সুধিলে। লগে লগে মোৰ মনলৈ
অহিল বুঢ়ী আইটাই তাহানিখন কোৱা কথা এটা। আমাৰ ঘৰৰ এপালমান ককাই- ভাই বাই-ভনীয়ে মিলি যেতিয়া হুলস্থূল
আৰম্ভ কৰো তেতিয়া বুঢ়়ী আইটাই আমাক বুজাইছিল যে হুলস্থূল, চিঞৰ-বাসৰ কৰিলে মানুহ
দৰিদ্ৰ হয়। কাৰণ, লক্ষ্মী আই ফেঁচাৰ পিঠিত বহি গৃহ প্ৰৱেশ কৰে। হুলস্থূল ,
চিঞৰ-বাসৰ শুনিলে লক্ষ্মী দেৱীৰ বাহন ফেঁচাই ভয় খায় আৰু তেনে গৃহস্থীৰ ঘৰত নোসোমাই
আনৰ ঘৰলৈ গুচি যায়। লক্ষ্মী আই ঘৰত বসতিn নোলোৱাৰ বাবেই ঘৰলৈ ধন-টকা–পইচা নহা হৈ মানুহ
দৰিদ্ৰ হৈ পৰে। আইটাই আমাক ধনী মানুহবোৰৰ ঘৰলৈ গৈ তেওঁলোকে চিঞৰ-বাখৰ কৰে নে নকৰে
তাকো চাবলৈ কৈছিল আৰু আমি তেনেলোকৰ ঘৰবোৰত নিৰ্জনতা বিৰাজ কৰা প্ৰত্যক্ষ কৰিছিলো।
সেয়ে ঘৰত আমি যথাসম্ভৱ হুলস্থূল কমাই দি প্ৰতিজনে
নিজা পঢ়া শুনা আদি কামত মনোনিবেশ কৰিব ধৰিলো। এই কথাবোৰ মনত পৰাত মই
ছোৱালীজনীক ক’লো যে মই মেকুৰী পোৱালিটো পুহিব নোৱাৰিম, কাৰণ সি ইমান
চিঞৰ-বাসৰ কৰি থাকিলে আমাৰ ঘৰলৈ লক্ষ্মী দেৱী নাহিবইচোন। কথাটো কি তাই বুজিব
নোৱাৰি মোৰ সমুখত প্ৰশ্নবোধক চিহ্ন এটা দাঙি ধৰিলে। সুযোগ পাই ময়ো আইটাই আমাক
বুজাই দিয়াৰ দৰে কথাখিনি তাইক বুজাই দিলো আৰু লগতে অতি বেছি শব্দ কৰি কাপোৰ
এচাৰিলেও আই লক্ষ্মীয়ে বেয়া পাই বুলি ক’লো। দুখীয়া ঘৰৰ ছোৱালীটিয়ে ধনী হোৱাৰ কিটিপটো
পাই কিয় বিফলে যাব দিবহে। ঘৰৰ সকলোকে তাই কথাটো বুজালে চাগৈ। বহুদিন ধৰি সেইফালৰ পৰা
চিঞৰ–বাখৰ অহা নাই। এইপিনে তল পৰাত আমাৰ পিচফালৰ অন্য এঘৰৰ চিঞৰ-বাখৰহে কাণত পৰিব
ধৰিছে। ভাৱিছো লক্ষ্মী আইৰ কথানো তেওঁলোকক কিদৰে কোৱা যায়?
No comments:
Post a Comment